Class 9 Geography Elective Chapter 8 উদ্যোগ

Class 9 Geography Elective Chapter 8 উদ্যোগ, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 8 উদ্যোগ and select need one.

Class 9 Geography Elective Chapter 8 উদ্যোগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 8 উদ্যোগ Solutions for All Subject, You can practice these here.

উদ্যোগ

অধ্যায় – ৮

প্ৰশ্নৱালী

১। শ্রেণীবিভাজনৰ ভিত্তি উল্লেখ কৰি উদ্যোগক শ্রেণী বিভক্ত কৰা।

উত্তৰঃ আমাৰ প্ৰয়োজন পূৰাবলৈ নানা ধৰণৰ বস্তু বা সামগ্রী লাগে। এইবোৰৰ বেছি ভাগকেই আমি উদ্যোগৰ পৰা পাওঁ। একোটা উদ্যোগে যিহেতু নির্দিষ্ট কিছুমান বস্তুহে উৎপাদন কৰে, সেয়ে প্রয়োজনীয় বস্তুৰ সংখ্যা বাঢ়ি যোৱাৰ লগে লগে নানা প্ৰকাৰৰ উদ্যোগৰ আৱশ্যকতাও বাঢ়ে। বর্ধিত জনসংখ্যাৰ বিচিত্র চাহিদা আৰু বিজ্ঞান-প্রযুক্তিবিদ্যাৰ দ্রুত বিকাশে নানা প্ৰকাৰৰ উদ্যোগ গঢ়ি তোলাৰ সম্ভৱনা ক্রমান্বয়ে বৃদ্ধি কৰিছে।

প্রতিষ্ঠানৰ আকাৰ, ব্যৱহাৰ হোৱা কেঁচামাল, উৎপাদন আৰু মালিকীস্বত্বৰ ভিত্তিত উদ্যোগসমূহক তলত দিয়া ধৰণে শ্রেণী বিভক্ত কৰিব পাৰি।

(i) আকাৰ অনুযায়ী উদ্যোগ প্রধানকৈ তিনিপ্ৰকাৰৰ হ’ব পাৰে—

(ক) ঘৰুৱা উদ্যোগ।

(খ) ক্ষুদ্র উদ্যোগ।

(গ) বৃহৎ উদ্যোগ।

(ii) ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক প্রধানকৈ পাঁচ ভাগত ভগাব পাৰি—

(ক) কৃষিভিত্তিক উদ্যোগ।

(খ) খনিজ সম্পদভিত্তিক উদ্যোগ।

(গ) ৰসায়নিক দ্রব্যভিত্তিক উদ্যোগ।

(ঘ) বনজ সম্পদভিত্তিক উদ্যোগ।

(ঙ) প্রাণীভিত্তিক উদ্যোগ।

(iii) উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ প্রধানকৈ দুই প্ৰকাৰৰ হ’ব পাৰে—

(ক) মৌলিক উদ্যোগ।

(খ) উপভোগ্য বস্তুৰ উদ্যোগ।

(iv) প্রতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ আকৌ তিনিপ্ৰকাৰৰ হ’ব পাৰে—

(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগ।

(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগ।

(গ) যৌথ খণ্ডৰ উদ্যোগ।

২। ঘৰুৱা উদ্যোগ কি? এই উদ্যোগৰযোগেদি সাধাৰণতে কেনে ধৰণৰ সামগ্রী তৈয়াৰ কৰা হয়।

উত্তৰঃ সাধাৰণতে ঘৰতে পৰিয়ালৰ সদস্যসকলে গঢ়ি তোলা অতি ক্ষুদ্র আকাৰৰ উদ্যোগকে ঘৰুৱা উদ্যোগ বোলে। থলুৱা কেঁচামাল ব্যৱহাৰ কৰি অতি সাধাৰণ যন্ত্র-পাতি বা পৰম্পৰাগত কৌশল প্রয়োগেৰে এই উদ্যোগে বস্তু উৎপাদন কৰে। উৎপাদিত বস্তু সাধাৰণতে ঘৰতে ব্যৱহাৰ কৰা হয় বা স্থানীয় বজাৰত বিক্রি কৰা হয়। মাটিৰ বা ধাতুৰ সাজ-বাচন, শালত বোৱা কাপোৰ, খাদ্যবস্তু, আচবাব, আ-অলংকাৰ আদি ঘৰুৱা উদ্যোগৰ দ্বাৰা উৎপাদিত দ্রব্য।

