Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Solution, স্বদেশ অধ্যয়ন Class 12 Question Answer to each chapter is provided in the list of AHSEC so that you can easily browse through different chapters and select needs one. Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Question Answer can be of great value to excel in the examination.

Join Telegram channel

Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা Notes covers all the exercise questions in HS 2nd Year Swadesh Adhyayan Textbooks. The Assam Board Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা

Chapter – 4

প্রথম ভাগ: ভূগোল

অনুশীলনী প্রশ্নোত্তৰ

১। সম্পদ হিচাপে গণ্য কৰিবলৈ হ’লে কোনটো বৈশিষ্ট্য উপাদানত নিহিত থকাটো প্রয়োজন ? 

( ক ) কার্যকাৰিতা ।

( খ ) উপযোগিতা ।

( গ ) গতিশীলতা ।

( ঘ ) ক , খ আৰু গ তিনিওটা । 

উত্তৰঃ ( ঘ ) ক , খ আৰু গ তিনিওটা । 

২। অসমৰ কোন স্থানত প্ৰথমতে কয়লা ( ক’লা হীৰা ) আৱিস্কাৰ হৈছিল ? 

( ক ) নাহৰকটীয়া ।

( খ ) মাৰ্ঘেৰিটা ।

( গ ) লিডু ।

( ঘ ) মাকুম ।

উত্তৰঃ ( ঘ ) মাকুম । 

৩। অসমত খাৰুৱা তেলৰ সম্ভেদ কেতিয়া পোৱা যায় ? 

( ক ) ১৮২২ চনত ।

( খ ) ১৮৮৪ চনত ।

( গ ) ১৯০১ চনত ।

( ঘ ) ১৯৮৯ চনত

উত্তৰঃ ( ক ) ১৮২২ চনত ।

৪। ভাৰতবৰ্ষৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ অসমত উৎপাদন কৰা হয় ?

( ক ) ২৭ শতাংশ ।

( খ ) ৩৪ শতাংশ ।

( গ ) ২২ শতাংশ ।

( ঘ ) ১৭ শতাংশ ।

উত্তৰঃ ( ঘ ) ১৭ শতাংশ । 

৫। তলৰ কোনটো শোধানাগাৰলৈ অসমত উৎপাদিত খাৰুৱা তেল পঠিওৱা হোৱা নাই— 

( ক ) নুনমাটি ।

( খ ) হালদিয়া ।

( গ ) মথুৰা ।

( ঘ ) বাৰাউনী ।

উত্তৰঃ ( গ ) মথুৰা । 

৬। প্রাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান থাকে ? 

( ক ) ৮৯ শতাংশ ।

( খ ) ১-১.৭ শতাংশ ।

( গ ) ২-২.৪ শতাংশ ।

( ঘ ) ৮০-৯০ শতাংশ ।

উত্তৰঃ ( ক ) ৮০-৯০ শতাংশ । 

৭। উপগ্ৰহৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বনাবৃত ? 

( ক ) ১৭ শতাংশ ।

( খ ) ২১ শতাংশ ।

( গ ) ২৭ শতাংশ ।

( ঘ ) ৩৭ শতাংশ ।

উত্তৰঃ ( খ ) ২১ শতাংশ । 

৮। অসমত উৎপাদন হোৱা প্ৰাকৃতিক গেছৰ অধিকাংশ কোন কেইটা প্রধান প্রকল্পই ব্যৱহাৰ কৰে ? 

উত্তৰঃ OIL , ONGC , BRPL আদি । 

৯। অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম লিখা । 

উত্তৰঃ অসমৰ কাৰ্বি আংলঙৰ চূণশিল উপলব্ধ যিকোনো ৫ খন ঠাইৰ নাম হ’ল— ডিলাই , কইলাজান , শিলভেটা , ছৈনিলাংছ ‘ আৰু উমৰাংছ’ আদি । 

১০। ১৯৯৩ চনত “ বিশ্ব শীর্ষ সম্মিলন ” কোন চহৰত অনুষ্ঠিত হৈছিল ? 

উত্তৰঃ ১৯৯৩ চনৰ “ বিশ্ব শীর্ষ সন্মিলন ” “ ৰিও – ডি – জেনিৰিও ” চহৰত অনুষ্ঠিত হৈছিল । 

১১। একমাত্র অসমত উপলব্ধ দুষ্প্রাপ্য আৰু লুপ্ত প্রায় কোন দুবিধ প্ৰাণীক ৰাষ্ট্ৰসংঘই ‘ দুষ্প্রাপ্য আৰু বিপদাপন্ন প্রাণী ” হিচাপে ৰঙা তথ্য তালিকাত অন্তৰ্ভূক্ত কৰিছে ?

