কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র – ভাৰত ৰচনা | Welfare Democratic State – India Essay in Assamese

কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র – ভাৰত ৰচনা | Welfare Democratic State – India Essay in Assamese

Join Telegram channel

সদীর্ঘ দুশ বছৰীয়া পৰাধীনতাৰ জিঞ্জিৰি ছিঙি, সাত সাগৰ, তেৰ নদীৰ সিপাৰৰ বৃটিছৰ নিষ্ঠুৰ কবলৰপৰা মুক্ত হৈ আমি স্বাধীন হৈছাে। মুক্ত পৃথিৱীৰ বুকুত আমি আজি মুক্ত মানৱ। বৃটিছে এই দুশ বছৰে আমাক শশাষণেই কৰিলে। ভাৰতৰ ঐশ্বর্য-সম্ভাৰ লুটি-পুটি নি ভাৰতক দৰিদ্ৰ কৰি কঙাল সজালে। ভাৰতক কামধেনুৰ দৰে দোহন কৰি, ভাৰতৰ জনগণৰ টোপ টোপ ৰক্ত-মাংসৰে গঢ়ি তােলা ঐশ্বর্য ভাণ্ডাৰ লুণ্ঠন কৰি দুখ, দাৰিদ্র, লাঞ্ছনাৰ মেটমৰা বােজা জাপি দি, জাতিৰ ৰাজহাড় বেঁকা কৰি থৈ গ’ল।

কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র - ভাৰত ৰচনা

আজি আমি মুক্ত হৈ ভাৰতক কৰি তুলিছে এক মহান, কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র। জাতি, ধর্ম সম্প্রদায় নির্বিশেষে সকলাে ভাৰতবাসীৰ ইয়াত সমান আসন, সমান অধিকাৰ। আমাৰ সংবিধান প্রস্তাৱনাতে আমি দৃঢ়তাৰে কৈছো।

সংবিধান-প্রস্তাৱনা

“আমি সকলাে ভাৰতবাসীয়ে ভাৰতত এখন সার্বভৌম গণতান্ত্রিক গণৰাজ্য প্রতিষ্ঠাৰ অর্থে দৃঢ়ভাৱে মনস্থ কৰি আৰু ইয়াৰ সকলাে লােককে, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্রকাশ, বিশ্বাস, ধর্ম আৰু উপাসনাৰ স্বাধীনতা, সম মর্যাদা আৰু সমান সুযােগ দিম বুলি জাতিৰ ঐক্য, ব্যক্তিগত সন্মান আৰু ভ্ৰাতৃভাবৰ উৎকর্ষ সাধন কৰিম বুলি- আজি ১৯৪৯ চনৰ নৱেম্বৰ মাহৰ ২৬ তাৰিখে আমাৰ সংবিধান সভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা সংবিধান আমাক নিজকে প্ৰদান কৰিলাে।”

জনসাধাৰণ ক্ষমতার উৎস

আমাৰ সংবিধানৰ এই প্ৰস্তাৱনাতে এই বৈশিষ্ট্য প্রকাশ পাইছে যে, জনসাধাৰণেই ক্ষমতাৰ উৎস। ই এখন স্বাধীন ৰাষ্ট্ৰ। ইয়াত ৰাইজেই ৰজা। ইয়াত ৰাষ্ট্রৰ মুৰব্বী ৰাইজৰ প্রতিনিধি। বংশানুক্রমিক শাসনকর্তা নহয়। সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ আশ্বাস দি কোৱা হৈছে যে এই ভাৰতত জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলাে সমান। ইয়াত উচ্চ-নীচ, স্পৃশ্য অস্পৃশ্যৰ প্ৰভেদ নাই। ৰাজহ্বা সকলাে অনুষ্ঠানৰে দুৱাৰ সকলােৰে বাবে উন্মুক্ত। অর্থনৈতিক সমতাই সকলাে শ্ৰেণীৰ লােকৰ বাবে সমান সুযােগ আৰু সুবিধা বুজাইছে। তাৰ কাৰণে ভাৰতত সমাজবাদ প্রতিষ্ঠাৰ প্রচেষ্টা চলােৱা হৈছে। প্রথম পদক্ষেপ হিচাপে বেংক ৰাষ্ট্ৰীয়কৰণ, ভূমি সীমা নিৰ্দ্ধাৰণ আদি ব্যৱস্থা লােৱা হৈছে। ৰাজনৈতিক ন্যায়ৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিকক ভােটাধিকাৰ, যােগ্যতাসম্পন্ন লােকক নির্বাচনত প্রার্থী হােৱাৰ অধিকাৰ, উপযুক্তভাৱে শিক্ষিতসকলৰ চৰকাৰী চাকৰি লােৱাৰ অধিকাৰ আদি দিয়া হৈছে।

