🪔 Diwali Maha Offer Class 10 & 12 Bundles @ ₹299 ₹599
Ends in:
03d
14h
35m
40s

Class 11 Geography MCQ Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ

Class 11 Geography MCQ Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ Question Answer Assamese Medium to each chapter is provided in the list so that you can easily browse through different chapters Class 11 Geography MCQ Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ and select need one. AHSEC Class 11 Geography Objective Type Question Answer As Per AHSEC New Book Syllabus Download PDF. AHSEC Elective Geography MCQ Class 11.

Class 11 Geography MCQ Chapter 10 বোৱঁতী পানী অথবা জলপ্রৱাহ

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. AHSEC Class 11 Elective Geography Multiple Choice Solutions are part of All Subject Solutions. Here we have given AHSEC Class 11 Elective Geography MCQ in Assamese for All Chapters, You can practice these here.

Chapter: 10

তৃতীয় গোট: ভূ-আকৃতিক অৱয়ব আৰু ইহঁতৰ বিৱৰ্তন পৰিক্ৰমা

১। ব্ৰহ্মপুত্ৰ নদীয়ে বছৰি কিমান গেদ কঢ়িয়াই নিয়ে?

(ক) ৫০০ কোটি টন।

(খ) ৬১৬ কোটি টন।

(গ) ৭৫০ কোটি টন।

(ঘ) ৯০০ কোটি টন।

উত্তৰঃ (খ) ৬১৬ কোটি টন।

২। নদী পৃষ্ঠত বৈ যোৱা পানীক কি বোলে?

(ক) পৃষ্ঠপ্ৰবাহ।

(খ) নদীপবাহ।

(গ) উত্তৰ প্ৰবাহ।

(ঘ) ভূগৰ্ভীয় প্ৰবাহ।

উত্তৰঃ (ক) পৃষ্ঠপ্ৰবাহ।

৩। নদীৰ বুকুত গঠিত ক্ষুদ্র দ্বীপবোৰক কি বোলা হয়?

(ক) বালিচৰ।

(খ) চাপৰি।

(গ) পলস।

(ঘ) জলগৰ্তিকা।

উত্তৰঃ (খ) চাপৰি।

৪। নদীৰ খননকার্যৰ ধ্বংসৰশেষস্বৰূপ একোটা চাপৰ কাছপিঠীয়া ঢিপক কি বোলে?

(ক) অৱশিষ্ট পাহাৰ।

(খ) সমপ্ৰায় ভূমি।

(গ) পৰৱৰ্তী নদী।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) অৱশিষ্ট পাহাৰ।

৫। ব-দ্বীপ গঠনত কোনটো নদীয়ে যুগ্মভাৱে কাৰ্য কৰে?

(ক) গংগা-ব্ৰহ্মপুত্ৰ।

(খ) গোদাবৰী-কৃষ্ণা।

(গ) যমুনা-চম্বল।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (ক) গংগা-ব্ৰহ্মপুত্ৰ।

৬। পার্বত্য নদীৰ শিলাময় বেদিকাত সৃষ্টি হোৱা বৃত্তাকাৰ গাঁতসমূহক কি বোলে? 

(ক) বৃদ্ধি অৱস্থা।

(খ) জলগতিকা।

(গ) খোদিত বিসর্পণ।

(ঘ) নদী-বেদিকা।

উত্তৰঃ (খ) জলগতিকা।

৭। সৰ্বোচ্চ নদী ক্ষয় কেতিয়া হয়?

(ক) বৃদ্ধ অৱস্থাত।

(খ) তৰুণ অৱস্থাত।

(গ) মধ্য অৱস্থাত।

(ঘ) শুকান সময়ত।

উত্তৰঃ (খ) তৰুণ অৱস্থাত।

৮। নদী পুনঃ যৌবন লাভ কৰাৰ এক কাৰণ হ’ল—

(ক) পৃষ্ঠপ্ৰবাহ বৃদ্ধি।

(খ) খৰস্রোত বৃদ্ধি।

(গ) প্লাবনভূমি সৃষ্টি।

(ঘ) জলবায়ু পৰিৱর্তন।

উত্তৰঃ (ঘ) জলবায়ু পৰিৱর্তন।

৯। পুনঃ যৌবনৰ ফলত কি গঠিত হয়?

(ক) গুস্ফিত নদী।

(খ) ব-দ্বীপ।

(গ) নদী বেদিকা।

(ঘ) খৰস্রোত।

উত্তৰঃ (গ) নদী বেদিকা।

১০। গংগা-ব্ৰহ্মপুত্ৰ ব-দ্বীপৰ আকাৰ কিমান?

(ক) ৭৫,০০০ বৰ্গ কি.মি.।

(খ) ১,২৫,০০০ বৰ্গ কি.মি.।

(গ) ৫০,০০০ বৰ্গ কি.মি.।

(ঘ) ৯০,০০০ বৰ্গ কি.মি.।

উত্তৰঃ (খ) ১,২৫,০০০ বৰ্গ কি.মি.।

১১। ক্ষয় কার্যৰ ফলত কি গঠন হয়?

(ক) জলগৰ্তিকা।

(খ) ব-দ্বীপ।

(গ) বেদিকা।

(ঘ) চাপৰি।

উত্তৰঃ (ক) জলগৰ্তিকা।

১২। প্লাবনভূমি ক’ত গঠন হয়?

(ক) তলিভাগ।

(খ) পাহাৰ।

(গ) নদী মাজত।

(ঘ) নদী উপত্যকাত।

উত্তৰঃ (ঘ) নদী উপত্যকাত।

১৩। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এৰিজ’না প্রদেশত কলাৰাডো নদীয়ে সৃষ্টি কৰা থিয় গড়াৰ উচ্চতা কিমান মিটাৰৰ অধিক?

(ক) ১২০০ মিটাৰ।

(খ) ১৩০০ মিটাৰ।

(গ) ১৩০০ মিটাৰ।

(ঘ) ১৫০০ মিটাৰ।

উত্তৰঃ (ঘ) ১৫০০ মিটাৰ।

১৪। সমভূমিৰ নদী এখনে ইয়াৰ বেদিকাত উলম্ব খনন ঘটোৱাৰ পৰিৱৰ্তে দুয়োকাষে গৰা-খহনীয়া ৰূপত কি ঘটায়?

(ক) বক্রগতি।

(খ) অতিভাঁজ

(গ) পার্শ্ব-খনন।

(ঘ) ওপৰৰ এটাও নহয়।

উত্তৰঃ (গ) পার্শ্ব-খনন।

১৫। মূল ধাৰাৰ যিকোনো একাষে জমা হোৱা বালিময় পৃষ্ঠৰ নাম কি?

(ক) বালিচৰ।

(খ) চাপৰি।

(গ) সুন্দৰবন।

(ঘ) ব-দ্বীপ।

উত্তৰঃ (ক) বালিচৰ।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top