ASOS Class 12 Political Science Chapter 24 সু – শাসন

ASOS Class 12 Political Science Chapter 24 সু – শাসন, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 24 সু – শাসন and select needs one.

ASOS Class 12 Political Science Chapter 24 সু – শাসন

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 24 সু – শাসন Solutions for All Subject, You can practice these here.

সু – শাসন

Chapter : 24

24.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. শাসন জড়িত হৈ থাকে_____সংগঠনৰ লগত যাতে মানুহৰ জীৱনৰ_____উন্নতি কৰিব পৰা যায়। (কৌশলৰ/ ৰাজৰ সংগ্ৰহৰ আঁচনিৰঃ মানদণ্ড/ পৰিবাৰিক সম্পৰ্ক)

উত্তৰঃ শাসন জড়িত হৈ থাকে কৌশলৰ সংগঠনৰ লগত যাতে মানুহৰ জীৱনৰ মানদণ্ড উন্নতি কৰিব পৰা যায়৷

2. কৌটিল্যৰ সু-শাসনৰ ভিত্তি হ’ল_____প্রশাসন। (যত্নবান মানুহৰ/ কৰ্তৃত্বশালী আৰু স্বেচ্ছাচাৰী)  

উত্তৰঃ কৌটিল্যৰ সু-শাসনৰ ভিত্তি হ’ল যত্নবান মানুহৰ প্ৰশাসন।

3. সু-শাসনৰ ধাৰণাটো প্ৰশাসনিক আলোচনাত জনপ্ৰিয় হৈ উঠিছে_____৷ (বিশ্ব বেংকৰ প্ৰতিবেদন 1989 আৰু 1992/ মেকিয়ভেলিত ‘দ্যা প্রিন্স’) 

উত্তৰঃ সু-শাসনৰ ধাৰণাটো প্ৰশাসনিক আলোচনাত জনপ্ৰিয় হৈ উঠিছে বিশ্ব বেংকৰ প্ৰতিবেদন 1989 আৰু 1992।

4. এক শাসন ভাল হ’ব পাৰে যদিহে সি নিৰ্ভৰ কৰে_____। (মানুহৰ সন্মতিৰ ওপৰত/ প্রশাসনিক বিষয়াসকলৰ অভিভাৱক সদৃশ আচৰণৰ ওপৰত) 

উত্তৰঃ এক শাসন ভাল হ’ব পাৰে যদিহে সি নিৰ্ভৰ কৰে মানুহৰ সন্মতিৰ ওপৰত।

24.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ  উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. দুর্নীতি হ’ল ব্যক্তিগত লাভালাভৰ বাবে কৰ্তৃত্বৰ______ প্রয়োগ। (আইনগত বৈধ/ বৈ-আইনী অবৈধ)

উত্তৰঃ দুৰ্নীতি হ’ল ব্যক্তিগত লাভালাভৰ বাবে কৰ্তৃত্বৰ বৈ-আইনী অবৈধ প্রয়োগ।

2. দুৰ্নীতি ৰাজহুৱা জীৱনৰ_____লগত জড়িত। (গোপনীয়তা/ সাধুতা) 

উত্তৰঃ দুৰ্নীতি ৰাজহুৱা জীৱনৰ সাধুতাৰ লগত জড়িত। 

3. দুৰ্নীতি হ্ৰাস কৰিব পাৰি ______ (সৰলীকৰণৰ/ নীতি – নিৰ্দেশনাৰ পুনৰ দ্বাৰা)

উত্তৰঃ দুৰ্নীতি হ্ৰাস কৰিব পাৰি – সৰলীকৰণৰ দ্বাৰা।

4. জনসংখ্যা সুস্থিৰ কৰা হৈছে_____। (উত্তৰ প্ৰদেশ/ কেৰেলাত)

উত্তৰঃ জনসংখ্যা সুস্থিৰ কৰা হৈছে – কেৰেলাত।

5. _____হিংসা হ’ল এক বৃহৎ ভাবুকি। (আইনৰ শাসনৰ/ আৰক্ষীৰ)

উত্তৰঃ আইনৰ শাসনৰ হিংসা হ’ল এক বৃহৎ ভাবুকি।

24.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. সুশাসন পাব পাৰি_____মাজেৰে৷ (মানুহৰ অন্তৰ্ভুক্তিৰ/ কেৱল বিষয়াৰ)

উত্তৰঃ সু-শাসন পাব পাৰি মানুহৰ অন্তৰ্ভুক্তিৰ মাজেৰে৷

2. কম্পিউটাৰ প্ৰয়োগে সেৱাসমূহৰ আহৰণ_____কৰে। (খৰছী/ সহজলভ্য)

উত্তৰঃ কম্পিউটাৰ প্ৰয়োগে সেৱাসমূহৰ আহৰণ সহজলভ্য কৰে।

3. ভাৰতৰ মধ্যপ্ৰদেশত মানুহক এক সেৱাৰ যোগান ধৰা হৈছে______মাজেদি। (জ্ঞানদূত কাৰ্যসূচীৰ/ জ্ঞান দৰ্শনৰ)

উত্তৰঃ ভাৰতৰ মধ্যপ্ৰদেশত মানুহক এক সেৱাৰ যোগান ধৰা হৈছে জ্ঞানদূত কাৰ্যসূচীৰ মাজেদি।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. সু – শাসনৰ অৰ্থ আৰু ধাৰণাৰ ব্যাখ্যা কৰা।

