ASOS Class 12 Political Science Chapter 12 ভাৰতৰ উচ্চতম ন্যায়ালয়

ASOS Class 12 Political Science Chapter 12 ভাৰতৰ উচ্চতম ন্যায়ালয়, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Political Science Chapter 12 ভাৰতৰ উচ্চতম ন্যায়ালয় and select needs one.

ASOS Class 12 Political Science Chapter 12 ভাৰতৰ উচ্চতম ন্যায়ালয়

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Political Science Chapter 12 ভাৰতৰ উচ্চতম ন্যায়ালয় Solutions for All Subject, You can practice these here.

ভাৰতৰ উচ্চতম ন্যায়ালয়

Chapter : 12

12.1. পাঠ্য অন্তৰ্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পূৰণ কৰাঃ

(i) উচ্চতম ন্যায়ালয়ৰ বিচাৰকসকলক_____নিযুক্তি দিয়ে। (ৰাষ্ট্ৰপতি /প্রধানমন্ত্রী /আইন মন্ত্রী)

উত্তৰঃ ৰাষ্ট্ৰপতি।

(ii) ভাৰতৰ উচ্চতম ন্যায়ালয় এজন মুখ্য ন্যয়াধীশ আৰু____জন আন ন্যয়াধীশৰ দ্বাৰা গঠিত। (23 /25 /27) 

উত্তৰঃ 25

(iii) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ এজনে___বছৰ বয়সত অৱসৰ গ্ৰহণ কৰে। (60/ 62/ 65)

উত্তৰঃ 65

(iv) ৰাষ্ট্ৰপতিয়ে এজন বিশেষ_____লোকক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিয়োগ কৰে।

উত্তৰঃ আইনজ্ঞ।

12.2. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

খালী ঠাই পুৰ কৰাঃ

1. দুখন বা ততোধিক ৰাষ্ট্ৰৰ মাজত হোৱা বিবাদ উচ্চতম ন্যায়ালয়ৰ______বিচাৰক্ষেত্ৰৰ অধীন। (মৌলিক/ আপীল/ পৰামৰ্শদানমূলক)

উত্তৰঃ মৌলিক।

2. ৰাষ্ট্ৰপতিক পৰামৰ্শ দিবলৈ উচ্চতম ন্যায়ালয়_____হয়। (বাধ্য/বাধ্য নহয়)

উত্তৰঃ বাধ্য নহয়।

3. সংবিধান ব্যাখ্যাৰ চূড়ান্ত ক্ষমতা_____আছে।  (উচ্চ ন্যায়ালয়/ উচ্চতম ন্যায়ালয়/ ছেছন আদালত)

উত্তৰঃ উচ্চতম ন্যায়ালয়।

12.3. পাঠ্য অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

(i) ন্যায়িক সমীক্ষা কি?

উত্তৰঃ এখন আইনৰ সাংবিধানিক বৈধতা প্ৰদানৰ ক্ষমতা। 

(ii) PIL বুলিলে কি বুজা?

উত্তৰঃ PIL জনসাধাৰণৰ স্বাৰ্থসম্পৰ্কীয় বিষয় গুৰুত্ব দিয়া। 

(iii) উচ্চতম ন্যায়ালয়ৰ কোনটো ক্ষমতাই জনসাধাৰণৰ মৌলিক অধিকাৰ ৰক্ষণা-বেক্ষণ কৰিব পাৰে?

উত্তৰঃ ন্যায়িক সমীক্ষা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. উচ্চতম ন্যায়ালয়ৰ গঠন বর্ণনা কৰা । 

উত্তৰঃ উচ্চতম ন্যায়ালয় ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ শিখৰত অৱস্থিত আপীল ন্যায়ালয়৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিভিন্ন দিশসমূহ এনেধৰণৰ –

গঠনঃ ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জন অথবা তাতোকৈ কম সংখ্যক ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীসৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰপতিয়ে এজন অর্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে৷

নিযুক্তিঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আৰু ৰাজ্যিক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ লগত আলোচনা কৰি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশসকলক নিয়োগ কৰে। মুখ্য ন্যায়াধীশৰ বাদে অন্যান্য ন্যায়াধীশসকলৰ নিয়োগৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশৰ সৈতে আলোচনা কৰিবলৈ ৰাষ্ট্ৰপতি বাধ্য।

যোগ্যতাঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল-

(ক) ভাৰতীয় নাগৰিক হ’ব লাগিব ৷ 

(খ) তেওঁৰ কোনো উচ্চ ন্যায়ালয়ত পাঁচ বছৰ ন্যায়ধীশ হিচাপে কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। অথবা

