Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ The answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ, Elective Geography Class 9 SEBA Notes and Question Answer In Assamese Medium and select need one.
Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Geography Elective Chapter 2 পৃথিৱীৰ মানুহ Solutions for All Subject, You can practice these here…
পৃথিৱীৰ মানুহ
অধ্যায় -২
ভূগােল
পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্ন আৰু উত্তৰ
প্রশ্ন ১। ‘মানৱ ভূগোল’ৰ এটি সংজ্ঞা দিয়া আৰু ইয়াৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰঃ ভূগোলৰ যিটো বিভাগত প্রাকৃতিক পৰিৱেশৰ সৈতে থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহৰ দ্বাৰা সৃষ্ট মানৱ পৰিৱেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকেই বহল অর্থত মানৱ ভূগোল (Human Geography) বোলা হয়।
মানৱ ভূগোলৰ প্ৰধান শাখাবোৰ হৈছে
(ক) বসতি ভূগোল ।
(খ) সমাজ ভূগোল ।
(গ) অর্থনৈতিক ভূগোল ।
(ঘ) সাংস্কৃতিক ভূগোল ।
(ঙ) ৰাজনৈতিক ভূগোল ।
(চ) নগৰীয় ভূগোল ।
(ছ) জনসংখ্যা ভূগোল ।
(জ) স্বাস্থ্য ভূগোল।
(ঝ) ঐতিহাসিক ভূগোল ।
(ঞ) আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল।
প্রশ্ন ২। মানৱ ভূগোলৰ বিষয়বস্তু সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ মানৱ ভূগোলৰ বিষয়বস্তুসমূহ হৈছে—পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি, সাংখ্যিক বৃদ্ধি, বিতৰণ, সামাজিক বিকাশ, আর্থিক অৱস্থা, ব্যৱসায়-বাণিজ্য, যাতায়ত পৰিৱহণ ব্যৱস্থা আদি বিভিন্ন মানৱসৃষ্ট উপাদান। মানৱ গোল হৈছে প্ৰাকৃতিক পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত প্ৰকৃতিৰ ওপৰত মানুহে সৃষ্টি কৰা পৰিৱেশৰ বিষয়ে কৰা এক অধ্যয়ন। মানৱ ভূগোলে মানৱ সমাজ, মানুহৰ কাৰ্যাৱলীৰ লগতে মানুহে গঢ় দিয়া উপাদানবোৰৰ বিষয়ে আলোচনা কৰে। মানৱ ভূগোল অধ্যয়নৰ মূল উদ্দেশ্য হৈছে মানুহৰ ওপৰত প্ৰকৃতিৰ প্ৰভাৱ সম্পর্কে অধ্যয়ন কৰা, পৰিৱেশৰ সৈতে খাপ খোৱাকৈ মানুহৰ জীৱন নির্বাহ প্রণালী প্রস্তুত কৰা আৰু প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহে নিজৰ কাৰ্যৰ যোগেদি পেলোৱা প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। মানুহৰ গঠন, বৃদ্ধি, মানুহৰ বিতৰণ, বৈশিষ্ট্য, বিভিন্ন কার্যকলাপ, আচাৰ-ব্যৱহাৰ আদিও মানৱ ভূগোল অধ্যয়নৰ বিষয়বস্তু।
প্রশ্ন ৩। ‘মানৱ জাতি’ বুলিলে কি বুজা চমুকৈ লিখা।
উত্তৰঃ বংশানুক্ৰমে দেখিবলৈ পোৱা একে শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহৰ একো একোটা গোটক মানৱ জাতি (Human Race) বোলা হয়। অর্থাৎ সুকীয়া সুকীয়া আৱয়ুবিক বৈশিষ্ট্যযুক্ত মানৱ গোষ্ঠীক মানৱ জাতি বুলি কোৱা হয়। মানৱ জাতিৰ ধাৰণাটো সম্পূৰ্ণৰূপে প্রাণীবিদ্যাগত। একে দৈহিক গঠন আৰু ছালৰ ৰংবিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্রমে একে বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে, তাক মানৱ জাতি বুলি অভিহিত কৰিব পাৰি৷
