Class 9 Geography Elective Chapter 7 কৃষি

Class 9 Geography Elective Chapter 7 কৃষি, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 7 কৃষি and select need one.

Class 9 Geography Elective Chapter 7 কৃষি

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 7 কৃষি Solutions for All Subject, You can practice these here…

কৃষি

অধ্যায় – ৭

প্রশ্নাৱলী

১। কৃষি বুলিলে কি বুজা? কৃষিক প্রভাবান্বিত কৰা কাৰকবোৰৰ এটি আভাস দিয়া।

উত্তৰঃ শস্য উৎপাদন আৰু  পশুপালন কাৰ্যকে কৃষি বুলি ধৰা হয় ǀ

কৃষি কার্য বহুতো প্রাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, ঔদ্যোগীকৰণ, যাতায়াত-পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্রধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা-ব্যৱস্থাবোৰ একে নহয় কাৰণে কৃষি কার্যও সকলোতে একে ধৰণে কৰা নহয়। কৃষি-শস্য, কৃষি পদ্ধতি আৰু কৃষিৰ লক্ষ্য-উদ্দেশ্য ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। প্রাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকবোৰৰ মাজত পাৰ্থক্য থকাৰ কাৰণেই অসমৰ কৃষি ৰাজস্থানৰ কৃষিৰ লগত নিমিলে।

২। পৃথিৱীৰ সকলো ঠাইতে কৃষি একে নোহোৱাৰ কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ পৃথিৱীৰ সকলো ঠাইতে কৃষিকার্য একেধৰণৰ নহয়। কাৰণ কৃষিকাৰ্য বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকৰ ওপৰত নিৰ্ভৰশীল। প্রাকৃতিক কাৰকৰ ভিতৰত মাটি, মাটিৰ ঢাল, জলবায়ু, পানী আদি প্রধান। আর্থ-সামাজিক কাৰকৰ ভিতৰত মানুহৰ আৰ্থিক অৱস্থা, শিক্ষা-দীক্ষা, নগৰীকৰণ, উদ্যোগীকৰণ, যাতায়ত, পৰিবহণ ব্যৱস্থা, বজাৰ আদি প্ৰধান। পৃথিৱীৰ সকলো ঠাইতে এই অৱস্থা-ব্যৱস্থাবোৰ একে ধৰণৰ নহয়। এখন ঠাইৰ জলবায়ু, মাটি, মাটিৰ ঢাল, পানীৰ পৰিমাণ আদি আন এখন ঠাইৰ লগত নিমিলে। কৃষি শস্য, কৃষি পদ্ধতি আৰু কৃষিৰ লক্ষ্য-উদ্দেশ্য ও ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হোৱা দেখা যায়। প্রাকৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহৰ মাজত পার্থক্য থকাৰ বাবেই পৃথিৱীৰ এখন ঠাইৰ কৃষিকাৰ্য আৰু আন এখন ঠাইৰ কৃষিকাৰ্যৰ মাজত পার্থক্য থকা দেখা যায়।

