Class 12 Biology Important Chapter 1 জীৱৰ প্রজনন

Class 12 Biology Important Chapter 1 জীৱৰ প্রজনন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters Class 12 Biology Important Chapter 1 জীৱৰ প্রজনন Solutions and select need one. Class 12 Biology Important Important Notes Assamese Medium Download PDF. Important Question Answer For Class 12 Biology.

Class 12 Biology Important Chapter 1 জীৱৰ প্রজনন

Join Telegram channel

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. Class 12 Biology Additional Solutions in Assamese are part of All Subject Solutions. Here we have given AHSEC Class 12 Biology Additional Question Answer Assamese Medium for All Chapters, You can practice these here.

Chapter: 1

IMPORTANT QUESTION AND ANSWER

১। জীৱৰ জীৱনকাল বুলিলে কি বুজা?

উত্তৰঃ প্রাকৃতিকভাৱে জন্মৰ পৰা মৃত্যুলৈ ঘটা সময়ছোৱাক জীৱৰ জীৱনকাল বোলা হয়।

২। জীৱসমূহৰ জীৱনকাল কেনেধৰণৰ হয়?

উত্তৰঃ কিছুমান জীৱৰ কেইদিনমান, আৰু কিছুমানৰ কেইবাহাজাৰ বছৰৰ হয়।

৩। জীৱসমূহৰ বিস্তৃতি কিহৰ দ্বাৰা অক্ষুণ্ণ হৈ থাকে?

উত্তৰঃ জীৱসমূহৰ বিস্তৃতি প্ৰজননৰ দ্বাৰা অক্ষুণ্ণ হৈ থাকে।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

৪। প্ৰজনন কি?

উত্তৰঃ প্ৰজনন হৈছে জীৱবোৰৰ জীৱন প্ৰক্ৰিয়া, যাৰ জৰিয়তে জীৱবোৰে সতি-সন্ততি উৎপন্ন কৰি নিজৰ বংশধাৰা আগবঢ়ায় আৰু জাতি সংৰক্ষণ কৰে।

৫। উদ্ভিদ জগতত প্ৰজনন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰঃ উদ্ভিদ জগতত প্ৰজনন তিনি প্ৰকাৰৰ- অংগজ প্রজনন, অযৌন প্রজনন আৰু যৌন প্রজনন।

৬। জীৱবোৰৰ প্ৰজননৰ কৌশলবোৰ কি কি কাৰকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে?

উত্তৰঃ জীৱবোৰৰ প্ৰজননৰ কৌশলবোৰ তলত দিয়া ধৰণে নিৰ্ভৰশীল হৈ থাকে-

(ক) জীৱৰ প্ৰকৃতি: অৰ্থাৎ জীৱটো এককোষীয় নে বহুকোষীয়, সৰু নে ডাঙৰ, জলচৰ নে স্থলচৰ আদিৰ ওপৰত।

(খ) জীৱৰ আভ্যন্তৰীণ শৰীৰ ক্ৰিয়া: যেনে হাৰমোনৰ উপস্থিতি, প্ৰজনন অংগৰ গঠন, প্ৰজনন প্ৰণালীৰ জটিলতা আদিৰ ওপৰত।

৭। প্রাক নিষেচন কালৰ মুখ্য পৰিঘটনা দুটা লিখা।

উত্তৰঃ প্রাক নিষেচন কালৰ মুখ্য পৰিঘটনা দুটা হৈছে-

(ক) জননকোষ গঠন। আৰু

(খ) জননকোষ স্থানান্তৰ।

৮। কোনবোৰ জীৱ মৃত্যুঞ্জয়ী?

উত্তৰঃ একমাত্ৰ এককোষী জীৱবোৰক মৃত্যুঞ্জয়ী বুলি কোৱা হয়, কাৰণ সিহঁতে বিভাজনৰ জৰিয়তে সদায় নতুন ৰূপত থাকে।

৯। উভয় লিংগি পুষ্প কি?

উত্তৰঃ একজোপা গছৰ পুষ্পত পুংজনন অংগ আৰু স্ত্রীজনন অংগ উভয়ে থাকে, তেনে পুষ্পক উভয় লিংগি পুষ্প বোলে। এইধৰণৰ পুষ্পই নিজৰ ভিতৰতে প্ৰজনন সম্পন্ন কৰিব পাৰে। উদাহৰণস্বৰূপে– সৰিয়হ, বিলাহী।

১০। লিঙ্গধৰ উদ্ভিদ তিনিটাৰ নাম লিখা।

উত্তৰঃ লিঙ্গধৰ উদ্ভিদ তিনিটাৰ নাম হ’ল- মছ, শেলাই আৰু ঢেঁকীয়া।

১১। পৰাগৰেণু ক’ত উৎপন্ন হয়?

উত্তৰঃ পৰাগৰেণু পৰাগধানীত উৎপন্ন হয়।

১২। পখিলাৰ মাতৃজনন কোষত থকা ক্রম’জমৰ সংখ্যা কিমান?

উত্তৰঃ পখিলাৰ মাতৃজনন কোষত থকা ক্রম’জমৰ সংখ্যা 380 ডাল।

১৩। যৌন প্রজননৰ স্তৰ তিনিটা লিখা।

উত্তৰঃ যৌন প্রজননৰ স্তৰ তিনিটা হৈছে-

(ক) প্রাক নিষেচন।

(খ) নিষেচন। আৰু

(গ) নিষেচনোত্তৰ কাল।

১৪। পৰাগযোগ কাক বোলে?

উত্তৰঃ পৰাগযোগ হৈছে এটি বিশেষ প্ৰক্রিয়া, যাৰ জৰিয়তে পুংস্তৱকৰ পৰা উৎপন্ন হোৱা পৰাগৰেণু স্ত্রীস্তৱকৰ গর্ভমুণ্ডলৈ স্থানান্তৰ হয়। যাক পৰাগযোগ বোলে।

১৫। নিষেচন কি?

উত্তৰঃ পুংজনন কোষ আৰু স্ত্রীজনন কোষ মিলি যোজনকোষ গঠন কৰাৰ প্ৰক্ৰিয়াটোক নিষেচন বোলে।

Leave a Comment

Your email address will not be published. Required fields are marked *

This will close in 0 seconds

This will close in 0 seconds

error: Content is protected !!
Scroll to Top