ASOS Class 12 Political Science Chapter 5 প্ৰস্তাৱনা আৰু ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ

ASOS Class 12 Political Science Chapter 5 প্ৰস্তাৱনা আৰু ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 5 প্ৰস্তাৱনা আৰু ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ and select needs one.

ASOS Class 12 Political Science Chapter 5 প্ৰস্তাৱনা আৰু ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions by Krishna Kanta Handique State Open School Expert Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 5 প্ৰস্তাৱনা আৰু ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ Solutions for All Subject, You can practice these here.

প্ৰস্তাৱনা আৰু ভাৰতীয় সংবিধানৰ প্ৰধান বৈশিষ্ট্যসমূহ

Chapter : 5

5.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

শুদ্ধ উত্তৰটোত (✓) চিন দিয়াঃ 

১। দেশ এখনৰ সংবিধানৰ কাম হ’ল – 

(ক) দোষীক শাস্তি দিয়া।

(খ) দেশ শাসন কৰা।

(গ) নাগৰিকৰ মাজত সম্পর্ক স্থাপন কৰা।

(ঘ) বিভিন্ন দেশৰ মাজত বাণিজ্যিক সম্পর্কে স্থাপন কৰা।

উত্তৰঃ (ক) দোষীক শাস্তি দিয়া।

২। ভাৰতবৰ্ষৰ সংবিধান সভাৰ সদস্যসকল—

(ক) বৃটিছ চৰকাৰে মনোনীত কৰিছিল।

(খ) ৰাজনৈতিক দলবোৰে মনোনীত কৰিছিল।

(গ) প্রাদেশিক বিধানসভাবোৰে নিৰ্বাচিত কৰিছিল আৰু দেশীয় ৰাজ্যবোৰৰ দ্বাৰা মনোনীত কৰা হৈছিল।

(ঘ) জনগণে নির্বাচিত কৰিছিল।

উত্তৰঃ (গ) প্রাদেশিক বিধানসভাবোৰে নিৰ্বাচিত কৰিছিল আৰু দেশীয় ৰাজ্যবোৰৰ দ্বাৰা মনোনীত কৰা হৈছিল।

৩। ভাৰতীয় সংবিধানখনৰ খচৰা প্ৰস্তুত কৰিছিল—

(ক) উপদেষ্টা কমিটিয়ে।

(খ) সংবিধান সভা সচিবালয়ে।

(গ) সংবিধান সভাৰ সভাপতিয়ে।

(ঘ) খচৰা কমিটিয়ে।

উত্তৰঃ (ঘ) খচৰা কমিটিয়ে।

5.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

খালী ঠাই পূৰণ কৰাঃ

১। ভাৰতীয় ধৰ্মনিৰপেক্ষতাবাদৰ অৰ্থ হ’ল_______। 

(ধৰ্মৰ প্ৰতি বিৰুদ্ধাচৰণ /সকলো ধৰ্মৰ প্ৰতি সমভাৱ /এটা নির্দিষ্ট ধৰ্মৰ প্ৰতি সন্মান প্রদর্শন)

উত্তৰঃ সকলো ধৰ্মৰ প্ৰতি সমভাৱ।

২। ভাৰতত সমাজবাদৰ অৰ্থ হ’ল________।

(সকলোবোৰ উদ্যোগৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ /অৰ্থনীতিত ৰাষ্ট্ৰৰ মূল ভূমিকা /সম্পত্তিৰ সমবিতৰণ)

উত্তৰঃ অৰ্থনীতিত ৰাষ্ট্ৰৰ মূল ভূমিকা।

৩। ভাৰতবৰ্ষ গণৰাজ্য হিচাপে পৰিগণিত হয়_______। (15 আগষ্ট 1947 চন/26 নৱেম্বৰ 1949 চন/26 জানুৱাৰী 1950 চনত)

উত্তৰঃ 1950 চনৰ 26 জানুৱাৰী।

5.3.পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰণ কৰাঃ

১। ন্যায় মানে হ’ল জনগণে_________। (যি বিচাৰে /যি দিয়া হয়)

