ASOS Class 12 Environmental Science Chapter 6 সামাজিক সমস্যা আৰু পৰিৱেশ

ASOS Class 12 Environmental Science Chapter 6 সামাজিক সমস্যা আৰু পৰিৱেশ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 6 সামাজিক সমস্যা আৰু পৰিৱেশ and select needs one.

Join Telegram channel

ASOS Class 12 Environmental Science Chapter 6 সামাজিক সমস্যা আৰু পৰিৱেশ

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 6 সামাজিক সমস্যা আৰু পৰিৱেশ Solutions for All Subject, You can practice these here.

সামাজিক সমস্যা আৰু পৰিৱেশ

Chapter : 6

পাঠভিত্তিক প্রশ্নোত্তৰঃ

১। বহনক্ষম বিকাশ-উন্নয়ন বুলিলে কি বুজা?

উত্তৰঃ WCEDৰ তত্ত্বাৱধানত ১৯৮৭ চনত ব্ৰাণ্টলেণ্ডৰ প্ৰতিবেদন, “Our Common Future” প্ৰকাশ পোৱাৰ পিছৰ পৰা বহনক্ষম বিকাশৰ ধাৰণাটোৱে অধিক গুৰুত্ব লাভ কৰিছে। ব্ৰাণ্টলেণ্ডৰ মতে, ‘ভৱিষ্যৎ প্রজন্মৰ প্ৰয়োজনীয়তাৰ সামৰ্থক বিঘ্নিত নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তাসমূহ পূৰ্ণ কৰাই হ’ল বহনক্ষম বা ধাৰণাক্ষম বিকাশ।’ জি.এইচ. ব্ৰাণ্টলেণ্ড আছিল নৰৱে’ৰ প্ৰধানমন্ত্রী তথা বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক। 

WECD-এ কয় যে বহনক্ষম বিকাশ হ’ল পৰিৱৰ্তনৰ এক প্ৰক্ৰিয়া, য’ত সম্পদৰ অন্বেষণ, বিনিয়োগৰ দিশ, প্রযুক্তিগত উন্নতি আৰু প্রতিষ্ঠানীয় পৰিৱৰ্তনৰ নিৰ্দেশনাসমূহ ভৱিষ্যৎ আৰু বৰ্তমানৰ প্ৰয়োজনসমূহৰ সৈতে সামঞ্জস্যপূর্ণ হয়। ই এহাতে সামাজিক আৰু অৰ্থনৈতিক বিকাশক সামৰি লয় আৰু অন্যহাতে পৰিৱেশৰ ৰক্ষণাবেক্ষণক সামৰি লয়। এই ধাৰণাৰ আধাৰ হ’ল সকলোৰে জীৱনৰ মান উন্নত কৰা।

২। নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য শক্তি সম্পদসমূহ কি কি? উদাহৰণ দিয়া।

উত্তৰঃ (ক) নবীকৰণযোগ্য শক্তি সম্পদঃ এই শক্তি সম্পদসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু এই শক্তি অফুৰন্ত। যেনে– সৌৰশক্তি, বায়ুশক্তি, জলবিদ্যুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপশক্তি, জোঁৱাৰ শক্তি, কাঠ, জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰ’জেন আদি। এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এইবিলাক হ’ল শক্তিৰ অ-পৰম্পৰাগত বা বিকল্প উৎস।

(খ) অনবীকৰণযোগ্য শক্তি সম্পদঃ প্ৰকৃতিৰ মাজতে থকা এই শক্তিৰ উৎসসমূহ দীৰ্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে। আৰু এইসমূহ শক্তিৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয়। এবাৰ যদি এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায়, তেন্তে সহজে সেইসমূহক পূৰ্ণ কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, জীৱাশ্ম ইন্ধন (কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ), পাৰমাণৱিক ইন্ধন, যেনে— ইউৰেনিয়াম, থৰিয়াম আদি। এইসমূহ শক্তি পৰম্পৰাগতভাৱে ব্যৱহৃত হৈ আহিছে মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবলৈ।

৩। শক্তিৰ সংৰক্ষণ কি? শক্তি সংৰক্ষণৰ কেইটামান উপায় উল্লেখ কৰা।

উত্তৰঃ সকলো ক্ষেত্ৰতে বিকাশ বহুলভাৱে নিৰ্ভৰ কৰে শক্তিৰ ওপৰত। সাম্প্রতিক কালত শক্তি ব্যয়ৰ হাৰক সভ্যতাৰ বেৰ’মিটাৰ বুলি বিবেচনা কৰা হয়। এখন ৰাষ্ট্ৰৰ শক্তিৰ সম্ভাৱনা যিমান, সেয়া দেশখনৰ অৰ্থনৈতিক বৃদ্ধি আৰু উন্নতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত। কিন্তু শক্তিৰ সংকট হোৱা বাবে শক্তিৰ নীতিৰ আধাৰ প্ৰস্তুত কৰিব লগা হৈছে। ইয়াৰ জৰিয়তে শক্তি ব্যয়ৰ মাত্ৰাৰ বৃদ্ধি আৰু ইয়াৰ ধৰণ নিয়ন্ত্ৰণ কৰিব পৰা যায়। ইয়াৰ বাবে শক্তি সংৰক্ষণৰ উপায় বা কৌশলো গ্ৰহণ কৰা উচিত।

শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ ব্যয়/ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা। শক্তিৰ বৰ্ধিত দক্ষতাপূৰ্ণ ব্যৱহাৰ, হ্ৰাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু পৰম্পৰাগত বা প্রচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায়। বিত্তীয় মূলধনৰ বৃদ্ধি, পৰিৱেশৰ গুণমান, ৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ মুখ-শান্তিৰ মাজেৰে শক্তি সংৰক্ষণ সাফল্য প্রকাশ পায়। 

শক্তিৰ খৰচ কম কৰিবলৈ আৰু অৰ্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তিৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্ৰত্যক্ষ গ্রাহক। লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিব পাৰে। যিসমূহ শক্তিয়ে ধন ৰাহি কৰাৰ লগতে পৰিৱেশ ৰক্ষা কৰে, তেনে শক্তি যোগান ধৰাৰ লগতে পৰিৱেশ অনুকূল জীৱনশৈলী ৰচনা, শক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক। যেতিয়া আমি শক্তি পৰিমাণ হ্রাস কৰোঁ, তেতিয়া স্বয়ংক্রিয়ভাৱে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে চেষ্টা কৰোঁ। প্ৰাথমিক পদক্ষেপ হিচাপে নিম্ন উল্লিখিত উপায় বা ব্যৱস্থাসমূহক শক্তি সংৰক্ষণৰ বাবে অৱলম্বন কৰিব পাৰি—

(ক) পেট্ৰ’লিয়াম, কয়লা, প্রাকৃতিক গেছ, ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিৱৰ্তে সৌৰশক্তি, বায়ুশক্তি, জৈৱ গেছ আদি পুনৰ নবীকৰণযোগ্য শক্তি সম্পদৰ ব্যৱহাৰ।

(খ) যথেষ্টভাৱে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কার্যক্ষম প্রযুক্তি উদ্ভাৱন।

(গ) বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্ধ কৰা উচিত। স্ট্রিটলাইটসমূহ নিচেই পুৱাতে নুমুৱাই দিব লাগে।

(ঘ) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে।

(ঙ) উদ্যোগসমূহে নিজৰ কেঁচামাল সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত।

৪। বৰষুণৰ পানী সংৰক্ষণ কি? বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্য কি?

উত্তৰঃ বৰষুণৰ পানীৰ সংৰক্ষণ বা কৰ্ষণ হৈছে পকী বা টিন আদিৰে নিৰ্মিত ঘৰৰ ছালৰ আৰু পকী চোতালৰ পৰা বৰষুণৰ পানী সংৰক্ষণ কৰা কৌশল। বৰষুণৰ পানী সংৰক্ষণ আৰু জমা কৰা ব্যৱস্থাই ভূ-গৰ্ভৰ পানীও বৃদ্ধি কৰে। কুঁৱা, গাঁত, লেগুন, চেক বান্ধ আদি বৰষুণৰ পানী ধৰিবলৈ ব্যৱহাৰ কৰা বিশেষ আধাৰসমূহৰ নিৰ্মাণৰ জৰিয়তে ভূ-গৰ্ভৰ পানীৰ পৰিমাণ বৃদ্ধি পায়। আজি- কালি খৰাং দিনত পানীৰ অভাৱ দূৰ কৰিবলৈ নগৰাঞ্চলৰ লগতে গ্রামাঞ্চলত ঘৰুৱা কাম-কাজত ব্যৱহাৰ কৰা পানীৰ অভাৱ পূৰণ কৰিবলৈ বৰষুণৰ পানী সংৰক্ষণ কৰা ব্যৱস্থা বৃদ্ধি পাইছে।

বৰষুণৰ পানী সংৰক্ষণৰ উদ্দেশ্যসমূহ হৈছে—

(ক) বাগৰি গৈ নষ্ট হোৱা কাৰ্য হ্রাস কৰা।

(খ) পানীৰ বৰ্ধিত চাহিদা পূৰণ কৰা।

(গ) ভূ-গৰ্ভৰ পানীৰ ওপৰত পৰা হেঁচা হ্রাস কৰা।

(ঘ) পানীক পুনৰ একলগ কৰি ৰখা প্ৰক্ৰিয়াৰে ভূ-গৰ্ভৰ পানীৰ মান বৃদ্ধি কৰা।

৫। বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি কি?

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ—

(ক) এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি।

(খ) এই ব্যৱস্থাটো কম খৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে।

(গ) ফ্ল’ৰাইড, আৰ্চেনিক, লৌহ (আইৰন) আদি ৰাসায়নিক দ্রব্যসমূহৰ পৰা বৰষুণৰ পানী মুক্ত।

(ঘ) যিহেতু বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ, সেয়ে ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত পৰা চাপ হ্রাস কৰে।

(ঙ) জৰুৰীকালীন সময় আৰু ৰাজহুৱা পানীযোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে।

(চ) বৰষুণৰ পানী সংগ্ৰহৰ কৌশলবোৰ সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচতে ষুণৰ পানী জমা কৰা, এটা ভাণ্ডাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে।

৬। পৰিৱেশৰ দ্বাৰা স্বাস্থ্য কিদৰে প্ৰভাৱান্বিত হ’ব পাৰে?

