ASOS Class 12 Political Science Chapter 3 সমাজ, জাতি, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

ASOS Class 12 Political Science Chapter 3 সমাজ, জাতি, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 3 সমাজ, জাতি, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য and select needs one.

Join Telegram channel

ASOS Class 12 Political Science Chapter 3 সমাজ, জাতি, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

Also, you can read the Assam State Open School book online in these sections Solutions by Krishna Kanta Handique State Open School Expert Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 3 সমাজ, জাতি, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য Solutions for All Subject, You can practice these here.

সমাজ, জাতি, ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজৰ পাৰ্থক্য

Chapter : 3

3.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. পলিছ, প্রাচীন কালৰ গ্ৰীকসকলৰ স’তে নগৰ আৰু________। 

উত্তৰঃ ৰাষ্ট্ৰ।

2. সমাজ, উৎপত্তিৰ ফালৰ পৰা ৰাষ্ট্ৰতকৈ_______। 

উত্তৰঃ পূৰ্বৰ।

3. সমাজ স্বভাৱজাতভাৱে_______সংস্থা, ৰাষ্ট্ৰখন যান্ত্ৰিক হিচাপে এটা_______অনুষ্ঠান। 

উত্তৰঃ প্রাকৃতিক, কৃত্রিম।

4. ৰাষ্ট্ৰ সমাজৰ________কামৰ বাবে বৰ্তি আছে।

উত্তৰঃ উপায়।

5. সমাজে ৰাষ্ট্ৰৰ কাৰণে এটা_________প্ৰদান কৰে।

উত্তৰঃ উদ্দেশ্য।

6. সমাজৰ পৰিধি হ’ল_______সহযোগিতা; ৰাষ্ট্ৰৰ পৰিধি হ’ল_______ কার্য।

উত্তৰঃ ঐচ্ছিক, যান্ত্ৰিক।

3.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. সংস্থাৰ বৈশিষ্ট্যবোৰ (a) জনসাধাৰণৰ সংগঠিত গোট (b) ________স্বাৰ্থ আৰু (c) যৌথ প্রচেষ্টা। (সামূহিক, বিশেষ)

উত্তৰঃ বিশেষ।

2. ৰাষ্ট্ৰ সদস্যপদ_________। (ঐচ্ছিক, বাধ্যতামূলক)

উত্তৰঃ বাধ্যতামূলক।

3. পৰিয়াল,এটা সংস্থা হিচাপে ৰাষ্ট্ৰতকৈ,________। (পূৰ্বৰ, পাছৰ)

উত্তৰঃ পূৰ্বৰ।

4. আন সংস্থাসমূহৰ ৰাষ্ট্ৰৰ নিচিনাকৈ _________নাই। (সার্বভৌমত্ব,জনসংখ্যা, নির্দিষ্য ভূ-খণ্ড)

উত্তৰঃ সার্বভৌমত্ব।

3.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. চৰকাৰৰ কোনটো অংগই আইন প্রণয়ন কৰে? 

উত্তৰঃ বিধানমণ্ডল।

2. চৰকাৰৰ কোনটো অংগই আইন প্রয়োগ কৰে? 

উত্তৰঃ কাৰ্যপালিকা।

3. সার্বভৌমত্ব কাৰ লগত থাকে?

উত্তৰঃ ৰাষ্ট্ৰ।

4. কোনটো অংগৰ জৰিয়তে ৰাষ্ট্ৰই নিজৰ ইচ্ছা প্রকাশ কৰে?

উত্তৰঃ চৰকাৰ।

5. যদি ৰাষ্ট্ৰ এখন জটিল হয়, ইয়াৰ প্ৰকৃত ৰূপটো কি?

