Class 12 Assamese Important Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
ভাৰতীয় আদৰ্শত বৈৰাগ্য
Chapter: 5
| গোট – ১: গদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। বৈৰাগ্যৰ অৰ্থ কি?
উত্তৰঃ বৈৰাগ্যৰ অৰ্থ হ’ল- বিষয় বা ইন্দ্ৰিয় ভোগৰ প্ৰতি অনাসক্তি।
২। মানুহে কেনেকৈ জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে?
উত্তৰঃ মানুহে কাম কৰিও নিৰাসক্তভাৱে থাকি জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে।
৩। তীর্থনাথ শৰ্মাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ তীর্থনাথ শৰ্মাৰ জন্ম ১৯১১ চনত হৈছিল।
৪। তীৰ্থনাথ শৰ্মাৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ মৃত্যু ১৯৮৬ চনত হৈছিল।
৫। তীৰ্থনাথ শৰ্মা কোন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল?
উত্তৰঃ তীৰ্থনাথ শৰ্মা গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল।
৬। তীৰ্থনাথ শৰ্মা কোনটো সাহিত্যিক সংগঠনৰ সভাপতি আছিল?
উত্তৰঃ তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ সাহিত্যিক সংগঠনৰ সভাপতি আছিল।
৭। তীৰ্থনাথ শৰ্মাৰ আলোচনা গ্রন্থ কেইখনৰ নাম লিখা।
উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ আলোচনা গ্রন্থ কেইখনৰ নাম হ’ল- ‘মহাত্মাৰ বাণী’, ‘গান্ধীৰ শিক্ষাসাৰ’, ‘পঞ্চপুষ্প’, ‘ভক্তিবাদ’, ‘আউনীআটী সত্ৰৰ বুৰঞ্জী’, ‘ঝান্সীৰ ৰাণী’, ‘বেণুধৰ শৰ্মাৰ জীৱনী’।
৮। তীৰ্থনাথ শৰ্মাই সংকলন কৰা গ্ৰন্থ কেইখনৰ নাম উল্লেখ কৰা।
উত্তৰঃ তীৰ্থনাথ শৰ্মাই সংকলন কৰা গ্ৰন্থ কেইখনৰ নাম হ’ল- ‘প্রৱেশিকা কথা চানেকি’, ‘সাহিত্য সংগ্রহ’, ‘চানেকি পাঠ’।
৯। তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম হ’ল- ‘কামসেন্দূৰ’।
১০। অসম সাহিত্য সভাৰ কোন অধিৱেশনত ১৯৭১ চনত তীৰ্থনাথ শৰ্মা সভাপতি আছিল?
উত্তৰঃ অসম সাহিত্য সভাৰ মাকুম অধিৱেশনত (১৯৭১) চনত তীৰ্থনাথ শৰ্মা সভাপতি আছিল।
১১। ভগৱদ্গীতাৰ মূল বাণী কি?
উত্তৰঃ ভগৱদ্গীতাৰ মূল বাণী হ’ল- কৰ্মই ধৰ্ম।
১২। ‘চাৰি আশ্রম’ শব্দই কি বুজায়?
উত্তৰঃ ‘চাৰি আশ্রম’ শব্দই ব্রহ্মচৰ্য, গার্হস্থ, বানপ্রস্থ আৰু সন্ন্যাস বুজায়।
১৩। ‘অপ্রমাদী’ শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘অপ্রমাদী’ শব্দৰ অৰ্থ হ’ল- সতর্ক, সাৱধান।
১৪। উপনিষদৰ যুগত কোনবিলাক ক্ষেত্ৰত শিক্ষাৰ্থীক উপদেশ দিয়া হৈছিল?
উত্তৰঃ উপনিষদৰ যুগত সত্য, ধৰ্ম, দৈনন্দিন অধ্যয়ন আৰু দানৰ ক্ষেত্ৰত শিক্ষাৰ্থীক উপদেশ দিয়া হৈছিল।
১৫। বৈৰাগী কি?
উত্তৰঃ সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিতো নিৰাসক্ত হৈ থকাজনেই হ’ল বৈৰাগী।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


