ASOS Class 12 Political Science Chapter 26 ভাৰতৰ বৈদেশিক নীতি

ASOS Class 12 Political Science Chapter 26 ভাৰতৰ বৈদেশিক নীতি, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter ASOS Class 12 Political Science Chapter 26 ভাৰতৰ বৈদেশিক নীতি and select needs one.

ASOS Class 12 Political Science Chapter 26 ভাৰতৰ বৈদেশিক নীতি

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 26 ভাৰতৰ বৈদেশিক নীতি Solutions for All Subject, You can practice these here.

ভাৰতৰ বৈদেশিক নীতি

Chapter : 26

26.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. খালী ঠাই পূৰণ কৰাঃ 

(ক) _____ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান নির্মাতা আছিল। 

উত্তৰঃ নেহৰু ভাৰতৰ বৈদেশিক নীতিৰ প্ৰধান নির্মাতা আছিল।

(খ) 1955 চনৰ এফ্রো-এছিয়ান সন্মিলন _____ত অনুষ্ঠিত হৈছিল। 

উত্তৰঃ 1955 চনৰ এফ্রো-এছিয়ান সন্মিলন ৱাণ্ডুংত অনুষ্ঠিত হৈছিল। 

(গ) গোষ্ঠী নিৰপেক্ষ আন্দেলনৰ প্ৰথম সন্মিলন______ চনত______অনুষ্ঠিত হৈছিল।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষ আন্দেলনৰ প্ৰথম সন্মিলন 1961 চনত বেলগ্রেডত অনুষ্ঠিত হৈছিল।

(ঘ) পঞ্চশীল চুক্তি_____আৰু____ৰ মাজত স্বাক্ষৰিত হৈছিল।

উত্তৰঃ পঞ্চশীল চুক্তি ভাৰত আৰু চীনৰ মাজত স্বাক্ষৰিত হৈছিল। 

(ঙ) ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন_____ত অনুষ্ঠিত কৰিছিল। 

উত্তৰঃ ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ শীৰ্ষ সন্মিলন নতুন দিল্লীত অনুষ্ঠিত কৰিছিল।

2. শুদ্ধ উত্তৰটো লিখা।

(ক) গোষ্ঠী নিৰপেক্ষ আৰু নিৰপেক্ষতাক একে বুলি ধৰিব পাৰি। (সত্য/ অসত্য)

উত্তৰঃ অসত্য।

(খ) দক্ষিণ আফ্ৰিকাৰ চৰকাৰে মানি চলা বর্ণবাদী নীতিৰ ভাৰতে বিৰোধিতা কৰিছিল। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

(গ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাতা টিটো আৰু নাছের লগতেনেহৰুৱে প্ৰধান ভূমিকা গ্ৰহণ কৰিছিল। (সত্য/ অসত্য) 

উত্তৰঃ সত্য।

26.2 পাঠ্য অন্তৰ্গত প্রশাৱলীৰ উত্তৰ

1. শুদ্ধ উত্তৰটো লিখা—

(ক) শীতল যুদ্ধোত্তৰ সময়ছোৱাত আন্তর্জাতিক সম্পৰ্ক দ্বি-মেৰু আৰ্হি ভিত্তিত প্রতিষ্ঠিত। (সত্য/ অসত্য)

উত্তৰঃ অসত্য।

(খ) 1990ৰ দশকৰ কাশ্মীৰ সমস্যাটো ভাৰতৰ বৈদেশিক নীতিৰ বৃহত্ত সমস্যা আছিল। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

(গ) শীতল যুদ্ধৰ অৱসানৰ পিছত ভাৰতৰ বৈদেশীক নীতিয়ে আৰ দেশসমূহক অৱহেলা কৰি ইজৰাইলক আঁকোৱালি ল’ব বিচাৰিছে। (সত্য/ অসত্য) 

উত্তৰঃ অসত্য।

(ঘ) সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে আন ৰাষ্ট্ৰৰ লগতজোঁট বন্ধন কৰিব৷ বিচাৰিছে। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

26.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. ভাৰতে সদায় সমৰ্থন কৰি আহিছে— 

