ASOS Class 12 Political Science Chapter 21 জনমত আৰু প্ৰভাৱগোষ্ঠী

ASOS Class 12 Political Science Chapter 21 জনমত আৰু প্ৰভাৱগোষ্ঠী, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 21 জনমত আৰু প্ৰভাৱগোষ্ঠী and select needs one.

ASOS Class 12 Political Science Chapter 21 জনমত আৰু প্ৰভাৱগোষ্ঠী

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 21 জনমত আৰু প্ৰভাৱগোষ্ঠী Solutions for All Subject, You can practice these here.

জনমত আৰু প্ৰভাৱগোষ্ঠী

Chapter : 21

21.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

(ক) জনগণ হৈছে সমাজৰ কিছুসংখ্যক জনসাধাৰণ যিয়ে_____(উমৈহতীয়া/ নির্দিষ্ট) স্বাৰ্থ বহন কৰে৷

উত্তৰঃ জনগণ হৈছে সমাজৰ কিছুসংখ্যক জনসাধাৰণ যিয়ে উমৈহতীয়া স্বাৰ্থ বহন কৰে।

(খ) জনমত হৈছে কিছুসংখ্যক বা বহুসংখ্যক জনসমষ্টিৰ______(সংঘবদ্ধ আৰু বিবেচিত/ ব্যক্তিগত আৰু বিশেষজ্ঞৰ) এক ৰাজহুৱা বিষয়ৰ ওপৰত ব্যক্ত কৰা মতামত।

উত্তৰঃ জনমত হৈছে কিছুসংখ্যক বা বহুসংখ্যক জনসমষ্টিৰ সংঘবদ্ধ আৰু বিবেচিত এক ৰাজহুৱা বিষয়ৰ ওপৰত ব্যক্ত কৰা মতামত।

(গ) জনমত সমগ্ৰ জনসমষ্টিৰ এক সৰ্বসন্মত মতামত_____ (হয়/ নহয়)

উত্তৰঃ জনমত সমগ্ৰ জনসমষ্টিৰ এক সৰ্বসন্মত মতামত নহয়।

(ঘ) জনমতৰ বাবে এক নির্দিষ্ট এলেকা____ (লাগে/ নালাগে) 

উত্তৰঃ জনমৰ বাবে এক নির্দিষ্ট এলেকা নালাগে।

21.2. পাঠ্য অন্তর্গত প্রশ্নাবলীৰ উত্তৰ

I. খালী ঠাই পূৰ কৰাঃ 

(ক) চৰকাৰে নীতি ৰচনা কৰা আৰু আইন গ্ৰহণ কৰাৰ সময়ত (জনমতক/ ৰাজনৈতিক দলৰ মতামতক) গুৰুত্ব সহকাৰে লয়। 

উত্তৰঃ চৰকাৰে নীতি ৰচনা কৰা আৰু আইন গ্ৰহণ কৰাৰ সময়ত জনমতক গুৰুত্ব সহকাৰে লয়।

(খ) জনমতে চৰকাৰৰ বাবে_____(পহৰাদাৰী/ বন্ধুৰ) ভূমিকা পালন কৰে।

উত্তৰঃ জনমতে চৰকাৰৰ বাবে পহৰাদাৰীৰ ভূমিকা পালন কৰে।

(গ) বৰ্তমান সময়ত চৰকাৰ জনমতৰ প্ৰতি সচেতন_____। (হয়/ নহয়)

উত্তৰঃ বৰ্তমান সময়ত চৰকাৰ জনমতৰ প্ৰতি সচেতন হয়।

(ঘ) জনমতৰ বাবে এক নির্দিষ্ট এলেকা_____। (লাগে/ নালাগে)

উত্তৰঃ জনমতৰ বাবে এক নির্দিষ্ট এলেকা লাগে।

II. সত্য নে অসত্য চিনা দিয়াঃ

(ক) চৰকাৰে জনমতক সহজে আওকাণ কৰিব পাৰে (সত্য/ অসত্য)। 

উত্তৰঃ অসত্য।

(খ) জনমতে চৰকাৰৰ স্বেচ্ছাচাৰি কাৰ্যক ৰোধ কৰে। (সত্য/ অসত্য )। 

উত্তৰঃ সত্য।

(গ) অধিকাৰ আৰু স্বাধীনতা ৰক্ষণাবেক্ষণত জনমতৰ ভূমিকা নাই। (সত্য/ অসত্য)।

উত্তৰঃ অসত্য।

(ঘ) আন্তর্জাতিক সম্পর্ক জনমৰ দ্বাৰা প্ৰভাৱান্বিত হয়। (সত্য/ অসত্য)। 

উত্তৰঃ সত্য।

21.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

I. শুদ্ধ উত্তৰত (✓) চিন দিয়াঃ

(ক) পৰিয়াল আৰু ঘৰ জনমত প্ৰভাৱান্বিত কৰা অনানুষ্ঠানিক এজেন্সি। (সত্য /অসত্য)

উত্তৰঃ সত্য।

(খ) জনমতে মতামতৰ বৈচিত্র্যতা বহন নকৰে। (সত্য/ অসত্য)

উত্তৰঃ অসত্য।

(গ) বয়ঃসন্ধিৰ সময়ছোৱাত ল’ৰা-ছোৱালী আনৰ মতামতৰ দ্বাৰা প্ৰভাৱান্বিত নহয়। (সত্য /অসত্য)

উত্তৰঃ অসত্য।

(ঘ) নির্বাচনী জনমত চৰকৰৰ প্ৰতি জনসাধাৰণৰ সন্তুষ্টি জোখা এবিধ যন্ত্র। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

(ঙ) বৈদ্যুতিক মাধ্যমে সামাজিক জীৱনৰ দৰ্শন হিচাপে কাম কৰে। (সত্য /অসত্য)

উত্তৰঃ অসত্য।

(চ) জনসাধাৰণে স্থানীয় আৰু ৰাষ্ট্ৰীয় বিষয়সমূহৰ প্ৰতি মনোযোগ নিদিয়ে। (সত্য /অসত্য)

উত্তৰঃ অসত্য।

II. খালী ঠাই পূৰ কৰা।

(ক) দূৰদৰ্শন আৰু অঁনাতাৰ মাধ্যমে (ৰেডিঅ’)_____ (শিক্ষিত/ অশিক্ষিত) জনসাধাৰণৰ জনমত গঢ়ি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

উত্তৰঃ দূৰদৰ্শন আৰু অঁনাতাৰ মাধ্যমে (ৰেডিঅ’) অশিক্ষিত জনসাধাৰণৰ জনমত গঢ়ি দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

(খ) বোলছবি আৰু তথ্যচিত্ৰৰ জনসাধাৰণৰ চিন্তাধাৰাৰ ওপৰত_____ (স্বাভাৱিক/ অস্বাভাৱিক) প্ৰভাৱ থাকে৷

