ASOS Class 12 Political Science Chapter 14 ৰাজ্যিক বিধানমণ্ডল

ASOS Class 12 Political Science Chapter 14 ৰাজ্যিক বিধানমণ্ডল, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 14 ৰাজ্যিক বিধানমণ্ডল and select needs one.

ASOS Class 12 Political Science Chapter 14 ৰাজ্যিক বিধানমণ্ডল

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 14 ৰাজ্যিক বিধানমণ্ডল Solutions for All Subject, You can practice these here.

ৰাজ্যিক বিধানমণ্ডল

Chapter : 14

14.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ 

1. ভাৰতীয় সংঘ_____খন ৰাজ্যৰে গঠিত। (18, 25, 28 খন)

উত্তৰঃ 28 খন। 

2. বিধানসভাৰ সদস্য হ’বলৈ এজন সদস্যৰ ন্যূনতম বয়স_____বছৰ। (21, 25, আৰু 30 বছৰ)

উত্তৰঃ 25 বছৰ।

3. ৰাজ্যৰ ৰাজ্যপালে বিধানসভাৰ এজন_____সদস্যক মনোনীত কৰিব পাৰে। (অনুসূচীত জাতি, অনুসূচীত জনজাতি, এংলো ভাৰতীয় সম্প্রদায় বা ঈঙ্গ ভাৰতীয় সম্প্ৰদায়)

উত্তৰঃ ইঙ্গ ভাৰতীয় (Anglo-Indian)।

4. বিধানসভাৰ কাৰ্যকাল হ’ল_____(4, 5, 6 বছৰ)

উত্তৰঃ পাঁচ বছৰ।

5. কোনো এক ক্ষেত্ৰত সিদ্ধান্ত ল’ব নোৱাৰিলে নিৰ্ণায়ক ভোট_____প্ৰদান কৰিব পাৰে।

উত্তৰঃ বিধানমণ্ডলৰ সভাপতি।

14.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ

1. বিধান পৰিষদৰ সদস্য হ’বৰ বাবে ন্যূনতম বয়স হ’ল______বছৰ। (25, 30, 35)

উত্তৰঃ 30 বছৰ।

2. বিধানসভাৰ সদস্যৰ কাৰ্যকাল_____বছৰ। (4, 5, 6 বছৰ)

উত্তৰঃ 6 বছৰ।

3. বিধান পৰিষদৰ 1/3 অংশ সদস্যই প্রত্যেক______ বছৰৰ মূৰে মূৰে অৱসৰ গ্ৰহণ কৰে। (2, 4, 6 বছৰ)

উত্তৰঃ 2 বছৰ।

4. _____বিধান পৰিষদ সৃষ্টি বা নাইকীয়া কৰাৰ ক্ষমতা দিয়া হৈছে৷ (ৰাষ্ট্ৰপতি, ৰাজ্যপাল, সংসদ)

উত্তৰঃ সংসদ।

5. ______ৰাজ্যৰ দ্বি-সদনীয় বিধানমণ্ডল আছে। (পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্রদেশ)

উত্তৰঃ উত্তৰ প্ৰদেশ।

14.3. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

(ক) খালী ঠাই পূৰণ কৰাঃ

1. ৰাজ্যিক বিধানমণ্ডলে______তালিকাৰ বিষয়ৰ ওপৰত আইন বনাব নোৱাৰে। (কেন্দ্ৰীয়, ৰাজ্যিক, সমবৰ্তীসূচী)

উত্তৰঃ কেন্দ্ৰ।

2. বিত্তীয় বিধেয়ক ৰাজ্যিক বিধানমণ্ডলত______ অনুমোদন ক্রমে উত্থাপন কৰিব পাৰি। (ৰাষ্ট্ৰপতি, ৰাজ্যপাল, মুখ্যমন্ত্রী)

উত্তৰঃ ৰাজ্যপাল।

3. বিধান পৰিষদে বিত্তীয় বিধেয়ক_____দিনৰ ভিতৰত ঘূৰাই পঠিয়াব লাগে। (14, 30, 90)

উত্তৰঃ 14 দিন।

4. মন্ত্ৰী পৰিষদ কার্যত অধিষ্ঠিত থাকিব পাৰে যেতিয়ালৈকে ই_______আস্থা লাভ কৰে। (ৰাজ্যপাল, বিধানসভা, বিধান পৰিষদ)

উত্তৰঃ বিধানসভা।

(খ) তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। (Answer thr following questions)

1. ৰাজ্যত এখন বিধেয়ক বিত্তীয় বিধেয়ক বুলি কোনে নিৰ্দ্ধাৰণ কৰে? 

উত্তৰঃ ৰাজ্য বিধানসভাৰ অধ্যক্ষ।

2. ৰাজ্যত কোনে অধ্যাদেশ জাৰি কৰে? 

উত্তৰঃ ৰাজ্যপালে।

3. কাৰ নিৰ্বাচনত ৰাজ্য বিধানসভাৰ সদস্যসকলে ভোট দিব পাৰে? 

