ASOS Class 12 Political Science Chapter 36 গণ অভিযোগ আৰু মৰিষণৰ উপায়

ASOS Class 12 Political Science Chapter 36 গণ অভিযোগ আৰু মৰিষণৰ উপায়, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 36 গণ অভিযোগ আৰু মৰিষণৰ উপায় and select needs one.

ASOS Class 12 Political Science Chapter 36 গণ অভিযোগ আৰু মৰিষণৰ উপায়

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 36 গণ অভিযোগ আৰু মৰিষণৰ উপায় Solutions for All Subject, You can practice these here.

গণ অভিযোগ আৰু মৰিষণৰ উপায়

Chapter : 36

36.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. খালী ঠাই পূৰ কৰাঃ

(ক) চৰকাৰী ব্যৱস্থাপনাৰ বিৰুদ্ধে নাগৰিকৰ অভিযোগ শুনিব লাগিব আৰু____। (মৰিষণ/ তদন্ত কৰিব লাগিব)

উত্তৰঃ চৰকাৰী ব্যৱস্থাপনাৰ বিৰুদ্ধে নাগৰিকৰ অভিযোগ শুনিব লাগিব আৰু মৰ্ষিণ কৰিব লাগিব।

(খ) প্রত্যেক____এ নাগৰিকৰ অভিযোগ মৰিষণৰ বাবে উপযুক্ত বৱস্থা গ্ৰহণ কৰে। (একনায়কত্ববাদে/ গণতন্ত্রই)

উত্তৰঃ প্রত্যেক গণতন্ত্রই নাগৰিকৰ অভিযোগ মৰিষণৰ বাবে উপযুক্ত বৱস্থা গ্ৰহণ কৰে।

(গ) _____‘সংস্থাটো হ’ল চকুত লগাকৈ দুর্নীতিগ্রস্ত। (লোকপাল/ Ombudsman)

উত্তৰঃ লোকপাল সংস্থাটো হ’ল চকুত লগাকৈ দুর্নীতিগ্রস্ত।

(ঘ) ভাৰতত এজন নাগৰিকে তেওঁৰ বিৰুদ্ধে এজন চৰকাৰী বিষয়া বা চৰকাৰী নিকায়ে কৰা অন্যায়ৰ বিৰুদ্ধে প্ৰতিকাৰ বিচাৰি_____ৰ ওচৰত যাব পাৰে। (ৰাষ্ট্ৰপতি/ আদালত) 

উত্তৰঃ ভাৰতত এজন নাগৰিকে তেওঁৰ বিৰুদ্ধে এজন চৰকাৰী বিষয়া বা চৰকাৰী নিকায়ে কৰা অন্যায়ৰ বিৰুদ্ধে প্ৰতিকাৰ বিচাৰি আদালতৰ ওচৰত যাব পাৰে।

(ঙ) নির্বাচিত প্রতিনিধিসকলে তেওঁলোকৰ সমষ্টিৰ লগত জড়িত প্রশ্নবোৰ_____ত উত্থাপন কৰিব পাৰে। (আদালত/ সংসদ)

উত্তৰঃ নিৰ্বাচিত প্রতিনিধিসকলে তেওঁলোকৰ সমষ্টিৰ লগত জড়িত প্ৰশ্নবোৰ সংসদত উত্থাপন কৰিব পাৰে।

(চ) ৰাজহুৱা আপত্তিবোৰ নিস্পত্তি কৰিবলৈ অভিযোগ____ প্রতিষ্ঠা কৰা হৈছে। (আদালত/ বুথ) 

উত্তৰঃ ৰাজহুৱা আপত্তিবোৰ নিস্পত্তি কৰিবলৈ অভিযোগ আদালত প্রতিষ্ঠা কৰা হৈছে।

36.2 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) প্ৰশাসনীয় সংস্কাৰ আয়োগে চৰকাৰৰ মন্ত্ৰীসকলৰ প্ৰশাসনীয় কামকাজ বা সচিবসকলৰ কাম-কাজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নিস্পত্তিৰ বাবে____ আৰু____প্ৰতিষ্ঠাৰ পৰামর্শ আগবঢ়াইছে। (লোকপাল/ Ombudsman/ লোক আয়ুক্ত/ সংসদীয় কমিতি) 