উত্তৰঃ নল গাহৰি আৰু সুগৰি পহুক ৰাষ্ট্ৰসংঘই ‘ দুষ্প্রাপ্য আৰু বিপদাপন্ন প্রাণী ’ হিচাপে ৰঙা তথ্য তালিকাত অন্তর্ভূক্ত কৰিছে । 

১২। অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান অবস্থিত ? 

উত্তৰঃ অসমত বৰ্তমান ৫ খন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত । 

১৩। চলন্ত শিল্পৰ এটা উদাহৰণ দিয়া । 

উত্তৰঃ ‘ ডায়মণ্ড ’ শিল্প । 

১৪। মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা কি কি ? 

উত্তৰঃ মানৱ সম্পদ উন্নয়নৰ লাইখুটা কেইটা হ’ল— সমতা ( Equality ) , উৎপাদন ( Production ) , স্থায়িত্ব ( Durability ) আৰু অধিকাৰ ( Rights ) । 

১৫। অসমত গ্ৰীষ্মকালৰ তিনিটা মাহত ৰাস্তা আৰু ৰেলপথ ক্ষতিগ্রস্ত কৰা খনন দুবিধৰ নাম লিখা । 

উত্তৰঃ লোৰ খনন ( Gully Erosion ) আৰু পৃষ্ঠীয় খনন ( Surface Erosion ) আদিৰ দ্বাৰা ৰাস্তা আৰু ৰে’লপথ ক্ষতিগ্রস্ত হয় । 

১৬। ৰছীপথ পৰিবহন অসমৰ কোন দুখন ঠাইৰ মাজত প্ৰচলিত ? 

উত্তৰঃ কাৰ্বি আংলং জিলাৰ ডিলাইৰ পৰা বোকাজান আৰু গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ৰছীপথ প্রচলিত । 

১৭। কোঁচ ৰজা নৰনাৰায়ণে তেওঁৰ ৰাজত্বকালত নিৰ্মাণ কৰা বাবা “ গোহাঁই কমল আলি ” ৰ দুই মূৰে থকা ঠাই দুখনৰ নাম লিখা । 

উত্তৰঃ কোচবিহাৰৰ পৰা পূৱে নাৰায়ণপুৰলৈ ( লখিমপুৰ ) “ গোহাঁই কমল আলিৰ ” ৰ নিৰ্মাণ কৰিছিল । 

১৮। ৪০ নম্বৰ ৰাষ্ট্ৰীয় ঘাই পথে ( NH40 ) কোন দুখন ঠাই সংলগ্ন কৰিছে ? 

উত্তৰঃ NH40 এ গুৱাহাটী আৰু শ্বিলংক সংলগ্ন কৰিছে । 

১৯। অসমৰ আৰ্দ্ৰভূমিৰ গুৰুত্ব ৩০ টা মান শব্দৰ ভিতৰত লিখা। 

উত্তৰঃ আর্দ্রভূমিবোৰ অসংখ্য ‘ উভচৰী ’ আৰু ‘ পক্ষী ’ জীৱৰ আবাসভূমি । নদী , খাল – বিল হ্রদ ইত্যাদি আৰ্দ্ৰভূমিৰ উদাহৰণ । অসমত বিশেষকৈ আৰ্দ্ৰভূমিবোৰ মাছ আৰু চৰাইৰ বাবে সমৃদ্ধ । ইয়াৰ উপৰিও , বিভিন্ন প্ৰকাৰৰ ভেকুলী , সাপ , কাছ , পোক – পৰুৱা ইত্যাদিৰ বাবে জনপ্রিয় । 

অসমৰ আৰ্দ্ৰভূমিত পোৱা মাছৰ বাবে আমি বেলেগ ৰাজ্যৰ মাছৰ ওপৰত ১০০ শতাংশ নিৰ্ভৰ কৰিবলগীয়া হোৱা নাই । আমাৰ ইয়াত পোৱা থলুৱা মাছ যেনে— কাৱৈ , মাণ্ডৰ , শিঙি , শিঙৰা , ষাল – ষোল, গৰৈ , চেঙেলী , পুঠি , দৰিকনা , মোৱা ইত্যাদি অনেক মাছৰ সোৱাদ অনন্য আৰু আমাৰ শৰীৰৰ বাবে অতি উপযোগী । 

আনহাতে , শীতকালত পৰিভ্ৰমী চৰাইবোৰে অসমৰ আৰ্দ্ৰভূমি আটক – ধুনীয়া কৰি তোলে । ফলত , অসমৰ পৰ্যটন উদ্যোগৰ চাহিদা দিনক দিনে বৃদ্ধি পাইছে । 