উত্তৰঃ সু-শাসনৰ ধাৰণাটো বুজি উঠিবলৈ আমি প্রথমে ‘শাসন’ শব্দৰ অৰ্থ উন উপলব্ধি কৰাটো প্ৰয়োজনীয়। শাসন কি? ইয়াক ক্ষমতাৰ প্ৰয়োগ আৰু কৰ্তৃত্বৰ স লগত ব্যাখ্যা কৰা হয়, যিসকল চৰকাৰত থাকে আৰু ব্যক্তিৰ উমৈহতীয়া কল্যাণ আৰু সৰ্বসাধাৰণৰ প্ৰয়োজনীয়তা তথা আশা-আকাংক্ষা পূৰণৰ বাবে কিছুমান সামগ্ৰী তথা সেৱাৰ যোগান ধৰে।শাসন, সেয়েহে, ক্ষমতা, যুদ্ধ-কৌশল, আঁচনি, নীতি, প্রকল্প ইত্যাদিৰ লগত জড়িত, যাৰ উদ্দেশ্য হ’ল জীৱনৰ গুণগত মানৰ উন্নতি কৰা। মানুহে আশা কৰে যে তেওঁলোকৰ চৰকাৰে এনে এক দিশত তাৰ কাৰ্য সম্পাদন কৰে য’ত সৰ্বনিমান খৰছৰ বাবদ সর্বোচ্চ সুফল লাভ কৰিব পৰা স যায়। শাসন তেতিয়াহে উৎকৃষ্ট/উত্তম হয়, যেতিয়া চৰকাৰৰ সিদ্ধান্ত তথা কাৰ্যাৱলী মানুহৰ সন্মতি, বৈধতা আৰু দায়বদ্ধতাৰ ভিত্তিত গঢ়ি উঠে। এইদৰেই ক’ব পাৰি যে, সু-শাসন, উচ্চ গুণমানবিশিষ্ট শাসনৰ লগত সাঙোৰ খাই আছে। সমাজৰ সকলো অংশই আজি তেওঁলোকৰ সাসনৰ ভিত্তিত তেওঁলোকৰ চৰকাৰ বিচাৰ কৰে। পূৰ্বতে, জোৰ-জবৰদস্তি বল প্রয়োগ কৰা ৰাষ্ট্ৰক সু-শাসনৰ সৰ্বোকৃষ্ট কাৰ্যাকৰী আহিলা হিচাপে চিহ্নিত কৰা হৈছিল।

আধুনিক সময়ত, সু-শাৰনে সুনিশ্চিত/জ্ঞানোজ্বল নাগৰিকত্ব আৰু দায়বদ্ধ তথা সাংবিধানিক চৰকাৰক আঙুলিয়াইছিল। সু-শাসন আজিৰ ‘উন্নয়নমূলক’ অৱধাৰণাৰ এটা প্ৰধান দিশ। বিতৰ্ক কেৱল কিদৰে উন্নয়ন কঢ়িয়াই আনিব লাগে, সেই প্ৰশ্নৰ লগতে ই জড়িত। এইটো এটা প্রকৃতিগতভাৱে অন্তৰ্ভুক্তিকাৰী আৰু সকাৰাত্মক ধাৰণা। ই অন্তৰ্ভুক্তিকাৰী, যিহেতু উন্নয়নৰ প্ৰক্ৰিয়াত মানুহক সাঙুৰি লোৱাটো ইয়াৰ উদ্দেশ্য। এনেকৈয়ে ক’ব পৰা যায় যে, উন্নয়ন কেৱল মানৱমুখী নহয় কিন্তু ই মানৱকেন্দ্ৰীক। এক নতুন পর্যায়লৈ কৌশল, জ্ঞান আৰু উন্নয়নৰ ↑প্রতি সন্মতি লাভ পর্যন্ত ই সকাৰাত্মক।

2. সুশাসনৰ বৈশিষ্ট্যৰাজিৰ চিনাক্তকৰণ কৰা। সুশাসনত দায়বদ্ধতাৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সুশাসনৰ বৈশিষ্ট্যঃ সু-শাসনৰ আলোচনাত পৰৱৰ্তী গুৰুত্বপূৰ্ণ প্রশ্নটি হ’ল – সু-শাসনৰ বৈশিষ্টৰাজি বা প্রধান উপাদানসমূহ কি? এইক্ষেত্ৰত অধ্যয়ন তথা প্রতিবেদনে বহুতো বেশিষ্ট্য চিনাক্তকৰণ কৰিছে। , কৌটিল্যৰ আলোচনাত তলত উল্লেখিত বৈশিষ্টসমূহে সু-শাসনৰ কথা কৈছে—

(ক) আইন আৰু শৃংখলা।

(খ) মানুহে যত্ন লোৱা প্ৰশাসন।

(গ) সিদ্ধান্তৰ ভিত্তি হ’ল ন্যায় আৰু যুক্তিসিদ্ধতা। 

(ঘ) দুর্নীতিমুক্ত শালন।

বিশ্ব বেংকে তাৰ 1989 আৰু 1992 চনৰ 15 প্ৰতিবেদন, গোলকীয় শাসন 1995 চনৰ আয়োগ = অর্থনৈতিক সহযোগিতা আৰু উন্নয়ন সংগঠন শীর্ষক, (The (The Organisation for Economic Co-operation and (OECD) Commission on Global Governance, ) ৰাষ্ট্ৰসংঘৰ উন্নয়ন প্ৰগ্ৰেম/আঁচনি (UNDP), 1997, এই সকলোবোৰে -শাসনৰ বৈশিষ্ট্যৰাজিৰ বিষয়ে বিষদভাৱে আলোচনা আগবঢ়াইছিল। সু-শাসনৰ লগত সংশ্লিষ্ট বিষয়সমূহ এছিয়ান উন্নয়নৰ মৌলিক প্রতিবেদনে Asian Development Basic Report), নিম্নলিখিত প্রশ্নকেইটিৰ ৰূপত স্পষ্টকৈ প্ৰকাশ কৰিছিল—

(ক) মানুহে সম্পূৰ্ণকৈ শাসনত অংশগ্ৰহণ কৰেনে?