উত্তৰঃ বোলছবি আৰু তথ্যচিত্ৰৰ জনসাধাৰণৰ চিন্তাধাৰাৰ ওপৰত স্বাভাৱিক প্ৰভাৱ থাকে।

(গ) জনসভা সমূহহে_____(শ্রোতা/ দৰ্শকৰ) আৰু ভাষণ প্ৰদান কৰোতাৰ মাজত ব্যক্তিগত যোগাযোগ স্থাপন কৰে ৷  

উত্তৰঃ জনসভা সমূহহে দৰ্শক আৰু ভাষণ প্ৰদান কৰোতাৰ মাজত ব্যক্তিগত যোগাযোগ স্থাপন কৰে।

21.4 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰা৷ 

(ক) শুদ্ধ জনমতৰ বাবে, সংবাদপত্র_____(পক্ষপাতিত্ব/ পক্ষপাত নোহোৱা) আৰু ____(মুক্ত/ নিৰপেক্ষ হ’ব) লগে।

উত্তৰঃ শুদ্ধ জনমতৰ বাবে, সংবাদপত্র পক্ষপাত নোহোৱা আৰু মুক্ত হ’ব লগে।

(খ) গণতন্ত্ৰত জনসাধাৰণ আৰু ৰাজনৈতিক দল_____ (জাতি আৰু সম্প্ৰদায়ৰ /ধৰ্মনিৰপেক্ষতা আৰু দেশপ্রেম) ৰ উৰ্দ্ধত যাব লাগিব।

উত্তৰঃ গণতন্ত্ৰত জনসাধাৰণ আৰু ৰাজনৈতিক দল জাতি আৰু সম্প্ৰদায়ৰ উর্দ্ধত যাব লাগিব।

(গ) শুদ্ধ আৰু সুস্থ জনমতে অর্থনৈতিকভাৱে______ (ভাৰসাম্য থকা/ ভাৰসাম্যহীন) সমাজ এখন দাবী কৰে। 

উত্তৰঃ শুদ্ধ আৰু সুস্থ জনমতে অর্থনৈতিকভাৱে ভাৰসাম্য থকা সমাজ এখন দাবী কৰে।

21.5 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰা৷

(ক) প্ৰভাৱ গোষ্ঠীসমূহক প্ৰভাৱ গোষ্ঠী বোলা হয় কাৰণ এইবিলাকে চৰকাৰৰ ওপৰত_____(হেঁচা/ সমালোচনা) প্ৰয়োগ কৰে৷

উত্তৰঃ প্ৰভাৱ গোষ্ঠীসমূহক প্ৰভাৱ গোষ্ঠী বোলা হয় কাৰণ এইবিলাকে চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰে৷

(খ) প্ৰভাৱ গোষ্ঠীসমূহ_____(ৰাজনৈতিক দল/ এস্বেচ্ছামূলক গোট) সমূহতকৈ পৃথক যিহেতু এইবোৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে৷ 

উত্তৰঃ প্ৰভাৱ গোষ্ঠীসমূহ ৰাজনৈতিক দল সমূহতকৈ পৃথক যিহেতু এইবোৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে।

(গ) প্ৰভাৱ গোষ্ঠীয়ে_____(জনমত/ ৰাজনৈতিক দল) গঢ় দিয়াত সহায় কৰে।

উত্তৰঃ প্ৰভাৱ গোষ্ঠীয়ে জনমত গঢ় দিয়াত সহায় কৰে।

(ঘ) প্ৰভাৱ গোষ্ঠীসমূহৰ কাম কৰাৰ পদ্ধতি আৰু কৌশল বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ সৈতে_____(ভিন্ন/ একে)।

উত্তৰঃ প্ৰভাৱ গোষ্ঠীসমূহৰ কাম কৰাৰ পদ্ধতি আৰু কৌশল বিভিন্ন ৰাজনৈতিক ব্যৱস্থাৰ সৈতে ভিন্ন।

(ঙ) ৰাজনৈতিক সংস্কৃতি, জনসাধাৰণ আৰু নেতা সকলৰ দৃষ্টিবংগীয়ে প্ৰভাৱ গোষ্ঠীৰ কামকাজত_____ (প্ৰভাৱ পেলায়/ প্ৰভাৱ নেপেলায়)। 

উত্তৰঃ ৰাজনৈতিক সংস্কৃতি, জনসাধাৰণ আৰু নেতাসকলৰ দৃষ্টিবংগীয়ে প্ৰভাৱ গোষ্ঠীৰ কামকাজত প্ৰভাৱ পেলায়।

21.6 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰা।

(ক) প্ৰভাৱ গোষ্ঠীসমূহে ৰাইজক বিভিন্ন_____(ৰাজহুৱা/ ব্যক্তিগত) বিষয়ৰ প্ৰতি অনুভূতি প্ৰৱল কৰি তোলে।

উত্তৰঃ প্ৰভাৱ গোষ্ঠীসমূহে ৰাইজক বিভিন্ন ৰাজহুৱা বিষয়ৰ প্ৰতি অনুভূতি প্ৰৱল কৰি তোলে৷

(খ) _____আৰু_____মাজত (চৰকাৰ, নাগৰিক/ চৰকাৰ, ৰাজনৈতিক দল) এইবোৰে যোগসূত্ৰ হিচাপে কাম কৰে৷

উত্তৰঃ চৰকাৰ আৰু নাগৰিকৰ মাজত এইবোৰে যোগসূত্ৰ হিচাপে কাম কৰে।

(গ) _____এখন দেশৰ প্ৰভাবগোষ্ঠীৰ কাৰ্যাৱলী আৰু লক্ষ্য নিৰ্ধাৰণ কৰে। 

উত্তৰঃ ৰাজনৈতিক অনুষ্ঠান এখন দেশৰ প্ৰভাবগোষ্ঠীৰ কাৰ্যাৱলী আৰু লক্ষ্য নিৰ্ধাৰণ কৰে৷

21.7 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰা।

(ক) প্ৰভাৱগোষ্ঠীয়ে চৰকাৰক হেঁচা প্ৰয়েগ কৰাৰ বাবে_____কৌশল গ্ৰহণ কৰে। (উদাৰপন্থী/ চৰমপন্থী)

উত্তৰঃ প্ৰভাৱগোষ্ঠীয়ে চৰকাৰক হেঁচা প্ৰয়েগ কৰাৰ বাবে চৰমপন্থী কৌশল গ্ৰহণ কৰে।

(খ) _____প্ৰভাৱগোষ্ঠীসূহে নিজৰ দাবীসমূহ পূৰ্ণ কৰাবলৈ সক্ষম। (শক্তিশালী/ দুর্বল)