২০। Silk Route আৰু Steel – Well – Route ৰ বিষয়ে ৫০/৬০ টা মান শব্দত বর্ণনা কৰা । 

উত্তৰঃ প্ৰাচুৰ্য আৰু সম্পদৰ ক্ষেত্ৰত সম্ভাৱনীয়তা থকা সত্বেও অসম শিল্প- উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ আন অগ্রণী ৰাজ্যতকৈ তুলনামূলকভাৱে পিছপৰা । ইয়াৰ প্ৰধান ভৌগোলিক কাৰণ এনেধৰণৰ— 

স্থানিক সূচলতাৰ অভাৱ , যেনে- অসম ভাৰতৰ উত্তৰ – পূৱ চুকত অৱস্থিত । “ বংগ দুৱাৰ ” নামে পৰিচিত এক ঠেক ভূ ভাগেৰে ভাৰতৰ মূল ভূ – ভাগৰ সৈতে স্থল পথেৰে সংলগ্ন হৈ আছে । তদুপৰি উত্তৰ – পূৰ্বাঞ্চল উত্তৰ , উত্তৰ – পূৱ আৰু দক্ষিণ – পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিৱেবিষ্টত হোৱাৰ উপৰিও পাহাৰ পৰ্বতেৰে আগুৰি আছে । ফলত স্থল পথেৰে চীন আৰু দক্ষিণ – পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বিচ্ছিন্ন হৈ আছে । Silk Route ( চীন – বাছিয়া হৈ ইউৰোপলৈ যোৱা পথ ) , Steel – Well – Route ( পাটকাই – ম্যানমাৰ হৈ দক্ষিণ – পূৱ – এছিয়াৰ সংযোগী পথ ) আদি বৰ্তমান ব্যৱহাৰৰ উপযোগী হৈ থকা নাই। 

২১। অসমত ঔদ্যোগিক অনগ্ৰসৰতাৰ ৫ টা কাৰকৰ বিষয়ে লিখা । 

উত্তৰঃ সম্পদৰ প্ৰাচুৰ্য সত্বেও অসম শিল্প উদ্যোগৰ ক্ষেত্ৰত অতি লেহেমীয়া গতিৰে আগবাঢ়িছে । চাহ , কৃষি আৰু খনিজ তেল ভিত্তিক উদ্যোগৰ বাহিৰে কেৱল নির্দিষ্ট ঔদ্যোগিক উৎপাদন শিল্পহে গঢ়ি উঠিছে।প্রাকৃতিক সম্পদৰ ক্ষেত্ৰত অসম অতি চহকী , কিন্তু ঔদ্যোগিক ক্ষেত্ৰত ভাৰতৰ অগ্ৰণী ৰাজ্যতকৈ তুলনামূলকভাৱে পিছপৰা । 

ইয়াৰ পাঁচটা কাৰক তলত উল্লেখ কৰা হ’ল— 

( ক ) স্থানিক সূচলতাৰ অভাৱ । যেনে— অসম ভাৰতৰ উত্তৰ – পূৱ চুকত অৱস্থিত । ‘ বংগ দুৱাৰ ‘ নামে পৰিচিত এক ঠেক ভূ – ভাগেৰে ভাৰতৰ মূল ভূ – ভাগৰ সৈতে স্থল পথেৰে সংলগ্ন হৈ আছে । তদুপৰি উত্তৰ – পূৰ্বাঞ্চল উত্তৰ , উত্তৰ – পূৱ আৰু দক্ষিণ – পশ্চিম দিশত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা পৰিবেষ্টিত হোৱাৰ উপৰিও পাহাৰ – পৰ্বতেৰে আগুৰি আছে। ফলত স্থলপথেৰে চীন আৰু দক্ষিণ পূৱ এছিয়াৰ ৰাষ্ট্ৰসমূহৰ পৰা বিচ্ছিন্ন হৈ আছে । 

Silk Route আৰু Steel – Well – Route আদি বৰ্তমান ব্যৱহাৰৰ উপযোগী হৈ থকা নাই । 

( খ ) অসমত উপলব্ধ প্রাকৃতিক সম্পদৰ প্ৰকৃত ভাণ্ডাৰৰ আজিকোপতি পৰিমাণ নিৰ্দ্ধাৰণ কৰিব পৰা নাই । ইয়াৰ মূল কাৰণ হ’ল অত্যাধুনিক প্রযুক্তিৰ উপযুক্ত প্রয়োগ ভালদৰে কৰা হোৱা নাই । ব্যৱহাৰ আৰু সংৰক্ষণ এই দুয়োটা ক্ষেত্ৰতেই উপযুক্ত পদক্ষেপ ল’ব পৰা হোৱা নাই । 