৩। ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগৰ এটি তুলনামূলক আলোচনা দাঙি ধৰা।

উত্তৰঃ চীন, ভাৰত আদি ঘন বসতিৰ দেশত ক্ষুদ্র উদ্যোগৰ গুরুত্ব সর্বাধিক। অবস্থান, যন্ত্র-পাতিব প্রয়োগ আৰু উৎপাদনৰ ক্ষেত্রত এই উদ্যোগ ঘৰুৱা উদ্যোগতকৈ কিছু বেলেগ। ক্ষুদ্র উদ্যোগত শ্রমিকৰ সংখ্যা সীমিত আৰু মূলধনৰ বিনিয়োগো কম। সাধাৰণতে থলুৱা কেঁচামাল আৰু শ্ৰমিকৰ ওপৰত এই উদ্যোগৰ উৎপাদন নিৰ্ভৰ কৰে। ক্ষুদ্র উদ্যোগে স্থানীয় লোকৰ আৰ্থিক বিকাশ আৰু ক্রয় শক্তি বৃদ্ধিত সহায় কৰে। এই উদ্যোগ প্ৰতিষ্ঠাৰ যোগেদি উদ্যোগৰ বিকেন্দ্ৰীকৰণ সম্ভৱ কৰি তুলিব পাৰি।

আনহাতে বৃহৎ উদ্যোগৰ কাৰণে বৃহৎ পৰিমাণৰ মূলধন, নানা প্ৰকাৰৰ কেঁচামাল, প্রশিক্ষণপ্রাপ্ত শ্রমিক, অত্যাধুনিক প্রযুক্তি, যথেষ্ট ইন্ধন আৰু বৃহৎ বজাৰৰ প্ৰয়োজন। বৃহৎ উদ্যোগসমূহ আন্তর্জাতিক বজাৰৰ ওপৰত নিৰ্ভৰশীল হোৱাৰ কাৰণে, সেইবোৰৰ পৰিচালনাও অতি জটিল। সাধাৰণতে ইউৰোপ আৰু আমেৰিকাৰ উন্নত ৰাষ্ট্ৰবোৰতে বৃহৎ উদ্যোগসমূহ কেন্দ্রীভূত হৈ আছে। সাধাৰণতে বৃহৎ উদ্যোগক কেন্দ্ৰ কৰি অঞ্চল একোটাত অন্য বহুতো মজলীয়া আৰু সৰু-সুৰা উদ্যোগ গঢ়ি উঠিব পাৰে। জাপান, চীন আৰু ভাৰত আদি দেশতো যথেষ্ট সংখ্যক বৃহৎ উদ্যোগ আছে। বৃহৎ উদ্যোগ প্রতিষ্ঠাই একোটা এলেকাক কালক্রমত ঔদ্যোগিক অঞ্চললৈ ৰূপান্তৰিত কৰে।