উত্তৰঃ ৰাষ্ট্ৰপতি, ৰাজ্যসভাৰ সদস্য আৰু বিধান পৰিষদৰ 1/3অংশ সদস্য।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. বিধান সভাৰ গঠন বর্ণনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে নিজাকৈ বিধানমণ্ডল থাকে। ভাৰতবৰ্ষত ৰাজ্যিক বিধানমণ্ডল ৰাজ্যপাল আৰু এখন বা দুখন সদনেৰে গঠিত হয়। ইয়াৰ নিম্ন সদনক বিধানসভা আৰু উচ্চ সদনক বিধান পৰিষদ বুলি কোৱা হয়।

সংবিধান মতে বিধানসভাৰ সদস্য ৫০০ জনতকৈ বেছি হ’ব নেলাগিব আৰু ৬০ জনৰ কম হ’ব নালাগিব। সদস্যবোৰ ৰাইজে নিৰ্বাচিত কৰে। বিধানসভাৰ কিছু আসন অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত থাকে।

বিধানসভাৰ সদস্য পাঁচবছৰৰ কাৰণে নিৰ্বাচিত হয়। কিন্তু ৰাজ্যপালে বিধানসভাখন ৫ বছৰ সম্পূৰ্ণ নোহোৱাকৈ ভংগ কৰি নতুনকৈ নিৰ্বাচন পাতিব পাৰে।

বিধানসভাৰ সদস্য হ’বলৈ ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু বয়স কমেও ২৫ বছৰ হ’ব লাগিব। তেওঁ দুয়োটা সদন আৰু সংসদৰ সদস্য একেলগে হ’ব নোৱাৰে।

বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ অধিষ্ঠাতা হয় আৰু তেওঁৰ অবিহনে উপাধ্যক্ষই ইয়াৰ পৰিচালনা কৰে।

2. ৰাজ্যিক বিধানমণ্ডলৰ গঠন আৰু ক্ষমতা আলোচনা কৰা।

উত্তৰঃভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰে নিজাকৈ বিধানমণ্ডল থাকে। ভাৰতবৰ্ষত ৰাজ্যিক বিধানমণ্ডল ৰাজ্যপাল আৰু এখন বা দুখন সদনেৰে গঠিত হয়। ইয়াৰ নিম্ন সদনক বিধানসভা আৰু উচ্চ সদনক বিধান পৰিষদ বুলি কোৱা হয়।

সংবিধান মতে বিধানসভাৰ সদস্য ৫০০ জনতকৈ বেছি হ’ব নেলাগিব আৰু ৬০ জনৰ কম হ’ব নালাগিব। সদস্যবোৰ ৰাইজে নিৰ্বাচিত কৰে। বিধানসভাৰ কিছু আসন অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত থাকে।

বিধানসভাৰ সদস্য পাঁচবছৰৰ কাৰণে নিৰ্বাচিত হয়। কিন্তু ৰাজ্যপালে বিধানসভাখন ৫ বছৰ সম্পূৰ্ণ নোহোৱাকৈ ভংগ কৰি নতুনকৈ নিৰ্বাচন পাতিব পাৰে ৷

বিধানসভাৰ সদস্য হ’বলৈ ভাৰতীয় নাগৰিক হ’ব লাগিব আৰু বয়স কমেও ২৫ বছৰ হ’ব লাগিব ৷ তেওঁ দুয়োটা সদন আৰু সংসদৰ সদস্য একেলগে হ’ব নোৱাৰে।

বিধানসভাৰ অধ্যক্ষই বিধানসভাৰ অধিষ্ঠাতা হয় আৰু তেওঁৰ অবিহনে উপাধ্যক্ষই ইয়াৰ পৰিচালনা কৰে।

বিধানসভাৰ ক্ষমতা আৰু কাৰ্যাৱলীঃ বিধান সভাৰ প্ৰধান কাম হ’ল ৰাজ্যৰ বাবে আইন প্রস্তুত কৰা। জৰুৰীকালীন অৱস্থা ঘোষণাৰ পাছত বিধানসভাই কোনো বিধায়িনী ক্ষমতা ব্যৱহাৰ কৰিব নোৱাৰে।

বিধানসভাই মন্ত্রীসকলক পৰিচালনা কৰে। মন্ত্ৰী মণ্ডলে বিধানসভাত তেওঁলোকৰ কাম-কাজৰ বিষয়ে প্রয়োজন সাপেক্ষে উত্তৰ দিব লাগিব। বিধানসভাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব পাৰে ৷ এই প্ৰস্তাৱ গৃহিত হ’লে মন্ত্ৰী মণ্ডলৰ পতন ঘটে।