৩। কৃষিক বিভিন্ন শ্রেণীত বিভক্ত কৰা আৰু শ্রেণীবিভাজনৰ ভিত্তিৰ আভাস দিয়া। 

উত্তৰঃ পৃথিৱীত মানুহে কৰি অহা কৃষিক নানা প্ৰকাৰত বিভক্ত কৰিব পাৰি।  

সেয়া হৈছে—

(i) কৃষিক্ষেত্ৰৰ স্থায়িত্বৰ ভিত্তিত কৃষি দুই প্ৰকাৰৰ হ’ব পাৰে—

(ক) স্থায়ী কৃষি।

(খ) ঠাই সলনি কৃষি বা ঝুম কৃষি।

(ii) কৃষিক্ষেত্ৰৰ আকাৰৰ ভিত্তিত কৃষিক অন্য দুই প্রকাৰত বিভক্ত কৰিব পাৰি—

(ক) বিশাল বা বিস্তৃত কৃষি।

(খ) ক্ষুদ্র বা গহণ কৃষি।

(iii) আর্থিক দিশৰ পৰা কৃষি অন্য দুই প্রকাৰৰ হ’ব পাৰে—

(ক) বাণিজ্যিক কৃষি।

(খ) আত্মনিৰ্ভৰশীল কৃষি।

(iv) মাটিৰ গুণাগুণ, জলবায়ু আৰু কৃষি পদ্ধতি অনুসৰি কৃষি অন্য দুই প্ৰকাৰৰ হ’ব পাৰে—

(ক) শুষ্ক কৃষি।

(খ) আর্দ্র কৃষি।

ইয়াৰ উপৰি কিছুমান বিশেষ ধৰণৰ কৃষি পৃথিৱীৰ কোনো কোনো দেশ বা অঞ্চলত কৰা হয়। সেইবোৰকো একো একো প্ৰকাৰৰ কৃষি হিচাপে বিবেচনা কৰিব পাৰি। তেনে ধৰণৰ কৃষিৰ ভিতৰত ৰোপণ কৃষি, যৌথ কৃষি, উদ্যান কৃষি আৰু বজাৰ কৃষি আদি প্রধান।

কৃষিৰ নানা ধৰণৰ বৈশিষ্ট্য, যেনে– স্থায়িত্ব, কৃষি পদ্ধতি, কৃষিৰ উদ্দেশ্য, কৃষি ক্ষেত্ৰৰ আকাৰ, পুঁজিৰ বিনিয়োগ আদি কৃষিক শ্রেণী বিভক্ত কৰাৰ ভিত্তি হ’ব পাৰে।

৪। স্থায়ী কৃষি কি? ইয়াৰ বৈশিষ্ট্য সম্বন্ধে চমুকৈ আলোচনা কৰা।

উত্তৰঃ কোনো এক অঞ্চলৰ লোকৰ দ্বাৰা ঘৰুৱা প্ৰয়োজনীয়তাৰ লগতে বাণিজ্যক উদ্দেশ্যেৰে কৰা কৃষিকাৰ্যক স্থায়ী কৃষি বোলে।

সাধাৰণতে সমভূমি অঞ্চলবোৰত মানুহে স্থায়ীভাবে বসতি কৰে আৰু তাৰ খেতি পথাৰত খেতিও স্থায়ীভাবে কৰে। এনেবোৰ অঞ্চলৰ কৃষিভূমিত মানুহে বছৰৰ পিছত বছৰ ধৰি খেতি কৰি থাকে। কৃষিকার্যত খেতিয়কে হাল, ট্ৰেক্টৰ, জলসিঞ্চন, সাৰ আদি ব্যৱহাৰ কৰে। একোখন ঠাইত স্থায়ীভাৱে কৰা এনে কৃষিকে স্থায়ী কৃষি বুলি কোৱা হয়। সম্প্রতি পৃথিৱীৰ প্ৰায়বোৰ অঞ্চলতে স্থায়ী কৃষি দেখা যায়। স্থায়ী কৃষিত উৎপাদনো বেছি হয়। পশুপালন স্থায়ী কৃষিৰ এটা প্রধান অংগ।

৫। ঠাই সলনি কৃষিৰ (ঝুম কৃষি) এটি চমু আভাস দিয়া। এই কৃষিয়ে কেনেকৈ পৰিৱেশৰ ক্ষতি সাধন কৰে বিশ্লেষণ কৰা।

