Assam Jatiya Bidyalay Class 7 Social Science Chapter 11 উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা

Assam Jatiya Bidyalay Class 7 Social Science Chapter 11 উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা, Assam Jatiya Vidyalaya | অসম জাতীয় বিদ্যালয় সমাজ বিজ্ঞান Class 7 Question Answer to each chapter is provided in the list of SEBA so that you can easily browse through different chapters and select needs one. Class 7 Social Science Question Answer can be of great value to excel in the examination.

Join Telegram channel

Assam Jatiya Bidyalay Class 7 Social Science Chapter 11 উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা Notes covers all the exercise questions in Assam Jatiya Bidyalay SEBA Textbooks. The provided here ensures a smooth and easy understanding of all the concepts. Understand the concepts behind every chapter and score well in the board exams.

উত্তৰ-পূৰ্বাঞ্চলৰ জনসংখ্যা

Chapter -11

ASSAM JATIYA VIDYALAYA

অসম জাতীয় বিদ্যালয়

প্রশ্ন ১। কোন জনগোষ্ঠীৰ লোকসকল সৰ্বপ্ৰথমে উত্তৰ-পূৰ্বাঞ্চলত বসতি স্থাপন কৰিছিল?

উত্তৰঃ দক্ষিণ-পূব এছিয়াৰ পৰা অহা অষ্ট্ৰ’-এছিয়াটিক ভাষা জনগোষ্ঠীৰ লোকে সর্বপ্রথমে এই অঞ্চলত বসতি স্থাপন কৰিছিল।

প্রশ্ন ২। তেৰ শতিকাৰ আৰম্ভণিতে উত্তৰ-পূব দিশেদি প্রৱেশ কৰা লোকসকল অসমত কি নামেৰে খ্যাত হয়?

উত্তৰঃ টাই-আহোম।

প্রশ্ন ৩। ছিকিমত বর্তমান কোন সম্প্ৰদায়ৰ লোকৰ সংখ্যা সর্বাধিক? 

উত্তৰঃ নেপালী সম্প্ৰদায়ৰ।

প্রশ্ন ৪। উত্তৰ-পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত জনসংখ্যা বৃদ্ধিৰ দশকীয় হাৰ আটাইতকৈ বেছি?

উত্তৰঃ নাগালেণ্ডত।

প্রশ্ন ৫। ২০০১ চনৰ লোকপিয়ল অনুসৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষিতৰ হাৰ কিমান?

উত্তৰঃ ৬৪.৮ শতাংশ।

তলত দিয়া বাক্যসমূহৰ খালী ঠাইবোৰ পূৰ কৰা—

ক) ________ ছিকিমৰ আদি বাসিন্দা।

খ) ________ চনৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুতগতিত বৃদ্ধি পায়।

গ) শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত মিজোৰামৰ স্থান ভাৰতৰ ভিতৰত ________।

ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত ________ ত নগৰত বাস কৰা লোকৰ অনুপাত আটাইতকৈ বেছি।

ঙ) অসমত ________ শতাংশ লোক গাঁৱত বাস কৰে। 

উত্তৰঃ ক) লেপছা ছিকিমৰ আদি বাসিন্দা।

খ) ২০০১ চনৰ পৰা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্রুতগতিত বৃদ্ধি পায়।

গ) শিক্ষিতৰ হাৰৰ ক্ষেত্ৰত মিজোৰামৰ স্থান ভাৰতৰ ভিতৰত দ্বিতীয়। 

ঘ) উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত মিজোৰামত নগৰত বাস কৰা লোকৰ অনুপাত আটাইতকৈ বেছি।

ঙ) অসমত ৮৮ শতাংশ লোক গাঁৱত বাস কৰে।

প্রশ্ন ৬। পাহাৰীয়া অঞ্চলতকৈ ভৈয়ামৰ অঞ্চলত জনবসতি ঘন কিয়? 

উত্তৰঃ ভৈয়াম অঞ্চলত জনবসতি ঘন হোৱাৰ প্ৰধান কাৰণ হ’ল ভৈয়ামৰ সমতল অঞ্চলত খেতি-বাতি, যাতায়াত, পরিবহণ, যোগাযোগ, শিল্প-উদ্যোগ, ব্যৱসায় আদি সকলো ক্ষেত্ৰতে সুবিধা বেছি।

প্রশ্ন ৭। প্রতিবর্গ কিলোমিটাৰত ১৫০তকৈ অধিক জনসংখ্যা থকা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন কি কি? 

