ASOS Class 12 Political Science Chapter 34 কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা ৩৪ পৰ্যায়ত প্ৰশাসনীয় ব্যৱস্থাসমূহ

ASOS Class 12 Political Science Chapter 34 কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা ৩৪ পৰ্যায়ত প্ৰশাসনীয় ব্যৱস্থাসমূহ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 34 কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা ৩৪ পৰ্যায়ত প্ৰশাসনীয় ব্যৱস্থাসমূহ and select needs one.

ASOS Class 12 Political Science Chapter 34 কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা ৩৪ পৰ্যায়ত প্ৰশাসনীয় ব্যৱস্থাসমূহ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 34 কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা ৩৪ পৰ্যায়ত প্ৰশাসনীয় ব্যৱস্থাসমূহ Solutions for All Subject, You can practice these here.

কেন্দ্ৰীয়, ৰাজ্যিক আৰু জিলা ৩৪ পৰ্যায়ত প্ৰশাসনীয় ব্যৱস্থাসমূহ

Chapter : 34

34.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) যুক্তৰাষ্ট্ৰ এখনত_____আৰু______ৰ মাজত বিষয়বস্তুসূহৰ স্পষ্ট বিভাজন কৰা থাকে। 

উত্তৰঃ যুক্তৰাষ্ট্ৰ এখনত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিষয়বস্তুসূহৰ স্পষ্ট বিভাজন কৰা থাকে ৷

(খ) বৰ্তমান ভাৰতত____খন ৰাজ্য আৰ_____খন কেন্দ্রীয় শাসিত অঞ্চল আছে। 

উত্তৰঃ বৰ্তমান ভাৰতত 28 খন ৰাজ্য আৰু 7 খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।

(গ) ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থা মূলতঃ____, ____, ____, আৰু____পৰ্যায়ত অধ্যয়নৰ প্ৰয়োজন৷ 

উত্তৰঃ ভাৰতীয় প্ৰশাসনীয় ব্যৱস্থা মূলতঃ কেন্দ্ৰীয়, ৰাজ্যিক, জিলা আৰু স্থানীয় পর্যায়ত অধ্যয়নৰ প্ৰয়োজন৷

(ঘ) জিলা আৰু স্থানীয় প্রশাসনে_____আৰু _____সাংবিধানিক সংশোধনৰ পিছত অধিক গুৰুত্ব লাভ কৰিছে। 

উত্তৰঃ জিলা আৰু স্থানীয় প্রশাসনে 73 তম আৰু 74 তম সাংবিধানিক সংশোধনৰ পিছত অধিক গুৰুত্ব লাভ কৰিছে। 

34.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

তলত দিয়াবোৰৰ উত্তৰ দিয়াঃ 

(ক) কেন্দ্রীয় সচিবালয় সকলো_____আৰু____ৰে গঠিত। 

উত্তৰঃ কেন্দ্ৰীয় সচিবালয় সকলো মন্ত্রণালয় আৰু বিভাগেৰে গঠিত। 

(খ) সচিবালয়ৰ মুখ্য কার্য কি?

1. নীতি নিৰ্ধাৰণত সহায় কৰা। 

2. নীতি কাৰ্যকৰী কৰা।

উত্তৰঃ 1. নীতি নিৰ্ধাৰণত সহায় কৰা। 

(গ) সচিবালচৰ প্ৰশাসনীয় মূৰব্বী কোন? 

উত্তৰঃ সচিব।

(ঘ) সচিবালয়ে____দায়িত্বৰে____গোট হিচাপে কাম কৰে৷ 

উত্তৰঃ সচিবালয়ে একক দায়িত্বৰে সমূহীয়া গোট হিচাপে কাম কৰে৷

34.3 পাঠ্য অন্তগত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰাঃ 

1. তলত দিয়া কোনটো কেবিনেট সচিবালয়ৰ এট অংশ নহয়? 

(ক) অসামৰিক অংশ। 

(খ) সামৰিক অংশ।

(গ) প্রশাসনীয় অংশ।

(ঘ) চোৰাংচোৱা অংশ। 

উত্তৰঃ (গ) প্ৰশাসনীয় অংশ

2. কেবিনেট সচিবালয়ৰ সংগঠনৰ বিষয়ে বর্ণনা কৰা। 

উত্তৰঃ ভাৰতৰ প্ৰশাসনৰ ধাৰাবাহিকতা ৰক্ষাৰ বাবে কেবিনেট সচিবালয় দায়িত্বশীল। 1947 চনত কেবিনেট সচিবালয় প্রতিষ্ঠা কৰা হৈছিল। সচিবালয়ে সকলো মন্ত্রী আৰু বিভাগৰ গুৰুত্বপূৰ্ণ কাৰ্য্যকলাপৰ সাৰাংশ প্রদান।

কেবিনেট সচিবালয়ৰ সদস্যসকল হ’ল – মন্ত্ৰী পৰিষদৰ সচিবালয়ৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ কৰ্মচাৰী হ’ল প্রধানমন্ত্রী। সচিবালয়ৰ প্ৰশাসনীয় মুৰব্বীজন হ’ল মন্ত্ৰী পৰিষদৰ সচিব। অন্যান্য গুৰুত্বপূৰ্ণ সদস্যসকল হ’ল কেন্দ্ৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, বিত্ত মন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু গৃহমন্ত্ৰী।

3. কোন চনত কেবিনেট সচিবালয় প্রতিষ্ঠা কৰা হৈছিল? 