(গ) তেওঁৰ কোনো উচ্চ ন্যায়াললয়ত একেলেথাৰিয়ে দহ বছৰ অধিবক্তা হিচাপে কাম কৰাৰ অভিজ্ঞাতা থাকিব লাগিব।

(ঘ) ৰাষ্ট্ৰপতিৰ মতে তেওঁ এজন বিশিষ্ট আইনজ্ঞ হ’ব লাগিব ৷

কার্যকালঃ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে ৬৫ বছৰ পূৰ্ণ হ’লৈ অৱসৰ গ্ৰহণ কৰে। তেওঁ নিজেও পদৰ পৰা পদত্যাগ কৰিব পাৰে।

অপসাৰণঃ ন্যায়াধীশ এজনৰ বিৰুদ্ধে অসদাচৰণ নাইবা অসমৰ্থতাৰ অভিযোগ সংসদৰ উভয় সদনত উত্থাপিত হ’লে আৰু উভয় সদনত উপস্থিত সদস্যৰ দুই তৃতীয়াংশ আৰু মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক ভোটত গৃহীত হ’লে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ গৰাকীক অপসাৰণ কৰিব পাৰে। ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জনতকৈ কম ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীশৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰপতিয়ে এজন অৰ্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে।

আপীল বিচাৰ ক্ষেত্ৰাধিকাৰঃ এই ক্ষমতাৰ অধীনত উচ্চতম ন্যায়ালয়ে তলত দিয়া গোচৰসমূহ আপীল কৰিব পাৰে – 

(ক) সাংবিধানক আপীলঃ সংবিধান বলবত সম্পৰ্কীয় মোকদর্মা উচ্চতম ন্যায়ালয়ে আপীল কৰিব পাৰে।

(খ) দেৱানী গোচৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দেৱানী গোচৰ আপীল কৰিব পাৰে। এই গোচৰত উচ্চ ন্যায়ালয়ে প্রমাণ পত্র দিব লাগিব যে আপীল কৰিব বিচৰা বিষয়বস্তুৰ লগত সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ আইনৰ প্ৰশ্ন জড়িত আছে।

(গ) ফৌজদাৰী গোচৰঃ উচ্চ ন্যায়ালয়ে দিয়া ৰায়, চূড়ান্ত সিদ্ধান্তবা আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। সাধাৰণতে ফৌজদাৰী বিষয়ত উচ্চ ন্যায়ালয় চূড়ান্ত আপীল আদালত। কিন্তু সংসদে উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ ফৌজদাৰী গোচৰৰ বিৰুদ্ধে আপীল কৰিবৰ বাবে বিশেষ ক্ষমতা দিছে।

পৰামৰ্শ দানৰ ক্ষমতাঃ উচ্চতম ন্যায়ালয়ৰ পৰামৰ্শদানৰ ক্ষমতাও আছে। ৰাষ্ট্ৰপতিৰ ওচৰত আইন নাইবা তথ্য সংক্রান্ত বিষয় উদ্ভৱ হ’লে বা উদ্ভৱ হোৱাৰ সম্ভাৱনা থাকিলে, তেওঁ তেনে বিষয়ত উচ্চতম ন্যায়ালয়ৰ মতামত বিচাৰিব পাৰে। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ প্ৰশ্নৰ পৰামৰ্শ দিয়ে কিন্তু ই কোনো দলৰ ওচৰত বাধ্য নহয়।

অভিলেখ আদালতঃ উচ্চতম ন্যায়ালয়ে অভিলেখ আদালত হিচাপেও কাম কৰে। উচ্চতম ন্যায়ালয়ে অনুমোদন জনোৱা সিদ্ধান্ত আৰু গোচৰ সমূহ আইন আৰু কাৰ্যবিৱৰণী হিচাপে সংৰক্ষণ কৰা হয়। এই অভিলেখৰ বৃহৎ প্রামাণিক মূল্য আছে।

নিদের্শ, আদেশ বা হুকুমঃ উচ্চতম ন্যায়ালয় নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক বুলি আখ্যা দিয়া হয়। এই উদ্দেশ্য ইয়াক কিছুমান নির্দিষ্ট হুকুম দিয়াৰ অধিকাৰ দিয়া হৈছে, যেনে – হাজোতত ৰখা মানুহক বিচাৰকৰ ওচৰলৈ নিয়াৰ আদেশ, ওপৰ আদালতৰ হুকুম, নিষেধাজ্ঞা ইত্যাদি। ই আদেশ আৰু নিদেশ দিব – পাৰে।

