ASOS Class 12 Political Science Chapter 22 সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ

ASOS Class 12 Political Science Chapter 22 সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 22 সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ and select needs one.

ASOS Class 12 Political Science Chapter 22 সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 22 সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ Solutions for All Subject, You can practice these here.

সাম্প্রদায়িকতা, জাতি আৰু আৰক্ষণ

Chapter : 22

22.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. সাম্প্রদায়িকতা গঢ় লৈ উঠাৰ মূল কাৰণ বুলি চিনাক্ত কৰিব পাৰি— 

(a) ব্ৰিটিছৰ ‘বিভাজন আৰু শাসন’ নীতিক। 

(b) স্বাধীনতা সংগ্রাম।

(c) ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষ আদৰ্শক।

(d) জনমতৰ বাবে এক নির্দিষ্ট এলেকা _____ (লাগে/ নালাগে)

উত্তৰঃ (a) ব্ৰিটিছৰ ‘বিভাজন আৰু শাসন’নীতিক। 

2. সাম্প্ৰদায়িকতাৰ মূল বৈশিষ্ট্যসূহ____আৰু_____

উত্তৰঃ সাম্প্ৰদায়িকতাৰ মূল বৈশিষ্ট্যসূহ অসহনীয় আৰু উগ্রবাদ।

3. ৰাজনৈতিক শ্ৰেণী আৰু_____‘মাজৰ সম্পৰ্কই সাম্প্রদায়িক হিংসাক বা (বতাহ) দিয়ে।

উত্তৰঃ ৰাজনৈতিক শ্ৰেণী আৰু অপৰাধীৰ মাজৰ সম্পৰ্কই সাম্প্রদায়িক হিংসাক বা (বতাহ) দিয়ে।

4. সৰ্বসাধাৰণ মানুহৰ অৰ্থনৈতিক সমস্যাসমূহক সাম্প্রদায়িকতাই সমাধান কৰে। (সত্য/ অসত্য)

উত্তৰঃ অসত্য।

22.2 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. ____ভাৰতীয় সমাজ সংৰচনাৰ ভেঁটি। 

উত্তৰঃ জাতি ভাৰতীয় সমাজ সংৰচনাৰ ভেঁটি। 

2. জাতি ব্যৱস্থাত, জাতিসমূহ_____সজ্জিত হৈ থাকে।

উত্তৰঃ জাতি ব্যৱস্থাত, জাতিসমূহ শ্রেণীক্রমিকভাৱে সজ্জিত হৈ থাকে। 

3. জাতি ব্যৱস্থা____ৰূপেও জনাজাত, যি_____শ্ৰমৰ বিভাজনৰ ভিত্তিত গঢ়ি উঠে।

উত্তৰঃ জাতি ব্যৱস্থা বর্ণব্যৱস্থা ৰূপেও জনাজাত, যি সমাজত শ্ৰমৰ বিভাজনৰ ভিত্তিত গঢ়ি উঠে।

4. জাতি ব্যৱস্থাত, বৃত্তিৰ বাছনি____নহয়, কিন্তু তাক নিৰ্ধাৰণ কৰে ব্যক্তিৰ____।

উত্তৰঃ জাতি ব্যৱস্থাত, বৃত্তিৰ বাছনি মুক্ত নহয়, কিন্তু তাক নিৰ্ধাৰণ কৰে ব্যক্তিৰ জাতিয়ে।

22.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

1. সংবিধানে____আৰু ____শতাংশ চাকৰি অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আৰক্ষণ কৰিছে।

উত্তৰঃ সংবিধানে 15 আৰু 7.5 শতাংশ চাকৰি অনুসূচীত জাতি আৰু জনজাতিৰ বাবে আৰক্ষণ কৰিছে।

2. সংবিধানে অন্যান্য পিছপৰা শ্ৰেণীসমূহ চিনাক্তকৰণ কৰা নাই _____। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

3. অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আৰক্ষণৰ পৰামৰ্শ প্ৰদান কৰা আয়োগখনৰ নাম লিখা।