Read Also: নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য ৰচনা | Responsibilities and Duties of Citizens Essay in Assamese

জনসাধাৰণৰ সামূহিক আৰু ব্যক্তিগত উন্নতিৰ কাৰণে স্বাধীনভাৱে চিন্তা কৰা, মত প্রকাশ কৰা, ইচ্ছা মতে যিকোনাে ধর্ম অৱলম্বন কৰা আদি অধিকাৰ দিয়া হৈছে। সংখ্যালঘু আৰু অনুন্নত লােকৰ স্বাৰ্থ ৰক্ষা আৰু উন্নয়নৰ ব্যৱস্থা, ভ্রাতৃভাৱ সৃষ্টি কৰাৰ ব্যৱস্থা আদিও সংবিধানত সন্নিৱিষ্ট কৰা হৈছে।

জনসাধাৰণৰ ব্যক্তিত্ব প্রকাশ আৰু প্রতিভা বিকাশৰ সুযােগ আৰু সুবিধা প্রদানৰ কাৰণে কিছুমান মৌলিক অধিকাৰে সন্নিৱিষ্ট কৰা হৈছে। মৌলিক অধিকাৰ গণতান্ত্রিক সংবিধানৰ অবিচ্ছেদ্য অংগ।

আমাৰ মৌলিক অধিকাৰ

আমাৰ সংবিধানে আমাক এইবােৰ মৌলিক অধিকাৰ দিছে-

1. সমতাৰ অধিকাৰ

জাতি, বর্ণ, ধর্ম নির্বিশেষে সকলাে লােকেই ৰাজহ্বা হাট-বজাৰ, দোকান-পােহাৰ, থিয়েটাৰ, চিনেমা, ৰাস্তা-পদূলি, পানী যােগান ব্যৱস্থা আদি সমানে ব্যৱহাৰ কৰিব পাৰিব।

2. স্বাধীনতাৰ অধিকাৰ

স্বাধীনভাৱে মত প্রকাশ কৰা, শান্তিপূর্ণভাৱে সমবেত হৈ আলােচনা-বিলােচনা কৰা, সংঘ, অনুষ্ঠান আদি গঠন আৰু স্থাপন কৰা, দেশৰ সকলাে ঠাইতে বাধাহীনভাৱে ফুৰা-চকা কৰা, যিকোনাে অংশতে বসবাস কৰা, সম্পত্তি অধিগ্রহণ বা বৃদ্ধি কৰা, সামাজিক নীতিসংগত যিকোনাে ব্যৱসায় কৰা আদি অধিকাৰ ৰাইজক দিয়া হৈছে। অৱশ্যে জৰুৰী অৱস্থাত আৰু যুক্তিসংগত কাৰণত বাধা নিষেধ আৰােপ কৰাৰ ক্ষমতা চৰকাৰৰ আছে। স্বাধীনতাৰ অধিকাৰ গঠুৰ মূল ভিত্তি।

3. শােষণৰ বিৰুদ্ধে অধিকাৰ

কোনাে লােককে সামুহিক উমৈহতীয়া কামৰ বাদে ব্যক্তিগত কামত কোনাে কাকো বাধ্য কৰাই কাম কৰাব নােৱাৰিব। ১৪ বছৰৰ তলৰ ল’ৰা ছােৱালীক বাধ্যতামূলকভাৱে কামত নিয়ােগ কৰিব নােৱাৰিব।

