Class 8 Assamese Additional Chapter 8 শ্ৰী শ্ৰী শংকৰদেৱ

Class 8 Assamese Additional Chapter 8 শ্ৰী শ্ৰী শংকৰদেৱ Solutions, SEBA Class 8 Assamese Additional and Short Type Question Answer, Class 8 Assamese Additional Question Answer to each chapter is provided in the list so that you can easily browse throughout different chapter Assam Board Class 8 Assamese Extra Notes and select needs one.

Class 8 Assamese Additional Chapter 8 শ্ৰী শ্ৰী শংকৰদেৱ

Join Telegram channel

Also, you can read the SCERT book online in these sections Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. SEBA Class 8 Assamese Important Question Answer. These solutions are part of SCERT All Subject Solutions. Here we have given Class 8 Assamese Important Solutions for All Subject, You can practice these here.

শ্ৰী শ্ৰী শংকৰদেৱ

Chapter – 8

ADDITIONAL QUESTION ANSWER

১। কবিয়ে পুণ্য কিৰণেৰে কি কৰাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে পুণ্য কিৰণেৰে ভূমি পবিত্ৰ কৰাৰ কথা কৈছে।

২। কবিতাটোত স্বৰ্গৰ বাতৰি কোনে আনি দিয়া বুলি কৈছে?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

৩। কবিতাটোত স্বৰ্গৰ পৰা কি নমোৱা কথা কৈছে?

উত্তৰঃ প্ৰেমৰ মন্দাকিনী ধাৰা।

৪। স্বৰ্গৰ পৰা প্ৰেমৰ মন্দাকিনী ধাৰা কেনেকৈ নমোৱা কথা উল্লেখ কৰিছে?

উত্তৰঃ অসীম সাধনাৰ বলেৰে।

৫। অসমত ভক্তিৰ সোঁত কোনে বোৱাইছে?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তিৰ সোঁত বোৱাইছে।

৬। কবিয়ে কিহৰ জ্ঞান দিয়াৰ কথা কৈছে?

উত্তৰঃ কবিয়ে ধৰ্মৰ জ্ঞান দিয়াৰ কথা কৈছে।

৭। কবিয়ে অসমক কোনে জীৱন দান দিয়াৰ কথা উল্লেখ কৰিছে?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।

৮। শ্ৰীমন্ত শংকৰদেৱে অসমত কিহৰ সোঁত বোৱাইছে?

উত্তৰঃ ভক্তিৰ সোঁত।

৯। কবিয়ে দেৱ বুলি কাক সম্বোধন কৰিছে?

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱক।

১০। গোটেই অসম ভূমিত কাৰ জীৱনী বিস্তৃত আছে বুলি কবিয়ে উল্লেখ কৰিছে?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনী।

১১। অসমত ধৰ্ম জ্ঞান কোনে দিছিল?

উত্তৰঃ শঙ্কৰদেৱে।

১২। সকলোকে নতুন সাজে কোনে সজাইছে?

উত্তৰঃ শঙ্কৰদেৱে।

১৩। কাৰ গীতৰ গৰিমা সকলোৰে হৃদয়ে হৃদয়ে বাজে?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰ।

১৪। শঙ্কৰদেৱে কিহৰ ফুল তুলি মালা গাঁথিছিল?

উত্তৰঃ বেদ উপনিষদৰ।

১৫। শঙ্কৰদেৱে সকলোকে কিহৰ মালা পিন্ধাইছিল?

উত্তৰঃ ধৰ্মৰ মালা।

১৬। শঙ্কৰদেৱে সকলোকে ধৰ্মৰ মালা কেনেকৈ পিন্ধাইছিল?

উত্তৰঃ ক্ষুদ্ৰ স্বাৰ্থ আৰু ভিন ভাৱ আঁতৰাই।

১৭। কবিয়ে অসমৰ ৰত্ন বুলি কাক কৈছে?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰক।

১৮। শ্ৰীমন্ত শঙ্কৰদেৱে জন্ম ভূমিখন কেনেকৈ সজাইছিল?

উত্তৰঃ অশেষ যতনেৰে।

১৯। কবিয়ে কৰ্ম্মবীৰ বুলি কাৰ কথা কোৱা হৈছিল?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱৰক।

২০। কাৰ সাজক পিন্ধি জননীয়ে নিজকে জগতত চিনাকি দিছে?

উত্তৰঃ শ্ৰীমন্ত শঙ্কৰদেৱে সজোৱা সাজক।

২১। শ্ৰী শ্ৰী শঙ্কৰদেৱ কবিতাটোৰ কবি কোন আছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰা।

২২। যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ ১৮৯২ চনত।

২৩। যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ ১৯৬৪ চনত যতীন্দ্ৰ নাথ দুৱৰাৰ মৃত্যু হৈছিল।

২৪। যতীন্দ্ৰ নাথ দুৱৰা কিমান শতিকাৰ শ্ৰেষ্ঠ গীতি কবি আছিল?

