SEBA Class 10 Social Science Question Paper Solved 2024 Assamese Medium | দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান, SEBA Class 10 Social Science Question Paper Solved 2024 PDF Download, দশম শ্ৰেণীৰ সমাজ বিজ্ঞান 2024 ৰ প্ৰশ্নকাকত সমাধান কৰা হৈছে to each Paper is Assam Board Exam in the list of SEBA so that you can easily browse through different subjects and select needs one. Assam Board SEBA Class 10 Social Science Previous Years Question Paper Solved 2024 can be of great value to excel in the examination.
SEBA Class 10 Social Science Question Paper Solved 2024 Assamese Medium
HSLC 2024 Social Science Question Paper Solved Assamese Medium provided is as per the 2024 Assam Board Exam and covers all the questions from the SEBA HSLC 2024 Question Paper. Access the detailed SEBA Class 10 Social Science 2024 Previous Years Question Paper Solved provided here and get a good grip on the subject. Access the SEBA Class 10 Social Science Old Question Paper Solved 2024, SEBA Class 10 Social Science 2024 Old Paper Question Answer of Assamese in Page Format. Make use of them during your practice and score well in the exams.
সমাজ বিজ্ঞান পুৰণি প্ৰশ্নকাকত সমাধান
2024
SOCIAL SCIENCE OLD PAPER
ALL QUESTION ANSWER
SECTION – A ক শাখা |
তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা (প্রশ্ন নং 1-ৰ পৰা প্রশ্ন নং 45 লৈকে):
1. “ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগশক্তিক ভাঙি-ছিঙি চুৰমাৰ কৰিব।” এইষাৰ কাৰ উক্তি আছিল?
(A) ভাৰত সচিব হাবাৰ্ট ৰিজৰিল।
(B) লৰ্ড কার্জনৰ।
(C) উইলিয়াম ৱাৰ্ডৰ।
(D) উইলিয়াম ৱাৰ্ডৰ বেন্টিংকৰ।
উত্তৰঃ (খ) লৰ্ড কার্জনৰ।
2. ১৯১১ চনৰ ১২ ডিচেম্বৰ তাৰিখে দিল্লীত অনুষ্ঠিত ৰাজ-অভিষেক অনুষ্ঠানত তলত দিয়া কোনকেইটা সিদ্ধান্ত ঘোষণা কৰা হৈছিল?
(i) বংগদেশৰ পুনৰ একত্ৰীকৰন।
(ii) ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰকৰণ।
(iii) অসমৰ ৰাজধানী শ্বিলঙলৈ পুনৰ স্থানান্তৰ হয়।
(iv) অসমৰ প্ৰশাসন মুখ্য আয়ুক্তৰ অধীনলৈ যায়।
(A) (i), (ii)
(B) (iii), (iv)
(C) (i), (ii), (iv)
(D) (i), (ii), (iii), (iv)
উত্তৰঃ (C) (i), (ii), (iv)
3. ‘সত্যাগ্রহ’ৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্রথমতে প্রয়োগ কৰিছিল?
(A) ভাৰতবৰ্ষৰ।
(B) দক্ষিণ আফ্ৰিকাত।
(C) ইংলেণ্ডত।
(D) ইজিপ্তত।
উত্তৰঃ (B) দক্ষিণ আফ্ৰিকাত।
4. “মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম।” এই বিখ্যাত বাণীটো কোনজন বিখ্যাত ভাৰতীয় নেতাৰ আছিল?
(A) মহাত্মা গান্ধীৰ।
(B) বাল গঙ্গাধৰ তিলকৰ।
(C) দাদাভাই নৌৰজীৰ।
(D) নেতাজী সুভাষচন্দ্র বসুৰ।
উত্তৰঃ (D) নেতাজী সুভাষচন্দ্র বসুৰ।
5. ‘প্রত্যক্ষ দাবী দিৱস’ কোন তাৰিখে পালন কৰা হৈছিল?
(A) ১৬ আগষ্ট, ১৯৪৬
(B) ১৬ অক্টোবৰ, ১৯৪৬
(C) ১৬ জুলাই, ১৯৪৬
(D) ২০ ফেব্রুৱাবী, ১৯৪৭
উত্তৰঃ (A) ১৬ আগষ্ট, ১৯৪৬
6. অসমত দাস প্রথা কেতিয়া নিষিদ্ধ কৰা হৈছিল?
(A) ১৮২৯ চনত।
(B) ১৮৪৩ চনত।
(C) ১৮৫৬ চনত।
(D) ১৮৭০ চনত।
উত্তৰঃ (B) ১৮৪৩ চনত।
7. ১৮৬১ চনত সংঘটিত হোৱা কৃষক বিদ্রোহটো হ’ল-
(A) ৰঙিয়াৰ কৃষক বিদ্রোহ।
(B) লাচিমাৰ কৃষক বিদ্রোহ।
(C) পথৰুঘাটৰ কৃষক বিদ্রোহ।
(D) ফুলগুৰি ধাৱা।
উত্তৰঃ (B) লাচিমাৰ কৃষক বিদ্রোহ।
8. ১৮৮১ চনত উত্তৰ কাছাৰৰ জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল?
(A) বীৰ টিকেন্দ্রজিতে
(B) শম্ভুধন ফংলোছাই।
(C) ওকিয়াং নংবাই।
(D) ৰজা কুলচন্দ্রই।
উত্তৰঃ (B) শম্ভুধন ফংলোছাই।
9. অসম ছাত্র সম্মিলন গঠিত হৈছিল-
(A) ১৯১৬ চনত।
(B) ১৯১৭ চনত।
(C) ১৯১৮ চনত।
(D) ১৯২০ চনত।
উত্তৰঃ (A) ১৯১৬ চনত।
10. উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ক’ত স্থাপন কৰা হৈছিল?
(A) গুৱাহাটীত।
(B) শিলচৰত।
(C) যোৰহাটত।
(D) ডিব্রুগড়ত।
উত্তৰঃ (D) ডিব্রুগড়ত।
11. জোনাকী যুগৰ ‘ত্রিমূর্তি’ বুলিলে নিম্নোল্লিখিত কোনকেইজন সাহিত্যিকক জনা যায়?
(i) গুণাভিৰাম বৰুৱা।
(ii) হেমচন্দ্র গোস্বামী।
(iii) লক্ষ্মীনাথ বেজবৰুৱা।
(iv) চন্দ্রকুমাৰ আগৰৱালা।
(A) (i), (ii), (iii)
(B) (ii), (iii), (iv)
(C) (i), (iii), (iv)
(D) (i), (ii), (iv)
উত্তৰঃ (B) (ii), (iii), (iv)
12. ‘ৰাজতৰঙ্গিণী’ কোনে ৰচনা কৰিছিল?
(A) কৌটিল্যই।
(B) আর্যভট্টই।
(C) কলহণে।
(D) পতঞ্জলিয়ে।
উত্তৰঃ (C) কলহণে।
13. মেঘালয়ৰ খাছীয়া জনজাতি কোনটো নৃ-গোষ্ঠীৰ অন্তৰ্ভুক্ত?