উত্তৰঃ (ক) প্ৰশাসনীয় সংস্কাৰ আয়োগে চৰকাৰৰ মন্ত্ৰীসকলৰ প্ৰশাসনীয় কাম-কাজ বা সচিবসকলৰ কাম-কাজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নিস্পত্তিৰ বাবে লোকপাল আৰু লোক আয়ুক্ত প্ৰতিষ্ঠাৰ পৰামৰ্শ আগবঢ়াইছে।

(খ) ____ত লোকায়ুক্ত নিযুক্তি দিয়া হৈছে। (মহাৰাষ্ট্ৰ/ তামিলনাড়ু) 

উত্তৰঃ মহাৰাষ্ট্ৰত লোকায়ুক্ত নিযুক্তি দিয়া হৈছে। (মহাৰাষ্ট্ৰ্যতামিলনাডু)।

(গ) ____কমিটিয়ে কেন্দ্রীয় সতর্কতা আয়োগ গঠনৰ পৰামৰ্শ আগবঢ়াইছে। (শানথানাম/ ৰাধাকৃষ্ণণ)

উত্তৰঃ শানথানাম কমিটিয়ে কেন্দ্রীয় সতর্কতা আয়োগ গঠনৰ পৰামৰ্শ আগবঢ়াইছে।

(ঘ) CVC-ৰ____ভূমিকা____। (বিস্তৃত/ সীমিত)

উত্তৰঃ CVC- ৰ ভূমিকা সীমিত।

36.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. গণতন্ত্ৰৰ কাৰণে অভিযোগ মৰিষণ কিয় বৰ গুৰুত্বপূৰ্ণ?

উত্তৰঃ আমাদৰ দৰে গণতান্ত্রিক দেশত, চৰকাৰে বহুতো কাম-কাজ কৰিব লাগে। নাগৰিকসকলে বিভিন্ন চৰকাৰী নিকায়ৰ সেৱাৰ ওপৰত নিৰ্ভৰ কৰে। চাউল, ঘেঁহু আৰ চেনী সংগ্ৰহৰ কাৰণে এজন নাগৰিকে চৰকাৰে যোগান ধৰা পৰিয়াল পৰিচয়-পত্ৰ লৈ খোৰাকী দোকানলৈ যাব লাগে৷ পৰিয়াল পৰিচয়পত্ৰ সংগ্ৰহ কৰাটো বৰ জটিল নহয়, কিন্তু সেৱাৰ মানদণ্ড সন্তোষজনক নহয়। জীৱনৰ বেছিভাগ বস্তুৰ বাবে, নাগৰিকে চৰকাৰী নিকায়সমূহহে যোগান ধৰা সেৱা আৰু ব্যৱস্থাপনাৰ ওপৰত নিৰ্ভৰশীল।

এইটো এটা স্বাভাৱিক অভিজ্ঞতা যে নাগৰিকসকলে চৰকাৰী নিকায়বোৰৰ লগত কাম–কাজ কৰাৰ ক্ষেত্ৰত প্ৰায়েই জটিলতাৰ সন্মুখীন হয়। অপ্রয়োজনীয় বিলম্ব কৰা বহুতো নীতি-নিয়ম আছে। ৰেলগাড়ী বা বাচবোৰ সময়মতে নচলিব পাৰে। বেংক, চিকিৎসালয়, আৰক্ষীবাহিনী প্ৰায়েই সহযোগীতামূলক নহয়। বিলম্ব, হাৰাশাস্তি আৰু অসহযোগীতামূলক, চৰকাৰী বিভাগবোৰৰ আৰু যে জনস্বাৰ্থৰ খাতিৰত চৰকাৰে ভালেমান কাম কৰিব লাগে। সমস্যাটোও হ’ল চৰকাৰী কৰ্মচাৰীসকলে সেৱা প্ৰদান জনগণক অমুখী আৰু অসন্তোষী কৰিতোলে। গৰীব মানুহখিনিয়ে আটাইতকৈ বেছি কষ্ট ভুগিব লাগে। তেওঁলোকক চৰকাৰৰ সহায় আৰুসেৱাৰ অত্যন্ত জৰুৰী, কিন্তু তেওঁলোকে প্ৰায়েই হাৰাশাস্তি বা বিমুখ হ’বলগীয়া হয় ৷ এইটো এখন প্ৰকৃত গণতন্ত্ৰৰ বাবে নিঃসন্দেহে বেয়া। গৰিষ্ঠসংখ্যক নাগাৰিকে সহানুভূতিশীল, দয়ালু আৰুসহায়কাৰী শোক প্রশাসন বিচাৰে। যদিহে চৰকাৰী নিকায়বোৰৰ বিৰুদ্ধে অনেক গণ অভিযোগ উত্থাপিত হয়, এই অভিযোগ মৰিষণ কৰিবলৈ শুধৰণিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷

ভাৰত চৰকাৰে 1966 চনত প্ৰশাসনীয় সংস্কাৰ আয়োগ গঠন কৰিছিল। “নাগৰিকৰ অভিযোগৰ মৰিষণ” সম্পৰ্কত নিম্ন উল্লেখিত ধৰণে মতামত আগবঢ়াইছিলঃ

“যেতিয়া নাগৰিকে তেওঁৰ অভিযোগৰ দাখিল কৰিব পাৰে, তেওঁৰ প্ৰতি কৰা অবিচাৰৰ শুদ্ধ বিচাৰ কৰাটো ৰাষ্ট্ৰৰ নিশ্চিতভাৱে দায়িত্ব। অভিযোগ মৰিষণৰ সংস্থা চৰকাৰে গণতান্ত্ৰিকভাৱে প্ৰতিষ্ঠা কৰিব লাগিব। এইটো এনে এটা সংস্থা হ’ব লাগিব,যাৰ ওপৰত গৰিষ্ঠসংখ্যক নাগৰিকৰ বিশ্বাস আৰু আস্থা থাকিব আৰু যাৰ যোগেদি তেওঁ তাৎক্ষণিকভাৱে বিনামূলীয়া ন্যায় লাভ কৰিব।”

2. গণ অভিযোগ মৰিষণৰ বিভিন্ন ব্যৱস্থাপনাবোৰ কি কি? 

উত্তৰঃ ভাৰতবৰ্ষত এই বিষয়ত ভালেমান কমিটি আৰু আয়োগ গঠন কৰা হৈছে আৰু প্ৰসাসনৰ বিৰুদ্ধে উত্থাপিত গণ অভিযোগ নিস্পত্তিৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। গণ অভিযোগ মৰিষণৰ ভালেমান সংস্থা আছে। উদাহৰণস্বৰূপে এজন নাগৰিকে তেওঁৰ প্ৰতি এজন চৰকাৰী বিষয়া বা চৰকাৰী এটা নিকায়ে চৰকাৰী দায়িত্ব সমাপনৰ সময়ত কৰা অন্যায়ৰ বিৰুদ্ধে প্রতিবাদ বিচাৰি আদালতৰ ওচৰ চাপিব পাৰে। এইটোকে ন্যায়ক প্ৰতিকাৰ বুলি কোৱা হয়। অভিযোগকাৰী মিতব্যয়ী আৰু ক্ষীপ্ৰগতিত ন্যায় প্ৰদান কৰিবলৈ বিভিন্ন ধৰণৰ প্ৰশাসনীয় আদালত প্রতিষ্ঠা কৰা হৈছে। কৰ আলিপ আদালত, শ্রম আদালত ইত্যাদিবোৰ হ’ল এই ধৰণৰ সংস্থা।

দ্বিতীয়তে, সংসদীয় পদ্ধতিয়ে নির্বাচিত প্রতিনিধিসকলক তেওঁলোকৰ সমষ্টিৰ লগত জড়িত বিষয়ত সংসদত প্রশ্ন উত্থাপন কৰাৰ সুবিধা প্ৰদান কৰিছে। তাৰোপৰি আবেদন কমিটি নামেৰে এখন সংসদীয় কমিটিও আছে। এজন নাগৰিকে অন্যায়ৰ বিৰুদ্ধে মৰিষণ বিচাৰি আবেদন দাখিল কৰিব পাৰে। সেয়ে আতৰৰ অংগ হ’লেও সংসদ বা ৰাজ্যিক বিধানমণ্ডলে এজন ভুক্তভোগী নাগৰিকৰ অভিযোগ গ্রহণ কৰিব পাৰে, তৃতীয়তে, চৰকাৰী বিষয়াৰ (তদন্ত) আইনৰ অধিনত, এজন চৰকাৰী বিষয়াৰ অসদাচাৰণৰ বিৰুদ্ধে বিভাগীয় তথা চৰকাৰী নিকায় গঠন কৰিৱ পাৰি৷ দৈনন্দিন ক্ষেত্ৰতেইনহয়, বৰং কুপ্ৰশাসনৰ বহুতো গুৰুত্বপূৰ্ণ বিষয়ও এই আইনৰ আওতালৈ আহিছে।

