Class 12 Assamese Important Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি Question Answer As Per AHSEC New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters ASSEB Class 12 Assamese Important Solutions and select need one. AHSEC Class 12 Assamese Additional Notes Download PDF. HS 2nd Year Assamese Important Solutions.
Class 12 Assamese Important Chapter 4 হস্তিবিদ্যাৰ্ণৱ পুথি
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. ASSEB Class 12 Assamese Additional Question Answer are part of All Subject Solutions. Here we have given HS 2nd Year Assamese Important Notes for All Chapters, You can practice these here.
হস্তিবিদ্যাৰ্ণৱ পুথি
Chapter: 4
| গোট – ১: গদ্য |
| IMPORTANT QUESTION AND ANSWER |
১। মধ্যযুগত অসমীয়া ভাষাত কোন ধৰণৰ জ্ঞানৰ পুথি ৰচিত হৈছিল?
উত্তৰঃ মধ্যযুগত অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ব্যৱহাৰিক জ্ঞানৰ পুথি ৰচিত হৈছিল।
২। হাতী, ঘোঁৰা আদি কোন বিষয়ৰ ওপৰত হাতেলিখা সচিত্র পুথি ৰচিত হৈছিল?
উত্তৰঃ হাতী, ঘোঁৰা আদি স্বাস্থ্য আৰু চিকিৎসা বিষয়ৰ ওপৰত হাতেলিখা সচিত্র পুথি ৰচিত হৈছিল।
৩। দ’ল-দেৱালয়, কাৰেং-মৈদাম, ঘৰ-দুৱাৰ আদিৰ বিষয়ে কোন ধৰণৰ পুথি ৰচিত হৈছিল?
উত্তৰঃ দ’ল-দেৱালয়, কাৰেং-মৈদাম, ঘৰ-দুৱাৰ আদিৰ বিষয়ে নিৰ্মাণৰ কৌশল বিষয়ক পুথি ৰচিত হৈছিল।
৪। ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক কি বুলি চিহ্নিত কৰা যায়?
উত্তৰঃ ব্যৱহাৰিক জ্ঞানৰ পুথিবোৰক ব্যৱহাৰিক সাহিত্য বুলি চিহ্নিত কৰা যায়।
৫। ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্রহ’ পুথিখন কোন শতিকাৰ?
উত্তৰঃ ‘হস্তি-বিদ্যাৰ্ণৱ-সাৰ-সংগ্রহ’ পুথিখন অষ্টাদশ শতিকাৰ।
৬। ড° সূর্যকুমাৰ ভূঞাৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞাৰ জন্ম নগাঁও চহৰত, ১৮৯২ চনত হৈছিল।
৭। ড° সূর্যকুমাৰ ভূঞা কোন স্কুলৰ পৰা স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞা শ্বিলং চৰকাৰী স্কুলৰ পৰা স্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
৮। স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰি ড° সূর্যকুমাৰ ভূঞা কি পদক লাভ কৰে?
উত্তৰঃ স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰি ড° সূর্যকুমাৰ ভূঞাই ভিক্ট’ৰিয়া মেম’ৰিয়েল স্বর্ণ পদক লাভ কৰে।
৯। ড° সূর্যকুমাৰ ভূঞা ১৯১১ চনত কোন কলেজৰ পৰা আই.এ. উত্তীর্ণ হৈছিল?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞা ১৯১১ চনত কটন কলেজৰ পৰা আই.এ. উত্তীর্ণ হৈছিল।
১০। ড° সূর্যকুমাৰ ভূঞা ইংৰাজী বিষয়ত সন্মানসহ বি.এ. ক’ত কৰিলে?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞা ইংৰাজী বিষয়ত সন্মানসহ বি.এ. কলকাতাৰ প্ৰেছিডেন্সি কলেজত কৰিলে।
১১। ড° সূর্যকুমাৰ ভূঞা কটন কলেজত কি পদত নিযুক্ত হৈছিল?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞা কটন কলেজত ইংৰাজীৰ অধ্যাপক পদত নিযুক্ত হৈছিল।
১২। কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ কোন আছিল?
উত্তৰঃ কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যক্ষ ড° সূর্যকুমাৰ ভূঞা আছিল।
১৩। ড° সূর্যকুমাৰ ভূঞা কোন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞা লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
১৪। ১৯৫৬ চনত ড° সূর্যকুমাৰ ভূঞাই কি সন্মান লাভ কৰিছিল?
উত্তৰঃ ১৯৫৬ চনত ড° সূর্যকুমাৰ ভূঞাই ‘পদ্মশ্রী’ সন্মান সন্মান লাভ কৰিছিল।
১৫। ড° সূর্যকুমাৰ ভূঞা কোন বছৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায়?
উত্তৰঃ ড° সূর্যকুমাৰ ভূঞা ১৯৫৭ চনৰ পৰা ১৯৬০ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে সেৱা আগবঢ়ায়।

Hi! my Name is Parimal Roy. I have completed my Bachelor’s degree in Philosophy (B.A.) from Silapathar General College. Currently, I am working as an HR Manager at Dev Library. It is a website that provides study materials for students from Class 3 to 12, including SCERT and NCERT notes. It also offers resources for BA, B.Com, B.Sc, and Computer Science, along with postgraduate notes. Besides study materials, the website has novels, eBooks, health and finance articles, biographies, quotes, and more.