আদালতৰ অপমানঃ আদালতক অপমান কৰা ব্যক্তিক উচ্চতম ন্যায়ালয়ে শাস্তি দিব পাৰে। আদালতৰ অপমানে ন্যায়ালয়ৰ বিচাৰক সমালোচনা কৰা, ন্যায়াধীশ আৰু আদালক সমালোচনা কৰা, আদালতৰ সিদ্ধান্ত মানিবলৈ অস্বীকাৰ কৰা, আদালতৰ বিৰুদ্ধে ক্ষতকাৰী মন্তব্য প্ৰেৰণ কৰা আদিক সূচায়।

বিচাৰৰ সিদ্ধান্ত আৰু আদেশৰ সমীক্ষাঃ উচ্চতম ন্যায়ালয়ে আগতে দিয়া সিদ্ধান্তসমূহৰ ওপৰত সমীক্ষা চলাব পাৰে। ই —(ক) কিছুমান নতুন বিষয় বা প্ৰমাণ আহে (খ) ইয়াৰ অভিলেখৰ মতে কোনো ভূল পালে আৰু (গ) পৰ্যবেক্ষণৰ যথাযোগ্য কাৰণ পালে এই কাম কৰে।

সংবিধানৰ অভিভাৱকঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলি আখ্যা দিয়া হয়। ই সংবিধানৰ সৰ্বোচ্চ বা শেষ ব্যাখ্যাকৰী। উচ্চতম ন্যায়ালয়ে দিয়া সংবিধানৰ ব্যাখ্যা সন্মানযোগ্য।

ন্যায়িক সমীক্ষাঃ উচ্চতম ন্যায়ালয়ে সংসদ, ৰাজ্যিক বিধানমণ্ডলে প্রণয়ন কৰা আইন আৰু কাৰ্যপালিকাই গ্ৰহণ কৰা সিদ্ধান্ত সংবিধান সন্মত হয়নে নহয় পৰ্যবেক্ষণ কৰে । যদি তেনেকুৱা আইন বা কাৰ্যকৰী সিদ্ধান্ত অসাংবিধানিক বুলি প্রমাণিত হয় তেতিয়া তাক অবৈধ বুলি ঘোষণা কৰে।

ৰাজহুৱা স্বাৰ্থননিত গোচৰঃ যদি পীড়িত পক্ষই আদালতত কোনো গোচৰ নতৰে কিন্তু সেই গোচৰৰ লগত জড়িত নথকা কোনো ব্যক্তিয়ে গোচৰ তৰে আৰু গোচৰটো যদি জনস্বাৰ্থজনিত হয় তেতিয়া ৰাজহুৱা স্বাৰ্থজনিত গোচৰটো পোষন কৰা বা নকৰাটো উচ্চতম ন্যায়ালয়ৰ ক্ষমতাৰ ভিতৰত পৰে।

2. উচ্চতম ন্যায়ালয়ৰ বিচাৰক এজন কেনেকৈ অপসাৰণ কৰা হয়?

উত্তৰঃ অপসাৰণঃ ন্যায়াধীশ এজনৰ বিৰুদ্ধে অসদাচৰণ নাইবা অসমৰ্থতাৰ অভিযোগ সংসদৰ উভয় সদনত উত্থাপিত হ’লে আৰু উভয় সদনত উপস্থিত সদস্যৰ দুই তৃতীয়াংশ আৰু মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক ভোটত গৃহীত হ’লে ৰাষ্ট্ৰপতিয়ে ন্যায়াধীশ গৰাকীক অপসাৰণ কৰিব পাৰে। ই এজন মুখ্য ন্যায়াধীশ আৰু ২৫ জনতকৈ কম ন্যায়াধীশ লৈ গঠিত। মুখ্য ন্যায়াধীশৰ অনুৰোধ মৰ্মে ৰাষ্ট্ৰপতিয়ে এজন অর্ধ ন্যায়াধীশ নিয়োগ কৰিব পাৰে।

3. উচ্চতম ন্যায়ালয়ৰ মৌলিক আৰু আপীল ক্ষমতা আলোচনা কৰা। 

উত্তৰঃ মৌলিক ক্ষমতাঃ কিছুমান মীমাংসা কৰাৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ বিচাৰক্ষেত্ৰ স্বাধীন ৷ অৰ্থাৎ এনেকুৱা গোচৰসমূহ কেৱল উচ্চতম ন্যায়ালতহে উত্থাপন কৰিব পাৰি। ই এইটোও বুজায় যে, এনেকুৱা গোচৰসমূহ আন ন্যায়পালিকাই উত্থাপন কৰিব নোৱাৰে। মৌলিক অধিকাৰ ক্ষেত্ৰৰ অন্তৰ্ভুক্ত বিবাদ বা গোচৰসমূহ হ’ল—