চতুৰ্থতে, গণ অভিযোগবোৰ নিস্পত্তি কৰিবলৈ বিভিন্ন পর্যায়ত অভিযোগ আদালত প্রতিষ্ঠা কৰা হৈছে। উদাহৰণস্বৰূপে, ৰাজহুৱা বাচ আস্থান বা ৰেলৱে ষ্টেচনত জনগণৰ অভিযোগ গ্ৰহণৰ বাবে অভিযোগ বাকচ আছে। দূৰ সংযোগ সেৱাৰ দৰে সেৱা সামগ্ৰী যোগানকাৰীৰ বিৰুদ্ধে কৰা অভিযোগ নিস্পত্তিৰ বাবে গ্রাহক আদালতবোৰ আছে। ৰেলৱে আৰু দূৰ সংযোগৰ দৰে বৃহৎ চৰকাৰী সংগঠনবোৰৰ ভিতৰতে জনগণৰ অভিযোগ নিস্পত্তিৰ বাবে অভিযোগবোৰ আছে। 

চৰকাৰে গণ অভিযোগ আৰু প্ৰশাসনীয় সংস্কাৰ বিভাগো গঠন কৰিছে। এইটো হ’ল গণ অভিযোগ মৰিষণ তথা প্ৰশাসনীয় সংস্কাৰৰ চৰকাৰৰ নোডেল এজেন্স।

প্ৰশাসনীয় আদালত আইন 1985 প্রণয়নে ভুক্তভোগী চৰকাৰী বিষয়া আৰু কিছু ক্ষেত্ৰত সাধাৰণ নাগৰিকৰ প্ৰশাসনীয় ন্যায় প্ৰদানৰ ক্ষেত্ৰত এটা নতুন মাত্রা প্ৰদান কৰিছে।

3. লোকপাল আৰু লোকায়ুক্তৰ ভূমিকা।

উত্তৰঃ গণ অভিযোগ নিস্পত্তিৰ কৌশল বা পদ্ধতিবোৰ জনসম্পৰ্কবহিত, খৰচী আৰু দীৰ্ঘম্যাদী হিচাপে প্ৰমাণিত হৈছে। এইবোৰ চৰকাৰী নিকায় আৰু ৰাজনৈতিক নেতৃত্বৰ বিৰুদ্ধে নাগৰিকৰ ব্যক্তিগত ফলপ্রসূভাৱে অভিযোগ মৰিষণৰ ক্ষেত্ৰত সফল হ’ব পৰা নাই।ইয়াৰ পৰিপ্ৰেক্ষিতত, প্ৰশাসনীয় সংস্কাৰ আয়োগে নিম্নলিখিত বিষয়বোৰ আঙুলিয়াই দিছিল।

“আমাৰ মতামত হ’ল, আমাৰ দেশৰ বিশেষ ক্ষেত্ৰবোৰত নাগৰিকৰ অভিযোগ মৰিষণৰ বাবে দুটা বিশেষ সংস্থাৰে ইয়াৰ সম্পূৰ্ণ সমাধান কৰিব পাৰিষ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়তেই, মন্ত্ৰী বা সচিবসকলে কৰা প্ৰশাসনীয় কাম-কাজৰ বিৰুদ্ধে অভিযোগ নিস্পত্তিৰ বাবে এটা কৰ্তৃপক্ষ থাকিব লাগিব। প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰত অন্যান্য বিষয়াসকলৰ প্ৰশাসনীয় কাম-কাজৰ বিৰুদ্ধে কৰা অভিযোগ নিস্পত্তিৰ বাবে অন্য এটা কর্তৃপক্ষ থাকিব। এই সকলোবোৰ কৰ্তৃপক্ষ কাৰ্যপাকিলা তথা বিধানমণ্ডল আৰু ন্যায়পালিকাৰ পৰা স্বাধীন হ’ব।” ARC এ লোকপালক প্ৰথম আৰু লোকআয়ুক্তক দ্বিতীয় কর্তৃপক্ষ হিচাপে উল্লেখ কৰিছে। 