(খ) মানুহে এই বিষয়ে সুম্পূৰ্ণকৈ অৱগত নে? 

(গ) মানুহে সিদ্ধান্ত গ্রহণ কৰেনে? অথবা সিদ্ধান্ত গ্ৰহণকাৰীক তেওঁলোকে দায়বদ্ধ কৰিব পাৰেনে?

(ঘ) শাসনত পুৰুষৰ মানে মহিলাও অংশীদাৰ নে? 

(ঙ) দুখীয়া আৰু অসুবিধাজনক অৱস্থাত থকা ব্যক্তিৰ প্ৰয়োজনসমূহ পূৰণ হৈছে নে?

(চ) ব্যক্তিৰ মনৰ অধিকাৰ নিশ্চিত নে?

(ছ) চলিত বৰ্তমানৰ আঁচনিত ভৱিষ্যৎ প্ৰজন্মৰ প্ৰয়োজনসমূহ সাঙুলি লোৱ হৈছেনে?

(জ) মানুহে তেওঁলোকৰ শাসনৰ গাঁঠনি/সংৰচনা তৈয়াৰ কৰেনে? 

সুশাসনত দায়বদ্ধতাঃ প্রায় সর্বসন্মতভাৱে এটা দিশত গুৰুত্ব প্ৰদান কৰ হৈছে যে, শাসন দায়ব্ধতা নীতিৰ ভিত্তিত গঢ়ি উঠিব লাগে, যিসকলে তাৰবাৰে দায়ী হয়। দায়বদ্ধতাই দৰাচলতে উনুকিয়াই যে, আমোলাতন্ত্ৰই তেওঁলোকৰ কাম কি কৰিছে আৰু কি নাই কৰা, সেইক্ষেত্ৰ জবাবদেহী হোৱা উচিত। প্রশ্ন, বিতর্ক, আলোচনা, বাজেট সম্বন্ধয়ী সন্মতি, কমিটি আৰু অন্যান্য সংসদীয় পদ্ধতিৰ যোগেদি এই দায়বদ্ধতা বা জবাবদেহী অৱস্থাক সংসদীয় ব্যৱস্থাত পৰিচালনা ততা কাৰ্যকৰী কৰা হয় । কাৰ্যপালিকাই তেওঁলোকৰ প্ৰতিনিধিৰ যোগেদি জনগণৰ আগত দায়বদ্ধ হ’ব লাগে। যেই হওঁক এইটোও সঁচা যে, এই কৌশলক্রমে অকার্যকাৰীৰূপে প্ৰমাণিত হৈছে কাৰণ বিতৰ্ক আৰু প্ৰতিনধিৰ গুণমান আৰু বৈশিষ্ট্য নিম্নগামী হৈছে, সংসদীয় ব্যৱস্থা ক্ৰমাৎ কেবিনেট ব্যৱস্থাৰ চৰকাৰলৈ ৰূপান্তৰিত হৈছে৷ সমাজ তথা ৰাজনীতি টুকুৰা-টুকুৰ হৈছে আৰু ৰাজনীতি অপৰাধসিক্ত হৈ পৰিছে৷ দ্বিতীয়তে, চৰকাৰী সিদ্ধান্ত তথা আইনৰ বৈধ বিচাৰৰ ক্ষমতাৰ যোগেদি এই দায়বদ্ধতাৰ নিশ্চিতকৰণ কৰা হয়। জনসাধাৰণে ‘ৰাজহুৱা স্বাৰ্থজনিত গোচৰ (PIL) ৰ যোগেদি ন্যায়ক হস্তক্ষেপৰ দাবী জনাই, যাতে ৰাজহুৱা জীৱন প্ৰভাৱিতকৰা কিছুমান বিশেষ বিষয়ত কাৰ্যপন্থা হাতত ল’ব পৰা যায়। এই কাৰ্যসমূহ প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে বহুত দেশ যেনে— নিউজিলেণ্ড, কানাডা, অষ্ট্রেলিয়া আৰু ভাৰতত প্ৰচলিত। অলপতে নকৈ প্রকাশ্য, নাগৰিক চনদ ব্যৱস্থা (System of citizen’s chooter) হৈছে ৰাজহুৱা দায়বদ্ধতাৰ এক অধিক কার্যকৰী পন্থা। নাগৰিকৰ পুৰুষতান্ত্রিক/পিতৃতান্ত্রিক, আওকণীয়া, আকস্মিক আৰু কাঠচিতীয়া ধাৰণা হাতত লোৱা হৈছে। আমোলাতন্ত্ৰত সকলো পুৰণি সামন্ত মূল্যৰ স্থান নতুন গণতান্ত্রিক মূল্যেৰে পূৰণ কৰিব লাগে।

এক দায়বদ্ধ শাসন ব্যৱস্থাই সেয়েহে প্ৰশাসনীক বিষয়াসকলৰ নিম্নলিখিত আচৰণগত আৰু কাৰ্যগত বৈশিষ্ট্যৰাজিক ঠাৱৰ কৰে—

(ক) আৰ্জিত আচৰণ।

(খ) কৰ্তৃত্বৰ ন্যায়সংগত প্রয়োগ। 

(গ) মানুহৰ আনন্দ প্ৰদানৰ চেষ্টা কৰা।

(ঘ) সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত যুক্তি আৰু অভিজ্ঞতাক ভিত্তি হিচাপে প্ৰয়োগ।

