Class 9 Elective Geography Additional Chapter 8 উদ্যোগ Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 8 উদ্যোগ Notes and select need one.
Class 9 Elective Geography Additional Chapter 8 উদ্যোগ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 8 উদ্যোগ Solutions for All Subject, You can practice these here.
উদ্যোগ
Chapter – 8
ELECTIVE GEOGRAPHY
| ADDITIONAL QUESTION ANSWER |
১। আকাৰ অনুযায়ী উদ্যোগ কেইপ্ৰকাৰৰ হ’ব পাৰে?
উত্তৰঃ আকাৰ অনুযায়ী উদ্যোগ তিনি প্ৰকাৰৰ হ’ব পাৰে।
২। আকাৰ অনুযায়ী উদ্যোগৰ প্ৰকাৰ তিনিটা কি কি?
উত্তৰঃ আকাৰ অনুযায়ী উদ্যোগৰ প্ৰকাৰ তিনিটা হ’ল–
(ক) ঘৰুৱা উদ্যোগ।
(খ) ক্ষুদ্ৰ উদ্যোগ।
(গ) বৃহৎ উদ্যোগ।
৩। ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক কেইটা ভাগত ভগাব পাৰি?
উত্তৰঃ ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহক পাঁচটা ভাগত ভগাব পাৰি।
৪। ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহৰ ভাগ পাঁচটা কি কি?
উত্তৰঃ ব্যৱহৃত কেঁচামাল অনুযায়ী উদ্যোগসমূহৰ ভাগ পাঁচটা হ’ল–
(ক) কৃষিভিত্তিক উদ্যোগ।
(খ) খনিজ সম্পদভিত্তিক উদ্যোগ।
(গ) ৰাসায়নিক দ্ৰব্যভিত্তিক উদ্যোগ।
(ঘ) বনজ সম্পদভিত্তিক উদ্যোগ।
(ঙ) প্ৰাণীভিত্তিক উদ্যোগ।
৫। উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ কেই প্ৰকাৰৰ হ’ব পাৰে?
উত্তৰঃ উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগ দুই প্ৰকাৰৰ হ’ব পাৰে।
৬। উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগৰ প্ৰকাৰ দুটা কি কি?
উত্তৰঃ উৎপাদিত দ্ৰব্যৰ ভিত্তিত উদ্যোগৰ প্ৰকাৰ দুটা হ’ল—
(ক) মৌলিক উদ্যোগ।
(খ) উপভোগ্য বস্তুৰ উদ্যোগ।
৭। প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ কেইপ্ৰকাৰৰ হ’ব পাৰে?
উত্তৰঃ প্ৰতিষ্ঠানৰ মালিকানা অনুযায়ী উদ্যোগ তিনি প্ৰকাৰৰ হ’ব পাৰে।
৮। প্ৰতিষ্ঠানৰ মালিকানা উদ্যোগৰ প্ৰকাৰ তিনিটা কি কি?
উত্তৰঃ প্ৰতিষ্ঠানৰ মালিকানা উদ্যোগৰ প্ৰকাৰ তিনিটা হ’ল—
(ক) ৰাজহুৱা খণ্ডৰ উদ্যোগ।
(খ) ব্যক্তিগত খণ্ডৰ উদ্যোগ।
(গ) যৌথ খণ্ডৰ উদ্যোগ।
৯। চীন, ভাৰত আদি ঘন বসতিৰ দেশৰ কোনটো উদ্যোগৰ গুৰুত্ব সৰ্বাধিক?
উত্তৰঃ চীন, ভাৰত আদি ঘন বসতিৰ দেশৰ ক্ষুদ্ৰ উদ্যোগৰ গুৰুত্ব সৰ্বাধিক।
১০। জাপান, চীন আৰু ভাৰত আদি দেশতো যথেষ্ট সংখ্যক কি উদ্যোগ আছে?
উত্তৰঃ জাপান, চীন আৰু ভাৰত আদি দেশতো যথেষ্ট সংখ্যক বৃহৎ উদ্যোগ আছে।
১১। কৃষিভিত্তিক কাক বোলে?
উত্তৰঃ কৃষিজাত শস্য বা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠা উদ্যোগকে কৃষিভিত্তিক উদ্যোগ বোলে।
১২। লো-তীখা, এলুমিনিয়াম, তাম, পেট্ৰোলিয়াম আদিৰ উৎপাদন কোনটো উদ্যোগৰ ভিতৰত পৰে?
উত্তৰঃ লো-তীখা, এলুমিনিয়াম, তাম, পেট্ৰোলিয়াম আদিৰ উৎপাদন খনিজ সম্পদভিত্তিক উদ্যোগৰ ভিতৰত পৰে।
১৩। কাঠ উদ্যোগ, প্লাইউদ উদ্যোগ, কাগজ উদ্যোগ আদি কোনটো সম্পদভিত্তিক উদ্যোগৰ উদাহৰণ?
উত্তৰঃ কাঠ উদ্যোগ, প্লাইউদ উদ্যোগ, কাগজ উদ্যোগ আদি বনজ সম্পদভিত্তিক উদ্যোগৰ উদাহৰণ।
১৪। লো-তীখাৰ উদ্যোগক কি বোলে?
উত্তৰঃ লো-তীখাৰ উদ্যোগক মৌলিক উদ্যোগ বোলে।
১৫। খাদ্য দ্ৰব্য উৎপাদনকাৰী উদ্যোগ, চাহ বা কফি উদ্যোগ, ৰেডিঅ’, টেলিভিছন উৎপাদনকাৰী উদ্যোগ, চাবোন উদ্যোগ আদি কোনটো উদ্যোগৰ ভিতৰত পৰে?
উত্তৰঃ খাদ্য দ্ৰব্য উৎপাদনকাৰী উদ্যোগ, চাহ বা কফি উদ্যোগ, ৰেডিঅ’, টেলিভিছন উৎপাদনকাৰী উদ্যোগ, চাবোন উদ্যোগ আদি উপভোগ্য দ্ৰব্যৰ উদ্যোগৰ ভিতৰত পৰে।
১৬। বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ সৰ্বপ্রধান ভিত্তি কি?
উত্তৰঃ বৃহৎ উদ্যোগ প্ৰতিষ্ঠাৰ সৰ্বপ্ৰধান ভিত্তি হৈছে মূলধন।
১৭। লো-তীখা উদ্যোগৰ ক্ষেত্ৰত কোনটো দেশ পৃথিৱীৰ ভিতৰত অন্যতম?
উত্তৰঃ লো-তীখা উদ্যোগৰ ক্ষেত্ৰত ভাৰত দেশ পৃথিৱীৰ ভিতৰত অন্যতম।
১৮। ভাৰতত বৰ্তমান বছৰি কিমান নিযুত মেট্ৰিক টনৰো অধিক তীখা উৎপাদিত হয়?
উত্তৰঃ ভাৰতত বৰ্তমান বছৰি ৩০ নিযুত মেট্ৰিক টনৰো অধিক তীখা উৎপাদিত হয়।
১৯। কপাহী বয়ন উদ্যোগৰ প্ৰধান কেঁচামাল কি?
উত্তৰঃ কপাহী বয়ন উদ্যোগৰ প্ৰধান কেঁচামাল হৈছে উচ্চমানসম্পন্ন কপাহ।
২০। কপাহ কি?
উত্তৰঃ কপাহ হৈছে এবিধ ওজন নেহেৰুওৱা কেঁচামাল।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

