Class 10 Assamese Chapter 3 প্ৰশস্তি Short Type Question Answer

Class 10 Assamese Chapter 3 প্ৰশস্তি Short Type Question Answer | অসমীয়া Class 10 Short Type Question Answer, SEBA Class 10 Assamese Short Type Question Answer As Per New Syllabus to each chapter is provided in the list of SEBA Class 10 Assamese Multiple Choice Question Answer so that you can easily browse through different chapters and select needs one. SEBA Class 10 Assamese MCQ Chapter 3 প্ৰশস্তি can be of great value to excel in the examination.

Class 10 Assamese Chapter 3 প্ৰশস্তি

Class 10 Assamese Chapter 3 প্ৰশস্তি answer to each chapter is provided in the list so that you can easily browse throughout different chapter Class 10 Assamese MCQ Chapter 3 প্ৰশস্তি and select needs one.

প্ৰশস্তি

Group – A পদ্যাংশ

১। ৰঘুনাথ চৌধাৰীক কবি বুলি জনা যায়?

উত্তৰঃ ৰঘুনাথ চৌধাৰীক বিহগী কবি নামেৰে জনা যায়।

২। ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম লিখা।

উত্তৰঃ সাদৰি, কেতেকী, দহিকতৰা।

৩। প্রকৃতিক কোনে আদৰি আনিলে বুলি কবিয়ে কৈছে?

উত্তৰঃ প্রকৃতিক নতুন কুঁহিপাতে আদৰি আনিলে বুলি কবিয়ে কৈছে।

৪। মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে?

উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলে প্রেম পৰিমল যঁচা বুলি কবিয়ে কৈছে।

৫। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

৬। মহামহিমৰ গান কিহে গায় বুলি কবিরে কৈছে?

উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিরে কৈছে।

৭। জল, স্থল আৰু ক’ত দেৱতাৰ মহা অভিযান চলিছে?

উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষত দেৱতাৰ মহা অভিযান চলিছে।

৮। মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে?

উত্তৰঃ মহামহিমৰ গান কীচক বেণুৱে গায় বুলি কবিয়ে কৈছে।

৯। অর্থ লিখা:

উত্তৰঃ কিশলয় – গছৰ কুঁহিপাত বা গজালি।

চিত্তহাৰী – মন হৰণ কৰিব পৰা।

অন্তৰীক্ষ – ভিতৰ, গৰ্ভ। 

তন্দ্রালস – টোপনি যোৱা অৱস্থা, শ্ৰান্ত – ক্লান্ত।

কুসু্ম – ফুল।

কুকুম – প্রসাধন সামগ্রী বিশেষ।

বসুধা – পৃথিৱী।

ঊষা – সূর্য।

তান – ৰাগ।

কীচক – এবিধ বাঁহ।

ঋত্বিক – পুৰোহিত।

চামৰ – চোঁৱৰ, চুঁৱৰী পছৰ নেজৰ মুঠা।

বন-বিহঙ্গ – বনৰ চৰাই।

ক্লেদ – বোকা।

পৰিমল – সুগন্ধ।

পুঞ্জীভূত – সঞ্চিত।

১০। বাক্য ৰচনা কৰা:

দশোদিশ, উপেক্ষিত, জৰাজীৰ্ণ, অমৃত, মোহ

উত্তৰঃ দশোদিশ – পুৱাৰ ৰাঙলী সুৰুযে দশোদিশে উজ্বলাই তুলিছে।

উপেক্ষিত – পৰিয়ালৰ কাৰণে নিজৰ সুখ-সুবিধা ত্যাগ কৰিও তেওঁ আজি পৰিয়ালৰ দ্বাৰাই উপেক্ষিত।

জৰাজীৰ্ণ – মানুহজনৰ জৰাজীৰ্ণ পোছাকেই তেওঁৰ আৰ্থিক অৱস্থাৰ পৰিচয় দিছে।

অমৃত – ল’ৰাজনৰ অমৃত সদৃশ মিঠা মাতষাৰে সকলোকে বিমোহিত কৰে।

মোহ – ঠাইখনৰ প্ৰাকৃতিক সৌন্দর্যৰ মোহত পর্যটক সকল ঘনাই আহিবলৈ বিচাৰে।

১১। সমার্থক শব্দ লিখা।

তৰু, মুক্তি, সুমধুৰ, অভিযান, ধ্যানী।

উত্তৰঃ তৰু – গছ।

মুক্তি – মুকুতি।

সুমধুৰ – শুৱলা।

অভিযান – কোনো এটা উদ্দেশ্যৰ বাবে কৰা যাত্রা।

ধ্যানী – মনযোগী।

১২। প্রশস্তি কবিতাটোৰ কবি কোন?

উত্তৰঃ ৰঘুনাথ চৌধাৰী।

১৩। ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰঃ বৰ্তমান নলবাৰী জিলাৰ মুকালমৃৱাৰ ওচৰৰ লাউপাৰা গাঁওত, ১৮৭৯ চনত ৰঘুনাথ চৌধাৰীৰ।

১৪। ৰঘুনাথ চৌধাৰী কোনখন কাকতৰ সহ সম্পাদক আছিল?

উত্তৰঃ গুৱাহাটিৰ পৰা প্ৰকাশিত ‘জোনাকী’ কাকতৰ।

১৫। ৰঘুনাথ চোধাৰীয়ে সম্পাদনা কৰা আলোচনী কেইখনৰ নাম কি?

উত্তৰঃ মইনা, সুৰভি আৰু জয়ন্তী।

১৬। ৰঘুনাথ চৌধাৰীয়ে কোন কাকতৰ জৰিয়তে কবিতা লিখিবলৈ আৰম্ভ কৰিছিল?

উত্তৰঃ জোনাকী কাকতৰ জৰিয়তে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top