( গ ) শক্তিৰ নাটনিয়ে উদ্যোগপতিক নিৰাশ কৰিছে । আনকি 28 × 9 ঘণ্টা গার্হস্থ্য বিজুলী যোগান ধৰিব নোৱাৰা ‘ বিজুলী ভৱনে ’ ( শক্তি বিভাগ ) NEEPCO আদিৰ পৰা বিজুলীৰ সর্বোচ্চ ব্যৱহাৰৰ ( Peak hours ) সময়ত এটা নিত্য – নৈমিত্তিক পৰিঘটনাত পৰিণত হৈছে । 

( ঘ ) অসমৰ খিলঞ্জীয়া ডেকা তেজত ঔদ্যোগিক মানসিকতাৰ অভাৱ । তথাপিতো উৎসাহী ঔদ্যোগিক মানসিকতাৰ লোক এই ক্ষেত্ৰত ওলাই আহি প্ৰাৰম্ভিক লোকচান বা লাভালাভ নহ’লেও ধৈর্য সহকাৰে লাভৰ আশাত কাম কৰি যাব লাগিব । আশা কৰা মতে অসমে এনে মানসিকতাৰ ব্যক্তি বা দল সৃষ্টি কৰিব পৰা নাই । প্রকৃত ঔদ্যোগিক পৰিৱেশৰ ( Industrial Climate ) অভাৱ , পুঁজিৰ অভাৱ আদি দূৰ কৰিবলৈ চৰকাৰে উদ্যোগ – বান্ধৱ নীতি ( Indus trial Friendly Policy ) প্রস্তুত কৰিব লাগিব য’ত ৰেহাই ( Subsidy ) কৰব ক্ষেত্ৰত নিৰ্দিষ্ট সময়ৰ বাবে মাফ ( Tax Holiday ) আদিৰ স্পষ্ট উল্লেখ থাকিব লাগিব । 

( ঙ ) বজাৰ সৃষ্টি কৰি সংযোগ ব্যৱস্থাৰ উন্নয়ন কৰিব লাগিব । সস্তীয়া নিম্নমানৰ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত স্পষ্ট নীতি আৰু উপযুক্ত প্রয়োগ কৰিব লাগিব যাতে স্থানীয় উদ্যোগত উৎপাদিত বিশিষ্ট মানৰ সামগ্ৰীৰ বজাৰখন প্ৰতিযোগিতামূলক হোৱাৰ উপৰিও উচ্চমানৰ সামগ্ৰীৰ পয়োভৰ হয় । 

২২। কাঁহ আৰু পিতলৰ শিল্পৰ ৫ টা সমস্যাৰ বিষয়ে লিখা । 

উত্তৰঃ কাঁহ আৰু পিতলৰ শিল্পৰ পাঁচটা সমস্যা হ’ল— 

( ক ) কাঁহ আৰু পিতলৰ শিল্পৰ বজাৰত কেঁচামালৰ নাটনি দেখা যায় । 

( খ ) কাঁহ আৰু পিতল শিল্পৰ ব্যৱসায় বর্তমান স্থানীয় লোকৰ হাতত কম , বহিৰাগত ব্যৱসায়ীৰ হাতত দেখা যায় ।

( গ ) কিছুমান অসাধু ব্যৱসায়ী চক্রই কেঁচামালৰ মূল্য নিজৰ ইচ্ছানুযায়ী নিৰ্ধাৰণ কৰে । 

( ঘ ) অসাধু ব্যৱসায়ী চক্ৰৰ ক্ষেত্ৰত বিভাগীয় মূৰব্বী সকলো নিমাত হৈ থকা দেখা যায় । 

( ঙ ) ইয়াৰ উপৰিও মোৰাদাবাদ আদিৰ পৰা মেচিনত তৈয়াৰী সস্তীয়া আৰু চিকচিকিয়া অথচ পাতল সামগ্ৰীৰে অসমৰ বজাৰ ভৰি পৰা দেখা যায় ।

অতিৰিক্ত প্রশ্নোত্তৰ

১। সম্পদ মূল্যাংকন সাধাৰণতে কিহৰ ওপৰত নিৰ্ভৰ কৰে ? 

উত্তৰঃ সম্পদ মূল্যাংকন সাধাৰণতে আমাৰ জ্ঞানৰ পৰিসৰ তথা সামাজিক , যান্ত্ৰিক আৰু কৌশল বিকাশৰ ওপৰত নিৰ্ভৰ কৰে ।

২। সম্পদ সাধাৰণতে কেইপ্ৰকাৰৰ আৰু কি কি ? 