(a) চাৰকাৰিয়া আয়োগ 

(b) মণ্ডল আয়োগ 

(c) ৰামানন্দ প্ৰসাদ আয়োগ 

উত্তৰঃ (b) মণ্ডল আয়োগ।

4. উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে______অন্যান্য পিছপৰা শ্ৰেণীৰ আৰক্ষণৰ ক্ষেত্ৰত যোগ্য নহয়৷

উত্তৰঃ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে আভিজাত্যৰ স্তৰ অন্যান্য পিছপৰা শ্ৰেণীৰ আৰক্ষণৰ ক্ষেত্ৰত যোগ্য নহয়।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. সাম্প্রদায়িকত কি?

উত্তৰঃ ভাৰতবৰ্ষ এখন বিভিন্ন ধর্মীয় বিশ্বাস আৰু উপাসনাৰ ভূমি যাৰ বাবে সঘনাই মানুহৰ মাজত ঘৃণা আৰু সংঘাট হোৱা পৰিলক্ষিত হয়। যিসকলে ধর্মীয় হিংসাক প্রশ্রয় দিয়ে, সেইসকলে ধৰ্মক এক নৈতিক শৃংখল হিচাপে জ্ঞান নকৰে। তেওঁবিলাকে ধৰ্মক ৰাজনৈতিক লক্ষ্য পূৰণৰ উদ্দেশ্যে ব্যৱহাৰ কৰে। সাম্প্রদায়িকতাৰ পাৰস্পৰিক ধৰ্মীয় ঘৃণাৰ ওপৰত ভিত্তি কৰি গঢ় লয়। সেয়েহে ই ধর্মীয় সংঘাত সূচনা কৰে। এই ধাৰণাটোৱে ধৰ্মীয় সংগঠন আৰু সাম্প্রদায়িক সংগঠন হিচাপে দুটা পৃথক বিবাজন আনি দিয়ে। সাম্প্রদায়িকতাৰ তলত উল্লেখ কৰা মূল বৈশিষ্ট্যসমূহ আছে—

১। ই ধৰ্মীয় গোঢ়ামিৰ ওপৰত প্ৰতিষ্ঠিত।

২। নিজৰ দৃষ্টিভংগীৰ পিনৰ পৰা ইনিজকে একমাত্ৰ বুলি গণ্য কৰে; এজন সাম্প্ৰদায়িকে নিজৰ ধৰ্মটো আনবোৰ ধৰ্মতকৈ উৎকৃষ্ট বুলি গণ্য কৰে। 

