Class 9 Elective Geography Additional Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

Class 9 Elective Geography Additional Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ Extra Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 9 Elective Geography Additional Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ Notes and select need one.

Class 9 Elective Geography Additional Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam Board Class 9 Elective Geography Additional Chapter 5 সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ Solutions for All Subject, You can practice these here.

সম্পদৰ ধাৰণা আৰু শ্ৰেণী বিভাগ

Chapter – 5

ELECTIVE GEOGRAPHY

ADDITIONAL QUESTION ANSWER

১। প্ৰাকৃতিক সম্পদক কেইটা শ্ৰেণীত বিভক্ত কৰিব পাৰি?

উত্তৰঃ প্রাকৃতিক সম্পদক দুই শ্রেণীত বিভক্ত কৰিব পাৰি।

২। প্ৰাকৃতিক সম্পদৰ শ্ৰেণী দুটা কি কি?

উত্তৰঃ প্ৰাকৃতিক সম্পদৰ শ্ৰেণী দুটা হ’ল– 

(ক) জৈৱিক সম্পদ।

(খ) অজৈৱিক সম্পদ।

৩। প্ৰাকৃতিক সম্পদৰ উৎস কি?

উত্তৰঃ প্রাকৃতিক সম্পদৰ উৎস হৈছে প্রাকৃতিক পৰিৱেশ।

৪। সম্পদ কাক বোলে?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্রকৃতি প্রদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰীক সম্পদ বোলে।

৫। মানৱ সম্পদ কাক বোলে?

উত্তৰঃ নিজৰ লগতে আনৰো প্ৰয়োজন পূৰাবলৈ মানুহৰ যি যোগ্যতা বা দক্ষতা থাকে তাকে মানৱ সম্পদ বোলা হয়।

৬। সম্পদক কেইটা শ্ৰেণীৰ বিভক্ত কৰিব পাৰি?

উত্তৰঃ সম্পদক তিনিটা শ্ৰেণীত বিভক্ত কৰিব পাৰি।

৭। সম্পদৰ শ্ৰেণী তিনিটা কি কি?

উত্তৰঃ সম্পদৰ শ্ৰেণী তিনিটা হ’ল—

(ক) প্রাকৃতিক সম্পদ।

(খ) মানৱসৃষ্ট সম্পদ।

(গ) মানৱ সম্পদ।

৮। পুনঃসৃষ্টিক্ষম সম্পদ কাক বোলে?

উত্তৰঃ যিবিলাক সম্পদ ব্যৱহাৰ কৰিলে কমি যায় কিন্তু পুনৰ সৃষ্টি হৈ কম হোৱা অংশ পূৰণ হয়, তেনে সম্পদক পুনঃসৃষ্টিক্ষম সম্পদ বোলা হয়।

৯। প্ৰাকৃতিক সম্পদ কাক বোলে?

উত্তৰঃ প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা সম্পদক প্রাকৃতিক সম্পদ বোলা হয়।

১০। পুনঃসৃষ্টিক্ষম সম্পদৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ পুনঃসৃষ্টিক্ষম সম্পদৰ এটা উদাহৰণ হৈছে পানী।

১১। অসমত চাহৰ ব্যৱসায়িক প্ৰচলন প্ৰথমে কোনে কৰে?

উত্তৰঃ অসমত চাহৰ ব্যৱসায়িক প্ৰচলন প্ৰথমে ইংৰাজসকলেহে কৰে।

১২। অজৈৱিক সম্পদৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ অজৈৱিক সম্পদৰ এটা উদাহৰণ হ’ল– সৌৰশক্তি।

১৩। জৈৱিক সম্পদৰ এটা উদাহৰণ দিয়া?

উত্তৰঃ জৈৱিক সম্পদৰ এটা উদাহৰণ হ’ল— জীৱ-জন্তু।

১৪। মানৱসৃষ্ট সম্পদ কাক বোলে?

উত্তৰঃ মানুহে সৃষ্টি কৰা সম্পদক মানৱসৃষ্ট সম্পদ বোলে।

১৫। মানৱসৃষ্ট সম্পদৰ কেইটামান উদাহৰণ দিয়া?

উত্তৰঃ মানৱসৃষ্ট সম্পদৰ কেইটামান উদাহৰণ হ’ল— ঘৰ-দুৱাৰ, যন্ত্ৰ-পাতি, গাড়ী-মটৰ।

১৬। লো কোনবিধ সম্পদৰ অন্তৰ্গত?

উত্তৰঃ লো অজৈৱিক সম্পদৰ অন্তৰ্গত।

১৭। পুনঃসৃষ্টিহীন সম্পদ কাক বোলে?

উত্তৰঃ যিবিলাক সম্পদ ব্যৱহাৰ কৰাৰ লগে লগে নিঃশেষ হৈ যায় তেনে সম্পদক পুনঃসৃষ্টিহীন সম্পদ বোলে।

১৮। পুনঃসৃষ্টিহীন সম্পদৰ উদাহৰণ দিয়া?

উত্তৰঃ পুনঃসৃষ্টিহীন সম্পদৰ উদাহৰণ হ’ল— খনিজ তেল, কয়লা, ৰূপ, সোন।

১৯। সম্পদ ব্যৱহাৰৰ মূল উদ্দেশ্য কি?

উত্তৰঃ সম্পদ ব্যৱহাৰৰ মূল উদ্দেশ্য হৈছে মানুহৰ ব্যক্তিগত আৰু সমাজৰ অভাৱ দূৰ কৰি সমাজৰ সকলোৰে কল্যাণ সাধন কৰা।

২০। প্ৰাকৃতিক সম্পদৰ উদাহৰণ দিয়া।

উত্তৰঃ প্ৰাকৃতিক সম্পদৰ উদাহৰণ হৈছে পৰ্বত-পাহাৰ, নদ-নদী, হাবি-বননি, খনিজ পদাৰ্থ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top