উত্তৰঃ বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, স্বাস্থ্য হৈছে মানুহৰ শাৰীৰিক-মানসিক আৰু সামাজিক কল্যাণৰ এটা পূৰ্ণ অৱস্থা ৷ কেৱল ৰোগমুক্ত আৰু সুস্থ অৱস্থাটোকেই স্বাস্থ্য বুলিব নোৱাৰি৷ নিজৰ পৰিৱেশৰ পৰাই মানুহৰ স্বাস্থ্য প্ৰভাৱিত হয় ৷ পৰিপুষ্টি, ৰাসায়নিক, ভৌতিক, জীৱবৈজ্ঞানিক, মানসিক, শোচনীয় জীৱন ধাৰণৰ অৱস্থা মাদি সকলোৰে মাজত আন্তঃসম্পর্ক আছে।

খোৱাপানীৰ যোগান স্বাস্থ্যৰ বাবে অপৰিহাৰ্য। ই মানুহৰ এটা মৌলিক অধিকাৰ আৰু স্বাস্থ্য ৰক্ষাৰ ফলদায়ক স্বাস্থ্য আঁচনিৰ এটা উপাদান। আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় নীতি নিৰ্ধাৰণৰ বিভিন্ন মঞ্চত দীৰ্ঘদিন ধৰি পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ গুৰুত্ব প্ৰতিফলিত হৈছে।

টাইফয়েড, কলেৰা, হেপাটাইটিছ, পলিঅ’, গেষ্ট্ৰ’ এন্টাৰাইটিছ, এমিবিয়াছিছ, জিয়াৰদিয়াছিছ আদিকে ধৰি ভাৰতৰ ৮০ শতাংশতকৈ বেছিভাগ ৰোগ হৈছে পানীৰ পৰা হোৱা ৰোগ। পানীৰ পৰা আটাইতকৈ বেছিকৈ হোৱা আৰু সৰহসংখ্যক মানুহক আক্ৰমণ কৰা ৰোগ হৈছে অণুজীৱৰ সংক্রমণ। বহু বিষাক্ত ৰাসায়নিক দ্রব্য, কীটনাশক দ্ৰব্য, গধুৰ মৌল (পাৰা, কেডমিয়াম, সীহ আদি) বিভিন্নধৰণে পানী আৰু মাটিত মিহলি হয়। এই দ্রব্যসমূহ খাদ্য-শৃংখলৰ মাজেৰে মূৰকত মানুহৰ শৰীৰত প্ৰৱেশ কৰে আৰু শৰীৰত বিৰূপ প্ৰভাৱ পেলায়।

আকৌ বিভিন্ন উদ্যোগ আৰু পৰিবহণ ব্যৱস্থাই বায়ুমণ্ডলত বিভিন্ন গেছ এৰি দিয়ে ৷ ইয়াৰে কিছুমান গেছে (যেনে— ছালফাৰ-ডাই-অক্সাইড, কার্বন মন’ক্সাইড, নাইট্ৰাছ অক্সাইড, হাইড্ৰ’কাৰ্বন আৰু বতাহত ওপঙি ফুৰা ধূলিকণা) বিভিন্ন পৰ্যায়ত বিভিন্নধৰণে স্বাস্থ্যৰ ক্ষতি কৰে ৷ গোটা আৱৰ্জনাই বায়ু, পানী আৰু মাটিৰ গুণাগুণ নষ্ট কৰে। ইয়াৰ পৰা স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়। কেতিয়াবা শোচনীয় লেতেৰা অৱস্থাৰ মাজত থকা ঘৰ-বাৰীয়েও স্বাস্থ্যৰ গুৰুতৰ ক্ষতি কৰে। 

সাধাৰণতে নগৰাঞ্চলৰ বস্তি বাসিন্দাসকলৰ মাজত এনে অৱস্থা দেখা যায়। নিৰক্ষৰতা, নিজৰ স্বাস্থ্য আৰু পৰিৱেশ সম্পৰ্কে সজাগতাৰ অভাৱ, দৰিদ্ৰতা, পৰিয়ালৰ বৃহৎ আকাৰ, শোচনীয় নলা-নদৰ্মা আৰু অনাময় ব্যৱস্থা আৰু উপযুক্ত চিকিৎসাৰ সুবিধাৰ অভাৱ হৈছে মানুহৰ স্বাস্থ্যৰ শোচনীয় অৱস্থাৰ কাৰণ।

৭। ‘জন-বিস্ফোৰণ পৰিৱেশ অৱক্ষয়ৰ মূল কাৰণ’— এই কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ দ্ৰুতগতিত বৰ্দিত জনসংখ্যা, দ্রুত চহৰীকৰণ প্ৰক্ৰিয়া, ঔদ্যোগিকৰণৰ দ্রুত হাৰত বৃদ্ধি আদিয়ে যোৱা কেইবছৰমানত মাটি, পানী আৰু আন প্ৰাকৃতিক সম্পদসমূহলৈ তীব্র চাপ কঢ়িয়াই আনিছে, যাৰ পৰিণতিত পৰিৱেশৰ গুণমান অৱনমিত হোৱাৰ লগতে জীৱ-জন্তুৰ জীৱনৰ ক্ষতিসাধন হৈছে, প্রাকৃতিক সম্পদ বৃহৎ ক্ষতিসাধন হৈছে। পৰিৱেশৰ গুণমানৰ অৱনতি আৰু অৰ্থনৈতিক বৃদ্ধি আৰু বিকাশৰ ওতঃপ্ৰোত সম্পর্ক আছে। 

বিংশ শতিকাৰ শেষৰ ফালে ‘বহনক্ষম বিকাশ’ বা ‘বহনক্ষম উন্নয়ন’ শীর্ষক এক নতুন ধাৰণাৰ জন্ম হয়, য’ত বিকাশৰ পৰিকল্পনাৰ ভিতৰত পৰিৱেশ সুৰক্ষাৰ বিষয়টোক গুৰুত্ব প্ৰদান কৰা হয়। সাম্প্রতিক সময়ত বহনক্ষম বিকাশৰ ধাৰণাৰ মাজেৰে প্ৰকৃতি বা পৰিৱেশগত গুণৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাক পৰিৱেশবিদ, সংৰক্ষণবিদ, পৰিকল্পনা প্রস্তুতকাৰী আৰু সিদ্ধান্ত গ্ৰহণকাৰীসকলে যথেষ্ট গুৰুত্ব প্ৰদান কৰে।

৮। প্রধান সেউজগৃহ গেছসমূহ কি কি? সেউজগৃহ প্ৰভাৱ মানে কি?

উত্তৰঃ আমাৰ সৌৰজগতত পৃথিৱীয়েই একমাত্ৰ গ্ৰহ, যিয়ে জীৱন সমর্থন তথা বহন কৰে। পৃথিৱীত জীৱনৰ ক্ৰমবিকাশ সম্ভৱপৰ হৈছিল ইয়াত থকা পানী, অক্সিজেনযুক্ত পৰিৱেশ, মাটি আৰু এটা উপযুক্ত ভূ-উত্তাপ বিশিষ্ট অনন্য পৰিৱেশগত অৱস্থাসমূহৰ বাবে। পৃথিৱীৰ এটা সঠিক ঘনত্ব আৰু ৰাসায়নিক সংৰচনাযুক্ত বায়ুমণ্ডল আছে। সূৰ্যৰ পৰা অহা শক্তিৰ প্ৰায় ৩০% অন্তৰীক্ষত ঘূৰি আহি প্ৰতিফলিত হয়, ৭০% পৃথিৱীত প্ৰৱেশ কৰে, যাৰ ফলত বায়ু, পানী, মাটি আদি গৰম হৈ উঠে আৰু ১৫° চেলছিয়াছত এটা সাধাৰণ ভূ-উত্তাপ ৰক্ষা হয়। দিনৰ ভাগত সূৰ্যৰ পৰা অহা শক্তি (স্পেকট্রামৰ এটা বৃহৎ দৃশ্যমান অংশ) পৃথিৱীৰ ভূ-ভাগৰ দ্বাৰা শোষিত হয়। 

যদি এই শক্তি সম্পূৰ্ণভাৱে পৃথিৱীয়ে শোষণ কৰে, তেন্তে পৃথিৱীখন লাহে লাহে উষ্ণতৰ হৈ উঠিব। কিন্তু বাস্তৱত পৃথিৱীয়ে ইয়াক সমান্তৰালভাৱে অৱলোহিত ৰশ্মিৰ ৰূপত (তৰংগ দৈর্ঘ্য, কম শক্তিসম্পন্ন) শোষণ কৰা আৰু মুক্ত কৰা দুয়োটা কাম কৰে।

এই সকলো বর্ধিত উষ্ণতা অন্তৰীক্ষত শেষ হৈ নাযায়, কিন্তু বায়ুমণ্ডলত কম পৰিমাণত থকা কিছুমান গেছৰ দ্বাৰা আংশিকভাৱে শোষণ হয়। এই গেছবোৰক সেউজগৃহ গেছ বোলে। প্রধান সেউজগৃহ গেছসমূহ হ’ল— কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্ৰাছ অক্সাইড, ক্লৰফুৰ’ কাৰ্বন, পানীৰ ভাপ আৰু অ’জন। এই গেছসমূহে পৃথিৱীৰ পৃষ্ঠতললৈ কিছু উত্তাপ পুনৰ এৰি দিয়ে। এই প্ৰভাৱক সেউজগৃহ প্ৰভাৱ বুলি কোৱা হয়, যিহেতু ই আয়নাৰে সজ্জিত/নিৰ্মিত উদ্যানপালন সেউজগৃহত দেখা পোৱা উত্তাপীয় প্ৰভাৱৰ সৈতে একে।

৯। গোলকীয় উষ্ণতা বুলিলে কি বুজা? গোলকীয় উষ্ণতাৰ ফলাফলসমূহ কি কি?

