ASOS Class 12 Political Science Chapter 32 ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

ASOS Class 12 Political Science Chapter 32 ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 32 ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ and select needs one.

ASOS Class 12 Political Science Chapter 32 ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 32 ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ Solutions for All Subject, You can practice these here.

ৰাষ্ট্ৰসংঘ আৰু অৰ্থনৈতিক আৰু সামাজিক বিকাশ

Chapter : 32

32.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

তলত দিয়াবোৰৰ উত্তৰ কৰাঃ

1. ৰাষ্ট্ৰসংঘই প্ৰথম উন্নয়ন দশক আৰম্ভ কৰিছিল____। 

উত্তৰঃ 1960।

2. প্রথম UNCTAD অনুষ্ঠিত হৈছিল____।

উত্তৰঃ 1964।

3. ৰাষ্ট্ৰসংঘৰ সম্পদৰ সৰহভাগ অর্থনৈতিক আৰু সামাজিক উন্নয়নমূলক কামকাজত ব্যৱহাৰ কৰা হৈছে। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ শুদ্ধ।

4. G-77 গোটটো হ’ল ধনী উন্নত ৰাষ্ট্ৰসমূহৰ গোট। (শুদ্ধ/ অশুদ্ধ ) 

উত্তৰঃ অশুদ্ধ।

32.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰ কৰাঃ

1. সামাজিক আৰু অৰ্থনৈতিক কামকাজত আগভাগ লোৱা ৰাষ্ট্ৰসংঘৰ প্রধান অংগবোৰ হ’ল_____আৰু____।

উত্তৰঃ সাধাৰণ সভা আৰু অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।

2. FAO -ৰ প্ৰধান কাৰ্য্যালয়____ত।

উত্তৰঃ ৰোম।

3. ৰাষ্ট্ৰসংঘই পদ্ধতিৰ আঞ্চলিক অর্থনৈতিক আয়োগ বোৰ হ’ল____ৰ অংশ।

উত্তৰঃ অর্থনৈতিক আৰু সামাজিক পৰিষদ।

4. পুনৰনিৰ্মাণ আৰু বিকাশৰ আন্তর্জাতিক বেংকৰ সংক্ষিপ্ত নাম হ’ল____।

উত্তৰঃ বিশ্ববেংক।

5. তলত দিয়াবোৰ শুদ্ধ অশুদ্ধ বাচি উলিওৱাঃ

(ক) ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক বিবৰণেই হ’ল উন্নয়নমূলক আঁচনিসমূহৰ অৰ্থযোগানকাৰী মূল সংস্থা। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

(খ) IMF -ৰ সম্পূৰ্ণ অৰ্থ হ’ল ভাৰতী অৰ্থৰ ভঁৰাল। (শুদ্ধ/ অশুদ্ধ) 

উত্তৰঃ অশুদ্ধ।

(গ) বিশ্ববেংকে উন্নয়নশীল দেশসমূহক পৰিশোধৰ উদ্ধৃত্বৰ ঘাটি পূৰাবলৈ সহায় কৰে। (শুদ্ধ/ অশুদ্ধ)

উত্তৰঃ অশুদ্ধ।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. অৰ্থনৈতিক আৰু সামাজিক উন্নয়নমূলক কাম কাজৰ বাবে ৰাষ্ট্ৰসংঘৰ গঠন বর্ণনা কৰা।

উত্তৰঃ আকাৰ আৰু অৰ্থনৈতিক শক্তিৰ ওপৰত বিত্তি কৰি ৰাষ্ট্ৰসমূহক সাধাৰণতে উন্নত বা উন্নয়নশীল ৰাষ্ট্ৰ হিচাপে শ্রেণীবিভাজন কৰা হয় । উন্নত দেশসমূহ ইউৰোপৰ উত্তৰাংশত আৰু উত্তৰ আমেৰিকাত অৱস্থিত। এই দেশসমূহৰ (যেনে— আমেৰিকা যুক্তৰাষ্ট্র, কানাডা, গ্রেট ব্রিটেইন, ফ্রান্স, জার্মানী ইত্যাদি) জনমূৰি আয়ৰ হাৰ উচ্চ তথা ঔদ্যোগিক বিকাশ, শিক্ষা আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত আগবঢ়া ৷ তেওঁলোকে বিশ্ব অর্থনীতি শাসন কৰে। উন্নয়নশীল দেশসমূহত বিশ্ব জনসংখ্যাৰ তিনি-চতুৰ্থাশৰ দুই বা তৃতীয়াংশই কৰে। উল্লেখযোগ্য যে আফ্ৰিকা, এচিয়া আৰু দক্ষিণ আমেৰিকা এই উন্নয়নশীল দেশসমূহ বিস্তৃতভাৱে থকা দৰিদ্ৰতা, অশিক্ষা, খাদ্যসংগট আৰু বেমাৰ-আজাৰৰ সমস্যাৰে আক্ৰান্ত।