(A) নিগ্রো গোষ্ঠীৰ।
(B) অষ্ট্রিক গোষ্ঠীৰ।
(C) দ্রাবিড় গোষ্ঠীৰ।
(D) মঙ্গোলীয় গোষ্ঠীৰ।
উত্তৰঃ (B) অষ্ট্রিক গোষ্ঠীৰ।
14. ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
(A) মণিপুৰ।
(B) ত্রিপুৰা।
(C) মিজোৰাম।
(D) মেঘালয়।
উত্তৰঃ (C) মিজোৰাম।
15. অসমীয়া গদ্য-সাহিত্যৰ সূচনা কোনে কৰিছিল?
(A) ভট্টদেৱে।
(B) শংকৰদেৱে।
(C) মাধৱ কন্দলিয়ে।
(D) অনন্ত কন্দলিয়ে।
উত্তৰঃ (A) ভট্টদেৱে।
16. তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ?
(A) শস্য।
(B) খনিজ তেল।
(C) পানী।
(D) অৰণ্য।
উত্তৰঃ (B) খনিজ তেল।
17. তলৰ কোনটো তৃতীয়ক বৃত্তিৰ অন্তর্ভুক্ত নহয়?
(A) পৰিবহণ।
(B) যোগাযোগ।
(C) খনিজ সম্পদ আহৰণ।
(D) পর্যটন।
উত্তৰঃ (C) খনিজ সম্পদ আহৰণ।
18. তলৰ কোনটো বিলুপ্তপ্রায় প্রাণী?
(A) এশিঙীয়া গঁড়।
(B) মিথুন।
(C) বৰটোকোলা।
(D) হাতী।
উত্তৰঃ (A) এশিঙীয়া গঁড়।
19. তলৰ কোনটো সেউজগৃহ গেছৰ উদাহৰণ নহয়?
(A) কার্বন ডাই-অক্সাইড।
(B) মিথেন।
(C) নাইট্রাছ অক্সাইড।
(D) অক্সিজেন।
উত্তৰঃ (D) অক্সিজেন।
20. পৰিৱেশৰ স্থানীয় সমস্যাৰ এটা উদাহৰণ হ’ল-
(A) সাগৰ পৃষ্ঠৰ উত্থান।
(B) ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা।
(C) এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্রদূষণ।
(D) উত্তৰ আমেৰিকা মহাদেশৰ মৰুকৰণ সমস্যা।
উত্তৰঃ (B) ব্ৰহ্মপুত্ৰ উপত্যকাৰ বানপানীৰ সমস্যা।
21. মাটিকালি হিচাপত পৃথিৱীৰ বৃহত্তম দেশ কোনখন?
(A) অষ্ট্ৰেলিয়া।
(B) কানাডা।
(C) ৰাছিয়া।
(D) চীন।
উত্তৰঃ (C) ৰাছিয়া।
22. এছিয়া আৰু আফ্রিকা মহাদেশক কোনখন সাগৰে পৃথক কৰিছে?
(A) ভূমধ্যসাগৰ।
(B) লোহিত সাগৰ।
(C) কাস্পিয়ান সাগৰ।
(D) আৰৱ সাগৰ।
উত্তৰঃ (B) লোহিত সাগৰ।
23. ‘কাইৰো’ কোনখন দেশৰ ৰাজধানী?
(A) ইজৰাইলৰ।
(B) ইজিপ্তৰ।
(C) জাপানৰ।
(D) ইউক্রেইনৰ।
উত্তৰঃ (B) ইজিপ্তৰ।
24. ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ শিক্ষিতৰ হাৰ কিমান শতাংশ আছিল?
(A) ৬৩.২৫%
(B) ৭২.১৯%
(C) ৮৭.১০%
(D) ৮৫-৯০%
উত্তৰঃ (B) ৭২.১৯%
25. ২০১১ চনৰ লোকপিয়ল অনুসৰি, অধিক জনসংখ্যা থকা নগৰৰ পৰা আৰম্ভ কৰি ক্রমে কম জনসংখ্যাৰ অসমৰ প্ৰথম শ্ৰেণীৰ নগৰবোৰ হ’ল-
(A) গুৱাহাটী → শিলচৰ → ডিব্ৰুগড় → যোৰহাট
(B) গুৱাহাটী → শিলচৰ → যোৰহাট → ডিব্ৰুগড়
(C) গুৱাহাটী → শিলচৰ → ডিব্রুগড় → নগাঁও
(D) গুৱাহাটী → ডিব্ৰুগড় → শিলচৰ → যোৰহাট
উত্তৰঃ (C) গুৱাহাটী → শিলচৰ → ডিব্রুগড় → নগাঁও
26. জনসংখ্যাৰ ফালৰ পৰা অসমৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বৃহৎ জনজাতিকেইটা হ’ল ক্ৰমে-
(A) মিছিং → বড়ো → কার্বি
(B) বড়ো → মিছিং → কার্বি
(C) কার্বি → মিছিং → বড়ো
(D) বড়ো → কার্বি → মিছিং
উত্তৰঃ (B) বড়ো → মিছিং → কার্বি
27. অসমৰ অন্তৰ্গত দীর্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল-
(A) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(B) ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ।
(C) ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ।
(D) ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ।
উত্তৰঃ (B) ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ।
28. অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ কোনটো?
(A) ৰবৰ উদ্যোগ।
(B) ৰেচম উদ্যোগ।
(C) কাগজ উদ্যোগ।
(D) চাহ উদ্যোগ।
উত্তৰঃ (D) চাহ উদ্যোগ।
29. তলত উল্লেখ কৰা কোনজন ব্যক্তি ভাৰতৰ সংবিধান খচৰা কমিটিৰ সদস্য আছিল?
(A) ড. ৰাজেন্দ্ৰ প্ৰসাদ।
(B) ড. সচ্ছিদানন্দ সিন্হা।
(C) চৈয়দ মহম্মদ চাদুল্লা।
(D) গোপীনাথ বৰদলৈ।
উত্তৰঃ (C) চৈয়দ মহম্মদ চাদুল্লা।
30. তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্য বাছি উলিওৱা:
(i) অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা।
(ii) দ্বৈত নাগৰিকত্ব।
(A) কেৱল (i) শুদ্ধ।
(B) কেৱল (ii) শুদ্ধ।
(C) (i) আৰু (ii) উভয়ে শুদ্ধ।
(D) (i) আৰু (ii) উভয়ে অশুদ্ধ।
উত্তৰঃ (D) (i) আৰু (ii) উভয়ে অশুদ্ধ।
31. ‘ৰাষ্ট্ৰসংঘ দিৱস’ কোন তাৰিখে পালন কৰা হয়?
(A) ২৪ আগষ্ট।
(B) ২৪ অক্টোবৰ।
(C) ২১ জুন।
(D) ৫ ছেপ্তেম্বৰ।
উত্তৰঃ (B) ২৪ অক্টোবৰ।
32. ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান?
(A) ১৮৩ খন।
(B) ১৯৩ খন।
(C) ২০০ খন।
(D) ১৭৩ খন।
উত্তৰঃ (B) ১৯৩ খন।
33. ৰাষ্ট্ৰসংঘৰ বৰ্তমান সচিব প্রধান কোন?