4. ধর্মীয় অধিকাৰ

ভাৰতক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰ বুলি ঘােষণা কৰা হৈছে। গতিকে ইয়াত নাগৰিকে ইচ্ছা মতে ধর্ম প্রচাৰ কৰিব পাৰে। ধৰ্মৰ লগতে সংশ্লিষ্ট সভা, সংস্থা, অনুষ্ঠান আদি গঠন কৰিব পাৰে। স্থাৱৰ, অস্থাৱৰ সম্পত্তি গ্রহণ আৰু ব্যৱহাৰ কৰিব পাৰে।

5. সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ

এইখন দেশত সকলাে লােকেই নিজ ভাষা-সংস্কৃতি বজাই ৰাখি সাংস্কৃতিক অনুষ্ঠান, শিক্ষানুষ্ঠান আদি গঢ়ি তুলিব পাৰে। এইবােৰ অনুষ্ঠানত সকলােৰে সমান অধিকাৰ আছে। সকলাে সাংস্কৃতিক আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা সকলাে শ্ৰেণীৰ লােকৰ বাবেই উন্মুক্ত। জনজাতি, অনুসূচীত জাতি, পিছপৰা জাতিৰ লােকৰ বাবে চৰকাৰে বিশেষ ব্যবস্থাও সংৰক্ষিত কৰি ৰাখিছে।

6. সম্পত্তিৰ অধিকাৰ

সকলাে লােকে ক্ষমতানুযায়ী অৰ্জা সম্পত্তি ভােগ কৰিব পাৰে। অৱশ্যে ৰাজহুৱা স্বার্থত, ক্ষতিপূৰণৰ বিনিময়ত চৰকাৰে ব্যক্তিগত সম্পত্তি অধিগ্রহণ বা হস্তান্তৰ কৰিব পাৰে। *[ এই ৰচনাৰ শেষৰফালে চোৱা ]।

7. সাংবিধানিক নিৰাময়ৰ অধিকাৰ

সংবিধান সন্নিৱিষ্ট অধিকাৰসমূহ ভােগ কৰাত কোনেও বাধা দিব নােৱাৰে। তেনে কৰিলে যিকোনাে লােক, অনুষ্ঠান আনকি চৰকাৰৰ বিৰুদ্ধেও আদালতত গােচৰ তৰিব পাৰে। অৱশ্যে জৰুৰী বা কোনাে বিশেষ পৰিস্থিতিত আইন অনুসাৰে বাধা আৰােপ কৰিব পৰা ক্ষমতা চৰকাৰৰ আছে।

মুঠতে জনগণৰ দ্বাত্মক কল্যাণ সাধনৰ লক্ষ্য আগত ৰাখি এই সংবিধান ৰচিত হৈছে। ভাৰতৰ বুকুত যি গৌৰৱ ধ্বজা মুক্তভাৱে উজ্জীয়ন হৈছে তাৰ বুকুততা নিহিত আছে জাতিৰ আশাআকাংক্ষা, আদৰ্শৰ মূর্ত প্রকাশ। তলৰ সেউজীয়া অংশই প্ৰকাশ কৰিছে ভৰতৰ শৌর্যবীর্য। মাজৰ বগা অংশই জ্ঞান-প্রজ্ঞা মনীষাৰ আৰু ওপৰৰ গেৰুৱা অংশই উদাৰতা, প্রেম আৰু ভ্রাতৃত্ব ভাব প্রকাশ কৰিছে। চক্রই ধৰ্মৰ উদাৰতা, পৰিৱৰ্তন সাপেক্ষে প্রগতি সূচনা কৰিছে। আমাৰ ৰাষ্ট্ৰীয় পতাকাও কল্যাণকামী ৰাষ্ট্ৰৰ আদৰ্শৰ অম্লান, চিৰ জ্যোতিষ্মান প্রতীক।