(ক) 1947

(খ) 1961

উত্তৰঃ (ক) 1947।

34.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. কেবিনেট সচিবৰ মুখ্য কাৰ্য হ’ল____ক সহায় কৰা। 

উত্তৰঃ কেবিনেট সচিবৰ মুখ্য কাৰ্য হ’ল মন্ত্ৰী পৰিষদক সহায় কৰা।

2. ___ৰ কাৰ্যালয় 1950 চনৰ সৃষ্টি কৰা হৈছিল। 

উত্তৰঃ কেবিনেট সচিবৰ কাৰ্যালয় 1950 চনৰ সৃষ্টি কৰা হৈছিল। 

3. কেবিনেট সচিবে_____বিষয়বোৰত সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিব লাগে।

উত্তৰঃ কেবিনেট সচিবে সচিব বিষয়বোৰত সম্পূৰ্ণ গোপনীয়তা ৰক্ষা কৰিব লাগে।

4. ____এ বিচৰা যিকোনো বিষয়ত তেওঁ পৰামৰ্শ দিয়ে। 

উত্তৰঃ প্রধানমন্ত্ৰীয়ে বিচৰা যিকোনো বিষয়ত তেওঁ পৰামৰ্শ দিয়ে।

34.5 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রধানমন্ত্রীক_____আৰু_____ পৰামৰ্শ আগবঢ়ায়।

উত্তৰঃ প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে প্রধানমন্ত্ৰীক সচিব পৰ্যায়ৰ সহায় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় ।

2. 1977 চনত প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ নাম পৰিৱৰ্তন কৰা হৈছিল আৰু বর্তমান ই_____হিচাপে পৰিচিত। 

উত্তৰঃ 1977 চনত প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ নাম পৰিৱৰ্তন কৰা হৈছিল আৰু বৰ্তমান ই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় হিচাপে পৰিচিত। 

3. প্রধানমন্ত্ৰীৰ_____এ বিশেষ ভূমিক পালন কৰে।

উত্তৰঃ প্রধানমন্ত্ৰীৰ প্ৰধান সচিবে বিশেষ ভূমিক পালন কৰে। 

4. বৰ্তমান প্রধানমন্ত্ৰীৰ কাৰ্যালয়ত____ৰ অধিক কৰ্মচাৰী আছে। 

উত্তৰঃ বৰ্তমান প্রধানমন্ত্ৰীৰ কাৰ্যালয়ত 350 ৰ অধিক কৰ্মচাৰী আছে। 

34.6 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ 

1. সচিবালয়ৰ তলত দিয়া বিষয়াসকলৰ, শুদ্ধ ক্রমাগত শৃংখলাটো কি? 

(ক) যুটীয়া সচিব। 

(খ) উপসচিব। 

(গ) অতিৰিক্ত সচিব।

(ঘ) সচিব।

(ঙ) অৱস সচিব।

(চ) মাগুলিক বিষয়া।

উত্তৰঃ (চ) মাণ্ডলিক বিষয়া।

(ঙ) অৱস সচিব।

(খ) উপ সচিব।

(ক) যুটীয়া সচিব। 

(গ) অতিৰিক্ত সচিব। 

(ঘ) সচিব।

2. সচিবালয় হ’ল____ৰ স্নায়ুকেন্দ্ৰ।

উত্তৰঃ সচিবালয় হ’ল ৰাজ্যিক প্ৰশাসনৰ স্নায়ুকেন্দ্ৰ। 

3. ৰাজ্যিক সচিবালয়ৰ প্ৰধান কাম দুটা হ’ল____আৰু____।

উত্তৰঃ ৰাজ্যিক সচিবালয়ৰ প্ৰধান কাম দুটা হ’ল ৰাজ্যিক বাজেট প্রস্তুত কৰা আৰু ৰাজ্যিক চৰকাৰৰ চিন্তাৰ ভড়াল হিচাপে কাম কৰা।

4. মুখ্য সচীবে ৰাজ্যিক প্ৰশাসন_____ত অৱস্থান গ্ৰহণ কৰে।

উত্তৰঃ মুখ্য সচীবে ৰাজ্যিক প্ৰশাসন উৰ্ধতমত অৱস্থান গ্ৰহণ কৰে ৷

34.7 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়াঃ 

1. তলৰ কোনটো উক্তি শুদ্ধ 

(ক) জিলা পর্যায়তেই সৰ্বসাধাৰণ ৰাইজে প্ৰশাসনৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ আহে।

(খ) জিলা উপায়ুক্তবোৰ হ’ল ৰাজ্য চৰকাৰৰ চকু, কাণ আৰু হাত সদৃশ। 

উত্তৰঃ (খ) জিলা উপায়ুক্তবোৰ হ’ল ৰাজ্য চৰকাৰৰ চকু, কাণ আৰু হাত সদৃশ।

2. তলৰ কোনটে উক্তি অশুদ্ধ?