উত্তৰঃ যি দিয়া হয়।

২। ভাৰতীয় সংবিধানে প্ৰদান কৰিছে________। (চিন্তা আৰু মতপ্ৰকাশৰ স্বাধীনতা /ক্ষুধাৰ পৰা স্বাধীনতা)

উত্তৰঃ চিন্তা আৰু মতপ্ৰকাশৰ স্বাধীনতা।

5.4. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ 

১। সংবিধানখন হ’ল ________ৰ এটা সংস্থা৷ (নিয়ম / মৌলিক আইন / নীতি নির্দেশনা)

উত্তৰঃ মৌলিক আইন।

২। ভাৰতৰ সংবিধান বলবৎ কৰা হৈছিল_________। (15 আগষ্ট 1947 চন / 26 নৱেম্বৰ 1949 চন /26 জানুৱাৰী 1950 চন)

উত্তৰঃ 26 জানুৱাৰী 1950 চন।

৩। ভাৰতবৰ্ষৰ মূল সবিধানখনত_________অনুচ্ছেদ আছে। (495 টা / 395 টা/295 টা) 

উত্তৰঃ 395 টা।

৪। ভাৰতৰ সংবিধানখন ৰচনা কৰিছিল________। (সংবিধান সভাই /এখন কমিটিয়ে/ ৰাজ্যিক বিধানসভাই) 

উত্তৰঃ সংবিধান সভাই।

5.5. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ

(ক) ভাৰতবৰ্ষ এখন_________ৰাষ্ট্ৰ। (এককেন্দ্ৰীক /যুক্তৰাষ্ট্ৰীয়/ অৰ্ধযুক্তৰাষ্ট্ৰীয়)

উত্তৰঃ অৰ্ধযুক্তৰাষ্ট্ৰীয়।

(খ) সংসদীয় গণতন্ত্রত____য়ে প্রকৃত ক্ষমতা ভোগ কৰে। (জনগণে /ৰাষ্ট্ৰপতিয়ে/ মন্ত্রীসভাই) 

উত্তৰঃ মন্ত্রীসভাই

(গ) মৌলিক অধিকাৰবোৰ_________। (চৰম /বিচাৰযোগ্য/ সীমাহীন)

উত্তৰঃ বিচাৰযোগ্য।

(ঘ) মৌলিক কর্তব্যবোৰ সংবিধানৰ ____সংশোধনীমতে অন্তর্ভূক্ত কৰা হৈছে। (42 তম /44 তম/ 46 তম)

উত্তৰঃ 44 তম।

5.6. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ

(ক) আমেৰিকা যুক্তৰাষ্ট্ৰত___নাগৰিকত্ব ব্যৱস্থা আছে। (একক/ দ্বি/ সামায়িক)

উত্তৰঃ দ্বি।

(খ) একক নাগৰিকত্ব মানে হ’ল _________। (এজন ব্যক্তি মাত্ৰ তেওঁৰ ৰাজ্যখনৰ নাগৰিক/ এজন ব্যক্তি সমগ্ৰ দেশখনৰ নাগৰিক/ এজন ব্যক্ত তেওঁ বাস কৰা ঠাইৰ নাগৰিক)

উত্তৰঃ এজন ব্যক্তি সমগ্ৰ দেশখনৰ নাগৰিক।

(গ) ভাৰতত ভোটাৰৰ নিম্নতম বয়স_________। (১৮ বছৰ / ২১ বছৰ / ২৫‌ বছৰ)

উত্তৰঃ ১৮ বছৰ।

(ঘ) সংবিধানত দিয়া জৰুৰী অৱস্থা বলবৎ কৰিব পাৰি__________। (সাধাৰণ অৱস্থাত /অস্বাভাৱিক অৱস্থাত/ সকলো সময়তে) 

উত্তৰঃ অস্বাভাৱিক অৱস্থাত।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. সংবিধান এখনত প্ৰস্তাৱনাৰ গুৰুত্ব কি? 

উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে, ঠিক একেদৰে কোনো এখন দেশৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু (আদর্শ আৰু লক্ষ্য) সম্পৰ্কে বিৱৰণ আছে। সেই বাবেই বহুতে প্ৰস্তাৱনাক সংবিধানৰ আত্মা (soul),বিবেক (conscience), দুৱাৰদলি (threshold) আৰু চাবিকাঠি (keys) বুলি অভিহিত কৰে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ। কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য।

2. ভাৰতবৰ্ষৰ পৰিপ্ৰেক্ষিতত ধৰ্ম নিৰপেক্ষতাবাদৰ অৰ্থ আৰু প্ৰাসংগিকতা বর্ণনা কৰা।

উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ নীতিক কার্যকৰী কৰিবলৈ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰক সন্নিবিষ্ট কৰা হৈছে। ২৫ ৰ পৰা ২৮ নং অনুচ্ছেদলৈকে নাগৰিকক ধৰ্মীয় স্বাধীনতা অধিকাৰ প্ৰদান কৰা হৈছে। এই অধিকাৰসমূহ হ’ল—

(ক) ধৰ্মৰ স্বতন্ত্ৰ চিন্তা, মুক্ত বৃত্তি, ধৰ্মৰ পালন আৰু বিকাশৰ অধিকাৰঃ ২৫ নং অনুচ্ছেদে ধৰ্মৰ ক্ষেত্ৰত স্বনন্ত্র বিবেচনা, ধর্মমূলক মুক্ত বৃত্তি পালন আৰু বিকাশৰ অধিকাৰ প্ৰদান কৰিছে। ইয়ে বুজায় যে ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয় ধৰ্ম নাই আৰু সকলো ধৰ্মক সমান জ্ঞান কৰা হয় ।

ধৰ্মীয় কাম-কাজ নিয়ন্ত্ৰণৰ স্বাধীনতাঃ ২৬নং অনুচ্ছেদে অধিকাৰ প্ৰদান কৰিছে যে-

(ক) যিকোনো ধৰ্মৰ লোক বা সম্প্ৰদায়ে ধৰ্মীয় আৰু সাহাৰ্যমূলক প্রতিষ্ঠান স্থাপন কৰি তাক পৰিচালনা কৰিব পাৰিব,

(খ) ধৰ্মৰ সংক্ৰান্তত নিজৰ কাম-কাজ নিজে নিয়ন্ত্ৰণ কৰিব পাৰিব, 

(গ) এনে প্ৰতিষ্ঠানৰ কাৰণে স্থাৱৰ বা অস্থাৱৰ সম্পত্তি ক্রয় বা ৰাখিব পাৰিব,

(ঘ) সেইবোৰ সম্পত্তিৰ বিধিগত পৰিচালনা কৰিব পাৰিব।

যিকোনো ধৰ্মৰ উন্নতিৰ বাবে কৰ আদায়ৰ স্বাধীনতাঃ ২৭ নং অনুচ্ছেদৰ মতে, কোনো মানুহকে ধৰ্ম বা ধৰ্মীয় অনুষ্ঠানৰ পৰিচালনা বা উন্নতি সাধনৰ বাবে কৰ – কাটল দিবলৈ বলপূৰ্বকভাৱে বাধ্য কৰিব নোৱাৰিব।

ধর্মীয় কাম-কাজ অংশ গ্ৰহণৰ স্বতন্ত্রতাঃ ২৮ নং অনুচ্ছেদে তিনিটা গুৰুত্বপূৰ্ণ অধিকাৰ সন্নিবিষ্ট কৰিছে-

(ক) চৰকাৰী অৰ্থ বা সাহাৰ্যৰে পৰিচালিত শিক্ষানুষ্ঠানত কোনো ধর্মীয় শিক্ষা দিয়া নহ’ব।

(খ) অৱশ্যে কোনো ধর্মীয় অনুষ্ঠান বা ন্যাসৰ জৰিয়তে প্রতিষ্ঠিত শিক্ষানুষ্ঠান চৰকাৰে চলালেও প্রয়োজন হ’লে তেনে অনুষ্ঠানত ধৰ্মীয় শিক্ষা দিব পৰা যাব। 

(গ) শিক্ষানুষ্ঠানত অধ্যয়নত কোনো ব্যক্তিকে জোৰ কৰি অনুষ্ঠানটোত চলি থকা কোনো ধর্মীয় কাৰ্যসূচীত অংশ ল’বলৈ বাধ্য কৰাব নোৱাৰিব।

3. ভাৰতীয় সংবিধানখনৰ দৰ্শন কি?