৩। ই অসহনশীলতাৰ ওপৰত প্ৰতিষ্ঠিত।

৪। ই অন্য ধৰ্মৰ প্ৰতি বিদ্বেষৰ বাব পোষণ কৰে। 

৫। ই আন ধৰ্ম আৰু মূল্যবোধক নিৰ্মূল কৰাৰ পোষকতা কৰে। 

৬। ই উগ্রবাদৰ পন্থা অৱলম্বন কৰাৰ লগতে আন মানুহৰ বিৰুদ্ধে হিংসাৰ আশ্রয় লয়।

2. ভাৰতীয় সমাজত জাতিৰ ভূমিকাৰ বিষয়ে সংক্ষেপতে আলোচনা কৰা। 

উত্তৰঃ প্রত্যেক সমাজৰ প্ৰকৃতিয়ে তাৰ ৰাজনৈতিক ব্যৱস্থাক প্ৰভাৱান্বিত কৰে। সেয়েহে, সমাজৰ প্ৰকৃতি অনুধাৱন কৰিবলৈ আমি সেই সমাজৰ গাঁঠনি বা সংৰচনাৰ অধ্যয়ন কৰো। ভাৰতীয় সমাজৰ সংৰচনাক প্ৰকৃতাৰ্থত জাতি প্ৰথাৰ যোগেদিহে বিশ্লেষণ কৰিব পৰা যায়, যিটো শ্রেণী ক্ৰমিকভাৱে সজ্জিত হৈ থাকে। সময়ৰ সোঁতত জাতি ব্যৱস্থাই সমাজত এক বিস্তৃত ৰূপ ধাৰণ কৰিছিল আৰু আর্থ-সামাজিক দিশত অসমতা প্রকট কৰি তুলিছিল। নিম্নজাতিত জন্মলাভ কৰা আৰু জাতি বৰ্হিভূত ব্যক্তিয়ে সমাজত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল আৰু থিতাতে উচ্চ-জাতিৰ দমন আৰু শোষণৰ বলি হৈছিল। জাতিবর্হিভূত/সমাজ-বর্হিভূত দলিত সকলৰ অৱস্থা বিশেষতঃ মর্মান্তিক আছিল। অস্পৃশ্যতাই তেওঁলোকৰ এই অৱস্থাক গ্রাহ্য কৰিছিল৷

১। দৃষ্টান্তস্বৰূপে, বৰ্ণ-ব্যৱস্থাই ভাৰতীয় সমাজৰ চাৰিচা বৰ্ণৰ কথা উল্লেখ কৰে—ব্ৰাহ্মণ (পুৰোহিত আৰু বুদ্ধিজীৱী শ্ৰেণী), ক্ষত্রিয় (যোদ্ধা আৰু শাসক শ্রেণী), বৈশ্য (উৎপাদক, খেতিয়ক আৰু শিল্পী শ্ৰেণী) আৰু শূদ্ৰ (যিসকলে তলখাপৰ, লগুৱা-লিকচৌ আৰু দূষিত কার্য সম্পাদন কৰে) )

উল্লেখনীয় যে, বৰ্ণ-ব্যৱস্থাই জাতিৰ প্ৰকৃত স্বৰূপ উদ্ঘাটন কৰাতকৈ তত্বত অধিক গুৰুত্ব প্ৰদান কৰিছে। দৰাচলতে, চাৰিটা নহয়, বৰং হেজাৰ হেজাৰ বৰ্ণ বা জাতি বিদ্যামান, যাৰ ওপৰতেই জাতি ব্যৱস্থা সংগঠিত হৈ আছে। অধিকাংশ জাতিকেই তাৰ বৰ্ণ বৈষম্যৰ বিত্তিত সংগঠিত হৈ আছে। অধিকাংশ জাতিকেই তাৰ বৰ্ণ-বৈষম্যৰ ভিত্তি শ্রেণী-বিভক্ত কৰিব পৰা যায় যদিও সামাজিক সংৰচনাৰ বৰ্ণালীৰ মধ্যম বৰ্গত শ্রেণীভুক্ত কৰাতকৈ, সিহঁতক, তাৰ উচ্চতম সীমাত অন্তৰ্ভুক্ত কৰাটো অধিক সহজসাধ্য। সিহঁতক তাৰ উচ্চতম সীমাত অন্তৰ্ভুক্ত কৰাটো অধিক সহজসাধ্য। অন্য এক অৰ্থত, বৰ্ণ-ব্যৱস্থা জাতিৰ লগত সম্পর্কিত, যিয়ে তাক এক বিস্তৃত সংগঠন প্রদান কৰে, য’ত যিকোনো জাতি খাপ খাই পৰে।

২। জীৱিকা বা বৃত্তিৰ লগত পৰম্পৰাগতভাৱে সংযুক্ত জাতি হ’ল এক স্থানীয় গোট। জাতিটোত সদস্যাভূক্তিৰ ভিত্তি ব্যক্তিৰ জন্মই নিৰূপণ কৰে। সেই অনুসৰি, জীৱিকা বা বৃত্তিৰ বাচনিও ব্যক্তিৰ বাবে স্বতন্ত্ৰ নহয়, বৰং তেওঁ যি জাতিত জন্মগ্রহণ কৰে, তাৰ ভিত্তিতহে নিৰ্ধাৰণ কৰা হয়। তদুপৰি, জাতিগোটসমূহ খাদ্যাভাষ আৰু বিবাহ সংক্রান্তীয় কিছুমান নীতি-নিয়ম থাকে ৷ জাতিয়ে তাৰ সদস্যসকলৰ আচৰণ বিধিৰও ব্যাখ্যা আগবঢ়াই আৰু কিছু কৰ্তৃত্বও প্ৰয়োগ কৰে, যাৰ ভিতৰত কৰ্তৃত্বক অৱমাননা কৰিলে জাতিৰ পৰা বহিস্কাৰ কৰাৰ অধিকাৰো সন্নিৱিষ্ট।