(ক) ভাৰতৰ প্ৰশাসন ব্যৱস্থাত জিল হ’ল মূল আঞ্চলিক গোট। 

(খ) সামগ্ৰিকভাৱে ঐক্যবদ্ধ, উমৈহতীয়া ইতিহাস, ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা সমৃদ্ধ এটা ডাঙৰ অঞ্চলকেই জিলা বুলি ক’ব পাৰি।

উত্তৰঃ (খ) সামগ্ৰিকভাৱে ঐক্যবদ্ধ, উমৈহতীয়া ইতিহাস, ভৌগোলিক, সামাজিক আৰু অৰ্থনৈতিক ব্যৱস্থা সমৃদ্ধ এটা ডাঙৰ অঞ্চলকেই জিলা বুলি ক’ব পাৰি।

3. জিলা প্রশাসন হ’ল_____ৰ সামগ্রিক কার্যপ্রণালী। 

উত্তৰঃ জিলা প্রশাসন হ’ল চৰকাৰৰ সামগ্রিক কার্যপ্রণালী। 

34.8 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়াঃ

1. জিলা উপায়ুক্তৰ কাৰ্যালয় সৃষ্ট কৰা হৈছিলঃ

(ক) 1771।

(খ) 1772।

(গ) 1774।

(ঘ) 1777।

উত্তৰঃ (খ) 1772।

2. জিলা উপায়ুক্তজন প্রধান হ’লঃ

(ক) আৰক্ষী বিভাগৰ।

(খ) ৰাজহ বিভাগৰ।

(গ) ন্যায়িক বিভাগৰ।

উত্তৰঃ (খ) ৰাজহ’বিভাগৰ।

3. সংসদীয় আৰু বিধানসভা নিৰ্বাচনত কোনে ৰিটার্নিং বিষয়া হিচাপে কাম কৰে?

(ক) আৰক্ষী অধিক্ষকে।

(খ) জিলা বিচাৰপতিয়ে।

(গ) জিলা উপায়ুক্তই।

উত্তৰঃ (গ) জিলা উপায়ুক্তই।

4. জিলা উপায়ুক্তৰ ৰাজহ সম্পৰ্কীয় কাৰ্যাৱলী হ’ল,_____ সংগ্ৰহ আৰু_____পৰিচালনা কৰা৷

উত্তৰঃ জিলা উপায়ুক্তৰ ৰাজহ সম্পৰ্কীয় কাৰ্যাৱলী হ’ল ৰাজহ সংগ্ৰহ আৰু ভূমি তথ্যপাতি সংৰক্ষণ কৰা।

34.9 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. B.D.O. -ৰ মুখ্য কামবোৰহ’ল____আৰু____।

উত্তৰঃ B.D.O.ৰ মুখ্য কামবোৰহ’ল উন্নয়নমূলক কামৰ পৰিচালনা আৰু পঞ্চায়ত সমিতিবোৰ পৰিচালনা।

2. B.D.O. ই_____বাজেট প্রস্তুত কৰে৷

উত্তৰঃ B.D.O.ই খণ্ড পৰ্যায়ৰ বাজেট প্রস্তুত কৰে। 

1. কেন্দ্ৰীয় সচিবালয়ৰ সংগঠন বর্ণনা কৰা৷

উত্তৰঃ ভাৰত চৰকাৰৰ কাম-কাজসমূহ কেন্দ্ৰীয় সচিবালয়ৰ অন্তৰ্গত মন্ত্ৰী আৰু বিভাগসমূহৰ মাজত ভাগ ভাগ কৰা হৈছে। কেন্দ্ৰীয় পৰ্যায়ৰ প্ৰশাসনীয় ব্যৱস্থাত, কেন্দ্ৰীয় চৰকাৰৰ সকলোবোৰ মন্ত্ৰী আৰু বিভাগেৰে গঠিত, কেন্দ্ৰীয় সচিবালয় হিচাপে উমৈহতীয়া নামাকৰণ কৰিব পাৰি। মন্ত্ৰীসকল হ’ল ৰাজনৈতিক শাসক প্ৰধান আৰু সচিব হ’ল প্ৰশাসনৰ প্ৰধান। বিভাগ হ’ল দুই বা ততোধিক অংশৰ মধ্যস্থান। এটা অংশ দুই বা ততোধিক ভাগ আৰু এটা ভাগ দুই বা ততোধিক শাখা লৈ গঠিত। নিম্নতম পর্যায়ত কার্যালয় থাকে যিটো ভালেমান সচিব লৈ গঠিত হ’ব পাৰে। এটা মন্ত্রী পদবী এক বা একাধিক বিভাগেৰে গঠিত হ’ব পাৰে৷ সচিবালয়ৰ প্ৰধান কাৰ্য হ’ল সংশ্লিষ্ট মন্ত্ৰীক নীতি-নিৰ্দেশনা আৰু প্ৰশাসন সম্পৰ্কীয় বিষয়ত পৰামৰ্শ আগবঢ়োৱা। প্ৰতিজন মন্ত্ৰীয়ে সচিবালয়ৰ কৰ্মীৰ পৰা সহায় পায়। তলৰ তালিাকাখনত সদস্যসকলৰ স্থান দেখুওৱা হ’ল।

সচিবালয়ৰ সাংগঠনিক তালিকাঃ

1. মন্ত্রণালয়

2. বিভাগ

3. অংশ

4. ভাগ

5. শাখা

6. প্ৰধানমন্ত্ৰী (ৰাজনৈতিক কাৰ্যপালিকা) 

7. অতিৰিক্ত/যুটীয়া সচিব 

8. উপ-সচিব

9. অৱৰ সচিব

10. সচিব (প্রশাসনীয় প্রধান) 