উত্তৰঃ শক্তিশালী প্ৰভাৱগোষ্ঠীসূহে নিজৰ দাবীসমূহ পূৰ্ণ কৰাবলৈ সক্ষম।

(গ) প্ৰভাৱগোষ্ঠীসমূহে বিভিন্ন____কৌশল অৱলম্বন কৰি জনমতক আকৃতি দিয়াৰ চেষ্ট কৰে। (প্ৰচাৰ/ গোপনীয়)

উত্তৰঃ প্ৰভাৱগোষ্ঠীসমূহে বিভিন্ন প্ৰচাৰ কৌশল অৱলম্বন কৰি জনমতক আকৃতি দিয়াৰ চেষ্ট কৰে।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. জনমতৰ সংজ্ঞা দিয়া। 

উত্তৰঃ সাধাৰণ অৰ্থত জনমত বুলিলে জনসাধাৰণৰ মতামতক বুজায়। Public বা জনগণৰ অৰ্থ জনসাধাৰণ নহয়। জনসাধাৰণ বুলি কেৱলমাত্র এক নিৰ্দিষ্ট কিছুমান মানুহৰ সমষ্টি নুবুজায়। প্ৰকৃততে বহুতো মানুহক একেলগে বুজাবলৈ জনগণ শব্দটো ব্যৱহাৰ কৰা হয়। সমগ্র জনসমষ্টিয়ে এটা নির্দিষ্ট জনগণক প্ৰতিনিধিত্ব নকৰে যাৰ উমৈহতীয়া একে মদামত বা দৃষ্টিভংগী থাকে। ‘জনগণ’ এক স্থায়ী মানুহ কিছুমানৰ সমষ্টি নহয়। ই সমাজৰ কিছুসংখ্যক জনসাধাৰণক বুজায় যিয়ে উমৈহতীয়া স্বাৰ্থ বহন কৰে। ই ৰাজহুৱা কিছু বিষয়ত সৰ্বসন্মত মতামত ব্যক্ত কৰে।

সেয়েহে জনমত বুলিলে সকলো সাধাৰণ ৰাইজৰ মতামতক নুবুজায়। ই সংখ্যাগৰিষ্ঠৰ মতামতকো নুবুজায়। যিহেতু বিভিন্ন ধৰণৰ জনসাধাৰণ থাকে সেয়েহে মতামত আৰু সমস্যাও বিভিন্ন হোৱা দেখা যায় । জনমতত মতামতৰ ভিন্নতা পৰিলক্ষিত হয়।

এইটো বোধগম্য হোৱা প্ৰয়োজন যে জনমত বুলিলে এজন ব্যক্তি বিশেষৰ অতি সন্মানীয় ব্যক্তিত হ’লেও মতামতক নুবুজায়। ই ব্যক্তিগত মতামতক নুবুজায়। ই কোনো বুদ্ধিজীৱী অথবা জ্ঞানীলোকৰ মতামতো নহয়। জনমত এটা ৰাজহুৱা বিষয়ৰ ওপৰত সংঘবদ্ধ ৰূপত ব্যক্ত কৰা আৰু কিছুমান জনসমষ্টিৰ বিবেচিত মত। ই সঠিক ৰূপত ‘জনগণ’ আৰু ‘মতামত’। ই এক নীতি অথবা জনসম্পৰ্কীয় অনুশীলনী নহয়।

2. ভাৰতৰ গণতান্ত্রিক ব্যৱস্থাত জনমতৰ ভূমিকা।

উত্তৰঃ গণতান্ত্রিক যোগসূত্ৰ ব্যৱস্থাত জনমত অতি প্রয়োজনীয় কাৰক বুলি গণ্য কৰা হয় । জনমত হৈছে নাগৰিকৰ মতামত প্রকাশ । কোনো চৰকাৰে ইয়াক আওকাণ কৰিব নোৱাৰে। বলিষ্ঠ আৰু সুদৃঢ় জনমতে স্বেচ্ছাচাৰী-শাসকৰ শাসন ব্যৱস্থাৰ ভেটি লৰাবও পাৰে। গণতান্ত্ৰিক ব্যৱস্থাৰ সফলতা জনসাধাৰণৰ মন আৰু শক্তিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। গণতান্ত্রিক উদ্দেশ্য সফল কৰাত জনমতৰ প্ৰাসংগিকতা অধিক। ই সচেতনতা বৃদ্ধি কৰে আৰু বিষয়বোৰ পৰীক্ষানিৰীক্ষা কৰিবৰ বাবে বেলে বেলেগ দৃষ্টিকোণৰ পৰা মত সংগ্ৰহকৰে। জনমতৰ । তাৎপৰ্য আৰু ভূমিকা তলত দিয়া ধৰণে ব্যাখ্যা কৰিব পাৰি৷

(ক) চৰকাৰৰ পথ প্ৰদৰ্শকঃ নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত জনমতে চৰকাৰৰ পথ প্ৰদৰ্শকৰ কাম কৰে। নিৰ্বাচনত বহুমত পোৱাৰ পিছত চৰকাৰে সেই সংখ্যাগৰিষ্ঠ মৰ ভিত্তিত কাম কৰে আৰু নিৰ্বাচনৰ সময়ত কৰা প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ প্ৰচেষ্টা কৰে।

(খ) আইন ৰচনা কৰাত সহায়কঃ চৰকাৰ সদায়েই জনমতৰ প্ৰভাৱত থাকে আৰু আইন ৰচনা কৰাৰ সময়ত ই সামূহিক কল্যাণৰ বিষয়ে সদা সতৰ্ক থাকে। চৰকাৰী নীতিসমূহ প্ৰকৃতপক্ষে জনমতৰ দ্বাৰা বিভিন্ন দিশত প্ৰভাৱান্বিত হয়। জমনতে বিশেষ পৰিস্থিতিত চৰকাৰ নীতি নিৰ্ধাৰণ কৰোতে সহায়ক হয়।

(গ) পহৰাদাৰীৰ ভূমিকাঃ জনমতে সতৰ্ক পহৰাদাৰীৰ ভূমিকা পালন কৰে ৷ ই চৰকাৰক দায়িত্বহীন হোৱাৰ পৰা বাৰণ কৰে। জনমতে যেতিয়া চৰকাৰৰ নীতিসমূহ সমালোচনা কৰে, ইচৰকাৰক সতৰ্ক কৰি ৰাখে। চৰকাৰে সদায় সজাগ হৈ থাকে যে যদি জনমতক আওকাণ কৰা যায় তেনেহ’লে আকৌ ক্ষমতালৈ অহাটো সম্ভৱপৰ নহ’ব।

(ঘ) অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষণাবেক্ষণঃ জনমতে নাগৰিকৰ অধিকাৰ আৰু স্বাধীনতাৰ ৰক্ষক হিচাপে কাম কৰে। গণতন্ত্ৰত জনসাধাৰণে চৰকাৰক নিজৰৰ মতে সমালোচনা বা সমৰ্থন কৰাৰ অধিকাৰ আছে। ইতিবাচক আৰু ফলদায়ক অধিকাৰৰ ব্যৱহাৰে চৰকাৰক সজাগ কৰি ৰখাই নহয় ই জনসাধাৰণৰ অধিকাৰৰ প্ৰতি চৰকাৰক সক্ৰিয় কৰিও ৰাখে৷