উত্তৰঃ সম্পদ দুই প্ৰকাৰৰ — 

( ক ) নৱীকৰণ যোগ্য । আৰু 

( খ ) অনৱীকৰণ যোগ্য । 

৩। অসম কি কি সম্পদত চহকী ? 

উত্তৰঃ অসম খনিজ , বনজ আৰু জলজ সম্পদত অতি চহকী ।

৪। ‘ GIS ’ ৰ ফুল ফর্ম কি ? 

উত্তৰঃ Geographical Information System . 

৫। গন্ডোৱানা যুগৰ শিলাখণ্ড ক’ত পোৱা যায় ? 

উত্তৰঃ নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ পাহাৰ , টিলা আৰু কাৰ্বি আৰু ডিমা হাচাও মালভূমি অঞ্চলত পোৱা যায় । 

৬। কোনে কিমান চনত ক’ত কয়লা বা ক’লা হীৰা আৱিষ্কাৰ কৰে ? 

উত্তৰঃ ১৮৬৫ চনত অসমৰ মাকুমত পোন প্রথমে মেলিক’ট নামৰ চাহাব এজনে কয়লা বা ক’লা হীৰা আৱিস্কাৰ কৰে । 

৭। বিটুমিনাছ কয়লাত কাৰ্বনৰ পৰিমাণ কিমান থাকে ? 

উত্তৰঃ ৫০-৬০ শতাংশ । 

৮। কয়লাবোৰত কোনটো মৌল অধিক পৰিমাণে থাকে ? 

উত্তৰঃ ছালফাৰ ।

৯। কিমান চনত অসমত খাৰুৱা তেলৰ সম্ভেদ পোৱা গৈছিল ? 

উত্তৰঃ ১৮২২ চনত । 

১০। কিমান চনত ক’ত কাৰ সহযোগত সৰ্বপ্ৰথমে খাৰুৱা তেল উদ্ঘাটন কৰা হৈছিল ? 

উত্তৰঃ ব্ৰিটিছ চাহাব ‘ H. B. Medicott ‘ ৰ উপদেশ মৰ্মে আৰু ‘ গুডেনআফৰ ’ নেতৃত্বত ; অসম ৰেলপথ আৰু ব্যৱসায়িক সন্থাৰ সহযোগত ১৮৮৯ খ্রীষ্টাব্দত ডিগবৈত সর্বপ্রথমে খাৰুৱা তেল উদ্ঘাটন কৰা হয় । 

১১। কিমান চনত ডিগবৈ শোধনাগাৰ স্থাপন হয় ? 

উত্তৰঃ ১৯২১ চনত । 

১২। ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো ?

উত্তৰঃ ডিগবৈ তেল শোধনাগাৰ । 

১৩। কিমান চনত ‘ তেল নিগম ’ গঠিত হয় ? 

উত্তৰঃ ১৯৫৮ চনত ‘ ভাৰতীয় তেল নিগম ’ গঠিত হয় । 

১৪। কিমান চনত তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয় ? 

উত্তৰঃ ১৯৫৯ চনত । 

১৫। অসমে ভাৰতৰ মুঠ খাৰুৱা তেলৰ কিমান শতাংশ উৎপাদন কৰে ? 

উত্তৰঃ ৪৭ শতাংশ । 

১৬। প্রাকৃতিক গেছৰ প্ৰকৃত উৎস কি ? 

উত্তৰঃ জৈৱিক বা জীবিত । 

১৭। প্রাকৃতিক গেছত মিথেনৰ পৰিমাণ কিমান ? 

উত্তৰঃ ৮০-৯০ শতাংশ । 

১৮। সংপৃক্ত প্রাকৃতিক গেছ কি ? 

উত্তৰঃ খনিজ তেলৰ সৈতে সংলগ্ন থকা প্রাকৃতিক গেছক ‘ সংপৃক্ত প্রাকৃতিক গেছ ‘ বোলে । 

১৯। মুক্ত প্রাকৃতিক গেছ কি ? 

উত্তৰঃ স্বতন্তৰীয়ভাৱে উপলব্ধ গেছক মুক্ত প্রাকৃতিক গেছ বোলে । 

২০। প্রাকৃতিক গেছৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা উদ্যোগবোৰ কি কি ? 

উত্তৰঃ ( ক ) নামৰূপ তাপবিদ্যুৎ প্রকল্প ।

( খ ) নামৰূপ সাৰ কাৰখানা ।

( গ ) অসম গেছ কোম্পানী । আৰু 

( ঘ ) অসম গেছ ক্ৰেকাৰ প্ৰকল্প ইত্যাদি ।

২১। চূণশিল উপলব্ধ প্রধান ঠাইবোৰ কি কি ? 