বিধানসভাই ৰাজ্যৰ বিত্তীয় দিশৰ ওপৰত পূৰ্ণ নিয়ন্ত্ৰণ ৰাখে। বিত্তীয় বিল কেৱল বিধানসভাৰ মজিয়াতহে উপস্থাপন কৰে। চৰকাৰে বিধানসভাৰ অনুমতি নোলোৱাকৈ কৰ লগাব, কমাব, বঢ়াব বা গুচাব নোৱাৰে।

নিৰ্বাচিত বিধানসভাৰ সদস্যসকলে ভাৰতৰ ৰাষ্ট্ৰপতিৰ আৰু ৰাজ্যসভাৰ প্ৰতিনিধিৰ নিৰ্বাচনত ভাগ ল’ব পাৰে।

বিধানসভাই ভাৰতীয় সংবিধানৰ কিছু সাল-সলনি ঘটোৱাৰ সময়ত অংশ ল’ব পাৰে।

3. ৰাজ্যিক বিধানমণ্ডলৰ ক্ষমতাৰ ক্ষেত্ৰত সীমাবদ্ধতা সমূহ আলোচনা কৰা।

উত্তৰঃ তলত উল্লেখ কৰা ধৰণৰ বিধানমণ্ডলৰ আইন প্রণয়ন সম্পৰ্কীয় ক্ষমতাৰ সীমাবদ্ধতা আছে।

ৰাজ্যিক সূচী আৰু সমবৰ্তী সূচীৰ বিষয়বোৰৰ ওপৰত বিধানমণ্ডলে আইন প্রণয়ন কৰিব পাৰে। সমৱৰ্তী সূচীৰ কোনো এক বিষয়ৰ ওপৰত আইন বনোৱা লৈ ৰাজ্যিক আইন আৰু কেন্দ্ৰীয় আইনৰ মাজত সংঘাটৰ সৃষ্টি হ’লে সংসদে প্ৰণয়ন কৰা আইন বাহাল থাকে।

ৰাজ্যিক বিধানমণ্ডলে পাচ কৰা বিধেয়ক এখন ৰাজ্যৰ ৰাজ্যপালৰ চহীৰ বাবে সংৰক্ষণ কৰা হয় আৰু ইয়াক ৰাষ্ট্ৰপতিৰ বিবেচনাৰ বাবে পঠোৱা হয়। এইটো বাধ্যতামূলক যে উচ্চ ন্যায়ালয়ৰ ক্ষমতা কিছুমান ক্ষেত্ৰত কমাই দিয়া হৈছে। আন কিছুমান গোচৰত, বিধানমণ্ডলত বিধেয়ক এখন উত্থাপন কৰিবৰ বাবে ৰাষ্ট্ৰপতিৰ আগতীয়া অনুমোদনৰ প্ৰয়োজন হয়। বিশেষকৈ ৰাজ্যৰ ভিতৰত আৰু আন ৰাজ্যৰ সৈতে বেহা-বেপাৰ আৰু ব্যৱসায় কৰাৰ স্বাধীনতাৰ ওপৰত সীমাবদ্ধতা আৰোপ কৰা হয়।

352 নং অনুচ্ছেদৰ অধীনত জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰাৰ সময়ত ৰাজ্যিক সূচীৰ বিষয়ৰ ওপৰত যদিও ৰাজ্যিক বিধানমণ্ডলৰ ইয়াৰ স্থিতি আৰু কাৰ্যগত অৱস্থাত থাকে সংসদে সম্পূর্ণ নিয়ন্ত্রণ কৰিব পাৰে। 356 নং অনুচ্ছেদৰ অধীনত সাংবিধানিক অচলা অৱস্থা ঘোষণাৰ ঘোষণাৰ ফল হিচাবে ৰাজ্যৰ জনপ্ৰিয় চৰকাৰৰ পতন হিচাপে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয়। ৰাষ্ট্ৰপতিয়ে সাংবিধানিক জৰুৰী অৱস্থাৰ সময়ছোৱাত সেই বিশেষ ৰাজ্যখনৰ বাবে আইন বনোৱা ক্ষমতা লাভ কৰে।

আন্তর্জাতিক দায়িত্ব পালন কৰি নিয়াৰ উদ্দেশ্যে সংসদে ৰাজ্যিক সূচীৰ বিষয়ত আইন বনাব পাৰে। দুই বা ততোধিক ৰাজ্যৰ অনুৰোধমৰ্মে যদি ৰাজ্যসভাই দুইতৃতীয়াংশ গৰিষ্ঠসংখ্যক সদস্যৰ দ্বাৰা সমর্থিত প্ৰস্তাৱ গ্ৰহণ কৰে, তেতিয়া সংসদে ৰাজ্যিক সূচীৰ বিশেষ বিষয়ৰ ওপৰত আনি বনাব পাৰে । ৰাজ্যিক বিধানমণ্ডলে প্ৰণয়ন কৰা আইন যদি অসাংবিধানিক হৈ নাগৰিকৰ অধিকাৰ ভঙ্গ কৰে তেতিয়া উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ে ইয়াক নাকচ কৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top