Class 12 Geography Important Chapter 21 ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

Class 12 Geography Important Chapter 21 ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 21 ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 21

অষ্টম গোট: ভাৰতৰ পৰিবহন যোগাযোগ আৰু বাণিজ্য
IMPORTANT QUESTION AND ANSWER

১। ১৯৫০-৫১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিমাণ কিমান আছিল?

উত্তৰঃ ১৯৫০-৫১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিমাণ ১২১৪ কোটি টকা আছিল।

২। ২০০৬-০৭ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিসৰ কিমানলৈ বৃদ্ধি পায়?

উত্তৰঃ ২০০৬-০৭ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ পৰিসৰ ১,৩৮৪,৩৬৮ কোটি টকালৈ বৃদ্ধি পায়।

৩। বাণিজ্যৰ পৰিসৰ বৃদ্ধি পোৱাৰ মুখ্য কাৰণ কি আছিল?

উত্তৰঃ বাণিজ্যৰ পৰিসৰ বৃদ্ধি পোৱাৰ মুখ্য কাৰণ হ’ল ১৯৯১ চনৰ মুক্ত বাণিজ্য নীতি গ্ৰহণ।

৪। ২০০৬-০৭ চনত দেশৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ কিমান আছিল?

উত্তৰঃ ২০০৬-০৭ চনত দেশৰ বাণিজ্যিক ঘাটিৰ পৰিমাণ ২৫৬,৭৬৪ কোটি টকা আছিল।

৫। আন্তঃৰাষ্ট্ৰীয় বাণিজ্যত বিমান বন্দৰে কেনেকৈ সহায় কৰে?

উত্তৰঃ বিমান বন্দৰে অধিক মূল্যৱান আৰু জৰুৰী সামগ্ৰী বেচা-কিনাত সহায় কৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক দ্রুত আৰু কাৰ্যকৰী কৰে।

৬। ভাৰতৰ কেইটা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে?

উত্তৰঃ ভাৰতত ১২ টা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ আছে।

৭। গুৱাহাটীৰ বিমান বন্দৰটো কিহৰ অন্তৰ্গত?

উত্তৰঃ গুৱাহাটী বিমান বন্দৰটো আন্তঃৰাষ্ট্ৰীয় পৰিসৰৰ অন্তৰ্গত।

৮। টুটিকোৰিন বন্দৰ গঢ়ি তোলাৰ মূল উদ্দেশ্য কি আছিল?

উত্তৰঃ চেন্নাই বন্দৰৰ ওপৰত হোৱা কামৰ হেঁচা হ্ৰাস কৰাৰ উদ্দেশ্যে টুটিকোৰিন বন্দৰ গঢ়ি তোলা হয়।

৯। বিশাখাপট্টনম বন্দৰৰ দ্বাৰা ৰপ্তানিযোগ্য সামগ্ৰীবোৰৰ ভিতৰত কি কি থাকে?

উত্তৰঃ বিশাখাপট্টনম বন্দৰৰ দ্বাৰা ৰপ্তানিযোগ্য সামগ্ৰীবোৰৰ ভিতৰত লোহা, মেংগানিজ, পেট্ৰ’লজাত সামগ্ৰী আৰু অভ্র থাকে।

১০। পাড়াদ্বীপ বন্দৰৰ গভীৰতা কিয় গুৰুত্বপূর্ণ?

উত্তৰঃ বৃহৎ আকাৰৰ জাহাজবোৰ সহজে ওলোৱা-সোমোৱা কৰিব পাৰে।

১১। হলদিয়া বন্দৰৰ মুখ্য ৰপ্তানিযোগ্য সামগ্ৰীবোৰ কি কি?

উত্তৰঃ আকৰিক লোহা, কয়লা, পেট্ৰ’লজাত সামগ্ৰী আৰু মৰাপাটৰ সামগ্ৰী।

১২। হলদিয়া বন্দৰ কোন নদীৰ মোহনাত অৱস্থিত?

উত্তৰঃ হলদিয়া বন্দৰ হুলগী নদীৰ মোহনাত অৱস্থিত।

১৩। ভাৰতৰ বাণিজ্যিক সম্পর্ক কোন ধৰণৰ হয়?

উত্তৰঃ ভাৰতৰ বাণিজ্যিক সম্পর্ক দ্বিপাক্ষিক বা বহুপাক্ষিক ৰূপত বিভিন্ন ৰাষ্ট্ৰ আৰু বাণিজ্য গোটৰ সৈতে হয়।

১৪। ভাৰতৰ মুঠ আমদানিৰ প্ৰায় কিমান শতাংশ এছিয়া আৰু অস্ট্রেলিয়াৰ পৰা হয়?

উত্তৰঃ ভাৰতৰ মুঠ আমদানিৰ প্ৰায় ৪৮.১৪ শতাংশ এছিয়া আৰু অস্ট্রেলিয়াৰ পৰা হয়।

১৫। আমদানি ক্ষেত্ৰত পশ্চিম ইউৰোপৰ ওপৰত ভাৰতৰ নির্ভৰশীলতা কিমান?

উত্তৰঃ আমদানি ক্ষেত্ৰত পশ্চিম ইউৰোপৰ ওপৰত ভাৰতৰ নির্ভৰশীলতা ৩০.৭৩ শতাংশ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top