Class 7 Assamese MCQ Chapter 2 কাঞ্চনবাৰীৰ হাতীটো

SCERT Class 7 Assamese MCQ Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Question Answer As Per SCERT New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SCERT Class 7 Assamese MCQ Chapter 2 কাঞ্চনবাৰীৰ হাতীটো Solutions and select need one. SEBA Class 7 Assamese MCQ Notes Download PDF. SEBA Class 7 Assamese Multiple Choice Question Answer.

Class 7 Assamese MCQ Chapter 2 কাঞ্চনবাৰীৰ হাতীটো

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SEBA Class 7 Assamese MCQ Solutions are part of All Subject Solutions. Here we have given SCERT Class 7 Assamese Objective Type Notes for All Chapters, You can practice these here.

কাঞ্চনবাৰীৰ হাতীটো

Chapter: 2

MCQ

১। মানুহে নিজৰ সুবিধাৰ বাবে পৃথিৱীৰ কিহৰ অপব্যৱহাৰ কৰিবলৈ ধৰিছে?

(i) সম্পদসমূহৰ।

(ii) জীৱ-জন্তুৰ।

(iii) যান-বাহনৰ।

(iv) গছ-গছনিৰ।

উত্তৰঃ (i) সম্পদসমূহৰ।

২। বিদ্যালয় ছুটীৰ পাছত মাচুমা আৰু তাইৰ লগৰীয়াসকলে ক’ৰ মাজেৰে ঘৰলৈ আহি আছিল?

(i) পথাৰৰ মাজেৰে।

(ii) কাঞ্চনবাৰী পাহাৰৰ বাটেৰে।

(iii) নৈৰ পাৰেৰে।

(iv) বজাৰৰ মাজেৰে।

উত্তৰঃ (ii) কাঞ্চনবাৰী পাহাৰৰ বাটেৰে।

৩। মাচুমাৰ লগৰীয়া কোন কোন আছিল?

(i) কৰবী আৰু নবীন।

(ii) নয়ন আৰু কনক।

(iii) ৰাহুল আৰু ৰীতা।

(iv) (i) আৰু (ii) দুয়োটা।

উত্তৰঃ (iv) (i) আৰু (ii) দুয়োটা।

৪। কাঞ্চনবাৰী পাহাৰৰ নামনিত কেতিয়াবা জাকে জাকে কি চৰি থকা দেখা যায়?

(i) গৰু-ম’হ।

(ii) ছাগলী।

(iii) হাতী।

(iv) হৰিণা।

উত্তৰঃ (iii) হাতী।

৫। মাচুমাৰ ককাকে এবাৰ ঘৰত সোমোৱা কিহৰ পোৱালি এটা বন বিভাগৰ মানুহক মাতি গতাই দিছিল?

(i) হাতীৰ পোৱালি।

(ii) গঁড়ৰ পোৱালি।

(iii) বাঘৰ পোৱালি।

(iv) হৰিণাৰ পোৱালি।

উত্তৰঃ (ii) গঁড়ৰ পোৱালি।

৬। এদিন বিদ্যালয়ৰ পৰা আহোঁতে মাচুমাহঁতৰ বাটটোৰ ফালে কি ওলাই আহিছিল?

(i) এটা মখনা হাতী।

(ii) এটা দঁতাল হাতী।

(iii) এটা বাঘ।

(iv) এটা সুগৰী পহু।

উত্তৰঃ (i) এটা মখনা হাতী।

৭। হাতীটো দেখি কোনে আটাইতকৈ বেছি ভয় খাইছিল?

(i) কেৱল মাচুমাই।

(ii) আটাইকেইজন।

(iii) বন বিভাগৰ লোকে।

(iv) গাঁৱৰ মানুহে।

উত্তৰঃ (ii) আটাইকেইজন।

৮। হাতীটো দেখি মাচুমাৰ দেউতাকে কাক ফোন কৰিলে?

(i) পুলিচক।

(ii) স্থানীয় বন বিভাগৰ বিষয়াজনক।

(iii) গাঁওবুঢ়াক।

(iv) বিদ্যালয়ৰ প্ৰধান শিক্ষকক।

উত্তৰঃ (ii) স্থানীয় বন বিভাগৰ বিষয়াজনক।

৯। মাচুমাৰ দেউতাকৰ লগত হাতীটো চাবলৈ আৰু কোন গৈছিল?

(i) গাঁৱৰ সকলো মানুহ।

(ii) ওচৰৰে দুজন জ্যেষ্ঠ লোক।

(iii) বিদ্যালয়ৰ শিক্ষকসকল।

(iv) পুলিচ।

উত্তৰঃ (ii) ওচৰৰে দুজন জ্যেষ্ঠ লোক।

১০। বন বিভাগৰ দলটোৱে হাতীটোক কিহৰ ফালে খেদি নিবলৈ যত্ন কৰিলে?

(i) গাঁৱৰ ফালে।

(ii) হাতীৰ দণ্ডিটোৰ ফালে।

(iii) পথাৰৰ ফালে।

(iv) নৈৰ ফালে।

উত্তৰঃ (ii) হাতীৰ দণ্ডিটোৰ ফালে।

১১। “দণ্ডিত ভেটা দিলে সিহঁত অসন্তুষ্ট হয়” – কথাষাৰ মাচুমাক কোনে কৈছিল?

(i) তাইৰ দেউতাকে।

(ii) তাইৰ শিক্ষকে।

(iii) তাইৰ ককাকে।

(iv) বন বিষয়াই।

উত্তৰঃ (iii) তাইৰ ককাকে।

১২। মানুহে গছ-গছনি কাটি অৰণ্য ধ্বংস কৰাৰ ফলত কাৰ প্ৰতি মৰম-স্নেহ টুটিছে বুলি কোৱা হৈছে?

(i) বন্যপ্ৰাণীৰ প্ৰতি।

(ii) গছ-গছনিৰ প্ৰতি।

(iii) চৰাই-চিৰিকটিৰ প্ৰতি।

(iv) প্ৰকৃতিৰ প্ৰতি।

উত্তৰঃ (i) বন্যপ্ৰাণীৰ প্ৰতি।

১৩। “দেউতা, আমি বাৰু হাতীবোৰৰ লগত সমিলেৰে থাকিব নোৱাৰোঁনে?” – এই প্ৰশ্নটো কোনে কৰিছিল?

(i) কৰবীয়ে।

(ii) মাচুমাই।

(iii) নয়নে।

(iv) নবীনে।

উত্তৰঃ (ii) মাচুমাই।

১৪। চৰকাৰে অৰণ্যৰ মাজৰ পথছোৱাত কিহৰ ব্যৱস্থা কৰিছে?

(i) ওখ দেৱালৰ।

(ii) এনিমেল গ্ৰীণ কৰিড’ৰৰ।

(iii) সুৰংগৰ।

(iv) বিজুলী বাতিৰ।

উত্তৰঃ (ii) এনিমেল গ্ৰীণ কৰিড’ৰৰ।

১৫। বন্যপ্ৰাণীৰ সৈতে সহাৱস্থান কৰিবলৈ মানুহক কি কৰিব লাগিব বুলি দেউতাকে ক’লে?

(i) বুজাব লাগিব আৰু জনসজাগতা সৃষ্টি কৰিব লাগিব।

(ii) ভয় খুৱাব লাগিব।

(iii) অৰণ্যৰ পৰা খেদিব লাগিব।

(iv) চিৰিয়াখানাত ৰাখিব লাগিব।

উত্তৰঃ (i) বুজাব লাগিব আৰু জনসজাগতা সৃষ্টি কৰিব লাগিব।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top