SEBA Class 7 Social Science Important Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
মোগল ৰাজত্ব কালত ভাৰতবৰ্ষ
Chapter: 16
| ইতিহাস খণ্ড: আমাৰ অতীত আৰু ঐতিহ্য |
| IMPORTANT QUESTION AND ANSWER |
১। ভাৰতবৰ্ষৰ কেইটামান ঐতিহ্যৰ নাম লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ কেইটামান ঐতিহ্যৰ নাম হ’ল- ফটেহপুৰ চিক্ৰী, বুলন্দদৰৱাজা, হুমায়ুনৰ সমাধি, আৰ্গা ফোৰ্ট, মতি মছজিদ, দেৱানই আম, খাচমহল ইত্যাদি।
২। মোগলসকলে ভাৰতত কিমান সময় শাসন কৰিছিল?
উত্তৰঃ মোগলসকলে ভাৰতত ১৫২৬ খ্ৰীঃৰ পৰা ১৮৫৭ খ্ৰীঃ লৈকে শাসন কৰিছিল।
৩। প্ৰকৃততে ভাৰতত মোগলসকলে কিমান বছৰ শাসন কৰিছিল?
উত্তৰঃ প্ৰকৃততে ভাৰতত মোগলসকলে প্ৰায় ১৮১ বছৰ শাসন কৰিছিল।
৪। বাবৰৰ সিংহাসন আৰোহণৰ পৰা শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহলৈ হিচাপ কৰিলে মোগলসকলে কিমান বছৰ ভাৰতত শাসন চলাইছিল?
উত্তৰঃ বাবৰৰ সিংহাসন আৰোহণৰ পৰা শেষ মোগল সম্ৰাট দ্বিতীয় বাহাদুৰ শ্বাহলৈ হিচাপ কৰিলে মোগলসকলে প্ৰায় ৩৩০ বছৰ ভাৰতত শাসন চলাইছিল।
৫। ভাৰতলৈ অহাৰ পূৰ্বে বাবৰে ক’ত সাম্ৰাজ্য স্থাপন কৰিছিল?
উত্তৰঃ ভাৰতলৈ অহাৰ পূৰ্বে বাবৰে কাবুলত সাম্ৰাজ্য স্থাপন কৰিছিল।
৬। খানুৱাৰ ৰণ কিমান চনত হৈছিল?
উত্তৰঃ খানুৱাৰ ৰণ ১৫২৯ খ্ৰীঃত হৈছিল।
৭। চৌচাৰ যুদ্ধ কিমান চনত হৈছিল?
উত্তৰঃ চৌচাৰ যুদ্ধ ১৫৩৯ খ্ৰীঃত হৈছিল।
৮। খানুৱাৰ ৰণ কাৰ মাজত হৈছিল?
উত্তৰঃ হৈছিল বাবৰ আৰু ৰাণ সংগ্ৰাম সিংহৰ মাজত হৈছিল।
৯। কোনে দিল্লীত শূৰ বংশ প্ৰতিষ্ঠা কৰিছিল?
উত্তৰঃ শেৰছাহে দিল্লীত শূৰ বংশ প্ৰতিষ্ঠা কৰিছিল।
১০। শেৰছাহৰ কেতিয়া জন্ম হৈছিল?
