Class 12 Geography Important Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Class 12 Geography Important Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Elective Geography Important Solutions and select need one. Class 12 Geography Important Notes Assamese Medium Download PDF. Important Solutions For Class 12 Elective Geography.

Class 12 Geography Important Chapter 20 ভাৰতৰ পৰিবহন আৰু যোগাযোগ ব্যৱস্থা

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Elective Geography Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Elective Geography Important Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 20

অষ্টম গোট: ভাৰতৰ পৰিবহন যোগাযোগ আৰু বাণিজ্য
IMPORTANT QUESTION AND ANSWER

১। টুথব্ৰাছ, মাখন আৰু ঘেঁহুমুঠিৰ উৎপাদনস্থল ক’ত ক’ত হয়?

উত্তৰঃ টুথব্ৰাছ কলিকাতাত, মাখন গুজৰাটত (অমূল), আৰু ঘেঁহুমুঠি পঞ্জাবত উৎপন্ন হয়।

২। পৰিবহন ব্যৱস্থা বুলিলে কি বুজা যায়?

উত্তৰঃ উৎপাদনস্থানৰ পৰা ব্যৱহাৰ স্থানলৈ সামগ্ৰী তথা মানুহৰ গতি সৰবৰাহ কৰাৰ ব্যৱস্থাটোক পৰিবহন ব্যৱস্থা বোলা হয়।

৩। যোগাযোগ ব্যৱস্থা বুলিলে কি বুজায়?

উত্তৰঃ দূৰে অৱস্থিত স্থানসমূহৰ মাজত বার্তা অথবা তথ্য বিনিয়োগ কৰা প্ৰযুক্তিনির্ভৰ ব্যৱস্থাক যোগাযোগ ব্যৱস্থা বোলা হয়।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। এলেকাভেদে কিয় কিছুমান পৰিবহন মাধ্যম সুপ্রতিষ্ঠিত হয়?

উত্তৰঃ এলেকাৰ ভৌগোলিক অৱস্থা আৰু আৰ্থিক কাম-কাজৰ প্ৰকৃতি অনুসৰি কিছুমান মাধ্যম অধিক সুবিধাজনক হোৱাৰ বাবে তেনেকুৱা হয়।

৫। ভাৰতত প্রাচীনকালত কিদৰে পৰিবহন চলিছিল?

উত্তৰঃ প্রাগৈতিহাসিক কালৰ পৰাই পোহনীয়া জন্তুচালিত যানবাহনেৰে কেঁচা-আলিৰে চলাচল হৈছিল।

৬। সিন্ধু সভ্যতাৰ সময়ত কিহৰ ব্যৱহাৰ আৰম্ভ হৈছিল?

উত্তৰঃ সিন্ধু সভ্যতাৰ সময়ত তামৰ চকাৰ গাড়ীৰ ব্যৱহাৰ আৰম্ভ হৈছিল।

৭। নলিকা পথ (Pipeline) কিহৰ বাবে ব্যৱহৃত হয়?

উত্তৰঃ নলিকা পথ (Pipeline) খাৰুৱা তেল, পানী, আৰু প্ৰাকৃতিক গেছ আদি জুলীয়া বা গেছীয় পদাৰ্থৰ পৰিবহণৰ বাবে ব্যৱহৃত হয়।

৮। বজ্জুপথ (Ropeway) ক’ত আৰু কিয় ব্যৱহাৰ কৰা হয়?

উত্তৰঃ বজ্জুপথ পাৰ্বত্য এলেকাত কম খৰচত সীমিত দূৰত্বৰ বাবে সামগ্ৰী আৰু যাত্ৰীৰ পৰিবহণৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হয়।

৯। পথ পৰিবহন ব্যৱস্থা কিয় অধিক সুবিধাজনক বুলি বিবেচনা কৰা হয়?

উত্তৰঃ পথ পৰিবহন ব্যৱস্থা কম দূৰত্বৰ ভিতৰত সীমিত পৰিমাণৰ যাত্রী আৰু সামগ্রী কঢ়িয়াই নিয়াৰ বাবে সহজ, সুলভ আৰু সুবিধাজনক।

১০। গ্রেণ্ড ট্রাংক ৰোডৰ ভাৰত অংশৰ কোন খণ্ডক ৰাষ্ট্ৰীয় পথ-১ বুলি কোৱা হয়?

উত্তৰঃ অমৃতসৰ-দিল্লী খণ্ডক ৰাষ্ট্ৰীয় পথ-১ বুলি কোৱা হয়।

১১। নাগপুৰ পৰিকল্পনা কেনেকৈ বিফল হৈছিল?

উত্তৰঃ দেশীয় শাসকবর্গ আৰু বৃটিছ গোষ্ঠীৰ মাজত সমন্বয়ৰ অভাৱত ১৯৪৩ চনৰ নাগপুৰ পৰিকল্পনা বিফল হৈছিল।

১২। স্বাধীনতাৰ পাছত পথ পৰিবহন উন্নয়নৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰা হৈছিল?

উত্তৰঃ ১৯৬১ চনত কুৰি বছৰীয়া পথ আঁচনি হাতত লোৱা হয় যাৰ অধীনত ৰাষ্ট্ৰীয়, ৰাজ্যিক, জিলাৰ, আৰু গ্রাম্য পথ হিচাপে ভাগ কৰা হয়।

১৩। শেৰশাহৰ শাসনকালত নিৰ্মিত শাহী চড়কৰ দৈৰ্ঘ্য কিমান আছিল আৰু কেনেকৈ এই পথৰ নামকৰণ হৈছিল?

উত্তৰঃ শাহী চড়কৰ দৈৰ্ঘ্য প্ৰায় ২৪০০ কিলোমিটাৰ আছিল। বৃটিছ আমলত একে পথক “গ্ৰেণ্ড ট্রাংক ৰোড” বুলি কোৱা হৈছিল।

১৪। ৰাষ্ট্ৰীয় পথ বুলিলে কি বুজা যায়?

উত্তৰঃ ৰাষ্ট্ৰীয় পথ হৈছে কেন্দ্ৰীয় চৰকাৰে নিৰ্মাণ আৰু প্রতিপালন কৰা এনে পথ, যিবোৰ বেছি দূৰত্বৰ আন্তঃ-ৰাজ্যিক সংযোগ স্থাপন কৰে আৰু বৃহৎ চহৰ, ৰাজধানী, উদ্যোগকেন্দ্ৰ আদিক সংযোগ কৰে।

১৫। ৰাষ্ট্ৰীয় পথসমূহৰ ওপৰত মাত্ৰ ২% দৈৰ্ঘ্য থকাৰ পিছতো ই কিয় গুৰুত্বপূর্ণ?

উত্তৰঃ ৰাষ্ট্ৰীয় পথসমূহ মাত্ৰ ২% দৈৰ্ঘ্য দখল কৰি আছে, তথাপিও ই মুঠ পথ পৰিবহণৰ প্ৰায় ৪০% কঢ়িয়াই নিয়ে, সেয়ে ই অত্যন্ত গুৰুত্বপূর্ণ।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top