৪। কৃষিভিত্তিক উদ্যোগ কি উদাহৰণেৰে বুজোৱা।

উত্তৰঃ কৃষিজাত শস্য বা সামগ্রীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ বোলা হয়। সাধাৰণতে ব্যৱহাৰৰ উপযোগী কৰি তুলিবলৈ বা সাঁচি ৰখাৰ উদ্দেশ্যে কৃষিজাত সামগ্ৰীবোৰক কিছু পৰিমাণে হ’লেও শোধন কৰাৰ প্ৰয়োজন হয়। ইয়াৰ কাৰণেই ধান কল, ঘেঁহু কল, চেনি কল, পানীয় (চাহ, কফি আদি) উদ্যোগ, তেল উদ্যোগ, মছলা উদ্যোগ আদি গঢ়ি উঠিছে। কিছুমান শস্যৰ উৎপাদন বছৰটোৰ এটা বিশেষ ঋতুত ব্যাপক পৰিমাণে হয় কাৰণে সেইবোৰ অন্য ঠাইলৈ ৰপ্তানিৰ উদ্দেশ্যেও কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে। পৃথিৱীৰ প্ৰায় সকলো কৃষিপ্রধান দেশতে কৃষিভিত্তিক উদ্যোগৰ প্রাধান্য আছে।

৫। খনিজ সম্পদভিত্তিক উদ্যোগৰ এটি চমু আভাস দিয়া।

উত্তৰঃ খনিজ সম্পদভিত্তিক উদ্যোগৰ প্রধান কেঁচামাল হৈছে বিভিন্ন প্ৰকাৰৰ খনিজ সম্পদ। পৃথিৱীৰ যিবোৰ অঞ্চল খনিজ সম্পদত চহকী স্বাভাৱিকতে তাতেই এনে ধৰণৰ উদ্যোগ গঢ়ি উঠে। অৱশ্যে আজিকালি পৰিবহণৰ সুবিধা বাঢ়ি অহাৰ কাৰণে খনিজ সম্পদ নথকা ঠাইতো খনিজ সম্পদভিত্তিক উদ্যোগ গঢ়ি উঠাটো সম্ভৱ হৈ উঠিছে। লো-তীখা, এলুমিনিয়াম, তাম, পেট্রোলিয়াম আদিৰ উৎপাদন খনিজ সম্পদ ভিত্তিক উদ্যোগৰ ভিতৰত পৰে।

৬। মৌলিক উদ্যোগ বুলিলে কি বুজা উদাহৰণ দি লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বুলি কোৱা হয়। এই প্রকাৰৰ উদ্যোগে মূলতঃ অন্য উদ্যোগৰ বাবে প্রয়োজনীয় কেঁচামাল উৎপাদন কৰে। মৌলিক উদ্যোগে যন্ত্র-পাতি তৈয়াৰ কৰা উদ্যোগবোৰক কেঁচামাল যোগান ধৰে। যন্ত্র-পাতিবোৰে আকৌ অন্য বস্তু বা সামগ্রী উৎপাদনত সহায় কৰে। সেয়ে লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ।

৭। উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি আভাস দিয়া।

উত্তৰঃ এখন দেশৰ কিছুমান অঞ্চলত উদ্যোগ সহজে গঢ় লৈ উঠিব পাৰে আৰু কালক্ৰমত তেনে ঠাই ঔদ্যোগিক অঞ্চলত পৰিণত হ’ব পাৰে। সাধাৰণতে নানা ধৰণৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকে উদ্যোগৰ প্ৰতিষ্ঠা আৰু অৱস্থান নির্ণয় কৰে। 

উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণকাৰী কাৰকসমূহৰ এটি চমু আভাস দাঙি ধৰা হ’ল—

কেঁচামাল: সকলো উদ্যোগৰ বাবে কেঁচামাল আৱশ্যক। বিভিন্ন উৎসৰপৰা কেঁচামাল আহৰণ কৰা হয়। কেঁচামালৰ উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধূৰ লো-আঁকৰ হোৱাৰ বাবে ইয়াৰ উদ্যোগ সাধাৰণতে লো-আঁকৰৰ উৎস স্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়ন শিল্পৰ প্ৰধান কেঁচামাল কপাহৰ ওজন লঘু হোৱাৰ লগতে উৎপাদন প্রক্রিয়াত ই বিশেষ ওজন নেহেৰুবায়। সেয়েহে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ’বও পাৰে। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎস স্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে।