উত্তৰঃ পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলৰ উচ্চভূমিবোৰত প্রাকৃতিক কাৰণতে খেতি স্থায়ীভাৱে কৰাটো টান। এইবোৰ অঞ্চলৰ বাসিন্দাসকলে পাহাৰ-পৰ্বতৰ ঢালত অস্থায়ীভাৱে খেতি কৰে। পাহাৰ-পৰ্বতৰ ঢালত থকা হাবি-বন মুকলি কৰি একেডৰা মাটিত ২-৩ বছৰৰ বাবে অস্থায়ীভাৱে খেতি কৰে। তাৰ পিছত সেই ঠাই এৰি পুনৰ একে পদ্ধতিৰে অন্য ঠাইত খেতি কৰে। এনে খেতিক ঠাই সলনি খেতি বুলি কোৱা হয়। ভাৰতৰ প্ৰায় সকলোবোৰ পাহাৰীয়া অঞ্চলতে এনে খেতি দেখা যায়। উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসমৰ পাহাৰীয়া অঞ্চলবোৰতো জনজাতীয় লোকসকলে এনে খেতি কৰে। উত্তৰ-পূৰ্বাঞ্চলত এই খেতিক ঝুম খেতি নামেৰে জনা যায়। ঝুম খেতি পুৰণিকলীয়া পদ্ধতিৰে কৰা খেতি। এই খেতিৰ উৎপাদন অতি কম। সঘনে ঠাই সলাই এই খেতি কৰিলে পৰিৱেশৰ ওপৰত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে।

৬। বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনাত্মক চিত্ৰ দাঙি ধৰা।

উত্তৰঃ বিস্তৃত কৃষি আৰু ক্ষুদ্ৰ কৃষিৰ এটি তুলনাত্মক চিত্ৰ দাঙি ধৰা হ’ল—

পৃথিৱীৰ যিবোৰ দেশত জনসংখ্যাৰ তুলনাত কৃষিভূমিৰ পৰিমাণ বেছি, সেইবোৰ দেশত কৃষিক্ষেত্র অতি বিশাল। বিশাল কৃষিক্ষেত্ৰত আধুনিক যান্ত্রিক পদ্ধতিৰে কৃষিকার্য সম্পাদন কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আদি দেশত বিস্তৃত কৃষিৰ প্ৰচলন অধিক। এনে কৃষিত একোবিধ শস্যই বিশাল কৃষিক্ষেত্ৰ আগুৰি থাকে। বিস্তৃত কৃষিৰ যোগেদি উৎপাদিত শস্যৰ বেছি অংশই আন্তর্জাতিক বজাৰলৈ যায়।

বিস্তৃত কৃষিৰ বিপৰীতে পৃথিৱীৰ ঘন জনবসতিৰ দেশবোৰত ক্ষুদ্ৰ কৃষিৰ প্ৰাধান্য বেছি। ভাৰত, বাংলাদেশ, পাকিস্তান, ম্যানমাৰ, জাপান আদি দেশত জনসংখ্যা বেছি হোৱা হেতুকে কৃষিভূমিৰ পৰিমাণ তুলনামূলকভাৱে কম। সীমিত পৰিমাণৰ মাটিতেহে খেতি কৰা হয়। এইবোৰ দেশত প্ৰতিটো কৃষক পৰিয়ালে অতি কম পৰিমাণৰ মাটিতেহে খেতি কৰাৰ সুবিধা পায়। সেয়ে পৰিয়ালৰ লোকসকলক ভৰণ-পোষণ দিবলৈ একেডৰা মাটিতে খেতিয়কে দুই-তিনিবাৰ খেতি কৰিবলগীয়া হয়। এনে খেতি বেছি শ্ৰম সাপেক্ষে। উৎপাদনৰ বেছি অংশ খেতিয়কৰ নিজৰ চাহিদা পূৰণত ব্যৱহাৰ হয়। তৃতীয় বিশ্বৰ ঘন জনবসতিৰ দেশবোৰত ক্ষুদ্ৰ কৃষিৰ প্ৰচলন অধিক।