১। (ক) এফালে ভাৰত চৰকাৰ আৰু আনফালে এক বা একাধিক ৰাজ্যৰ মাজত হোৱা বিবাদ।

(খ) এফালে ভাৰত চৰকাৰ আৰু এক বা একাধিৰ ৰাজ্য আৰু আনপালে এক বা একাধিক ৰাজ্যৰ মাজত হোৱা বিবাদ।

(গ) দুখন বা ততোধিক ৰাজ্যৰ মাজত হোৱা বিবাদ।

২। মৌলিক অধিকাৰসমূহ বলবৎ কৰাৰ কাৰণে উচ্চতম ন্যায়লয়ক ক্ষমতা প্ৰদান কৰা হৈছে। এইক্ষেত্ৰত উচ্চতম ন্যায়ালয়ক নির্দেশনা বা লেখ জাৰীৰ ক্ষমতা প্ৰদান কৰিছে।

৩। জনস্বার্থ সম্পৰ্কীয় গোচৰসমূহ পোনপটীয়াকৈ বিচাৰ কৰিব পাৰে। 

আপীল ক্ষমতাঃ এই ক্ষমতাৰ অধীনত উচ্চতম ন্যায়ালয়ে তলত দিয়া গোচৰসমূহ আপীল কৰিব পাৰে –

(ক) সাংবিধানক আপীলঃ সংবিধান বলবত সম্পৰ্কীয় মোকদর্মা উচ্চতম ন্যায়ালয়ে আপীল কৰিব পাৰে।

(খ) দেৱানী গোচৰঃ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত দেৱানী গোচৰ আপীল কৰিব পাৰে। এই গোচৰত উচ্চ ন্যায়ালয়ে প্রমাণ পত্র দিব লাগিব যে আপীল কৰিব বিচৰা বিষয়বস্তুৰ লগত সৰ্বসাধাৰণৰ বাবে গুৰুত্বপূৰ্ণ আইনৰ প্ৰশ্ন জড়িত আছে। 

(গ) ফৌজদাৰী গোচৰঃ উচ্চ ন্যায়ালয়ে দিয়া ৰায়, চূড়ান্ত সিদ্ধান্ত বা আদেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপীল কৰিব পাৰি। সাধাৰণতে ফৌজদাৰী বিষয়ত উচ্চ ন্যায়ালয় চূড়ান্ত আপীল আদালত। কিন্তু সংসদে উচ্চতম ন্যায়ালয়ক উচ্চ ন্যায়ালয়ৰ ফৌজদাৰী গোচৰৰ বিৰুদ্ধে আপীল কৰিবৰ বাবে বিশেষ ক্ষমতা দিছে।

4. ‘উচ্চতম ন্যায়ালয় সংবিধানৰ অভিভাৱক আৰু মৌলিক অধিকাৰৰ ৰক্ষক’ ব্যাখ্যা কৰা।

উত্তৰঃ সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন আৰু সংবিধানৰ ৰক্ষক হ’ল উচ্চতম ন্যায়ালয়। ই কাৰ্যপালিকা বা সংসদে সংবিধানৰ কোনো অংশ ভঙ্গ কৰিব নিদিয়ে । মৌলিক অধিকাৰ ভঙ্গ সম্পৰ্কীয় চৰকাৰৰ কোনো কাৰ্যৰ পুনৰীক্ষণ কৰিব পাৰে। উচ্চতম এই ক্ষমতাক ন্যায়িক সমীক্ষাৰ ক্ষমতা বোলে। সংবিধানৰ কোনো অংশ ভংগ হোৱা বুলি গণ্য কৰিলে, ন্যায়ালয়ে তেনে আইন অবৈধ বা বাতিল কৰিব পাৰে। এই ক্ষমতাৰ ভিত্তিত উচ্চতম ন্যায়ালয়ক সংবিধানৰ অভিভাৱক বুলি কোৱা হয়। উচ্চতম ন্যায়লক ‘স্বাধীনতাৰ বীৰপুৰুষ’ আৰু ‘গণতন্ত্ৰৰ জনসাধাৰণৰ ৰক্ষক’ বোলা হয়।