উত্তৰঃ চৰকাৰ।

3.4. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. প্ৰথম বিশ্বযুদ্ধৰ আগতে অষ্ট্ৰীয়া-হাংগেৰী ৰাষ্ট্ৰ আছিল, কিন্তু ________নাছিল।

উত্তৰঃ জাতি।

2. যেতিয়া জাতিয়ে ৰাষ্ট্ৰত্ব পায়, ই_______হয়।

উত্তৰঃ জাতি-ৰাষ্ট্ৰ।

3. ______জনসাধাৰণক এখন ৰাষ্ট্ৰক বান্ধি ৰাখে৷

উত্তৰঃ আইনসমূহ।

4. য’ত ৰাষ্ট্ৰ এক________ধাৰণা, জাতি সাংস্কৃতিক সত্তা।

উত্তৰঃ ৰাজনৈতিক।

5. ________জনসাধাৰণে সাংস্কৃতিকভাৱে সামাজিক গোট গঠন কৰে।

উত্তৰঃ সদৃশ।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. সংজ্ঞা দিয়া

(a) জাতি।

(b) চৰকাৰ।

(c) সংস্থা।

উত্তৰঃ জাতি: জাতীয়তা শব্দটি লেটিন শব্দ (Natus) নেচো ৰ পৰা আহিছে, যি “জন্ম হোৱা” বুজায়। সেয়েহে ইয়াৰ বিস্তৃত অৰ্থত, জাতীয়তা মানে এনে জাতিগত গোটত অন্তৰ্ভুক্ত হোৱা বুজায় য’ত জন্মগতভাৱে তেজৰ সম্পৰ্কৰ দ্বাৰা সম্পর্কিত হয়। যি নহওক, জাতীয়তাবাদৰ ধাৰণা বিতৰ্কৰ্মূলক। পৃথিৱীত এনেকুৱা কোনো জাতি নাই যি একে জনগোষ্ঠীৰ অন্তৰ্ভুক্ত। প্রত্যেক জাতিতে বিভিন্ন জনগোষ্ঠীৰ লোকৰ মানুহ থাকে। প্ৰব্ৰজনৰ কাৰণে, জাতিৰ আভ্যন্তৰীণ সম্পর্ক, আন্তঃজাতিগত বিবাহৰ কাৰণে জাতিগতৰ বিশুদ্ধতা বিচাৰি উলিয়াবলৈ কঠিন। জাতীয়তাৰ বিকাশ এটি মানসিক ধাৰণা, ই ৰাজনৈতিক বা গোটক বুজায়। জে ডব্লিউ গাৰ্ণাৰৰ মতে, জাতীয়তাই সাংস্কৃতিকভাৱে একোটা গোটক বুজায় যাৰ ঐক্যতাৰ সচেতনতা আছে।

ৰামছে মুইৰৰমতে, জাতি বুলিলে মানুহৰ এটা গোটক বুজায়, যিসকল প্রাকৃতিকভাৱে বিশেষ সাদৃশ্যৰ দ্বাৰা সম্পর্কিত, যেতিয়া একে গোটৰমাজত সহযোগিতা বা ঐক্যতা নাথাকিলে অসন্তুষ্ট হয়। জাতীয়তাৰ বিকাশ নিশ্চয়কৈ মানসিক ধাৰণা যেনেকৈ হেইছে কৈছে, ই প্ৰধানকৈ সাংস্কৃতিক, ঐক্যতাৰ সচেতনতা।