৭। ৰোপণ কৃষি বুলিলে কি বুজা? ইয়াৰ বিশেষত্ব আলোচনা কৰা।

উত্তৰঃ এক বিশেষ প্ৰকাৰৰ শস্যৰ খেতি এক বৃহৎ পৰিসৰৰ ভূমিত শতাধিক লোক নিয়োগেৰে বৃহৎ যন্ত্ৰ-পাতি তথা বৈজ্ঞানিক পদ্ধতি প্ৰয়োগেৰে কৰিলে তেনে কৃষিক ৰোপণ বোলা হয়।

ৰোপণ কৃষিৰ প্ৰধান শস্যবোৰ হৈছে চাহ, কফি, ৰবৰ, কোকা আদি। উল্লেখযোগ্য যে ফৰাচীসকলে পশ্চিম আফ্রিকাত কফি আৰু কোকাৰ ৰোপণ কৃষি আৰম্ভ কৰিছিল। সেইদৰে ইংৰাজসকলে ভাৰত আৰু শ্রীলংকাত চাহ খেতি আৰু মালয়েছিয়াত ৰবৰৰ খেতি প্রবর্তন কৰিছিল। সম্প্ৰতি বেছিভাগ দেশতে ৰোপণ কৃষিৰ মলিকানা বিদেশী কোম্পানীৰ পৰিবৰ্তে দেশীয় চৰকাৰ বা পুঁজিপতিৰ হাতলৈ আহিছে। এই কৃষি মূলতঃ বাণিজ্যিক। ইউৰোপীয়সকলে ক্রান্তীয় অঞ্চলত থকা তেওঁলোকৰ উপনিবেশবোৰত এইবিধ কৃষিৰ সূচনা কৰিছিল। 

এই কৃষিৰ প্রধান বৈশিষ্ট্য হৈছে— বৃহৎ পুঁজিৰ বিনিয়োগ, আধুনিক প্রযুক্তিৰ প্রয়োগ, ডাঙৰ বাগিছাত বিশেষ এবিধ শস্যৰ উৎপাদন, ৰাস্তা-ঘাট আৰু কাৰখানা নির্মাণৰ যোগেদি উৎপাদন ব্যৱস্থাক বজাৰৰ সৈতে সংযোজন ইত্যাদি।

৮। নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক কৃষিৰ সম্বন্ধৰ এটি আভাস দিয়া।

উত্তৰঃ  নগৰীকৰণ আৰু বজাৰকেন্দ্ৰিক কৃষিৰ মাজত ওতঃপ্ৰোত সম্পৰ্ক আছে। কৃষিৰ অৰ্থনৈতিক কাৰকবোৰৰ ভিতৰত বজাৰৰ গুৰুত্ব সর্বাধিক। সাম্প্রতিক পৃথিৱীত দেশ আৰু দেশৰ মাজত অর্থনৈতিক বিনিময় বৃদ্ধি পাই অহাৰ লগে লগে বজাৰৰ ভূমিকা সকলো ক্ষেত্ৰতে বাঢ়িছে। বিশেষকৈ নগৰ আৰু ঔদ্যোগিক কেন্দ্ৰবোৰত ক্রয় শক্তি বেছিকৈ থকা লোকসকলে বসতি কৰাত তাত শাক-পাচলি, ফল-মূল আদিৰ চাহিদা অধিক। এই চাহিদা পূৰণ কৰিবলৈ নগৰ আৰু উদ্যোগবোৰৰ আশে-পাশে বছৰটোৰ সকলো সময়তে শাক-পাচলি আদি উদ্যান শস্যৰ খেতি নিবিড়ভাৱে কৰা হয়। নগৰৰ কাষৰীয়া ঠাইবোৰত যাতায়াত-পৰিবহণৰ সুবিধা থকাৰ বাবে তাত উৎপাদিত দ্রব্যবোৰ সহজে নগৰীয়া বজাৰত যোগান ধৰিব পাৰি। এনে সুবিধা থকাৰ বাবেই বিশেষকৈ ডাঙৰ নগৰবোৰৰ কেউকাষে বজাৰকেন্দ্ৰিক কৃষি গঢ়ি উঠে। পৃথিৱীৰ সকলো দেশৰ মহানগৰবোৰৰ দৰে ভাৰতৰ মহানগৰবোৰৰ চাৰিওফালে বজাৰকেন্দ্ৰিক কৃষিয়ে প্রাধান্য লাভ কৰাটো সহজে চকুত পৰে। আনকি গুৱাহাটী মহানগৰৰ আশ-পাশৰ ঠাইবোৰতো বজাৰকেন্দ্ৰিক শাক-পাচলিৰ কৃষিৰ প্রতি কৃষক সমাজ আকর্ষিত হোৱা দেখা গৈছে।

