ASOS Class 12 Political Science Chapter 33 লোকসেৱা আয়োগ

ASOS Class 12 Political Science Chapter 33 লোকসেৱা আয়োগ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 33 লোকসেৱা আয়োগ and select needs one.

ASOS Class 12 Political Science Chapter 33 লোকসেৱা আয়োগ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 33 লোকসেৱা আয়োগ Solutions for All Subject, You can practice these here.

লোকসেৱা আয়োগ

Chapter : 33

33.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. শুদ্ধ উত্তৰত (✓) চিন দিয়াঃ 

(ক) চৰকাৰৰ প্ৰশাসনীয় ব্যৱস্থাটো পৰিচালনা কৰা হয়— 

(i) নিৰ্বাচিত প্রতিনিধিৰ দ্বাৰা।

(ii) মন্ত্ৰীৰ দ্বাৰা।

(iii) অসামৰিক বিষয়াৰ দ্বাৰা।

(iv) ভাৰতৰ জনগণৰ দ্বাৰা।

উত্তৰঃ (i) নিৰ্বাচিত প্রতিনিধিৰ দ্বাৰা।

(খ) অসামৰিক বিষয়া ভৰ্তিৰ এটা স্বাধীন সাংবিধানিক নিকায়ক জনা যায়— 

(i) ষ্টাফ চিলেক্‌চন বোর্ড।

(ii) নির্বাচন আয়োগ।

(iii) পৰিকল্পনা আয়োগ।

(iv) লোকসেৱা আয়োগ।

উত্তৰঃ (iv) লোকসেৱা আয়োগ।

(গ) অসামৰিক বিষয়াৰ ভৰ্তিৰ বাবে এটা স্বাধীন নিকায়ৰ প্ৰয়োজন, কাৰণ— 

(i) ই অসামৰিক সেৱাত মেধা পদ্ধতি আৰু নিৰপেক্ষতা ৰক্ষা কৰে।

(ii) ই জনগণৰ অধিকাৰ সুৰক্ষিত কৰে।

(iii) ই মন্ত্ৰীসকলৰ আশা-আকাংক্ষাবোৰ পূৰণ কৰে।

(iv) ইহ’ল অসামৰিক বিষয়া নিযুক্তিৰ কৰ্তৃপক্ষ। 

উত্তৰঃ (i) ই অসামৰিক সেৱাত মেধা পদ্ধতি আৰু নিৰপেক্ষতা ৰক্ষা কৰে।

33.2 পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

শুদ্ধ উত্তৰটোত (✓) চিন দিয়াঃ 

1. লোকসেৱা আয়োগ হ’ল— 

(ক) সাংবিধানিক নিকায়।

(খ) সংসদীয় সংস্থা।

(গ) কাৰ্যপালিকাৰ সিদ্ধান্ত মতে প্রতিষ্ঠিত এটা সংস্থা।

(ঘ) এইবোৰৰ এটাও নহয়৷ 

উত্তৰঃ (ক) সাংবিধানিক নিকায়।

2. লোকসেৱা আয়োগৰ কাম কৰে— 

(ক) এটা বাছনি কৰা সংস্থা।

(খ) এটা নিযুক্তি কর্তৃপক্ষ।

(গ) সকলো ধৰণৰ চৰকাৰী নিযুক্তিৰ এটা পৰামৰ্শকাৰী নিকায়।

(ঘ) এইবোৰৰ এটাও নহয়৷ 

উত্তৰঃ (ক) এটা বাছনি কৰা সংস্থা।

3. কেন্দ্রীয় লোকসেৱা আয়োগৰ চেয়াৰমেন আৰু সদস্যসকলক তেওঁলোকৰ চাকৰিৰ পৰা অপসাৰণ কৰিব পাৰে—

(ক) মন্ত্ৰী পৰিষদে।

(খ) ৰাষ্ট্ৰপতিয়ে।

(গ) প্রধানমন্ত্রীয়ে।

(ঘ) উচ্চতম ন্যায়ালয়ে।

উত্তৰঃ (খ) ৰাষ্ট্ৰপতিয়ে।

33.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

শুদ্ধ উত্তৰটোত (✓) চিন দিয়াঃ

1. UPSC-ৰবাৰ্ষিক প্রতিবেদন ভাৰতৰ ৰাষ্ট্ৰপতিয়ে দাখিল কৰিব লাগে— 

(ক) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ওচৰত।

(খ) সংসদৰ ওচৰত।

(গ) নিয়ন্ত্ৰক আৰু মহলেখা পৰীক্ষকৰ ওচৰত।

(ঘ) মন্ত্ৰী পৰিষদৰ ওচৰত।

উত্তৰঃ (খ) সংসদৰ ওচৰত।

2. ভাৰতীয় সংবিধানৰ 321 নং অনুচ্ছেদ অনুযায়ী কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অতিৰিক্ত কাম-কাজ অৰ্পন কৰবি লাগে—