চৰকাৰৰ কেন্দ্ৰীয় তিনিটা আৱশ্যকীয় উপাদান হ’লঃনীতিৰ সিদ্ধান্ত গ্ৰহণকাৰী মন্ত্ৰী, তেনে সিদ্ধান্তৰ ৰূপায়ণৰ চোৱাচিতা কৰিবলৈ আৰু একোটা সিদ্ধান্তত উপনিত হ’বলৈ আৰু পৰামৰ্শ দিয়া সচিবসকল আৰু প্ৰধান কাৰ্যপালিকা যিয়ে সিদ্ধান্তবোৰৰ ৰূপায়ণ তদাৰক কৰে। সচিবসকল সামগ্রিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ সচিব কিন্তু কোনো মন্ত্ৰী বিশেষৰ সচিব নহয়। সচিবালয় হ’ল চৰকাৰৰ নীতি নিৰ্ধাৰণকাৰী, সমন্বয়ৰক্ষী আৰু পৰ্যবেক্ষক সংস্থা। সচিবালয়ৰ প্ৰাথমিক দায়িত্ব হ’ল তলত দিয়া বিষয়বোৰত মন্ত্ৰীসকলক সহায় আৰু পৰামৰ্শ আগবঢ়োৱা। 

1. নীতি প্ৰস্তুত আৰু সময়ে সময়ে সময়োপযোগী সালসনি কৰা৷ 

2. আইন প্রণয়নৰ সম্পৰ্কীয় নীতি-নিয়ম প্ৰস্তুত কৰা। 

3. ক্ষেত্রভিত্তিক পৰিকল্পনা আৰু আঁচনি প্ৰস্তুত কৰা।

4. বাজেট প্রস্তুত আৰু ব্যয় নিয়ন্ত্ৰণ কৰা।

5. ক্ষেত্রভিত্তিক গোটসমূহৰ দ্বাৰা ৰূপায়ণ কৰা নীতি আৰু আঁচনিসমূহৰ ফলাফল মূল্যায়ন আৰু পৰ্যবেক্ষণ তথা নিয়ন্ত্ৰণ কৰা।

6. নীতি আৰু আঁচনিসমূহৰ মাজত সমন্বয় আৰু সংহতি সাধন ততা ৰাজ্য চৰকাৰৰ লগত যোগাযোগ ৰক্ষা কৰা।

7. বৃহত্তৰ সাংগঠনিক দক্ষতা বৃদ্ধি কৰা আৰু

8. মন্ত্ৰীসকলক সংসদীয় দায়িত্ব পালনত সহায় কৰা। 

2. কেবিনেট সচিবালয়ৰ মূল কামবোৰ কি কি? 

উত্তৰঃ কেবেনিট সচিবালয়ৰ প্ৰধান কাৰ্যসূহ হলঃ

(ক) অধ্যাদেশ জাৰিসহ আইন জড়িত বিষয়বোৰ, সংসদলৈ ৰাষ্ট্ৰপতিয়ে প্ৰেৰণ কৰা বাণী আৰু ভাষণ সংক্রান্তীয়;

(খ) বিদেশী ৰাষ্ট্ৰৰ লগত কৰিবলগীয়া সন্ধি-চুক্তি জড়িত বিষয়বোৰ; 

(গ) যিকোনো বিষয়ত বিদেশত পঠিয়াবলগীয়া প্ৰতিনিধিৰ প্ৰস্তাৱ সম্পৰ্কীয় কার্য;

(ঘ) অনুসন্ধান ৰাজহুৱা কমিটি নিযুক্তি তথা ইয়াৰ প্ৰতিবেদন বিবেচনা কৰা; 

(ঙ) বিত্তীয় বিষয় জড়িত বিষয় সংক্রান্তীয় কার্য;

(চ) কোনো মন্ত্ৰীয়ে সিদ্ধান্ত ল’বৰ বাবে কেনিটেত উপস্থাপন কৰিবলগীয়া বিষয় সংক্রান্তীয় কার্য তথা বিভিন্ন মন্ত্রণালায়ৰ মাজত বিবাদ হোৱা বিষয়বোৰ 

(ছ) সিদ্ধান্ত গ্ৰহণ কৰা ৰদকৰণ সম্পৰ্কীয় প্ৰস্তাৱ;

(জ) ৰাষ্ট্ৰপতি বা প্রধানমন্ত্রীয়ে কেবিনেটত উপস্থাপন কৰিবলগীয়া বিষয় সংক্রান্তীয় কার্য;

(ঝ) চৰকাৰৰ দ্বাৰা তৰা গোচৰ আদি উঠাই লোৱা প্ৰস্তাৱ সম্পৰ্কীয় কার্য। 

3. প্রধানমন্ত্ৰীৰ, প্ৰধান সচিব আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকা কি?

উত্তৰঃ দেশৰ ৰাজনৈতিক প্ৰশাসনীয় ব্যৱস্থাত চৰকাৰৰ মূৰব্বী আৰু প্ৰকৃত কার্যবাহী কর্তৃপক্ষ হিচাপে, প্রধানমন্ত্ৰীয়ে খুবেই গুৰুত্বপূৰ্ণ আৰু বিশেষ ভূমিকা পালন কৰে। তেওঁৰ বিভিন্ন দায়িত্ব পালনৰ ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO)-ৰ পৰা সহায় পায়। ই প্রধানমন্ত্রী সচিব পৰ্যায়ৰ সহায় আৰু বিতং পৰামৰ্শ আগবঢ়ায়৷ ভাৰত চৰকাৰৰ শীৰ্ষতম পর্যায়ত সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অৱশ্যে এইটো এটা অতিৰিক্ত সাংবিধানিক নিকায়। ইয়াৰ লগত সংলগ্ন আৰু তলতীয়া কোনো কার্যালয় নাথাকিলেও, ই ভাৰত চৰকাৰৰ এটা বিভাগৰ সমপৰ্যায়ৰ৷ই 1947 চনত ভাৰত স্বাধনি হোৱাৰ সময়তে স্থাপিত হয় আৰু ইয়াক প্ৰধানমন্ত্ৰীৰ সচিবালয় হিচাপে ইয়াক কোৱা হৈছিল। 1977 চনৰ জুনত ইয়াৰ নাম পৰিৱৰ্তন কৰা হয় আৰু বৰ্তমান ই প্রধানমন্ত্ৰীৰ কাৰ্যালয় হিচাপে পৰিচিত (PMO)।