উত্তৰঃ অসম, ত্ৰিপুৰা।

প্রশ্ন ৮। উত্তৰ-পূৰ্বাঞ্চল নগৰীকৰণৰ দিশত পিছপৰি থকাৰ মূল কাৰণ কি?

উত্তৰঃ নগৰীকৰণত পিছপৰি থকাৰ প্ৰধান কাৰণ হ’ল এই অঞ্চলটো অর্থনৈতিকভাৱে উন্নত নহয়। কাৰণ এই অঞ্চলত এতিয়াও যথেষ্ট পৰিমাণে উদ্যোগ গঢ়ি উঠা নাই।

প্রশ্ন ৯। উত্তৰ-পূৰ্বাঞ্চলৰ নগৰসমূহত জনবসতি অতি ঘন হোৱাৰ কাৰণ কি? 

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ বেছিভাগ ঠাই পাহাৰীয়া। গতিকে সকলো ঠাইতে মানুহে বসবাস কৰাৰ বাবে সুবিধা নাই। অকল নগৰকেইখনতে শিক্ষা দীক্ষা, যাতায়াত, উদ্যোগ আদিৰ সুবিধা বেছি। সেয়েহে এই নগৰসমূহত জনবসতি ঘন।

প্রশ্ন ১০। উত্তৰ-পূৰ্বাঞ্চলৰ জন গাঁথনিৰ সম্পৰ্কে এটি টোকা লিখা। 

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলত প্ৰধানকৈ বিভিন্ন জনগোষ্ঠীৰ লোকে বাস কৰে। আদিতে এই অঞ্চললৈ অষ্ট্ৰ-এছিয়াটিক ভাষা-জনগোষ্ঠীৰ লোকে এই অঞ্চলত প্ৰথমে বসতি স্থাপন কৰিছিল। মেঘালয়ৰ খাছি আৰু জয়ন্তীয়াসকল এই জনগোষ্ঠীৰ লোক। ইয়াৰ পিছত তিব্বত-বার্মা ভাষিক জনগোষ্ঠীৰ মংগলীয় প্ৰজাতিৰ লোক উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰে। নাগালেণ্ড, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰত বাস কৰা অধিকাংশ লোক এই জনগোষ্ঠীৰ। অসমত বড়োসকলো এই মংগোলীয় জনগোষ্ঠীৰ।

উত্তৰ-পূৰ্বাঞ্চললৈ অহা তৃতীয় প্ৰব্ৰজনকাৰীৰ দলটো হৈছে পশ্চিম ফালৰ পৰা অহা ইণ্ড’-এছিয়ান ক’কেছীয় জনগোষ্ঠীৰ লোক। উত্তৰ পূর্বাঞ্চললৈ অহা আন এটা দল হৈছে টাই জনগোষ্ঠীৰ লোক। এই লোকসকলক টাই আহোম বুলি জনা যায়।

উত্তৰ-পূৰ্বাঞ্চলৰ ছিকিমৰ জনগাঁথনি প্রধানতঃ লেপ্‌চা, ভূটীয়া আৰু নেপালীসকলক লৈ গঠিত। লেপ্‌চাসকল ছিকিমৰ স্থায়ী বাসিন্দা। কিন্তু বর্তমান নেপালীসকল সর্বাধিক। ইয়াৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন লোককৰ্মৰ

সন্ধানত এই অঞ্চললৈ আহে। তদুপৰি নেপাল আৰু বাংলাদেশৰ পৰাও বহু প্ৰবজনকাৰী এই অঞ্চললৈ আহে। 

প্রশ্ন ১১। উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত কোনখন ৰাজ্যৰ জনসংখ্যাৰে গড় ঘনত্ব আটাইতকৈ বেছি?

উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমৰ জনসংখ্যাৰ গড় ঘনত্ব আটাইতকৈ বেছি।

প্রশ্ন ১২। অসমত প্রতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা কিমান? 

উত্তৰঃ ১৫৮ গৰাকী।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top