ASOS Class 12 Political Science Chapter 20 আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

ASOS Class 12 Political Science Chapter 20 আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 20 আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল and select needs one.

ASOS Class 12 Political Science Chapter 20 আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 20 আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল Solutions for All Subject, You can practice these here.

আঞ্চলিকতাবাদ আৰু আঞ্চলিক দল

Chapter : 20

20.1 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ

1. যোগাত্মক অৰ্থত আঞ্চলিকতাবাদ হৈছে জনসাধাৰণৰ_____আৰু_____প্ৰতি ভালপোৱা ৷

উত্তৰঃ যোগাত্মক অৰ্থত আঞ্চলিকতাবাদ হৈছে জনসাধাৰণৰ ধৰ্ম, সংস্কৃতি আৰু ভাষাৰ প্ৰতি ভালপোৱা।

2. আঞ্চলিক দলৰ অৰ্থ হৈছে যিটো দলে এক বিশেষ_____এলেকাৰ ভিতৰত কাৰ্যকলাপ কৰে।

উত্তৰঃ আঞ্চলিক দলৰ অৰ্থ হৈছে যিটো দলে এক বিশেষ ভৌগোলিক এলেকাৰ ভিতৰত কাৰ্যকলাপ কৰে।

3. ভাৰতবৰ্ষত_____সংখ্যক আঞ্চলিক দল আছে।

উত্তৰঃ ভাৰতবৰ্ষত বৃহৎ সংখ্যক আঞ্চলিক দল আছে।

20.2 পাঠ্য অন্তর্গত প্ৰশ্নাৱলীৰ উত্তৰ

সত্য নে অসত্য লিখাঃ

1. আঞ্চলিকতাবাদে সদায় এটা দাবী কৰে যিটোৱে ৰাজ্যসমূহে কেন্দ্ৰৰ পৰা অধিক স্বায়ত্ততা বিচাৰে। (সত্য/ অসত্য) 

উত্তৰঃ সত্য।

2. জলবিবাদ, সংখ্যাগৰিষ্ঠসকলে প্ৰয়োগ কৰা ভাষাৰ প্ৰতি প্ৰাধান্যতা আদিয়েও আঞ্চলিকতাবাদৰ ভাবৰ জন্ম দিয়ে। (সত্য/ অসত্য)

উত্তৰঃ সত্য।

20.3 পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰ

খালী ঠাই পূৰ কৰাঃ 

1. চনৰ সময়ছোৱাত ক্ষমতাৰ______ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত এক নতুন ধাৰণা নহয়৷ 

উত্তৰঃ আঞ্চলিকতাবাদ ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত এক নতুন ধাৰণা নহয়।

2. ভাৰতীয় জাতীয় কংগ্ৰেছে_____চনৰ সময়ছোৱাত ক্ষমতাৰ একচেটীয়াভাৱে উপভোগ কৰিছিল।

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছে 1947-1967 চনৰ সময়ছোৱাত ক্ষমতাৰ একচেটীয়াভাৱে উপভোগ কৰিছিল।

3. ____আৰু_____নেতৃত্বৰ মাজত হোৱা নিবিড় সম্পর্কই আঞ্চলিকতাবাদ বিকাশত উদ্‌গনি যোগাইছিল৷

উত্তৰঃ কেন্দ্ৰীয় আৰু আঞ্চলিক নেতৃত্বৰ মাজত হোৱা নিবিড় সম্পর্কই আঞ্চলিকতাবাদ বিকাশত উদ্‌গনি যোগাইছিল।

4. শাসনাধিষ্ঠ দলৰ একেৰাহে কৰি অৱহেলা আঞ্চলিকতা বাদৰ এটা____। 

উত্তৰঃ শাসনাধিষ্ঠ দলৰ একেৰাহে কৰি অৱহেলা আঞ্চলিকতাবাদৰ এটা কাৰণ।

20.8 পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰ

1. যিটো দলে এটা নিৰ্দিষ্ট ভৌগোলিক পৰিসীমাৰ ভিতৰত কাম কৰে, সেই দলক বোলা হয়।

(ক) ৰাজনৈতিক দল।

(খ) ৰাষ্ট্ৰীয় দল।

(গ) আঞ্চলিক দল।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (গ) আঞ্চলিক দল।

2. আঞ্চলিক দল গঠনত অৱদন আগবঢ়োৱাকাৰকসমূহ হ’ল—

(ক) সামাজিক।

(খ) গোষ্ঠীগত।

(গ) সংস্কৃতি আৰু ভৌগোলিক।

(ঘ) ওপৰৰ আটাইকেইটা।

উত্তৰঃ (ঘ) ওপৰৰ আটাইকেইটা।

পাঠ্য শেহান্ত অনুশীলনীৰ উত্তৰ

1. আঞ্চলিকতাবাদৰ অৰ্থ ব্যাখ্যা কৰা। ই কিহৰ বাবে বিপদজনক? 

