Class 9 Elective Geography Additional Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Notes and select need one.
Class 9 Elective Geography Additional Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 3 জনসংখ্যা বৃদ্ধি আৰু বিতৰণ Solutions for All Subject, You can practice these here.
জনসংখ্যা বৃদ্ধি আৰু বিতৰণ
Chapter – 3
ELECTIVE GEOGRAPHY
| ADDITIONAL QUESTION ANSWER |
১। জনসংখ্যাৰ ঘনত্ব কাক বোলে?
উত্তৰঃ এটা অঞ্চলত বাস কৰা মুঠ জনসংখ্যাক অঞ্চলটোৰ মাটিকালিৰে হৰণ কৰি যি ফলাফল পোৱা যায় তাকে অঞ্চলটোৰ ঘনত্ব বোলে।
২। জন-প্ৰব্ৰজন কাক বোলে?
উত্তৰঃ কোনো লোক বা জনগোষ্ঠীয়ে তেওঁলোকৰ বাসস্থান ত্যাগ কৰি অন্য ঠাইলৈ গৈ কিছু দীৰ্ঘকালৰ বাবে বসবাস কৰিবলৈ লোৱা কাৰ্যকে জন-প্ৰব্ৰজন বোলে।
৩। জন-প্ৰব্ৰজন কেই প্ৰকাৰৰ?
উত্তৰঃ জন-প্ৰব্ৰজন দুই প্ৰকাৰৰ।
৪। জন-প্ৰব্ৰজনৰ প্ৰকাৰ দুটা কি?
উত্তৰঃ জন-প্ৰব্ৰজনৰ প্ৰকাৰ দুটা হ’ল–
(ক) আন্তঃদেশীয় প্ৰব্ৰজন।
(খ) আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন।
৫। জন-প্ৰব্ৰজন হোৱাৰ মূল কাৰণ কি?
উত্তৰঃ জন-প্ৰব্ৰজন হোৱাৰ মূল কাৰণ হৈছে— প্ৰাকৃতিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক কাৰণ।
৬। জন-প্ৰব্ৰজনৰ সামাজিক কাৰণ কি?
উত্তৰঃ জন-প্ৰব্ৰজনৰ সামাজিক কাৰণ হৈছে— শিক্ষা, সংস্কৃতি, ধৰ্ম।
৭। জন-প্ৰব্ৰজনৰ ৰাজনৈতিক কাৰণ কি?
উত্তৰঃ জন-প্ৰব্ৰজনৰ ৰাজনৈতিক কাৰণ হৈছে— ৰাজনৈতিক অস্থিৰতা, যুদ্ধ-বিগ্ৰহ, সন্ত্ৰাসবাদ, দেশ বিভাজন, চৰকাৰী নীতি।
৮। জন-প্ৰব্ৰজনৰ মুখ্য অৰ্থনৈতিক কাৰণ কি?
উত্তৰঃ জন-প্ৰব্ৰজনৰ মুখ্য অৰ্থনৈতিক কাৰণ হৈছে— সংস্থানৰ অভাৱ, ঋণৰ অভাৱ, নিম্ন পৰ্যায়ৰ জীৱন ধাৰণৰ মানদণ্ড, উৎপাদন ব্যৱস্থাত থকা প্ৰতিবন্ধকতা।
৯। ভাৰতবৰ্ষ কোনখন বিশ্বৰ অন্তৰ্গত?
উত্তৰঃ ভাৰতবৰ্ষ ‘তৃতীয় বিশ্বৰ’ অন্তৰ্গত দেশ।
১০। কোন বছৰ পৃথিৱীৰ জনসংখ্যা প্ৰায় ১ মহানিযুত আছিল?
উত্তৰঃ ১৮০৮ চনত পৃথিৱীৰ জনসংখ্যা প্ৰায় ১ মহানিযুত আছিল।
১১। পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো কি?
উত্তৰঃ পৃথিৱীৰ জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণটো হৈছে জন্মহাৰৰ তুলনাত মৃত্যুহাৰ হ্ৰাস।
১২। পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ কোনখন?
উত্তৰঃ পৃথিৱীৰ আটাইতকৈ কম জনসংখ্যাৰ মহাদেশ হৈছে ওচেনিয়া।
১৩। কোনখন দেশৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি?
উত্তৰঃ বাংলাদেশৰ জনসংখ্যা ঘনত্ব আটাইতকৈ বেছি।
১৪। পৃথিৱীৰ দুখন দ্বীপীয় অৱস্থানযুক্ত দেশ কোন?
উত্তৰঃ পৃথিৱীৰ দুখন দ্বীপীয় অৱস্থানযুক্ত দেশ হৈছে—
(ক) জাপান।
(খ) ব্ৰিটিছ দ্বীপপুঞ্জ।
১৫। পৃথিৱীৰ দুখন উপদ্বীপীয় অৱস্থানযুক্ত দেশ কোন?
উত্তৰঃ পৃথিৱীৰ দুখন উপদ্বীপীয় অৱস্থানযুক্ত দেশ হৈছে—
(ক) ভাৰতবৰ্ষ।
(খ) ইটালী।
১৬। পৃথিৱীৰ মহাদেশীয় অৱস্থানযুক্ত দুখন দেশৰ নাম কি?
উত্তৰঃ পৃথিৱীৰ মহাদেশীয় অৱস্থানযুক্ত দুখন দেশ হৈছে—
(ক) ৰুছ দেশ।
(খ) আফ্ৰিকাৰ চাদ।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