উত্তৰঃ সেউজগৃহ প্ৰভাৱৰ বাবে পৃথিৱীৰ সাধাৰণ পৃষ্ঠতল-উষ্ণতা প্রায় ১৫° ছেলছিয়াছ হয় আৰু পৃথিৱীখন বিভিন্ন প্ৰকৃতিৰ জীৱৰ বাবে অনুকূল হয়। যদি সেউজগৃহ গেছসমূহে এই ক্রিয়া সম্পাদন নকৰে বেছিভাগ শক্তিয়েই ওলাই যাব, যাৰ ফলত পৃথিৱীখনক শীতল (প্রায় ১৮°ছেলছিয়াছ) কৰি তুলিব আৰু ই জীৱৰ বাবে প্ৰতিকূল হৈ উঠিব। সেউজগৃহ গেছসমূহে বায়ুমণ্ডলত ধৰি ৰখা উত্তাপে পৃথিৱীখনক মানুহ তথা আন জীৱ জীয়াই থাকিব পৰাকৈ উষ্ণ কৰি ৰাখে।

কিন্তু বিভিন্ন প্রাকৃতিক আৰু মানৱজনিত ক্ৰিয়া-কলাপৰ বাবে বায়ুমণ্ডলত সেউজগৃহ গেছৰ ঘনত্ব যোৱা কেবাটাও দশকত বৃদ্ধি পাবলৈ ধৰিছে। বিজ্ঞানীসকলে কয় যে যোৱা শতিকাৰ আৰম্ভণিৰ পৰা পৃথিৱীৰ সাধাৰণ তাপমাত্রা ০.৩ – ০.৬° ছেলছিয়াছলৈ বৃদ্ধি পাইছে। ১৫০ বছৰৰ পূৰ্বে উদ্যোগ বিপ্লৱ আৰম্ভ হোৱাৰ পৰাই মানৱসৃষ্ট কার্যকলাপে বায়ুমণ্ডললৈ যথেষ্ট পৰিমাণৰ সেউজ গৃহ গেছৰ সংযোগ ঘটাইছে। 

কার্বন-ডাই-অক্সাইড, মিথেন আৰু নাইট্ৰাছ অক্সাইডৰ বায়ুমণ্ডলীয় ঘনত্ব ক্রমে প্রায় ৩১%, ১৭১% আৰু ১৭% লৈ বৃদ্ধি পাইছে ১৭৫০ আৰু ২০০০ৰ মাজত (IPCC, ২০০১)। বৰ্ধিত সেউজগৃহ গেছৰ প্ৰভাৱৰ বাবে হোৱা উষ্ণতা বৃদ্ধিক গোলকীয় উষ্ণতা বোলা হয়।

১০। এচিড বৰষুণ কি?

উত্তৰঃ ঔদ্যোগিক কার্যকলাপ আৰু জীৱাশ্ম ইন্ধন দাহনৰ পৰা হোৱা ছালফাৰ আৰু নাইট্ৰ’জেনৰ অক্সাইডবোৰ হ’ল বায়ুমণ্ডলৰ এচিড প্রস্তুতকাৰী গেছৰ উৎস। যেতিয়া ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ’জেন অক্সাইড বতাহৰ দ্বাৰা পৰিবাহিত হয়, সেইবোৰ পানীৰ ভাপৰ সংস্পৰ্শলৈ আহে আৰু ক্ৰমে ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড গঠন কৰে, যিবোৰ ছালফিউৰিক এচিড আৰু ছালফেট আৰু নাইট্ৰেটৰ ক্ষুদ্ৰ কণাৰ টোপাল। এই ৰাসায়নিক পদার্থসমূহ পৃথিৱীৰ পৃষ্ঠতললৈ সেমেকা (এচিড বৰষুণ, বৰফ, কুঁৱলী আৰু মেঘৰ বাষ্প ইত্যাদি ৰূপত) আৰু শুকান (এচিডীয় কণা ৰূপত) নামি আহে। ইয়াৰ ফলত সৃষ্টি হোৱা মিশ্ৰণটোক এচিডীয় স্তুপ বা সাধাৰণভাৱে এচিড বৰষুণ বোলা হয়।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

চমু প্রশ্নোত্তৰঃ

১। দুর্যোগ ব্যৱস্থাপনা মানে কি বুজা? বানপানীৰ সময়ত কি ব্যৱস্থাপনা ল’ব পাৰি?

উত্তৰঃ দুর্যোগ ব্যৱস্থাপনাঃ দুর্যোগ ব্যৱস্থাপনা এলানি কার্যকলাপৰ সমষ্টি— যাৰ দ্বাৰা দুৰ্যোগ তথা জৰুৰীকালীন অৱস্থা নিয়ন্ত্ৰণ কৰি আৰু সাহায্য আগবঢ়াই বিপদগ্রস্ত লোকসকলক সুৰক্ষা প্রদান বা দুৰ্যোগৰ কবলৰপৰা উদ্ধাৰ কৰিব পাৰি। দুর্যোগ ব্যৱস্থাপনাৰ সহায়ত দুৰ্যোগৰ আগতে, হৈ থকা সময়ত আৰু পিছৰ পৰিস্থিতি মোকাবিলা কৰা হয়।

বানপানীৰ সময়ত লোৱা ব্যৱস্থাপনা হ’ল–

(ক) বানপানীৰ সময়ত প্ৰয়োজনীয় খাদ্য সামগ্রী মজুত ৰাখিব লাগে।

(খ) প্রয়োজনীয় ঔষধ মজুত ৰাখিব লাগে।

(গ) বানপানী হোৱা অঞ্চলৰ লোকসকলে বানপানীৰ সময়ত ব্যৱহাৰ কৰিবলৈ ভুৰ, নাওঁ আদি মজুত ৰাখিব লাগে।

(ঘ) বানপানী হৈ যোৱাৰ পিছত যাতে মহামাৰীয়ে দেখা দিব নোৱাৰে। তাৰবাবে ডি.ডি.টি. চটিয়াব লাগে।

(ঙ) বানপানী হ’লে পশুধনক লৈ মানুহে ওখ অঞ্চললৈ যাব লাগে।

২। দুর্যোগসমূহ কি?

উত্তৰঃ দুৰ্যোগ হৈছে স্বাভাৱিক জীৱন-প্ৰবাহক বাধাগ্রস্ত কৰা বিধ্বংসী পৰিস্থিতি যাৰবাবে সৃষ্টি হয় বিশৃংখলা, জীৱন আৰু সম্পত্তিৰ বিস্তৰ ক্ষতি, পৰিবেশৰ অৱক্ষয়। এনে পৰিস্থিতিত জীৱন-প্ৰবাহ আৰু জীৱিকাৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবৰ বাবে ব্যাপক উদ্ধাৰ অভিযান, স্থানান্তৰকৰণ আৰু সাহাৰ্য্য প্ৰচেষ্টাৰ প্রয়োজন। দুর্যোগক বহলভাবে তলত দিয়া ধৰণে বিভক্ত কৰিব পাৰি।

(ক) প্রাকৃতিক দুর্যোগঃ ভূমিকম্প, আগ্নেয়গিৰিৰ উদগীৰণ, ধুমুহা, বা মাৰলি, বানপানী, ভূমিস্খলন, বনজুই, ছুনামী, খৰাং, দুর্ভিক্ষ আদিৰ ফলত হোৱা দুৰ্যোগসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।

(খ) কৃত্রিম দুর্যোগঃ সশস্ত্র সংঘর্ষ, চক্রান্ত, ঔদ্যোগিক দুর্ঘটনা, তেল আৰু গেছৰ বিস্ফোৰণ, কাৰখানাত হোৱা অগ্নিকাণ্ড, তেল নির্গমন, নির্মাণ স্থাপন, বোমা বিস্ফোৰণ, পথ দুর্ঘটনা আদি মানুহৰ কাৰ্যকলাপৰ ফলত হোৱা দুর্যোগসমূহ এই শ্ৰেণীৰ অন্তৰ্ভুক্ত।

৩। নবীকৰণযোগ্য আৰু নৰীকৰণ অযোগ্য শক্তিৰ উৎসসমূহ কি কি? উদাহৰণ দিয়া।

উত্তৰঃ নবীকৰণযোগ্য বা অপ্রচলিত শক্তিৰ উৎসঃ এই শক্তিৰ উৎসসমূহ প্ৰকৃতিত একেৰাহে সৃষ্টি হৈ থাকে আৰু এই শক্তি অফুৰন্ত। যেনে— সৌৰশক্তি, বায়ু শক্তি, জলবিদ্যুৎ শক্তি, ভূ-তাপবিদ্যুৎ শক্তি, সাগৰীয় তাপ শক্তি, জোৱাৰ শক্তি, কাঠ, জৈৱ পচন শক্তি, জৈৱ ইন্ধন, হাইড্ৰ’জেন আদি। এইসমূহ শক্তিক বাৰে বাৰে ব্যৱহাৰ কৰি থাকিব পাৰি। এইসমূহ অপ্রচলিত আৰু শক্তিৰ বিকল্প উৎস।

নবীকৰণঅযোগ্য বা প্রচলিত শক্তিৰ উৎসঃ এই শক্তিৰ উৎসসমূহ প্ৰকৃতিৰ মাজতে আছে, দীর্ঘদিন ধৰি ব্যৱহাৰ কৰি থকা হৈছে আৰু এইসমূহ শক্তিৰ উৎস অফুৰন্ত ভাণ্ডাৰ নহয়। যদিহে এবাৰ এই শক্তিৰ ভাণ্ডাৰ শেষ হৈ যায় তেন্তে সহজে সেইসমূহক পূৰ্ণ কৰিব নোৱাৰি। জীৱাশ্ম ইন্ধন (কয়লা, পেট্ৰ’লিয়াম, প্রাকৃতিক গেছ), পাৰমাণৱিক ইন্ধন যেনে— ইউৰেনিয়াম, থ’ৰিয়াম আদি হৈছে নবীকৰণ কৰিব নোৱৰা শক্তিৰ উৎস । মানৱ সমাজৰ শক্তিৰ চাহিদা পূৰণ কৰিবৰ বাবে এইসমূহ প্রচলিত শক্তিৰ উৎস হিচাপে ব্যৱহাৰ হৈ আহিছে।

৪। বহনক্ষম উন্নয়ন মানে কি বুজা?