উত্তৰঃ বিং শতিকাৰ।

২৫। যতীন্দ্ৰ নাথ দুৱৰাৰ পিতৃৰ নাম কি আছিল?

উত্তৰঃ শ্যামসুন্দৰ দুৱৰা।

২৬। যতীন্দ্ৰ নাথ দুৱৰাৰ মাতৃৰ নাম কি আছিল?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ মাতৃৰ নাম আছিল পুণ্যদা দুৱৰা।

২৭। যতীন্দ্ৰ নাথ দুৱৰাৰ কত জন্ম হৈছিল?

উত্তৰঃ শিৱসাগৰৰ দিখৌ নৈৰ পাৰত যতীন্দ্ৰ নাথ দুৱৰাৰ জন্ম হৈছিল।

২৮। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল?

উত্তৰঃ শিৱসাগৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা যতীন্দ্ৰ নাথে প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল।

২৯। যতীন্দ্ৰ নাথ দুৱৰাই কিমান চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল?

উত্তৰঃ ১৯০৯ চনত যতীন্দ্ৰ নাথ দুৱৰাই প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল।

৩০। কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল? 

উত্তৰঃ ১৯৩০ চনত যতীন্দ্ৰ নাথ দুৱৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল।

৩১। কোনখন কলেজৰ পৰা যতীন্দ্ৰ নাথ দুৱৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল? 

উত্তৰঃ স্কটিছ চাৰ্চ কলেজৰ পৰা যতীন্দ্ৰ নাথ দুৱৰাই স্নাতক ডিগ্ৰী লাভ কৰিছিল।

৩২। কৰ পৰা যতীন্দ্ৰ নাথ দুৱৰাই চাকৰি জীৱন আৰম্ভ কৰিছিল?

উত্তৰঃ ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউশ্যন পৰা যতীন্দ্ৰ নাথ দুৱৰাই চাকৰি জীৱন আৰম্ভ কৰিছিল।

৩৩। কোনখন কলেজৰ অধ্যাপনাৰে যতীন্দ্ৰ নাথ দুৱৰাই চাকৰি জীৱন সামৰণি মাৰিছিল?

উত্তৰঃ ডিব্ৰুগড়ৰ হনুমান বক্স কানৈ কলেজৰ অধ্যাপনাৰে। 

৩৪। যতীন্দ্ৰ নাথ দুৱৰাই কোনখন আলোচনীৰ মাধ্যমেৰে আত্ম প্ৰকাশ কৰিছিল?

উত্তৰঃ ‘বাঁহী’ আলোচনীৰ মাধ্যমেৰে যতীন্দ্ৰ নাথ দুৱৰাই আত্ম প্ৰকাশ কৰিছিল।

৩৫। ‘ওমৰ তীৰ্থ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘ওমৰ তীৰ্থ’ যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰিছিল।

৩৬। যতীন্দ্ৰ নাথ দুৱৰাৰ এখন পুথিৰ নাম লিখা?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ এখন পুথিৰ নাম ‘আপোন সুৰ’।

৩৭। যতীন্দ্ৰ নাথ দুৱৰাৰ এক মাত্ৰ গদ্য পুথিখনৰ নাম লিখা?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাৰ এক মাত্ৰ গদ্য পুথিখনৰ নাম হল ‘কথাকবিতা’।

৩৮। ৰুবায়ত কোনে ৰচনা কৰিছিল?

উত্তৰঃ ওমৰ খৈয়ামে ৰুবায়ত ৰচনা কৰিছিল।

৩৯। ‘ওমৰ তীৰ্থ’ কোনখন পুথিৰ ভাঙনি?

উত্তৰঃ ‘ওমৰ তীৰ্থ’ ৰুবায়তৰ ভাঙনি।

৪০। ‘বনফুল’ কবিতাৰ কবিগৰাকী কোন আছিল?

উত্তৰঃ ‘বনফুল’ কবিতাৰ কবিগৰাকী আছিল যতীন্দ্ৰ নাথ দুৱৰা।

৪১। কিমান চনত যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল?

উত্তৰঃ ১৯৫২ চনত যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল।

৪২। কোনখন কবিতা পুথিখনৰ বাবে যতীন্দ্ৰ নাথ দুৱৰাই সাহিত্য অকাডেমি পুৰস্কাৰ লাভ কৰিছিল?

উত্তৰঃ ‘বনফুল’ কবিতা পুথিখনৰ বাবে।

৪৩। ‘আপোন সুৰ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘আপোন সুৰ’ যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰিছিল।

৪৪। যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা দুখন পুথিৰ নাম লিখা?

উত্তৰঃ যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰা দুখন পুথিৰ নাম হল ‘বনফুল’ আৰু ‘মিলনৰ সুৰ’।

৪৫। ‘মৰমৰ সুৰ’ কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘মৰমৰ সুৰ’ যতীন্দ্ৰ নাথ দুৱৰাই ৰচনা কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top