SEBA Class 10 Assamese Important Chapter 13 কানাইৰ চাতুৰী Question Answer As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 10 Assamese Important Chapter 13 কানাইৰ চাতুৰী Solutions and select need one. Class 10 Assamese MIL Additional Solutions Download PDF. Important Solutions For Class 10 Assamese.
SEBA Class 10 Assamese Important Chapter 13 কানাইৰ চাতুৰী
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 10 Assamese MIL Important Notes are part of All Subject Solutions. Here we have given SEBA Class 10th Assamese MIL Important Solutions for All Chapters, You can practice these here.
কানাইৰ চাতুৰী
Chapter: 13
| IMPORTANT QUESTION AND ANSWER |
১। কৃষ্ণৰ শঙ্খটোৰ নাম কি?
উত্তৰঃ কৃষ্ণৰ শঙ্খটোৰ নাম হ’ল- পাঞ্চজন্য।
২। পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম কি?
উত্তৰঃ পাণ্ডু পুত্ৰ পঞ্চ পাণ্ডৱৰ নাম আছিল। যুধিষ্ঠিৰ, ভীম, অৰ্জ্জুন, নকুল, আৰু সহদেৱ।
৩। অৰ্জুনে শ্ৰীকৃষ্ণৰ উভয় সেনাৰ মাজত ৰথ ৰাখিবলৈ কিয় কৈছিল?
উত্তৰঃ অর্জনে সন্মুখত দেখি গাণ্ডীৱ ধনু ধৰি হৃষীকেশ ভগৱন্তক এই বাক্য বুলিলে “হে অচ্যুত, এই উভয় সেনাৰ মধ্যত মােৰ ৰথখন ৰাখা। মই পাণ্ডৱৰ বিৰুদ্ধে যুঁজিবলৈ অহা বীৰসকলক চাওঁ।
যদি তুমি কোৱা যে তুমি যুঁজাৰু, যুদ্ধ চোৱা তােমাৰ কাম নহয়। তেন্তে অর্জুনেনো কাৰ বিৰুদ্ধে যুদ্ধ কৰিব, দুৰ্বোদ্ধি দুর্যোধনৰ প্রতি অনুগত হৈ যিসকল বী আহিছে তেওঁলােকক চাওঁ। গতিকে উভয় সেনাৰ মাজত মােৰ ৰথখন ৰাখিবা।
৪। ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্যসমূহ হ’ল- তেওঁৰ গদায়েই উত্তৰ ভাৰতৰ ভিতৰত প্ৰথম গদ্য। ভট্টদেৱৰ গাদ্যত তত্ত্বগধুৰ অসমীয়া কথা প্রকাশ পাইছে। তেওঁৰ গদ্য বুৰঞ্জীৰ ভাষাৰ দৰে কথিত গদা নহয়। আনহাতে তেওঁৰ গদ্য পদ্যৰ ভাষাৰ দৰে। ছন্দ ৰীতিৰ কিছুমান লক্ষণ তেওঁৰ গদ্যভাষাত দেখা যায়। ভট্টদেৱৰ গদ্য অসমীয়া ভাষাৰ প্রথম গদ্য।
৫। মাকৰ কি কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল? কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা।
উত্তৰঃ যশোদাই কৃষ্ণক মাটি খোৱা বদনাম দিয়া, কৃষ্ণক কলীয়া বুলি মাতা, যশোদা ৰাজ পটেশ্বৰী হৈওঁ যে কৃষ্ণক সোণৰ বাঁহী এটা গঢ়াই দিয়া নাই। বাহৰ বাঁহী বজাওতে দুই ওঠ ফাটি তেজ ওলাই যায়, গৰু চৰাবলৈ যাওঁতে যে আধা পেটে যায়। গৰু আগুৰুতে কন্টক বলে বিন্ধে তথাপিও যে যশোদাই কৃষ্ণক গালি দিয়ে সেই কথা কবলৈ কৃষ্ণ লাজ লাগে বুলি কৈছে।
৬। তাৎপৰ্য ব্যাখ্যা কৰাঃ
মোহিনী স্বৰূপে অমৃত পিয়ালো
সাধিলো দেৱৰ কাম।
তোমাৰ ঘৰে আসি বৰ যশ পাইলো
লৈলো দধিচোৰ নাম।।
উত্তৰঃ ভগৱান শ্ৰীকৃষ্ণই মোহিনীৰ অৱতাৰ ধাৰণ কৰি দেৱতাৰ সকলক অমৃত খুৱাই দেৱতাৰ কাৰ্য সাধন কৰিছিল। সেইজন কৃষ্ণই যশোদাৰ ঘৰত আহি যেতিয়া দধি চোৰ নাম পাইছিল তেতিয়া কৃষ্ণই বহুত লাজ পাইছিল।
খালী ঠাই পূৰ কৰা-
১। _____________ বিষ্ণুৰ পঞ্চম অৱতাৰ।
উত্তৰঃ বামন বিষ্ণুৰ পঞ্চম অৱতাৰ।
২। কানাইৰ চাতুৰী পাঠটি ______________ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে।
উত্তৰঃ কানাইৰ চাতুৰী পাঠটি ‘কাণখোৱা’ পুথিৰ দ্বিতীয় অংশৰ পৰা কিছু অংশ বাদ দি তুলি দিয়া হৈছে।
৩। কন্দলীয়ে ‘কাণখোৱা’ আৰু _____________ নামৰ দুখন কাব্য ৰচনা কৰে।
উত্তৰঃ কন্দলীয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্তন’ নামৰ দুখন কাব্য ৰচনা কৰে।
৪। ______________ মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি।
উত্তৰঃ শ্রীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি।
৫। দেৱতাসকলক অমৃত খুৱাবলৈ শ্রীকৃষ্ণই ____________ ৰূপ ধাৰণ কৰিছিল।
উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ শ্রীকৃষ্ণই মোহিনী ৰূপ ধাৰণ কৰিছিল।
সত্য/অসত্য-
১। দেৱহুতি স্বায়ংম্ভুৱ মুনিৰ কন্যা আছিল।
উত্তৰঃ সত্য।
২। কানাইৰ চাতুৰীত শ্রীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ-শিশুত্বৰ ভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে।
উত্তৰঃ সত্য।
৩। ৰজনী শব্দৰ অৰ্থ হ’ল ৰাতি।
উত্তৰঃ সত্য।
৪। কানাইৰ চাতুৰী কবিতাটিৰ কবি শ্রীধৰ কন্দলী।
উত্তৰঃ সত্য।
৫। কংস শ্রীকৃষ্ণৰ মোমায়েক নাছিল।
উত্তৰঃ অসত্য।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