উত্তৰঃ বহনক্ষম উন্নয়ন বা ধাৰণক্ষম উন্নয়ন বিশ্ব আজি সকলোৰে কাম্য। অনন্তকালৰ বাবে যদি বিশ্বই সকলো ক্ষেত্ৰতে বিশ্বৰ জনগণক উন্নত মানদণ্ডৰে নিজৰ প্ৰয়োজনীয়তাসমূহ পূৰ্ণ কৰি জীয়াই থকাৰ সমল যোগায়, সেয়ে হ’ব ধাৰণক্ষম বা বহনক্ষম বিশ্ব। আজি বিশ্ববাসীয়ে উন্নতিৰ শিখৰত আৰোহন কৰিবলৈ সমৰ্থ হৈছে, কিন্তু এই উন্নয়ন ধাৰণক্ষম হৈ থাকিব, যদিহে ই মানৱ সমাজৰ চাহিদা পূৰণ কৰি আৰ্থ-সামাজিক উন্নতিৰ লগতে সম্পদৰো ভৱিষ্যৰ বাবে সংৰক্ষিত কৰিব পাৰে। 

কিন্তু, বাস্তৱিকতে বৰ্ত্তমান বিশ্ব বহনক্ষম অৱস্থাৰ পৰা ক্রমান্বয়ে অবহনক্ষম হোৱাৰ পৰ্যায়ত উপনীত হৈছে। বিশ্বৰ দ্ৰুতগতিত বর্ধিত জনসংখ্যা আৰু দ্ৰুত উন্নয়নৰ ফলত আজি পৃথিৱীৰ মাটি, পানী, বায়ু, খনিজ পদাৰ্থ আৰু গছ-গছনিৰ মাত্ৰাধিক ব্যৱহাৰে পৃথিৱীখনক অবহনক্ষম কৰি তোলাৰ প্ৰয়াস কৰিছে। প্ৰাকৃতিক সম্পদবোৰৰ ক্রমাগতভাৱে আহৰণ আৰু ব্যৱহাৰ অব্যাহত থাকিলে ভৱিষ্যতৰ উন্নয়নৰ গতি স্তব্ধ হ’ব। এই কথাবোৰৰ গুৰুত্ব অনুধাৱন কৰি বিশ্বৰ এই উন্নয়নক এটা স্থিৰ মাত্ৰাত ৰাখি বিশ্বক বহনক্ষম উন্নয়নলৈ লৈ যাবলৈ হ’লে নানা পদক্ষেপৰ প্ৰয়োজন।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক তথা নৰৱে’ৰ প্ৰধানমন্ত্রী জি. এই ব্ৰাণ্টলেণ্ডৰ মতে, “ভৱিষ্যৎ প্রজন্মসকলৰ প্ৰয়োজনীয়তাৰ সামৰ্থক বিঘ্নিত নকৰাকৈ বৰ্ত্তমানব প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাই গ’ল বহনক্ষম বা ধাৰণক্ষম উন্নয়ন।”

৫। বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাসমূহ কি?

উত্তৰঃ বৰষুণৰ পানী সংৰক্ষণৰ সুবিধাঃ

(i) এই ব্যৱস্থাৰে যি ঠাইতে আৱশ্যক সেই ঠাইতে পানীৰ এটা উৎস গঢ়ি ল’ব পাৰি।

(ii) এই ব্যৱস্থাটো কম খৰচী আৰু প্ৰত্যেক পৰিয়ালে বৰষুণৰ পানী পুনৰ ব্যৱহাৰ কৰিবৰ বাবে প্ৰয়োজনীয় সহজ ব্যৱস্থাটো সহজে কৰি ল’ব পাৰে।

(iii) ফ্ল’ৰাইড, আৰ্চেনিক, লো (আইৰণ) আদি ৰাসায়নিক দ্রব্যসমূহ বৰষুণৰ পানীত নাথাকে।

(iv) যিহেতু বিশ্বৰ বহু চহৰত এতিয়া ভূমিজলৰ সমস্যা গুৰুতৰ সেয়ে ঘৰুৱা আৰু অন্যান্য ক্ষেত্ৰত বৰষুণৰ পানীৰ ব্যৱহাৰে ভূমিজলৰ ওপৰত চাপ হ্রাস কৰে।

(v) জৰুৰীকালীন সময় আৰু ৰাজহুৱা পানী যোগান ব্যৱস্থা অকামিলা বা বিফল হোৱাৰ সময়ত ই অতি প্রয়োজনীয় ভাণ্ডাৰ হিচাপে কাম কৰে।

(vi) বৰষুণৰ পানী সংগ্ৰহ ব্যৱস্থাটো সৰল হোৱা বাবে সাধাৰণ মানুহে কম খৰচত বৰষুণৰ পানী জমা কৰা, এটা ভাণ্ডাৰ টেংক নিৰ্মাণ কৰা আদি কাৰিকৰী কৌশল সহজে শিকি ল’ব পাৰে।

 ৰচনাধৰ্মী প্রশ্নোত্তৰঃ

১। শক্তিৰ সংৰক্ষণ কি? শক্তিৰ সংৰক্ষণৰ বাবে লোৱা কিছুমান ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ শক্তিৰ সংৰক্ষণঃ সাম্প্ৰতিক কালত শক্তি ব্যয়ৰ হাৰক সভ্যতাৰ বেৰোমিটাৰ বুলি বিবেচনা কৰা হয়। এখন ৰাষ্ট্ৰৰ শক্তিৰ সম্ভাৱনা যিমান সেয়া দেশখনৰ অৰ্থনৈতিক বৃদ্ধি আৰু উন্নতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত। কিন্তু শক্তিৰ সংকট হোৱা বাবে শক্তিৰ নীতিৰ আধাৰ প্ৰস্তুত কৰিব লগা হৈছে। ইয়াৰ জৰিয়তে শক্তি খৰচৰ মাত্ৰাৰ বৃদ্ধি আৰু ইয়াৰ ধৰণ নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ ইয়াৰ বাবে শক্তি সংৰক্ষণৰ কৌশলো গ্ৰহণ কৰা উচিত। শক্তি সংৰক্ষণৰ অৰ্থ হৈছে শক্তিৰ খৰচ হ্ৰাস কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা।

শক্তিৰ বৰ্ধিত দক্ষতাপূৰ্ণ ব্যৱহাৰ, হ্ৰাস পোৱা শক্তিৰ ব্যৱহাৰ একলগ কৰা আৰু প্রচলিত শক্তিৰ উৎসৰ পৰা শক্তিৰ সংৰক্ষণ কৰিব পৰা যায়। বিত্তীয় মূলধনৰ বৃদ্ধি, পৰিৱেশৰ গুণমান, ৰাষ্ট্ৰীয় নিৰাপত্তা, ব্যক্তিগত সুৰক্ষা আৰু মানুহৰ সুখ-শান্তিৰ মাজেৰে শক্তি সংৰক্ষণৰ সাফল্য প্রকাশ পায়। শক্তিৰ খৰচ কম কৰিবলৈ আৰু অৰ্থনৈতিক নিৰাপত্তা বৃদ্ধি কৰিবৰ বাবে শক্তিৰ সংৰক্ষণ কৰাৰ ক্ষেত্ৰত ব্যক্তি আৰু সংস্থাসমূহ শক্তিৰ প্ৰত্যক্ষ গ্ৰাহক। 

লাভ বঢ়াবৰ বাবে ঔদ্যোগিক আৰু বাণিজ্যিক উপভোক্তাসকলে শক্তিৰ কাৰ্য দক্ষতা বৃদ্ধি কৰিব পাৰে৷ যিসমূহ শক্তিয়ে ধন ৰাহি কৰাৰ লগতে পৰিৱেশ ৰক্ষা কৰে তেনে শক্তি যোগান ধৰাৰ লগতে পৰিৱেশ অনুকূল জীৱন-শৈলী ৰছনা, শক্তিৰ সংৰক্ষণৰ ক্ষেত্ৰত সহায়ক। যেতিয়া আমি শক্তিৰ পৰিমাণ হ্রাস কৰো তেতিয়া স্বয়ংক্রিয়ভাৱে গোলকীয় উষ্ণতা বৃদ্ধি প্ৰতিৰোধৰ বাবে চেষ্টা কৰো। প্রাথমিক পদক্ষেপ হিচাপে নিম্ন উল্লেখিত ব্যৱস্থাসমূহক শক্তি সংৰক্ষণৰ বাবে অৱলম্বন কৰিব পাৰি—

(i) পেট্রলিয়াম কয়লা, প্রাকৃতিক গেছ, ইউৰেনিয়াম আদি জীৱাশ্ম ইন্ধন আৰু নবীকৰণ অযোগ্য শক্তি সম্পদৰ পৰিৱৰ্ত্তে সৌৰশক্তি, বায়ু শক্তি, জৈৱ গেছ আদি পুনৰ নবীকৰণ যোগ্য শক্তি সম্পদৰ ব্যৱহাৰ।

(ii) যথেষ্টভাৱে শক্তি সংৰক্ষণ কৰিব পৰা অধিক কাৰ্যদক্ষ প্রযুক্তি উদ্ভাৱন।

(iii) বিদ্যুতৰ অপ্ৰয়োজনীয় ব্যৱহাৰ নিষিদ্দ কৰা উচিত। নিচেই পুৱাতে স্ট্রিট লাইট নুমুৱাই দিব লাগে।

(iv) ঘৰত ব্যৱহাৰ কৰা বিভিন্ন কাম-কাজত উপভোক্তাই শক্তিৰ খৰচ কমাব পাৰে।

(v) উদ্যোগসমূহে নিজৰ কেঁছা মালৰ সঠিক হিচাপত ব্যৱহাৰ হোৱাৰ বাবে কাৰিকৰী কৌশল উদ্ভাৱন কৰা উচিত।

২। পানী সংৰক্ষণৰ গুৰুত্ব আৰু উপায়সমূহ ব্যাখ্যা কৰা।

উত্তৰঃ গৱেষণামূলক অনুসন্ধানৰ পৰা দেখা গৈছে যে, অনাগত দিনবোৰত পৃথিৱীৰ বহু অঞ্চলৰ পানীৰ নাটনি হ’ল।

পানীৰ অভাৱৰ এটা প্ৰধান দিশ হ’ল ভূ-গৰ্ভৰ পানীৰ স্তৰ তললৈ নামি যোৱাটো ৷ পানীৰ অভাৱত এনেদৰে উদ্ভৱ হোৱা সমস্যা কিছু পৰিমাণে লাঘৱ কৰিব পাৰি পানীৰ সংৰক্ষণৰ জৰিয়তে। পানীৰ সংৰক্ষণে ইয়াৰ অপচয় ৰোধ আৰু সঠিক ব্যৱহাৰত বুজায়। কিন্তু জনসংখ্যা বৃদ্ধিৰ বিপৰীতে পানীৰ চাহিদা ক্রমশঃ বৃদ্ধি পাইছে। উদাহৰণস্বৰূপে ভাৰতৰ কথাকে ক’ব পাৰি৷

পানীৰ উল্লেখিত নাটনি দূৰ কৰিবলৈ পানীৰ সংৰক্ষণ কৰিব লাগিব। পানী সংৰক্ষণৰ বিভিন্ন উপায়বোৰ হ’ল—

(১) ৰাজস্থানত পানীৰ সংৰক্ষণৰ বাবে অৱলম্বন কৰা এটা পৰম্পৰাগত পদ্ধতি হ’ল ঘৰৰ ছালৰ পানী এটা পাইপেৰে কাষত সাজি থোৱা চৌবাচ্চাত পেলোৱা হয় আৰু সেই জমা হোৱা পানী ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।

(২) গুজৰাটৰ কুচ্ছ জিলাত বসবাস কৰা লোকে কিছুমান বাম নাদ খান্দি সেই নাদবোৰত বৰষুণৰ পানী জমা কৰি থয়। এইদৰে জমা হোৱা পানী মাটিয়ে শুহি লোৱাৰ পাছত ই ভূ-গৰ্ভৰ লৱণযুক্ত পানীৰ ওপৰত অৱস্থান লাভ কৰে। এই পানী ঘৰুৱা ব্যৱহাৰৰ উপযোগী হৈ পৰে।