(ক) এখন পাৰমাণৱিক অস্ত্ৰ মুক্ত পৃথিৱী।

(খ) সকলো দেশতে পাৰমাণৱিক অস্ত্ৰ থকা পৃথিৱী।

(গ) বিশেষ কিছুমান দেশত পাৰমাণৱিক অস্ত্ৰ থকা পৃথিৱী। 

উত্তৰঃ (ক) এখন পাৰমাণৱিক অস্ত্ৰ মুক্ত পৃথিৱী।

2. তলৰ সংক্ষিপ্ত ৰূপবোৰ পূৰ্ণকৈ লিখা—

(ক) CTBT,

(খ) NPT

উত্তৰঃ (ক) Comprehensive Test Ban Treaty, সর্বাত্মকপাৰমাণৱিক পৰীক্ষা নিষিদ্ধকৰণ চুক্তি।

(খ) Nuclear Prevention Treaty, পাৰমাণৱিক প্ৰতিৰোধ চুক্তি।

26.4 পাঠ্য অন্তর্গত প্রশাৱলীৰ উত্তৰ

1. ভাৰতৰ সামৰিক বাহিনীৰ সৈতে প্ৰথম শান্তিকামী ৰাষ্ট্ৰপঠিওৱা হৈছিল 

(ক) কোৰিয়ালৈ

(খ) চিনাইলৈ

(গ) কঙ্গোলৈ

উত্তৰঃ (খ) চিনাইলৈ।

2. কোনটো উক্তি অসত্য?

(ক) ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষাত অৱদান যোগোৱা ভাৰত হৈছে দ্বিতীয় বৃহত্তম বাহিনী।

(খ) শান্তিৰক্ষা শীতল যুদ্ধৰ সময়তে আৱদ্ধ আছিল।

(গ) পৃথকীকৰণৰ পৰা কঙ্গোক ৰক্ষা কৰাত ভাৰতৰ ভূমিকা গুৰুত্বপূৰ্ণ আছিল।

উত্তৰঃ (গ) পৃথকীকৰণৰ পৰা কঙ্গোক ৰক্ষা কৰাত ভাৰতৰ ভূমিকা গুৰুত্বপূর্ণ আছিল৷

3. শান্তি ৰক্ষাত ভাৰতৰ অৱদানে অন্তর্ভুক্ত কৰিছিল 

(ক) কেৱল সামৰিক বাহিনী।

(খ) কেৱল অসামৰিক কৰ্মী।

(গ) সামৰিক আৰু অসামৰিক দুয়োধৰণৰ কৰ্মী।

উত্তৰঃ (গ) সামৰিক আৰু অসামৰিক দুয়োধৰণৰ কৰ্মী।

26.5 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ 

1. তলৰ কোনখন দেশ নিৰাপত্ত পৰিষদৰ সদস্য নহয়? 

(ক) ৰাছিয়া 

(খ) গ্রেট ব্রিটেইন 

(গ) ভাৰত 

(ঘ) চীন 

উত্তৰঃ (গ) ভাৰত।

2. কোনটো উক্তি অসত্য? 

(ক) শীতল যুদ্ধৰ অৱসন ঘটিছে।

(খ) ছোভিয়েট সংঘৰ পতন ঘটিছে।

(গ) গোলকীকৰণ এক বাস্তৱতা।

(ঘ) ৰাষ্ট্ৰসংঘ ভঙ্গ হৈছে। 

উত্তৰঃ (ঘ) ৰাষ্ট্ৰসংঘ ভঙ্গ হৈছে।

পাঠা সমাপ্তিৰ অনুশীলনীৰ উত্তৰ

1. ভাৰতৰ বৈদেশিক নীতিৰ মূল বৈশিষ্ট্যবোৰ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় স্বাৰ্থৰ সুৰক্ষা, বিশ্ব শান্তি ৰক্ষাত সফলত, নিৰস্ত্ৰীকৰণ, এছিয় আৰু আফ্ৰিকাৰ ৰাষ্ট্ৰসূহৰৰ স্বাধীনতা আদি হৈছে ভাৰতৰ বৈদেশীক নীতিৰ মূল উদ্দেশ্য। পঞ্চশীল, গোষ্ঠী নিৰপেক্ষতা, উপনিবেশিকতাবাদৰ বিৰোধিতা, সাম্ৰাজ্যবাদৰ বিৰোধিত, বৰ্ণবাদৰ বিৰোধিতা আৰু ৰাষ্ট্ৰসংঘক শক্তিশালীকৰণ আদি নীতিৰ জৰিয়তে এই উদ্দেশ্যসূহত উপনীত হ’বলৈ বিচৰ হৈছে।