প্রধানমন্ত্রী হ’ল (PMO)-ৰ ৰাজনৈতিক প্ৰধান আৰু মুখ্য সচিব হ’ল প্রশাসনীয় প্রদান। ই কিছুমান অতিৰিক্ত সচিব আৰু যুটীয়া সচিবেৰে গঠিত।

প্রধানমন্ত্ৰীৰ বাবে থকা মুখ্য সচিবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তলত দিয়া কাৰ্যবোৰ সম্পন্ন কৰে।

1. কাৰ্যালয়ত সকলোবোৰ চৰকাৰী ফাইল চোৱা-চিতা কৰে ৷

2. আদেশ আৰু নিৰ্দেশনাৰ বাবে সকলো গুৰুত্বপূৰ্ণ নথি আৰু তথ্যপাতি প্রধানমন্ত্ৰীৰ আগত উপস্থাপন কৰে।

3. গুৰুত্বপূৰ্ণ বিষয়ববীয়াৰে সৈতে প্রধানমন্ত্ৰীৰ আলোচনাৰ বিষয়বস্তুসমূহৰ টোকা প্ৰস্তুত কৰা।

4. প্রধানমন্ত্ৰীৰ নিৰ্দেশক্রমে বিভিন্ন মন্ত্রণালয় আৰু বিভাগৰ বিষয়সমূহ চোৱাচিতা কৰে৷

5. কাৰ্যালয়ৰ বিভিন্ন বিষয়াৰ কাম-কাজৰ সমন্বয় সাধন কৰে।

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ে আন ভালেমান কাম কৰে যেনে— কেন্দ্রীয় মন্ত্রী পৰিষদৰ লগত ৰাজ্য চৰকাৰসমূহৰ সম্পৰ্ক ৰক্ষা কৰা, পৰিকল্পনা আয়োগ আৰু ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ হিচাপে প্ৰধানমন্ত্ৰীক তেওঁৰ দায়িত্ব পালনত সহায় কৰা, প্রধানমন্ত্ৰীৰ জনসম্পৰ্কৰক্ষী সংস্থা কাম কৰা আৰু প্ৰধানমন্ত্ৰীৰ ‘থিংক টেংক’ হিচাপে কাম কৰা। ই আন কিছুমান এনে বিষয়ৰ লগত জড়িত যিবোৰ কোনো মন্ত্রণালয় বা বিবাগত বণ্টন কৰি দিয়া নহয়।

4. “ৰাজ্যিক সচিবালয়” বুলিলে কি বুজা? ইয়াৰ গুৰুত্ব ব্যাখ্যা কৰা।

উত্তৰঃ কেন্দ্ৰীয় সচিবালয়ৰ দৰে ৰাজ্যিক পৰ্যায়তো প্ৰতিখন ৰাজ্যতে একোখন ৰাজ্যিক সচিবালয় আছে। ই হ’ল ৰাজ্যিক প্ৰশাসনৰ স্নায়ুকেন্দ্ৰ। ই ৰাজ্যিক সচিবালয়ৰ ভালেমান মন্ত্রণালয় আৰু বিভাগেৰে গঠিত। মন্ত্রণালয় আৰু বিভাগবোৰৰ ৰাজনৈতিক মূৰব্বী হ’ল মন্ত্ৰীবৰ্গ আৰু প্ৰশাসনীয় মুৰব্বী হ’ল সচিবসকল। মুখ্য সচিব হ’ল সামগ্ৰিকভাৱে ৰাজ্যিক সচিবালয়ৰ মূৰব্বী, আনহাতে এগৰাকী সচিবে এটা বা দুটা বিভাগৰ মূৰব্বী ৷ তেওঁ সাধাৰণতে জ্যেষ্ঠ ভাৰতীয় প্রশাসনিক বিষয়া ৷ এইখিনিতে উল্লেখযোগ্য যে সচিবজন সামগ্রিকভাৱে ৰাজ্য চৰকাৰৰ সচিব, কোনো মন্ত্ৰীৰ সচিব নহয় ৷ 

ৰাজ্যভেদে বিভাগৰ সংখ্যা ভিন্ন হয়। ইয়াত ৰ পৰা টা বিভাগ থাকে। কিছুমান এনে বিভাগ যিবোৰ সকলো ৰাজ্যতে একেধৰণে পোৱা যায়৷ এইবোৰ হ’ল— সাধাৰণ প্ৰশাসন, গৃহ, বিত্ত, কাৰাগাৰ, বন, কৃষি, শ্ৰম আৰু নিয়োগ, পঞ্চায়তৰাজ, শ্রম, শিক্ষা, পৰিকল্পনা, সমাজকল্যাণ, গৃহনির্মাণ, পৰিবহণ, জলসিঞ্চন আৰু শক্তি, আইন, স্থানীয় শাসন, স্বাস্থ্য, আবকাৰী আৰু কৰ, উদ্যোগ, জনসংযোগ আৰু তথ্য ইত্যাদি ৷ সংসদীয় বিভাগবোৰ নিৰ্দিষ্ট কাৰ্যকালৰ বাবে নিয়োগ কৰা বিষয়াৰে গঠিত। সচিবালয়ৰ বিষয়াসকলৰ অধিক্রম নীতি কেন্দ্রীয় সচিবালয়ৰ দৰে একে। 