(৩) আমাৰ দেশৰ বিভিন্ন অঞ্চলত জলসিঞ্চনৰ বাবে বিভিন্ন ধৰণে পানী সংগ্ৰহ আৰু সংৰক্ষণ কৰা হয়। উদাহৰণস্বৰূপে লাডাখত আবেলি যেতিয়া বৰফবিলাক গলি পানী হৈ যায় তাক নলাত সংৰক্ষণ কৰি কৃষিকাৰ্যত ব্যৱহাৰ কৰা হয়।

(৪) উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰীয়া অঞ্চলবোৰত বাঁহেৰে সজা নলীৰে শিলৰ পৰা নিজৰ ওলোৱা পানী সংগ্ৰহ কৰি মজুত কৰা হয়। এনে পানী খেতিপথাৰত আৰু ঘৰুৱা কামত ব্যৱহাৰ কৰা হয়।

(৫) বাংলাদেশ আদিৰ দৰে দেশত পানী সংৰক্ষণৰ বাবে এতিয়াও বৃহৎ আকাৰত পুখুৰী খণ্ডা হয়। বাৰিষা সেই পুখুৰীবোৰ পানীৰে পূৰ কৰি পিছত ব্যৱহাৰ কৰা হয়।

(৬) পাহাৰৰ পাদদেশ অঞ্চলত বিশেষকৈ খৰালি পাহাৰী নিজৰাবোৰত বান্ধ দি পানী শস্য পথাৰলৈ বোৱাই দিয়া হয়।

(৭) অসমত পানী সংৰক্ষণৰ আন এটা পৰম্পৰাত ব্যৱস্থা হ’ল বাৰীত চাৰিওফালে গড় খাৱৈ খন্দা। এই খাৱৈবোৰত বাৰিষা পানী জমা হৈ খৰাং দিনত এই পানী গৰু-ম’হ, হাঁহ, কুকুৰাৰ বাবে প্ৰয়োডন হয়। তাৰ উপৰি এই পানীৰ পৰা খেতিপথাৰবিলাক জীপাল কৰি জলসিঞ্চনৰ সুবিধা প্ৰদান কৰে।

(৮) পুৰণি কালত কিছুমান ঠাইত বাৰিষা ডাঙৰ ডাঙৰ পুখুৰী বা কুৱা খান্তি তাত পানী জমা কৰি ৰাখিছিল৷ পিছত পানীৰ নাটনিৰ সময়ত সেই বানী ব্যৱহাৰ কৰিছিল। 

পানীৰ সংৰক্ষণ বোলোতে কেঁৱল বৰষুণৰ পানীৰ সংৰক্ষণ আৰু নৈ, নিজৰাৰ পানী কামত লগোৱাটোকে নুবুজায়, একে সময়তে ই ভূ-গৰ্ভৰ পানীৰ অপচয় ৰোধ কৰাটোকো বুজায়। কোনো কামত নলগোৱাকৈ বৰষুণৰ পানী বৈ যাবলৈ দিয়াটো যেনেকৈ অপচয় ঠিক সেইদৰে ভূ-গৰ্ভৰ পানী ব্যয়বহুলভাৱে খৰছ কৰাটোও অপচয়মূলক। সেয়েহে ঘৰুৱা কামত বা খেতি-বাতিৰ কামত পানী ব্যৱহাৰ কৰোঁতে মিতব্যয়ী হোৱাটো প্ৰয়োজন আৰু অবাবত পানী নষ্ট কৰাৰ পৰা বিৰত থকা উচিত।

৩। ভাৰতত পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত কি কি আইন-কানুন আছে আলোচনা কৰা।

উত্তৰঃ ভাৰতত পৰিৱেশ ৰক্ষাৰ আইন-কানুনসমূহ ষ্টকহম আন্তর্জাতিক মহাসভাৰ পিছৰ পৰ্যায়ত গ্ৰহণ কৰা হৈছে। অৱশ্যে ব্ৰিটিছৰ শাসন কালতো ভাৰতৰ কেন্দ্ৰত বা বিভিন্ন প্ৰদেশত পৰিৱেশ সুৰক্ষাৰ বাবে ভালেমান আইন প্রণয়ন হৈ আহিছে। এইবিলাকৰ ভিতৰত উল্লেখযোগ্য কিছুমান হ’ল ভাৰতীয় মীন আইন, ভাৰতীয় বন্দৰ আইন, ১৯০৭, যান-বাহন আইন ইত্যাদি প্রধান।

মুখ্যত ষ্টকহম অভিৱৰ্তনৰ পিছৰ পৰাহে আচলতে এই আইনবিলাক কার্যকৰী কৰা হয় বা গুৰুত্ব লাভ কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে প্ৰণয়ন কৰা আইনবোৰ হ’ল জল প্ৰদূষণ আৰু নিয়ন্ত্রণ আইন, ১৯৭৪, বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন, ১৯৮১, পৰিবেশ ৰক্ষা আইন, ১৯৮৬ আৰু যান-বাহন আইন ১৯৮৮ইত্যাদি।

তাৰ থূলমূল আভাস এটি দিয়া হ’ল—

(ক) পানী প্ৰদূষণ আৰু নিয়ন্ত্রণ আইনঃ ভাৰতৰ সংসদে ১৯৭৪ চনৰ ২৩ মাৰ্চৰ পৰা প্ৰযোজ্য হোৱাকৈ এই আইন প্রণয়ন কৰে। এই আই ৰূপায়ণ কৰিবলৈ ১৯৭৪ চনৰ চেপ্তেম্বৰ মাহত জল প্ৰদূষণ প্ৰতিৰোধ পৰিষদ গঠন কৰা হয় । এই আইন সংশোধন হয় ১৯৮৮ চনত। কেন্দ্ৰীয়/ৰাজ্যিক প্ৰদূষণ প্ৰতিৰোধ পৰিষদে এই বিষয়টো চোৱা-চিতা কৰে।

(খ) বায়ু প্ৰদূষণ আইনঃ এই আইনখন ১৯৮১ চনৰ ১৬ মে’ তাৰিখৰ পৰা বলৱৎ কৰা হৈছে। ১৯৮৭ চনত এই আইনখন সংশোধন কৰা হয় আৰু এই আইনৰ বিভিন্ন দিশসমূহ উলংঘা কৰাসকলৰ বাবে কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা কৰা হয়। এই সংশোধিক আইনৰ অৱধিৰ ভিতৰত শব্দকো (প্ৰদূষণ) সামৰা হৈছে।

(গ) পৰিৱেশ (ৰক্ষা) আইন, ১৯৮৬ঃ পৰিৱেশ আৰু ইয়াৰ লগত জড়িত বস্তুবিলাকৰ সুৰক্ষ তথা উন্নতিৰ বাবে এই আইন জাৰি কৰা হৈছে। এই আইনৰ যোগে কেন্দ্ৰীয় চৰকাৰক পৰিৱেশৰ উন্নতি আৰু প্ৰদূষণ ৰোধ কৰিবৰ বাবে ক্ষমতা প্ৰদান কৰা হৈছে। এই আইনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰৰ পৰিবেশ উন্নয়ন আৰু প্ৰদূষণ ৰোধৰ বাবে পৰিকল্পনা কৰা আৰু ইয়াক কামত খটুওৱাৰ ক্ষমতা থাকিব।

(ঘ) যান-বাহন আইনঃ এই আইনখন ১৯৮৮ চনত চৰকাৰে কাৰ্যকৰী কৰে।

(ঙ) বন্যপ্রাণী সুৰক্ষা আইন, ১৯৭২ঃ ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণী সংস্থাৰ পৰামর্শ অনুযায়ী ১৯৭২ চনত ব্যৱপ্ৰাণী (সুৰক্ষা) আইন প্রণয়ন কৰে। এই আইনমতে, বনৰীয়া জন্তুক বন্দী কৰা, গুলীওৱা বা ৰখা, সিহঁতৰ মাংস পৰিবেশন কৰা, বন্যপ্ৰাণীৰ পৰিবহন কৰা বা ৰপ্তানি কৰা ইত্যাদি নিয়ন্ত্রণ তথা বন্ধ কৰা হৈছে। এই আইন মতে বিপদাপন্ন আৰু বিলুপ্তপ্রায় প্রাণীসমূহক সম্পূর্ণ সুৰক্ষা প্ৰদানৰ ব্যৱস্থা লোৱা হৈছে।

(চ) অৰণ্য (সংৰক্ষণ) আইন, ১৯৮০ঃ ব্যাপক হাৰত বনাঞ্চল ধ্বংস কৰাটো ৰোধ কৰিবৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে অৰণ্য (সুৰক্ষা) আইন, ১৯৮০ প্রণয়ন কৰে৷ এই আইন মতে অৰণ্য ভূমিক আন কাম ব্যৱহাৰ কৰিবলৈ হ’লে আগতীয়া অনুমতি লোৱাৰ প্ৰয়োজন৷ এই আইনখন ১৯৮৮ চনত সংশোধন কৰা হয় ৷ এই আইমমতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ অবিহনে গছ-গছনি কটা নিষিদ্ধ কৰা হৈছে আৰু আইন ভংগকাৰীলৈ কঠোৰ শাস্তি বিহাৰ ব্যৱস্থা ৰখা হৈছে।

৪। পৰিৱেশীয় আইন বলৱৎ কৰিবলৈ যাওঁতে কেনেবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়?