উত্তৰঃ কাৰ্বি আংলঙৰ ভিলাই , কইলাজান , শিলভেটা , ছৈনিলাংছ ‘ ডিমা হাচাও জিলাৰ উমৰাংছ ‘ আৰু গৰমপানী ইত্যাদি । 

২২। কি কি উদ্যোগত চিলিমিনাইট খনিজ দ্রব্য ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ অট : মোবাইলত ব্যৱহৃত স্পার্কিং প্লাগ , গ্লাচ উদ্যোগ ইত্যাদিত চিলিমিনাইট ব্যৱহাৰ কৰা হয় । 

২৩। অসমৰ ক’ত ক’ত চিলিমিনাইট পোৱা যায় ? 

উত্তৰঃ কাৰ্বি আংলঙৰ চিপিলাংছ ’ , চামেলাংছ ’ চেইলাংছ ’ , ইংতিগাঁও আপাৰ চেলাবৰ আৰু আমটেৰেঙত চিলিমিনাইট পোৱা যায় । 

২৪। অসমত পোৱা এবিধ দুষ্প্রাপ্য প্ৰজাতিৰ নাম লিখা । 

উত্তৰঃ নলগাহৰি ( Pygmy hog ) । 

২৫। গুৱাহাটী – শ্বিলং সংযোগী পথচোৱাৰ নাম কি ? 

উত্তৰঃ NH40

২৬। সম্পদ হিচাপে কাক গণ্য কৰা হয় আৰু ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি ? 

উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় উপাদানসমূহক সামগ্রিকভাৱে সম্পদ হিচাপে গণ্য কৰা হয় । সম্পদ হ’বলৈ তিনিটা প্রধান বৈশিষ্ট্য থকাটো নিতান্তই প্রয়োজন । সেইকেইটা হ’ল— 

( ক ) উপযোগিতা ।

( খ ) কার্যকাৰিতা । আৰু 

( গ ) গতিশীলতা । 

২৭। অসমক চহকী কৰা সম্পদসমূহ কি কি ? 

উত্তৰঃ খনিজ , বনজ , জলজ আদি সম্পদৰ ক্ষেত্ৰত অসমখন বিভিন্ন প্রকাৰে চহকী ৰাজ্য । 

২৮। অসমৰ ভূ – গৰ্ভত খনিজ সম্পদ মজুত ভাণ্ডাৰ কিমান ? 

উত্তৰঃ                

খনিজ দ্রব্যসাম্ভাব্য ভাণ্ডাৰ ( নিযুত টন হিচাপত )
কয়লা১০০০.০
খনিজ তেল১৫৬.০
প্রাকৃতিক গেছ২০৮.৫ ( কিউবিক মিটাৰ )
চুণ শিল২২৭.৫
আকৰিক লো২৩.০

২৯। কোনে কিমান চনত কয়লা আৱিষ্কাৰ কৰিছিল ? 

উত্তৰঃ ১৮৬৫ চনত অসমৰ মাকুমত পোন প্ৰথমে মেলিকট ( H. B. Mellicatt ) নামৰ চাহাব এজনে কয়লা বা ক’লা হীৰা ( Black Diamond ) আৱিষ্কাৰ কৰে । 

৩০। অসমত কয়লাৰ খনি আৰু সম্পদ ভৌগোলিক বিতৰণৰ বিষয়ে লিখা । 

উত্তৰঃ অসমত কয়লাৰ খনি আৰু সম্পদ ভৌগোলিক বিতৰণৰ বিষয়ে উল্লেখ কৰা হ’ল— 

( ক ) উজনি অসমৰ কয়লা ভাণ্ডাৰ : অসম অৰুণাচল সীমান্তৰ চাংলাং জিলাৰ দক্ষিণৰ পৰা অসম – নাগালেণ্ডৰ সীমান্তৰ ডিমাপুৰৰ দক্ষিণে অৱস্থিত কয়লাখনি অঞ্চল । মাৰ্ঘেৰিটাৰ মাকুম , জয়পুৰ ডিলিখনিসমূহ আৰু নাগিনীমৰাৰ কয়লাখনি ভাণ্ডাৰ এই অঞ্চলৰ অন্তৰ্ভুক্ত । এই অঞ্চলৰ কয়লা স্তৰৰ ঘনত্ব গড়ে ১৭ মিটাৰ । 

( খ ) কাৰ্বি আংলঙৰ কয়লা ভাণ্ডাৰ : লংলই , কয়লাজান , শিলভেটা , খৰঙামন আদি এই অঞ্চলৰ উল্লেখযোগ্য খনি অঞ্চল । এই অঞ্চলৰ কয়লা খনিবোৰৰ পৰা উৎপাদিত অধিক কয়লা প্ৰধানকৈ ৰেল বিভাগ , চাহ উদ্যোগ , ইটাভাটা আদিত ব্যৱহাৰ কৰা হয় । 

৩১। কিমান চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ এডাল পাইপ লাইনৰ সহযোগত অসমৰ পৰা অন্য ৰাজ্যলৈ খাৰুৱা তেল পৰিবহন কৰা হয় ? 