(ঙ) কৰ্মৰ গাফিলতি চিনাক্তকৰণ কৰি শাস্তিৰ বিধান। 

(চ) সময় নিৰ্ধাৰিত পৰিকল্পনা তথা আঁচনিৰ কাৰ্যকৰীকৰণ। 

(ছ) প্রশাসনিক বিষয়াসকলৰ চৰিত্ৰ, বুদ্ধিমত্তা, অধ্যাৱসায় শক্তিশালী তথা বিস্তাৰিত কৰা।

(জ) আনৰ লগত লেন-দেনৰ ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ, কৰ্মদঢ়তা আৰু পোনপটীয়া স্বভাৱ পোষণ কৰিব লাগে।

(ঝ) কোনো কার্য সম্পাদনৰ যোগ্যতা, কৰ্মৰ পৰিপক্কতা পৰিপূৰ্ণতাৰ প্ৰশ্ন আৰু কৰ্ম-কৌশল পৰিপূৰক হোৱাটো বাঞ্ছনীয়।

প্রত্যেক দেশতে বিভিন্ন সংস্থাগত আৰু আইনী ব্যৱস্থাৰ জৰিয়তে দায়বদ্ধ প্ৰশাসনৰ বৈশিষ্ট্যসমূহ পূৰণৰ ব্যৱস্থা কৰা হৈছে।

উদাহৰণস্বৰূপে, ভাৰতে কেন্দ্ৰীয় তদাৰক আয়োগ চেণ্ট্ৰেল ভিজিলেন্স কমিছন আৰু মহিলা, অনুসূচীত জাতি, অনুসূচীত জনজাতি, সংখ্যালঘু আৰু পিছপৰা শ্ৰেণীৰ বাবে ৰাষ্ট্ৰীয় আয়োগ, ৰাষ্ট্ৰীয় শ্রমিক আয়োগ, মানৱ অধিকাৰ আৰু সংখ্যালঘুৰ বাবে ৰাষ্ট্ৰীয় আয়োগ, বাৰতীয় কম্পট্রোলাৰ আৰু অডিটৰ জেনেৰেল ইত্যাদি আমোলাতন্ত্ৰত সামাজিক, আইগত-সাংবিধানিক আৰু শৃংখলাবদ্ধ সন্মতিৰ পৰিচালনাৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ। ই প্রশাসনিক পক্ষপাতিত্ব, দুর্নীতি, গোপনীয়তা, পৃথকীকৰণ ইত্যাদি প্রবৃত্তিসমূহ আঁতৰোৱাৰ প্ৰচেষ্টা চলায় । ইয়াৰ উদ্দেশ্য হ’ল প্ৰশাসনক দুখীয়াৰ প্ৰতি সংবেদনশীল, (লিংগৰ প্ৰতি) মহিলাৰ প্ৰতি সংবেদনশীল আৰু ৰাইজৰ দাবী তথা দুখৰ, অসন্তোষৰ প্ৰতি অধিক সংবেদনশীল কৰি তোলা। ইয়াৰ উদ্দেশ্য হ’ল প্ৰশাসনিক বিষয়াসকলৰ কাৰ্যদক্ষতা আৰু সহযোগিতাৰ (সংহতি) উন্নতি কৰা আৰু অবাঞ্ছনীয় কাৰ্য তথা আচৰণক বাধা প্ৰদান কৰা। চৰকাৰে আকৌ, বিভিন্ন ব্যৱস্থাৰ যোগেদি প্ৰকৃত প্রশাসনত, কার্যত দায়বদ্ধতা অনাৰ চেষ্টা কৰে।

তলত দিয়া ধৰণে এই ক্ষেত্ৰত এক প্ৰসংগৰ সৃষ্টি কৰিব পৰা যায়— 

১। উদ্দেশ্যৰ ব্যৱস্থাপন।

২। ৰাজহুৱা ওজৰ-আপত্তি/অসন্তোষৰ ক্ষতিপূৰণৰ কৌশল। 

৩। তথ্য জনাৰ অধিকাৰৰ পুনৰ সংগঠন।

৪। ইলেকট্রনিক শাসন আৰু তথ্য প্রযুক্তিবিদ্যাৰ প্ৰয়োগ। 

৫। ক্ষমতাৰ গণতান্ত্রিকীকৰণ আৰু বিকেন্দ্ৰীকৰণ। 

৬। পাশ্বস্থ গোটৰ, বিশেষকৈ মহিলাৰ সবলীকৰণ।

৭। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ মাজত ন্যায় প্রতিযোগিতা। 

৮। বিভিন্ন নীতি, আইন তথা নিৰ্দেশনাৰ বৈধতাৰ বিচাৰ৷ 

3. সুশাসনৰ মূল প্রতিবন্ধকতাসমূহ আলোচনা কৰা।

উত্তৰঃ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশসমূহে সু-শাসনৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে। কিন্তু সকলো নাগৰিকৰ বাবে এক ন্যাৰ্য, সাম্য তথা মুক্ত সামাজিক শৃংখলা প্ৰতিষ্ঠা কৰাটো তেওঁলোকৰ বাবে বৰ সহজসাধ্য নহয়। সেয়েহে প্রশ্ন উঠে, সু-শাসনৰ পথত প্রতিবন্ধকতাৰ সৃষ্টি কৰা কাৰকসমূহ কি? আশানুৰূপ ফলাফল লাভত ব্যর্থতা, প্ৰকৃতাৰ্থত বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হৈ পৰে ৷ তলত সু-শাসনৰ দিশত প্ৰধান ভাবুকি কেইটামানৰ উল্লেখ কৰা হ’ল— 