প্রশ্ন ৪। কি কি ভিত্তিত মানৱ জাতিক বিভাজন কৰা হয় চমুকৈ লিখা।
উত্তৰঃ মানুহৰ দেহৰ ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠনৰ পার্থক্যৰ ভিত্তিত মানৱ জাতিক বিভাজন কৰা হয়। পৃথিৱীত বসবাস কৰা মানুহৰ শ্ৰেণীগতভাৱে ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে– হয়। নৃতত্ত্ববিদ্সকলে মুখমণ্ডলৰ আকৃতি, চুলিৰ ধৰণ আৰু শাৰীৰিক গঠনৰ ওপৰত ভিত্তি কৰি সমগ্ৰ পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা মানৱ জাতিত বিভক্ত কৰিছে। সেই ভাগকেইটা হৈছে— (ক) ককেছীয় (Cancasoid), (খ) নিগ্র’ইড (Negroid) আৰু (গ) মঙ্গোলীয় (Mongoloid) ।
প্রশ্ন ৫। মানুহ আৰু মানৱ জাতিৰ সৃষ্টি সম্পর্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানুহ আৰু মানৱ জাতিৰ সৃষ্টি সম্পর্কে বহুতো মতামত পোৱা যায়। জীৱবিজ্ঞানীসকলৰ বিবৰ্তন সূত্রমতে প্লিষ্টচিন যুগৰ প্ৰায় মাজভাগত জলবায়ুকে ধৰি এক অনুকূল প্রাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্ৰাণীৰ বিবৰ্তন প্ৰক্ৰিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হোম’চেপিয়েন্স (Homo sapiens) নামৰ মানৱ প্ৰাণীৰ জন্ম হৈছিল। হোম চেপিয়েন্স হৈছে পৃথিৱীৰ সকলো জনগোষ্ঠী লগ কৰি কৰা মানৱ জনগোষ্ঠীৰ বৈজ্ঞানিক নাম.।
জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদ্সকলৰ মতে আদিতে প্ৰধানকৈ আফ্রিকা মহাদেশৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল। পাছলৈকে প্রাকৃতিক পৰিৱেশৰ পৰিৱৰ্তন আৰু জৈৱ বিবৰ্তনৰ বাবে পৃথিৱীৰ ভিন্ ভিন্ ঠাইত মানুহৰ গাৰ বৰণ, চুলিৰ গঠন আৰু অন্যান্য দৈহিক বৈশিষ্ট্যবোৰৰ মাজত যথেষ্ট পার্থক্য দেখা যায়। এনেদৰে পৃথিৱীৰ ভিন ভিন অঞ্চলত বসবাস কৰা ভিন্ন শাৰীৰিক গঠন তথা আকৃতিৰ ভিত্তিত মানৱ জাতিক ভিন্ন ভাগত ভাগ কৰা হৈছে।
প্রশ্ন ৬। চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক বিভক্ত কৰা।
উত্তৰঃ চুলি, নাক, মুখ, উচ্চতা, ছাল আদি দৈহিক বৈশিষ্ট্যৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহক প্ৰধানকৈ তিনিটা ভাগত বিভক্ত কৰিব পাৰি। সেই ভাগকেইটা হৈছে—
(ক) ককেছীয় (Caucasoid)
(খ) নিগ্ৰ’ইড (Nigroid)
(গ) মঙ্গোলীয় (Mongoloid)।
ককেছীয়সকলৰ চুলি কেকোঁৰা, নাক দীঘল আৰু ঠেক, শৰীৰ ওখ, মুখমণ্ডল সুদৃঢ় আৰু সুগঠিত, মূৰৰ আকৃতি মধ্যমীয়া হয়।
নিগ্ৰইডসকলৰ নাক বহল আৰু চেপেটা, গাৰ বৰণ ক’লা, চুলি খহটা, ঘন আৰু কেঁকোৰা, শৰীৰ হৃষ্টপুষ্ট, মুখমণ্ডল সন্মুখলৈ জোঙা।
মঙ্গোলীয়সকলৰ চুলিৰ ৰং ক’লা, গাৰ নোম পাতল, মুখমণ্ডল বহল, দেহৰ আকৃতি চুটি চাপৰ গাৰ বৰণ পীত বা হালধীয়া, মূৰটো ডাঙৰ।
