SEBA Class 10 Assamese Important Chapter 15 বিষাদ যোগ Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 15 বিষাদ যোগ Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.
SEBA Class 10 Assamese Important Chapter 15 বিষাদ যোগ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.
বিষাদ যোগ
Chapter: 15
| IMPORTANT QUESTION AND ANSWER |
১। জনাৰ্দ্দন কাক বোলে?
উত্তৰঃ দুষ্টজনক অৰ্দন বা পীড়ন কৰে কাৰণে কৃষ্ণ বা বিষ্ণুক জনাৰ্দ্দন বোলে।
২। অগ্ৰগণী মানে কি?
উত্তৰঃ অগ্ৰগণী মানে হ’ল- প্ৰধান বা মুখ্য।
৩। মহাৰথী কাক বোলে?
উত্তৰঃ যিজন যোদ্ধাই একেলগে দহ হাজাৰ ধানুকী অৰ্থাৎ ধনুৰ্দ্ধৰ বীৰ লৈ যুদ্ধ কৰে তেওঁকেই মহাৰথী বোলে।
৪। ভট্টদেৱৰ সম্পূৰ্ণ নাম কি আছিল?
উত্তৰঃ ভট্টদেৱৰ সম্পূৰ্ণ নাম হ’ল বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য।
৫। কুলক্ষয় দোষক কিয় মহাপাপ বােলা হৈছে, আলােচনা কৰা ৷
উত্তৰঃ কুলক্ষয় হ’লে কুলধর্ম নষ্ট হয়, ধর্ম নষ্ট হ’লে অৱশিষ্ট কুলতাে অধর্ম বিয়পে। অধর্ম বিয়পিলে কুলস্ত্ৰীসকল দুষ্টা হ’ব। স্ত্রী দুষ্টা হ’লে বর্ণসংকৰ হ’ব, কুল নৰকগতি হ’ব, তেতিয়া পিতৃসকল লুপ্তপিণ্ড জ্বলাঞ্জলিহীন হৈ পৰিব। এই কথা শ্ৰুতিত আছে। ৰাজ্যসুখ লােভত স্বজন বধ কৰাৰ দৰে মহাপাপ আচৰণ কৰিবলৈ আগবঢ়া বুলি মনলৈ অহাত তেওঁ অস্ত্র নধৰাে বুলি অংগীকাৰ কৰে।
খালী ঠাই পূৰ কৰা-
১। বিষাদ যোগ পাঠটি _____________ ৰ পৰা তুলি অনা হৈছে।
উত্তৰঃ বিষাদ যোগ পাঠটি কথাগীতাৰ পৰা তুলি অনা হৈছে।
২। কৌৰৱ-পাণ্ডৱৰ যুদ্ধ হৈছিল _____________ নামৰ ভূমিত।
উত্তৰঃ কৌৰৱ-পাণ্ডৱৰ যুদ্ধ হৈছিল কুৰুক্ষেত্ৰ নামৰ ভূমিত।
৩। শ্রীভট্টদেৱে ____________ শৰণ লৈছিল।
উত্তৰঃ শ্রীভট্টদেৱে শ্রীদামোদৰদেৱত শৰণ লৈছিল।
৪। ভট্টদেৱৰ সম্পূর্ণ নাম _____________ ।
উত্তৰঃ ভট্টদেৱৰ সম্পূর্ণ নাম বৈকুণ্ঠনাথ ভাগৱত ভট্টাচার্য্য।
৫। _____________ নামৰ মহাশঙ্খ যুধিষ্ঠিৰে বজাইছিল।
উত্তৰঃ অনন্ত নামৰ মহাশঙ্খ যুধিষ্ঠিৰে বজাইছিল।
সত্য/ অসত্য-
১। শ্রীভট্টদেৱক অসমীয়া গদ্যৰ জন্মদাতা বুলি জনা যায়।
উত্তৰঃ সত্য।
২। অর্জুনে যুদ্ধত কৌৰৱৰ পক্ষে যুজিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল।
উত্তৰঃ অসত্য।
৩। অর্জুনে যুদ্ধ আৰম্ভ হোৱাৰ আগতে ধনু-শৰ পেলাই দিছিল।
উত্তৰঃ সত্য।
৪। ভট্টদেৱে কেৱল সংস্কৃত ভাষাত গ্ৰন্থ ৰচনা কৰিছিল।
উত্তৰঃ অসত্য।
৫। ‘বিষাদ যোগ’ পাঠটি ভাগৱত পুৰাণৰ পৰা উদ্ধৃত।
উত্তৰঃ অসত্য।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.