শক্তি বা ইন্ধন: সকলো উদ্যোগৰ বাবে শক্তি বা ইন্ধনৰ প্রয়োজন। ইন্ধনৰ প্ৰধান উৎসসমূহ হৈছে—কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ, জলবিদ্যুৎ, আণরিক শক্তি আদি। কয়লা শক্তিৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ সাধাৰণতে কয়লাক্ষেত্ৰৰ কাষত প্রতিষ্ঠা কৰা হয়। কাৰণ গধূৰ কয়লাৰ পৰিবহণ অতি ব্যয় সাপেক্ষ। অন্যান্য ইন্ধনৰ ওপৰত নিৰ্ভৰশীল উদ্যোগসমূহ ইন্ধনৰ উৎসৰপৰা কিছু দুৰৈতো অৱস্থিত হ’ব পাৰে। মুঠতে ইন্ধন বা শক্তিয়ে উদ্যোগ প্রতিষ্ঠাৰ ক্ষেত্ৰত নিৰ্ণায়কৰ ভূমিকা ল’ব পাৰে।

শ্রমিক: উদ্যোগসমূহ পৰিচালনাৰ বাবে কম-বেছি সংখ্যক প্রশিক্ষণপ্রাপ্ত শ্রমিকৰ প্রয়োজন। চাহ শিল্পৰ দৰে কিছুমান উদ্যোগক কম ব্যয়সাপেক্ষ বহুতো শ্রমিকৰ দৰকাৰ। আনহাতে কেতবোৰ উদ্যোগত যান্ত্রিকীকৰণ ইমান বেছি যে তাত সাধাৰণ শ্রমিকৰ প্ৰয়োজন কম। গতিকে উদ্যোগৰ অৱস্থান নিয়ন্ত্রণকাৰী কাৰকবোৰৰ ভিতৰত শ্ৰমিকৰ কথাটো বিশেষভাৱে গুরুত্বপূর্ণ।

যাতায়ত পৰিবহণ: উদ্যোগ প্রতিষ্ঠাৰ বাবে উপযুক্ত যাতায়ত পৰিবহণ ব্যৱস্থাৰ আৱশ্যক। উদ্যোগলৈ কেঁচামাল অনা আৰু বজাৰলৈ উৎপাদিত সামগ্ৰী কঢ়িয়াবৰ বাবে যাতায়ত আৰু পৰিবহণ ব্যৱস্থা উন্নত হ’ব লাগে। তদুপৰি শ্রমিক আৰু অন্যান্য বয়-বস্তু কঢ়িরাবলৈও পৰিবহণ ব্যৱস্থা সুচল হ’ব লাগে। এইদৰে সুচল যাতায়ত আৰু পৰিবহণ ব্যৱস্থায়ো উদ্যোগৰ অৱস্থান যথেষ্ট পৰিমাণে নিয়ন্ত্রণ কৰে।

বজাৰ: উদ্যোগৰ অৱস্থান নিয়ন্ত্ৰণত বজাৰে অতি গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। উদ্যোগ বজাৰৰ ওপৰত অৱস্থিত হ’লে উৎপাদিত সামগ্ৰীৰ পৰিবহণ ব্যয় কমি যায়। বহুতো উদ্যোগ নগৰত বা লগৰৰ আশে পাশে গঢ় লৈ উঠা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে নগৰাঞ্চলৰ কাষত থকা বিশাল নগৰীয়া বজাৰ। গতিকে ক’ব পাৰি যে বজাৰৰ সুবিধাই উদ্যোগৰ অৱস্থানত মূখ্য কাৰক হিচাপে ভূমিকা পালন কৰে।