বিশ্ব জনসংখ্যাৰ তিনি-চতুর্থাংশই উন্নয়নশীল ৰাষ্ট্ৰৰ 130 খন দেশত বাস কৰে, কিন্তু ব্যক্তিগত আয় ইয়াত সাংঘাটিক ধৰণে নিম্নস্তৰৰ ৷ এইবোৰে শতিকাজুৰি ঔপনিবেশিক সাসনৰ তলত আছিল। ঔপনিবেশিক শাসকসকলে এই দেশসমূহৰ জনসাধাৰণৰ বাবে কোনো ধৰণৰ অৰ্থনৈতিক আৰু ঔদ্যোগিক উন্নয়নত মনোযোগ দিয়া নাছিল। তেওঁলোকে উন্নয়নশীল দেশসমূহৰ প্ৰাকৃতিক সম্পদবোৰ তেওঁলোকৰ অৰ্থনৈতিক লাভালাভৰ বাবে শোষণ কৰিছিল৷

1960 চনৰ পৰা আৰম্ভ কৰি এই উপনিবোৰৰ বেছিভাগেই স্বাধীন ৰাষ্ট্ৰৰূপে আত্মপ্রকাশ কৰে আৰু ৰাষ্ট্ৰসংঘৰ সদস্যপদ লাভ কৰে। ৰাষ্ট্ৰসংঘত তেওঁলোকৰ ক্রমবদ্ধমান সংখ্যাগৰিষ্ঠতাৰ বাবে তেওঁলোকে কিছুমান সংস্তা গঠন কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰসংঘই প্ৰথমটো বিকাশ দশক আৰম্ভণি কৰে। 1960 চনত আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান যেনে— ৰাষ্ট্ৰসংঘৰ উন্নয়নৰ আঁচনি আৰম্ভ কৰে। ৰাষ্ট্ৰসংঘৰ ঔদ্যোগিক উন্নয়ন সংস্থা আন্তঃৰাষ্ট্ৰীয় উন্নয়ন সংস্থা 1960 চনত প্ৰতিষ্ঠা কৰা হয়।

2. অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে ৰাষ্ট্ৰসংসঘৰ প্ৰধান ব্যৱস্থাসমূহ কি কি?

উত্তৰঃ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ লাভৰ বাবে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যক উদগণি যোগাবলৈ 1964 চনত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ শীর্ষক সন্মিলন (UNCTAD) গঠন কৰা হয়। ইউন্নয়নশীল ৰাষ্ট্ৰসমূহক বিভিন্ন ধৰণে সহায় কৰি আহিছে।

আঞ্চলিক আৰু উপআঞ্চলিক পর্যায়ত উন্নয়নশীল ৰাষ্ট্ৰসমূহক তেওঁলোকৰ মাজতে বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতা বৃদ্ধিৰ বাবে লোৱা প্ৰচেষ্টা UNCTAD এ গুৰুত্বপূৰ্ণ সহায় সমর্থন আগবঢ়াই আহিছে। ইকাৰিকৰী সাহায্যও আগবঢ়াইছে।

UNCTAD ত উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ এটা গোট গঠন কৰা হৈছিল। এই গোটত বৰ্তমান 132 খন দেশ আছে। উন্নত দেশসমূহৰ লগত অর্থনৈতিক আৰু বাণিজ্যিক সমস্যাসমূহৰ ক্ষেত্ৰত কৰা আলাপ-আলোচনাত ইউন্নয়নশীল ৰাষ্ট্ৰসমূহৰ একতা আৰু সংহতিৰ প্ৰতিনিধিত্ব কৰে। উদাহৰণস্বৰূপে, উন্নত দেশসমূহৰ বজাৰবোৰলৈ উন্নয়নশীল দেশবোৰে ৰপ্তানী কৰা প্ৰাথমিক সামগ্ৰীসমূহ যেনে— কটন, কফি আদিৰ যুক্তিসংগত দৰৰ বাবে ই দাবী উত্থাপন কৰিছে।