উত্তৰঃ পৰিৱেশ সুৰক্ষাৰ দিশত প্ৰায়বোৰ দেশতে কেতবোৰ আইন প্রণয়ন কৰা হৈছে। এই আইনসমূহ বলৱৎ কৰিবলৈ সংশ্লিষ্ট বিভাগে কেতবোৰ মান নিৰ্ধাৰণ কৰে। অৰ্থনৈতিক উন্নতিৰ স্বাৰ্থত কিছু পৰিমাণে পৰিৱেশীয় অৱনতি স্বীকাৰ কৰা হয়। ইয়াকে পৰিৱেশীয় মানদণ্ড বোলা হয়।

পৰিৱেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰিবলৈ যাওঁতে উদ্ভৱ হোৱা সমস্যাবোৰ হ’ল—

(ক) আইনসমূহ বলৱৎ কৰিবলৈ যাওঁতে পৰিৱেশীয় অৱনতি সঠিক ৰূপত নিৰূপণ কৰাটো সম্বৱ নহয়। উদাহৰণস্বৰূপে কোনো এটা অঞ্চলৰ নিম্ন আকাশমার্গত কিমান ধূলিকণা থাকে সেইটো সদায় নির্দিষ্ট নহয়।

(খ) পৰিৱেশীয় সমস্যাবোৰ সকলো ঠাইতে একে ধৰণৰ নহয়। ৰাজ্য বা অঞ্চলভেদে ইয়াৰ প্ৰকাৰ আৰু তীব্রতা ভিন ভিন হয়। তদুপৰি এক নিৰ্দিষ্ট মাত্ৰাৰ প্ৰদূষণে সকলো অঞ্চলত সমানে জনসাধাৰণক আক্রান্ত নকৰে। এনে অৱস্থাত পৰিৱেশীয় আইনসমূহ জনসাধাৰণৰ বাবে বলৱৎ কৰিব নোৱাৰি। এখন দেশৰ অঞ্চলভেদে আইনৰ ধাৰা সুকীয়া হোৱাটো প্ৰয়োজন হয়।

(গ) পৰিৱেশীয় আইন বলৱত্ত থকা ভিন্নতাই অনুন্নত অঞ্চলবোৰক প্ৰদূষণ স্বৰ্গৰ অৱস্থা প্ৰদান কৰিছে। উদাহৰণস্বৰূপে মুম্বাই, মাদ্রাজ, দিল্লী, ইত্যাদিত প্ৰদূষণৰ দিশৰ পৰা ধাৰণা কৰা মানবোৰ উত্তৰ পূৰ্বাঞ্চললৈ চালান কৰা হয়, ইয়াৰ পৰিণামস্বৰূপে প্ৰদূষণ সূচনা কৰা যান-বাহন, কল-কাৰখানা এই অঞ্চললৈ সঞ্চালন হৈ নতুন সমস্যাৰ সূচনা কৰে।

(ঘ) পৰিৱেশ সম্পৰ্কীয় আইন বলৱৎ কৰিবলৈ যাওঁতে উদ্যোগ, কল-কাৰখানা ইত্যাদিৰ পৰা সঠিক তথ্য পাব লাগিব। কিন্তু সাধাৰণতে এনে তথ্য যোগান ধৰোঁতে প্ৰদূষণকাৰীয়ে মিথ্যাৰ আশ্ৰয় লয়।

(ঙ) পৰিৱেশ সম্পৰ্কীয় আইন বলৱৎ কৰাৰ বাবে এটা দক্ষ, নিকা প্রশাসনিক বিভাগৰ প্ৰয়োজন। ভাৰতৰ দৰে উন্নয়নশীল দেশত এনে বিভাগ পোৱাটো দুৰুহ। ফলত এই আইনসমূহ কাৰ্যকৰী হোৱাত বাধাগ্রস্থ হয়।

(চ) পৰিৱেশ সম্পৰ্কীয় আইনসমূহ বলৱৎ কৰোঁতে সাধাৰণতে কিছুমান লোক আক্রান্ত হয়। উদাহৰণস্বৰূপে গছকটা নিষিদ্ধ কৰাৰ ফলত এই বৃত্তিত নিয়োজিত লোকসকল ক্ষতিগ্রস্ত হয়।

(ছ) এই আইনসমূহ বলৱৎ কৰোঁতে আৰ্থ-সামাজিক অৱস্থাৰ কথা সাধাৰণতে বিবেচনা কৰা নহয়। দৰিদ্ৰতা নিবাৰণৰ অবিহনে পৰিবেশ সুৰক্ষাৰ উদ্দেশ্য সফল নোহোৱাই স্বাভাৱিক৷ পৰিবেশ বিনষ্ট হ’লে মানুহৰ অপকাৰ হোৱাটো এক দীঘলীয়া ঘটনা।

(জ) পৰিৱেশীয় মান নিৰ্ধাৰণত থকা বৈষম্যইও এনে আইন বলৱৎ কৰাত সমস্যাৰ সৃষ্টি কৰে। উদাহৰণস্বৰূপে চৰকাৰী বননীতি অনুসৰি পাহাৰীয়া অঞ্চলত মুঠ মাটিকালিৰ ৬৬ শতাংশ আৰু ভৈয়ামত মুঠ মাটিকালিৰ ৩৩ শতাংশত বনাঞ্চল থাকিব লাগে। কিন্তু পাহাৰীয়া জনজাতিবিলাকে বিশেষকৈ উত্তৰ-পূর্বাঞ্চলত এই সিদ্ধান্তত সন্তুষ্ট নহয়। এনে মনোভাৱে পৰিবেশীয় আইনসমূহ বলৱৎ কৰাত জনসাধাৰণৰ সহযোগ আদায় কৰাত বাধা জন্মায়।

(ঝ) ৰাজনৈতিক স্বার্থইও পৰিবেশীয় আইন বলৱৎ কৰাত বাধা জন্মায়। উদাহৰণস্বৰুপে অসমৰ প্ৰায়বোৰ সংৰক্ষিত বনাঞ্চল মানুহৰ বসতিৰ কবলত। বনাঞ্চল ধ্বংস কৰি মানুহে বসতি কৰাৰ আঁৰত আছে বন বিভাগৰ অকর্মণ্যতা, অদূৰদৰ্শিতা আৰু দক্ষতাহীনতা।

৬। ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ পৰিণামৰ বিষয়ে আলোচনা কৰা।

উত্তৰঃ সেউজ গৃহৰ পৰিঘটনাৰ বাবে ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি পায়। মানুহে প্ৰায়ে সেউজ গৃহৰ ভিতৰত কৃত্ৰিমভাৱে পৰিৱেশৰ উষ্ণতা বৃদ্ধি কৰি গছ-গজাবৰ বাবে সেউজ গৃহ পৰিঘটনাৰ সহায় লয়। এই কৃত্রিম সেউজ গৃহৰ দৰেই পৃথিৱীৰ বায়ুমণ্ডল অতিক্ৰম কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা সূৰ্যৰ অপশক্তি প্রথমে মাটি আৰু পানীয়ে শোষণ কৰি লয়। ইয়াৰ পিছত সিহঁতে অৱহেলিত ৰূপত তাপখিনি বিকিৰণ কৰে। 

এনে বিকিৰণৰ তাপ বায়ুমণ্ডলত থকা পানীৰ কণিকা, কার্বনডাই অক্সাইজ, নাট্ৰাছ অক্সাইড, মিথেন আদি গেছ শোষণ কৰি লয়। সেয়ে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায়। সেই সেউজ গৃহ গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক এখন কম্বলৰ দৰে আৱৰি ৰাখে। যাৰ ফলত পৃথিৱীৰ উপৰিভাগত উষ্ণতা গড়ে ৰপ্ত ডিগ্ৰী চেণ্টিগ্ৰেড হৈ থাকে। যিটো জীৱজগতৰ বাবে অনুকূল।

মানুহৰ কাৰ্যকলাপৰ ফলত যেনে– মানৱ সৃষ্ট উদ্যোগীকৰণৰ ফলস্বৰূপে যান-বাহন, কল-কাৰখানা, শক্তি উৎপাদন প্রকল্প, বিভিন্ন জীৱশ্মৰ ওপৰত নিৰ্ভৰশীল। কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ পৰা মিথেন, কার্বনডাই অক্সাইড আদি গেছ বায়ুমণ্ডললৈ মুহূর্তে মুহূর্তে নিৰ্গত হৈ থাকে। ইয়াৰোপৰি দ্ৰুত গতিত হাবি-জংঘলবোৰ ধ্বংস কৰাৰ ফলত তাপ শোষণ কৰিব পৰা ক্ষমতা থকা সেউজ গৃহৰ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। এই সেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ লগে লগে ইহঁতে অধিক তাপ শোষণ কৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে পৃথিৱীৰ ওপৰিভাগ অধিক উত্তাপিত হৈ পৰিব।

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম : বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন কৰি মত পোষণ কৰিছে যে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ক্ৰান্তিয় অঞ্চলতকৈ মেৰু অঞ্চলত বেছি হ’ব আৰু ইয়াৰ ফলত গ্ৰীণ লেণ্ড, চুইডেন, আইচ লেণ্ড, ফিনলেণ্ড, চাইবেৰিয়া আদি অঞ্চলবোৰ বেছি ক্ষতিগ্রস্ত হ’ব। বিজ্ঞানীসকলে আকৌ মত পোষণ কৰে যে, আজিৰ পৰা ৩০ ৰ পৰা ৮০ বছৰৰ ভিতৰত এণ্টার্কটিকা মহাদেশৰ বৰফ গলি পানীত পৰিণত হ’ব আৰু মৰু অঞ্চলৰ বৰফবোৰ গলি সমুদ্র পৃষ্ঠৰ উচ্চতা বাঢ়ি পৃথিৱীৰ নিম্ন ভূমি অঞ্চল পানীৰে উপচি পৰি বানপানীৰ বিভীষিকাৰ সৃষ্টি কৰিব। 

তদুপৰি আগৰ লুণীয়া পানী মহাদেশৰ জলৰাশিৰ সৈতে মিহলি হৈ সাগৰৰ উপকূলৰ লগতে তট ভূমিৰো পৰিৱৰ্তন ঘটাব। বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ পৰা ২৫ বছৰৰ ভিতৰত ১.৫ ৰ পৰা ৩.৫ মিটাৰ ওপৰলৈ উঠিব যাৰ ফলত সাগৰীয় উপকূলীয় অঞ্চলসমূহ বানপানীৰ দ্বাৰা ভয়াবহভাৱে ক্ষতিগ্রস্ত হ’ব। বাংলাদেশৰ প্ৰায় ১৫ নিযুত লোকে বৰ্তমানৰ বাসস্থান এৰিব লগাত পৰিব। লাক্ষাদ্বীপৰ বহু অংশ পানীত ডুব যাব। মালদ্বীপ সম্পূৰ্ণৰূপে পানীত ডুব যাব। গতিকে দেখা যায় যে উচ্চতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ বিনষ্ট কৰিব। ফলত জীৱৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব আৰু জীৱজগতৰ পৰা বহুতো জীৱ বিলুপ্ত ঘটিব।

৭। প্ৰদূষিত বায়ুৱে কেনেকৈ মানৱ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে?