(ক) ৰাষ্ট্ৰপতিয়ে।

(খ) প্রধানমন্ত্রীয়ে।

(গ) সংসদে।

(ঘ) উচ্চতম ন্যায়ালয়ে।

উত্তৰঃ (গ) সংসদে।

33.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

শুদ্ধ উত্তৰটোত (✓) চিন দিয়াঃ

1. ৰাজ্যিক লোকসেৱা আয়োগৰ এজন সদস্যই সৰ্বাধিক বছৰলৈ চাকৰিত তাকিব পৰা বয়স হল— 

(ক) 60 বছৰ।

(খ) 62 বছৰ।

(গ) 63 বছৰ।

(ঘ) 64 বছৰ।

উত্তৰঃ(খ) 62 বছৰ।

2. SPSC- ৰ এজন সদস্যৰ কাৰ্যকল—

(ক) 4 বছৰ।

(খ) 5 বছৰ।

(গ) 6 বছৰ।

(ঘ) 7 বছৰ।

উত্তৰঃ (গ) 6 বছৰ।

3. যুটীয়া লোকসেৱা আয়োগক নিযুক্তি দিয়ে—

(ক) ৰাষ্ট্ৰপতিয়ে।

(খ) ৰাজ্যপালে।

(গ) প্রধানমন্ত্রীয়ে।

(ঘ) উচ্চতম ন্যয়ালয়ে।

উত্তৰঃ (ক) ৰাষ্ট্ৰপতিয়ে।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰঃ

1. অসামৰিক বিষয়াসকলৰ বাচনিৰ কাৰণে এটা স্বাধীন নিকায়ৰ প্ৰয়োজনীয়তা বৰ্ণনা কৰা৷

উত্তৰঃ অসামৰিক বিষয়াসকলৰ নিয়োগ নিৰপেক্ষ, পক্ষপাতিত্বহীন আৰু কোনো ধৰণৰ কু-সংস্কাৰৰ পৰা মুক্ত হ’ব লাগে। তেতিয়া একমাত্র মেধা পদ্ধতিয়ে আত্মবিশ্বাসক উৎসাহিত কৰিব পাৰিব। নিয়োগৰ ক্ষেত্ৰত নিৰপেক্ষতা আৰু বস্তুনিষ্ঠতা নিশ্চিত কৰিবলৈ ভালেমান ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিয়োগৰ ক্ষেত্ৰত লোকসেৱা আয়োগৰ ৰূপত সংবিধানখন হৈছে এখন স্বাধীন নিকায়। এই নিকায়টোৰ যোগেদিঃ

(ক) অসামৰিক সেৱাৰ উচ্চতম পৰ্যায়ত নিয়োগৰ ক্ষমতাৰ পৰা কাৰ্যপালিকা শাখাটোক বাৰণ কৰা হৈছে।

(খ) এই নিকায়টোক এইদৰে আয়োগৰ ৰূপত এটা অতিৰিক্ত বিভাগীয় অংশ হিচাপে সৃষ্টি কৰা হৈছে, যিয়ে চৰকাৰৰ সাধাৰণ কাম-কাজৰ পৰা বাহিৰত থাকি কাৰ্যনিৰ্বাহ কৰে ৷

(গ) স্বায়ত্বশাসিত কাৰ্যনিৰ্বাহৰ নিশ্চিতকৰণৰ বাবে এই নিকয়াটোক এটা বিশেষ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা হৈছে।