প্রশ্ন ৭। পৃথিৱীৰ প্ৰধান মানৱ জাতি তিনিটাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ পৃথিৱীৰ প্ৰধান মানৱ জাতি তিনিটা হৈছে ককেছীয়, নিগ্রইড আৰু মঙ্গোলীয়। এই মানৱ জাতি তিনিটাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ’ল-
ককেছীয় মানৱ জাতিৰ লোকসকলৰ দেহৰ ছালৰ বৰণ ইউৰোপীয়সকলৰ মাজত অতি বগা আৰু ভাৰতীয় তথা দক্ষিণ-পশ্চিম এছিয়াৰ লোকৰ ক্ষেত্ৰত বাদামী ৰঙৰ। ককেছীয়সকলৰ চুলিবোৰ সাধাৰণতে পোন বা কিছু পকোৱা আৰু ইয়াৰ বৰণ ক’লা বা বাদামী হয়। ককেছীয়সকলৰ নাকটো সাধাৰণতে জোঙা আৰু ঠেক হয়।
নিগ্রইড জাতিৰ লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক’লা বা বাদামী ক’লা বৰণৰ, চুলিবোৰ কেঁকোৰ। আৰু নাকটো বহল আৰু চেপেটা আকৃতিৰ হয়৷ নিগ্র ইডসকলৰ অধিকাংশই যথেষ্ট ওখ হয়।
মঙ্গোলীয় জাতিৰ লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ হালধীয়া বৰণৰ, চকুবোৰ সৰু সৰু আৰু চুলিবিলাক পোন বা থিয় হয় আৰু চুলিৰ ৰং ক’লা। এই জাতিৰ লোকসকলৰ দাড়ি, গোফ আৰু গাৰ নোম পাতল, মূৰ ডাঙৰ আৰু বহল, চকুত ভাজ থকা বাবে চকু বহলকৈ মেলিব নোৱাৰে। এই লোকসকলৰ মুখমণ্ডল বহল আৰু আকৃতি চুটি-চাপৰ ৷
প্রশ্ন ৮। পৃথিৱীৰ কোন কোন অঞ্চলত প্ৰথমতে মানুহৰ সৃষ্টি হোৱা বুলি ধৰা হয় ? চিত্রসহ প্রধান মানৱ গোষ্ঠীসমূহৰ বিস্তাৰ আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ মানুহৰ সৃষ্টি কোন অঞ্চলত কেতিয়া প্ৰথমে হৈছিল তাক সঠিকভাৱে নিশ্চিত কৰাটো কঠিন। আধুনিক পুৰাতত্বৰ তথ্য অনুসৰি মানুহৰ আবিৰ্ভাৱ হৈছিল পুৰণি পৃথিৱী খণ্ডৰ ক্ৰান্তীয় আফ্ৰিকাৰ পূৱ অংশত প্রায় এক লাখ বছৰ পূৰ্বে। আকৌ জীৱবিজ্ঞানীৰ বিবর্তন সুত্রমতে প্লিষ্ট’চিন যুগৰ প্ৰায় মাজভাগত অর্থাৎ ৫-৬ লাখ বছৰ আগতে জলবায়ুকে ধৰি এক অনুকূল প্রাকৃতিক পৰিৱেশ বিৰাজ কৰা বাবে বান্দৰ, চিম্পাঞ্জী, গৰিলা আদি স্তন্যপায়ী প্রাণীৰ বিবর্তন প্রক্রিয়াৰ ফলতেই পৃথিৱীৰ কিছুমান ঠাইত হম’চেপিয়েন্স নামৰ মানৱ প্ৰাণীৰ জন্ম হৈছিল। জীৱবিজ্ঞানী আৰু নৃতত্ত্ববিদসকলৰ মতে আদিতে প্ৰধানকৈ আফ্ৰিকাৰ মধ্যাংশত মানুহৰ জন্ম হৈছিল। সেই সময়ত মানুহৰ দৈহিক গঠন তিনিওটা প্রধান মানৱ জাতি– ককেছীয়, নিগ্ৰ’ইড আৰু মঙ্গোলীয়ৰ এক সংমিশ্ৰিত ৰূপ আছিল বুলিহে ধাৰণা কৰা হয়।
পূৱ আফ্ৰিকাৰ ক্রান্তীয় অঞ্চলৰ পৰাই আজিৰ পৰা প্ৰায় ২৫-৩০ হাজাৰ বছৰ পূৰ্বে পৃথিৱীৰ বিভিন্ন অংশলৈ মানুহৰ বিস্তাৰ সংঘটিত হৈছিল। ফলস্বৰূপে জলবায়ু তথা আন প্ৰকৃতিষ্ঠ পৰিৱৰ্তনক নিৰ্ভৰ কৰি মানুহৰ দৈহিক গঠনৰ যথেষ্ট পৰিৱৰ্তন হৈছিল। তাৰোপৰি প্ৰাকৃতিক নির্বাচন বা বংশানু প্রক্ৰিয়াৰ বাবে লাহে লাহে মানুহৰ দৈহিক গঠনৰ পৰিৱৰ্তন ঘটিছিল। পৰৱৰ্তী সময়ছোৱাত দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয় জনগোষ্ঠী, মধ্য এছিয়াৰ পৰা মঙ্গোলীয় জনগোষ্ঠী আৰু মধ্য আফ্ৰিকাৰ পৰা নিগ্ৰইড জনগোষ্ঠীয় লোকৰ পৃথিৱীৰ বিভিন্ন দিশলৈ প্ৰব্ৰজন হৈছিল। তলৰ চিত্ৰত মানুহৰ প্ৰব্ৰজন আৰু বিস্তাৰ দেখুওৱা হৈছে–