(ক) দুর্নীতি।

(খ) জনসংখ্যা বৃদ্ধি।

(গ) হিংসাৰ সংস্কৃতি। 

(ক) দুর্নীতিঃ ব্যক্তিগত লাভলাভৰ বাবে কৰ্তৃত্বৰ বে-আইনী অবৈধ প্রয়োগেই হ’ল দুর্নীতি। দুর্নীতি এক সাৰ্বজনীন ৰোগ, যিয়ে প্রায় পৃথিৱীৰ সকলো ঠাইতে, মানুহ আৰু চৰকাৰৰ ক্ষতিসাধন কৰিছে। যেই হওক ভাৰতৰ দৰে দেশত, ই কৰ্কট ৰোগৰ আকাৰ ধাৰণ কৰিছে। কৌটিল্যৰ দিনৰে পৰা, নীতিশাস্ত্ৰৰ বিষয়টো আৰু চৰকাৰৰ সংহতি বা সহযোগিতা এক প্রধান বিচার্য বিষয়। সময়ত, ৰাজনৈতিক নেতাসকলে দুর্নীতি ৰোধৰ ক্ষেত্ৰত তেওঁলোকৰ অসহায় অৱস্থাৰ প্ৰকাশ কৰিছিল আৰু দুৰ্নীতিক এক বিশ্বব্যাপী অৱস্থাৰূপে স্বীকৃতি দিছিল। কিন্তু সাধুতা আৰু দুৰ্নীতিৰ প্ৰশ্নই পূৰ্বৰ তুলনাত আজি সামান্য বেছি পৰিমাণে মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। দুৰ্নীতিৰ প্ৰকাশ তথা তাৰ বিৰুদ্ধে কাৰ্য আঁচনি হাতত লোৱাৰ দাবী এতিটা বৃদ্ধি পাইছে। কিন্তু, দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ সকলো পদক্ষেপ ব্যর্থ হ’ব যেতিয়ালৈ, ৰাজনৈতিক, অর্থনৈতিক, নৈতিক তথা প্রশাসনিক, এই সকলো ধৰণৰ দুৰ্নীতি, সদিচ্ছা তথা সমৰ্পনৰ ভাৱেৰে প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় ৷ দুৰ্নীতিৰ ভাবুকিৰ পৰা এক সু-শাসন লাভ কৰিবলৈ, তলত দিয়া পদক্ষেপসমূহ প্রয়োজনীয়—

১। ৰাজনীতিকাৰী, প্রশাসক আৰু অপৰাধীৰ মাজৰ সম্পৰ্ক ছিন্ন কৰা। 

২। এক মূল্য-কাৰ্যকৰী প্ৰশাসনিক ন্যায়ৰ ব্যৱস্থা কৰা৷

৩। ৰাষ্ট্ৰীয়, ৰাজ্যিক আৰু স্থানীয় পৰ্যায়ত ৰাজহুৱা স্বাৰ্থজনিত গোচৰৰ বাবে আদালত স্থাপন কৰা।

৪। তথ্য জনাৰ অধিকাৰ অধিক কার্যকৰী কৰা।

৫। স্বায়ত্ব শাসন সংক্রান্তীয় স্বাধীনতা, কৌশল, ভাৱধাৰাগত পৰিৱৰ্তন, সামাজিক সমস্যাৰ দিশত সজাগতা ইত্যাদি ক্ষেত্ৰত আইন বলবৎকাৰী অভিকৰণসমূহ শক্তিশালী কৰা।

৬। দুৰ্নীতিৰ অভিযোগ গ্রহণ কৰি ততালিকে দুর্নীতিত লিপ্তসকলৰ সম্পত্তিসমূহ বাজেয়াপ্ত কৰিব লাগে ৷ যেতিয়া ব্যক্তিজন নির্দোষী বুলি প্রমাণিত হয়, তেতিয়াহে সেই সম্পত্তিসমূহ ঘূৰাই দিব লাগে।

৭। নীতি, নিৰ্দেশনা আৰু কৰ্ম পদ্ধতি সৰলীকৰণ কৰি প্ৰশাসনিক কাৰ্যাৱলীৰ উন্নতি সাধন কৰিব লাগে।

৮। সমাজক ‘আইন শাসন’ ব্যৱস্থাত সন্মতি প্ৰদান কৰাৰ দিশত চালিত কৰা/আগবঢ়াই নিয়া।

(খ) জনসংখ্যা বৃদ্ধিঃ সু-শাসন কেৱল কাৰ্যকৰী আইন, পদ্ধতি তথা ৰীতিনীতিত লগৰেই সংযুক্তনহয়, ই দেশৰ আৰ্থিক, সামাজিক সম্পদৰাজি এনেভাৱে আগবঢ়াই নিয়া ততা ব্যৱহাৰ কৰাত লগতো সংযুক্ত যাতে সমাজৰ সকলো সদস্যইতাৰপৰা উপকৃত হ’ব পাৰে। ততাপি, আমি দেখিবলৈ পাইছো যে, উন্নয়নৰ পদক্ষেপসমূহে দৰিদ্ৰতা দূৰীকৰণ, নিবনুৱা সমস্যা, নিৰক্ষৰতা আৰু সমাজৰ সকলো নাগৰিকৰ বাবে ন্যায্য প্রাথমিক শিক্ষা, স্বাস্থ্য, খাদ্য পানী আৰু এক আশ্রয়স্থল ইত্যাদিৰ দিশত ব্যৰ্থ হৈছে। ভাৰতৰ স্বাধীনতাৰ সময়ৰ 35 কৌটি জনসংখ্যাৰ পৰা আজি 100 কৌটিতকৈও অধিক জনসংখ্যা এক বিচার্য বিষয় হৈ উঠিছে। যদিও ভাৰতৰ কিছুমান ৰাজ্য যেনে— কেৰেলা, তামিলনাডু, গোৱা আৰু মণিপুৰে ইতিমধ্যেই জনসংখ্যাৰ দিশত সুস্থিৰতা অৰ্জন কৰিবলৈ সক্ষম হৈছে, এতিয়াও কিছুমান ৰাজ্য যেনে— উত্তৰ প্ৰদেশ, মধ্য প্রদেশ, ৰাজস্থান, বিহাৰ, যিয়ে তাৰ জনসংখ্যাৰ দিশত সুস্থিৰতা প্রাপ্ত কৰিবলৈ এক দীর্ঘ সময়ৰ প্রয়োজন হ’ব।

