SEBA Class 7 Social Science Important Chapter 1 ভূ-পৃষ্ঠত সময় গণনা Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 7 Social Science Important Chapter 1 ভূ-পৃষ্ঠত সময় গণনা Solutions in Assamese and select need one. SEBA Class 7 Social Science Additional Solutions Download PDF. SEBA Class 7 Social Science Important Solutions Assamese Medium.
SEBA Class 7 Social Science Important Chapter 1 ভূ-পৃষ্ঠত সময় গণনা
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 7 Social Science Important Notes in Assamese are part of All Subject Solutions. Here we have given SCERT Assamese Medium Class 7 Social Science Important Notes for All Chapters, You can practice these here.
ভূ-পৃষ্ঠত সময় গণনা
Chapter: 1
| ভূগোল খণ্ড: আমাৰ পৃথিৱী |
| IMPORTANT QUESTION AND ANSWER |
১। অক্ষৰেখাৰ মান বা জোখক কি বোলে?
উত্তৰঃ অক্ষৰেখাৰ মান বা জোখক অক্ষাংশ বোলে।
২। অক্ষাংশ কাক বোলে?
উত্তৰঃ কোনো এখন টায়ে বিষুৰেকাৰ লগত পৃথিৱীৰ কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বা জোখকেই সেই ঠাইখনৰ অকাংশ বোলে।
৩। দ্ৰাঘিমাংশ কাক বোলে?
উত্তৰঃ বিষুৱৰ ওপৰত প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পৰা যিকোনো স্থানৰ দুৰত্বকে ঠাইখনৰ দ্ৰাঘিমাংশ বোলে।
৪। মান দ্ৰাঘিমাৰেখা কাক বোলে?
উত্তৰঃ মান সময় গণনা কৰা দ্ৰাঘিমাৰেখা ডালক মান দ্ৰাঘিমাৰেখা বোলে।
৫। প্ৰাথমিক দ্ৰাঘিমা বা মুখ্য দ্ৰাঘিমাৰেখা কাক বোলে?
উত্তৰঃ দ্ৰাঘিমাংশ নিৰ্ণয়ৰ বাবে গ্ৰিনিজ মান মন্দিৰৰ ওপৰেৰে কল্পনা কৰা দ্ৰাঘিমাৰেখা ডালাক আধাৰ হিচাপে ধৰি লোৱা হৈছে। এই ৰেখাডালক প্ৰাথমিক বা মুখ্য দ্ৰাঘিমাৰেখা হিছাপে নামকৰণ কৰা নহয়।
৬। ১৮০° দ্ৰাঘিমা ৰেখাডালক পূব অথবা পশ্চিম দ্ৰগিমা ৰেখা হিচাপে নামকৰণ কৰা নহয় কিয়?
উত্তৰঃ পূব আৰু পশ্চিম উভয় দিশেৰে গগনা কৰিলেও ১৮০° দ্ৰাঘিমা ৰেখা প্ৰকৃততে একেডাল ৰেখাই। সেইবাবে ১৮০° দ্ৰাঘিমাৰেখাডালক পূব অথবা পশ্চিম দ্ৰাঘিমাৰেখা হিচাপে নামকৰণ কৰা হয়।
৭। এক ঘণ্টাত এডাল ড্ৰাঘিমাই কিমান ডিগ্ৰী অতিক্ৰম কৰে?
উত্তৰঃ এক ঘণ্টাত এডাল ড্ৰাঘিমাই ১৫° অতিক্ৰম কৰে।
৮। ১° দুৰত্ব সময়ৰ পাৰ্থক্য কিমান?
উত্তৰঃ ১° দুৰত্ব সময়ৰ পাৰ্থক্য ৪ মিনিট।
৯। গ্ৰিনিজ মান সময় কাক বোলে?
উত্তৰঃ প্ৰাথমিক দ্ৰাঘিমাৰেখাডালৰ স্থানীয় সময়ক গ্রিনিজ মান সময় বোলে।
১০। ভাৰতৰ মান দ্ৰাঘিমাৰেখাডাল কোনখন চহৰৰ ওচৰৰে পাৰ হৈ গৈছে?