উত্তৰঃ ২৪ চেণ্টিমিটার ব্যাসার্ধৰ এডাল পাইপ লাইনৰ সহযোগত অসমৰ পৰা অন্য ৰাজলৈ খাৰুৱা তেল পৰিবহন কৰা হয় । 

৩২। প্রাকৃতিক গেছত মিথেন , ইথেন , প্রপেন আৰু বিউটেন কিমান পৰিমাণে থাকে ? 

উত্তৰঃ প্রাকৃতিক গেছত মিথেন ( ৮০-৯০ % ) , কিছু পৰিমাণে ইথেন ( ৮-৯ % ) , প্রপেন ( ২ ৪ % ) আৰু বিউটেন ( ০.৭-১.৭ % ) আদি থাকে। 

৩৩। মুক্ত গেছ কাক বোলে ? 

উত্তৰঃ খনিজ তেলৰ সৈতে সংলগ্ন হৈ থকা প্ৰাকৃতিক গেছক ‘ সংপৃক্ত প্রাকৃতিক গেছ ’ আৰু স্বতন্তৰীয়ভাৱে উপলব্ধ গেছক ‘ মুক্ত প্রাকৃতিক গেছ ‘ বোলে । 

৩৪। প্রাকৃতিক গেছ উৎপাদনৰ সৈতে জড়িত সংগঠনবোৰৰ নাম কি ? 

উত্তৰঃ অসম গেছ কোম্পানী , ভাৰতীয় তেল নিগম আৰু তেল আৰু প্ৰাকৃতিক গেছ আয়োগ আদি সংগঠনবোৰ প্ৰাকৃতিক গেছ উৎপাদনৰ সতে জড়িত । 

৩৫। বছৰেকত প্রাকৃতিক গেছ গড় হিচাপত কিমান উৎপাদন হয় ?

উত্তৰঃ বছৰেকত প্ৰাকৃতিক গেছ গড় হিচাপে উৎপাদন হয় প্রায় ৩০০০ নিযুত বৰ্গ ঘনমিটাৰ ।

৩৬। লো আৰু তিখা উৎপাদনৰ ক্ষেত্ৰত কোনবিধ চূণশিল অপৰিহাৰ্য ? 

উত্তৰঃ লো আৰু তিখা উৎপাদনৰ ক্ষেত্ৰত ফ্লাক্স চূণশিল অন্যতম অপৰিহাৰ্য দ্রব্য । 

৩৭। চিলিমিনাইট ক’ত ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ চিলিমিনাইট অট’মোবাইলত ব্যৱহৃত স্পার্কিং প্লাগ , গ্লাচ উদ্যোগ আদিত ব্যৱহাৰ কৰা হয় । 

৩৮। চুণশিল ক’ত ক’ত ব্যৱহাৰ কৰা হয় ? 

উত্তৰঃ গ্ৰাম্যাঞ্চলত গৃহ আৰু বেৰ আদিত ৰং কৰা কাৰ্যত চূণশিল ব্যৱহাৰ কৰা হয় । পঢ়াশালিত শিক্ষকে কলা বৰ্ডত লিখিবলৈ আৰু ছবি নক্সা আঁকি ছাত্ৰ – ছাত্ৰীক বুজাবলৈ চকমাটি হিচাবে ভিন্ন ৰঙী পেঞ্চিল ব্যৱহাৰ কৰাৰ উপৰিও চকমাটিৰ গুৰি খাদ্য শস্য মজুত ৰখা ভড়ালত আৰ্দ্ৰতা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বহুলভাৱে ব্যৱহাৰ কৰা হয় । 

৩৯। চৰকাৰী তথ্য অনুসৰি অসমৰ কিমান শতাংশ ঠাই বননিৰে আগুৰা ? 