(A) টাইভ হাল্ডান লী।
(B) এন্টোনিও গুৱেটেৰেছ।
(C) কফি আন্নান।
(D) বেন কি মুন।
উত্তৰঃ (B) এন্টোনিও গুৱেটেৰেছ।
34. আন্তর্জাতিক অনুষ্ঠান আৰু সিবিলাকৰ মুখ্য কাৰ্যালয়ৰ পৰিপ্ৰেক্ষিতত অমিলটো বাছি উলিওৱা।
আন্তর্জাতিক অনুষ্ঠান/আন্তর্জাতিক অনুষ্ঠান/মুখ্য কার্যালয়/মুখ্য কার্যালয়/
(A) উত্তৰ আটলান্টিক চুক্তি সংগঠন ব্ৰুচেলছ
(B) আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদ নতুন দিল্লী
(C) দক্ষিণ এছীয় আঞ্চলিক সহযোগিতা সংস্থা কাঠমাণ্ডু
(D) ৰাষ্ট্ৰসংঘ নিউয়ৰ্ক
উত্তৰঃ (B) আন্তঃৰাষ্ট্রীয় ক্রিকেট পৰিষদ নতুন দিল্লী
35. ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই নিম্নোক্ত কোনটো অংগৰ অনুমোদনক্রমে সচিব প্রধানক নিয়োগ কৰে?
(A) আন্তর্জাতিক ন্যায়ালয়।
(B) অর্থনৈতিক আৰু সামাজিক পৰিষদ।
(C) ন্যাসৰক্ষী পৰিষদ।
(D) নিৰাপত্তা পৰিষদ।
উত্তৰঃ (D) নিৰাপত্তা পৰিষদ।
36. তলৰ কোনকেইটা বিকল্প মুদ্রাৰ বৈশিষ্ট্য?
(i) সাধাৰণ গ্রহণযোগ্যতা।
(ii) পূর্ণ সাদৃশ্যতা।
(iii) তাৰল্য গুণ।
(iv) মূলাৰ স্থিৰতা।
(A) (i), (ii), (iv)
(B) (ii), (iii), (iv)
(C) (i), (iii), (iv)
(D) (i), (ii), (iii), (iv)
উত্তৰঃ (D) (i), (ii), (iii), (iv)
37. তলত দিয়া বিকল্পবোৰৰ পৰা মুদ্রাৰ মুখ্য কাৰ্য দুটা চিনাক্ত কৰা:
(i) মুদ্রা হৈছে বিনিময়ৰ মাধ্যম।
(ii) মুদ্রাই সা-সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কার্য সম্পাদন কৰে।
(iii) মুদ্রাই স্থগিত দেনা-পাওনাৰ মানদণ্ড হিচাপে কার্য সম্পাদন কৰে।
(iv) মুদ্রাই মূল্যৰ ভাণ্ডাৰ হিচাপে কার্য সম্পাদন কৰিব লাগে।
(A) (i) আৰু (ii)
(B) (i) আৰু (iii)
(C) (iii) আৰু (iv)
(D) (ii) আৰু (iv)
উত্তৰঃ (A) (i) আৰু (ii)
38. ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংকটোৰ নাম হ’ল-
(A) ভাৰতীয় ষ্টেট বেংক।
(B) বেংক অৱ হিন্দুস্থান।
(C) ভাৰতীয় ৰিজার্ভ বেংক।
(D) ইউনাইটেড বেংক অৱ ইণ্ডিয়া।
উত্তৰঃ (C) ভাৰতীয় ৰিজার্ভ বেংক।
39. তলৰ কোনটো বাণিজ্যিক বেংকৰ কাৰ্য নহয়?
(A) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে।
(B) বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে।
(C) বাণিজ্যিক বেংকসমূহে ঋণ মুদ্রা সৃষ্টি কৰে।
(D) বাণিজ্যিক বেংকে কাগজী মুদ্রা ছপা কৰে।
উত্তৰঃ (D) বাণিজ্যিক বেংকে কাগজী মুদ্রা ছপা কৰে।
40. NABARDৰ মুখ্য কার্যালয় ক’ত অৱস্থিত?
(A) কলকতাত।
(B) মুম্বাইত।
(C) চেন্নাইত।
(D) নতুন দিল্লীত।
উত্তৰঃ (B) মুম্বাইত।
41. ভাৰতবৰ্ষত প্রথম পঞ্চবার্ষিক পৰিকল্পনাই সামৰি লোৱা কালছোৱা হ’ল-
(A) ১ এপ্রিল, ১৯৫১-৩১ মার্চ, ১৯৫৬
(B) ১ এপ্রিল, ১৯৫০-৩১ মার্চ, ১৯৫৫
(C) ১ এপ্রিল, ১৯৫৬-৩১ মার্চ, ১৯৬১
(D) ১ এপ্রিল, ১৯৬১-৩১ মার্চ, ১৯৬৬
উত্তৰঃ (A) ১ এপ্রিল, ১৯৫১-৩১ মার্চ, ১৯৫৬
42. ২০১৫ চনত গঠিত নিটি (NITI) আয়োগৰ অধ্যক্ষ কোন?
(A) ভাৰতৰ ৰাষ্ট্ৰপতি।
(B) ভাৰতৰ প্রধানমন্ত্রী।
(C) ভাৰতীয় ৰিজার্ভ বেংকৰ গৱৰ্ণৰ।
(D) ভাৰতৰ উপ-ৰাষ্ট্ৰপতি।
উত্তৰঃ (B) ভাৰতৰ প্রধানমন্ত্রী।
43. দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ কৰা কাৰ্যক কোৱা হয়-
(A) বিত্তীয় অন্তর্ভুক্তিকৰণ।
(B) ব্যক্তিগতকৰণ।
(C) উদাৰীকৰণ।
(D) গোলকীকৰণ।
উত্তৰঃ (C) উদাৰীকৰণ।
44. ব্যক্তিগতকৰণ হ’ল-
(A) চৰকাৰী খণ্ডৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি।
(B) দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংযোগ স্থাপন কৰা।
(C) দেশৰ আৰ্থিক ব্যৱস্থাৰ ওপৰত ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণৰ শিথিলকৰণ।
(D) এটা প্রক্রিয়া য’ত অর্থনৈতিক উন্নয়নৰ সুফলবোৰে সমাজৰ সকলো লোককে সাঙুৰি লোৱাটো সুনিশ্চিত কৰে।
উত্তৰঃ (A) চৰকাৰী খণ্ডৰ অধীনত থকা প্রতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতি।
45. দেশৰ মুঠ জাতীয় আয়ক মুঠ জনসংখ্যাৰে হৰণ কৰিলে আমি পাওঁ-
(A) জনমূৰি আয়।
(B) মানৱ উন্নয়ন সূচাংক।
(C) প্রত্যাশিত আয়ুস।
(D) মুঠ ঘৰুৱা উৎপাদন।
উত্তৰঃ (A) জনমূৰি আয়।
46. স্বদেশী আন্দোলনৰ চাৰিটা অৱদান চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ স্বদেশী আন্দোলনৰ প্ৰধান অৱদান কেইটা হৈছে–
(ক) স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পর্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল।
(খ) ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল।
(গ) লর্ড কার্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল- ‘শাসন আৰু শোষণ একেলগে চলাই যোৱা হ’ব’ (Administration and exploitation will go hand in hand)। বংগবাসীয়ে সাম্রাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বর্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্রহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতা।
(ঘ) স্বদেশী আন্দোলনৰ তীব্র উত্তেজনাই জাতীয় কংগ্রেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিবেশনত (১৯০৬) পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্রস্তাৱ গ্রহণ কৰিবলৈ বাধ্য কৰিছিল।
47. ভাৰত ত্যাগ আন্দোলনৰ এটি চমু বিৱৰণ দিয়া। এই আন্দোলনক কিয় আগষ্ট বিপ্লৱ বোলা হয়?