চৰকাৰ: যেতিয়ালৈকে জনসাধাৰণে নিৰ্দিষ্ট নীতি-নিয়ম নামানে বা সংগঠিত নহয়, তেতিয়ালৈ জনসাধাৰণ একেলগহৈ থকাৰ উদ্দেশ্য অনুভৱ নহয়। আচৰণ বা শৃংখলাবদ্ধতা বজাই ৰাকিভলৈ সৃষ্টি হোৱা মাধ্যমটোক চৰকাৰ বোলে। নির্দিষ্ট সীমাৰ ভিতৰত চৰকাৰেও সমূহীয়া উদ্দেশ্য নিৰ্ধৰণ কৰে। ইয়াৰ জৰিয়তে সমূহীয়া নীতি নিৰ্ধাৰণ, সামূহিক কাৰ্যবোৰ সামূহিক মংগলৰ কাৰণে কৰা হয় । চৰকাৰ অবিহনে জনসাধৰণৰ সামূহিক সংঘবদ্ধকৰণ নোহোৱা হ’ব আৰু সামূহিক কাৰ্যবোৰ অসফল হ’ব। বিভিন্ন গোট, দল আৰু যুদ্ধান্বেষী সংগঠন আৰু যুদ্ধ বা বিবাদ সম্পন্ন পৰিস্তিতিৰ সৃষ্টি হ’ব। সেয়েহে, য’ত জনসাধাৰণ বাসকৰে তাত এটা সামূহিক কৰ্তৃপক্ষৰ প্ৰয়োজন। এইটো মানৱ জীৱনৰ প্ৰাথমিক প্রয়োজন। চৰকাৰ অবিহনে ৰাষ্ট্ৰ জীয়াই থাকিব নোৱাৰে, যিকোনো ধৰণৰ চৰকাৰ হ’ব পাৰে। চৰকাৰখন জৰুৰী, যদিও ই যিকোনো ধৰণৰ হ’ব পাৰে।ইভাৰতৰ নিচিনা আৰু ইংলেণ্ডৰ নিচিনা সংসদীয় চৰকাৰ বা আমেৰিকাৰ নিচিনা ৰাষ্ট্ৰপতীয় চৰকাৰ হ’ব পাৰে।

সংস্থা: সংস্থা হৈছে কিছুমান সামূহিক উদ্দেশ্য, সমূহীয়াভাৱে পাবলৈ হোৱা জনসাধাৰণৰ এটা সংগঠিত গোট। সংস্থাৰ সেয়েহে দিনিটা বৈশিষ্ট্য আছে।

(ক) জনসাধাৰণৰ সংগঠন।

(খ) কিছুমান সামূহিক/বিশেষ উদ্দেশ্য। 

(গ) যৌথপ্রচেষ্টা।

গতিকে, পৰিয়াল এটা সংস্থা। তেজৰ সম্বন্ধেৰে সংগঠিত, পৰিয়ালৰ সামূহিক উদ্দেশ্য সাধনৰ বাবে সকলো সদস্যই কাম কৰে। সংস্থাৰ উদাহৰণ হিচাপে ক্রিকেট ক্লাব,ৰেড ক্ৰচ ছচাইটি, গৃহকল্যাণ সংস্থা আদি। সংস্থাই সমাজৰ সৃষ্টি কৰে।ৰাষ্ট্ৰও সমাজৰ আন সংস্থাসমূহৰ নিচিনা এটা সংস্থা। কিন্তু ৰাষ্ট্ৰ সংস্থা হিচাপে আন সংস্থাতকৈ বেলেগ।

2. ৰাষ্ট্ৰ আৰু সমাজৰ পাৰ্থক্য লিখা। 

উত্তৰঃ মানুহৰ সামাজিক আৰু ৰাজনৈতিক প্ৰাণী। মানুহে প্রতি ক্ষেত্ৰতে পাৰস্পৰিক ভাৱে নিৰ্ভৰশীল হৈ থাকে। ইয়াৰ উপৰি মানুহে প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে মানুহৰ ওপৰত নিৰ্ভৰ কৰাৰ ওপৰিও সমাজৰ ওপৰতো নিৰ্ভৰশীল হয় ৷ সমাজৰ প্ৰত্যেক মানুহে আন আন ব্যক্তিৰ সহায় সহানুভূতিৰ ওপৰত নিৰ্ভৰশীল ৷ কোনো লোকেই আত্মনিৰ্ভৰশীল হ’ব নোৱাৰে। ইয়াৰ উপৰি ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবেও মানুহে সমাজ পাতি বাস কৰে। মানুহে যেতিয়াই সমূহীয়া উদ্দেশ্য পূৰণৰ বাবে সংঘৱদ্ধ হৈ বাস কৰে তেতিয়াই সমাজ গঠিত হয়। ঠিক সেইদৰেই ব্যক্তি স্বাৰ্থ, আশা, আকাংক্ষা পূৰণৰ বাবেই ৰাষ্ট্ৰ গঠন হয় । সেইবাবেই ৰাষ্ট্ৰকো একোখন সমাজ বোলা হয়।