মূলধন: ঘৰুৱা উদ্যোগৰ বাহিৰে অন্যান্য উদ্যোগসমূহ প্ৰতিষ্ঠাৰ বাবে যথেষ্ট পৰিমাণৰ মূলধনৰ আৱশ্যক। উদ্যোগ প্রতিষ্ঠাৰ বাবে প্রয়োজনীয় মাটি, ঘৰ-বাৰী, যন্ত্ৰ-পাতি, ইন্ধন, শ্রমিক, যাতায়ত আৰু পৰিবহণ আদি সকলো ব্যৱস্থা যথেষ্ট ব্যয়বহুল। সেয়েহে কেঁচামাল বা শ্রমিকৰ ক্ষেত্ৰত চহকী হ’লেও কেৱল মূলধনৰ নাটনিৰ বাবেই একোটা অঞ্চল উদ্যোগৰ ক্ষেত্ৰত পিছ পৰি থকা দেখা যায়। মূলধনেই ব্যক্তি বা চৰকাৰক উদ্যোগ প্ৰতিষ্ঠাৰ দিশত প্ৰথম উদ্‌গণি যোগায়।

চৰকাৰী নীতি: উদ্যোগ স্থাপন আৰু ইয়াৰ বিকাশৰ ক্ষেত্ৰত চৰকাৰী নীতিৰ প্ৰয়োজন আছে। পৃথিৱীৰ সকলো দেশতে অর্থনৈতিক পৰিচালনাৰ বাবে ঔদ্যোগিক নীতি আছে। ব্যক্তিগত খণ্ডত প্রতিষ্ঠিত উদ্যোগেও এই ক্ষেত্ৰত চৰকাৰী নীতি নির্দেশনা পালন কৰিবলগীয়া হয়। চৰকাৰী নীতি নির্দেশনাই ক’ত কি উদ্যোগ কেনেধৰণে স্থাপন কৰিব পাৰি তাৰ ওপৰত প্রত্যক্ষ প্রভাৱ পেলাব পাৰে।

৮। উদ্যোগৰ অৱস্থানত কেঁচামালৰ ভূমিকা সম্বন্ধে উদাহৰণ দি লিখা।

উত্তৰঃ সকলো উদ্যোগকে কেঁচামাল লাগে। কেঁচামাল বহুতো উৎসৰ পৰা পাব পাৰি। কিছুমান কেঁচামাল গধুৰ। অন্য কিছুমান আপেক্ষিকভাবে পাতল, কিন্তু সোনকালে নষ্ট হয়। অন্য কিছুমানৰ উৎপাদন প্ৰক্ৰিয়াৰ মাজেদি যাওঁতে পূৰ্বৰ ওজন বহু পৰিমাণে কমি যায়। এইবোৰক ওজন কমা কেঁচামাল বুলি ক’ব পাৰি। যিয়েই নহওঁক, কেঁচামালৰ উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। লো-তীখাৰ প্ৰধান কেঁচামাল গধূৰ লোৰ আঁকৰ হোৱাৰ কাৰণে ইয়াৰ উদ্যোগ সাধাৰণতে লোৰ আঁকৰৰ উৎসস্থানৰ ওচৰতে প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ ফলত কেঁচামাল পৰিবহণৰ ব্যয় যথেষ্ট কমি থাকে। আনহাতে বয়নশিল্পৰ প্রধান কেঁচামাল কপাহৰ ওজন লঘূ হোৱাৰ লগতে উৎপাদন প্রক্রিয়াত কপাহৰ দৰে কেঁচামালে বিশেষ ওজন নেহেৰুৱায়। সেই বাবে কপাহ উদ্যোগ কেঁচামালৰ উৎসস্থানত অৱস্থিত নহ’বও পাৰে। সেইদৰে চেনী শিল্পৰ প্রধান কেঁচামাল কুঁহিয়াৰ হোৱাৰ কাৰণে এইবিধ শিল্প কুঁহিয়াৰ উৎপাদন ক্ষেত্ৰৰ ওচৰতে অৱস্থিত হ’লে সুবিধা বেছি। সোনকালে নষ্ট হোৱাৰ সম্ভাৱনা থকা কেঁচা কুঁহিয়াৰ বেছি দূৰলৈ কঢ়িওৱাৰ ক্ষেত্ৰত বহুতো অসুবিধা থাকে। এইদৰে কেঁচামালৰ গুণাগুণ আৰু উৎসস্থানে উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্রণ কৰে।