হিমযুগৰ অন্তত জলবায়ুৰ অৱস্থা সুচল হোৱাত আফ্ৰিকাৰ মধ্যভাগৰ পৰা মানুহৰ সংমিশ্ৰণ আৰু বিস্তাৰ আৰম্ভ হৈছিল। এই ক্ষেত্ৰত বিশাল সাগৰে কিছু বাধা সৃষ্টি কৰা বাবে মানুহে দ্বীপশ্রেণীসমূহৰ আঁত ধৰিয়েই আদিতে প্ৰব্ৰজন কৰিছিল। প্লিষ্ট’চিন যুগত সমুদ্ৰবোৰ বৰফাবৃত হোৱাৰ ফলত ভূমিখণ্ডবোৰৰ মাজত সংযোগ স্থাপন হৈছিল। চাইবেৰিয়া আৰু আলাস্কাৰ মাজত সৃষ্টি হোৱা বৰফাবৃত বেৰিং প্রণালীয়েদি মানুহৰ প্ৰব্ৰজন ঘটিছিল। মঙ্গোলীয় জাতিৰ মানুহ মধ্য এছিয়াৰ পৰা পূৱৰ পিনে এনেদৰে প্ৰব্ৰজন হৈ উত্তৰ, মধ্য আৰু দক্ষিণ আমেৰিকালৈ বিস্তাৰিত হৈছিল। আকৌ, দক্ষিণ-পশ্চিম এছিয়াৰ পৰা ককেছীয় মূলৰ মানুহ উত্তৰ আৰু পশ্চিম ইউৰোপ আৰু উত্তৰ আৰু পূৱ আফ্ৰিকালৈ আৰু মধ্য আফ্ৰিকাৰ পৰা দক্ষিণ আৰু পূব আফ্রিকা আৰু দক্ষিণ এছিয়াৰ কিছু অংশলৈ বিস্তাৰিত হৈছিল। আগত পৃষ্ঠাৰ চিত্ৰত পৃথিৱীৰ প্ৰধান মানৱ গোষ্ঠীসমূহৰ বিতৰণ দেখুওৱা হৈছে।
Sl. No. | সূচী-পত্ৰ |
Chapter 1 | বতৰ আৰু জলবায়ু |
Chapter 2 | পৃথিৱীৰ মানুহ |
Chapter 3 | জনসংখ্যা বৃদ্ধি আৰু বিতৰণ |
Chapter 4 | জনবসতি |
Chapter 5 | সম্পদৰ ধাৰণা আৰু শ্রেণীবিভাগ |
Chapter 6 | অর্থনৈতিক কার্য বা বৃত্তি |
Chapter 7 | কৃষি |
Chapter 8 | উদ্যোগ |
প্রশ্ন ৯। পৃথিৱীৰ প্ৰধান ধৰ্মবোৰ কি কি? এই ধর্মসমূহৰ জনসংখ্যাকে ধৰি বিতৰণ আৰু মূল বৈশিষ্ট্য সম্পর্কে আলোচনা কৰা।
উত্তৰঃ পৃথিৱীৰ উল্লেখযোগ্য ধৰ্মবোৰ হৈছে—হিন্দু ধর্ম, খ্রীষ্টান ধর্ম, ইছলাম ধৰ্ম, জুদাই (জিউ-হিব্রু) ধর্ম, বৌদ্ধ ধর্ম, জৈন ধর্ম, শিখ ধর্ম, বাহাই ধৰ্ম, কনফুছিয়াছ, চীনদেশীয় লোক ধর্ম আদি।
জনসংখ্যাৰ ওপৰত ভিত্তি কৰি খ্ৰীষ্টান ধৰ্ম, ইছলাম ধর্ম, হিন্দু ধর্ম আৰু বৌদ্ধ ধৰ্মক পৃথিৱীৰ প্ৰধান ধৰ্ম বুলি ক’ব পাৰি। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭৫ শতাংশ লোক এই চাৰিটা ধৰ্মৰ অন্তৰ্গত।
হিন্দু ধর্ম হৈছে সমগ্র বিশ্বৰে প্রাচীনতম ধর্ম। আজিৰ পৰা কমেও পাঁচ হাজাৰ বছৰ পূৰ্বে বৈদিক যুগত হিন্দু ধৰ্মৰ সূত্ৰপাত হৈছিল। হিন্দু ধর্ম বহু দেৱ-দেৱী বিশ্বাসৰ ওপৰত প্রতিষ্ঠিত। এই ধৰ্ম ভাৰতবৰ্ষৰ ভৌতিক-আধ্যাত্মিক আৰু সংস্কৃতিৰ বাহকস্বৰূপ। ২০০৬ চনৰ এক তথ্যমতে সমগ্র বিশ্বত ৯০ কোটি হিন্দু ধর্মাৱলম্বী লোক আছে আৰু ই হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৪ শতাংশ।
খ্ৰীষ্টান ধৰ্ম একেশ্বৰবাদত বিশ্বাসী। আজিৰ পৰা প্ৰায় দুহাজাৰ বছৰ আগতে ইউবোপৰ গ্ৰীক আৰু বোমান সভ্যতাক কেন্দ্ৰ কৰি খ্ৰীষ্টান ধৰ্মৰ আবিৰ্ভাৱ হৈছিল। পিছলৈকে এই ধৰ্ম মিছনেৰী পদ্ধতিৰে সমগ্র বিশ্বতে বিয়পি পৰে। জনসংখ্যা হিচাপে খ্ৰীষ্টান ধর্মই পৃথিৱীৰ সৰ্ববৃহৎ ধর্ম। বিশ্বৰ মুঠ জনসংখ্যাৰ প্রায় এক-তৃতীয়াংশ লোক খ্রীষ্টান ধর্মাবলম্বী। ২০০৬ চনৰ এক তথ্য অনুসৰি সমগ্ৰ বিশ্বত ২১৩ কোটি খ্রীষ্টান ধৰ্মাৱলম্বী লোক বসবাস কৰে।