আকৌ উন্নয়নশীল দেশসমূহে উন্নত দেশসমূহৰলগত প্ৰতিশ্ৰুতিৰদ্ধ হোৱা বিষয়বোৰত মনোজ্ঞ সহায় আৰু মাচুল নিৰিখৰ ৰেহাই, কম আয়ৰ দেশবোৰৰ চৰকাৰী উন্নয়নমূলক সাহায্য আৰু ঋণ সাহায্য তথা গৱেষণা আৰু বিকাশমূলক কাম-কাজত আর্থিক সহায়ৰ ক্ষেত্ৰত UNCTAD য়ে প্রচেষ্টা চলাই আহিছে।

UNCTAD আৰু ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই আৰু এখোপ আগবাঢ়ি যায় আৰু অসংগত আন্তর্জাতিক অর্থনৈতিক শৃংখলাৰ ওপৰত প্রশ্ন উত্থাপন কৰে। উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক স্বার্থ সুৰক্ষিত কৰিবলৈ, ৰাষ্ট্ৰসংঘই 1947 চনত এটা নতুন আন্তঃজাতিক অর্থনৈতিক শৃংখলাৰ (NIEO) প্রতিষ্ঠা কৰে য’ত ধনী-দুখীয়া সকলো দেশৰ মাজত সমতা আৰু ন্যায় প্রতিষ্ঠা কৰিব বিচৰা হৈছে।

3. উন্নয়নৰ বাবে বিশ্ববেংকক ৰাষ্ট্ৰসংঘৰ প্ৰধান আর্থিক সংস্থা হিচাবে ইয়াৰ কাৰ্য্যাৱলী বৰ্ণনা কৰা৷

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আর্থিক সংস্থাসমূহৰ ভিতৰত হ’ল পুনৰনিৰ্মাণ আৰু বিকাশৰ আন্তর্জাতিক বেংক (IBRD), বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি (IMF) আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ হেমস্পায়াৰত 1945 চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা ব্রিটান উড কনফাৰেন্সৰ পৰা এই সংস্থাবোৰ কাৰ্যকৰী হোৱা বাবে এইবোৰক ব্রিটান উড্ সংস্থা বুলিও কোৱা হয়। IMF এ চৰকাৰসমূহলৈ পৰিশোদৰ উদ্ধৃত্বৰ ঘাটি পূৰাবলৈ হ্রস্বম্যাদী পুঁজিৰ যোগান ধৰে। 

বিশ্ববেংক গোটটোৱেইহ’ল আন্তঃগাঠনিৰ উন্নয়নৰ বাবে কৰা উন্নয়নমূলক আঁচনিবোৰৰ আটাইতকৈ ডাঙৰ পুঁজিৰ উৎস। এতিয়ালৈকে প্রায় 300 মিলিয়ন ডলাৰ পৰিমাণ অনুদান উন্নয়নমূলক আঁচনিৰ বাবে দিয়া হৈছে।

বিশ্ববেংকৰ ঋণ দুটা ভাগত ভাগ কৰিব পাৰি। বিনিয়োজিত ঋণবোৰ দীৰ্ঘম্যাদী আৰু এইবোৰ দৰিদ্ৰতা দূৰীকৰণৰ আৰু প্ৰৱৰ্তনযোগ্য বিকাশৰ বাবে প্ৰয়োজন হোৱা কায়িক আৰু সামাজিক আন্তঃগাঁঠনি সৃষ্টিৰ উদ্দেশ্যে দিয়া হয়। বিশ্ব বেংকৰ ঋণে উন্নয়নশীল দেশসমূহক প্ৰাথমিক শিক্ষাৰ বিদ্যালয় স্থাপনত সহায় কৰি আহিছে। অন্যান্য আঁচনিয়ে দৰিদ্ৰতা হ্রাসকৰণ, গ্ৰাম্য উন্নয়ন, পানী আৰু স্বাস্থ্য প্ৰণালী, প্রাকৃতিক সম্পদৰ পৰিচালনা আৰু স্বাস্থ্যক সামৰি লয়। বিনিয়োজিত ঋণত বিশ্ব বেংকৰ সকলোবোৰ লেনদেন 75 ৰ পৰা 80 শতাংশ খৰচ কৰা হয়। শৃংখলাবদ্ধ ঋণ বিশ্ব বেংকৰ ঋণৰ আন এটা গুৰুত্বপূৰ্ণ উপাদান হৈ পৰিছে আৰু এইহস্যম্যাদী ঋণ যিবোৰ বজাৰৰ গাঁথনি আৰু ৰাজনৈতিক অনুষ্ঠানবোৰৰ সংস্কাৰ সাধনৰ বাবে উদগণিমূলক কামত দিয়া হয়। বিগত 20 বছৰত শৃংখলাবদ্ধ বিশ্ব বেংকৰ ঋণৰ মুঠ পৰিমাণৰ 20 ৰ পৰা 25 শতাংশলৈ দিয়া হৈছে।