আয়োগখন হৈছে একমাত্ৰ ভৰ্তিকৰণ নিকায়হে, নিযুক্তিকৰণ কৰ্তৃপক্ষ নহয়। নিয়োগৰ কৰ্তৃত্ব চৰকাৰৰ ওপৰত প্ৰদান কৰা হৈছে। আয়োগখন হৈছে এখন পৰামৰ্শদানকাৰী সংস্থাহে। ইয়াৰ সিদ্ধান্তবোৰ বাধ্যতামূলক নহয় ৷ সাধাৰণতে চৰকাৰে ইয়াৰ পৰামৰ্শৱলী গ্ৰহণ কৰে কিন্তু আয়োগৰ পৰামৰ্শ চকৰাৰে সদায় গ্ৰহণ নকৰিবও পাৰে ৷ অৱশ্যে তেনে ক্ষেত্ৰত পৰামৰ্শৱলী গ্ৰহণ নকৰাৰ কাৰণ ব্যাখ্যা কৰিব লাগিব আৰু ইয়াক সংক্ষিপ্ত কৰি ৰাখিব লাগিব।

2. কেন্দ্ৰীয় লোকসেৱা আয়োগৰ গঠন আৰু কাৰ্যাৱলী ব্যাখ্যা কৰা।

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰক অসামৰিক সেৱাৰ বাবে, সংবিধানে কেন্দ্ৰীয় লোকসেৱা আয়োগ গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আয়োগৰ সদস্য সংখ্যা আৰু তেওঁলোকৰ চাকৰিৰ চৰ্তাদি ৰাষ্ট্রপতি, অৰ্থাৎ চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এতিয়ালৈ এইটো ঠিক কৰা হৈছে যে আয়োগৰ এজন চেয়াৰমেন আৰু ছয়ৰ পৰা আঠজন সদস্য থাকিব। বর্তমান চেয়াৰমেন সহিতে আয়োগৰ শক্তি হ’ল নজন ৷ আয়োগৰ চেয়াৰমেন আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। সংবিধান অনুসৰি কমপক্ষেও আধাসংখ্যক সদস্য ভাৰত চৰকাৰ বা কোনো ৰাজ্য চৰকাৰক কমপক্ষেও দহ বছৰ সেৱা আগবঢ়োৱা ব্যক্তি হ’ব লাগিব।

এজন সদস্যই কর্তব্যত ভৰ্তি হোৱা তাৰিখৰ পৰা ছয় বছৰলৈ কার্যনির্বাহ কৰে, নাইবা তেওঁৰ পয়ষষ্ঠি বছৰ বয়সলৈ কাৰ্যনিৰ্বাহ কৰিব পাৰে। অধ্যক্ষজনে চৰকাৰৰ অধীনত ভবিষ্যতে নিযুক্তি পাব নোৱাৰে, কিন্তু আন সদস্যসকলে কেন্দ্ৰীয় লোকসেৱা আয়োগ বা ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষপদ গ্ৰহণ কৰিব পাৰে৷ সদস্যসকলৰ প্ৰতিকূলে যোৱা চাকৰিৰ চৰ্তাদি তেওঁলোকে ভর্তি হোৱাৰ পিছত পৰিৱৰ্তন কৰিব নোৱাৰিব ৷ তেওঁলোকৰ দৰমহা, ভাট্টা, আদি যিহেতুকে ভাৰতৰ সঞ্চিত তহবিলৰ পৰা দিয়া হয়, লোকসভাৰ ইয়াত অনুমোদনৰ দৰকাৰ নহয়।

এইটোও উল্লেখ কৰা আছে যে ৰাষ্ট্ৰপতিয়ে আয়োগৰ চেয়াৰমেন আৰু সদস্যসকলক অসৎ আচৰণৰ ভিত্তিত চাকৰিৰ পৰা অপসাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ পৰামৰ্শৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা কৰা এক তদন্তৰ পিছতহে এনে কৰা হয়। ন্যায়ালয়ৰ তদন্ত শেষ নোহোৱা পৰ্যন্তৰাষ্ট্ৰপতিয়ে সংশ্লিষ্ট সদস্যক নিলম্বিত কৰিব পাৰে । চেয়াৰমেনসহ হএজন সদস্যই তেওঁ কৰ্তব্যত থকা অৱস্থাত অন্য আর্থিকভাৱে লাভজনক কাম-কাজত জড়িত হ’লে অসৎ আচৰণত দোষী সাব্যস্ত হ’ব পাৰে৷ এইটোও উল্লেখ আছে যে ৰাষ্ট্ৰপতিয়ে আয়োগৰ চেয়াৰমেন বা কোনো সদস্য যদি দেউলিয়া হিচাপে ঘোষিত হয়, শাৰীৰিক বা মানসিক কাৰণত যদি সদস্য পদত অধিষ্ঠিত থকাৰ অনুপযুক্ত হিচাপে বিবেচনা কৰে, বা আয়োগৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত আন কোনো ঠাইত বেতনযুক্ত কৰ্মচাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিলে তেওঁলোকক অপসাৰণ কৰিব পাৰে।