ইছলাম ধর্মও খ্রীষ্টান ধৰ্মৰ দৰে একেশ্বৰবাদী। আজিৰপৰা প্ৰায় ১৪০০ বছৰ আগতে মধ্যপ্রাচ্যৰ মৰুভূমি অঞ্চলত ইছলাম ধৰ্মৰ জন্ম হৈছিল। এই ধৰ্মৰ সৃষ্টিকর্তা আছিল হজৰত মহম্মদ। তেওঁৰ নেতৃত্বত মিছনেৰী পদ্ধতিৰে মধ্যপ্রাচ্যৰ লগতে আফ্রিকা, দক্ষিণ এছিয়া, দক্ষিণ-পূৱ এছিয়া আদি দেশত ইছলাম ধৰ্মৰ প্ৰসাৰ ও প্ৰচাৰ চলিছিল। ইছলাম ধৰ্ম পৃথিৱীৰ দ্বিতীয় বৃহত্তম ধর্ম। ২০০৬ চনৰ এক তথ্য অনুসৰি ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা সমগ্র বিশ্বতে ১৩৫ কোটি, অর্থাত্ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ২১ শতাংশ।
বৌদ্ধ ধৰ্মৰ জন্ম হয় গৌতম বুদ্ধৰ নেতৃত্বত ভাৰতবৰ্ষৰ বৌদ্ধগয়া অঞ্চলত। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ লোক বৌদ্ধ ধৰ্মাৱলম্বী। হিন্দু ধৰ্মৰ অন্য এক নতুন ৰূপ হিচাপে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ লগতে ভুটান, চীন দেশৰ কিছু অংশ, শ্রীলংকা, দক্ষিণ-পূৱ এছিয়া আদিত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। তলৰ তালিকাত পৃথিৱীৰ প্ৰধান ধৰ্মীয় গোষ্ঠীসমূহৰ জনসংখ্যাৰ বিতৰণ দেখুওৱা হ’ল
তালিকা: বিশ্বৰ প্ৰধান ধৰ্মীয়গোষ্ঠীসমূহৰ জনসংখ্যা বিতৰণ (নিযুত হিচাপত)(২০০৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি)
মহাদেশ | হিন্দু ধৰ্ম | খ্ৰীষ্টান ধৰ্ম | ইছলাম ধৰ্ম | বৌদ্ধ ধৰ্ম | যুদাই ধৰ্ম |
১। এছিয়া ২।আফ্রিকা ৩। ইউৰোপ ৪। উত্তৰ আমেৰিকা ৫। লেটিন আমেৰিকা ৬।ওছেনিয়া | ৮৬২.০ ২.৬ ১.৫ ১.৫ ০.৪ ০.৫ | ৩৭৬ ৪০৮ ৫৬০ ২৮০ ৪৮০ ২৬ | ৯২০.০ ৩৬১.০ ৩৩.০ ৫.২ ১.৬ ০.৪ | ৩৭৫.০ ০.২ ১.৭ ৩.১ ০.৭ ০.৫ | ৫.৫ ০.৭ ২.১ ৬.২ ১.২ ০.১ |
* মধ্য আৰু দক্ষিণ আমেৰিকা সামৰি
খ্রীষ্টান ধর্মাবলম্বী লোকসকল পশ্চিমৰ উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ পৰা ইউৰোপ, এছিয়াৰ কিছু অংশ, আফ্ৰিকাৰ দক্ষিণ অংশ আৰু ওচেনিয়ালৈকে বিস্তৃত হৈ আছে। খ্ৰীষ্টান ধৰ্মৰ দুটা প্রধান ভাগ হৈছে ৰোমান কেথ’লিক আৰু ‘প্ৰোটেষ্টান্ট। প্রোটেষ্টান্টসমূহ প্ৰধানকৈ গ্রেট ব্রিটেইন, উত্তৰ আয়াৰলেণ্ড, উত্তৰ নেদাৰলেণ্ড, স্কেণ্ডিনেভিয়া, ফিন্লেণ্ড, ডেনমার্ক আদি দেশত বসবাস কৰে। আকৌ ইছলাম ধৰ্মাৱলম্বী লোকসকল প্ৰধানকৈ আফ্ৰিকাৰ উত্তৰ অংশ, মধ্যপ্রাচ্য, দক্ষিণ এছিয়াৰ পাকিস্তান আৰু বাংলাদেশৰ লগতে দক্ষিণ-পূৱ এছিয়াৰ কিছু অংশত বিস্তৃত হৈ আছে। হিন্দু ধর্মাৱলম্বী লোকসকল মূলতঃ ভাৰতবৰ্ষ আৰু নেপালৰ লগতে মৰিচাচ, ফিজি, গুৱেনা, চুৰিনাম, ত্রিনিদাদ, শ্রীলংকা আদি দেশত আছে। বৌদ্ধ ধর্মীয় লোকসকল প্রধানকৈ শ্রীলংকা, ম্যানমাৰ, থাইলেণ্ড, লাওচ, কম্বোডিয়া আদি দেশত বসবাস কৰে।