4. ৰাষ্ট্ৰসংঘৰ উন্নয়নমূলক আঁচনিৰ (UNDP) কাম কাজ ব্যাখ্যা কৰা। 

উত্তৰঃ ১। UNDP ৰ আঁচনিবোৰৰ এটা প্রধান বিষয় হ’ল লিংগবৈষম্য আঁতৰ কৰি সমতা প্রতিষ্ঠা কৰা৷ ভাৰতৰ দৰে নিৰাপত্তা আঁচনিেেয় কৃষিক্ষেত্র এখন সহজ কৰি তুলিছে আৰু প্ৰৱৰ্তন যোগ্য মানৱীয় বিকাশৰ বাবে মহিলা সৱলকীৰণৰ ব্যৱস্থা কৰিছে।

২। পেলেষ্টাইনৰ অঞ্চলবোৰৰ বাবে জৰুৰীকালীন সাহায্য হিচাপে UNDP এ 1.5 মিলিয়ন ডলাৰ নিৰ্ধাৰণ কৰিছে।

৩। ৰাজহুৱা খণ্ডৰ সংস্কাৰ, সংসদীয় পদ্ধতিৰ উন্নতি সাধন, সংঘৰ্ষ প্ৰতিৰোধ আৰু শান্তি স্থাপনৰ অৰ্থে অল্প উন্নত দেশবোৰৰ বাবে 2001 চনৰ মে মাহত UNDP এ এটা নতুন UNDP গণতান্ত্রিক শাসন ন্যায় পুঁজি প্ৰতিষ্ঠাৰ ঘোষণা কৰিছে।

৪। UNDP এ ভাৰত চৰকাৰৰ সহযোগত 2004 চনৰ জুলাই মাহত, গুজৰাট কুটছ জিলাত পৰিৱৰ্তনযোগ্য শক্তিৰ ফলোৎপাদক ব্যৱস্থাৰ বাবে এটা চাৰিবছৰীয়া আঁচনি আৰম্ভ কৰিছে।

৫। UNDP এ ভাৰতত সমৃীৰায় স্বাস্থ্যসেৱাৰ আৰ্থিক সাহায্য শীৰ্ষক আঁচনিত সমর্থন আগবঢ়াইছে, যিহেতুকে স্বাধীনতাৰ 50 বছৰৰ পিছতো ইয়াৰ গ্ৰাম্য আৰু চহৰৰ বক্তি অঞ্চলৰ জনসাধাৰণৰ বেছিভাগেই স্বাস্থ্যসেৱা পদ্ধতিৰ পৰা বঞ্চিত হৈ আহিছে।

৬। উন্নয়নশীল বিশ্বৰ দেশসমূহৰ সামুহিক শিক্ষা কেন্দ্ৰবোৰত কাৰিকৰী প্রশিক্ষণ দিবৰ বাবে 2004 চনৰ 23 জানুৱাৰীত UNDP এ এটা নতুন আঁচনি আৰম্ভ কৰিছে।

5. শিশু কল্যাণৰ ক্ষেত্ৰত UNICEF ৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ 1946 চনত প্রতিষ্ঠিত UNICEF এ অনগ্ৰসৰ শিশুসকলৰ উন্নয়নত একানপতীয়াকৈ মনোনিবেশ কৰি আহিছে।

UNICEF এ স্বাস্থ্য, শিক্ষা, মেলেৰিয়া নিৰ্মূলকৰণ, পুষ্টিকৰণ, গ্ৰাম্য বিকাশ, পৰিয়াল আৰু শিশু কল্যাণ আৰু শিশু কল্যাণ বৃদ্ধি কৰিবলৈ আঁচনি গ্ৰহণ কৰিছে। ইয়াৰ সামাজিক আৰু মানৱতাবাদী প্ৰচেষ্টাৰ স্বীকৃতি হিচাপে 1963 চনত নোবেল শান্তি পুৰস্কাৰ পায়। ভাৰতত শিশুৰ বাবে উৎকৃষ্টতম পৰিবেশৰ বাবে UNICEF এ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে আৰু ভূ-জলৰ উৎসবোৰত অতিৰিক্ত ফ্ল’ৰাইড সমস্যাটো চিনাক্তকৰণ কৰিছে। ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ আদিবোৰ হ’ল আটাইতকৈ অধিক পৰিমাণৰ ক্ষতিগ্রস্ত ৰাজ্য।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top