অসমৰ শৰৎকাল ৰচনা | Autumn in Assam Essay in Assamese

অসমৰ শৰৎকাল ৰচনা | Autumn in Assam Essay in Assamese

Join Telegram channel

শ্যামলিমা ধৰণীৰ অংগে অংগে শোভে

মনোহৰা, মনোৰমা হাজাৰ কুসুম

তাৰ মৃদু সৌৰভেৰে চঞ্চলা চপলা সিক্তা

মৃদু মন্দ মলয়াৰ ৰিবূ ৰিব্‌ নাচোনত

প্রকৃতি ব্যাকুল;

চন্দ্ৰিমা মধুৰ স্নিগ্ধ ৰূপোৱালী যামিনীত

দূবৰিৰ দলিচাত

শেৱালি বাতুল।

সৌন্দৰ্যৰ অপাৰ সম্ভাৰৰ মোহনীয়তাত মধুৰ মাধুৰী সনা চন্দ্ৰমাৰ স্নিগ্ধ আভাৰ কমনীয় কান্তিয়ে যমুনাৰ জোনালী বুকুত তোলা মাধুৰ্ষৰ মহাকৰ্ষণত বিমুগ্ধা হৈ এসময়ত ব্রজাংগনাসকলে নৃত্য লালিমাৰে বৃন্দাবনত ছন্দৰ ঝংকাৰ তুলিছিল। যমুনাৰ পাৰৰ প্রস্ফুটিত কদম্বৰ সুবাসেৰে ৰঞ্জিত, মৃদু-মলয়াৰ ৰিক্‌ ৰিক্‌ বা-ত মধু-লহৰিত ডালত বহি বংশীৰ বুকুত পঞ্চম সুৰৰ মূৰ্চ্ছনা তুলি বিপিন-বিহাৰী বনমালীয়ে পশু-পক্ষী, নৰ-নাৰী সকলোকে বিস্ময়-বিমুগ্ধ কৰি সুৰে সুৰে, তালে তালে নচুৱাইছিল। দ্বাপৰৰ কোনোবা এটা মধুময় শৰতৰ সৌন্দৰ্য-বিমণ্ডিত জ্যোৎস্নাময়ী চন্দ্ৰাৱলী ৰাতিৰে মহিমাময় ইতিহাস। শৰতৰ সেই স্বপ্নময়, ৰূপময়, প্রাণ-প্রাচুর্যময় পাৰে পাৰে কঁহুৱাৰ ফুলবোৰে হালি-জালি যেন বিভু বন্দনাৰ আৰতি আৰম্ভ কৰে। কবি ৰঘুনাথ চৌধাৰীৰ ভাষাত-

অসমৰ শৰৎকাল ৰচনা | Autumn in Assam Essay in Assamese

অসমৰ শৰৎকাল ৰচনা | Autumn in Assam Essay in Assamese

Read More: কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র – ভাৰত ৰচনা | Welfare democratic state – India Essay in Assamese

“লুইতৰ পাৰে পাৰে কঁহুৱাৰ ফুল

 বতাহত হালি জালি

ঢৌৱে ঢৌৱে ঢৌ খেলি

তুষাৰ ধৱল কান্তি ধৰিছে বিপুল

যেন সুৰ তৰংগিণী পুলকে আকুল।”

শৰৎ আশাৰ ঋতু যায়

বননিৰ হৰিণীয়েও নিজৰাৰ বুকুত আপোনাৰ ছবি চাই নিৰ্মল পানী খাই কি যে তৃপ্তি পায়। সন্ধিয়াৰ আকাশত নীড়-মুখী বিহুংগৰ শাৰীবোৰে দিগন্তৰ বুকুত আঁকি স্মৃতিৰ ৰেখা৷ সেয়েহে শৰৎ সুখৰ শান্তিৰ আধাৰ।

শৰৎ অসমীয়া জাতিৰ আশাৰ স্বপ্ন ৰচনাৰ ঋতু। বৰষাত বপন আৰু ৰোপণ কৰা বাও আৰু শালিতলীত লখিমীয়ে থিত লয়। সেয়েহে লহ্পহীয়া সেউজীয়া ৰূপেৰে শস্যই কৃষকৰ আশাভৰা অন্তৰত ছন্দ-স্পন্দনৰ সৃষ্টি কৰে। মাধৱী ৰাতিৰ অখণ্ড মণ্ডল শৰীৰ ৰূপালী জ্যোৎস্নাৰে বিধৌত ধাননিৰ বুকুত লখিমীৰ সুকোমল হাতৰ পৰশ পৰি ফল ফলে। কৃষকৰ বুকু আশাৰে ভৰি পৰে।শৰতৰ শেষত লখিমীক ঘৰলৈ আদৰি আনিব । তেতিয়া পথাৰৰ লখিমী ঘৰত থিত ল’বহি; গৃহস্থই দুই ভকতক ন-মুঠি আগবঢ়াই বছৰটো সুখে শান্তিৰে নির্বিঘ্নে কটাবলৈ এজোলোকা আশীৰ্বাদ ল’ব। শৰতে কৃষক সমাজলৈ এই আশাৰ বাণীকে লৈ আহে আৰু বাস্তৱত ৰূপায়িত কৰি তোলে।

Read More: Class 11 Geography Solution

সামৰণি

মধুময় শৰতৰ এটি মনোৰম বৰ্ণনা শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ভাগৱতৰ দশম স্কন্ধতো আছে। সেই বৰ্ণনাটিত মহাপুৰুষজনাই শৰৎকালে প্ৰকৃতিৰ বুকুত ঘটোৱা বিভিন্ন পৰিৱৰ্তনবোৰৰ সৈতে, কৃষ্ণ ভক্তিয়ে মানৱ-জীৱনৰ প্ৰতি স্তৰতে কেনে পৰিৱৰ্তন সাধন কৰে, তাৰ তুলনামূলক বৰ্ণনা দাঙি ধৰি মহিমাৰ শ্রেষ্ঠত্ব প্রতিপন্ন কৰিছে। শৰৎকাল সঁচাকৈয়ে অনুপম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top