প্রশ্ন ১০। ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধর্মীয় গাঁথনি আৰু বিতৰণ সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ ভাৰতবৰ্ষত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে। ভাৰতবৰ্ষৰ প্ৰায় ৮১ শতাংশ লোক হিন্দু ধৰ্মাৱলম্বী। বাকী অন্যান্য ধৰ্মসমূহৰ ক্ষেত্ৰত ১২.৪ শতাংশ লোক ইছলাম ধৰ্মাৱলম্বী, ২.৩ শতাংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী, ১.৯ শতাংশ লোক শিখ আৰু ০.৮ শতাংশ লোক বৌদ্ধ ধর্মাবলম্বী। স্থানিক বিতৰণৰ ক্ষেত্ৰত ভাৰতৰ অধিকাংশ ৰাজ্যতে হিন্দু ধৰ্মাৱলম্বী লোকৰ প্রাধান্য পৰিলক্ষিত হয়। ভাৰতৰ কেৱল জম্মু আৰু কাশ্মীৰ ৰাজ্যখন ইছলাম প্রধান, পাঞ্জাব ৰাজ্যখন শিখ প্রধান, আৰু মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যখন খ্ৰীষ্টান প্রধান। ভাৰতবৰ্ষত বৌদ্ধ ধৰ্মাৱলম্বী লোকসকল প্ৰধানকৈ চিকিম, অৰুণাচল প্ৰদেশৰ পশ্চিমাংশ, পশ্চিমবংগৰ উত্তৰ অংশ আৰু বিহাৰৰ উত্তৰ অংশত বসবাস কৰে। আকৌ শিখ ধৰ্মাৱলম্বী লোকসকল বিশেষকৈ পাঞ্জাব আৰু হাৰিয়াণাত বসবাস কৰে আৰু জৈন ধৰ্মাৱলম্বী লোকসকলৰ সৰহভাগেই ৰাজস্থানত বসবাস কৰে।
প্রশ্ন ১১। চমুটোকা লিখা :
(ক) মানুহ আৰু মানৱ ভূগোল।
(খ) মানৱ জাতি।
(গ) নিগ্রইড গোষ্ঠী।
(ঘ) ধর্মীয় গাঁথনি।
(ঙ) বৌদ্ধ ধর্ম।
(চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধর্মীয় লোক।
উত্তৰঃ (ক) মানুহ আৰু মানৱ ভূগোল :- সকলো মানুহৰ দেহ গঠন কৰা কোষ মূলতঃ একে। জীৱবিদ্যামতে সকলো মানুহ হ’ম’চেপিয়েন্স নামে এটা বিশেষ প্ৰজাতিৰ অন্তৰ্গত। নৃতত্ববিদ্সকলৰ মতে জলবায়ু আৰু অন্যান্য ভৌগোলিক অৱস্থাৰ পাৰ্থক্যৰ বাবে মানৱ সৃষ্টিৰ আৰম্ভণিৰে পৰা পৃথিৱীত কেইবাটাও ভিন্ ভিন্ দৈহিক গঠনসম্পন্ন মানুহ পৃথিৱীত আছে। ভূগোলৰ যিটো বিভাগত প্রাকৃতিক পৰিৱেশৰ সৈতে থকা মানুহৰ সম্পৰ্ক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা মানৱ পৰিৱেশৰ বিষয়ে স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে বহল অৰ্থত মানৱ ভূগোল বোলা হয়। মানৱ ভূগোলে অধ্যয়ন কৰা বিষয়বস্তু হৈছে— পৃথিৱীৰ উপৰিভাগত মানুহৰ বসতি, সাংখ্যিক বৃদ্ধি, বিতৰণ, সামাজিক বিকাশ, আর্থিক অৱস্থা, ব্যৱসায়-বাণিজ্য, যাতায়ত পৰিবহণ ব্যৱস্থা আদি বিভিন্ন মানৱসৃষ্ট উপাদান। প্রাকৃতিক পৰিৱেশৰ বিভিন্নতা, জনসংখ্যাৰ তাৰতম্য আৰু মানুহৰ গুণাগুণৰ পাৰ্থক্যৰ বাবে মানৱসৃষ্ট পৰিৱেশৰ বৈশিষ্ট্য পৃথিৱীৰ সকলো ঠাইতে ভিন্ ভিন্ হয়।