জাতি এক সমষ্টি পৰিচিতি, যি আধুনিক ধ্যান-দাৰণা তথা সংস্থাসমূহৰ সংস্পৰ্শত শক্তিশালী হৈ উঠিছে। ই সম্ভৱ হৈছে, কাৰণ ই বিভিন্ন জাতি আৰু শ্ৰেণীৰ মাজত ৰাজনৈতিক দিশত চালিতকৰণৰ এক বিত্তি হিচাপে স্বাধীনতা আন্দোলনৰ প্ৰাকমুহূৰ্তত, আন্দোলনৰ সময়ছোৱাত আৰু স্বাদীনোত্তৰ কালত চিহ্নিত হৈছিল।

3. ভাৰতৰ আৰক্ষণ নীতিৰ পৰ্যালোচনা কৰা ৷

উত্তৰঃ পিছপৰা শ্ৰেণীৰ শোচনীয় পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সংবিধান প্রণেতাসকলে তেওঁলোকৰ উন্নয়নৰ বাবে বিশেষ কিছুমান বিধানৰ ব্যৱস্থা কৰিছে। এই বিশেষ বিধানসমূহ সুৰক্ষাত্মক বৈষম্যৰ ভিতৰুৱা আৰু আৰক্ষণ নীতিও এই সুৰক্ষাত্মক বৈষম্যনীতিৰ এক উদাহৰণ।

আৰক্ষণ নীতি সংবিধানৰ সুৰক্ষাত্মক বৈষম্য নীতিৰ ভিত্তিত সংগঠিত। সংবিধান প্রণেতাসকলে বুজি উঠিছিল যে, কেৱল সমান সা-সুবিধাই সমাজৰ পিছপৰা শ্ৰেণীটোক, অন্যান্য সামাজিক অংশৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ বাবে যথেষ্ট নহয়৷ সেয়েহে তেওঁলোকে পিছপৰা শ্ৰেণীটোৰ বাবে সুৰক্ষাত্মক বৈষম্যৰ নীতিৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল। সমান সা-সুবিধাই, সমান অৱস্থাৰ অনুপস্থিতিত সাম্যভাৱৰ বিপৰীতে অসতাহে গাঢ় কৰে। মনকৰিবলগীয়া যে, সুৰক্ষাত্মক বৈষম্য সমতাৰ অধিকাৰৰ ব্যতিৰেক নহয় বৰং তাৰ এক অভিন্ন অংশহে।

অনুসূচীত জাতি, অনুসূচীত জনজাতিৰ বাবে আৰক্ষণঃ সংবিধানে তিনিটা বৰ্গৰ লোকক পিছপৰা শ্ৰেণী হিচাপে অভিহিত কৰিছে। সংবিধানে অনুসূচীত জাতি আৰু জনজাতিৰ বাবে তিনিধৰণৰ আৰক্ষণৰ ব্যৱস্থা কৰিছে। সেইসমূহ হ’ল—

১। চৰকাৰী সেৱা তথা ৰাজহুৱা খণ্ডত চাকৰি আৰক্ষণ।

২। শিক্ষানুষ্ঠানত আৰক্ষণ।

৩। বিধানমণ্ডল সংক্রান্তীয় প্রতিনিধিত্বৰ ক্ষেত্ৰত আৰক্ষণ। 

অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে আৰক্ষণঃ অন্যান্য পিছপৰা শ্ৰেণীসমূহক নির্দিষ্টকৰণ তথা চিনাক্তকৰণৰ দায়িত্ব কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক অৰ্পণ কৰা হৈছিল।