উত্তৰঃ প্ৰস্তাৱনা হ’ল সংবিধানৰ পাতনি। কোনো এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলো কথা উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতো সংবিধানৰ মূল বিষয়বস্তু (আদৰ্শ আৰু লক্ষ্য সম্পৰ্কে বিৱৰণ আছে। সেই বাবেই বহুতে প্রস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা (soul),বিবেক (conscience), দুৱাৰদলি (threshold) আৰু চাবি-কাঠি (keys) বুলি অভিহিত কৰে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ৷ কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য। ‘আমি ভাৰতীয় জনসাধাৰণে’ (we the people of India) বুলি আৰম্ভ হোৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নির্দিষ্ট আদর্শ। উল্লেখযোগ্য যে সংবিধান প্রণেতাসকলে প্রস্তুতকালত প্রাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতিও গুৰুত্ব দিছিল আৰু তেনে আদৰ্শ সংবিধানৰ পাতত প্ৰস্ফুটিত হোৱাটো বিচাৰিছিল।

প্ৰস্তাৱনাত ‘আমি ভাৰতীয় জনসাধাৰণে’ বুলি উল্লেখ কৰি সংবিধান প্রণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ’ল— ‘সার্বভৌম’(Sovereign), ‘সমাজবাদী’ (Socialist), ‘ধৰ্মনিৰপেক্ষ’ (Secular), ‘গণতান্ত্রিক’ (Democratic) আৰু ‘প্রজাতন্ত্র’ (Republic)। এই আটাইকেইটা শব্দৰ মাজতে সংবিধান আদর্শ প্রতিফলিত হৈছে।

4. লিখিত সংবিধানৰ গুৰুত্ব বাখ্যা কৰা।

উত্তৰঃ ভাৰতীয় সংবিধানখন মূলত লিখিত সংবিধান। এখন লিখিত সংবিধান এটা নিৰ্দিষ্ট সময়ত প্ৰণয়ন কৰা হয় আৰু এটা নিৰ্দিষ্ট তাৰিখৰ পৰা ইয়াক আইন হিচাপে বলবৎ কৰা হয়। সময়ে সময়ে ভালেমান দেশাচাৰ আঁতৰ কৰি অহা হৈছে যিবোৰ সংবিধানৰ কাৰ্যকৰিতাৰ ক্ষেত্ৰত যথেষ্ট ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে, যদিও এখন লিখিতসংবিধান আইনগত দলিল, শাসনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কিছুমান সংস্থা বা নিকায় আছে যিবোৰ সংবিধানত অন্তৰ্ভুক্ত কৰিব পৰা নাযায়৷ ভাৰতবৰ্ষৰ ক্ষেত্ৰত পৰিকল্পনা আয়োগৰ কথা ক’ব পাৰি। দেশৰ পৰিকল্পনা আৰু বিকাশৰ বাবে ই যথেষ্ট গুৰুত্বপূৰ্ণ কিন্তু পৰিকল্পনা আয়োগ 1950 চনৰ মাৰ্চত প্ৰতিষ্ঠা কৰা হৈছিল যদিও ইয়াক সংসদে আইনৰ দ্বাৰা গঠন কৰা নাছিল বা ই সংবিধানৰ এটা অংশও নহয়। ইয়াক এটা কেবিনেট সিদ্ধান্ত মৰ্মে প্ৰতিষ্ঠা কৰা হৈছিল ৷ ভাৰতবৰ্ষৰ সংবিধানখনেই পৃথিৱীৰ আটাইতকৈ দীঘল সংবিধান। মূল সংবিধানখনত 395 টা অনুচ্ছেদ আৰু ৪টা অনুসূচী আছে. কিন্তু মার্কিন যুক্তৰাষ্ট্ৰৰ সংবিধানত মাত্র 7 টা অনুচ্ছেদ আছে।