(খ) মানৱ জাতি :- বংশানুক্ৰমে দেখিবলৈ পোৱা একে শাৰীৰিক বৈশিষ্ট্যযুক্ত মানুহৰ একো একেটা গোটক মানৱ জাতি বুলি কোৱা হয়। অর্থাৎ সুকীয়া সুকীয়া আৱয়বিক বৈশিষ্ট্য থকা মানৱ গোষ্ঠীক মানৱ জাতি বুলি ক’ব পাৰি। মানৱ জাতিৰ ধাৰণাটো প্রাণীবিদ্যাগত। প্রায় একে দৈহিক গঠন আৰু ছালৰ ৰংবিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ জৰিয়তে বংশানুক্ৰমে একে বৈশিষ্ট্যবোৰ কঢ়িয়াই আনে তাকে ‘মানৱ জাতি’ বা ‘মানৱ গোষ্ঠী’ বুলি অভিহিত কৰিব পাৰি। মানুহৰ দেহৰ ছালৰ ৰং আৰু কিছুমান বিশেষ দৈহিক গঠন যেনে চুলিৰ ধৰণ, উচ্চতা, নাক আৰু মুখৰ গঠন আদিত থকা পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ মানুহক মূলতে তিনিটা মানৱ জাতিত ভাগ কৰা হৈছে। মানৱ জাতিৰ সেই ভাগকেইটা হৈছে— ককেছীয়, নিগ্র ইড আৰু মঙ্গোলীয় গোষ্ঠী।
(গ) নিগ্র’ইড গোষ্ঠী :- নিগ্র’ইড গোষ্ঠীৰ লোকসকলৰ দেহৰ ছাল প্ৰধানকৈ ক’লা বা বাদামী ক’লা বৰণৰ, চুলিবোৰ কেঁকোৰা, নাকটো বহল আৰু চেপেটা। এই জনগোষ্ঠীৰ লোকসকলৰ অধিকাংশই যথেষ্ট ওখ হয়। নিগ্রইড জাতিৰ লোকসকল প্ৰধানকৈ আফ্রিকা মহাদেশ, এছিয়া মহাদেশৰ দক্ষিণ ভাৰত আৰু শ্রীলংকা, দক্ষিণ-পূৱ এছিয়াৰ কিছু অংশৰ লগতে ওচেনিয়া মহাদেশৰ কিছু ঠাইত বসবাস কৰে। পূৱ আফ্ৰিকাৰ নিল’টিক আৰু হেমিটিক, মধ্য আৰু দক্ষিণ আফ্ৰিকাৰ বাণ্টু, পশ্চিম আফ্ৰিকাৰ বুছমেন আৰু পিগ্মী, দক্ষিণ ভাৰত আৰু দক্ষিণ-পূৱ এছিয়াৰ নেগ্রিটো, দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰীয় অঞ্চলৰ মেলানেচীয় আৰু ওচেনিয়াৰ অষ্ট্ৰেলইডসকল নিগ্র ইড জনগোষ্ঠীৰ অন্তৰ্ভূক্ত একো একোটা উপজাতি। নি’ইড জনগোষ্ঠীৰ লোকসকল বৰ পৰিশ্ৰমী আৰু কষ্টসহিষ্ণু, গ্রীষ্ম প্রধান অঞ্চলত বসবাস কৰা বাবে এই লোকসকলৰ দেহৰ বৰণ ক’লা হয়।
(ঘ) ধর্মীয় গাঁথনি :- জীৱন নিৰ্বাহৰ বাবে পৃথিৱীৰ বিভিন্ন ঠাইৰ বা গোটৰ মানুহে যিবোৰ ধৰা বন্ধা নিয়মাৱলী আৰু নীতিৰ মাজেৰে পৰিচালিত হয় তাকেই সাধাৰণ অৰ্থত ধৰ্ম বুলি কোৱা হয়। সমগ্র পৃথিৱীত বহু ধৰ্মাৱলম্বী লোকে বসবাস কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য ধর্মসমূহ হৈছে—হিন্দু, ইছলাম, খ্রীষ্টান, জুদাই (জিউ-হিব্রু), বৌদ্ধ, কনফুচিয়াছ, জৈন, শিখ, বাহাই আদি। এই ধর্মসমূহৰ ভিতৰত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ সংখ্যা আটাইতকৈ বেছি। বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় এক-তৃতীয়াংশ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী। বিশ্বৰ দ্বিতীয় বৃহত্তম ধর্ম হিচাপে পৰিগণিত ইছলাম ধৰ্মাৱলম্বী লোকৰ সংখ্যা প্রায় ১৩৫ কোটি। আকৌ বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪ শতাংশ অর্থাৎ প্রায় ১০ কোটি লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ বাহিৰে বাকী থকা ২৫ শতাংশ লোক শিখ, জৈন, কনফুচিয়াছ, বাহাই, জুদাই, চীনদেশীয় লোক ধৰ্ম, ছিণ্টো, বৈষ্ণৱ আদি ধৰ্মৰ বিশ্বাসী।