ভালেমান প্রচেষ্টা হাতত লোৱা সত্বেও লোকপাল বিধেয়কখন সংসদত বাৰে বাৰে অগ্ৰাস্য হয়। ইয়াৰ পৰা বুজা যায় যে, কংগ্ৰেছ আৰু অনা-কংগ্ৰেছ উভয় চৰকাৰেই জনসাধাৰণৰ সন্মুখত এটা নিকা প্ৰশাসনৰ বাবে কাম আৰু প্ৰতিশ্ৰুতিৰ ৰাজহুৱা ঘোষণা দিয়াৰ পিছতো লোকপাল বিধেয়ক প্ৰণয়নৰ ক্ষেত্ৰত, সচেতন আৰু ইচ্ছুক নহয়। ইয়াৰ লগত দুটা মৌলিক বিষয় জড়িত হৈ আছে। প্রথমতেই, সংসদীয় গণতন্ত্রত ইতিমধ্যে দায়বদ্ধ হোৱা সংসদৰ অনিচ্ছুকতা। দ্বিতীয়তে, প্ৰস্তঙ্গীৱত লোকপালৰ কাৰ্যৰকৰী ক্ষেত্ৰাধিকাৰো বিতর্কিত। লোকপালে দুৰ্নীতিৰ বিষটোৱেই সামলি ল’ব নে বিষয়াক কু-প্ৰশাসনে সৃষ্টি কৰা নাগৰিকৰ বিৰুদ্ধে অন্যায়ৰ অভিযোগ মৰিষণৰ লগতে জড়িত হৈ পৰিব? নাগৰিকে তেওঁৰ ক্ষুদ্ৰ সমস্যাৰ সমাধান আৰু ব্যক্তিগত অভিযোগৰ মৰিষণ বিচাৰে; কিন্তু বৰ্তমান ব্যৱস্থাই তেওঁক সহজসাদ্য, খৰতকীয়া আৰু মিতব্যয়ী মৰিষণৰ ব্যৱস্থা প্ৰদান নকৰে। সেয়ে, এটা নিকায়ৰ বাবে প্ৰয়োজনীয় বিষয়টো হ’ল, জনগণৰ উমৈহতীয়া অভিযোগ মৰিষণৰ বাবে ই চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত হ’ব লাগিব ৷

4. কেন্দ্রীয় সতর্কতা আয়োগৰ ভূমিকা।

উত্তৰঃ ক্রমবর্ধমান দুৰ্নীতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে 1962 চনত কে মান্থানামৰ অধ্যক্ষতাত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটি গঠন কৰে। মান্থানাম কমিটিয়ে কেন্দ্ৰত এখন সতর্কতা আয়োগ তথা বিভিন্ন ৰাজ্যত অনুৰূপ আয়োগ গঠনৰ পৰামৰ্শ আগবঢ়ায়৷ তেতিয়াৰ পৰা বিভিন্ন চৰকাৰী বিভাগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ সতৰ্কৰ্তা কোষ গঠন কৰা হয়। শীর্ষ পর্যায়ত কেন্দ্রীয় সতর্কতা আয়োগ (CVC) অৱস্থিত।

CVC,ৰাষ্ট্ৰপতিৰ দ্বাৰা ছয় বছৰলৈ বা তেওঁৰ 65 বছৰ বয়স প্রাপ্তিলৈ থকা এজন কেন্দ্রীয় সতর্কতা আয়ুক্তৰ নেতৃত্বত গঠিত হয়। আয়োগৰ কাৰ্যালয়, স্বকীয় মৰ্যাদাৰে গৃহ মন্ত্রণালয়ত প্রতিষ্ঠিত। আয়ুক্তৰ উপৰিও ই এজন সচিব, এজন বিশেষ কৰ্তব্যৰত বিষয়া, এজন মুখ্য কাৰিকৰী বিষয়া, বিভাগীয় তদন্তৰ বাবে 3 জন আয়ুক্ত, 2 জন অৱৰ সচিব আৰু 6 জন কাৰিকৰী বিষয়াৰে গঠিত। ইয়াৰ ক্ষেত্ৰাধিকাৰ, কেন্দ্ৰীয় চৰকাৰৰ সকলো কৰ্মচাৰী আৰু ৰাজহুৱা প্ৰতিষ্ঠানৰ কৰ্মচাৰী, আইনগত নিকায় আৰু কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যবাহী ক্ষমতাৰ ভিতৰত পৰা আন আন সংঠনসমূহলৈকে বিস্তৃত। অৱশ্যে ই মন্ত্ৰী আৰু সাংসদসকলৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পৰীক্ষা কৰিব নোৱাৰে।

