Class 9 Elective Geography Additional Chapter 4 জন-বসতি

Class 9 Elective Geography Additional Chapter 4 জন-বসতি Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 4 জন-বসতি Notes and select need one.

Class 9 Elective Geography Additional Chapter 4 জন-বসতি

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 4 জন-বসতি Solutions for All Subject, You can practice these here.

জন-বসতি

Chapter – 4

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। জন বসতি কাক বোলে?

উত্তৰঃ মানুহৰ জীৱন নিৰ্বাহ কৰিবলৈ সৃষ্টি কৰা স্থায়ী বা অস্থায়ী বসবাসৰ ঠাইকে জন বসতি বোলে।

২। বসতি ভূগোল কাক বোলে?

উত্তৰঃ ভূগোলৰ যি শাখাত মানুহৰ বসতি, বসতিৰ বিস্তাৰ আৰু ইয়াৰ লগত জড়িত প্ৰাকৃতিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক কাৰকসমূহ অধ্যয়ন কৰা হয় তাকে বসতি ভূগোল বোলে।

৩। বসতি ভূগোলৰ জন্মদাতা কাক বোলে?

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

উত্তৰঃ বসতি ভূগোলৰ জন্মদাতা হৈছে পৃথিৱীৰ বিখ্যাত জাৰ্মান ভূগোলবিদ কাৰ্ল ৰিটাৰ।

৪। আৰ্হি বা আকাৰ অনুসৰি বসতিক প্ৰধানকৈ কেইটা শ্রেণীত বিভক্ত কৰিব পাৰি?

উত্তৰঃ আৰ্হি বা আকাৰ অনুসৰি বসতিক প্ৰধানকৈ দুটা শ্রেণীত বিভক্ত কৰিব পাৰি।

৫। আৰ্হি বা আকাৰ অনুসৰি বসতিৰ শ্ৰেণী দুটা কি?

উত্তৰঃ আৰ্হি বা আকাৰ অনুসৰি বসতিৰ শ্ৰেণী দুটা হৈছে বিৰল বসতি আৰু কেন্দ্ৰীভূত বসতি।

৬। বৃত্তাকাৰ বসতি কাক বোলে?

উত্তৰঃ মানুহে যেতিয়া হ্ৰদ, বিল নাইবা ডাঙৰ পুখুৰীৰ কেওকাষে ঘৰ-দুৱাৰ নিৰ্মাণ কৰি এক ঘূৰণীয়া আকৃতিৰ বসতি স্থাপন কৰে তাকে বৃত্তাকাৰ বসতি বোলে।

৭। ত্ৰিভূজাকাৰ বসতি কাক বোলে?

উত্তৰঃ যেতিয়া দুখন বৃহৎ নৈৰ সংগমস্থলত পানীৰ সুবিধা আৰু পলসুৱা মাটিৰ উপলব্ধতাক কেন্দ্ৰ কৰি অঞ্চলটোত এক ত্ৰিভূজ আকৃতিৰ জনবসতি গঢ়ি উঠে, তাকে ত্ৰিভূজাকাৰ বসতি বোলে।

৮। বসতি শ্ৰেণীক্ৰম কাক বোলে?

উত্তৰঃ গ্ৰাম্য আৰু পৌৰ সকলোধৰণৰ বসতিক আকাৰ অনুসৰি যেতিয়া সৰুৰ পৰা ডাঙৰলৈ এটা নিৰ্ধাৰণ ক্ৰমত সজোৱা হয় তাকে বসতি শ্ৰেণীক্ৰম বোলে।

৯। ডক্সিয়াডিছ নামৰ এজন ভূগোলবিদৰ মতে জনবসতি এটাত কেইটা উপাংশ থাকে?

উত্তৰঃ ডক্সিয়াডিছ নামৰ এজন ভূগোলবিদৰ মতে জনবসতি এটাত চাৰিটা উপাংশ থাকে।

১০। জনবসতি এটাত থকা চাৰিটা উপাংশ কি?

উত্তৰঃ জনবসতি এটাত থকা চাৰিটা উপাংশ হ’ল—

(ক) সমাংগ অংশ।

(খ) কেন্দ্ৰীয় অংশ।

(গ) পৰিসংচাৰী অংশ।

(ঘ) বিশেষ অংশ।

১১। বসতি ভূগোল কি?

উত্তৰঃ বসতি ভূগোল হৈছে মানৱ ভূগোলৰ এটা শাখা।

১২। বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিক প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰঃ বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিক প্ৰধানকৈ দুটা ভাগত ভাগ কৰিব পাৰি।

১৩। বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিৰ ভাগ দুটা কি কি?

উত্তৰঃ বসতিত বাস কৰা জনসংখ্যাৰ জীৱিকাৰ ওপৰত নিৰ্ভৰ কৰি বসতিৰ ভাগ দুটা হ’ল—

(ক) গ্ৰাম্য বসতি।

(খ) পৌৰ বসতি।

১৪। পানীক কেন্দ্ৰ কৰি গঢ়ি উঠা বসতি কি?

উত্তৰঃ পানীক কেন্দ্ৰ কৰি গঢ়ি উঠা বসতি হৈছে বৃত্তাকাৰ বসতি।

১৫। গ্ৰাম্য বসতি কি?

উত্তৰঃ গ্ৰাম্য বসতি হৈছে গাঁৱ অঞ্চলত বসবাস কৰা লোকসকল।

১৬। পৌৰ বসতি কি?

উত্তৰঃ পৌৰ বসতি হৈছে চহৰ অঞ্চলত বসবাস কৰা লোকসকল।

১৭। বৃত্তি হিচাপে নগৰীয়া মানুহৰ প্ৰধান জীৱিকা কি?

উত্তৰঃ বৃত্তি হিচাপে নগৰীয়া মানুহৰ প্ৰধান জীৱিকা শিল্প, ব্যৱসায়-বাণিজ্য আৰু চাকৰি।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top