৯। ধান খেতিৰ বাবে কেনে পৰিৱেশৰ প্ৰয়োজন? ইয়াৰ ভৌগোলিক বিতৰণৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ ধান এবিধ প্রধান খাদ্য শস্য। পৃথিৱীৰ প্রায় আধা মানুহে ইয়াক মূল খাদ্য হিচাপে ব্যৱহাৰ কৰে। পৃথিৱীৰ মৌচুমী জলবায়ু অনুভূত হোৱা অঞ্চলবোৰত ধানৰ খেতি কৰা হয়। সাধাৰণতে নৈপৰীয়া সমতল, উপকূল আৰু ব-দ্বীপ অঞ্চল ধান খেতিৰ বাবে বিশেষভাৱে উপযোগী। কিছুমান পাহাৰীয়া এলেকাতো ধান খেতি হয়। ধান খেতিৰ বাবে অধিক উষ্ণতা আৰু বৃষ্টিপাতযুক্ত জলবায়ুৰ প্ৰয়োজন। উষ্ণতা ২৫° ছেলচিয়াছ — ৩৫° ছেলচিয়াছৰ ভিতৰত হ’ব লাগে। বার্ষিক বৃষ্টিপাতৰ পৰিমাণ ১০০-২০০ চেন্টিমিটাৰৰ ভিতৰত হ’লে ভাল। মৌচুমী জলবায়ুৰ অন্তর্গত চীন, ভাৰত, বাংলাদেশ, ম্যানমাৰ, থাইলেণ্ড, ভিয়েটনাম, জাপান, ফিলিপিন্‌ছ আদি প্রধান ধান উৎপাদনকাৰী দেশ। তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্রাজিল, ইজিপ্ত আদি দেশতো কিছু পৰিমাণে ধান খেতি কৰা হয়।

এছিয়া মহাদেশৰ চীন দেশতে সর্বাধিক ধান উৎপাদন হয়। তাৰ পাছতে ভাৰতৰ স্থান। ভাৰতৰ গংগা-ব্ৰহ্মপুত্ৰ উপত্যকা আৰু পূব উপকূল অঞ্চলত ধান খেতি বেছিকৈ হয়। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চল কিছুমানতো ঝুম পদ্ধতিৰে দান-খেতি কৰা হয়।