2. গোষ্ঠী নিৰপেক্ষ নীতিৰ প্রাসঙ্গিকতা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ গোষ্ঠী নিৰপেক্ষতা ভাৰতৰ বৈদেশক নীতিৰ এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হিচাপে গণ্য কৰ হয় । দ্বিতীয় মহাসমৰৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নে গঠন কৰা সামৰিক গোষ্ঠীত যোগদান নকৰাকৈ বৈদেশিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাধীনত অক্ষুণ্ণ ৰখাই হৈছে গোষ্ঠী নিৰপেক্ষতাৰ প্ৰধান লক্ষ্য । গৌষ্ঠী নিৰপেক্ষতাই কেৱল নিৰপেক্ষত, কাৰো লগত জড়িত নোহোৱাকৈ বা একাকীকত্বক নুবুজায় ৷ ই হৈছ নিষ্ঠভাৱে আৰু ন্যায়সঙ্গতভাৱে স্বাধীন মত পোষণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে। গোষ্ঠী নিৰপেক্ষ নীতিয়ে বহুতো উন্নয়নশীল দেশৰ সমৰ্থন লাভ কৰিছিল, কিয়নো ই সেই দেশবোৰক নিজৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাৰ লগতে শীতল যুদ্ধৰ সেই উত্তেজনাপূর্ণ সময়ছোৱাত স্বাধীনভাৱে কাৰ্য কৰাৰ সুবিধা প্ৰদান কৰিছিল।

গোষ্ঠী নিৰপেক্ষ আন্দোলন যিহেতু শীতল যুদ্ধৰ সময়ৰ আৰু দ্বি মেৰু পৃথিৱীৰ সৃষ্টি আছিল সেইবাবে শীতল যুদ্ধৰ অৱসান আৰু ছোভিয়েট সংঘৰ পতনৰ পিছত ইয়াৰ প্রাসঙ্গিকতা নাইকিয়া হৈছে বুলি বহুতে ক’ব বিচাৰে। কিন্তু বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততো গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগীয়া আছে। প্রথমে, ছোভিয়েট সংঘৰ পতনৰ পিছতে সমগ্ৰ বিশ্বখন একমেৰু পৃথিৱীৰ পৰা ভাবুকিৰ সন্মুখীন হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ বিৰুদ্ধে গোষ্ঠী নিৰপেক্ষ আন্দোলনে প্ৰতিৰোধক হিচাপেকাম কৰিব পাৰে। দ্বিতীয়তে, উন্নত (উত্তৰ) আৰু উন্নয়নশীল (দক্ষিণ) পৃথিৱীৰ বিভিন্ন অর্থনৈতিক বিষয়ত বিভক্ত হৈ পৰিছিল। তৃতীয়তে বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলন, উন্নত ৰাষ্ট্ৰসমূহক গঠনমূলক আলোচনা নিযুক্ত কৰিবলৈ, এখন প্রয়োজনীয় মঞ্চ হৈয়ে আছে। তদুপৰি, গোষ্ঠী নিৰপেক্ষ আন্দোলন দক্ষিণদক্ষিণ সহযোগিতাৰ বাবে নিজকে গুৰুত্বপূৰ্ণ আহিলা হিচাপে প্ৰতিপন্ন কৰিব পাৰে। তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহে উন্নত ৰাষ্ট্ৰসমূহৰ লগত দৰ দাম কৰা ক্ষেত্ৰত নিজকে অধিক সমর্থ কৰিব বিচাৰিলে দক্ষিণ-দক্ষিণ সহযোগিতা উন্নত কৰাটো অপৰিহাৰ্য।শীতল যুদ্ধৰ অৱসানৰ পিছতো ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনত সক্রিয় ভূমিকা গ্ৰহণ কৰি আছে। উন্নয়নশীল ৰাষ্ট্ৰসমূহে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ মঞ্চত সংগঠিত হৈ ৰাষ্ট্ৰসংঘৰ সংস্কাৰ সাধন কৰি একাদশ শতিকাৰ প্রয়োজন পূৰণ কৰি পৰিৱৰ্তন আনিব পাৰে।

3. নিৰাপত্তা পৰিষদত স্থায়ী আসনৰ বাবে ভাৰতৰ দাবী কিমান যুক্তিসংগত? 

