⚡ Durga Puja Special Offer Class 10 & 12 All-in-One Bundles (6 Subjects @ ₹299 ₹599)
Ends: 08: 45: 20

SEBA Class 10 Assamese Important Chapter 14 ধৰ ঝাডু ধৰ ভাই

SEBA Class 10 Assamese Important Chapter 14 ধৰ ঝাডু ধৰ ভাই Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.

SEBA Class 10 Assamese Important Chapter 14 ধৰ ঝাডু ধৰ ভাই

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.

Chapter: 14

IMPORTANT QUESTION AND ANSWER

১। অম্বিকাগিৰী ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ আখ্যা দিয়া হৈছিল।

২। ধৰ ঝাডু ধৰ ভাই কবিতাটিৰ কবি কোন?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী।

৩। কোন চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল?

উত্তৰঃ ১৯৫০ চনত অম্বিকাগিৰী ৰায়চৌধুৰীয়ে অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত সভাপতিত্ব কৰিছিল।

৪। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কিমান চনত গুৱাহাটীলৈ আহে?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ১৮৯৯ চনত গুৱাহাটীলৈ আহে।

৫। অম্বিকাগিৰী ৰায়চৌধুৰী গুৱাহাটীলৈ অহাৰ পিছত কোনখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে?

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী গুৱাহাটীলৈ অহাৰ পিছত সোণাৰাম

হাইস্কুলত ইংৰাজী শিক্ষা গ্ৰহণ কৰে।

খালী ঠাই পূৰ কৰা-

১। অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম _____________।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ পিতৃৰ নাম কৃষ্ণৰাম ৰায়চৌধুৰী আৰু মাতৃৰ নাম দেৱকী দেৱী।

২। যুগৰ ভূহুঁৰ শব্দৰ অৰ্থ হ’ল _______________।

উত্তৰঃ যুগৰ ভূহুঁৰ শব্দৰ অৰ্থ হ’ল বহুদিন ধৰি গোট খাই থকা জাবৰ-জোঁথৰ।

৩। অম্বিকাগিৰী ৰায়চৌধুৰী _______________ আলোচনীৰ সম্পাদক আছিল।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী চেতনা আলোচনীৰ সম্পাদক আছিল।

৪। অম্বিকাগিৰী ৰায়চৌধুৰীক _____________ বুলি জনা যায়।

উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক অসম কেশৰী বুলি জনা যায়।

৫। কবিয়ে জাতিৰ ______________ দূৰ কৰিবলৈ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাৰ মাধ্যমত আহ্বান জনাইছে।

উত্তৰঃ কবিয়ে জাতিৰ ভেদাভেদ, হিংসা-বিদ্বেষ, ঘৃণা দূৰ কৰিবলৈ ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাৰ মাধ্যমে আহ্বান জনাইছে।

সত্য/অসত্য-

১। “ধৰ ঝাড়ু ধৰ ভাই” কবিতাটো অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কাৰাবাসত থাকোঁতে ৰচনা কৰিছিল।

উত্তৰঃ সত্য।

২। কবিতাটোত সামাজিক একতা আৰু আত্ম-শুদ্ধিৰ আহ্বান জনোৱা হৈছে।

উত্তৰঃ সত্য।

৩। অম্বিকাগিৰী ৰায়চৌধুৰী অসমীয়া সাহিত্যৰ মাত্ৰ গদ্য লেখক আছিল।

উত্তৰঃ অসত্য।

৪। অম্বিকাগিৰী ৰায়চৌধুৰী ‘চেতনা’ নামৰ আলোচনীখনৰ সম্পাদক আছিল।

উত্তৰঃ সত্য

৫। ‘ধৰ ঝাড়ু ধৰ ভাই’ কবিতাৰ মূল উদ্দেশ্য আছিল পৰিস্কাৰ-পৰিচ্ছন্নতা বিষয়ক শিক্ষা প্ৰদান কৰা।

উত্তৰঃ অসত্য।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top