ৰাজ্যিক সচিবালয়ে প্ৰধানকৈ তলত দিয়া কামবোৰ কৰেঃ 

(ক) মন্ত্ৰীক তেওঁৰ কাম কৰাত সহায় কৰা।

(খ) ৰাজ্য চৰকাৰৰ নীতি আৰু কৰ্মসূচী তৈয়াৰ কৰা।

(গ) ৰাজ্য চৰকাৰৰ কৰ্মসূচীসমূহৰ মাজত সমন্বয় সাধন কৰা।

(ঘ) ৰাজ্যিক বাজেট প্রস্তুত কৰা। 

(ঙ) আইন, নীতি-নিয়ম তৈয়াৰ কৰা।

(চ) নীতি কার্যকৰি কৰাৰ পিছত ফলাফল পূণৰিক্ষণ কৰা।

(ছ) জনগণৰ অভিযোগ, আবেদন আৰু প্ৰতিনিধিত্ব গ্ৰহণ আৰু তাৰ সমাধান কৰা।

(জ) ৰাজ্য চৰকাৰৰ থিংক টেংক হিচাপে কাম কৰা। 

মুখ্য সচিব হ’ল ৰাজ্যিক সচিবালয়ৰ মূৰব্বী। তেওঁ ৰাজ্যিক প্ৰশাসনৰ প্ৰসাসনীয় মূৰব্বী আৰু ৰাজ্যিক প্ৰশাসন ব্যৱস্থাৰ উচ্চতম পৰ্যায়ত অৱস্থানত থাকে। তেওঁ সমগ্ৰ ৰাজ্যিক প্ৰশাসনটো নেতৃত্ব, নিৰ্দেশনা দিয়ে আৰু নিয়ন্ত্রণ কৰে। তেওঁ অৱশ্যে সচবিসকলৰ প্ৰধান আৰু সকলোবোৰ সংসদীয় বিভাগ তেওঁ নিয়ন্ত্ৰণ কৰে। তেৱেঁই হ’ল ৰাজ্যৰ জ্যেষ্ঠতম অসামৰিক বিষয়া। 

ক্ষমতা আৰু কাৰ্যাৱলীঃ

মুখ্য সচিবে ভালেমান কাম কৰে৷ কিছুমান প্রধান কাম তলত দিয়া ধৰণৰঃ 

1. ৰাজ্যিক নীতি আৰু প্ৰশাসনৰ সকলোবোৰ বিষয়ত তেওঁ মুখ্যমন্ত্ৰীৰ প্ৰধান উপদেষ্টা হিচাপে কাম কৰে৷

2. ৰাজ্যিক কেবিনেটৰ সচিব হিচাপে তেওঁ কাম কৰে। তেওঁ কেবিনেট সভাৰ আলোচ্য বিষয়বস্তু প্রস্তুত কৰে আৰু ইয়াৰ সভাৰ সিন্ধান্তবোৰ সংৰক্ষণ কৰি ৰাখে।

3. তেওঁ হ’ল ৰাজ্যিক প্ৰশাসনৰ মুখ্য সমন্বয়ৰক্ষী আৰু তেওঁ আন্তঃবিভাগীয় বিবাদ নিষ্পত্তি কৰে।

4. বেছিভাগ ক্ষেত্ৰতে, সাধাৰণ প্ৰশাসন বিভাগ, বিষয়া প্রশাসন, পৰিকল্পনা বিভাগ আৰু প্ৰশাসনীয় সংস্কাৰ বিভাগ আদিবোৰ মুখ্য সচিবৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ৰখা হয়।

5. খৰাং বতৰ, বানপানী, দুর্ভিক্ষ, সাম্প্রদায়িক অশান্তি ইত্যাদিৰ দৰে বিপদৰ সময়ত মুখ্য সচিবে সংকটকালীন প্রশাসকৰৰ ভূমিকা পালন কৰে ৷

6. ইয়াৰোপৰি, তেওঁ ৰাজ্য চৰকাৰৰ মুখপাত্ৰ হিচাপেকাম কৰে, এহাতে তেওঁৰ চৰকাৰৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজৰ যোগসূত্ৰ আৰু আনহাতে আন ৰাজ্য চৰকাৰৰ মুখ্য যোগসূত্ৰ হিচাপে কাম কৰে। ৰাজ্যত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিলে তেওঁ ৰাজ্যপালৰ প্ৰধান পৰামৰ্শদাতা হিচাপে কাম কৰে। ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ সভাত প্রতিনিধিত্ব কৰে আৰু তেওঁ ৰাজ্য চৰকাৰৰ তেওঁ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাম কৰে৷

7. তেওঁ ৰাজ্যিক অসামৰিক সেৱাৰ প্ৰধান হিচাপেও কাম কৰে। তেওঁ ৰাজ্যিক অসামৰিক সেৱাৰ জ্যেষ্ঠ বিষয়াসকলৰ নিযুক্তি, বদলিকৰণ আৰু পদোন্নতি বিষয়বোৰ চোৱা-চিতা কৰে।

5. সঞ্চালকালয়ৰ প্ৰধান কাৰ্য কি? 