উত্তৰঃ পৃথিৱীৰ শান্তি ৰক্ষা নিৰাপত্তা পৰিষদৰ কাৰ্যকৰিতাৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু পৰিষদৰ পুৰণি আৰু অপৰিৱৰ্তনীয় সদস্য ব্যৱস্থাৰ বাবে এই ক্ষেত্ৰত ই কিছু অসুবিধাৰ সন্মুখীন হৈ আছে। বর্তমান নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আমেৰিকা, ৰাছিয়া, গ্রেট ব্রিটেইন, ফ্রান্স আৰু চীনতে সীমাবদ্ধ হৈ আছে৷ অৱশ্যে নিৰাপত্তা পৰিষদৰ এনে গঠনৰ লগত বৰ্তমান গোলকীয় ক্ষমতা বিন্যাসৰ কোনো সম্পর্ক নাই, কিয়নো এই ৰাষ্ট্ৰবোৰ স্থায়ী সদস্য হোৱাৰ পিছত এই ক্ষেত্ৰত বহুতো পৰিৱৰ্তন হৈছে। ভাৰত আন্তঃৰাষ্ট্ৰীয় সকলো ক্ষেত্ৰত নেতৃত্ব আগবঢ়াইছে। ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাত ইয়াৰ অৱদান, তৃতীয় বিশ্বৰ বিকাশৰ বাবে ই কৰা বিভিন্ন কাৰ্য আদিৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰ আসনৰ বাবে ভাৰত শক্তিশালী দাবীদাৰ। আমি বহুতো বন্ধুত্বপূৰ্ণ দেশৰ সমৰ্থন লাভ কৰিছো৷ ইয়াৰ জটিলতাৰ বাবে চূড়ান্ত সিদ্ধান্ত গ্ৰহণত কিছু সময় ল’ব।

4. শীতৰ যুদ্ধৰ অৱসান আৰু ছোভিয়েট সংঘৰ পতনৰ পিছত ভাৰতে কেনে ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল?

উত্তৰঃ 1989 চনত শীতল যুদ্ধৰ অৱসানে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গুৰুত্বপূর্ণ | পৰিৱৰ্তন সাধন কৰিছিল। সেইবাবে ভাৰতকে ধৰি উন্নয়নশীল পৃথিৱীৰ ৰাষ্ট্ৰবোৰৰ বাবে নতুন নীতি নিৰ্ধাৰণৰ সমস্যা আহি পৰিছিল। নতুন পৰিস্থিতি অধিক অনিশ্চয়তাপূৰ্ণ আৰু জটিল আছিল ৷

ছোভিয়েট সংঘৰ পতনে ভাৰতৰ বাবে অস্ত্ৰৰ যোগান ব্যৱস্থা, অতিৰিক্ত অংশ যোগান, কাশ্মীৰৰ ক্ষেত্ৰত আৰু আন ৰাজনৈতিক কৌশলগত বিষয়ত ৰাষ্ট্ৰসংঘৰ ভিতৰত আৰু বাহ্যিক ক্ষেত্ৰতো কূটনৈতিক সমৰ্থন আৰু দক্ষিণ এছিয়াত ৰাষ্ট্ৰসংঘৰ প্ৰতিপক্ষ হিচাপে ভূমিকা আদি বিভিন্ন দিশত অনিশ্চয়তাৰ সৃষ্টি কৰিছিল। বিগত পোন্ধৰটা বছৰত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন সাধন কৰে। শীতল যুদ্ধৰ অৱসান ঘটিছে, পৃথিৱী একমেৰু সম্পন্ন হৈছে, শীতল যুদ্ধৰ সময়ৰসামৰিক গোটসমূহে গুৰুত্ব হেৰুৱাইছে, এনে কিছুমান গোট ভঙ্গ হৈছে আৰু নতুন নতুন আঞ্চলিক অর্থনৈতিক গোট কিছুমান গঢ়ি উঠিছে। গোলকীকৰণে সন্ত্ৰাসবাদ, ক’ৰা ধন বিশুদ্ধকৰণ, অস্ত্ৰৰ বৃদ্ধিকৰণ, গোলকীয় উত্তপ বৃদ্ধি আদি কিছুমান নতুন সমস্যাৰ সৃষ্টি কৰিছে। এই সমস্যাসমূহ এটা অঞ্চলতে সীমাৱদ্ধ হৈ নাথাকে, এইবোৰে সকলো দেশতে কম-বেছি পৰিমাণে প্ৰভাৱ পেলায়।