উত্তৰঃ আঞ্চলিকতাবাদৰ দুটা অৰ্থ আছে। নকাৰত্মক অৰ্থত ৰাষ্ট্ৰ বা দেশতকৈও যেতিয়া নিজ ৰজ্যৰ প্ৰতি অতি বেছি আত্মীয়তা গঢ়ি উঠে। সকাত্মক অৰ্থত এইটো হৈছে এক ৰাজনৈতিক চেতনা যিটো জনসাধাণৰ নিজ ৰাজ্যৰ প্ৰতি, ভাষাৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি ভালপোৱাৰ সৈতে জড়িত হৈ থাকে, নিজৰ এক পৃথক পৰিচয়ৰ বাবে। আঞ্চলিকতাবাদৰ সকাৰাত্মকবা যোগাত্মক দিশটো আদৰণীয় যিহেতু ই উমৈহতীয়া ভাষা,ধৰ্ম, ইতিহাসৰ লোকসকলৰ মাজত ভাতৃত্ববোধ বা একাত্মবোধৰ ভাব বজাই ৰখাত উদ্‌গনি জগায়৷ নকৰাত্মক বা-বিয়োগাত্মক দিশটো আকৌ দেশৰ অখণ্ডতা আৰু একতাৰ প্ৰতি এক ভাবুকি স্বৰূপ। ভাৰতবৰ্ষৰ ক্ষেত্ৰত আঞ্চলিকতাবাদ বিয়োগাত্মক দিশত ব্যৱহাৰ হৈ আহিছে।

আঞ্চলিকতাবাদৰ ভাবধাৰা শাসকীয় পক্ষৰ পৰা ক্ৰমশঃ এলাগীৰ ব্যৱহাৰ বা অৱহেলা, অনাদৰ পাইঅহাৰ পৰা জন্ম পায় ৷ কেতিয়াবা শোধিত শ্ৰেণীৰ ৰাজনৈতিক সচেতনতা বৃদ্ধিৰ বাবেও আঞ্চলিকতাবাদ গঢ় লৈ উঠে। প্ৰায়ে দেখা যায় কিছুসংখ্যক ৰাজনৈতিক নেতাই এক বিশেষ এলেকাৰ মানুহসকলৰ ওপৰত এক আধিপত্য বিস্তাৰ কৰাৰ অৰ্থে আঞ্চলিকতাবাদৰ ভাবধাৰাক উদ্‌গণি দিয়ে।

2. আঞ্চলিকতাবাদৰ বিভিন্ন ধৰণবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত আঞ্চলিকতাবাদে বিভিন্ন ৰূপ ধাৰণ কৰিছে।

(ক) ৰাজ্যিক স্বায়ত্ততাৰ দাবীঃ আঞ্চলিকতাবাদ প্ৰায়েই ৰাজ্যসমূহৰ কেন্দ্ৰৰ পৰা অধিক স্বায়ত্ততাৰ দাবীৰ সৈতে জড়িত হৈ পৰে। কেন্দ্ৰৰ ৰাজ্যিক বিষয়সমূহৰ ওপৰত বৰ্ধিত হস্তক্ষেপৰ বাবে এনে আঞ্চলিকতাবাদৰ ভাবৰ সৃষ্টি হয়। ভাৰতৰ যুক্তৰাষ্ট্ৰীয় গাঁঠনিত ৰাজ্যসমূহে প্ৰায়ে স্বায়ত্ত শাসনৰ দাবী কৰি অহাতো দিনে দিনে বৃদ্ধি পাই আহিছে।

(খ) কেন্দ্ৰৰ পৰা বিচ্ছিন্ন হোৱাঃ এনেধৰণৰ আঞ্চলিকতাবাদ ভয়াবহ। এনেধৰণৰ আঞ্চলিকতাবাদ গঢ়ি উঠে যেতিয়া ৰাজ্যই কেন্দ্ৰ পৰা বিচ্ছিন্ন হৈ নিজৰ সুকীয়া স্বাধীন পৰিচয় স্থাপন কৰিব বিচাৰে।

ৰাজ্যসমূহৰ মাজত হোৱা জল বিবাদ, সংখ্যাগৰিষ্ঠ সকলে প্ৰয়োগ কৰা ভাষাক ৰাষ্ট্ৰই দিয়া প্ৰাধান্যতা, সংস্থাপনৰ ক্ষেত্ৰত দিয়া সা-সুবিধা আদিয়েও আঞ্চলিকতা ভাৱৰ বৃদ্ধি কৰাত সহায়ক হয়। অনুন্নত এলেকাৰ পৰা উন্নত এলেকালৈ কৰ্ম সংস্থাপন বিচাৰি হোৱা প্ৰব্ৰজন আৰু এই প্ৰব্ৰজনকাৰীসকলৰ প্ৰতি হোৱা বিদ্বেষে এনে আঞ্চলিকতাবাদৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত এনে সমস্যা চলি আছে।