CVC-এ অভিযোগকাৰীৰ পৰা পোনপতীয়াকৈ অভিযোগ গ্ৰহণ কৰে। ই দুৰ্নীতি বা অসদাচৰণ সম্পর্কে উৎসসমূহ যেনে— সংবাদ মাধ্যমৰ প্ৰতিবেদন, সংসদীয় বিতৰ্ক আৰু অন্যান্য ধৰণে তথ্যৰ সংগ্ৰহ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে, ৰাজ্যিক সতৰ্কৰ্তা আয়োগে লাভ কৰা অভিযোগবোৰ ই CVc লৈ প্ৰেৰণ কৰে ৷ অভিযোগ গ্ৰহণ কৰি আয়োগে সুধিব পাৰেঃ

(ক) সংশ্লিষ্ট মন্ত্রণালয়/ বিভাগক ইয়াৰ তদন্তৰ বাবে মাতি পঠিয়াব পাৰে।

(খ) কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই (CBI) তদন্ত কৰিবৰ বাবে ক’ব পাৰে। 

(গ) CBI-ক মোকদমা তৰিবলৈ ক’ব পাৰে আৰু অনুসন্ধান কৰিবলৈ ক’ব পাৰে। মোকদমা চলোৱা কাৰ্য অৱশ্যে উপযুক্ত বৈধ কৰ্তৃপক্ষৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰে।

CVC য়ে প্রশাসনীয় মন্ত্রণালয়/বিভাগবোৰক, তেওঁলোকে গ্ৰহণ কৰা অভিযোগবোৰৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণৰ ব্যৱস্থা কৰিছে। এই অভিযোগবোৰ সংশ্লিষ্ট মন্ত্রণালায়/বিভাগবোৰে চোৱা-চিতা কৰিব। CVC য়ে প্রশাসনীয় সংহতি সাধন সম্পৰ্কীয় সকলো বিষয়ৰ ক্ষেত্ৰত মন্ত্রাণালয়/বিভাগসমূহক পৰামৰ্শ দিব পাৰে। ই প্রতিবেদন বিচাৰিব পাৰে, ইয়াক ক্ষমতাশালী কৰিবলৈ সকলোবোৰ মন্ত্রণালয়/বিভাগৰ পৰা বিবৃতি বিচাৰিব পাৰে, যাতে মন্ত্রণালয়/বিভাগবোৰত দুৰ্নীতি বিৰোধী, সতৰ্কতাৰ তদাৰকী কৰা আৰু সাধাৰণ পৰীক্ষা কৰিব পাৰে। ই ইয়াৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত কোনো অভিযোগৰ ওপৰত বা গোচৰৰ ওপৰত অধিক কাৰ্যব্যৱস্থা গ্ৰহণৰ বাবে ঠেলি দিব পাৰে।

ইয়াৰোপৰি, প্ৰত্যেকটো মন্ত্রণালয়/বিভাগত মুখ্য সতর্কতা বিষয়াৰ নিযুক্তিৰ ক্ষেত্ৰত CVC-ৰ ভূমিকা আছে। তেনে নিযুক্তি কৰাৰ ক্ষমতাও CVC-ৰ লগত পৰামৰ্শ কৰিব লাগে। তাৰোপৰি মুখ্য সতর্কতা বিষয়াৰ কাম-কাজৰ মূল্যায়ণ । কৰাৰ ক্ষমতাও CVC-ক প্ৰদান কৰা হৈছে। এই মূল্যায়ন বিষয়াসকলৰ চাৰিত্ৰিক বহীত নথিভূক্ত কৰা হয়। শেষত, সতর্কতা সংগঠনটোৰ পুনর্গঠন বা শক্তিশালীকৰণৰ সকলো প্ৰস্তাৱ কেন্দ্ৰীয় সতর্কতা বিষয়াই CVC লৈ পুননিৰীক্ষণৰ বাবে পঠিয়াব লাগে ৷

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top