অধিকাংশ ৰাজ্যত যেনে— তামিলনাড়ু, অন্ধ্রপ্রদেশ, কেৰেলা, গুজৰাট, বিহাৰ ইত্যাদি ৰাজ্যত অন্যান্য পিছপৰা শ্ৰেণীসমূহৰ আন্দোলন বৰ শক্তিশালী হৈ পৰিছিল, য’ত ৰাজ্যিক চৰকাৰসমূহে ৰাজহুৱা সেৱাখণ্ডত চাকৰি আৰু শিক্ষানুষ্ঠানসমূহত, সকলো স্তৰতে আৰক্ষণৰ ব্যৱস্তা কৰিছিল। কেন্দ্ৰীয় চৰকাৰে ১৯৫৩ চনত সংবিধানৰ ৩৪০ নং অনুচ্ছেদ মৰ্মে কালেকৰ আয়োগ গঠন কৰিছিল। এই আয়োগে ১৯৫৬ চনত তাৰ প্ৰতিবেদন দাখিল কৰিছিল, কিন্তু কেন্দ্ৰীয় চৰকাৰে তাৰ পৰামৰ্শৱালী কাৰ্যকৰীকৰণ কৰা নাছিল। সংবিধানৰ ৩৪০ নং অনুচ্ছেদ মর্মে সংগঠিত দ্বিতীয়খন আয়োগ হ’ল মণ্ডল আয়োগ ১৯৭৮ চনত গঠিত হৈছিল আৰু ১৯৮২ চনত তাৰ প্ৰতিবেদন দাখিল কৰিছিল। এই আয়োগে ৩৯৪৩ টা জাতিক অন্যান্য পিছপৰা শ্ৰেণীৰ (OBC) পৰিসৰত চিহ্নিত কৰিছে আৰু চৰকাৰী তথা অৰ্ধ চৰকাৰী চাকৰি তথা শিক্ষানুষ্ঠানত নামভৰ্তিৰ ক্ষেত্ৰত ২৭ শতাংশ আৰক্ষণৰ পৰামৰ্শ দিছে।

মহিলাৰ আৰক্ষণৰ গুৰুত্বঃ ভাৰতৰ সৰ্বমুঠ জনসংখ্যাৰ প্ৰায় অর্ধেকখিনিয়েই মহিলা। কিন্তু নিৰক্ষৰতা, দৰিদ্ৰতা আৰু নিম্ন-সামাজিক মূল্যবোধৰ বাবে তেওঁলোকৰ অৱস্থা দুৰ্ভাগ্যজনক। এই চলিত অৱস্থাৰাজিৰ পৰিপ্ৰেক্ষিতত, ঘৰৰ গোলামীৰ পৰা স্বাতন্ত্র্যতা প্ৰদানৰ স্বাৰ্থত মহিলাৰ বাবে আৰক্ষণৰ ব্যৱস্থা কৰা হৈছিল ৷ ভাৰতীয় প্ৰতিনিধিমূলক গণতন্ত্ৰৰ সকলো স্তৰতে তথা ৰাজ্যিক প্রশাসনিক সেৱাসমূহত মহিলাৰ বাবে আৰক্ষণৰ প্ৰশ্নটো সদায় বিবাদসিক্ত ৷ পঞ্চায়তীৰাজ ব্যৱস্থাত, পঞ্চায়ত, উন্নয়নখণ্ড আৰু জিলা পৰ্যায়ত মহিলাৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। কিছুসংখ্যক ৰাজনৈতিক দলে সংসদীয় নির্বাচন তথা ৰাজ্যিক বিধানমণ্ডলসমূহৰ নিৰ্বাচনৰ ক্ষেত্ৰত অতি কমেও ৩০ শতাংশ টিকট মহিলা প্ৰাৰ্থীক প্ৰদান কৰা বিষয়ক এক বিবাদত লিপ্ত হৈ আছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top