আচৰ্যজনকভাৱে বৰ্ধিত এই জনসংখ্যাৰ ভাৰ বহন কৰিবলৈ এক বৃহৎ আকাৰৰ সম্পদৰ প্ৰয়োজন হয় ৷ সেয়েহে মাটি, বায়ু আৰু জল সম্পদৰ চাহিদাও ক্ৰমাৎ বৃদ্ধি পাইছে। এই বর্ধিত জনসংখ্যাক সমুচিত শৈক্ষিক আৰু স্বাস্থ্যজনতি সাসুবিধা, খাদ্য, বাসস্থান আৰু নিয়োগৰ সুবিধা প্ৰদান কৰাটো ভাৰতৰ যিকোনো চৰকাৰৰ বাবেব এক কঠিন কাম। তাৎক্ষণিকভাৱে বৃদ্ধি পোৱা জনসংখ্যা, প্ৰকৃততে, সু-শাসন বিনষ্ট কৰাৰ এক কাৰক। শিক্ষাৰ বিস্তাৰ/প্ৰসাৰ, সজাগতা, স্বাস্থ্যজনিত শিক্ষা, মানুহৰ অন্তৰ্ভুক্তি তথা উন্নয়ন ইত্যাদিৰ যোগেদি জনসংখ্যা সুস্থিৰ কৰিব পৰা যায়।

(গ) হিংসাৰ সংস্কৃতিঃ অবৈধ শক্তিত আশ্রয় লোৱাটো এক আইন-শৃংখলাৰ সমস্যা হিচাপে গণ্য কৰা হয়। কিন্তু যেতিয়া আমি তাক সু-শাসনৰ নীতিৰ দৃষ্টিভংগীৰে পৰীক্ষা কৰো, তেতিয়া স্পষ্ট হৈ পৰে যে, শান্তি আৰু শৃংখলা হৈছে উন্নয়নৰ প্ৰথম খোজ । ধৰ্ণা-অৱৰোধ, গোলমাল, সন্ত্রাসবাদী আক্রমণ এইসমূহে ক্ষতিকাৰক হিংসাৰ সংস্কৃতিৰ বাৰ কঢ়িয়ায়। জনগণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা তথা সুৰক্ষাৰ দিশত শংকামুক্ত হ’ব পাৰিলেহে এখন চৰকাৰে অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক উন্নয়নত চকু দিব পাৰিব। তদুপৰি, সন্ত্ৰাসবাদ আইনগত শাসনৰ দিশত এক বৃহৎ ভাবুকি, কাৰণ সন্ত্রাসে আইনৰ স্থান সলনি কৰে আৰু আইন উৎখাত কৰিব বিচাৰে। সন্ত্রাসবাদ প্ৰগতিৰ এক প্রতিবন্ধক। কোনো উদ্যোগপতিয়ে এনে এক এলেকাত টকা খটুৱাব নিবিচাৰে, যি হিংসা আৰু সন্ত্রাসবাদী কার্যকলাপে গ্ৰাহ কৰি আছে। এই কাৰ্যই অৱশেষত, নিয়োগ, স্বাস্থ্য, শিক্ষা আৰু মানুহৰ অন্যান্য সেৱাৰদিশত বিৰূপ প্ৰভাৱ পেলায় ৷ এইক্ষেত্ৰত মানুহৰ সামাজিক জীৱন থমকি ৰয় আৰু মানুহ প্ৰায় গৃহবন্দী হৈ পৰে আৰু যদি তেওঁলোকে হিংসা আৰু সন্ত্ৰাসৰ ছাঁত জীৱন নিয়াই, তেতিয়া বিভিন্ন প্ৰকাৰৰ মানসিক যন্ত্ৰণাত ভুগে । মানৱ অধিকাৰৰ বিষয়টোও এইক্ষেত্ৰত আগলৈ আহে। সৰ্বসাধাৰণৰ মানৱ অধিকাৰক কাচিৎহে সন্ত্রাসবাদীয়ে সন্মান কৰে। কিন্তু যেতিয়া চৰকাৰে সন্ত্ৰাসবাদৰ অন্ত পেলাবলৈ পাশবিক নাৰকীয় বল প্রয়োগ কৰে, সেই সময়ত, ৰাজ্যিক আৰক্ষীয়ে সৰ্বসাধাৰণ নাগৰিকৰ মানৱ অধিকাৰ ভংগ কৰে। আইন ভংগকাৰীৰ সৈতে কথোপকথন, আলোচনা, প্রকৃত ওজৰ-আপত্তিৰ প্ৰতিকাৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ওচৰচুবুৰীয়া আৰু বহলভাৱে আন্তর্জাতিক চৰকাৰসমূহৰ অন্তৰ্ভুক্তি, ইত্যাদিৰ যোগেদি এই তীব্ৰ ভাবুকিটো (সন্ত্রাসবাদ) স্পষ্ট দৃষ্টিভংগী, সাহস তথা উপলব্ধিৰে মেকাবিলা কৰাটো আৱশ্যকীয়।