Read Also: Class 11 Assamese Question Answer

জনগণৰ কল্যাণ সাধনৰ উদ্দেশ্য

আমাৰ সংবিধানে পুৰুষ, নাৰী, শিশু সকলােৰে বাবে সমান অধিকাৰ দান কৰি, সকলাে শ্ৰেণীৰ লােককে সমানে আগুৱাই যাবলৈ সুযােগ-সুবিধা প্রদান কৰি ৰাষ্ট্রৰ মহৎ কল্যাণ সাধন কৰাৰ দিক্‌ নির্দেশ কৰিছে। শিক্ষা লাভৰ দুৱাৰ সকলােৰে বাবে মুকলি। স্বাস্থ্য ৰক্ষাৰ সুৱৱস্থা প্ৰদান কৰা হৈছে। শ্রমিকে পৰিশ্ৰমৰ ন্যায়সংগত মূল্য পােৱাৰ ব্যৱস্থা হৈছে। সকলােকে কর্মসংস্থানৰ সমান সুবিধা দিয়া হৈছে: চিকিৎসা বানচ, ভৰণ-পােষণৰ বানচ, বৃদ্ধ কালৰ পেন্সন, আনকি নাৰী সকলক চাকবিকালত সন্তান-সম্ভৱা অৱস্থাত বানচসহ ছুটী মঞ্জুৰ কৰা হৈছে। নাৰীকো সকলাে কামৰ বাবে, চাকৰিৰ বাবে উপযুক্ত বুলি গণ্য কৰা হৈছে।

অনুন্নত সম্প্রদায়সমূহক শিক্ষা-দীক্ষাৰে উন্নত কৰি চাকৰি আদি লাভৰ ক্ষেত্ৰত, অন্যান্য সামাজিক বিষয়ত সমানে আগুৱাই নিবলৈকো বিশেষ ব্যৱস্থা লােৱা হৈছে। কৰ্মৰত অৱস্থাত কোনাে শ্রমিক কর্মচাৰী দুৰ্ঘটনাত আহত হলে বা কর্মক্ষমতা হেৰুৱালে, স্বাস্থ্যহানি হলে উপযুক্ত ভাতা, সাহায আদি দিয়াৰ আইন-সংগত ব্যৱস্থা কৰা হৈছে। ধর্মাচৰণৰ অবাধ সুবিধা প্রদান কৰা হৈছে। শ্রেণী-বৈষম্য দূৰ কৰিবৰ কাৰণে নানা চৰকাৰী শিল্পানুষ্ঠান গঢ়ি উঠিছে। অনা-চৰকাৰী, অৰ্দ্ধচৰকাৰ শিল্পানুষ্ঠান আদি গঢ়ি উঠাতাে চৰকাৰে সাহায, অনুদান আদি আগবঢ়াই দেশৰ চাহিদা পূৰণৰ লগতে নিবনুৱাসকলৰ কৰ্ম সংস্থানৰ ক্ষেত্ৰত বৰঙণি আগবঢ়াইছে। খেতিয়কসকলক বিনামূলীয়া সাহায্য, ফল আদি যােগান ধৰি আৰু চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰি সেউজ বিপ্লৱৰ সূচনা কৰিছে আৰু অধিক শসা উৎপাদনত বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। কোনাে লােকেই জনস্বার্থ বিৰােধী কার্যকলাপক যাতে প্রশ্ন দিব নােৱাৰে তাৰাে আইন-সংগত ব্যৱস্থা প্রণয়ন হৈছে।

অকল মানৱ জাতিৰে নহয়, পশু-পক্ষী আদিৰাে কল্যাণ সাধনৰ বাবে অভয়াৰণ্য আদি গঢ়ি উঠিছে। মানুহৰ মাজত ভ্ৰাতৃভাব জগাই তুলিবলৈ, শান্তি প্রতিষ্ঠা কৰিবলৈ আন্তর্জাতিক বুজা-পৰাৰ সৃষ্টি কৰিবলৈ, বিশ্ব-মৈত্রী গঢ়ি তুলিবলৈকো বিভিন্ন বিস্তাৰিত আঁচনি যুগুতাই কামত অগ্ৰসৰ হােৱা গৈছে।