গ্রীক দার্শনিক এৰিষ্টট’ল আৰু প্লেটোৱে ৰাষ্ট্ৰ আৰু সমাজৰ মাজত কোনো পাৰ্থক্য ৰখা নাছিল৷ তেওঁলোকৰ মতে সমাজ আৰু ৰাষ্ট্ৰ প্ৰায় একে।

সমাজত বসবাস কৰা ব্যক্তিৰ যেনেকৈ সামাজিক অনুষ্ঠান, প্ৰতিষ্ঠানৰ প্ৰতি, সামাজিক পৰম্পৰা, বিশ্বাস আদিৰ প্ৰতি আনুগত্য থাকে তেনেকৈ ৰাষ্ট্ৰৰ আইন কানুন মানি চলে গতিকে এই দিশৰ পৰা সমাজ আৰু ৰাষ্ট্ৰ নিবিড়ভাৱে সম্পর্কযুক্ত। 

আদর্শবাদী দার্শনিক হেগেলও ব্যক্তিসত্বাক গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে সকলো ব্যক্তি সমাজ বা ৰাষ্ট্ৰ সত্বাৰ ওপৰতহে গুৰুত্ব দিছিল। তেওঁৰ মতে ৰাষ্ট্ৰ বা সমাজেই সর্বেসর্বা।

ৰাষ্ট্ৰ আৰু সমাজৰ ওপৰিউক্ত সম্বন্ধ দেখা পালেও ইয়াৰ মাজত কিছুমান পার্থক্য পৰিলক্ষিত হয়। যেনে—

১। ৰাষ্ট্ৰৰ বাবে ভৌগোলিক পৰিসীমা অপৰিহাৰ্য। কিন্তু সমাজৰ কোনো ভৌগোলিক পৰিসীমা নাই ৷

২। ৰাষ্ট্ৰত জনসংখ্যা, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্বৰ প্ৰয়োজন। কিন্তু সমাজত চৰকাৰ আৰু সাৰ্বভৌমত্ব নাই।

৩। ৰাষ্ট্ৰৰ তুলনাত সমাজ অতি প্রাচীন। প্রথমে সমাজ সৃষ্টি হয় আৰু তাৰ বহু দিনৰ পাছতহে ৰাষ্ট্ৰৰ সৃষ্টি হয় ।

৪। সামাজিক গোটসমূহ স্বাধীন নহয় ৰাষ্ট্ৰৰ অধীনহে। 

৫। ৰাষ্ট্ৰৰ উদ্দেস্য বহুমুখী আৰু বিস্তৃত। কিন্তু সমাজৰ উদ্দেশ্য সীমিত। 

৬। ৰাষ্ট্ৰই বল প্ৰয়োগ কৰি কাম কৰিব পাৰে। কিন্তু সমাজে শক্তি প্রয়োগ কৰি কাম কৰিব নোৱাৰে।

