SEBA Class 7 Social Science Important Chapter 15 দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্ৰীঃ) Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 15 দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্ৰীঃ) Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 15 দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্ৰীঃ)
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
দিল্লীৰ চুলতানী যুগ (১২০৬-১৫২৬ খ্ৰীঃ)
Chapter: 15
| ইতিহাস খণ্ড: আমাৰ অতীত আৰু ঐতিহ্য |
| IMPORTANT QUESTION AND ANSWER |
১। চুলতানী যুগ বুলিলে কোনছোৱা সময়ক বুজায়?
উত্তৰঃ চুলতানী যুগ বুলিলে ১২০৬ খ্ৰীঃৰ পৰা ১৫২৬ খ্ৰীঃলৈ বুজায়।
২। কুতুবুদ্দিন আইবাকৰ সেনাপতি কোন আছিল?
উত্তৰঃ কুতুবুদ্দিন আইবাকৰ সেনাপতি মহম্মদ ইবন-বখ্তিয়াৰ আছিল।
৩। দাস বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ দাস বংশৰ শ্ৰেষ্ঠ ৰজা ইলটুতমিছ আছিল।
৪। কুতুবমিনাৰ নিৰ্মাণ কাৰ্য কোনে আৰম্ভ কৰিছিল?
উত্তৰঃ কুতুবমিনাৰ নিৰ্মাণ কাৰ্য কুতুবদ্দিন আইবাকে আৰম্ভ কৰিছিল।
৫। কুতুবমিনাৰ নিৰ্মাণ কাৰ্য কোনে শেষ কৰে?
উত্তৰঃ কুতুবমিনাৰ নিৰ্মাণ কাৰ্য গিয়াছুদ্দিন বলবনে শেষ কৰে।
৬। দাস বংশৰ শেষ ৰজা কোন আছিল?
উত্তৰঃ দাস বংশৰ শেষ ৰজা গিয়াছুদ্দিন বলবন আছিল।
৭। কোনজন চুলতানৰ ৰাজত্ব কালত মৰ্কপ’লোৱা ভাৰত ক্ৰমণ কৰিছিল?
উত্তৰঃ গিয়াছুদ্দিন বলবনৰ ৰাজত্ব কালত মৰ্কপ’লোৱা ভাৰত ক্ৰমণ কৰিছিল।
৮। খিলিজ বংশৰ প্ৰথম চুলতান কোন আছিল?
উত্তৰঃ খিলিজ বংশৰ প্ৰথম চুলতান জলালদ্দিন ফিৰোজশ্বাহ খিলিজি আছিল।
৯। খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতান কোন আছিল?
উত্তৰঃ খিলিজি বংশৰ শ্ৰেষ্ঠ চুলতান আলাউদ্দিন খিলজি আছিল।
১০। টোগলক বংশৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ টোগলক বংশৰ প্ৰতিষ্ঠাতা হ’ল- গিয়াছুদ্দিন টোগলক।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ ইতিহাসৰ শুৰু আৰু বংশসমূহৰ বিকাশ বৰ্ণনা কৰা।
উত্তৰঃ দিল্লীৰ চুলতানী সাম্ৰাজ্য (১২০৬-১৫২৬) ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ অধ্যায়।
এই সময়ছোৱাত পাঁচটা চুলতানী বংশ শাসন কৰিছিল-
(ক) দাস বংশ: কুতুবুদ্দিন আইবাক প্ৰতিষ্ঠা কৰিছিল।
(খ) খিলিজি বংশ: শ্ৰেষ্ঠ শাসক আলাউদ্দিন খিলিজি আছিল।
(গ) টোগলক বংশ: মহম্মদ বিন টোগলকে ৰাজধানী স্থানান্তৰ কৰিছিল।
(ঘ) ছৈয়দ বংশ: সামান্য ৰাজনৈতিক শক্তি বজাই ৰাখিছিল।
(ঙ) লোডী বংশ: সাম্ৰাজ্যৰ অন্তিম কালত শাসন কৰিছিল।
এই বংশসমূহে দিল্লীৰ চুলতানী সাম্ৰাজ্য গঢ়ি তুলিছিল।
২। দাস বংশৰ শাসনৰ বিষয়ে বৰ্ণনা কৰা।
উত্তৰঃ দাস বংশৰ প্ৰতিষ্ঠাতা কুতুবুদ্দিন আইবাক আছিল। কুতুবুদ্দিন আইবাকই দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ বিস্তাৰ আৰম্ভ কৰে আৰু কুতুব মিনাৰ নিৰ্মাণ কৰে। এই বংশই শাসনত সৈনিক আৰু দাসৰ প্ৰাধান্য দিছিল আৰু প্ৰশাসনিক ব্যৱস্থাও সু-সংগঠিত আছিল।
৩। খিলিজি বংশৰ শ্ৰেষ্ঠ শাসক আৰু তেওঁৰ অবদানৰ বিষয়ে লিখা।
উত্তৰঃ খিলিজি বংশৰ শ্ৰেষ্ঠ শাসক আলাউদ্দিন খিলিজি আছিল। তেওঁৰ শাসনকালত দক্ষিণ ভাৰত জয় কৰা হয় আৰু সোণৰ মুদ্ৰা প্ৰচলন কৰা হয়। তেওঁৰ শাসনত বাণিজ্যিক নিয়ন্ত্ৰণ, মূল্য নিৰ্ধাৰণ আৰু কঠোৰ শাস্তি ব্যৱস্থা আৰম্ভ কৰা হৈছিল।
৪। টোগলক বংশৰ শাসনকালৰ বৈশিষ্ট্য কি আছিল?
উত্তৰঃ টোগলক বংশৰ শাসক মহম্মদ বিন টোগলকে দিল্লীৰ ৰাজধানী স্থানান্তৰ কৰে দৌলতাবাদলৈ। যদিও তেওঁৰ এই পদক্ষেপ সফল নহ’ল, কিন্তু কঠোৰ শাসন আৰু ৰাজনৈতিক পৰিকল্পনাৰ বাবে টোগলক বংশৰ শাসনকালত ভাৰতৰ ৰাজনৈতিক পৰিস্থিতিত পৰিৱৰ্তন সংঘটিত হৈছিল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