উত্তৰঃ নগৰ অঞ্চলত দিনক দিনে বৃদ্ধি পোৱা যান-বাহন, ঔদ্যোগিক ব্যৱস্থা, কল-কাৰখানা আদিৰ পৰা ওলোৱা ধোঁৱাৰ লগতে অন্যান্য প্ৰদূষণ সমূহে বায়ুৰ লগত মিহলি হৈ বায়ু দূষিত কৰে। উদ্যোগ, কল-কাৰখানা, যান-বাহনৰ পৰা নিৰ্গত ধোঁৱা আৰু অন্যান্য প্ৰদূষকবোৰে বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে আৰু মানুহৰ জীৱন যাত্ৰাত প্ৰতিকূল প্ৰভাৱ পেলায়। 

নগৰ অঞ্চলত বায়ু প্ৰদূষণৰ পৰিণামসমূহ তলত উল্লেখ কৰা হ’ল—

(১) বায়ু প্ৰদূষণে উদ্ভিদৰ বীজ অংকুৰণৰ সময়ত বায়ুৰ পৰা প্ৰদূষিত উপাদান ধাৰণ কৰিব পাৰে। ফলত খাদ্য শৃংকল প্ৰদূষিত হয় আৰু এনে খাদ্য ভক্ষণকাৰী জীৱ-জন্তুবিলাকো প্ৰদূষণৰ দ্বাৰা আক্ৰান্ত হৈ নানা ৰোগত ভূগি মৃত্যুমুখত পৰিব পাৰে।

(২) বায়ু প্ৰদূষণৰ ফলস্বৰূপে আৱৰীয়া বৰষুণ, ধুমুহা, অতিমাত্ৰা ৰ’দ বৃদ্ধি পাই জীৱ-জগতৰ জীৱন ধাৰণত সমস্যাৰ সৃষ্টি কৰিছে।

(৩) বায়ু প্ৰদূষণৰ ফলত বিশেষ কাৰুকার্যখচিত শিল্প কৰ্ম, কংচৰ আঁচবাব, ফাইবাৰ সামগ্ৰী আদি প্ৰদূষিত হৈ নষ্ট হেৱাৰ উপক্ৰম হৈছে। তদুপৰি বহুতো মূল্যবান ভাস্কর্য, ঐতিহাসিক ভৱন, দুৰ্গ আদিৰ সৌন্দৰ্যও ম্লান হৈ পৰাৰ উপক্ৰম হৈছে।

(৪) নগৰ অঞ্চলত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ ফ তেই মানুহৰ হৃদ ৰোগ, শ্বাসৰোগ, ৰক্তচাপ আদি বিভিন্ন ৰোগৰ বলি হ’বলগীয়া হৈছে। বায়ু প্ৰদূষণৰ ফলতে বায়ুত নাট্ৰজেনৰ পৰিমাণ বৃদ্ধি হৈ নাট্ৰজেন অক্সাইড গেছ নির্গত হয় আৰু যাৰ ফলত মানুহ কাঁপ, পানীলগা, মূৰৰ কামুৰণি আদি ৰোগবিলাকৰ দ্বাৰা আক্রান্ত হয় ইয়াৰোপৰি চিগাৰেটৰ ধোঁৱাই কেন্সাৰ, হৃদৰোগ, শ্বাস-প্রশ্বাসৰ ৰোগ বৃদ্ধি কৰিছে। প্লাষ্টিকৰ বস্তুৰ পৰা নিৰ্গত হোৱা গেছৰ ফলত কিডনি আৰু লিভাৰত ভুগিবলগা হৈছে।

(৫) নগৰ অঞ্চলৰ কল-কাৰখানাৰ দাঁতিকাষৰীয়া অঞ্চলৰ বায়ু বিষাক্ত হৈ দুৰ্গন্ধময় অৱস্থাৰ সৃষ্টি কৰিছে। এনে দুৰ্গন্ধ বায়ুৰ জৰিয়তে মানুহ আৰু জীৱ-জন্তুৰ দেহত প্ৰৱেশ কৰাৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটাও পৰিলক্ষিত হয়। গতিকে বায়ু প্ৰদূষণৰ ফলত মানুহৰ, উদ্ভিদ, জন্তু, পশু-পক্ষী সকলোৱে বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৃত্যুক আকোৱালি ল’বলগা হৈছে। যাৰ ফলসত জৈৱ বৈচিত্ৰ্যৰ অৱনতি ঘটিছে।

৮। ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম সম্পর্কে চমুটোকা লিখা।

উত্তৰঃ সেউজ গৃহৰ পৰিঘটনাৰ বাবে ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধি পায়। মানুহে প্ৰায়ে সেউজ গৃহৰ ভিতৰত কৃত্ৰিমভাৱে পৰিৱেশৰ উষ্ণতা বৃদ্ধি কৰি গছ-গজাবৰ বাবে সেউজ গৃহ পৰিঘটনাৰ সহায় লয়। এই কৃত্রিম সেউজ গৃহৰ দৰেই পৃথিৱীৰ বায়ুমণ্ডল অতিক্ৰম কৰি পৃথিৱীৰ উপৰিভাগৰ পৰা সূৰ্যৰ অপশক্তি প্রথমে মাটি আৰু পানীয়ে শোষণ কৰি লয়। ইয়াৰ পিছত সিহঁতে অৱহেলিত ৰূপত তাপখিনি বিকিৰণ কৰে। 

এনে বিকিৰণৰ তাপ বায়ুমণ্ডলত থকা পানীৰ কণিকা, কার্বনডাই অক্সাইজ, নাট্রাছ অক্সাইড, মিথেন আদি গেছ শোষণ কৰি লয়। সেয়ে পৃথিৱীয়ে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নোৱাৰি বায়ুমণ্ডলতে থাকি যায়। সেই সেউজ গৃহ গেছে পৃথিৱীৰ পৰা বিকিৰণ হোৱা তাপক এখন কম্বলৰ দৰে আৱৰি ৰাখে। যাৰ ফলত পৃথিৱীৰ উপৰিভাগত উষ্ণতা গড়ে ৰপ্ত ডিগ্ৰী চেণ্টিগ্ৰেড হৈ থাকে। যিটো জীৱজগতৰ বাবে অনুকূল। 

মানুহৰ কাৰ্যকলাপৰ ফলত যেনে– মানৱ সৃষ্ট উদ্যোগীকৰণৰ ফলস্বৰূপে যান-বাহন, কল-কাৰখানা, শক্তি উৎপাদন প্রকল্প, বিভিন্ন জীৱশ্মৰ ওপৰত নিৰ্ভৰশীল।

কয়লা, খনিজ তেল, প্রাকৃতিক গেছ আদিৰ পৰা মিথেন, কার্বনডাই অক্সাইড আদি গেছ বায়ুমণ্ডললৈ মুহূর্তে মুহূর্তে নিৰ্গত হৈ থাকে। ইয়াৰোপৰি দ্রুত গতিত হাবি-জংঘলবোৰ ধ্বংস কৰাৰ ফলত তাপ শাষণ কৰিব পৰা ক্ষমতা থকা সেউজ গৃহৰ গেছসমূহৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰিছে। এই সেউজ গৃহ গেছৰ পৰিমাণ বায়ুমণ্ডলত বৃদ্ধি পোৱাৰ লগে লগে ইহঁতে অধিক তাপ শোষণ কৰি ৰাখিব পাৰে যাৰ ফলস্বৰূপে পৃথিৱীৰ ওপৰিভাগ অধিক উত্তাপিত হৈ পৰিব।

ভূ-পৃষ্ঠৰ উত্তাপ বৃদ্ধিৰ পৰিণাম : বিজ্ঞানীসকলে নানা পৰীক্ষা-নিৰীক্ষা আৰু অধ্যয়ন কৰি মত পোষণ কৰিছে যে ভূ-পৃষ্ঠৰ উষ্ণতা বৃদ্ধিৰ প্ৰভাৱ ক্ৰান্তিয় অঞ্চলতকৈ মেৰু অঞ্চলত বেছি হ’ব আৰু ইয়াৰ ফলত গ্ৰীণ লেণ্ড, চুইডেন, আইচ লেণ্ড, ফিনলেণ্ড, চাইবেৰিয়া আদি অঞ্চলবোৰ বেছি ক্ষতিগ্রস্ত হ’ব।

বিজ্ঞানীসকলে আকৌ মত পোষণ কৰে যে, আজিৰ পৰা ৩০ ৰ পৰা ৮০ বছৰৰ ভিতৰত এণ্টার্কটিকা মহাদেশৰ বৰফ গলি পানীত পৰিণত হ’ব আৰু মৰু অঞ্চলৰ বৰফবোৰ গলি সমুদ্র পৃষ্ঠৰ উচ্চতা বাঢ়ি পৃথিৱীৰ নিম্ন ভূমি অঞ্চল পানীৰে উপচি পৰি বানপানীৰ বিভীষিকাৰ সৃষ্টি কৰিব। তদুপৰি আগৰ লুণীয়া পানী মহাদেশৰ জলৰাশিৰ সৈতে মিহলি হৈ সাগৰৰ উপকূলৰ লগতে তট ভূমিৰো পৰিৱৰ্তন ঘটাব। বিজ্ঞানীসকলে অনুমান কৰিছে যে আজিৰ পৰা ২৫ বছৰৰ ভিতৰত ৰ.প্ত ৰ পৰা.প্ত মিটাৰ ওপৰলৈ উঠিব যাৰ ফলত সাগৰীয় উপকূলীয় অঞ্চলসমূহ বানপানীৰ দ্বাৰা ভয়াবহভাৱে ক্ষতিগ্রস্ত হ’ব। 

বাংলাদেশৰ প্ৰায় ১৫ নিযুত লোকে বৰ্তমানৰ বাসস্থান এৰিব লগাত পৰিব। লাক্ষাদ্বীপৰ বহু অংশ পানীত ডুব যাব। মালদ্বীপ সম্পূৰ্ণৰূপে পানীত ডুব যাব। গতিকে দেখা যায় যে উচ্চতা আৰু জলবায়ুৰ পৰিৱৰ্তনে পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈৱ বৈচিত্ৰ বিনষ্ট কৰিব। ফলত জীৱৰ মৃত্যুৰ হাৰ বৃদ্ধি পাব আৰু জীৱজগতৰ পৰা বহুতো জীৱ বিলুপ্ত ঘটিব।

৯। বহনক্ষম উন্নয়ন কি? অ-বহনক্ষম অৱস্থাৰ পৰা কেনেকৈ বহনক্ষম অৱস্থালৈ উত্তৰণ ঘটাব পাৰি?