উত্তৰঃ ভাৰত ত্যাগ আন্দোলন ১৯৪২ চনত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম এক গুৰুত্বপূর্ণ পৰ্ব হিচাপে আৰম্ভ হয়। এই আন্দোলনৰ মূল উদ্দেশ্য আছিল ভাৰতৰ পৰা ব্ৰিটিছ শাসনৰ সমাপ্তি কৰা। ১৯৪২ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পৰিস্থিতিত ব্রিটেইনক সমৰ্থন নকৰা আৰু স্বাধীনতাৰ দাবীত ভাৰতৰ জনগণক একত্ৰিত কৰা উদ্দেশ্যে গান্ধীজীয়ে “ভাৰত ত্যাগ” স্ল’গান দিয়াৰ মাধ্যমে এই আন্দোলন আৰম্ভ কৰিছিল।
আন্দোলনটোৰ মূখ্য দাবী আছিল ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা ভাৰতৰ অবিলম্বে স্বাধীনতা। যোৱা কিছুমান বছৰৰ পৰা ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ গতি তীব্ৰ হৈ পৰিছিল আৰু এই আন্দোলন মাত্ৰ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতাৰ প্ৰতিশ্ৰুতিৰ বাবে নহয়, ই এক সমাজসেৱাৰ পৰিসৰে ভাৰতীয়ৰ একতা আৰু শক্তিকো প্ৰচাৰ কৰিছিল।
১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্রেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল। আগষ্ট মাহত প্রস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰেও জনা যায়।
নাইবা
ভাৰত স্বাধীন আইন, ১৯৪৭ৰ মূল দফাসমূহ কি কি আছিল?
উত্তৰঃ ভাৰত স্বাধীন আইন, ১৯৪৭ৰ মূল দফাসমূহ হ’ল-
(ক) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।
(খ) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেল্থত (British Commonwealth of Nations ) ত দেশদুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।
(গ) প্ৰতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।
(ঘ) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব।
48. অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত মণিৰাম দেৱানৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ অসমত ১৮৫৭-৫৮ চনৰ বিদ্ৰোহৰ নেতৃত্ব দিছিল মণিৰাম দেৱানে। তেওঁ এই বিদ্ৰোহৰ পৰিকল্পনাকাৰী, উপদেষ্টা আৰু সংগঠক আছিল। কিন্তু ব্রিট্রিছৰ নীতিৰ ফলত তেওঁ ক্ষমতা আৰু মর্যাদা হেৰুৱাব লগীয়া হৈছিল আৰু সাধাৰণ প্রজা হিচাপে জীৱন নির্বাহ কৰিবলগীয়া হৈছিল। আহােম ৰাজতন্ত্রৰ পুনৰ প্রতিষ্ঠা হলে পুনৰ মর্যাদা ঘূৰাই পােৱাৰ আশাত তেওঁ ১৮৫৩ চনত কলিকতা উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশ মফট মিলচৰ হাতত এখন আৱেদন দাখিল কৰিছিল যদিও তেওঁৰ প্রতি কোনাে সহানুভূতি দেখুওৱা নাছিল বৰং তেওঁক এজন চক্রান্তকাৰী হিচাপেহে অভিহিত কৰিছিল। আহােম ৰাজকোৱৰ কন্দপেশ্বৰ সিংহৰ হাতত অসমৰ শাসনভাৰ অৰ্পণ কৰাৰ বাবে ব্রিটিছ কর্তৃপক্ষক লগ কৰিবলৈ তেওঁ কলিকতালৈ গৈছিল, কিন্তু তেওঁ গৱৰ্ণৰ জেনেৰেলক লগ পোৱা নাছিল। তাতেই তেওঁ মিৰাটত সূত্রপাত ঘটা চিপাহী বিদ্ৰোহৰ বিষয়ে জানিব পাৰিছিল।
কলিকতাত মণিৰাম দেৱানে মধু মল্লিক নামৰ এজন বঙালী মুক্তিয়াৰৰ সৈতে মিলিত হৈ ব্রিটিছসকলক অসমৰ পৰা আঁতৰাবলৈ ষড়যন্ত্র ৰচনা কৰিছিল। তেওঁলােকে বাহাদুৰ গাঁওবুঢ়া, ফর্মুদ আলি, দুটিৰাম বৰুৱা, মায়াম নাজিৰ, মহাবীৰ মুক্তিয়াৰ আদি ব্যক্তিসকলৰ পৰা সমর্থন লাভ কৰিছিল।
মণিৰাম দেৱানে কলিকতাৰ পৰা কন্দর্পেশ্বৰ সিংহ আৰু কেইজন মান বিশ্বাসী লােকক পত্রযােগে বিদ্রোহৰ বাবে সাজু হ’বলৈ আহ্বান জনাইছিল লগতে ডিব্ৰুগড় আৰু গােলাঘাটত অৱস্থান কৰা ভাৰতীয় সৈন্যসকলৰ লগত যােগাযােগ স্থাপন কৰিবলৈ আহ্বান জনাইছিল। আন ঠাইৰ দৰে অসমতো ১৮৫৭ চনৰ বিদ্ৰোহে সফলতা লাভ কৰিব নোৱাৰিলে। কিয়নাে ব্রিটিছ চৰকাৰৰ বিৰুদ্ধে স্পষ্টভাৱে ষড়যন্ত্রৰ উল্লেখ থকা মণিৰাম দেৱানৰ পত্ৰসমূহ ব্রিটিছৰ হাতত পৰিছিল। ইংৰাজ সকলে সহজে এই বিদ্ৰোহ দমন কৰিলে। বিদ্রোহ সংগঠনত মণিৰাম দেৱানে পালন কৰা ভূমিকাৰ বাবে তেওঁক কলিকতাত গ্রেপ্তাৰ কৰি বিচাৰ কৰিবলৈ অসমলৈ অনা হৈছিল। ব্রিটিছৰ বিৰুদ্ধে কৰা ষড়যন্ত্রৰ বাবে দোষী সাব্যস্ত কৰি মণিৰাম দেৱানক আৰু পিয়লি বৰুৱাক ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যােৰহাট কাৰাগাৰত ৰাজহুৱাকৈ ফাঁচী দিয়া হৈছিল।
49. অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ ভূমিকা আৰু কাৰ্যাৱলীৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ঊনবিংশ শতিকাৰ মাজ ভাগত দুটা দিশে প্রাধান্য লাভ কৰিছিল। প্রথম দিশটো হ’ল সেই সময়ছােৱাত এচাম নতুন অসমীয়া মধ্যবিত্ত শিক্ষিত শ্রেণীৰ উত্থান ঘটিছিল। দ্বিতীয়টো হ’ল ৰাজ্যখনত জাতীয়তাবাদৰ ভাৱৰ বিকাশ ঘটিছিল। এই সময়ছােৱাত মধ্যবিত্ত শ্রেণীটোৱে নিজকে সংগঠিত কৰি অসমীয়া ভাষা-সংস্কৃতিৰ উন্নতিৰ বাবে পদক্ষেপ গ্রহণ কৰিছিল। ইয়াৰ ফলস্বৰূপে ১৮৭২ চনত ‘অসমীয়া লিটাৰেৰী ছ’চাইটী’ নামৰ সংগঠন প্রতিষ্ঠা হয়। বহুতাে যুৱকে নিজৰ ভাষাটোৰ পুনৰুত্থান কৰি ইয়াক সম্ভাব্য ক্ষেত্ৰত উত্তৰণৰ প্ৰয়ােজনীয়তা অনুভৱ কৰিছিল। এই উদ্দেশ্য সাৰৰাগত কৰি ১৮৮৮ চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা নামৰ এটি সংগঠন প্রতিষ্ঠা কৰা হৈছিল। ইয়াৰ অন্তৰালত আছিল সেই সময়ৰ প্ৰসিদ্ধ ছাত্র হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা, কনকলাল বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰমাকান্ত বৰকাকতী।
এই সভাই অসমৰ লগতে কলিকতাত বসবাস কৰা অসমীয়া লােকসকলৰ মাজত একতা আৰু জাতীয় চেতনা উন্মেষ কৰাত সফল হৈছিল। অসমীয়া ভাষাক এক আদর্শ ভাষা হিচাপে উন্নীত কৰিবলৈ এই সভাই পৰিশুদ্ধ আৰু উন্নত মানদণ্ডৰ ব্যাকৰণ প্ৰয়োগ কৰিছিল।
এই সভাই অসমৰ এক সর্বাত্মক সামাজিক ইতিহাস সংকলন আৰু সংস্কৃত বা অন্যান্য ভাষাৰ উল্লেখনীয় পুথিসমূহ অসমীয়া ভাষালৈ অনুবাদ কৰাৰ কামো হাতত লৈছিল। এই সভাৰ প্ৰচেষ্টাতে চৰকাৰে হেমচন্দ্ৰ বৰুৱাৰ কৃতি ‘হেমকোষ’ প্রকাশৰ কাম হাতত লৈছিল।
কাৰ্যৱলী:- অসমীয়া ভাষা উন্নতি সাধিনীসভাই অসমৰ বুৰঞ্জী, সংস্কৃতি, সাহিত্য আদিৰ বৌদ্ধিক আলােচনা অব্যাহত ৰাখিছিল লগতে ই অসমৰ ভিন্ন ঠাইত শাখা প্রতিষ্ঠাৰ বাবে প্ৰয়াস কৰিছিল। এই সভাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অৱদান আছিল ইয়াৰ দ্বাৰা প্রকাশিত ‘জোনাকী’ নামৰ আলােচনীখন, যিয়ে অসমীয়া সাহিত্যত এক নতুন যুগৰ সূচনা কৰিছিল। এই আলােচনীৰ জৰিয়তে বহুতাে অসমীয়া যুৱক-যুৱতীৰ সুপ্ত সাহিত্য প্রতিভাই ৰাজহুৱাভাৱে স্বীকৃতি অর্জন কৰে। ভাষাৰ পুনৰুত্থানে জনসাধাৰণৰ মাজত সচেতনতাৰ সৃষ্টি কৰে। ইয়াৰ ফলত জাতীয়তাবাদী চেতনা জাগ্রত হয় আৰু বিদেশীৰ কবলৰ পৰা স্বাধীনতা প্রাপ্তিৰ স্পৃহা জাগ্রত হয়।
নাইবা
আইন অমান্য আন্দোলনত অসমৰ ভূমিকা সম্পর্কে এটি খতিয়ান দাঙি ধৰা।
উত্তৰঃ আইন অমান্য আন্দোলনত অসমৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। গান্ধীজীৰ লােণ সত্যাগ্রহৰ সমৰ্থনত হেমচন্দ্ৰ বৰুৱা, মহম্মদ তৈবুল্লা, বিষ্ণুৰাম মেধি, অম্বিকাগিৰী ৰায়চৌধুৰী আদি কংগ্ৰেছ নেতাসকলে গুৱাহাটীৰ জজ খেলপথাৰত একত্ৰিত হৈছিল আৰু গান্ধীৰ লােণ সত্যাগ্রহৰ সন্দৰ্ভত নিজৰ আনুগত্য প্ৰদৰ্শন কৰিছিল। গান্ধীজীৰ নেতৃত্বত হােৱা দাণ্ডি যাত্ৰাত সেই সময়ত অসমীয়া ছাত্র লীলাধৰ বৰুৱাই অংশগ্রহণ কৰিছিল। অৱশ্যে, অসমৰ বহুতাে কংগ্রেছসদস্যই ৰাজ্যখনত আইন অমান্য আন্দোলন সূচনা কৰাৰ আগ্রহী নাছিল। বিষ্ণুৰাম মেধি, মহম্মদ তৈবুল্লা আৰু অম্বিকাগিৰী ৰায়চৌধুৰীয়ে কংগ্ৰেছৰ সাংগঠনিক কার্যত নেতৃত্ব প্রদানেৰে দলটোত নতুন জীৱন সঞ্চাৰ কৰিছিল। তেওঁলােকৰ নেতৃত্বত আইন অমান্য আন্দোলন অসমত গণ আন্দোলনত পৰিণত হৈছিল। আন্দোলনৰ বিভিন্ন দিশ চাবলৈ বহুতো নতুন সমিতি আৰু উপ-সমিতি গঠন কৰা হৈছিল। এই সমিতিসমূহৰ প্রধান উদ্দেশ্য আছিল – পুঁজি বৃদ্ধি কৰা, শোষণ আৰু দমনমূলক আইন অধ্যাদেশৰ বিৰোধ কৰ, বিদেশী বস্তুৰ বৰ্জন কৰা আৰু ৰাজ্যখনত কানিবিৰােধী আৰু সুৰাবিৰােধী অভিযানৰ বিৰূদ্ধে তীব্র প্ৰতিবাদ কৰা।
১৯৩০ চনৰ ১৪ এপ্রিল তাৰিখে নেহৰুক আৰু ৫ মে’ তাৰিখে গান্ধীক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই তেওঁলােকক জাতীয় আন্দোলনত অংশগ্রহণ কৰিবলৈ উৎসাহিত কৰি তুলিছিল। তেওঁলােকৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে বৃহৎসংখ্যক ছাত্রই প্রবািদ সাব্যস্ত কৰিছিল। গ্রেপ্তাৰ কৰাৰ প্ৰতিবাদ কাৰ্যস্বৰূপে হাজাৰ হাজাৰ ছাত্ৰই শ্শিক্ষানুস্থান বর্জন কৰিছিল। ১৯৩০ চনৰ জুলাই আৰু আগষ্ট মাহত ১৫,১৮৬ জন ছাত্ৰৰ ভিতৰত ৩,১১৭ জন ছাত্ৰই নিজ শিক্ষানুষ্ঠান এৰিছিল। পৰৱৰ্তী পৰ্যায়ত কানি আৰু মদৰ দোকানসমূহ বন্ধ কৰাৰ পদক্ষেপ গ্রহণ কৰিছল। ভূমিৰাজহ ৫০ শতাংশ হ্রাস কৰাৰ দাবী উত্থাপন কৰি বৃহৎসংখ্যক কৃষকে এই আন্দোলনত যােগদান কৰিছিল। চাপাপুৰ আৰু বিজনীত বন আইননা উলংঘা কৰা হৈছিল। ব্রহ্মপুত্র উপত্যকাৰ ছাত্ৰসকলক অনুসৰণ কৰি সুৰমা উপত্যকাৰ ছাত্ৰসকলেও আন্দোলনত অংশগ্রহণ কৰিছিল৷ এই আটাইবােৰ পদক্ষেপে আইন অমান্য আন্দোলনক অসমত সফল কৰি তুলিছিল।
50. ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যোগবিদ্যা ভাৰতৰ একগৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই এক অনবদ্য অৱদান। বৈদিক যুগত মহর্ষি সকলে যােগবিদ্যাৰ বিকাশ সাধন কৰিছিল। সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ছােৱাত ইয়াৰ উদ্ভৱ হৈছিল বুলি অনুমান কৰিব পাৰি। মহর্ষি পতঞ্জলিয়ে দ্বিতীয় শতিকাত যােগসূত্ৰ নামৰ এখন গ্রন্থ সংকলন কৰি এই বিদ্যাক সুসংহত ৰূপ দিয়ে। তেতিয়াৰ পৰা যােগবিদ্যা ভাৰতৰ জনপ্ৰিয় হৈ পৰে। যােগবিদ্যাৰ জৰিয়তে শাৰীৰিক উৎকর্ষ সাধন হােৱাৰ লগতে মানসিক আৰু আধ্যাত্মিক উৎকর্ষ সাধন হয়। যােগবিদ্যাৰ গুৰুত্ব উপলব্ধি কৰি ৰাষ্ট্ৰসংঘই ২১ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় যােগ দিৱস হিচাপে ঘােষণা কৰিছে।
নাইবা
অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমত আহােমসকলে ব্রহ্মপুত্র উপত্যকাত বসতি স্থাপন কৰাৰ আৰম্ভণিৰ পৰা সাহিত্য আৰু চিত্রকলা উভয়ৰে বিকাশ সাধন কৰিছিল৷ কলা শৈলী হিচাপে চিত্ৰকলাৰ বিকাশ সাধন কৰা হৈছিল। মধ্যযুগীয় অসমত চিত্রকলাৰ মাধ্যমেৰে সচিত্র গ্রন্থ প্রস্তুত কৰাৰ পৰম্পৰা বিকশিত কৰি ইয়াক বিস্তৃতভাৱে অনুশীলন কৰা হয়। কেইখনমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবিন্দ, কুমাৰ হৰণ আদি সাঁচিপতীয়া পুথি স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্ৰসমূহ অঁকা হৈছিল। প্রথমে সাঁচিপাতত এটা নির্দিষ্ট ৰঙৰ প্রলেপ দিয়া হৈছিল। তাৰ পাছত বিষয়বস্তুৰ প্রয়ােজন সাপেক্ষে ৰজা, প্রাসাদ, উপাস্য দেৱতা, জীৱ–জন্তু আদিৰ চিত্র অংকন কৰা হৈছিল। খালীস্থানত ফুল, লতা আদিৰ চিত্র উপস্থাপন কৰা হৈছিল। সাধাৰণতে ৰঙা, সেউজীয়া, হালধীয়া আৰু ক’লাৰং ব্যৱহাৰ হৈছিল। সপ্তদশ শতিকাৰ পৰা আহােম ৰজাসকলে চিত্ৰসকলৰ পৃষ্ঠপােষকতা কৰিছিল আনহাতেসত্ৰাধিকাৰৰ পৃষ্ঠপােষকতাত সত্ৰসমূহত সচিত্র পুথিৰ বিকাশ সাধন হৈছিল। এই সচিত্র গ্রন্থসমূহৰ মানদণ্ড যথেষ্ট উন্নত আছিল আৰু ইয়াত স্থানীয় প্রভাৱ বিৰাজ কৰিছিল। হস্তীবিদ্যার্ণৱ নামৰ সচিত্র পুথিখন সুকুমাৰ বৰকাইথে ৰচনা কৰিছিল। মধ্যযুগীয় অসমত চিত্রকলাৰ বিকাশৰ এটা নেতিবাচক দিশ এয়ে যে এই সময়ছােৱাত কেৱল ব্যাখ্যামূলক চিত্র শৈলীৰহে বিকাশ সাধন হৈছিল, অন্যান্য চিত্রশৈলীৰ এই সময়ছােৱাত অৱনতি ঘটিছিল।
51. ‘সম্পদ’ বুলিলে কি বুজায়? ইয়াৰ প্রধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ সকলো জীৱ আৰু পৰিস্থিতিতন্ত্ৰৰ কার্যাৱলী সম্পন্ন কৰিবলৈ প্ৰয়োজনীয় সম্পত্তিৰ উৎস, ৰাজহ, যোগান বা সহায়ক সম্পদ বোলে। অন্যার্থত মানুহৰ বিভিন্ন চাহিদা পূৰণ কৰা বস্তুবোৰকে সম্পদ বোলে। এই সম্পদবোৰক দেশ এখনৰ উমৈহতীয়া অৱলম্বন হিচাপে সংজ্ঞাবদ্ধ কৰা হয়।
প্রকৃতিত উপলব্ধ বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, খনিজ পদার্থ, মাছ আদি উপাদানবোৰক সম্পদ বুলি গণ্য কৰা হয়; কিয়নো এইবোৰে পৃথিৱীক মানুহৰ বাসোপযোগী কৰি তোলাৰ ক্ষেত্রত বিভিন্ন প্ৰকাৰে সহায় কৰে।
প্রখ্যাত অর্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদৰ মূল বৈশিষ্ট্যসমূহ হ’ল—
(ক) উপকাৰিতা: সম্পদৰ আটাইতকৈ গুৰুত্বপূর্ণ বৈশিষ্ট্যটো হ’ল যে ই বিভিন্ন ধৰণে মানুহৰ বাবে উপযোগী হোৱা উচিত। মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় কিছুমান চর্ত পূৰাব পাৰিব লাগিব। সম্পদে মানুহৰ কিছুমান অর্থনৈতিক কার্য যেনেঃ বিভিন্ন দ্রব্যৰ উৎপাদন, বিতৰণ আৰু উপভোগত সেৱা আগবঢ়ায়।
(খ) কার্যকাৰিতা: সকলো সম্পদৰে নিৰ্দিষ্ট কার্যকাৰিতা আছে অৰ্থাৎ এইবোৰ নিৰ্দিষ্ট কার্যক্ষমতাসম্পন্ন বা উপযোগিতা সম্পন্ন হোৱা বাঞ্চনীয়। উদাহৰণস্বৰূপে, বিভিন্ন উদ্যোগৰ বাবে খনিজ সম্পদৰ প্ৰয়োজন।
শসাই মানৱ জীৱন-নির্বাহ কায়, বননিয়ে মানুহে নিশাহত এৰি দিয়া কার্বন ডাই-অক্সাইড শোষণ কৰাৰ লগতে কাঠ, পশুখাদ্য, জীৱ-জন্তুৰ বাসস্থান আদিৰ যোগান ধৰে। এনেকৈয়ে প্রত্যেক সম্পদৰ এক নিজস্ব কার্যকাৰিতা আছে।
52. মাটি প্রদূষণ বুলিলে কি বুজায়? মাটি প্ৰদূষণৰ কাৰণবোৰ চমুকৈ বর্ণনা কৰা।
উত্তৰঃ ভূপৃষ্ঠৰ ওপৰত আৰু তলত পৃথিৱীৰ ভূপৃষ্ঠৰ অৱক্ষয়ক মাটি প্ৰদূষণ বুলি কোৱা হয়।
ভূমি প্ৰকৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে ই এক অপৰিহাৰ্য সম্পদ। মূলতঃ এই সম্পদৰ ওপৰত ভিত্তি কৰি মানৱ সভ্যতাৰ বিকাশ সম্ভৱ হৈছে। কিন্তু এই দুখৰ বিষয় যে মূলতঃ মানৱীয় কাৰকৰ বাবেই মাটি প্ৰদূষিত হৈ আহিছে।