৯। ভাৰতৰ লো-তীখা উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ লো-তীখাৰ উদ্যোগ এবিধ মৌলিক উদ্যোগ। লো-তীখাৰ বৃহৎ উদ্যোগবোৰ সাধাৰণতে ইয়াৰ কেঁচামাল, যেনে— লোৰ আঁকৰ, কয়লা, মেংগানিজ আৰু চূণশিলৰ উৎস স্থানৰ ওচৰতে প্রতিষ্ঠা কৰা হয়। অৱশ্যে লো-তীখাৰ ক্ষুদ্র উদ্যোগবোৰ বজাৰৰ ওচৰতো গঢ়ি উঠিব পাৰে। যিয়েই নহওঁক, এই উদ্যোগ প্ৰতিষ্ঠাৰ বাবে বৃহৎ পুঁজিৰ প্ৰয়োজন হয় আৰু সেই কাৰণেই লো-তীখাৰ উদ্যোগবোৰ পৃথিৱীৰ উন্নত দেশবোৰত কেন্দ্ৰীভূত হৈ আছে।

ভাৰতত লো-তীখাৰ শিল্পৰ ইতিহাস দীঘলীয়া। পুৰণিকালত থলুৱা পৰম্পৰাগত পদ্ধতিৰে লৌহ সামগ্ৰী প্ৰস্তুত কৰাৰ প্ৰমাণ পোৱা যায়। অৱশ্যে দেশখনত ইয়াৰ আধুনিক ঔদ্যোগিক উৎপাদন আৰম্ভ হয় ১৯০৭ চনত। বৰ্তমানৰ জামছেদপুৰত জে. এন. টাটাই লো-তীখাৰ প্ৰথমটো উদ্যোগ প্রতিষ্ঠা কৰিছিল। এয়েই ভাৰতত আধুনিক লো-তীখা উদ্যোগৰ আৰম্ভণি।

ভাৰতৰ লো-তীখাৰ উদ্যোগ প্ৰধানকৈ বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা আৰু ছাট্টিছগড়ক সামৰি থকা প্রখ্যাত মণিক অঞ্চলটোতে সিঁচৰতি হৈ আছে। লো-তীখা শিল্পৰ বাবে আৱশ্যকীয় কেঁচামালবোৰ এই অঞ্চলটোত সহজে পোৱা যায় কাৰণে ইয়াতে এইবিধ উদ্যোগ কেন্দ্রীভূত হৈছে। অৱশ্যে পৰৱৰ্তীকালত দক্ষিণ ভাৰতৰ কৰ্ণাটক আৰু তামিলনাডুতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠে। দেশখনৰ প্রধান লো-তীখাৰ ঔদ্যোগিক কেন্দ্ৰবোৰ হৈছে– দুর্গাপুৰ, বাৰ্ণপুৰ, জামছেদপুৰ, আছানশোল, বোকাৰো, ৰুৰকেলা আৰু ভিলাই। দক্ষিণ বাৰতৰ ছালেম আৰু ভদ্রাৱতীতো লো-তীখাৰ উদ্যোগ গঢ়ি উঠিছে।