(ঙ) আন্তর্জাতিক ক্ষেত্ৰত শক্তিশালী শক্তিৰ ভূমিকা পালনঃ জনমতে বিশ্বজুৰি এক গুৰুত্ব লাভ কৰিছে। প্ৰকৃতাৰ্থত আন্তর্জাতিক ৰাজনীতিত জনমতৰ দ্বাৰা প্রভাবান্বিত হয়। বিশ্বায়নৰ এই সময়ত, কিছুমান বিষয় যেনে— মানৱ অধিকাৰৰ সুৰক্ষা আৰু উন্নতিকৰণ, পৰিবেশ আৰু ধৰ্ম, লিংগ, প্ৰজাতিৰ নামত বৈষম্যতা, শিশু কৰ্মী ৰোধ, উগ্ৰপন্থী আদিৰ বিষয়ৰ ওপৰত আন্তর্জাতিক সম্প্রদায়ে জনমত ওচৰত জবাবদিহি হৈ পৰে। সেয়েহে চৰকাৰ আন্তর্জাতিক জনমতৰ প্ৰতিও সদ্য সচেতন হৈ থাকে। প্রকৃততে কোনো গণতান্ত্রিক চৰকাৰে জনমতক আওকাণ কৰাৰ সাহস নকৰে৷

3. জনমৰ বিভিন্ন অভিকৰণ সমূহ আলোচনা কৰা ।

উত্তৰঃ জনমত গঠন হোৱা স্বতঃস্ফুত আৰু নিৰ্দিষ্ট প্রক্রিয়া নাই ৷ যেতিয়াই ৰাজহুৱা স্বাৰ্থজড়িত বিষয় গা কৰি উঠে, সমাজৰ বিভিন্ন শ্রেণীৰ লোকে তেওঁলোকৰ মতামত দাঙি ধৰে। এই প্ৰক্ৰিয়াত কিছুমান মতামতে বিশেষ গুৰুত্ব লাভ কৰে আৰু কিছুমানে নকৰে ৷ জনমতক আকাৰ দিয়াত আনুষ্ঠানিক আৰু অনানুষ্ঠানিক প্রক্রিয়া আছে।

(ক) ৰাজনৈতিক সামাজিকীকৰণঃ ৰাজনৈতিক সামজিকীকৰণ এক প্রক্রিয়া যাৰ দ্বাৰা প্ৰত্যেক ব্যক্তিয়ে কিছুমান ৰাজনৈতিক বিষয়ৰ প্ৰতি অৱগত হয়। ব্যক্তি এজন পৰিয়াল এটা, ওচৰচুবুৰীয়া, বন্ধুবৰ্গ আৰু একন প্ৰদেশৰ এটা এলেকাত ডাঙৰ দীঘল হয় ৷ ৰাজনৈতিক ব্যৱস্থাৰ প্ৰতি দৃষ্টিভংগী, বিশ্বাস, মূল্যবোধ আদি গোটসমূহৰ সান্নিধ্যত বিকাশ হয়। ব্যক্তিত্ব গঠন আৰু চৰিত্ৰ গঠনত পৰিয়াল আৰু বন্ধুগোটে প্ৰভাৱ বিসাতৰ কৰে। ব্যক্তিৰ মতামত আৰু আদৰ্শ গঠনত আৰু আকাৰ দিয়াত এই গোটসমূহে অৰিহণা যোগায়।

(খ) প্ৰেছঃ ছপা মাধ্যমৰ ভিতৰত বাতৰিকাকত, সাপ্তাহিক, আলোচনী, পুস্তিকা আদিয়ে জমনত গঠন কৰাত সহায় কৰে। প্ৰচাৰ মাধ্যম বা ছপা মাধ্যমে বিভিন্ন ৰাজনৈতক আৰু বিশ্বৰ সামাজিক বাতৰিসমূহৰ যোগান ধৰে । বৰ্তমানৰ বিষয়সমূহৰ ওপৰত ই আলোকপাত কৰে। প্ৰকৃতাৰ্থত গণতান্ত্ৰিক ব্যৱস্থাত জনমত পহৰাদাৰীৰ ভূমিকা গ্ৰহণ কৰে। জনসাধাৰণে চৰকাৰক সমালোচনা বা সমৰ্থন কৰাৰ বাবে বাতৰি কাকত আদিত প্ৰৱন্ধ আদিৰ জৰিয়তে প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে চৰকাৰক দায়বদ্ধ কৰি তোলে। প্ৰকৃততে প্ৰচাৰ মাধ্যমৰ জৰিয়তে চৰকাৰেও আঁচনি, নীতি আদি ৰচনা কৰোতে সহায় হয়। চৰকাৰে আঁচনি, নীতি আদি ৰচনা কৰোতে সহায় হয়। চৰকাৰে আঁচনিসমূহৰ সফলতা আদি প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনসাধাৰণৰ পৰা দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰে।

(গ) অনাতাঁৰ আৰু দূৰদৰ্শনঃ বৈদ্যুতিক মাধ্যমে জীৱন দৰ্পণ হিচাপে কাম কৰে ৷ ছপা মাধ্যমে কেৱল শিক্ষিত সকলক প্ৰভাৱান্বিত কৰে । বৈদ্যুতিক মাধ্যমে অশিক্ষিত জনগণৰ মাজত চিন্তা, দৃষ্টিভংগী আদিক প্রবাৱান্বিত কৰিবলৈ সক্ষম হয়। দৃশ্য-শ্রাব্য (Audio-Visual) মাধ্যমে সমাজত এক আমূল পৰিৱৰ্তন সাধন কৰি সমাজৰ পৰু কু-প্রথাসমূহ আতৰৰ কৰোৱাত বহুখিনি সফল হৈছে। জনসাধাৰণক কিছুমান বিশেষ বিষয় যেনে— সাম্প্রদায়িকতা, জাতিবাদ আদিৰ বিষয়েও শিক্ষা প্রদান কৰে। অনাতাঁৰ আৰু দূৰদৰ্শনৰ শিক্ষা প্ৰদান কৰে। অনাতাঁৰ আৰু দূৰদৰ্শনৰ জৰিয়তে জনগণে চৰকাৰৰ কাম-কাজ,নীতি-নিয়ম আদিৰ ওপৰত মতামত প্ৰকাশ কৰিব পাৰে।