উত্তৰঃ দিল্লীত শূৰ বংশ প্ৰতিষ্ঠা কৰিছিল ১৪৭২ খ্ৰীঃত জন্ম হৈছিল।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা আৰু বাবৰৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰঃ মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা ১৫২৬ চনত পাণিপথৰ প্ৰথম যুদ্ধত বাবৰে লোডী বংশৰ ইব্ৰাহিম লোডীক পৰাস্ত কৰিছিল। বাবৰৰ এই জয়ই মোগল সাম্ৰাজ্যৰ আৰম্ভণি ঘটে। বাবৰ আৰু তেওঁৰ পৰৱৰ্তী সম্ৰাটসকলে ভাৰতত মোগল শাসনৰ ভিত্তি স্থাপন কৰিছিল। আকবৰ, জাহাংগীৰ, ছাহজাহান আৰু ঔৰংগজেৱৰ নেতৃত্বত মোগল সাম্ৰাজ্য সুদৃঢ় আৰু বিস্তৃত হৈছিল।
২। মোগল শাসনৰ শাসনব্যৱস্থা আৰু প্রশাসনিক সংগঠন বৰ্ণনা কৰা।
উত্তৰঃ মোগল শাসনব্যৱস্থা আৰবীয়, পাৰ্চী আৰু স্থানীয় ভাৰতীয় শাসন ব্যৱস্থাৰ সংমিশ্ৰণ আছিল। কেন্দ্ৰীয় আৰু প্ৰাদেশিক শাসনত সু-শৃঙ্খল ব্যৱস্থা আছিল। সম্ৰাটৰ অধীনত মন্ত্রীসভা, প্ৰদেশ শাসকসকল (চুবেদাৰ, দিৱান, ফৌজদাৰ) আছিল। বিচাৰ ব্যৱস্থা কেন্দ্ৰীয়ভাৱে চলিছিল। ভূমি নীতিৰ ক্ষেত্ৰত মাটি ৰজাৰ সম্পত্তি আছিল, আৰু আকবৰে কৃষকৰ বাবে সহজ কিস্তিত ঋণৰ ব্যৱস্থা কৰিছিল।
৩। মোগল সাম্ৰাজ্যত মনচবদাৰী প্ৰথাৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰঃ মনচবদাৰী প্ৰথা মোগল সাম্ৰাজ্যৰ সামৰিক আৰু প্ৰশাসনিক সংস্থা আছিল, য’ত সৈন্য-সামন্ত, বিভিন্ন জাতিৰ লোক মনচবদাৰ হিচাপে নিযুক্ত আছিল। এই প্ৰথাৰ দ্বাৰা সামৰিক বাহিনী শক্তিশালী কৰা হৈছিল আৰু মনচবদাৰৰ পদোন্নতি আৰু পৰিশ্ৰম সম্ৰাটৰ ইচ্ছা অনুসৰি হৈছিল।
৪। ঔৰংগজেৱৰ শাসন আৰু তেওঁৰ মৃত্যুৰ পাছত মোগল সাম্ৰাজ্যৰ অৱনতিৰ বিষয়ে লিখা।
উত্তৰঃ ঔৰংগজেৱৰ শাসনকালত মোগল সাম্ৰাজ্য সৰ্বাধিক বিস্তৃত হৈছিল। কিন্তু ১৭০৭ চনত তেওঁৰ মৃত্যুৰ পাছত মোগল সাম্ৰাজ্যৰ অৱনতি আৰম্ভ হয়। স্থানীয় শক্তিসমূহ অধিক শক্তিশালী হৈ উঠিছিল, যাৰ ফলত মোগল সাম্ৰাজ্যৰ শাসন শেষৰ দিশে আগবাঢ়ে।
৫। মোগল শাসনৰ অধীনত ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু আৰ্থিক পৰিৱৰ্তনৰ বিষয়ে লিখা।
উত্তৰঃ মোগল শাসনৰ অধীনত ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু আৰ্থিক পৰিৱৰ্তন যথেষ্ট আছিল। মোগল সম্ৰাটসকলে ভাৰতীয় শিল্প, সাহিত্য, আৰু স্থাপত্যক উৎকৰ্ষিত কৰিছিল। ঔৰংগজেৱৰ সময়ত মোগল সাম্ৰাজ্যৰ শক্তি বৃদ্ধি পাইছিল। আকবৰ আৰু ছাহজাহানে ধৰ্মনিরপেক্ষতা আৰু শিল্পৰ বিকাশৰ বাবে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