4. ভাৰত চৰকাৰে হাতত লোৱা সুশাসনৰ উপায়সমূহ বর্ণনা কৰা। 

উত্তৰঃ সু-শাসনৰ লক্ষ্যত উপনীত হোৱাৰ দিশত হাতত ল’ব পৰা পৰিমাণৰ আমি এক দীঘল সূচী যুগুত কৰিব পাৰো। এক সৎ, স্বচ্ছ, উপযুক্ত কাৰ্যকৰী, আইনৰ প্ৰতি আনুগত্যশীল শাসন ব্যৱস্থা লাভ কৰিবলৈ জনগণৰ অংশগ্ৰহণ নিশ্চিতকৰণ আৰু কম্পিউটাৰ আৰু তথ্য প্রযুক্তিবিদ্যাৰ প্ৰয়োগ, এই দুই উপায়ৰ বিষয়ে আলোচনা কৰা হ’ল।

১। সু-শাসনৰ বাবে জনগণৰ অংশগ্ৰহণঃ শাসন প্রক্রিয়াত, জনগণৰ অংশগ্রহণে এক অগ্রণী স্থান দখল কৰিবলৈ সক্ষম হৈছে। সিদ্ধান্ত গ্ৰহণৰ আৰু সিদ্ধান্ত কাৰ্যকৰীকৰণত জনগণৰ/মানুহৰ অন্তৰ্ভুক্তিয়ে নিম্নোক্ত কাৰ্যৰ স্বীকৃতি প্ৰদান কৰে।

(ক) আওকণীয়া আৰু নিষ্ফল আমোলাতন্ত্ৰক আটক কৰে। অন্য অৰ্থত, মানুহে প্রশাসনক কার্যক্ষম আৰু সময়োপযুক্ত কৰাৰ দিশত হেঁচা প্ৰদান কৰে। 

(খ) ই দায়িত্বশীল আৰু জবাবদেহী প্ৰশাসনৰ আহিলা ৷ 

(গ) ই স্ব-শাসন আৰু উন্নয়নমুখী প্রসাসনৰ এক মাধ্যম।

(ঘ) ই স্থানীয় উন্নয়নৰ বাবে স্থানীয় সম্পদৰাজিৰ আহৰণ তথা প্রয়োগকাৰী হিচাপে কাৰ্য কৰে।

মানুহে এই ভূমিকা পালন কৰিব পাৰে এফালে যিকৌীনো সামাজিক সংগঠন, প্ৰভাৱ গোষ্ঠী, আগ্ৰহ-গোষ্ঠী, কল্যাণকামী সংগঠন, ৰাজনৈতিক দল আদিৰ সদস্য হৈ বা আনফালে স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰ বা আমোলাতন্ত্ৰৰ অংশ হৈ। চৰকাৰে গণতান্ত্রিক বিকেন্দ্ৰীকৰণ পঞ্চায়ত আৰু মিউনিচিপালিটিসমূহ, পৰামৰ্শমূলক সংস্থা আৰু আলোচক কমিটি আৰু সংগঠন ইত্যাদিৰ জৰিয়তে জনগণৰ অন্তৰ্ভুক্তি বিচাৰে ৷

নাগৰিকৰ আশা-আকাংক্ষা পূৰণৰ বাবে এক নীতিৰ দাবী তুলিবলৈ মানুহে তেওঁলোকক সংগঠিত কৰিব লাগে। তেওঁলোকে সমূহৰ ৰূপত সংগঠিত হ’ব লাগে যাতে চৰকাৰৰ গণ-সৌহাদ্যপূর্ণ সিদ্ধান্তত সন্মতি প্রদান আৰু জনবিৰোধী কাৰ্যৰ বিৰোধিতা কৰিব পাৰে। এইক্ষেত্ৰত নর্মদা বচাও আন্দোলন, পিপুলদ ইনিছিয়েটিভ, হেল্প এজ ইণ্ডিয়া, ক’মন কজ শিক্ষা বচাও আন্দোলন ইত্যাদি সংগঠনৰ নাম উল্লেখ কৰিব পাৰো। মানুহে সেয়েহে, চৰকাৰ আৰু প্ৰশাসনৰ সপক্ষে তথা বিপক্ষে মত গঠনৰ দিশত তাৎপর্যপূর্ণ ভূমিকা পালন কৰিব পাৰে। এই সময়ত ব্যক্তিয়ে সমাজৰ ভিতৰৰ বা সমাজ আৰু ৰাষ্ট্ৰৰ মাজৰ সংঘাত মীমাংসাৰ বাবে ক্রিয়া কৰে। ব্যক্তিয়ে মানুহৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া আৰু তেওঁলোকৰ ভূমিকাৰ বিষয়ে তথ্য যোগান ধৰে, মানুহ আৰু আমোলতন্ত্ৰৰ মাজত এক যোগসূত্র হিচাপেও ক্রিয়া কৰে। এই প্রত্যুত্তৰৰ পৰা প্ৰশাসনিক বিষয়াসকলে সেই অৱস্থাৰ প্ৰতিকাৰৰ চেষ্টা কৰে। আগেয়ে শিক্ষাৰ স্তৰ, তথ্য, চৰকাৰ সম্পৰ্কীয় জ্ঞান মানুহৰ অংশগ্ৰহণৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰস্থিতি/অৱস্থানৰ বাবে এক বৃহৎ সংখ্যক স্থানীয় শাসন ব্যৱস্থাৰ বাহিৰত অৱস্থান কৰিছিল । সেয়েহে, উন্নয়ন তথা সিদ্ধান্ত গ্রহণ প্রক্রিয়াত দুখীয়া স্তৰক অন্তৰ্ভুক্ত কৰিবলৈ আমাৰ দেশে এক বিবেচনাপূৰ্ণ প্ৰচেষ্টা হাতত লৈছে৷ পঞ্চায়তীৰাজ আৰু চহৰাঞ্চলৰ স্থানীয় শাসনত মহিলাৰ বাবে 33.3 শতাংশ আসন আৰক্ষণ, এই দিশৰ এক প্ৰচেষ্টা। স্থানীয় শাসন এলেকাত তেওঁলোকৰ জনসংখ্যাৰ ভিত্তিত (SC/ST-ৰ বাবে) অনুসূচীত জাতি-জনজাতিৰ বাবে আৰক্ষণৰ ব্যৱস্থা আছে। উদাহৰণস্বৰূপে যদি এখন জিলাৰ 20 শতাংশ অনুসূচীত জাতিৰ মানুহ থাকে, তেতিয়া তাৰ জিলা পৰিষদত 20 শতাংশ আসন তেওঁলোকৰ বাবে আৰক্ষণ কৰা হয়। একেদৰে যদি, এখন গাঁওত অনুসূচীত জনজাতিৰ মানুহৰ সংখ্যা 1 শতাংশ হয়, তেতিয়া তাৰ গাঁও পঞ্চায়তত 1 শতাংশ আসন অনুসূচীত জনজাতিৰ বাবে আৰক্ষণ কৰা হয়। পিছপৰা শ্ৰেণীৰ বাবে আৰক্ষণৰ দায়িত্ব ৰাজ্য চৰকাৰে বহন কৰে।