মৌলিক অইধকাৰ প্ৰয়োগৰ ক্ষেত্ৰত উচ্চতম ন্যালায়ৰ উচ্চ ন্যায়ালয়ৰ সৈতে নিৰ্দেশ দান, আদেশ আৰু লেখ জাৰীৰ ক্ষমতা আছে। এই লেখসমূহ হৈছে বন্দী প্রত্যক্ষীকৰণ, পৰমাদেশ, নিষেধাজ্ঞা, উৎপ্ৰেৰণ আৰু অধিকাৰপ্‌চ্ছা। এই লেখসমূহে উচ্চতম ন্যায়ালয়ক মৌলিক অধিকাৰৰ ৰক্ষক হিচাপে স্বীকৃতি দিছে। আইন বা অধিকাৰ ভংগৰ ক্ষেত্ৰত ন্যায়ালয়ে সংবিধান অনুসৰি ব্যৱস্থা গ্ৰহণ কৰে।

মৌলিক অধিকাৰ বিৰোধী আইন উচ্চতম ন্যায়ালয়ে বাতিল কৰিব পাৰে। ই মৌলিক অধিকাৰ ভঙ্গকাৰী আইন বাতিল কৰিছে। এইটোৱে দেখুৱায় যে উচ্চতম ন্যায়ালয়ে সদায় মৌলিক অধিকাৰৰ অভিভাৱক হিচাবে কাম কৰে।

5. আমাৰ দৈনন্দিন জীৱনত PIL-ৰ ভূমিকা ব্যাখ্যা কৰা।

উত্তৰঃ প্ৰথমতে উচ্চতম ন্যায়ালয়েকে ধৰি ন্যায়পালিকা ইয়াৰ আইনৰ দ্বাৰা সম্পৰ্কীত পক্ষসমূহৰ লগতহে জড়িত আছিল ৷ মৌিেলক আৰু আপীল সম্পৰ্কীয় গোচৰৰ বিবাদসমূহৰ বিচাৰ কৰিছিল। কিন্তু, আদালতে জনস্বার্থ সম্পৰ্কীয় গোচৰৰ বিবাদ মীমাংসাৰ বাবে অনুমতি জনায়। কোনো গোচৰত জড়িত নথকা ব্যক্তি। এজনেও ৰাজহুৱা স্বাৰ্থৰ খাতিৰত আদালতৰ ওচৰ চাপিব পাৰে। জনসাধাৰণৰ স্বাৰ্থৰ বাবে ই এক জনস্বার্থ সম্পৰ্কীয় আইন (PIL)। PILৰ ধাৰণআটো ন্যায়াধীশ পি.এন. ভাগৱতীয়ে প্ৰৱৰ্তন কৰিছিল।

PIL বহুত প্রয়োজনীয় কাৰণ ন্যায় ব্যৱস্থাটো সমাজৰ দুখীয়া আৰু দূৰ্বল শ্ৰেণীৰ কাৰণে সহজে উপভোগৰ যোগ্য। উচ্চতম ন্যায়ালয়ে সাংবাদিকৰ পৰা পোৱা চিঠি, উকীল, সামাজিক কৰ্মী, বাতৰি-কাকতৰ খবৰৰ জৰিয়তে জনস্বার্থ সম্পৰ্কীয় বহুতো কাম কৰিছে।

PIL-ৰ অধীনত অবৈধভাৱে আটক কৰা লোকক ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হয়। উচ্চতম ন্যায়ালয়ে ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ হকে ব্যৱস্থা গ্ৰহণ কৰে যি ন্যায়ক বা আমোলাতান্ত্রিক অসামৰ্থতাৰ বাবে বন্ধ কৰা নহয় ৷

উচ্চতম ন্যায়ালয়ে বন্ধকী শ্ৰমিকৰ মুক্তি, জনজাতি, বস্তী অঞ্চলৰ উন্নতি, মহিলাৰ গৃহৰ পৰা মুক্তি, শিশু শ্রমিক বন্ধ আদিৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে৷ 

প্রাকৃতিক প্ৰদূষণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে কাণপুৰ, দিল্লী আৰু আন ঠাইৰ কিছুমান ফেক্টৰী বন্ধ কৰিবলৈ আদেশ দিছে।

উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তসমূহৰ ভিত্তিত PIL-ৰ পৰিসৰো বৃদ্ধি হৈছে। এতিয়া এজন ব্যক্তিয়ে এখন আবেদনৰ জৰিয়তে আদালতৰ ওচৰ চাপিব পাৰে যদি উচ্চতম ন্যায়ালয়ে বিষয়টি ৰাজহুৱা স্বাৰ্থৰ লগত জড়িত বুলি গণ্য কৰে। PIL-ৰ প্ৰক্ৰিয়াটোৱে ন্যায়িক সক্রিয়তা বৃদ্ধিকৰিছে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top