উত্তৰঃ পৰিবেশ অধোগমনে সম্প্ৰতি পৃথিৱীৰ অৰ্থনৈতিক উত্তৰণক অ-বহনক্ষম কৰি তুলিছে। বিশ্বৰ সকলোবোৰ দেশে মূলতঃ সৰ্বাৰ্থিক কৰাৰ আদৰ্শ অনুসৰণ কৰি অর্থনৈতিক উন্নতি সৰ্বাধিক কৰাৰ চেষ্টা চলাইছে। অন্য অৰ্থত পৃথিৱীৰ প্ৰতিখম দেশেখ অর্থনৈতিক প্রগতি সাধন কৰিবলৈ যাওঁতে প্রাকৃতিক সম্পদসমূহ এনেদৰে ব্যৱহাৰ কৰিছে যে, ভৱিষ্যৎ পুৰুষে ইয়াৰ সুবিধাৰ পৰা বঞ্ছিত হ’ব। বর্তমান সুখ ভোগ কৰা আদৰ্শৰ অনুকৰণে পৰিবেশৰ ওপৰত নেতিবাচক পৰিণামৰ সূচনা কৰিছে। পৰিবেশৰ অৱনতিৰ বিনিময়ত যি অর্থনৈতিক উন্নতি সাধন হৈছে তাক অবহনক্ষম অর্থনৈতিক উন্নয়ন বোলা হয়।

অবনক্ষমতাই বৰ্তমানৰ অৱস্থাত অক্ষতভাৱে ভৱিষ্যৎলৈ বৰ্তি নথকাটো সূচায়। গতিকে আজিৰ অৰ্থনৈতিক উন্নয়নক ভৱিষ্যতলৈকে অব্যাহত ৰাখিবলৈ এই বিশ্বক বিপদমুক্ত কৰি ৰাখিব লাগিব। বিশ্বক বিপদমুক্ত কৰি ৰখাৰ প্ৰধান কৰণীয় হয় পৰিবেশ অধোগমন ৰোধ কৰাটো। ইয়াৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ব্যৱহাৰত মিতব্যয়িতা অৱলম্বন কৰিব লাগিব আৰু পৰিবেশ প্ৰদূষিত হোৱা কাৰকবোৰ চিনাক্ত কৰি সেইবোৰ ৰোধ কৰিব লাগিব। এনেবোৰ ব্যৱস্থাৰ যোগেদি পৰিবেশক যদি ভবিষ্যৎ উন্নয়নৰ অনুকূল কৰি তুলিব পৰা যায় তেতিয়া বৰ্তমানৰ অবহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নৰ পৰা বহনক্ষম উন্নয়নলৈ গতি কৰাৰ বাবে ল’বলগীয়া ব্যৱস্থাসমূহ হ’ল—

(i) পৰিবেশীয় অধোগমন ৰোধ কৰিব লাগিব।

(ii) প্রাকৃতিক সম্পদৰ ব্যৱহাৰ মিতব্যয়ী কৰি তুলিব লাগিব।

(iii) আন্তঃপুৰুষ, আন্তঃআঞ্চলিক আৰু ব্যক্তিভিত্তিক অসমতা দূৰ কৰিব লাগিব।

(iv) ভোগ, দৰিদ্ৰতাৰ পৰিৱৰ্তে বৌদ্ধিক উত্তৰণ ঘটিব লাগিব।

(v) এক মিতব্যয়ীত সৰল জীৱনৰ আদৰ্শ প্রতিষ্ঠা হ’ব লাগিব।

(vi) উন্নত কৌশলৰ জৰিয়তে প্রাকৃতিক সম্পদৰ অপচয় কমাব লাগিব বা প্রাকৃতিক সম্পদৰ পৰা অধিক হোৱা লাভ কৰাৰ ব্যৱস্থা কৰিব লাগিব।

(vii) জনসংখ্যাৰ অনুপযুক্ত বৃদ্ধি ৰোধ কৰিব লাগিব।

১০ ‘জন বিস্ফোৰণ পৰিবেশ অৱক্ষয়ৰ মূল কাৰণ’— এই কথাষাৰ ব্যাখ্যা কৰা।

উত্তৰঃ কোনো এক নির্দিষ্ট সময়ত কোনো এখন ঠাইত এটা প্ৰজাতিৰ জীৱবিলাক একেলগে বৰ্তি থাকিল তাক সেই জীৱৰ সমষ্টি বোলা হয়। এই অৱস্থা মানুহৰ ক্ষেত্ৰত বুজাবলৈ হ’লে জনসংখ্যা বুলি কোৱা হয়। জনসংখ্যা গঠনত অৰিহণা যোগায় সাধাৰণতে প্ৰজাতিটোৰ প্ৰজনন ক্ষমতা। কুৰি শতিকাৰ শেষৰফালে বিশ্ববাসী মানুহৰ সংখ্যা দ্রুত গতিত বৃদ্ধি পোৱাটো পৰিলক্ষিত হৈছে। শতিকাটোৰ শেষৰ ৩৫ টা বছৰতে জনসংখ্যা ২.৫ বিলিয়নৰ পৰা ৬ বিলিয়নতকৈও অধিকলৈ বৃদ্ধি পাইছে।

জনসংখ্যা এই দ্ৰুতহাৰত বৃদ্ধি পোৱাৰ প্ৰধান কাৰণ হ’ল মৃত্যুৰ হ্ৰাসৰ হাৰতকৈ জন্মৰ হ্ৰাসৰ হাৰ কম হোৱাটো। আধুনিক প্রযুক্তিগত সা-সুবিধা, চিকিৎসা ব্যৱস্থা, খাদ্য, বাসস্থান ইত্যাদিয়ে মৃত্যুৰ হাৰ কমাই মানুহৰ আয়ুস বৃদ্ধি কৰিছে। ক্রমাগতভাৱে বাঢ়ি অহা জনসংখ্যা বৃদ্ধিয়ে সম্পদসমূহৰ অধিক ব্যৱহাৰৰ উপৰিও পৰিবেশ দূষিত কৰি তুলিছে। জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ অধোগমনৰ প্ৰধান কাৰক হৈ পৰিছে। সম্প্রতি বিশ্ব জনসংখ্যাৰ বৃদ্ধিৰ বাৰ্ষিক হাৰ হ’ল শতকৰা ১.৫ এই বৃদ্ধিৰ হাৰ অব্যাহত থাকিলে ২০২৫ চনত এই জনসংখ্যা ৮.৩ বিলিয়ন হ’ব বুলি ধাৰণা কৰা হৈছে। 

এই বৃদ্ধিৰ হাৰ উন্নয়নশীল দেশসমূহত আপেক্ষিকভাৱে অধিক, উন্নয়নৰ প্ৰাক স্তৰত সকলো দেশতে জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পোৱাটো পৰিলক্ষিত হয়। অৱশ্যে উন্নত দেশে জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ কিছু সমৰ্থ হৈছে। আৰু ভূমি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে নতুন প্রযুক্তি আৰু কৌশল আৱিষ্কাৰ কৰি সিবোৰত কামত লগোৱা দেখা গৈছে।

জনসংখ্যা বৃদ্ধিয়ে পৰিবেশ দূষিত কৰে। প্ৰকৃততে এই পৃতিৱীত পৰিবেশ বিনষ্ট হোৱাৰ আঁৰত আছে প্ৰধানকৈ বর্ধিত কার্যকলাপ। আদি কালত যেতিয়া বিশ্বত মানুহৰ সংখ্যা কম আছিল, তেতিয়া মানুহে পৰিবেশ বিঘ্নিত কৰিছিল যদিও তাৰ প্রভাব ইয়াৰ উৎস স্থলতে সীমাবদ্ধ হৈ আছিল। সম্প্রতি মানুহৰ সংখ্যা ইমান বৃদ্ধি পাইছে আৰু কাৰিকৰী প্ৰযুক্তি ইমান শক্তিশালী হৈ পৰিছে যে, পৰিবেশৰ ওপৰত মানুহৰ নিৰ্ভৰশীলতা আৰু প্ৰাকৃতিক সম্পদ আহৰণ এক এই শক্তিশালী প্ৰযুক্তিৰ ব্যৱহাৰ পৰিবেশ অৱনতিৰ প্ৰতিকূল পৰিণাম ইয়াৰ উৎসস্থলতে আৱদ্ধ নাৰাখি দূৰ দূৰান্তলৈ এই প্ৰভাৱ বিস্তাৰিত হৈছে। মানুহৰ বসতি আৰু কাৰিকৰী কৌশল প্রয়োগৰ ব্যাপকতাই পৰিবেশৰ ওপৰত তীব্র আঘাত হানিছে আৰু ইয়াৰ প্ৰতিফলন মানৱ জাতিয়ে ইতিমধ্যে ভোগ কৰিবলৈ আৰম্ভ কৰিছে।

১১। পতিত ভূমিৰ উৎপত্তিৰ বিভিন্ন প্ৰক্ৰিয়াৰ বিষয়ে লিখা।

উত্তৰঃ পতিত ভূমি বুলি ক’লে আমি অর্থনৈতিক ভাৱে উৎপাদনহীন, পৰিস্থিতিক দেশৰ পৰা অনুপযুক্ত আৰু পাৰিপাশ্চিকভাৱে অধোগামী ভূমিকে বুজা যায়। ভাৰতবৰ্ষত মুঠ মাটিকালিৰ আধাৰো বেছি ভূমি পতিত ভূমি। এই পতিত ভূমিবোৰৰ ভিতৰত একাংশ পাহাৰীয়া ভূমি, একাংশ মৰুভূমি আৰু একাংশ বৰফেৰে আবৃত্ত ভূমি। পতিত ভূমিৰ প্ৰসাৰণ দুটা কাৰকৰ ফলত ঘটে। যেনে– মানৱ সৃষ্ট আৰু প্ৰাকৃতিক কাৰক।

প্রাকৃতিক কাৰকৰ দ্বাৰা গঠিত হোৱা পতিত ভূমিৰ ভিতৰত শিলাময় ভূমি, ওখোৰা-মুখোৰা ভূমি, বৰফেৰে আবৃত্ত ভূমি, সাগৰীয় উপকূলৰ লৱণুযুক্ত ভূমি ইত্যাদিয়ে প্রধান।

মানৱ সৃষ্ট : মানৱ সৃষ্ট পতিত ভূমিৰ ভিতৰত নৰ্দমা, মথাউৰি, পথ-ঘাট ইত্যাদি নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰা ভূমি, পাহাৰীয়া ঝুম খেতিৰ বাবে ব্যৱহাৰ কৰি এৰি দিয়া ভূমি ইত্যাদি উল্লেখযোগ্য। মানৱ সৃষ্ট পতিত ভূমিৰ সম্প্ৰসাৰণ ৰ ক্ষেত্ৰত মানুহে কৰা বনাঞ্চলৰ ধ্বংস, বনাঞ্চলৰ মাত্ৰাধিক ব্যৱহাৰ, অনুপযুক্ত জনসিঞ্চন ইত্যাদিয়ে প্রধান।

পতিত ভূমি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আৰু দুটা কাৰকে অৰিহণা যোগায়। সেইদুটা হৈছে– ভূমিস্খলন আৰু মুক্ত খনন কাৰ্য।

Leave a Reply

Scroll to Top
adplus-dvertising