সার্বজনীন প্ৰকৃতিৰ সমস্যাসমূহ সমাধা কৰিবলৈ, পূৰ্বৰ শত্ৰুভাৱাপন্ন বহু দেশে সহযোগিতাৰ সম্পৰ্ক স্থাপন কৰিবলৈ বাধ্য হৈছে। আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ এনে ধৰণৰ পৰিৱৰ্তিত পৰিস্থিতিত নতুনকৈ উদ্ভৱ হোৱা প্ৰত্যাহ্বানসমূহৰ উপযুক্তভাৱে সন্মুখীন হ’বলৈ ৰাষ্ট্ৰসংঘই ইয়াৰ পুনৰ গঠন আৰু সংস্কাৰ সাধন কৰা প্ৰয়োজন।

কাশ্মীৰৰ সামৰিক সংঘাত আমাৰ বৈদেশিক নীতিৰ প্ৰধান প্ৰত্যাহ্বান হৈ পৰিছে। পাকিস্তান আৰু পাশ্চাত্যৰ দেশসমূহে মানৱ অধিকাৰ ভঙ্গ কৰা বুলি আৰু আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিবলৈ অস্বীকাৰ কৰা বাবে ভাৰতক দোষাৰোপ কৰে। অৱশ্যে ভাৰতে লাহে লাহে এনে পৰিস্থিতি নিয়ন্ত্ৰণৰ অধীনলৈ আনিছে।

শীতল যুদ্ধৰ অৱসানৰ পিছত পুৰণি বন্ধুত্ব ৰক্ষা কৰা আৰু নতুন বন্ধুত্বপূর্ণ সম্পর্ক গঢ়ি তোলাটো আমাৰ বৈদেশিক নীতিৰ আন এটা প্ৰত্যাহ্বান হৈ পৰিছে। উদাহৰণস্বৰূপে, ভাৰতে আৰৱ দেশৰমূহৰ লগত সম্পৰ্ক হানি নকৰাকৈ ইজৰাইলৰ লগত উন্নত সম্পর্ক গঢ়ি তুলিব বিচাৰে। একেদৰে, ভাৰতৰ বৈদেশিক নীতিয়ে আমেৰিকাৰ লগত অৰ্থনৈতিক আৰু প্ৰতিৰক্ষামূলক সম্পর্ক গভীৰ কৰা কাম হাতত লৈছে, কিন্তু সময়তে ইৰাক আৰু যুগোশ্লোভিয়াৰ বিৰুদ্ধে ইয়াৰ একপক্ষীয় আক্ৰমণৰ বিৰোধিতা কৰিছে। শেষত, ভাৰতে বৈদেশিক নীতিৰ অৰ্থনৈতিক দিশটোৰ ক্ৰমবৰ্দ্ধমান গুৰুত্ব বুজি পাইছে৷ সেইবাবে চুবুৰীয়া দক্ষিণ এছিয়া, চীন আৰু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ লগত সম্পৰ্কৰ নতুন ভিত্তি স্থাপন কৰিবপৈ প্রচেষ্টা চলাই আছে।