3. আঞ্চলিক দলৰ ভূমিকা আলোচনা কৰা। 

উত্তৰঃ যদিও আঞ্চলিক দলে এটি সীমিত পৰিসীমাৰ মাজত আৱদ্ধ থাকি কাম কাজ সম্পাদন কৰে, উদ্দেশ্য সাধন কৰে কিন্তু ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনীতিত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আঞ্চলিক দলে কেইবাখনো ৰাজ্যত নিজৰ চৰকাৰ গঠন কৰিছে আৰু নিজৰ আঁচনিসমূহ ৰূপায়িত কৰাৰ প্ৰয়াস কৰিছে। কিছু গুৰুত্বপূৰ্ণ আঞ্চলিক ৰাজনৈতিক দল, যিবোৰ ইতিমধ্যে বিভিন্ন ৰাজ্যত চৰকাৰ গঠন কৰিব সক্ষম হৈছে সেইকেইটা হ’ল– তামিলনাড়ুত ডি এম কে (DMK) আৰু এ আই ডি এম কে (AIDMK), জন্মু কাশ্মীৰত নেশ্বনেল কনফাৰেন্স, অন্ধ্ৰপ্ৰদেশত তেলেগু দেশম, অসমত অসম গণ পৰিষদ, গোৱাত মহাৰাষ্ট্ৰবাদী গোমাণ্টক পার্টি (MGP), মিজোৰামত মিজো নেশ্বনেল ফ্রণ্ট, চিকিমত চিক্রিম সংগ্ৰাম পৰিষদ, মেঘালয়ত অল পার্টি হিল লিডাজ কনফাৰেন্স (All Party Hill Leaders Conference), হাৰিয়ানাত ভাৰতীয় ৰাষ্ট্ৰীয় লোকদল (INLD) ইত্যাদি। 1967 চন্তুথ চথুৰ্থ সাধাৰণ নিৰ্বাচনৰ পাছত বহুকেইটা আঞ্চলিক দল মৰ্চা চৰকাৰৰ অংশীদাৰ হৈ বিভিন্ন ৰাজ্যত চৰকাৰ গঠন কৰিছিল ৷ বৰ্তমান পৰিস্থিতিত আঞ্চলিক দলসমূহে কংগ্ৰেছ চৰকাৰৰ মাৰ্চা চৰকাৰ গঠন কৰাৰ উদ্দেশ্যে সমর্থন দি জটিল ভূমিকা পালন কৰি আহিছে। 1969 চনত কংগ্ৰেছ বিভক্ত হোৱাৰ পাচত সংসদত সংখ্যাগৰিষ্ঠতা পোৱাত অসুবিধা হোৱাত ডি এম কে দলে শ্ৰীমতী ইন্দিৰা গান্ধীক সমৰ্থন দি চৰকাৰ গঠন কৰাত সহায়ক হৈছিল। সংযুক্ত মৰ্চা আৰু ৰাষ্ট্ৰীয় গণতান্ত্রিক মিত্ৰজোট (NDA) চৰকাৰৰ সময়ত তেলেগু দেশম এক প্ৰকাৰ স্তম্ভৰ দৰে আছিল। 

আঞ্চলিক দলৰ প্ৰনিধিসকলে সংসদৰ মজিয়াত নিজৰ ৰাজ্যৰ বিষয়সমূহ। আলোচনা কৰি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ আৰু আঁচনিসমূহ প্ৰভাৱান্বিত কৰিবলৈ যত্ন কৰে।

কিন্তু আঞ্চলিক দলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সেৱা হৈছে ই দূৰৰ অঞ্চলৰ এলেকাৰ বিভিন্ন আর্থসামাজিক বিষয়সমূহৰ ওপৰত আলোকপাত কৰি জনসাধাৰণৰ ৰাজনৈতিক সচেতনচা বৃদ্ধি কৰাৰ প্ৰয়াস কৰে। তাৰোপৰি আঞ্চলিক দলসমূহে বিভিন্ন সময়ত ৰাষ্ট্ৰীয় দলসমূহক প্ৰদেশসমূহৰ প্ৰতি বৈষম্যমূলক আচৰণ । নকৰিবলৈ আৰু ৰাজ্যসমূহৰ প্ৰতি গুৰুত্ব দিয়াত ৰাষ্ট্ৰীয় দলসমূহক বাধ্য কৰাইছে৷

চমুকৈ, আঞ্চলিক দলসমূহে কেৱল ৰাজ্যসমূহতে ইয়াৰ প্ৰভাৱ সীমিত কৰা নাই; ৰাষ্ট্ৰীয় ৰাজনীতিতো ইয়াৰ ভীষণ প্ৰভাৱ দেখা যায়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top