(ঘ) বোলছবিঃ বোলছবি মানুহৰ মনোৰঞ্জন আৰু সজাগতাৰ এক পুৰণি মাধ্যম। ই সংস্কৃতিবান আৰু বুদ্ধিজীৱিসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰে। ই সমাজৰ পুৰহি ৰীতি-নীতি আঁতৰাই নতুন আদৰ্শ আৰু নীতিৰ সূচনা কৰে। বোলছবি আৰু তথ্যচিত্ৰসমূহে মানুহৰ চিন্তাধাৰাক স্বাভাৱিকতে প্ৰভাৱান্বিত কৰিব পাৰে। এই দৃশ্য-শ্রাব্য (Audio-Visual) পদ্ধতিয়ে অশিক্ষিত লোকসকলকো যথেষ্ট প্রভাৱান্বিত কৰা দেখা যায়৷

(ঙ) জনসভাঃ বিভিন্ন সামাজিক, সাংস্কৃতিক, বৌদ্ধিক, ৰাজনৈতিক কার্যকলাপৰ বাবে জনমতক বা জনসভা অতি গুৰুত্বপূৰ্ণ। ৰাজহুৱা বিষয়সমূহ, বক্তৃতা, ভাষণ, সভা, কৰ্মশালা আদিৰ জৰিয়তে জনসাধাৰণৰ মতামত গ্ৰহণৰ চেষ্টা কৰে। এই জনসভাৰ জৰিয়তে জনসাধাৰণৰ সৈতে এক ব্যক্তিগত আৰু আৱেগিক সম্পর্ক স্থাপন কৰি মতামত প্রণোদিত কৰাৰ প্ৰচেষ্টা কৰে।

(চ) ৰাজনৈতিক দল আৰু কাৰ্যকলাপঃ ৰাজনৈতিক দলে জনমত গটন কৰে। এই দলসমূহক জনমত সৰবৰাহী কাৰক বুলি কোৱা হয়। ৰাজনৈতিক দলসমূহে জনসাধাৰণক ৰাজনৈতিক বিষয়সমূহৰ প্ৰতি সজাগ কৰে। তেওঁলোকৰ উদ্দেশ্যটো হৈছে জনসাধাৰণক ৰাজনৈতিকভাৱে সচেতন কৰাই ৰাজহুৱা বিষয়সমূহৰ বিষয়ে চিন্তা কৰোৱা । ৰাজনৈতিক দলসমূহে আলোচনী, পুস্তিকা, ইস্তাহাৰ, ফলক আদি প্ৰকাশ কৰি জনসাধাৰণৰ মতামত নিজৰ পক্ষত আনিবলৈ চেষ্টা কৰে।

(ছ) নির্বাচনী মতামতঃ নির্বাচনী মতামতসমূহে জনমত লোৱাৰ সময়ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ই বিভিন্ন বিষয়ত যেনে— ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদিৰ ওপৰত জনসাধাৰণৰ পৰা মতামতৰ তথ্য সংগ্ৰহ কৰাৰ এক ফলপ্ৰসূ ব্যৱস্থা। সাধাৰণতে এনে ধৰণে মতামত সংগ্ৰহ কৰে কিছুমান পেছাগত সংস্থাই, জনসাধাৰণৰ মাজৰ পৰা কিছুমান বাচনি গোট তৈয়াৰ কৰি। শেহতীয়াভাৱে এই পদ্ধতিটো জনমত সংগ্ৰহ কৰা আৰু পৰ্যালোচনা কৰাৰ বাবে অতি ফলপ্রসূ প্রমাণিত হৈছে। এনেধৰণৰ ঘটনাও হৈছে য’ত নির্বাচনী মতামতসমূহে পৰিস্থিতি শুদ্ধভাৱে ব্যাখ্যা কৰিব নোৱাৰাৰ ফলত নিৰ্বাচনী মতামত ভূল প্রমাণিত হৈছে। কিন্তু এনেধৰণৰ মতামত নিশ্চয়কৈ অতি ফলদায়ক।

(জ) শিক্ষা অনুষ্ঠানঃ শিক্ষা অনুষ্ঠানসমূহে স্কুল, কলেজ, পুথিভঁৰাল, অধ্যয়ন গোট, বিশ্ববিদ্যালয় আদি সাঙুৰি লয়। ই জনমত বহু পৰিমাণে আকাৰ দিব পাৰে। বয়ঃসন্ধিৰ সময়ছোৱাত ল’ৰা-ছোৱালী আনৰ মতামতৰ দ্বাৰা সহজে অনুপ্রাণিত হয়। সেয়েহে শুদ্ধ অনুশীলন এই বয়সৰ ল’ৰা-ছোৱালীৰ বাবে অতি প্রয়োজন। প্রসিদ্ধ নেতা, পণ্ডিত আৰু শিক্ষাবিদ আদিয়ে শিশুসকলৰ নেতৃত্বশালী গুণৰাজিৰ বিকাশ সাধনত সহায় কৰে। তেওঁলোকৰ মতামত আদর্শ আদিক অনুভূতি প্ৰৱণ কৰাৰ প্ৰচেষ্টা কৰে বিভিন্ন আলোচনা, তৰ্ক সভা আদিৰ জৰিয়তে। বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ প্ৰতি ল’ৰা-ছোৱালীৰ মনত জ্ঞান বৃদ্ধিৰ বাবে আয়োজন কৰা নাটক, শ্লোগান, লেখনী, আলোচনা চক্র, প্রতিযোগিতা আদিৰ দৰে সহ-পাঠ্যক্ৰমী কাৰ্যাৱলীসমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

4. জনমত গঠনৰ আঁসোৱাহসমূহ আলোচনা কৰা৷

উত্তৰঃ যেতিয়ালৈ তলত উল্লেখ কৰা আসোঁৱাহসমূহ দূৰ কৰা নহয় তেতিয়ালৈকে জনমত জনসাধাৰণৰ ধাৰণাৰ প্ৰকৃতি প্ৰতিফলন হয়। 

(ক) উদাসীন মনোভাৱঃ সাধাৰণতে জনসাধাৰণে ৰাজনৈতিক কার্যকলাপৰ পৰা নিজকে বিৰত ৰাখিব বিচাৰে। ৰাজহুৱা বিষয়ত তেওঁলোকে মনোযোগ নলয়৷ তেওলোকে ভাবে যে ৰাজনৈতিক সিদ্ধান্ত গ্রহণ প্ৰক্ৰিয়াত তেওঁলোকৰ জড়িত হোৱা প্ৰয়োজন নাই। এই উদাসীন মনোভাবৰ পৰিৱৰ্তে অংশগ্রহণ মনোভাৰ প্ৰয়োজন ৷ নিজৰ দেশৰ বিষয়সমূহৰ ওপৰত মনোযোগ দিয়াৰ বাবে জনসাধাৰণক উদ্দেশ্যপ্ৰৱণ হোৱাৰ প্ৰয়োজন৷ ৰাষ্ট্ৰৰ ঐক্য, অখণ্ডতা আৰু বিকাশৰ বিষয়সমূহৰ প্ৰতি জনসাধাৰণ অনুভূতি প্ৰৱণ হোৱা প্ৰয়োজন ৷