5. চমু টোকা লিখা।

(ক) পঞ্চশীল চুক্তি। 

উত্তৰঃ নেহৰুৱে বিশ্ব শান্তিত বিশ্বাস কৰিছিল। তেওঁ বিকাশৰ বাবে শান্তি আৰু মানৱ জাতিক অস্তিত্বৰ বাবে শান্তি এই দুয়োটাৰে মাজৰ সম্পৰ্ক বুজি পাইছিল৷ দুয়োখন বিশ্বযুদ্ধৰ ধ্বংসাত্মক পৰিণতি তেওঁ দেখিছিল আৰু সেইকাৰণে ৰাষ্ট্ৰ এখনৰ বিকাশৰ বাবে দীৰ্ঘম্যাদী শান্তিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। ইয়াৰ অভাৱত বিকাশৰ লগত জড়িত আৰ্থ-সামাজিক প্রাধান্যসমূহ পিছ হুঁকি যোৱাৰ সম্ভাৱনা আছে ৷ আণৱিক অস্ত্ৰৰ উৎপাদনে শান্তিপূৰ্ণ দৰ্শনৰ প্ৰতি নেহৰুৱে আস্থা বঢ়াই তুলিছিল। সেইবাবে তেওঁ তেওঁৰ নীতি-নিৰ্ধাৰণৰ পৰিকল্পনাত বিশ্ব শান্তিক যথেষ্ট প্রাধান্য দিছিল। ভাৰতে আন সকলো দেশৰ লগত বিশেষকৈ ক্ষমতাশালী আৰু চুবুৰীয়া ৰাষ্ট্ৰ কেইখনৰ লগত শান্তিপূৰ্ণ আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল। 1954 চনৰ 28 এপ্রিল তাৰিখে চীনৰ লগত চুক্তি স্বাক্ষৰ কৰোতে ভাৰতে দ্বিপাক্ষিক সম্পর্ক স্থাপনত পঞ্চশীল নামৰ পাঁচটা নীতি মানি চলাৰ ওপৰত গুৰুত্ব দিছিল। এই পাঁচটা নীতি হৈছে—

১। ভৌগোলিক সীমা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্রদ্ধা।

২। পাৰস্পৰিক আক্ৰমণৰ পৰা বিৰত থকা।

৩। পৰস্পৰৰৰ আভ্যন্তৰীণ বিষয়ত অহস্তক্ষেপ।

৪। সমতা আৰু পাৰস্পৰিক উপকাৰিতা।

৫। শান্তিপূর্ণ সহ অৱস্থান।

পঞ্চশীল চুক্তিয়ে চুবুৰীয়া ৰাষ্ট্ৰৰ লগত শান্তিপূর্ণ সহ-অৱস্থানৰ নীতিসমূহ অতি সুন্দৰভাৱে বৰ্ণনা কৰিছে। ভাৰতৰ বৈদেশিক নীতিৰ ই এটা গুৰুত্বপূৰ্ণ উপাদান।

(খ) ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ প্ৰচেষ্টাত ভাৰতৰ অৱদান।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণৰ প্ৰচেষ্টাত ভাৰতে প্ৰভূত বৰঙণি আগবঢ়াইছে। নিৰস্ত্ৰীকৰণ হৈছে বিপদজনক অস্ত্ৰত (যেনে— পাৰমাণৱিক) সীমিতকৰণ, সংকোচন আৰু যথা সম্ভৱ বিলোপ কৰণ।

স্বাধীনতাৰ সময়ৰ পৰাই ভাৰতে ইয়াৰ বৈষম্যহীনতা নীতিৰ ভিত্তিত গোলকীয় নিৰস্ত্ৰীকৰণ উদ্দেশ্যটো কাৰ্যকৰী কৰিবলৈ একেৰাহে চেষ্টা চলাই আহিছে। পাৰমাণৱিক অস্ত্ৰৰ ধ্বংসাত্মক সামৰ্থৰ বাবে ভাৰতে সদায় বিশ্বাস কৰি আহিছে যে পাৰমাণৱিক অস্ত্ৰ যুক্ত পৃথিৱী এখনে গোলকীয় নিৰাপত্তা বৃদ্ধি কৰিব। এইদৰে ভাৰতেসদায় সাধাৰণ আৰু সম্পূৰ্ণ নিৰস্ত্ৰীকৰণৰ বাবে পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ প্রাধান্য দি আহিছে।

নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত নিজৰ ধাৰণা, সিদ্ধান্ত, প্ৰাৰম্ভিক উদ্যোগ আৰু কাৰ্য পৰিকল্পনাৰ জৰিয়তে অনৈক্য দূৰীকৰণত ভাৰতে ৰাষ্ট্ৰসংঘত অৱদান আগবঢ়াই আহিছে। 1948 চনত ভাৰতে পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ কেৱল শান্তিপূৰ্ণ উদ্দেশ্যৰ কাৰণে সীমাবদ্ধকৰণ আৰু আণৱিক অস্ত্ৰ ৰাষ্ট্ৰীয় অস্ত্রাগাৰৰ পৰা বিলোপকৰণৰ বাবে প্ৰস্তাৱ উত্থাপন কৰিছিল। 1950 চনত ভাৰতে শান্তিপূর্ণ উপায়েৰে অস্ত্ৰ সঙ্কোচন কৰি তাৰ পৰা ৰাহি হোৱা ধনেৰে বিকাশৰ বাৰে ৰাষ্ট্ৰসংঘৰ শান্তি পুঁজি গঠন কৰাৰ পৰামৰ্শ দিছিল। 1954 চনত ভাৰতে পাৰমাণৱিক পৰীক্ষা সম্পূর্ণ নিষিদ্ধকৰণ চুক্তিৰ বাবে আগভাগ লৈছিল। 1963 চনত আংশিক পৰীক্ষা নিষিদ্ধ কৰা চুক্তিৰ প্ৰথমেই ভাৰত অংশীদাৰ হৈছিল। 1964 চনত অস্ত্ৰৰ সম্প্ৰসাৰণহীনতা বা ৰাষ্ট্ৰসংঘৰ কাৰ্যসূচীৰ এটা বিষয় হিচাপে লোৱা কাৰ্যত ভাৰতে আগভাগ লৈছিল। অৱশ্যে ফলপ্ৰসূ অস্ত্ৰ থকা ৰা ট্রুসংহত আৰোপ নকৰিলে এই উদ্দেশ্য হ’ব নোৱাৰে৷

1984 চনত ভাৰতে আর্জেন্টিনা, গ্ৰীচ, মেক্সিকো, চুইডেন আৰু তানজানিয়াৰ লগত ‘ছয় দেশ পাঁচ মহাদেশৰ শান্তি সূচনা’ৰ প্ৰৱৰ্তন কৰিছিল। চাৰি বছৰ পিছত ছোভিয়েট সংঘৰ ৰাষ্ট্ৰপতি গর্বাচেভৰ ভ্ৰমণৰ সময়ত তেওঁ আৰু সেই সময়ৰ ভাৰতৰ ৰাজীৱ গান্ধীয়ে যুটীয়া বিবৃতি যোগে পাৰমাণৱিক অস্ত্ৰ অৱসানৰ বাবে শক্তিশালী বুদ্ধি আগবঢ়াইছিল। 1988 চনত ৰাজীৱ গান্ধীয়ে পাৰমাণৱিক অস্ত্ৰ যুক্ত আৰু হিংসা যুক্ত পৃথিৱী এখন প্ৰতিষ্ঠাৰ বাবে কাৰ্য আঁচনি গ্ৰহণৰ প্ৰস্তাৱ কৰিছিল। এই কাৰ্য আঁচনিময় 2010 চনৰ ভিতৰত পৰ্যায়ক্রমে পাৰমাণৱিক অস্ত্ৰৰ অৱসান ঘটাবলৈ ৰাষ্ট্ৰসমূহক বাধ্য কৰাৰ ওপৰত গুৰুত্ব দিছিল। ৰাসায়নিক অস্ত্ৰৰ কনেডচনৰ প্ৰাৰম্ভিক স্বাক্ষৰকাৰী আছিল আৰুই 1993 চনৰ 14 জানুৱাৰীত স্বাক্ষৰ কৰিছিল। তদুপৰি এই চুক্তিখন অনুমোদন কৰা প্ৰথম 65 খন দেশৰ ভিতৰত আছিল। পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত প্ৰগতি লাভ কৰিবলৈ 1993 চনত ভাৰতে আমেৰিকাৰ সৈতে সর্বাত্মক পৰীক্ষা নিষিদ্ধকৰণৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰিছিল । CTBT ৰ চূড়ান্ত ৰূপটো ঐক্যমতৰ অবিহনেই গ্ৰহণ কৰাত ভাৰত হতাশ হৈছিল। কিয়নো ইভাৰতৰ প্ৰতিৰক্ষাৰ লগত জড়িত কাৰণসমূহৰ ব্যৱস্থা কৰিবলৈ সমৰ্থ হোৱা নাছিল। সেইবাবে ই এনে সুবিধাবাদী ব্যৱস্থাৰ বিৰুদ্ধে সাহসেৰে থিয় দিছিল, কিয়নো কিছুমান পৰীক্ষা শাস্তিৰ সন্মুখীন হৈছিল।