উত্তৰঃ ভাৰতৰ মান দ্ৰাঘিমাৰেখাডাল এলাহাবাদ চহৰৰ ওচৰৰে পাৰ হৈ গৈছে।
দীঘলীয়া প্ৰশ্ন উত্তৰ:
১। অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাজত পাৰ্থক্য কি? উদাহৰণসহ ব্যাখ্যা কৰা।
উত্তৰঃ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ মাজত পাৰ্থক্যসমূহ হ’ল-
| অক্ষাংশ | দ্ৰাঘিমাংশ |
| অক্ষাংশ (Latitude) হৈছে বিষুৱৰেখাৰ পৰা উত্তৰ বা দক্ষিণে থকা কৌণিক দূৰত্ব। | দ্ৰাঘিমাংশ (Longitude) হৈছে গ্ৰীনিজ মান মন্দিৰৰ পৰা পূব বা পশ্চিমে থকা কৌণিক দূৰত্ব। |
| এইবোৰ সমান্তৰাল ৰেখা, যাক ০° (বিষুৱ) পৰা ৯০°N বা ৯০°S লৈ গণনা কৰা হয়। | এইবোৰ মেৰু-সংযুক্ত ৰেখা, যাক ০° (গ্ৰীনিজ) পৰা ১৮০° পূব বা পশ্চিমলৈ গণনা কৰা হয়। |
| উদাহৰণস্বৰূপে, দিল্লীৰ অক্ষাংশ ২৮.৬১৩৯° N | দ্ৰাঘিমাংশ ৭৭.২০৯০° E |
| অক্ষাংশই উত্তৰ-দক্ষিণ স্থান নিৰ্ধাৰণ কৰে। | দ্ৰাঘিমাংশই পূব-পশ্চিম স্থান নিৰ্ধাৰণ কৰে। |
২। স্থানীয় সময় আৰু মান সময়ৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰঃ স্থানীয় সময় আৰু মান সময়ৰ মাজৰ পাৰ্থক্যসমূহ হ’ল-
| স্থানীয় সময় | মান সময় |
| স্থানীয় সময় হৈছে কোনো ঠাইত সূৰ্যৰ অৱস্থান (বিশেষকৈ সূৰ্য মধ্যাহ্নত থকা অৱস্থা) অনুসৰি নিৰ্ধাৰিত সময়। | মান সময় হৈছে এখন দেশৰ নিৰ্দিষ্ট একোটা দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়, যাক সমগ্ৰ দেশৰ বাবে গ্ৰহণ কৰা হয়। |
| এই সময় অঞ্চলভেদে ভিন্ন হয়। | ভাৰতত ৮২°৩০′ পূব দ্ৰাঘিমাৰেখাৰ স্থানীয় সময়ক ভাৰতীয় মান সময় (IST) হিচাপে গ্ৰহণ কৰা হৈছে। |
| স্থানীয় সময় অঞ্চলভেদে সলনি হয়। | কিন্তু মান সময় সমগ্ৰ দেশৰ বাবে একে থাকে। |
৩। গ্রীনিজ মান সময় (GMT) আৰু ইয়াৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰা।
উত্তৰঃ গ্ৰীনিজ মান সময় (GMT) হৈছে ০° দ্রাঘিমাৰেখা (গ্ৰীনিজ, ইংলেণ্ড) ৰ ওপৰত অৱস্থিত স্থানৰ স্থানীয় সময়। ই বিশ্ব মান সময় হিচাপে ব্যৱহৃত হয়।
প্ৰয়োজনীয়তা:
(ক) ই পৃথিৱীৰ সকলো স্থানৰ স্থানীয় সময় গণনাৰ মূল আধাৰ।
(খ) বিমান আৰু জাহাজ চলাচল, আন্তঃৰাষ্ট্ৰীয় যোগাযোগ, বিজ্ঞান, আৰু প্রযুক্তিৰ ক্ষেত্ৰত একে সময় ব্যৱস্থা প্ৰয়োজন।
(গ) এই মান সময়ৰ সহায়ত পূব আৰু পশ্চিম দিশৰ স্থানসমূহৰ স্থানীয় সময় সঠিকভাৱে নিৰ্ধাৰণ কৰিব পাৰি।
(ঘ) উদাহৰণঃ যদি ৩০° পূবত কোনো স্থান থাকে, তেন্তে GMTতকৈ তাৰ স্থানীয় সময় ২ ঘণ্টা আগ বাঢ়ে (৩০ × ৪ মিনিট = ১২০ মিনিট = ২ ঘণ্টা)।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