(ঙ) বৌদ্ধ ধর্ম :- সাম্প্ৰতিক সময়ৰ পৰা প্ৰায় ২৬০০ বছৰ পূৰ্বে ভাৰতবৰ্ষৰ বৌদ্ধগয়া অঞ্চলত গৌতম বুদ্ধৰ নেতৃত্বত হিন্দু ধৰ্মৰ কিছু সংস্কাৰ সাধনেৰে বৌদ্ধ ধৰ্মৰ জন্ম হৈছিল। বৌদ্ধ ধৰ্মৰ প্ৰধানকৈ দুটা ভাগ আছে— হিনায়ন আৰু মহায়ন। হিন্দু ধৰ্মৰ এক নতুন ৰূপ হিচাপে বৌদ্ধ ধৰ্মৰ দ্বাৰা আকৃষ্ট হৈ ভাৰতবৰ্ষৰ লগতে ভূটান, চীনদেশ, শ্রীলংকা, দক্ষিণ-পূৱ এছিয়া আদি দেশত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটে। বৌদ্ধ ধৰ্মৰ মূল ধৰ্মগ্ৰন্থখন হৈছে ত্রিপিটাকা। পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৬ শতাংশ লোক বৌদ্ধ ধর্মাৱলম্বী। ২০০৬ বৰ্ষৰ এক তথ্য অনুসৰি সমগ্ৰ বিশ্বত প্রায় ৩৮ কোটি বৌদ্ধ ধর্মাৱলম্বী লোক আছে।
(চ) ভাৰতবৰ্ষত খ্ৰীষ্টান ধর্মীয় লোক :- সমগ্র বিশ্বতে খ্রীষ্টান ধর্মীয় লোকৰ সংখ্যা সর্বাধিক যদিও ভাৰতবৰ্ষত এই ধৰ্মৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ মাত্র ২৩ শতাংশ। ভাৰতবৰ্ষৰ কেৱল নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় ৰাজ্যকেইখন হৈছে খ্ৰীষ্টান প্রধান। ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যসমূহত খ্ৰীষ্টান ধর্মীয় লোকৰ সংখ্যা তেনেই নগণ্য। অসমত মুঠ জনসংখ্যাৰ মাত্র ৩.৭ শতাংশ লোকহে খ্রীষ্টান ধর্মাবলম্বী। ২০০১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষত মুঠ জনসংখ্যাৰ প্রায় ৮১.৪ শতাংশ লোকেই হিন্দু ধর্মীয় বিশ্বাসী৷
প্রশ্ন ১২। শুদ্ধ উত্তৰটো বাহি উলিওৱা :
(ক) পৃথিৱীত মানুহৰ সৃষ্টি কেতিয়া হৈছিল ?
(১) ৫-৬ লাখ বছৰ পূৰ্বে।
(২) ১-২ লাখ বছৰ পূৰ্বে।
(৩) ৫০-৬০ লাখ বছৰ পূৰ্বে।
(৪) ১০-১২ লাখ বছৰ পূৰ্বে।
উত্তৰঃ (১) ৫-৬ লাখ বছৰ পূৰ্বে।
(খ) জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম ধর্মীয় গোষ্ঠীটো কি ?
(১) ইছলাম ধৰ্ম।
(২) হিন্দু ধর্ম।
(৩) খ্রীষ্টান ধর্ম।
(৪) চীনদেশী লোক ধর্ম।
উত্তৰঃ (৩) খ্ৰীষ্টান ধর্ম।
(গ) মানুহৰ সৃষ্টি প্রথমে কোন মহাদেশত হৈছিল ?
(১) এছিয়া মহাদেশ।
(২) আফ্রিকা মহাদেশ।
(৩) ইউৰোপ মহাদেশ।
(৪) ওচেনিয়া মহাদেশ।
উত্তৰঃ (২) আফ্রিকা মহাদেশ।
(ঘ) চীনদেশৰ লোকসকল কোন মানৱ গোষ্ঠীৰ অন্তৰ্গত ?
(১) ককেছীয় গোষ্ঠী।
(২) নিগ্রইড গোষ্ঠী।
(৩) মঙ্গোলীয় গোষ্ঠী।
(৪) অষ্ট্রেল ইড গোষ্ঠী।
উত্তৰঃ (৩) মঙ্গোলীয় গোষ্ঠী।
প্রশ্ন ১৩। শিক্ষকৰ তত্ত্বাৱধানত তোমাৰ গাঁও বা চুবুৰীৰ জনসংখ্যাৰ ধর্মীয় গাঁথনিৰ তথ্য সংগ্ৰহ কৰা আৰু এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ (শিক্ষকৰ সহায় লৈ কৰিবলৈ চেষ্টা কৰা।)
প্রশ্ন ১৪। চুলিৰ বৰণ, নাক আৰু মুখৰ গঠন, উচ্চতা আৰু ছালৰ ৰঙৰ পাৰ্থক্য অনুসৰি পৃথিৱীৰ মানুহৰ শ্রেণী বিভাজন কৰা।
উত্তৰঃ (নিজে নিজে কৰিবলৈ চেষ্টা কৰা।)
প্রশ্ন ১৫। পৃথিৱীৰ এখন নক্সা মানচিত্র অংকন কৰি মানুহৰ আদিম জন্মস্থানৰ পৰা প্ৰব্ৰজন চিনাক্ত কৰা।
উত্তৰ।


Hi, I’m Dev Kirtonia, Part-Time Blogger, Web Designer & Digital Marketer. Founder of Dev Library. A website that provides all SCERT, NCERT, and BA, B.com, B.Sc with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Study Materials, and more.