যদিও বহুতো উন্নত পাৰমাণৱিক পৰীক্ষা বাধা দিয়া হোৱা নাছিল। 1998 চনৰ ভাৰতৰ পাৰমাণৱিক পৰীক্ষা আমি CTBT ৰ অন্যায় গাঁথনিৰ লগত জড়িত কৰিব পাৰো। যদিও আৰম্ভণিতে বহুতো ভাৰতৰ পৰীক্ষা কাৰ্যক নিৰস্ত্ৰীকৰণৰ বিকাশৰ ক্ষেত্ৰত নেতিবাচক বুলি ভুল বুজিছিল, তথাপি ভাৰতে পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে বিৰামহীনভাৱে কাম কৰি আছে।

(গ) ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাত ভাৰতৰ অংশ গ্ৰহণ।

উত্তৰঃ ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাৰ অভিযানসমূহত ভাৰতে বহু আগৰ পৰাই যোগদান কৰি আহিছে। বহুতো ৰাজনৈতিক পর্যবেক্ষকে ভাৰতৰ অৱদান উৎকৃষ্ট বুলি অভিহিত কৰিছে। ভাৰতৰ অৱদানক আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ সদস্যসকলেও স্বীকৃতি দিছে।

শান্তি ৰক্ষা হৈছে ৰাষ্ট্ৰসংঘৰ মাজৰ বা অভ্যন্তৰৰ শত্ৰুতাক সেই দেশৰবোৰত সন্মতি সাপেক্ষে ৰাষ্ট্ৰসংঘৰ কৰ্তৃত্বৰ পঠিওৱা বহু ভাৰীতয় সৈন্য, আৰক্ষী আৰু অসামৰিক লোকৰ অনা আক্রমণাত্মক কাৰ্যৰ দ্বাৰা বাধা দিয়া, নিয়ন্ত্রণ ঘটোৱা আৰু অৱসান ঘটো কাৰ্য একোটা সংঘাতৰ পৰিস্থিতিৰ আৱশ্যকতা অনুসৰি শান্তি ৰকাৰী ৰাষ্ট্ৰসমূহৰ প্ৰকৃতি আৰু পৰিসৰ সলনি হয়।

ভাৰতে ৰাষ্ট্ৰসংঘৰ চাৰিখন মহাদেশত 35 টা শান্তিৰক্ষীকাৰী অভিযানত অংশ গ্ৰহণ কৰিছে। আফ্ৰিকা আৰু এছিয়াত শান্তি আৰু স্থিৰতা ৰক্ষাত ই গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। বর্তমান ভাৰতে ৰাষ্ট্ৰসংঘত আটাইতকৈ ডাঙৰ সৈন্যবাহিনী যোগদানকাৰী হিচাপে পৰিগণিত হৈছে।

ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষাত ভাৰতৰ ভূমিকাৰ যুগটো 1965 চনত ইজিপ্তৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধৰ অৱসানৰ পিছত ৰাষ্ট্ৰসংঘই গাজা ষ্ট্ৰিপ আৰু চিনাই অঞ্চলত ৰাষ্ট্ৰসংঘৰ জৰুৰীকালীন বাহিনীৰ স্থাপন কৰা সময়তে আৰম্ভ হৈছিল। আফ্ৰিকাৰ কঙ্গোই এই বাহিনীৰ উপস্থিতি যথেষ্ট উপকৃত হৈছিল। 1960 ৰ দশকত ঐক্য আৰু সংহতি ৰক্ষাত ভাৰতেও অৰিহণা যোগাইছিল।

সীতল যুদ্ধৰ অৱসানৰ পিছতো ৰাষ্ট্ৰসংঘৰ শান্তি ৰক্ষা অভিযানত ভাৰতে সমানে অৱদান যোগাই আহিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্রধানৰ অনুৰোধত ভাৰতে এঙ্গোলা, কম্বোদিয়া, এল চালভাদোৰ আৰু চিয়েৰূ লিয়ন আদিলৈ সামৰিক বাহিনী পঠিয়াইছিল ৷ এইবোৰত বহু দেশে আভ্যন্তৰীণ যুদ্ধৰ বেমেজালিৰ বলি হৈছিল। কোনো চৰকাৰী যন্ত্ৰৰ পতন ঘটনা নাছিল বা দোষাৰোপ কৰা হোৱা নাছিল। ভাৰতে সৈন্য বাহিনীৰ উপৰিও পুলিচ, ডাক্তৰ, অভিযন্তা আৰু প্ৰশাসকো পঠিয়াইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top