৭। ৰাষ্ট্ৰ এক সু-সংগঠিত অনুষ্ঠান। কিন্তু সমাজ সু-সংগঠিত অনুষ্ঠান নহয়৷

3. ৰাষ্ট্ৰ আৰু আন সংস্থাসমূহৰ পাৰ্থক্য লিখা৷

উত্তৰঃ ৰাষ্ট্ৰ আৰু আন সংস্থাসমূহৰ মাজত থকা পার্থক্যসমূহ হ’ল—

১। সকলো সংগঠন, আনকি ৰাষ্ট্ৰও জনসাধাৰণৰ দ্বাৰা গঠিত। কিন্তু ৰাষ্ট্ৰৰ সদস্যপদ বাধ্যতামূলক আৰু সংস্থাৰ সদস্যপদ ইচ্ছাকৃত। এজন ব্যক্তি ৰাষ্ট্ৰৰ সদস্য হ’ব লাগে ৷ কোনো প্রাপ্তবয়স্ক ব্যক্তি দুখন ৰাষ্ট্ৰৰ নাগৰিক হ’ব নোৱাৰে, সি বা তাইৰ ৰাষ্ট্ৰৰ সদস্য পদ বাধ্যতামূলক। গীর্জা, ক্রিকেট ক্লাব, ৰেড ক্ৰছ ছচাইটি আদিৰ সদস্যপত ঐচ্ছিক অৰ্থৎ ই জনসাধাৰণৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। এজন ব্যক্তিয়ে সংস্থাত যোগ দিবও পাৰে নিদিবও পাৰে।

২। এজন ব্যক্তি এখন ৰাষ্ট্ৰত এবাৰ সদস্য হয়; সি বা তাই একে সময়তে দুখন ৰাষ্ট্ৰৰ সদস্য হ’ব নোৱাৰে। কিন্তু এজন ব্যক্তি একে সময়তে বিভিন্ন সংস্থাৰ সদস্য হ’ব পাৰে। একে সময়তে ক্রিকেট ক্লাব, গীৰ্জা আৰু ৰেচিডেন্স কল্যাণ সংস্থাৰ সদস্য হ’ব পাৰে।

৩। সকলো সংস্থাই নিৰ্দিষ্ট সীমাতকাম কৰে। কিন্তু ৰাষ্ট্ৰ এটা সংস্থা হিচাপে ভূ-খণ্ড নির্দিষ্ট, আন সংস্থাসমূহৰ নিৰ্দিষ্ট স্থায়ী ভূ-খণ্ড নাই। আন্তু সংস্থাসমূহকে কাম কৰিবৰ কাৰণে স্থান লাগে। কিন্তু সেই স্থান নিৰ্দিষ্ট হোৱাৰ প্ৰয়োজন নাই। সেই ঠাই আজি হয়তো সেউজীয়া পখৰা পিছৰ বছৰ নীলা পথ হ’ব পাৰে৷ ৰাষ্ট্ৰীয় পৰিসীমা কেতিয়াও সলনি নহয়, ই সৰ্বকালৰ বাবে নিৰ্দিষ্ট। বাবে সৃষ্টি হৈছে।

৪। ৰাষ্ট্ৰৰ লগতে সকলো সংস্থা নির্দিষ্ট উদ্দেশ্য সাধনৰ ৰাষ্ট্ৰৰ কাৰণে উদ্দেশ্য সদায় সামৰিক (উদাহৰণস্বৰূপে আইন শৃংখলা পৰিচালনা আন সংস্থাসমূহৰ কাৰণে উদ্দেশ্য সাধাৰণতে নির্দিষ্ট, বিশেষ। ক্রিকেট সংস্থা এক নিৰ্দিষ্ট লক্ষ্য ক্রিকেট খেলাৰ কাৰণে গটন কৰা হয়। আমি ক’ব পাৰো যে ৰাষ্ট্ৰৰ কৰ্মৰ পৰিধি সদায় বিস্তৃত আনহাতে আন সংস্থাসমূহৰ কাৰ্যপৰিধি সীমিত।

৫। ৰাষ্ট্ৰ বৈশিষ্ট্য জাতীয়। আন সংস্থাসমূহৰ বৈশিষ্ট স্থানীয়, প্রাদেশিক, ৰাষ্ট্ৰীয় আনকি আন্তঃৰাষ্ট্ৰীয় (উদাহৰণ স্বৰূপে,ভাৰতীয় জাতীয় কংগ্ৰেছৰ বৈশিষ্ট্য ৰাষ্ট্ৰীয়) ৰেছিডেণ্ট ওৱেলফাৰ সংস্থা হৈছে স্থানীয় প্ৰকৃতিৰ ৷