১০। ঘেহুঁৰ খেতিৰ এটি বিৱৰণ দিয়া।

উত্তৰঃ পৃথিৱীৰ বেছিভাগ মানুহৰে ঘেঁহু প্ৰধান খাদ্য। ভৌগোলিক দিশৰ পৰাও ইয়াৰ খেতি বেছি বিস্তৃত। সমতল অঞ্চলৰ আলতীয়া আৰু বালিআঁহীয়া মাটিভাগ ঘেঁহু খেতিৰ বাবে বিশেষ উপযোগী। এই খেতিৰ বাবে ৫০-১০০ চেন্টিমিটাৰ পৰিমাণৰ বাৰ্ষিক বৃষ্টিপাতৰ প্রয়োজন। নাতিশীতোষ্ণ অঞ্চল ঘেঁহু খেতিৰ বাবে উপযোগী। শীত প্রধান ঠাইবোৰত এই খেতি কৰিবলৈ হ’লে বছৰটোৰ কমেও তিনিমাহকাল ঠাইখন বৰফমুক্ত হ’ব লাগিব। আজিকালি অৱশ্যে কম বৰষুণ হোৱা ঠাইতো জলসিঞ্চনৰ যোগেদি ঘেঁহু খেতি কৰা হয়। প্রধানকৈ চীন, ভাৰত, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া, কানাডা, অষ্ট্ৰেলিয়া, ফ্রান্স, জার্মানি, পাকিস্তান আদি দেশত ঘেঁহু খেতি কৰা হয়। ভাৰতৰ গংগা উপত্যকা এই খেতিৰ বাবে প্রখ্যাত। পৃথিৱীৰ দেশবোৰৰ ভিতৰত চীন দেশতে সর্বাধিক পৰিমাণৰ ঘেহুঁ উৎপাদন হয়। তাৰ পাছত আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত আদিৰ স্থান।

১১। কপাহ খেতিৰ গুৰুত্ব আৰু ভৌগোলিক বিতৰণ সম্বন্ধে লিখা।

উত্তৰঃ কপাহ এবিধ অতি গুৰুত্বপূর্ণ আঁহজাতীয় শস্য। ইয়াৰ ব্যৱহাৰ সুদূৰপ্ৰসাৰী। সমগ্র পৃথিৱীৰ মানুহৰ মাজত কপাহী কাপোৰৰ চাহিদা আছে। বয়ন শিল্পবোৰ প্ৰধানকৈ কপাহ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলে।

 কপাহ উষ্ণ জলবায়ু আৰু মধ্যমীয়া বৰষুণ হোৱা অঞ্চলৰ শস্য। বৰষুণৰ পৰিমাণ ৬৫-১১৫ চেণ্টিমিটাৰৰ ভিতৰত হ’লে ভাল। ইয়াৰ খেতি কৰিবলৈ হ’লে কৃষিক্ষেত্ৰ বছৰটোৰ ১৯০-২১০ দিন বৰফমুক্ত হৈ থাকিব লাগিব। সাধাৰণতে পানী জমা নোহোৱা ওখ বালিআঁহীয়া মাটি কপাহ খেতিৰ বাবে উপযুক্ত। আজিকালি অৱশ্যে প্রায় সকলো দেশতে উন্নত জাতৰ কপাহৰ খেতিহে কৰে।

ভৌগোলিক বিতৰণৰ ফালৰ পৰা সাধাৰণতে ৩০° দক্ষিণ আৰু ৪৫° উত্তৰ অক্ষাংশৰ মাজৰ অঞ্চলতে কপাহৰ খেতি সীমিত। 

কপাহ উৎপাদনকাৰী প্রধান দেশবোৰ হ’ল— আমেৰিকা যুক্তৰাষ্ট্র, চীন, পাকিস্তান, ৰাছিয়া, ইজিপ্ত আৰু ব্রাজিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছিছিপি আৰু টেনেছি নদী উপত্যকাক সামৰি এটা বৃহৎ অঞ্চলত কপাহ খেতি কৰা হয়। সেইদৰে উত্তৰ চীনৰ হোৱাংহো আৰু ইয়াংছি উপত্যকা আৰু ইজিপ্তৰ নীল উপত্যকা কপাহ খেতিৰ বাবে বিখ্যাত। ভাৰতৰ দাক্ষিণাত্য মালভূমিৰ ক’লা লাভা মাটিভাগ কপাহ খেতিৰ বাবে বিশেষভাৱে উপযোগী। উত্তৰ-পূৰ্বাঞ্চলৰ মেঘালয় মালভূমিত কিছু পৰিমাণে কপাহ খেতি হয়। কপাহ উৎপাদনৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু ভাৰতেই হৈছে প্রধান দেশ।