উত্তৰঃ মন্ত্রী, সচিব আৰু কাৰ্যবাহী মূৰব্বী— এই তিনিটা হ’ল ৰাজ্যিক পৰ্যায়ৰ চৰকাৰৰ উপাদান। মন্ত্ৰী আৰু সচিবেৰে জনাজাত সচিবালয় গঠিত হয়। কাৰ্যবাহী মুৰব্বীৰ কাৰ্যলয়ক আনহাতে সঞ্চালকালয় হিচাপে অভিহিত কৰা হয়। সঞ্চালকালয়ে ৰাজ্যিক সচিবালয়ৰ তত্ত্বাৱধানত কাৰ্যনিৰ্বাহ কৰে। সচিবালয় নীতি নিৰ্ধাৰণৰ লগত জড়িত আৰু সঞ্চালকালয় নীতি-কাৰ্যকৰিকণৰ লগত জড়িত। এইদৰে, সঞ্চালকালয় হ’ল চৰকাৰৰ কাৰ্যবাহী আহিলা। তেওঁলোকৰ দায়িত্ব হ’ল সচিবালয়ে প্রস্তুত কৰা নীতিবোৰ কাৰ্যকৰি কৰা। সঞ্চালকালয় সচিবালয়ৰ বাহিৰত অৱস্থিত।

সঞ্চালকালয়ৰ প্ৰধানৰ কাৰ্যবোৰ হ’লঃ

1. মন্ত্ৰীসকলক কাৰ্যকৰী পৰামৰ্শ আগবঢ়োৱা।

2. বিভাগৰ বাজেট প্রস্তুত কৰা।

3. জিলা পর্যায়ত বিভাগে কৰা কামবোৰ পৰিদৰ্শন কৰা।

4. ৰাজ্যিক লোকসেৱা আয়োগক পদোন্নতি আৰু অনুশাসনমূলক ব্যৱস্থা সম্পৰ্কত পৰামৰ্শদান কৰা।

5. বিভাগীয় বিষয়াসকলৰ সেৱা বিষয়ৰ প্ৰশিক্ষণৰ আঁচনি আদি প্ৰস্তুত কৰা। ইয়াৰোপৰি, সঞ্চালকালয়ে নিৰবিচ্ছিন্নভাৱে বিভাগীয় আঁচনিবোৰৰ ৰূপায়ণৰ ক্ষেত্ৰত কাৰ্যদক্ষতা বৃদ্ধিৰ চেষ্টা কৰে৷

6. জিলা উপায়ুক্তৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা। 

উত্তৰঃ এখন জিলা, জিলাধিপতি বা উপায়ুক্ত হিচাপে জনাজাত এজন জিলা বিষয়াৰ তত্ত্বাৱধানত ৰখা হয় যিজন হ’ল আমাৰ প্ৰশাসনৰ কেন্দ্ৰবিন্দু। তেওঁ হ’ল জিলা পৰ্যায়ত চৰকাৰৰ মুখ্য প্রতিনিধি।

জিলা উপায়ুক্তৰ ভূমিকা আৰু কাৰ্যাৱলীঃ 

ৰাজহ বিষয়ক কাৰ্যাৱলীঃ

জিলা উপায়ুক্ত হ’ল জিলাখনৰ ৰাজহ প্ৰশাসনৰ প্ৰধান । তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাম খাজনা নিৰ্ধাৰণ আৰু ভূমি ৰাজহ সংগ্ৰহ কৰা। 

এইক্ষেত্ৰত তেওঁ তলত উল্লেখ কৰা কামবোৰ কৰেঃ 

1. ভূমি ৰাজহ সংগ্ৰহ কৰা ৷ 

2. অন্যান্য চৰকাৰী পাওনা সংগ্ৰহ কৰা।

3. ঋণ বিতৰণ আৰু ইয়াক সংগ্ৰহ কৰা।

4.ভূমি তথ্যপাতি সংৰক্ষণ কৰা। 

5. গ্ৰাম্য পৰিসংখ্যা সংগ্ৰহ কৰা। 

6. ভূমি অধিগ্ৰহণকাৰী বিষয়াৰ ক্ষমতা প্ৰয়োগ কৰা, অৰ্থাৎ কলনি স্থাপন, উদ্যোগ, বক্তি অঞ্চলৰ উন্নতি সাধন আদি কামত ভূমি অধিগ্ৰহণ কৰা।

7. ভূমি সংৰক্ষণ বলবৎ কৰা ৷

8. কৃষকৰ কল্যাণ সাধন কৰা।

9. জুই, খৰাং আৰু বানপানী আদিৰ দৰে প্ৰাকৃতিক দুর্যোগত হোৱা শস্যৰ ক্ষয়-ক্ষতি নিৰ্ধাৰণ আৰু সাহাৰ্যৰ ব্যৱস্থা কৰা ৷