মন্তব্য

মুঠতে ভাৰতক মহান কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র হিচাপে জগতৰ আদৰ্শনীয় কৰি তুলিবৰ কাৰণে যথাসম্ভৱ সকলাে প্ৰকাৰৰ প্রচেষ্টা গ্ৰহণ কৰা গৈছে। কিন্তু এই কথালৈ সদায় লক্ষ্য ৰাখিব লাগিব যে অকল চৰকাৰী প্রচেষ্টাৰে এখন ৰাষ্ট্ৰ গঢ়ি উঠিব নােৱাৰে বা উন্নতি সাধিত হ’ব নােৱাৰে। তাত ৰাইজেও হাত উজান দিব লাগিব। সকলাে আঁচনিকে সফল কৰি তুলিবলৈ পূর্ণ সহযােগিতা আগবঢ়াব লাগিব। আনফালেদি ৰাষ্ট্রৰ সম্পদ মানেই নিজৰাে সম্পদ বিবেচনা কৰি সেইবােৰ বৰ্ধন, সংৰক্ষণৰ প্রতি সদা জাগ্রত দৃষ্টি ৰাখিব লাগিব। তেতিয়াহে গণতন্ত্রও সফল হ’ব আৰু জাতি কল্যাণ হ’ব।

এইখিনিতে আমি আৰু এটা দিশৰ প্রতি মনােনিৱেশ নকৰিলে আলােচনা সম্পূর্ণ নহ’ব। সেইটো এটা গুৰুতৰ দিশ। ই আমাৰ কল্যাণৰ আদৰ্শক অগ্নি পৰীক্ষাৰ সন্মুখীন কৰাইছে। আজিৰ শাসনযন্ত্র পুঁজিপতি আৰু ধনিক শ্ৰেণীৰ হস্তগত হৈ পৰিছে। শাসনযন্ত্রত দুর্নীতি সােমাইছে ব্যৱসায়ীসকল দুর্নীতিপৰায়ণ হৈছে। চোৰাং ব্যৱসায় আৰু কলা টকাৰ অবাধ ৰাজত্ব চলিছে; সামন্তবাদী, জমিদাৰী শ্ৰেণীৰ দাসত্বৰ বুলি হৈ আছে বহুতাে খেতিয়ক। বহুতাে ক্ষেত্ৰত শ্ৰমিকৰ স্বাৰ্থ পদদলিত হৈছে। ধনিক শ্ৰেণীৰ ধনৰ মােনা ওফন্দি গৈ আছে। একশ্রেণী কপর্দকশূন্য হৈ দৰিদ্ৰতাৰ নিদারুণ জ্বালাত ভুগি ভিক্ষাৰী হৈছে। এই ব্যৱস্থা চলি থাকিবলৈ হ’লে আমাৰ গণতন্ত্র বিপন্ন হব; কল্যাণৰ আদৰ্শও আকাশ কুসুম হৈ ৰ’ব। সেইবাবে চৰকাৰে এই ব্যৱস্থা দূৰীকৰণৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা উচিত। [* সম্পত্তিৰ অধিকাৰ এতিয়া এটা আইনগত অধিকাৰ মাথাে, মৌলিক অধিকাৰ নহয়।]

আমি আশা কৰিছো কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র ভাৰত ৰচনাটোৱে আপোনালোকক সহায় কৰিব। যদি আপোনাৰ কল্যাণকামী গণতান্ত্রিক ৰাষ্ট্র ভাৰত ৰচনাৰ সম্পৰ্কে কিবা প্ৰশ্ন আছে তলত এটা মন্তব্য দিয়ক আৰু আমি আপোনাৰ সৈতে সোনকালে যোগাযোগ কৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top