ভূমিৰ প্ৰাকৃতিক গুণ আৰু উৰ্বৰতা ঢিলা হয়, যেতিয়া ই কিছুমান বিশেষ ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা, তেজস্ক্ৰীয় পদাৰ্থ, এচিড বৰষুণ ইত্যাদিৰ পৰিমাণৰ ক্ষেত্ৰত আহে। সাধাৰণতে মডাৰ কৃষি প্ৰথা, উদ্যোগ সম্প্ৰসাৰণ আৰু বনাঞ্চল ধ্বংস বৃদ্ধিয়ে ভূমি প্ৰদূষণৰ বাবে মূলতঃ দায়ী। কৃষিৰ মডাৰাইজেচনে শস্যৰ মাটিত ৰাসায়নিক লাইনাৰ, ইমগেচন, কীটনাশক আদি প্ৰয়োগ কৰিবলৈ উৎসাহিত কৰিছিল। ৰাসায়নিক সাৰ প্ৰয়োগৰ ফলত গঠন আৰু গুণৰ পৰিৱৰ্তন ঘটে। পথাৰত প্ৰয়োগ কৰা কীটনাশক আৰু অপতৃণনাশকে গ্ৰহণ কৰা পোক-পৰুৱা আৰু অপতৃণৰ উপৰিও সহায়ক অণুজীৱ আৰু অন্যান্য জীৱ-জন্তু ধ্বংস কৰে। এই সকলোবোৰে প্ৰাকৃতিক গুণ সলনি কৰি ভূমি প্ৰদূষিত কৰে। ঔদ্যোগিক আৱৰ্জনা আৰু ৰাসায়নিক পদাৰ্থইও মাটি প্ৰদূষিত কৰে, যদিহে মাটিৰ লগত মিহলি হয়।
53. মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল, বর্ণনা কৰা।
উত্তৰঃ মহাদেশীয় বিস্তাপন সূত্ৰ অনুসৰি আদিতে অর্থাৎ আজিৰ পৰা প্ৰায় ৩০০ নিযুত বছৰ পূৰ্বে পৃথিৱীৰ স্থলমণ্ডল একত্রিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। এই অৱস্থাত ভূখণ্ডটোক পেঞ্জিয়া আৰু চাৰিওফালে আগুৰি থকা জলমণ্ডলক পান্থালাচা বোলা হৈছিল। কালক্ৰমত স্থলমণ্ডল বা পেঞ্জিয়াৰ সোঁমাজেৰে পূর্ব–পশ্চিমাকৈ এখন ঠেক তথা দীঘলীয়া সাগৰৰ সৃষ্টি হৈছিল যিয়ে সমগ্র স্থলমণ্ডলক দুটা ভাগত বিভক্ত কৰিছিল। এই সাগৰখনক টেথিছ সাগৰ বোলা হৈছিল। দ্বি বিভক্ত পেঞ্জিয়াৰ উত্তৰ অংশটোক লৰেছিয়া আৰু দক্ষিণ অংশটোক গণ্ডোৱানালেও বোলা হয়। মধ্যজীৱীয় কল্পযুগত, অর্থাৎ প্রায় ২৫০ নিযুত বছৰ পূর্বে মহাদেশীয় সঞ্চাৰণ তথা বিভাজনৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড বিভাজিত হৈ বৰ্তমানৰ সাতখন মহাদেশৰ সৃষ্টি হয়। এই সূত্র অনুসৰি, লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীনলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে অৱস্থিত ইউৰােপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে, দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবৰ্ষ, আৰব অঞ্চল, মালয়েছিয়া আৰু অষ্ট্রেলিয়া তথা এন্টার্কটিকাকে ধৰি অন্যান্য অঞ্চলসমূহৰ সৃষ্টি হৈছিল গণ্ডোৱানালেণ্ডৰ পৰা।
নাইবা
এছিয়া মহাদেশৰ প্ৰাকৃতিক বৈশিষ্ট্যসমূহ আলোচনা কৰা।
উত্তৰঃ এই মহাদেশতেই পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বত হিমাল পৰ্বত শ্ৰেণী আৰু আটাইতকৈ ওখ শৃংগ এভাবেষ্ট অৱস্থিত। বহুতো দ্বীপ আৰু মৰুভূমিত্ত ইয়াত বিৰাজমান।
(ক) পর্বতমালা:- এছিয়া মহাদেশৰ মধ্যাংশটো কেইবাটাও গুৰুত্বপূর্ণ পর্বতমালাৰে গ্ৰঠিত:
১। এছিয়া মহাদেশৰ উত্তৰৰ পৰা দক্ষিণলৈ থকা ইউৰাল পর্বতমালাই মহাদেশখনৰ পশ্চিম সীমাটো গঠন কৰিছে।
২। মহাদেশখনৰ পূবৰ পৰা পশ্চিমলৈ বিভিন্ন শাখা–পর্বতেৰে হিমালয় পর্বতমালা বিস্তৃত হৈ আছে। বিশ্বৰ সর্বোচ্চ শৃংগ এভাৰেষ্ট এছিয়া মহাদেশতে অৱস্থিত৷
৩। পৃথিৱীৰ দ্বিতীয় বৃহৎ শৃংগ গডউইন অষ্টিন এছিয়া মহাদেশৰ কাৰাকোৰাম পর্বতমালাত অৱস্থিত। কুনলুন, আলটাইন, টিয়েনচান, আলটাই আৰু আৰাৱলী আদি অন্যান্য পর্বতমালা।
(খ) মালভূমি:- বিশ্বৰ উচ্চতম মালভূমি পামিৰ মালভূমিও এছিয়া মহাদেশতে অৱস্থিত। এছিয়া মহাদেশত অৱস্থিত। অন্যান্য গুৰুত্বপূর্ণ মালভূমিকেইটা হৈছে তিব্বত, ছাইবেৰিয়া, মংগােলীয় মালভূমি, দাক্ষিণাত্য মালভূমি, আৰব মালভূমি আৰু ইৰাণ মালভূমি আদি।
(গ) নদ–নদীসমূহ:- এছিয়া মহাদেশত বিভিন্ন পৰ্বতীয়া উচ্চভূমি অঞ্চলৰ পৰা কেইবাটাও বৃহৎ নদীৰ উৎপত্তি হৈ সাগৰ মহাসাগৰলৈ বৈ গৈছে। মহাদেশখনৰ দক্ষিণ–মধ্য অংশত সিন্ধু, গংগা আৰু ব্রহ্মপুত্র আদি প্রধান নদী বৈ থকাৰ বিপৰীতে উত্তৰ অংশত ওব, মেনিছি আৰু লেনা নদী বৈ গৈছে। আনহাতে পূর্ব অংশত আমুৰ, হােৱাংহাে, ইয়াংজে কিয়াং, চিকিয়াং আদি প্রধান নৈ বৈ গৈছে আৰু দক্ষিণ তথা দক্ষিণ–পূর্ব অংশত নর্মদা, তাপ্তি, মহানদী, গােদাবৰী, কৃষ্ণা, কাৰেী, বৰাক, মে’নাম, ইৰাৱতী, মেকং আদি নৈ বৈ গৈছে।
(ঘ) সমভূমি:- সকলোবােৰ প্রধান নদীয়েই বৃহৎ সাৰুৱা সমভূমি আৰু ব–দ্বীপৰ সৃষ্টি কৰিছে।
(ঙ) হ্রদ:- এছিয়া মহাদেশত সৰু বৰ বহুতাে হ্রদ আছে। ইয়াৰে ভিতৰত গুৰুত্বপূৰ্ণ হ্রদসমূহ হৈছে—বলখাচ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট, কল্লেৰু, লােকটাক আদি।
(চ) মৰুভূমি:- এছিয়া মহাদেশত থৰ আৰু আৰব মৰুভূমিৰ দৰে উষ্ণ মৰুভূমিৰ লগতে গােবি মৰুভূমিৰ দৰে শীতল মৰুভূমিও আছে।
(ছ) দ্বীপ:- প্রশান্ত মহাসাগৰৰ প্ৰায়বােৰ দ্বীপেই এছিয়া মহাদেশৰ অন্তৰ্গত এই দ্বীপসমূহ হৈছে জাপান, টাইৱান, ফিলিপাইন, জাভা, সুমাত্রা আৰু বর্ণিম’ আদি। আন্দামান–নিকোবৰ , শ্রীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ, বাহৰেইন আদিৰ দৰে ভাৰত মহাসাগৰৰ দ্বীপসমূহো এছিয়া মহাদেশতে অৱস্থিত।
54. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমত এক দক্ষ পৰিবহণ ব্যৱস্থা বিকাশৰ প্রবল সম্ভাৱনা আছে আৰু ইয়াৰ আৱশ্যকতাও যথেষ্ট। অসমৰ পৰিবহন ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া কাৰণকেইটা তলত উল্লেখ কৰা হ’ল-
(ক) পাহাৰ, মালভূমি, সমভূমি, প্লাবন ভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূর্ণ অসমৰ ভিন্ন ভূ–প্রকৃতিৰ বাবে যাতায়ত ব্যৱস্থা সম্প্ৰসাৰণ কৰা ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়।
(খ) অসমৰ বেছিভাগ নদীয়েই খৰাং কালত শুকাই যোৱাৰ ফলত বছৰৰ সকলো সময়তে নাব্য চলাচল বিপদজনক হয়।
(গ) বাট-পথ নির্মাণ আৰু মেৰামতিৰ বাবে কিছুমান অঞ্চলৰ মাটিৰ গুণাগুণ উপযুক্ত নহয়। তদুপৰি, প্ৰচুৰ ৰষুণৰ বাবে বাট–পথ অতি সহজে নষ্ট হয়। বাট–পথ নির্মাণত আধুনিক প্রযুক্তি আৰু কৌশল প্রয়ােগ নকৰাৰ ফলত অতি কম দিনৰ ভিতৰতে বাট–পথৰ শােচনীয় অৱস্থা হয়।
(ঘ) ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম পিছপৰি থকা বাবে ইয়াৰ পৰিবহণ ব্যৱস্থাটোও অনুন্নত হৈ আছে।
(ঙ) পৰিবহণৰ উন্নতি আৰু প্ৰসাৰৰ বাবে চৰকাৰী আঁচনিসমূহ সময়মতে আৰু সঠিকভাৱে ৰূপায়ণ নকৰা বাবে ইয়াৰ উন্নয়ন সম্ভৱ হৈ উঠা নাই।
নাইবা
অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবোৰ কি কি?
উত্তৰঃ অসম প্রাকৃতিক সম্পদত চহকী ৰাজ্য কিন্তু বৰ্তমান সময়ত প্রাকৃতিক আৰু মানৱজনিত কাৰকৰ বাবে প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয় হয়।
প্রাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ প্রধান কাৰণসমূহ হ’ল:
(ক) দ্রুতগতিত অসমৰ জনসংখ্যা বৃদ্ধি পােৱাৰ ফলত মানুহৰ বসতি আৰু খাদ্য–শস্যৰ প্রয়ােজনীয়তা বৃদ্ধি পাইছে৷ ফলত বনাঞ্চল ধংস কৰি বনাঞ্চলত হোৱা বেদখল সংঘটিত কৰে।
(খ) জলবিদ্যুত প্রকল্প, চিমেন্ট উদ্যোগ, ইটাভাটা উদ্যোগে পানী, মাটি, বায়ু প্ৰদূষিত কৰি জৈৱ-বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনে৷
(গ) খাদ্য–শস্যৰ বৰ্দ্ধিত উৎপাদনৰ কাৰণে হাবি – বননি আৰু আর্দ্রভূমিসমূহ চাফা কৰি খেতি–বাতিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে৷
(ঘ) খনিজাত দ্রব্যসমূহ অবৈজ্ঞানিকভাৱে আহৰণ কৰি পৰিবহণ, উদ্যোগ আৰু শক্তিখণ্ডত অত্যধিক মাত্ৰাত ব্যৱহাৰ কৰাৰ ফলস্বৰূপে খনিজ সম্পদসমূহ ধ্বংসৰ মুখলৈ আগবাঢ়ি গৈ আছে।
(ঙ) অপৰিকল্পিত নগৰীকৰণ আৰু ঔদ্যোগিকৰণৰ ফলস্বৰূপে বায়ু, পানী আৰু ভূমি প্ৰদূষণ বৃদ্ধি কৰিছে।
55. অসমৰ এখন নক্সা মানচিত্র আঁকা আৰু তাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱা:
(a) চফট্ৰৱেৰ প্ৰযুক্তি পার্ক।
(c) ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলাখন।
উত্তৰঃ
56. যুক্তৰাষ্ট্ৰ বুলিলে কি বুজায়? পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কোনখন দেশত হৈছিল?
উত্তৰঃ যুক্তৰাষ্ট্ৰ হ’ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সম্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। ইয়াত ৰাজ্যসমূহে এখন কেন্দ্রীয় চৰকাৰৰ সার্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্রতা আৰু স্বকীয়তা অক্ষুণ্ণ ৰাখে।
পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল।
নাইবা
ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ তিনিটা মূল পার্থক্য লিখা।
উত্তৰঃ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ তিনিটা মূল পার্থক্য হ’ল-
ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্রৰ | ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ |
ভাৰতবর্ষৰ সংসদীয় গণতন্ত্র প্রধানতঃ এখন গণৰাজ্য। | কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্র গণৰাজ্য নহয়। |
ইংলেণ্ডৰ সংসদত হাউছ অব লর্ডছ থাকে, য’ত সদস্যসকলে বংশানুক্ৰমিকভাবে অথবা মনোনীত হয়। | ভাৰতবৰ্ষৰ সংসদত ৰাজ্যসভা থাকে, য’ত সদস্যসকলক বিভিন্ন চৰকাৰী আৰু বিধানসভাৰ মাধ্যমে নিৰ্বাচিত কৰা হয়। এই দুয়োটা উচ্চ সদনৰ গঠন আৰু ক্ষমতা একে নহয়। |
ইংলেণ্ডৰ সংসদ যথেষ্ট শক্তিশালী আৰু ৰাজনৈতিক সিদ্ধান্তত অধিক প্ৰভাৱশালী। | ভাৰতবৰ্ষৰ সংসদ ততধিক শক্তিশালী নহয়, কাৰণ ইয়াত একাধিক বিধান আৰু সংবিধানিক নিৰ্দেশনাৰ আধাৰত সঙ্কলিত পদ্ধতি অনুসৰণ কৰা হয়। |