10. কোষাগাৰ আৰু উপকোষাগাৰ পৰিদৰ্শন কৰা।

11. ষ্টাম্প আইন বলবৎ কৰা।

12. পুনৰ সংস্থাপন সাহায্য প্ৰদান কৰা। 

13. চৰকাৰী সম্পত্তি পৰিচালনা কৰা।

14. নিম্ন কৰ্তৃপক্ষৰ আদেশৰ বিৰুদ্ধে ৰাজহ আবেদন লোৱা ৷ 

15. জমিদাৰী উচ্ছেদ সাধন ক্ষতিপূৰণ প্ৰদান কৰা ৷

আইন শৃংখলা লক্ষা কৰাঃ

ইয়াৰ যোগেদি তেওঁ জিলাখনত আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবো দায়বদ্ধ। তিনিটা উপাদান ইয়াত জড়িত, অৰ্থাৎ আৰক্ষী, ন্যায়পালিকা আৰু কাৰাগাৰ ৷ জিলা ন্যায়াধিশ হিচাপে তেওঁ তলৰ কামবোৰ কৰে—

1. নিম্ন পৰ্যায়ৰ মেজিষ্ট্রেট নিয়ন্ত্ৰণ আৰু তদাৰক কৰা ৷ 

2. ৰাজহুৱা শাস্তিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ’লে 144 ধাৰা জাৰিৰ আদেশ কৰা।

3. কাৰাগাৰ পৰিদৰ্শন কৰা।

4. কাৰাবন্দীক পেৰেলত মুক্তি দিয়া ৷

5. কয়দীক অধিক সা-সুবিধা প্ৰদান কৰা। 

6. চৰকাৰক এখন বছৰেকীয়া অপৰাধৰ প্ৰতিবেদন দাখিল কৰা। 

7. বিভিন্ন ধৰণৰ অনুজ্ঞাপত্ৰ যেনে— অস্ত্রশস্ত্র, হোটেল, বিস্ফোৰক আদিৰ অনুজ্ঞাপত্র প্রদান, বাতিল বা সাময়িকভাৱে বাতিল কৰা ৷ 

8. জিলা আৰক্ষীৰ কাম-কাজ নিয়ন্ত্ৰণ আৰু নিৰ্দেশনা দিয়া ।

9. প্ৰেছ আইন আৰু প্ৰমোদ কৰ আইন বলবৎ কৰা ৷ 

10. ট্রেড মার্ক এক্টআৰু ফেক্টৰি এক্টৰ অধিনত অপৰাধীৰ নিৰৱচ্ছিন্ন অনুসন্ধান কৰা।

11. গৰাকীবিহীন সম্পত্তিৰ পৰিচালনাৰ আদেশ দিয়া । 

12. বনাঞ্চল উন্নয়নৰ বাবে আঁচনি ঘোষণা কৰা। 

13. স্থানীয় নিকায়বোৰ নিয়ন্ত্ৰণ আৰু তদাৰক কৰা ৷ 

7. খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যাৱলী আলোচনা কৰা৷ 

উত্তৰঃ 1952 চনত সংহত উন্নয়ন আঁচনি আৰম্ভ কৰা হয়৷ প্ৰশাসনৰ উদ্দেশ্যে এটা টেহছিলক ভালেমান খণ্ডত বিভক্ত কৰা হয়। এই খণ্ডবোৰক গাঁওবোৰৰ লগত প্ৰত্যক্ষ যোগসূত্র আছে উন্নয়নমূলক আঁচনিবোৰ ক্ষিপ্ৰতাৰে আৰু ফলপ্রসূভাৱে ৰূপায়ণ কৰিব পাৰে। তেওঁ টেহছিলদাৰৰ তত্ত্বাৱধানত ৰাজ্য চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে। তেওঁ পঞ্চায়তীৰাজ ব্যৱস্থাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ খণ্ড পৰ্যায়ৰ পঞ্চায়ত সমিতিবোৰৰসচিব হিচাপে কাম কৰে৷

কাৰ্যাৱলীঃ

1. খণ্ড সমিতিৰ সভা অনুষ্ঠিত কৰা, ইয়াৰ এজেণ্ডা প্ৰস্তুত কৰা আৰু ইয়াৰ কাৰ্যবিবৰণি সংৰক্ষণ কৰা ৷

2. খণ্ড পর্যায়ত বাজেট প্রস্তুত কৰা ৷

3. উন্নয়নমূলক কামৰ সূচী তৈয়াৰ আৰু ইয়াৰ ৰূপায়ণত সহায় কৰা। 

4. কৃষি, মিন, পোহনীয় জীৱ-জন্তুৰ ৰক্ষণাবেক্ষণ আদি বিভিন্ন নিকায়ৰ কাম-কাজ তদাৰক কৰে।

খণ্ড উন্নয়ন বিষয়াৰ মূল কাম দুটাঃ

1. উন্নয়নমূলক কামৰ পৰিচালনা ।

2. পঞ্চায়ত সমিতিবোৰৰ পৰিচালনা।

খণ্ড পৰ্যায়ত উন্নয়নমূলক কামৰ তেওঁ হ’ল মূল হাতিয়াৰ আৰু তেওঁ জিলা উপায়ুক্ত আৰু জিলা পৰিষদৰ বিষয়াসকলক ইয়াৰ প্ৰগতিৰ খতিয়ান দাখিল কৰিব লাগে। তেওঁ জলসিঞ্চন আৰু পথ নিৰ্মাণ আদি উন্নয়নমূলক আঁচনিৰ বাবে দায়বদ্ধ ৷ অনসূচিত জাতি আৰু জনজাতিসকলৰ বাবে থকা আঁচনবোৰ তেওঁ চোৱা-চিতা কৰিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top