২। সু-শাসনৰ এক আহিলাস্বৰূপে কম্পিউটাৰ আৰু তথ্য প্রযুক্তিবিদ্যাৰ ভূমিকাঃ সু-শাসনৰ ক্ষেত্ৰত এফালে জন-সৌহহাদ্যপূৰ্ণ আৰু ক্ষমতাৰ বিভাজন ব্যৱস্থা আৰু অন্যহাতে দায়িত্বশীল, সুগম, নৈতিক, স্বচ্ছ আৰু দুৰ্নীতিমুক্ত ব্যৱস্থাৰ আৱশ্যক। কম্পিউটাৰ আৰু তথ্য প্রযুক্তিবিদ্যাৰ প্ৰয়োগ, সু-শাসনৰ এক অধিক কাৰ্যকৰী কৌশলৰূপে দৃশ্যমান হৈছে। ই উন্নতি কৰিব বিচাৰে—

(ক) কম খৰচত (জনসাধাৰণলৈ) মানুহলৈ সেৱাৰ ব্যৱস্থা কৰা। 

(খ) তথ্যৰ বিস্তাৰৰ যোগেদি মানুহৰ সবীলকৰণ কৰা ৷ 

(গ) চৰকাৰৰ কাৰ্যত মুক্ততা আৰু স্বচ্ছতা কঢ়িয়াই অনা।

(ঘ) চৰকাৰ আৰু মানুহৰ (কাৰ্যৰ যোগেদি) কাৰ্যত নতুন ধ্যান-ধাৰণাৰ আৱিষ্কাৰ তথা প্ৰাৰম্ভণি৷

(ঙ) নাগৰিক আৰু প্ৰশাসনৰ মাজত কাৰ্যকৰী যোগসূত্র স্থাপন। 

(চ) চৰকাৰৰ কাৰ্যৰ ব্যাপক সমীক্ষা, চোৱা-চিতা আৰু অৱলোকন।

কম্পিউটাৰে, সেয়েহে নীতি, নির্দেশনা আৰু পদ্ধতিৰ লগত জড়িত তথ্য, চৰকাৰৰ কল্যাণকামী আৰু উন্নয়নমূলক আঁচনিসমূহৰ তথ্য আৰু নাগৰিক তথা খেতিয়কসকলে প্রয়োগ কৰা বতৰ-জলবায়ু সংক্রান্তীয় তথ্যসমূহ ক্রমান্বয়ে মানুহৰ সংস্পলৈ আনে।ইও কোৱা হয় যে, সিদ্ধান্ত প্রদানকাৰী আৰু গ্ৰহণকাৰীৰ মাজত মুখা-মুখী যোগাযোগে সংস্পৰ্শই দুৰ্নীতিৰ বাহক। দুৰ্নীতি বশ কৰিবলৈ, কম্পিউটাৰে তেওঁলোকৰ মাজৰ ব্যক্তিগত সম্পর্ক হ্রাস কৰে। উদাহৰণস্বৰূপে কম্পিউটাৰত এজন খেতিয়কে তেওঁৰ মাটিৰ হিচাপৰ নকল লাভ কৰিব পাৰে, এক দীঘলীয়া শাৰীত থিয় হোৱাৰ যাতনাত নুভুগাকৈ অথবা এদিনৰ উপাৰ্জনৰ ক্ষতি নকৰাকৈ, কেছ কাউণ্টাৰলৈ প্ৰকৃততে নোযোৱাকৈ এজন নাগৰিকে তেওঁৰ যিকোনো বিল বা কৰ কম্পিউটাৰৰ যোগেদি পৰিশোধ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top