১২। চাহ খেতিৰ বাবে কেনে ধৰণৰ পৰিৱেশৰ প্ৰয়োজন? এই খেতিৰ ভৌগোলিক বিতৰণৰ এটি আভাস দিয়া।

উত্তৰঃ চাহ এবিধ প্রধান পানীয় দ্রব্য। ইয়াক চাহ গছৰ পাতৰ পৰা প্ৰস্তুত কৰা হয়। চাহ গছক উষ্ণ জলবায়ু আৰু বৃষ্টিসিক্ত পৰিৱেশ লাগে। পানী বন্ধ নোহোৱা এঢলীয়া পাহাৰীয়া ৰঙা মাটি চাহ খেতিৰ বাবে বিশেষ উপযোগী। চাহ খেতি এক প্ৰকাৰৰ বৃহৎ মূলধন সাপেক্ষ প্রযুক্তি-নিৰ্ভৰ ৰোপণ কৃষি। ইয়াৰ খেতি আৰু উদ্যোগ সম্পূর্ণ বাণিজ্যিক দিশৰ পৰা পৰিচালনা কৰা হয়।

চাহ এছিয়া মহাদেশৰ মৌচুমী জলবায়ু অঞ্চলৰ এবিধ প্রধান ৰোপণ শস্য। চীন, ভাৰত, শ্রীলংকা, ইন্দোনেছিয়া আৰু জাপান হৈছে বিশ্বৰ প্ৰধান চাহ উৎপাদনকাৰী ৰাষ্ট্র। আফ্রিকা মহাদেশৰ কেনিয়া, উগাণ্ডা আৰু মোজাম্বিক দেশতো কিছু পৰিমাণে চাহৰ খেতি কৰা হয়। ভাৰতৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা চাহৰ কাৰণে বিখ্যাত। তদুপৰি পশ্চিমবংগৰ দার্জিলিং আৰু কেৰেলাৰ পাহাৰীয়া অঞ্চলতো চাহৰ খেতি হয়। বৰ্তমানে বিশ্বৰ বজাৰত চাহৰ চাহিদালৈ লক্ষ্য ৰাখি দেশৰ নতুন নতুন অঞ্চল কিছুমানতো চাহ খেতি আৰম্ভ হৈছে। চাহ উৎপাদনত ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰতে প্ৰথম। তাৰ পাছতে চীনৰ স্থান।

১৩। শুদ্ধকৈ মিলোৱা—

‘ক’ অংশ‘খ’ অংশ
চাহবিস্তৃত কৃষি কৰা হয়।
কম জনসংখ্যাৰ দেশবোৰতএবিধ ৰোপন কৃষি।
ঘন জনবসতিৰ দেশবোৰতএবিধ বাণিজ্যিক শস্য।
ঝুম খেতিৰউৎপাদিকা শক্তি বেছি।
কুঁহিয়াৰমৌচুমী অঞ্চলৰ প্ৰধান খেতি।
ধান খেতিএবিধ আঁহজাতীয় শস্য।
কপাহগহন কৃষি কৰা হয়।
বাণিজ্যিক কৃষিৰউৎপাদিকা শক্তি কম।

উত্তৰঃ

‘ক’ অংশ‘খ’ অংশ
চাহএবিধ ৰোপণ কৃষি।
কম জনসংখ্যাৰ দেশবোৰতবিস্তৃত কৃষি কৰা হয়।
ঘন জনসংখ্যাৰ দেশবোৰতগহন কৃষি কৰা হয়।
ঝুম খেতিউৎপাদিকা শক্তি কম।
কুঁহিয়াৰএবিধ বাণিজ্যিক শস্য।
ধান খেতিমৌচুমী অঞ্চলৰ প্ৰধান খেতি।
কপাহএবিধ আঁহজাতীয় শস্য।
বাণিজ্যিক কৃষিৰউৎপাদিকা শক্তি বেছি।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top