(খ) নিৰক্ষৰতাঃ জ্ঞানী আৰু শিক্ষিত মানুহক ভাল ভোটদাতা আৰু নাগৰিক হ’ব বুলি আশা কৰা যায়। আনহাতে অশিক্ষিত লোকসকলে সীমিত জ্ঞানেৰে ৰাজনৈতিক সমস্যাসমূহ বুজিব সহজ নহয়৷ তেওঁলোকে যুক্তিপূর্ণ, ফলপ্রসূ জনমত গঢ়ি তুলিব নোৱাৰে কাৰণ তেওঁলোক অনুৰাগ, অনুভূতি আদিৰ দ্বাৰা পৰিচালিত নহয়। নিৰক্ষৰতাৰ ফলত হোৱা অজ্ঞতা সামাজিক জীৱনৰ বাবে শাওপাত স্বৰূপ৷ শিক্ষা আৰু জ্ঞানৰ ওপৰতহে জনমত গঢ় ল’ব পাৰে৷

(গ) দাৰিদ্ৰতাঃ দৰিদ্ৰ সকলক ৰাজনীতিৰ পৰা সদায় পৃথক। ৰাজহুৱা কামকাজত অংশ গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময়ৰ অভাৱ। ৰাজনীতিবিদসকলক ডাঙৰ ডাঙৰ ভাষণৰ দ্বাৰা এওঁলোক সহজে প্রভাৱান্বিত হৈ ভোটদান কৰে আৰু কেতিয়াবা ভোট বিক্ৰী কৰে। চৰকাৰী, বেচৰকাৰী সংগঠন আৰু প্ৰভাৱগোষ্ঠীসমূহ এইক্ষেত্ৰত ফলপ্রসূ ভূমিকা ল’ব পাৰে। ধনী আৰু দুখীয়াৰ মাজত ব্যৱধান কম কৰি সম্পত্তিৰ সমবিতৰণৰ ব্যৱস্থা কৰিব লাগিব। শুদ্ধ, বলিষ্ঠ জনমত গঠনৰ বাবে দৰিদ্ৰতা নিৰ্মূলৰ প্ৰয়োজন।

(ঘ) বিভিন্ন জাতি সম্প্ৰদায়ৰ মাজৰ অশান্তিঃ গণতন্ত্ৰত জনসাধাৰণ আৰু ৰাজনৈতিক দল জাতিবাদ বা সাম্প্রদায়িকতাৰ উৰ্দ্ধত গৈ কাম কৰিব লাগিব। তেওঁলোকে ধৰ্ম আৰু শ্ৰেণীৰ নামত নিজৰ মাজত বিবাজন আনিব নালাগে। ধৰ্ম আৰু ৰাজনীতিক পৃথক কৰি ৰাখিব লাগে। সামাজিক শান্তিয়ে সুস্থ জনমত গঢ়ি তোলাত সহায়ক হয়।

(ঙ) মুক্ত সংবাদপত্রঃ স্বাধনি কোনো পক্ষপাতিত্ব নথকা, উদ্দেশ্যযুক্ত নির্ভিক সংবাদ মাধ্যমে সুস্থ জনমত গঠন কৰাত প্ৰধান ভূমিকা পালন কৰে। সংবাদপত্র, ধার্মিক পুঁজিপতি অথবা আঞ্চলিক স্বাৰ্থৰ দ্বাৰা প্ৰভাৱান্বিত হ’ব নালাগে। মুক্ত প্রকাশে সদায় নিৰপেক্ষ, প্ৰমাণিত বাতৰিহে প্ৰকাশ কৰিব লাগে।

5. ভাৰতবৰ্ষত কিহৰ ভিত্তিত প্ৰভাৱগোষ্ঠী সমূহক শ্রেণীবিভাগ কৰা হয়? 

উত্তৰঃ নিজৰ স্বাৰ্থপূৰণৰ অৰ্থে এই গোষ্ঠীসমূহে সিদ্ধান্ত প্ৰক্ৰিয়াত প্ৰভাৱান্বিত কৰে। বহল অৰ্থত এই গোষ্ঠীসমূহৰ উদ্দেশ্য আৰু লক্ষ্য অনুসৰি ইয়াক চাৰিটা ভাগত শ্রেণীবিভাগ কৰিব পাৰি৷

(ক) পেছাগত প্ৰভাৱগোষ্ঠীঃ এনেধৰণৰ প্ৰভাৱগোষ্ঠী কোনো বিশেষ পেছাৰ কৰ্মচাৰীসকলে নিজৰ স্বাৰ্থসুৰক্ষাৰ অৰ্থে গঠন কৰে। বৃহৎ ব্যৱসায়ী গোষ্ঠীসমূহৰ বৃহৎ সম্পদক উৎসৰ লগতে কাৰিকৰী আৰু পৰিচালনাৰ মানৱ সম্পদৰ প্ৰচুৰ যোগান থকা বাবে চৰকাৰৰ উচ্চ পৰ্যায়ৰ লগত গণ সংযোগ মাধ্যমৰ লগত, প্ৰশাসন আৰু বিৰোধী দলৰ লগত এক ঘনিষ্ঠ সম্পর্ক থাকে ফলত এই ব্যৱসায়ী গোষ্ঠীসমূহৰ অতি বলিষ্ঠ আৰু সাংগটনিক প্ৰভাৱ গোষ্ঠী থাকে ৷

বিভিন্ন বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংসদ বা বিধানমণ্ডলত এক শক্তিশালী বল থাকে। ইহঁতৰ নিজৰ প্ৰতিনিধি আৰু জনসংযোগকাৰী বিষয়াও থাকে যিয়ে প্রসাসন আৰু আমোলাতন্ত্ৰৰ সৈতে সংযোগ বজাই ৰাখে। ভাৰতবৰ্ষত FICCI হৈছে ব্যক্তিগত পুঁজিৰ এক বৃহৎ প্ৰভাৱশালী সংগঠন। ই 40,000 হাজাৰতকৈও অধিক পামক (firm) প্রতিনিধিত্ব কৰে। ইয়াৰ এক বৃহৎ ব্যৱসায়িক প্রতিষ্ঠান খণ্ড আছে। ৰাজনৈতিক দলসমূহ অনুদানৰ বাবে এইবোৰৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰ পৰিৱৰ্তে এই পামবোৰক বাণিজ্য, বিনিয়োগ, কৰ ইত্যাদিত যথেষ্ট ৰেহাই আদি দিয়া হয় । এই বিশ্বায়ন আৰু উদাৰিকৰণৰ সময়ছোৱাত FICCI ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। চৰকাৰে গুৰুত্বপূৰ্ণ বিষয়ত বিষয়সমূহত বিশেষকৈ অর্থনৈতিক আৰু বাণিজ্যিক বিষয়সমূহত এইবিলাকৰ পৰা পৰামৰ্শ গ্ৰহণ কৰে।