৬। আন সংস্থাবোৰ ৰাষ্ট্ৰতকৈ বেলেগ কাৰণ ৰাষ্ট্ৰ স্বাধীন সংস্থাবোৰ স্বাধীন নহয়৷ সংস্থাবোৰ নিজৰ ক্ষেত্ৰত স্বাধীন হ’লেও ৰাষ্ট্ৰৰ নীতি-নিয়মৰ আধাৰতহে কাৰ্য পৰিচালনা কৰিব লাগে ৷ ৰাষ্ট্ৰ সাৰ্বভৌম কাৰণ ই সকলো সংস্থা বা ৰাজ্যৰ ওপৰত চৰম।

৭। ৰাষ্ট্ৰৰ আইন ভংগ কৰাজনক শাস্তি হিচাপে কাৰাবন্দী কৰা হয়। কোনো সংগঠনে ইয়াৰ সদস্যক দৈহিকভাৱে শাস্তি প্রদান কৰিব নোৱাৰে। তেওঁলোকে তেনে সদস্যক বহিষ্কাৰ বা হেঁচা প্ৰয়োগৰ বাহিৰে একে কৰিব নোৱাৰে।

4. ৰাষ্ট্ৰ আৰু চৰকাৰৰ পাৰ্থক্য লিখা।

উত্তৰঃ ৰাষ্ট্ৰ আৰু চৰকাৰৰ মাজত থকা পার্থক্যসমূহ হ’ল—

১। ৰাষ্ট্ৰৰ কৰ্তৃত্বই নিজে জন্মগত য’ত চৰকাৰৰ জন্মগত ক্ষমতা নাই। চৰকাৰে ইয়াৰ গাঁঠনি, কৰ্তৃত্ব আৰু ক্ষমতা ৰাষ্ট্ৰৰ সংবিধানৰ জৰিয়তে পায়।

২। ৰাষ্ট্ৰ হৈছে বিশাল সত্তা যিয়ে সকলো নাগৰিকক সামৰি লয়; চৰকাৰখন তুলনামূলকভাৱে সৰু গোট যি কাৰ্য পৰিচালনা কৰা লোকসকলক সামলি ৰয়। 

৩। ৰাষ্ট্ৰৰ ধাৰণা সম্পূৰ্ণ বিমূর্ত। চৰকাৰ ৰাষ্ট্ৰৰ সত্য ধাৰণা। আমি চৰকাৰখন নিৰীক্ষণ কৰো কিন্তু ৰাষ্ট্ৰখন নহয় ৷

৪। ৰাষ্ট্ৰ এখন স্থায়ী অনুষ্ঠান, কাৰণ আনৰ দ্বাৰা আক্ৰমণ বা আন ৰাষ্ট্ৰৰ অংশ নোহোৱালৈকে ইয়াৰ মৃত্যু নঘটে। চৰকাৰ পৰিৱৰ্তনশীল, কাৰণ আজিৰ শাসকজন কাইলৈ শাসক নহ’বও পাৰে। আন অৰ্থত ৰাষ্ট্ৰ সকলো ক্ষেত্ৰতে সমানে বিদ্যমান য’ত, ৰাষ্ট্র বিশেষে চৰকাৰ বেলেগ বেলেগ হ’ব পাৰে৷

৫। সাৰ্বভৌম ক্ষমতা ৰাষ্ট্ৰৰ লগত থাকে”ৰাষ্ট্ৰ হৈছে সাৰ্বভৌম। চৰকাৰে একমাত্র ক্ষমতা প্রয়োগ কৰে। চৰকাৰৰ ক্ষমতাসমূহ ব্যুৎপত্তিগতভাৱে প্ৰদান কৰা হয়; ৰাষ্ট্ৰৰ ক্ষমতা প্রকৃত আৰু মৌলিক।

৬। চৰকাৰৰ বিৰোধীপক্ষক ৰাষ্ট্ৰৰ বিৰোধীপক্ষৰ পৰা বেলেগ। আমি চৰকাৰক সমালোচনা কৰো; আমি ৰাষ্ট্ৰক নিন্দা কৰিব নোৱাৰো। ৰাষ্ট্ৰৰ সমালোচনা কৰাটোৱে আন্দোলনক বুজায়; চৰকাৰক সমালোচনা কৰাচোৱে আন্দোলনক নুবুজায়।