উত্তৰঃ চৰকাৰী তথ্য নুসৰি অসমৰ প্ৰায় ২৭ শতাংশ ঠাই বননিৰে আগুৰা যদিও উপগ্ৰহৰ পৰা পোৱা তথ্য চিত্ৰৰ অধ্যয়নৰ পৰা ( মার্চ , ২০১৯ ) প্রায় ২১ শতাংশ ঠাই উদ্ভিদেৰে আৱৰা । ১৯৭০ চনত অসমৰ বননিৰ পৰিমাণ আছিল প্রায় ৬৪ শতাংশ । বিগত ৪৮ বছৰত অসমৰ বন ধ্বংসৰ বাবে প্ৰায় ৩৩ শতাংশ হ্রাস হৈ বৰ্তমানৰ অৱস্থা হৈছেগৈ । ১৯৮৭ চনৰ পৰা সামাজিক বননীকৰণৰ জৰিয়তে আৰু ১৯৯৩ চনত ৰিও – ডি – জেনিৰিও চহৰত অনুষ্ঠিত হোৱা ‘ বিশ্ব সন্মিলন ’ চুক্তিৰ আধাৰত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি গছ – গছনি জধে – মধে কটা নিষিদ্ধ কৰা হয় । 

৪০। অসমৰ প্ৰকৃতি প্রদত্ত সম্পদ বুলি কাক কোৱা হয় ? 

উত্তৰঃ কঠিন কাঠ সাধাৰণতে নির্মাণ কার্যত ; কোমল কাঠ প্লাইউড , জুইশলা , কাগজৰ খণ্ড আৰু কাগজ তৈয়াৰ কৰিবলৈ কোমল কাঠ আৰু ঘাঁহ , প্রাকৃতিক এঠা , ধৃণা , লা , খয়েৰ , গ্ৰাম্যাঞ্চলত ঘৰৰ চাল চিলাবলৈ ব্যৱহাৰ কৰা উলুখেৰ , বাৰাঙাখেৰ , প্ৰাকৃতিক এঠা বেত , ফল – মূল , প্রাকৃতিক যৌগিক পাচলি ( Natural organic vegetables ) আদি অসমৰ হাবিৰ প্রকৃতি প্রদত্ত সম্পদ । 

৪১। কি কি চৰাই বিল আৰু আৰ্দ্ৰভূমিবোৰত পোৱা যায় ? 

উত্তৰঃ চৰাই চিৰিকতিৰ ক্ষেত্ৰখনতো অসম চহকী ৰাজ্য । ময়ুৰ , ধনেশ, হাড়গিলা , বড়টোকোলা , বিভিন্ন প্ৰকাৰৰ বগলী , হাঁহ , শৰালি, ভাটৌ , ফেঁচা , তিয়াঁ , ঘনচিৰিকা , কুলি , কেতেকী , দহিকতৰা আদিৰ উপৰিও বিল আৰু আৰ্দ্ৰভূমিবোৰত বহুতো পৰিভ্ৰমী চৰাই ( Migratory bird ) পোৱা যায় ।

৪২। বর্তমান অসমত কিমান শাল আছে ? 

উত্তৰঃ বৰ্তমান অসমত মুঠ ১৪.৩ লাখ শাল , তাঁতশাল আৰু বৈদ্যুতিক শাল আছে । বৈদ্যুতিক শালৰ সংখ্যা তাকৰ । 

৪৩। কিমান শতাংশ শিপিনীয়ে হস্ততাত ব্যৱহাৰ কৰে ? 

উত্তৰঃ প্রায় ২০ শতাংশ শিপিনীয়ে হস্ততাত ব্যৱহাৰ কৰে । 

৪৪। অসম উদ্যোগীকৰণৰ ক্ষেত্ৰত অর্থনৈতিক স্বাবলম্বী কেনেকৈ হ’ব পাৰিব ? 

উত্তৰঃ উপযুক্ত আগ্রহী শিল্পীক প্রশিক্ষণ , দক্ষতা বিকাশ , প্রয়োজনীয় আন্তঃগাঁথনি তৈয়াৰ , বৃত্তীয় প্রতিষ্ঠান আৰু বেংকৰ ঋণ ব্যৱস্থাৰ সৰলীকৰণ ; ঋণৰ সূত ৰেহাই ( subsidy ) , উৎপাদিত সামগ্ৰীৰ ওপৰত আৰোপিত বিক্ৰী কৰৰ ৰেহাই ( tax holiday ) ইত্যাদিৰ উপযুক্ত কাৰ্যকৰণে নতুন আগ্রহী উদ্যোগীসকলক অনুপ্রাণিত কৰিব পাৰিব । অসম উদ্যোগীকৰণৰ ক্ষেত্ৰত এখোজ আগবাঢ়িব পাৰিব আৰু অর্থনৈতিকভাৱে স্বাৱলম্বী হ’ব পাৰিব ।

1 thought on “Class 12 Swadesh Adhyayan Chapter 4 অসমৰ অৰ্থনৈতিক গঠন আৰু সম্ভাৱনীয়তা”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top