আন কিছু ব্যৱসায়িক প্রতিষ্ঠান গোট হৈছে ASSOCHAM অর্থাৎ এছ’’চিয়েটেড চেম্বাৰ্চ অব কমাৰ্চ, কলফেডাৰেচন অব ইণ্ডিয়ান ইণ্ডাষ্ট্রিজ (CII), টাটা (TATA), বিলৰা (Birla), ডি.চি.এম. (DCM), ডাৰমিয়া আৰু হিন্দুস্তান লিভাৰ ইত্যাদি। এই আটাইবোৰে চৰকাৰৰ ঔদ্যোগিক নীতি আৰু আইনক প্ৰভাৱান্বিত কৰিব চেষ্টা কৰে। পেছাগত প্ৰভাৱগোষ্ঠীৰ ভিতৰত শ্রমিক সংঘ, কৃষক সংঘ, শিক্ষক আৰু ছাত্ৰ সংগঠন আৰু সৰ্বভাৰতীয় চিকিৎসক সংস্থা, সৰ্বভাৰতীয় ডাক আৰু দূৰসংযোগ কৰ্মচাৰী সংস্থা আদি। গতিকে বছৰ ধৰি এইটো দেখা গৈছে যে বিত্তীয় ক্ষেত্ৰত, ঔদ্যোগিক আৰু ব্যৱসায়িক গোষ্ঠীৰ প্ৰভাৱ যথেষ্ট।

(খ) সামাজিক-সাংস্কৃতিক প্ৰভাৱগোষ্ঠীঃ বিভিন্ন ধৰণৰ সামাজিক-সাংস্কৃতিক প্ৰভাৱগোষ্ঠী আছে যিবোৰ একোটা একোটা সম্প্ৰদায়ৰ বিভিন্ন সেৱা কাৰ্য আৰু সামূহিক কল্যাণৰ সৈতে জড়িত। আন কিছুসংখ্যক আছে যিবোৰ ভাষা আৰু ধৰ্মীয় কল্যাণৰ সৈতে জড়িত। উদাহৰণস্বৰূপে

আর্য প্রতিনিধি সভা, জন সেৱা সংঘ, ৰামকৃষ্ণ মিচন, আযসমাজ, জমাতই-ইচলামী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ, বিশ্ব হিন্দু পৰিষদ, শিৰোমনী গুৰুদ্বাৰ প্ৰৱন্ধক কমিটি, পাৰ্চী এনেমানচ, য়ং মে খ্রীষ্টান এছ’চিয়েচন, বজৰং দল, সংস্কৃত সাহিত্য একাডেমী, পাঞ্জাবী একাডেমী, মাৰাঠী সংঘ, ভাৰতীয় আদিম জাতি সংঘ, শৰণাৰ্থী সমাজ।

(গ) আনুষ্ঠানিক প্ৰভাৱগোষ্ঠীঃ কিছুমান প্ৰভাৱগোষ্ঠী চৰকাৰী যন্ত্ৰৰ ভিতৰত থাকি কাম কৰে। এইবোৰ সক্রিয়ভাৱে ৰাজনৈতিক ব্যৱস্থাত জড়িত নোহোৱাকৈ চৰকাৰৰ নীতি ৰচনা কৰাত প্ৰভাৱান্বিত কৰে। প্ৰশাসনিক সেৱা সংস্থা আৰু আৰক্ষী কল্যাণ সংগঠন, ৰেড ক্ৰচ ছ’চাইটি, চৰকাৰী বিষয়া সভা, প্ৰতিৰক্ষাকর্মী সংগঠন, সেনাবিষয়া সংস্থা, ৰেডক্ৰচ ছ’চাইটি আদি এনে ধৰণৰ প্ৰভাৱগোষ্ঠী। বিষয়াভিত্তিক সিদ্ধান্ত ল’বৰ বাবে যেনে— বদলিকৰণ- ছুটিৰ নিয়ম, প্রযোজ্য ভাট্টা, কর্তব্য-দায়িত্ব অর্পন আদিৰ ক্ষেত্ৰত প্ৰভাৱান্বিত কৰে। যদিও এই গোটসমূহৰ কাৰ্যসমূহ ৰাজহুৱা এইবোৰে ব্যৱস্থাৰ ভিতৰতে থাকি সক্ৰিয় হৈ থাকে।

(ঘ) অস্থায়ী প্ৰভাৱগোষ্ঠীঃ কিছুমান প্ৰভাৱগোষ্ঠী কিছু বিশেষ বিষয় আগত ৰাখি এটা নিৰ্দিষ্ট সময়ৰ বাবে কাম কৰে। এবাৰ কামটো সমাপ্ত হ’লে এইবোৰ বর্তি নাথাকে৷ যিকোনো জৰুৰীকালিন সময়ত, প্ৰাকৃতিক দুৰ্যোগৰ সময়ত এনে গোটসমূহে চৰকাৰৰ নীতি, আঁচনিসমূহ এনে গোটসমূহে চৰকাৰৰ নীতি, আঁচনিসমূহ তৈয়াৰ কৰোতে প্ৰভাৱান্বিত কৰে৷ এনে প্ৰভাৱগোষ্ঠীসমূহ হ’ল— উৰিষ্যা মুক্তি সংগঠন, ভূদান অনুযোজনা, কাবেৰী জল বিকেন্দ্ৰীকৰণ সংগঠন, গুজৰাট মুক্তি সংগঠন ইত্যাদি।

6. প্রভাবগোষ্ঠীৰ ভূমিকা আলোচনা কৰা৷ 

উত্তৰঃ প্ৰভাৱগোষ্ঠীৰ কাৰ্যব্যৱস্থাক গোষ্ঠীকক্ষৰ সৈতে ৰিজোৱা হয়। গোষ্ঠীকক্ষৰ ইংৰাজী শব্দ ‘Lobby’ এটা আমেৰিকাৰ শব্দ কিন্তু বর্তমান ইউৰোপৰ দেশসমূহত (গণতান্ত্রিক) আৰু জাপান আৰু আন আন দেশসমূহতো ব্যৱহাৰ হয়। ই সংসদৰ গোষ্ঠীকক্ষক বুজায় য’ত সংসদ সদস্য আৰু বিধায়কসকলে লগ হৈ সদনৰ কাম কাজ আলোচনা কৰে ৷