৭। চৰকাৰ ৰাষ্ট্ৰৰ এটা উপাদানহে মাথোন। সেই অনুসৰি ই ৰাষ্ট্ৰৰ এটা অংশ। ই সমূহৰ (ৰাষ্ট্ৰৰ) এটা অংশ। এটা অংশ হিচাপে, চৰকাৰখন সমূৰতকৈ ডাঙৰ নহয় ৷ যেতিয়া আমি ৰাষ্ট্ৰৰ কথা কওঁ, আমি কওঁ, আমি এটা অংশ, ৰাষ্ট্ৰৰ এটা উপাদান বুলি কওঁ।

৮। ৰাষ্ট্ৰীয় ভূ-খণ্ড নিৰ্দিষ্ট। ই অপৰিৱৰ্তনীয়। ইয়াৰ সীমাবোৰ য’ত থাকিব লাগে তাত থাকে ৷ চৰকাৰৰ সীমা কেতিয়াও স্থায়ী নহয়। মহ 

5. ৰাষ্ট্ৰ আৰু জাতিৰ পাৰ্থক্য লিখা।

উত্তৰঃ জাতি আৰু ৰাষ্ট্ৰ একে নহয় ৷ দুয়োৰে উপাদানৰ প্ৰয়োজন ৷

প্ৰথমতে, ৰাষ্ট্ৰ গঠনৰ বাবে চাৰিটা উপাদনৰ প্ৰয়োজন। যেনে— জনসংখ্যা, নিৰ্দিষ্ট ভূ-খণ্ড, চৰকাৰ আৰু সাৰ্বভৌমত্ব। এই চাৰিটা উপাদান লগলাগি ৰাষ্ট্ৰৰ সৃষ্টি হয়। আনহাতে জাতি গঠনৰ বাবে কোনো উপাদানৰ প্ৰয়োজন নাই। জাতি এক মনস্তাত্বিক ধাৰণা। এক মানসিক আৰু আবেগিক একতাৰ ডোলেৰে একে শাসনৰ অধীনত বাস কৰি থকা জনসমষ্টিকে জাতি বুলি ক’ব পাৰি।

দ্বিতীয়তে, ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আছে। কিন্তু জাতিৰ সাৰ্বভৌমত্ব নাথাকে সার্বভৌমত্ব অবিহনে ৰাষ্ট্ৰ গঠন কৰিব নোৱাৰি।

তৃতীয়তে, ৰাষ্ট্ৰৰ নিৰ্দিষ্ট ভূ-খণ্ড থাকে। কিন্তু এটা নিৰ্দিষ্ট ভূ-খণ্ডত আৱদ্ধ নাথাকে ৷ জাতিৰ পৰিসৰ ৰাষ্ট্ৰতকৈ ব্যাপক।

চতুৰ্থতে, ৰাষ্ট্ৰ এক বস্তুনিষ্ঠ কিন্তু জাতিৰ এক সাংস্কৃতিক আৰু সামাজিক ধাৰণা। ইয়াৰ কোনো বিধিগত সত্বা নাই ৷

ৰাষ্ট্ৰ আৰু জাতিৰ মাজত এইবোৰ প্ৰভেদ থাকিলেও, দুয়োৰে মাজত নিবিড় সম্পর্ক আছে। এটা জাতিয়ে ৰাজনৈতিক ভাৱে সংগঠিত হৈ সার্বভৌম ক্ষমতা আহৰণ কৰিলে ৰাষ্ট্ৰত পৰিণত হয়। গতিকে এটা জাতিয়ে এখন, ৰাষ্ট্ৰ গঠন কৰাৰ লগে লগে দুয়োৰে মাজত পাৰ্থক্য নোহোৱা হৈ পৰে।

Leave a Reply

error: Content is protected !!
Scroll to Top
adplus-dvertising