5. অনমনীয় আৰু নমনীয় সংবিধানৰ পাৰ্থক্য লিখা।

উত্তৰঃ ভাৰতবৰ্ষৰ সংবিধানখন অনমনীয়তা আৰু নমনীয়তাৰ এটা উল্লেখযোগ্য উদাহৰণ। এখন সংবিধানৰ সংশোধনী পদ্ধতিৰ ওপৰত ভিত্তি কৰি ইয়াক অনমনীয়তা বা নমনীয়তা হিচাপে চিনাক্ত কৰিব পাৰি । এখন অনমনীয় সংবিধানৰ সংশোধনী পদ্ধতি সহজ নহয়। আমেৰিকা, চুইজাৰলেণ্ড আৰু অষ্ট্ৰেলিয়া আদি দেশৰ সংবিধান অনমনীয় সংবিধান৷ আনহাতে ব্ৰিটেইনৰ সংবিধানখন নমনীয় কাৰণ ইয়াৰ সংশোধনী প্রক্রিয়া সহজ আৰু তেনেই সৰল প্ৰকৃতিৰ।

ভাৰতীয় সংবিধানখনৰ তিনি ধৰণৰ সংশোধনী প্রক্রিয়া পোৱা যায়। প্রথম পদ্ধতি অনুযায়ী সংসদৰ উভয় সংদনত উপস্থিত থকা আৰু ভোটদানকাৰী সদস্যৰ সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত বিলখন পাছ কৰি ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়। দ্বিতীয় পদ্ধতি অনুযায়ী এক বিশেষ ধৰণৰ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন হয়। এই পদ্ধতিত সংসদৰ যিকোনো এখন সদনত বিলখন পাছ কৰি আৰু সদনৰ উপস্থিতি থকা আৰু ভোটদানৰকাৰী সদস্যৰ দুই-তৃতীয়াংশ সংখ্যাগৰিষ্ঠতাৰে ৰাষ্ট্ৰপতিৰ সন্মতিৰ বাবে পঠিওৱা হয়, যিটো তেওঁ অস্বীকাৰ কৰিব নোৱাৰে।

তৃতীয় পদ্ধতি অনুযায়ী, দ্বিতীয় পদ্ধতিত উল্লেখ কৰা বিশেষ সংখ্যাগৰিষ্ঠতাৰ উপৰিও কমেও পঞ্চাশ শতাংশ ৰাজ্যিক বিধানমণ্ডলৰ অনুমোদনৰ বাবে ইয়াক পঠাব লাগে।

6. ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰ হিচাপে চমুকৈ ব্যাখ্যা কৰা।

উত্তৰঃ ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে। যুক্তৰাষ্ট্ৰীয় দুই ধৰণৰ চৰকাৰ থাকে৷ সমগ্ৰ দেশৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰৰ ৰূপত এখন চৰকাৰ থাকে৷ আকৌ প্ৰতিখন ৰাজ্যৰ বাবেও একোখনকৈ চৰকাৰ থাকে। আমেৰিকা যুক্তৰাষ্ট্ৰ হোৱাৰ বিপৰীতে ব্ৰিটেইন হ’ল এখন এককেন্দ্ৰীয় চৰকাৰ থকা দেশ। এককেন্দ্রীক শাসন ব্যৱস্থাত সমগ্ৰ দেশৰ বাবে এখন মাত্ৰ চৰকাৰ থাকে আৰু সকলোবোৰ ক্ষমতা কেন্দ্ৰীভূত হৈ থাকে।

ভাৰতবৰ্ষৰ সংবিধানত ‘যুক্তৰাষ্ট্ৰ’ শব্দটো ব্যৱহাৰ কৰা হোৱা নাই। ইয়াত ভাৰতক এখন ‘ৰাজ্যসমূহৰ সংঘ’ হিচাপেহে উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ মাজত ক্ষমতা বিতৰণ কৰা হৈছে। ভাৰতবৰ্ষ যিহেতুকে এখন যুক্তৰাষ্ট্ৰ, সেয়ে তেনেকুৱা বাগবিতৰণ প্ৰয়োজনীয় ক্ষমতাৰ বিভাজন সম্পর্কে কেন্দ্ৰীয় সূচী, ৰাজ্যিক সূচী আৰু সমৱৰ্তী সূচী হিচাপে তিনিখন সূচী আছে। এই ভাগ বিতৰণৰ ভিত্তিত ভাৰতক এখন যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ দেশ বুলি ক’ব পাৰি। 

যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত সংবিধানে নিৰপেক্ষভাৱে কাম-কাজ কৰিবলৈ হ’লে ন্যায়পালিকাৰ সৰ্বোচ্চতা এটা অপৰিহাৰ্য বৈশিষ্ট্য। ভাৰতত সংবিধানখনৰ অভিভাৱক হিচাপে উচ্চতম ন্যায়ালয়ৰ ব্যৱস্থা কৰা হৈছে। অৱশ্যে ভাৰত যুক্তৰাষ্ট্ৰও প্ৰশাসনীয়, আইন প্রণয়ন, বৃত্তীয় তথা ন্যায়ক ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক অধিক ক্ষমতা প্ৰদান কৰা হৈছে। অৱশ্যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত কিছুমান গুৰুত্বপূৰ্ণ এককেন্দ্ৰীক বৈশিষ্ট্য পৰিলক্ষিত হয়। সংবিধান প্রণেতাসকলে কেন্দ্র আৰু ৰাজ্যসমূহত দুই ধৰণৰ চৰকাৰ প্ৰৱৰ্তন কৰা সময়ত, ৰাষ্ট্ৰ প্ৰধানৰ নিযুক্তি, একৈকৃত ন্যায়ক ব্যৱস্থা, একক নাগৰিকত্ব আদিৰ যোগেদি আমাৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত এককেন্দ্ৰিক ব্যৱস্থা কিছুমান অন্তৰ্ভুক্ত কৰিছিল। এই কাৰণেই ভাৰতক এখন অৰ্থ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ দেশ বুলি কোৱা হয়।

7. চমুটোকা লিখাঃ

(ক) ন্যায়পালিকাৰ ন্যায়িক ব্যৱস্থা।

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়পালিকা স্বাধীন আৰু নিৰপেক্ষ। ভাৰতবৰ্ষৰ ন্যায়পালিকা, কার্যপালিকা আৰু বিধানমণ্ডলৰ প্ৰভাৱৰ পৰা মুক্ত। ন্যায়াধীশবোৰ অৰ্হতাৰ ভিত্তি নিয়োগ কৰা হয় আৰু তেওঁলোকক সহজে পদৰ পৰা আঁতৰাব নোৱাৰি।

(খ) একত্রীভূত ন্যায়িক ব্যৱস্থা।

উত্তৰঃ ভাৰতবৰ্ষৰ ন্যায়িক ব্যৱস্থা হ’ল একত্ৰীভূত ন্যায়ক ব্যৱস্থা। ন্যায় ব্যৱস্থাৰ শিখৰত উচ্চতম ন্যায়ালয়ৰসমূহ আছে। উচ্চ ন্যায়ালয়সমূহে নিম্ন আদালতসমূহ নিয়ন্ত্রণ আৰু তদাৰক কৰে। ভাৰতবৰ্ষৰন ন্যায়পালিকা এইদৰে এটা পিৰামিডৰ দৰে য’ত নিম্ন আদালতসমূহ ভিত্তি হিচাপে, উচ্চ ন্যায়ালয়সমূহ মধ্যস্থানত আৰু উচ্চতম ন্যালায়ৰ শীৰ্ষস্থানত অৱস্থিত।

(গ) সার্বজনীন প্রাপ্তঃবয়স্ক ভোটাধিকাৰ।

উত্তৰঃ ভাৰতীয় গণতন্ত্র ‘এক ব্যক্তি এক ভোট’ নীতিৰ ওপৰত প্ৰতিষ্ঠিত। জাতি, ধর্ম, বর্ণ, লিংগ নির্বিশেষে ভাৰতীয় নাগৰিকে ১৮ বছৰ বা তাৰ ওপৰত বয়স হ’লে নিৰ্বাচনত ভোটদান কৰিব পাৰে। ভাৰতীয় সংবিধানে সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ যোগেদি ৰাজনৈতিক সমতা প্রতিষ্ঠা কৰিব বিচাৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top