লো-তীখা উদ্যোগৰ ক্ষেত্ৰত ভাৰত পৃথিৱীৰ ভিতৰতে অন্যতম উল্লেখযোগ্য দেশ। ভাৰতত বর্তমানে বছৰি ৩০ নিযুত মেট্রিক টনৰো অধিক তীখা উৎপাদিত হয়। বছৰি দেশখনত কেঁচা লো উৎপাদনো সাধাৰণতে চাৰি নিযুত মেট্রিক টনৰো অধিক। লোৰ আঁকৰৰ বৃহৎ ভঁৰাল, আপেক্ষিকভাৱে সস্তীয়া শ্ৰমিকৰ সহজলভ্যতা আৰু বৃহৎ দেশীয় বজাৰে অদূৰ ভৱিষ্যতে ভাৰতৰ লো-তীখা উদ্যোগৰ দ্রুত বিকাশ সম্ভৱ কৰি তুলিব।

১০। ভাৰতৰ কপাহী বয়ন শিল্পৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ বয়ন উদ্যোগবোৰৰ ভিতৰত কপাহী বয়ন উদ্যোগে আজিও বিশেষ গুৰুত্ব লাভ কৰি আছে। অৱশ্যে অতি সাম্প্রতিককালত বিশেষকৈ কৃত্রিম সূতা ব্যৱহাৰ কৰি কাপোৰ প্ৰস্তুত কৰা উদ্যোগবোৰে এই উদ্যোগক গভীৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিছে।

কপাহী বয়ন উদ্যোগৰ প্রধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ। কপাহ হৈছে এবিধ ওজন নেহেৰুওৱা কেঁচমাল। সেয়ে ইয়াৰ উদ্যোগৰ অৱস্থান কেচাঁমালৰ উৎসস্থানতেই হওঁক বা বজাৰৰ ওচৰতেই হওক, পৰিবহণ ব্যয়ৰ বিশেষ পার্থক্য নঘটে। গতিকে অন্যান্য কাৰক, যেনে— শক্তি, শ্রমিক, অনুকূল প্রাকৃতিক পৰিৱেশ, বজাৰ, পৰিবহণৰ সুব্যৱস্থা আদিয়ে এই উদ্যোগৰ অৱস্থান বহু পৰিমাণে নিয়ন্ত্ৰণ কৰে। কপাহী বয়ন উদ্যোগৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, যুক্তৰাজ্য, চীন, জাপান, ইজিপ্ত, ভাৰত আদি দেশ যথেষ্ট আগবঢ়া।

আধুনিক যন্ত্রচালিত বয়ন উদ্যোগ প্রতিষ্ঠাৰ আগতে এই উদ্যোগ ঘৰুৱা শিল্প হিচাপে গোটেই ভাৰততে বিয়পি আছিল। এতিয়া আধুনিক যন্ত্রচালিত উদ্যোগ হিচাপে ভাৰতৰ প্ৰায়ভাগ ৰাজ্যতে এই উদ্যোগ সিঁচৰতি হৈ আছে। তথাপিও প্রধানকৈ মহাৰাষ্ট্ৰ, গুজৰাট, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ, কর্ণাটক আৰু তামিলনাডু ৰাজ্যত কপাহী বয়ন উদ্যোগ কেন্দ্রীভূত হৈ আছে। ইয়াৰ উপৰি অন্ধ্র প্রদেশ আৰু পশ্চিমবংগতো কিছু সংখ্যক এই উদ্যোগ আছে।

১১। ভাৰতৰ মানচিত্র এখন আঁকি তাত তিনিটা লো-তীখাৰ উদ্যোগ আৰু তিনিটা কপাহী বয়ন উদ্যোগৰ অৱস্থান দেখুওৱা।

উত্তৰঃ ভাৰতৰ তিনিটা লো-তীখাৰ উদ্যোগ—

(i) দুৰ্গাপূৰ।

(ii) জামছেদপুৰ।

(iii) ৰুৰকেলা।

ভাৰতৰ তিনিটা কপাহী বয়ন উদ্যোগ—

(i) মহাৰাষ্ট্ৰ।

(ii) গুজৰাট।

(iii) মধ্যপ্ৰদেশ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top