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ কাৰ্যাৱলীঃ

(ক) চৰকাৰক প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে অসামৰিক সেৱাৰ বিষয়াসকলৰ বাছনি পদ্ধতি আৰু নিয়োগ সম্পৰ্কীয় নীতি-নিয়মৰ বিষয়ত পৰামৰ্শদান কৰা । (খ) প্ৰাৰ্থীৰ নিয়োগ, পদোন্নতি আৰু বদলিৰ গ্ৰহণযোগ্য সম্পর্কও পৰামৰ্শ দিয়া।

(গ) সৰ্বভাৰতীয় সেৱাসমূহত নিয়োগৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা। 

(ঘ) চৰকাৰী বিষয়াসকলৰ অনুশাসনমূলক ব্যৱস্থা সম্পৰ্ক ও পৰামৰ্শদান কৰা।

(ঙ) কোনো চৰকাৰী বিষয়াৰ ওপৰত উত্থাপিত হোৱা আইনগত ব্যৱস্থা সম্পৰ্কত পৰামৰ্শ দিয়া আৰু কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্তব্যৰত অৱস্থাত কৰা ক্ষতি সম্পৰ্কত দাবী উত্থাপিত হ’লে তাৰ ওপৰত পৰামৰ্শদান কৰা৷

(চ) ৰাষ্ট্ৰপতিয়ে বিচৰা আন যিকোনো বিষয়ৰ ওপৰত পৰামৰ্শদান কৰা।

সসংদে চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত থকা আয়োগৰ কাৰ্যাৱলী বৃদ্ধি কৰিবপৰা ব্যৱস্থাৰু পৰিও স্থানীয় কর্তৃপক্ষ নিকায়সমূহ তথা আন আন চৰকাৰী অনুষ্ঠানসমূহৰ ক্ষেত্ৰতো তেনে ব্যৱস্থা আছে।

কিছুমান পদ আঁতৰাই আনি আয়োগৰ ক্ষেত্ৰাধিকাৰ সীমাবদ্ধ কৰিব পাৰে। উদাহৰণস্বৰূপে, নিম্নলিখিত নিযুক্তিৰ বাছনি সম্পৰ্কত আয়োগৰ লগত আলোচনা কৰা নহয় ৷

(ক) ট্রিবিউনেল বা আয়োগৰ সদস্যপদ বা চেয়াৰমেন পদ সম্পৰ্কত ৷ 

(খ) উচ্চ কুতনৈতিক প্ৰকৃতিৰ পদ সম্পৰ্কত ৷

(গ) কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ 90 শতাংশ অংশ থকা তৃতীয় আৰু চতুর্থ বৰ্গৰ কৰ্মচাৰী সম্পর্কত।

আয়োগৰ অৱজ্ঞা, বা কোনো বিষয়াৰ আদেশৰ ফলত যদি কোনো চৰকাৰী ক্ষতি হয়, তেতিয়াহ’লে তেনে বিষয়াৰ বিৰুদ্ধে গৰিহণা, বাধ্যতামূলক অৱসৰ, অপসাৰণ বা চাকৰিৰ পৰা বৰ্খাস্তকৰণ, নিম্নবৰ্গৰ পদ বা নিৰিখৰ সেৱালৈ, ভাট্টাসহ অৱনমিতকৰণ বা পদোন্নতি আদি বিষয়ত আয়োগৰ লগত আলোচনা কৰা হয়। ইয়াৰোপৰি, কোনো আবেদন নাইবা স্মাৰকপত্ৰ আদি বিবেচনা কৰি কোনো নিম্নকৰ্তৃপক্ষই ওপৰত উল্লেখিত শাস্তিৰ বিধানৰ বিৰুদ্ধে আবেদনৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে দিবলগীয়া আদেশৰ সম্পৰ্কটো আয়োগৰ সৈতে আলোচনা কৰা হয়।