প্ৰভাৱগোষ্ঠীয়ে ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এইবোৰেৰ জনসাধাৰণ আৰু চৰকাৰৰ মাজত ভাবৰ আদান-প্রদানত যোগসূত্ৰৰ কাম কৰে। এই গোষ্ঠীসমূহে জনসাধাৰণক কোনো বিষয়ৰ প্ৰতি অনুভূতি জগাই ৰাজনৈতিক শিক্ষা প্ৰদান কৰে। ভবিষ্যত প্ৰজন্মৰ বাবে নেতৃত্ব হোৱাৰ আৰু ভৱিষ্যতৰ ৰাজনৈতিক নেতা হোৱাৰ প্ৰশিক্ষণ মঞ্চৰ আগবঢ়ায়। ই সমাজৰ বিভিন্ন পৰম্পৰাগত ভাবধাৰাৰ মাজত এক সুঁতিৰো কাম কৰে। ঐক্য আৰু সংহতি প্ৰতিষ্ঠা কৰোৱাতো প্ৰভাৱগোষ্ঠীৰ মুখ্য কামৰ ফল। সেয়েহে এইটো স্পষ্ট যে প্ৰভাৱগোষ্ঠীয়ে চৰকাৰ আৰু প্ৰশাসনীক আঁচনিসমূহক এনেদৰে প্ৰভাৱন্বিত কৰে।

7. প্ৰভাৱগোষ্ঠীসমূহে গ্ৰহণ কৰা বিভিন্ন কৌশলসমূহ পর্যালোচনা কৰা। 

উত্তৰঃ প্ৰভাৱগোষ্ঠীয়ে চৰকাৰী বিষয়া আৰু মন্ত্ৰী পৰিষদৰ সৈতে সম্পর্ক স্থাপনৰ কৰাৰ অৰহৰ প্ৰচেষ্টা কৰে। প্ৰভাৱগোষ্ঠীয়ে চৰকাৰৰ প্ৰক্ৰিয়াৰ প্রভাবান্বিত কৰিবলৈ বিভিন্ন কৌশল হাতত লয়। এই কৌশলসমূহ এখন দেশৰ সমাজ ব্যৱস্থা আৰু ৰাজনৈতিক ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰভাৱগোষ্ঠীয়ে তেওঁলোকৰ দাবী পূৰণৰ অৰ্থে অনুৰোধ জনাই আবেদন পত্ৰ প্ৰেৰণ কৰে। জনমতক এওলোকৰ পক্ষত সদায় ৰাখিবৰ বাবে চেষ্টা কৰে। গণমাধ্যমক প্ৰভাৱগোষ্ঠীসমূহে সচৰাচৰ ব্যৱহাৰ কৰে তেওঁলোকৰ মতামতক চৰকাৰৰ ওচৰত দাখিল কৰাৰ উদ্দেশ্যে। বিভিন্ন প্ৰচাৰ মাধ্যমৰ দ্বাৰা এই গোষ্ঠীসমূহে জনমতক গঠন কৰাৰ আৰু আকৃতি দিয়াৰ চেষ্টা কৰে। প্ৰভাৱগোষ্ঠীসমূহে গোষ্ঠীকক্ষৰ জৰিয়তে চৰকাৰৰ ওপৰত চাপ প্রয়োগৰ চেষ্টা কৰে। প্ৰভাৱগোষ্ঠীয়ে ন্যায়পালিকাকো কিছু পৰিমাণে প্ৰভাৱান্বিত কৰাৰ সুবিধা লাভ কৰে। এইবিলাকে ন্যায়াধীশসকলৰ বাচনিত প্ৰভাৱান্বিত কৰে আৰু ন্যায়পালিকাৰ ৰৰায়দনত প্ৰভাৱান্বিত কৰাৰ বাবে প্ৰচাৰ কাৰ্য চলায়। সেয়েহে এইটো প্রতিষ্ঠিত যে গণতান্ত্রিক ৰাজনৈতিক ব্যৱস্থাত প্ৰভাৱগোষ্ঠী এক অপৰিহাৰ্য অংশ হৈ পৰিছে।

এইবোৰে এখন ৰাষ্ট্ৰৰ গণতান্ত্ৰিক জীৱনীশক্তি আৰু সত্বাক বৰ্তাই ৰাখে। প্ৰভাৱগোষ্ঠী সমূহক বিভিন্ন সময়ত সমালোচনাও কৰা হৈছে বিশেষকৈ এইবিলাকৰ দুমুখীয়া চৰিত্ৰ আৰু আমোলাতন্ত্ৰক ভ্ৰষ্টাচাৰী কৰা বাবে৷ প্ৰভাৱশালী প্রভাবগোষ্ঠীসমূহৰ প্ৰভাৱ বেছি দেখা যায় আনহাতে দুৰ্বল প্ৰভাৱগোষ্ঠীসমূহৰ প্ৰভাৱ অতি সীমিত। কেতিয়াবা বাণিজ্যিক গোষ্ঠীসমূহ বা অন্য সক্তিশালী প্ৰভাৱগোষ্ঠীসমূহে নিজৰ প্ৰভাৱ খটুৱাই পাবলগীয়া দাবীসমূহো পৰিপূৰ্ণ কৰি লয়। প্ৰকৃততে, প্ৰভাৱশালী সমূহৰ প্ৰভাৱ কিছুমান উপাদানৰ ওপৰত নিৰ্ভৰ কৰে— প্ৰভাৱগোষ্ঠীৰ সাংগঠনিক গঠন, শৃংখলাবদ্ধতা, দলীয় সব্যসকলৰ আনুগত্যতা, জনসাধাৰণৰ আৱেগক‌ থূপ কৰাৰ দক্ষতা আৰু সমৰ্থন, বিত্তীয় অৱস্থা আৰু সর্বোপৰি সিদ্ধান্তগ্ৰহণকাৰী সংস্থাৰ ওপৰত ইয়াৰ দখল প্ৰভাৱগোষ্ঠী যিবোৰে ৰাজনৈতিক বিষয় আৰু ব্যক্তিৰ বাবে কাম কৰে সেইবোৰে কিছু চৰম মাধ্যম গ্ৰহণ কৰে, যেনে ধর্ণা, সমদল, প্রতিবাদী সভা, অনশন আদি।

যিবোৰ প্ৰভাৱগোষ্ঠীয়ে শান্তি, পৰিবেশ ৰক্ষণাবেক্ষণ আৰু মানৱ অধিকাৰ আদিৰ বাবে কাম কৰি আহিছে সেইবোৰ জনমত গঠন কৰা আৰু যুক্তিতর্ক, সহানুভূতি আদি কৌশল গ্ৰহণ কৰিছে। এইবিলাক গোষ্ঠীয়ে আন্তর্জাতিক, ৰাষ্ট্ৰীয় স্তৰত প্ৰচাৰ আৰু সমন্বয় কাৰ্য সাংগঠনিকভাৱে চলা? AIDS ৰ বিৰুদ্ধে, উগ্রবাদৰ বিৰুদ্ধে, পাৰমাণৱিক বোমা আদিৰ বিৰুদ্ধে কৰা সংগ্ৰামসমূহ ইয়াৰ উদাহৰণ।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top