Class 12 Biology Important Chapter 15 জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.
Class 12 Biology Important Chapter 15 জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.
জৈৱ বৈচিত্র্যতা আৰু সংৰক্ষণ
Chapter: 15
| IMPORTANT QUESTION AND ANSWER |
১। জৈৱ বৈচিত্র্য বুলিলে কি বুজা যায়?
উত্তৰঃ জীৱসমূহৰ মাজত থকা ভিন্নতাক জৈৱ বৈচিত্র্য বোলা হয়।
২। জৈৱ বৈচিত্র্য কিমান স্তৰত বিভক্ত?
উত্তৰঃ জৈৱ বৈচিত্র্য তিনি স্তৰত বিভক্ত– আনুবংশিক, প্রজাতিগত আৰু পৰিস্থিতিতন্ত্র বৈচিত্র্য।
৩। বন্যপ্ৰাণী সংৰক্ষণ কি?
উত্তৰঃ বন্যপ্ৰাণীক অৱলুপ্তিৰ পৰা ৰক্ষা কৰা প্ৰচেষ্টাক বন্যপ্ৰাণী সংৰক্ষণ কয়।
৪। Red Data Book কি?
উত্তৰঃ Red Data Book হ’ল- বিপদাপন্ন প্ৰজাতিসমূহৰ তথ্য সন্নিবিষ্ট এক কিতাপ।
৫। স্থানিক প্ৰজাতি কাক কয়?
উত্তৰঃ যিবোৰ প্ৰজাতি কেৱল এটা নিৰ্দিষ্ট স্থানতে পোৱা যায় তাক স্থানিক প্ৰজাতি কয়।
৬। কাজিৰঙা ক’ত অৱস্থিত?
উত্তৰঃ কাজিৰঙা গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত।
৭। মানাহ কি ধৰণৰ সংৰক্ষিত অঞ্চল?
উত্তৰঃ মানাহ ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল।
৮। কাজিৰঙাৰ বিখ্যাত জন্তু কোন?
উত্তৰঃ কাজিৰঙাৰ বিখ্যাত জন্তু এশিঙীয়া গঁড়।
৯। IUCN ৰ সম্পূৰ্ণ ৰূপ কি?
উত্তৰঃ IUCN ৰ সম্পূৰ্ণ ৰূপ হ’ল- International Union for Conservation of Nature.
১০। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কেতিয়া কৰা হয়?
উত্তৰঃ 1974 চনৰ 1 জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হয়।
১১। ‘ব্যাঘ্ৰ প্ৰকল্প’ কেনেকৈ সহায়ক হয়?
উত্তৰঃ বাঘ সংৰক্ষণ আৰু বাসস্থান ৰক্ষাত সহায়ক হয়।
১২। অসমত কেইখন অভয়াৰণ্য আছে?
উত্তৰঃ অসমত 12 খন অভয়াৰণ্য আছে।
১৩। বন্যপ্ৰাণী সংৰক্ষণ আইন কেতিয়া প্ৰৱৰ্ত্তন হয়?
উত্তৰঃ বন্যপ্ৰাণী সংৰক্ষণ আইন 1972 চনত প্ৰৱৰ্ত্তন হয়।
১৪। গড় কিয় সংৰক্ষণীয়?
উত্তৰঃ ই সংকটগ্ৰস্ত আৰু মূল্যৱান প্ৰজাতি।
১৫। বিষুবীয় অঞ্চলত কিয় প্ৰজাতি অধিক?
উত্তৰঃ সুস্থিৰ পৰিৱেশ আৰু উচ্চ সৌৰ শক্তিৰ বাবে বিষুবীয় অঞ্চলত প্ৰজাতি অধিক।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