আয়োগে চৰকাৰক বাচনি পদ্ধতি আৰু নিযুক্তিৰ সময়ত পাল কৰিবলগীয়া নীতি-নির্দেশনা, পদোন্নতি আৰু এটা সেৱাৰ পৰা আন এটা সেৱালৈ বদলিকৰণ আৰু তেনে নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ যোগ্যতা, পদোন্নতি আৰু বদলিকৰণ সম্পর্কতো প্ৰস্তাৱ আগবঢ়ায়।

ৰাষ্ট্ৰপতিৰ ওচৰত আয়োগে কৰা কাম-কাজৰ বাৰ্ষিক প্রতিবেদন দাখিল কৰাটো আয়োগৰ কৰ্তব্য। আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত চক্ৰৰাকে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিৱৰণসহ প্রতিবেদন সংসদৰ উচৰত উপস্থাপন কৰা হয়। এইদৰেই চৰকাৰে যদিহে আয়োগৰ পৰামৰ্শৱলীৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ’লে জৱাবদিহী হয়।

3. কেন্দ্ৰীয় লোকসেৱা আয়োগ আৰু ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষ আৰু আন সদস্যসকলক কেনেকৈ নিযুক্তি দিয়া হয় আৰু তেওঁলোকৰ অৰ্হতাসমূহ কি কি?

উত্তৰঃ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰক অসামৰিক সেৱাৰ বাবে, সংবিধানে কেন্দ্ৰীয় লোকসেৱা আয়োগ গঠনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আয়োগৰ সদস্য সংখ্যা আৰু তেওঁলোকৰ চাকৰিৰ চৰ্তাদি ৰাষ্ট্ৰপতি, অৰ্থাৎ চৰকাৰৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। এতিয়ালৈ এইটো ঠিক কৰা হৈছে যে আয়োগৰ এজন চেয়াৰমেন আৰু ছয়ৰ পৰা আঠজন সদস্য থাকিব। বর্তমান চেয়াৰমেন সহিতে আয়োগৰ শক্তি হ’ল নজন। আয়োগৰ চেয়াৰমেন আৰু সদস্যসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে৷ সংবিধান অনুসৰি কমপক্ষেও আধাসংখ্যক সদস্য ভাৰত চৰকাৰ বা কোনো ৰাজ্য চৰকাৰক কমপক্ষেও দহ বছৰ সেৱা আগবঢ়োৱা ব্যক্তি হ’ব লাগিব।

এজন সদস্যই কর্তব্যত ভৰ্তি হোৱা তাৰিখৰ পৰা ছয় বছৰলৈ কার্যনির্বাহ কৰে, নাইবা তেওঁৰ পয়ষষ্ঠি বছৰ বয়সলৈ কাৰ্যনিৰ্বাহ কৰিব পাৰে। অধ্যক্ষজনে চৰকাৰৰ অধীনত ভবিষ্যতে নিযুক্তি পাব নোৱাৰে, কিন্তু আন সদস্যসকলে কেন্দ্ৰীয় লোকসেৱা আয়োগ বা ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষপদ গ্ৰহণ কৰিব পাৰে৷ সদস্যসকলৰ প্ৰতিকূলে যোৱা চাকৰিৰ চৰ্তাদি তেওঁলোকে ভৰ্তি হোৱাৰ পিছত পৰিৱৰ্তন কৰিব নোৱাৰিব। তেওঁলোকৰ দৰমহা, ভাট্টা, আদি যিহেতুকে ভাৰতৰ সঞ্চিত তহবিলৰ পৰা দিয়া হয়, লোকসভাৰ ইয়াত অনুমোদনৰ দৰকাৰ নহয়।

ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে একোখন লোকসেৱা আয়োগ আছে। সংবিধান অনুযায়ী আয়োগৰ সদস্যসংখ্যা ৰাজ্যবালে নিৰ্ধাৰণ কৰিব। আয়োগৰ সদস্যসংখ্যাৰ কমেও আধাসংখ্যক সদস্য কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ নিম্নতম 10 বছৰৰ অভিজ্ঞতা থকা ব্যক্তি হ’ব লাগে। সদস্যসকলকৰ ৰাজ্যপালে 6 বছৰৰ বাবে বা তেওঁলোকৰ 62 বছৰলৈ এটা কাৰ্যকালৰ বাবে ৰাজ্যপালে নিয়োগ কৰে। যদিও ৰাজ্যপাল নিযুক্তি কর্তৃপক্ষ, তথাপি ৰাষ্ট্ৰপতিয়েহে সদস্যসকলক অপসাৰণ কৰিব পাৰে। সদস্যৰ চাকৰিৰ চৰ্তাদি ৰাজ্যপালে নিৰ্ধাৰণ কৰে যদিও সংবিধান অনুযায়ী এইবোৰ তেওঁলোকৰ অসুবিধা হোৱাকৈ সংশোধন কৰিব নোৱাৰি। আয়োগৰ স্বাধীনতা সুনিশ্চিত কৰিবলৈ সৰলতা ত্যাগ কৰা হৈছে। 

কোনো ৰাজ্যৰ ৰাজ্যিক লোকসেৱা আয়োগৰ এজন সদস্যক অৱসৰৰ পিছত UPSC ৰ সদস্য নাইবা তাৰ অধ্যক্ষ হিচাপে, নাইবা আন যিকোনো ৰাজ্যৰ লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিব পাৰি।

UPSC ৰ দৰে ৰাজ্যিক লোকসেৱা আয়োগেও ৰাজ্যপালৰ ওচৰত ইয়াৰ বার্ষিক প্রতিবেদন দাখিল কৰিব লাগে। ৰাজ্যপালে, আয়োগে আগবঢ়োৱা আৰু চৰকাৰে গ্ৰহণ নকৰা অংশসমূহ ৰাজ্যিক বিধানমণ্ডলত উত্থাপন কৰিব লাগে। এনে ক্ষেত্ৰত চৰকাৰে পৰামৰ্শৱলী গ্ৰহণ নকৰা বা নাকচ কৰাৰ কাৰণ দৰ্শাব লাগে।

কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত কেন্দ্ৰীয় লোকসেৱা আয়োগে কৰাৰ দৰে, ৰাজ্যিক লোকসেৱা আয়োগে সংশ্লিষ্ট ৰাজ্যৰ ৰাজ্যিক সেৱাৰ ক্ষেত্ৰত একেধৰণৰ কাম কৰে।

4. ভাৰতৰ সংবিধানখনে কেনেকৈ লোকসেৱা আয়োগৰ নিৰপেক্ষতা নিশ্চিত কৰিছে?

উত্তৰঃ UPSC আৰু SPSC দুয়োটা আয়োগকে যিকোনো বাহিৰা প্ৰভাৱৰ পৰা মুক্ত কৰিবলৈ তলত দিয়া সাংবিধানিক ব্যৱস্থাসমূহ কৰা হৈছে—

1. UPSC-ৰ ক্ষেত্ৰত সদস্যসকলক 6 বছৰীয়া এটা নিৰ্দিষ্ট কাৰ্যকালৰ বাবে 65 বছৰ বয়সলৈকে নিযুক্তি দিয়া হয় আৰু SPSC ৰ ক্ষেত্ৰত 62 বছৰ বয়স হোৱালৈ নিযুক্তি দিয়া হয়।

2. চাকৰিৰ চৰ্ত আদি সদস্যসকলৰ অসুবিধা হোৱাকৈ তেওঁলোকৰ কাৰ্যকলত সলনি কৰিব নোৱাৰি৷

3. উচ্চতম ন্যায়ালয়ৰ লগত পৰামৰ্শ কৰি বিশেষ বিশেষ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে এজন সদস্যক অপসাৰণ কৰিব পাৰে।

4. আয়োগৰ খৰচ ভাৰতৰ সঞ্চিত তহপিলৰ পৰা কৰা হয়।

5. আয়োগৰ পৰিসীমাৰ বাহিৰৰ যিকোনো বিষয়ত চৰকাৰে নীতি-নির্দেশনা প্ৰস্তুত কৰিবলৈ হ’লে সংসদত ইয়াক উত্থাপন কৰিব লাগিব; নাইবা ৰাজ্যিক বিধানমণ্ডলত উত্থাপন কৰিব লাগিব। (যদিহে তেনে কৰাটো প্ৰয়োজন হয়)

6. যিকোনো অতিৰিক্ত সদস্য নিয়োগৰ ক্ষেত্ৰত কঠোৰবাৱে বাধা-নিষেধ আৰোপ কৰা হৈছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top