ASOS Class 12 Environmental Science Chapter 1 পৰিৱেশ সম্পৰ্কীয় মৌলিক ধাৰণা

ASOS Class 12 Environmental Science Chapter 1 পৰিৱেশ সম্পৰ্কীয় মৌলিক ধাৰণা, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Environmental Science Chapter 1 পৰিৱেশ সম্পৰ্কীয় মৌলিক ধাৰণা and select needs one.

ASOS Class 12 Environmental Science Chapter 1 পৰিৱেশ সম্পৰ্কীয় মৌলিক ধাৰণা

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Environmental Science Chapter 1 পৰিৱেশ সম্পৰ্কীয় মৌলিক ধাৰণা Solutions for All Subject, You can practice these here.

পৰিৱেশ সম্পৰ্কীয় মৌলিক ধাৰণা

Chapter : 1

পাঠভিত্তিক প্রশ্নোত্তৰঃ

প্রশ্ন ১ঃ পৰিৱেশ কি?

উত্তৰঃ সাধাৰণ অৰ্থত পৰিৱেশ শব্দটোৱে আমাৰ চাৰিওকাষক বুজায়। পৰিৱেশ শব্দটো ফৰাচী শব্দ ‘Environner’ ৰ পৰা অহা, যাৰ অৰ্থ হ’ল ঘেৰি ৰখা বা আৱৰি ৰখা। পৰিৱেশ হ’ল এটা সংমিশ্ৰিত পৰিভাষা, যিয়ে সকলো জীৱিত প্ৰাণী তথা উদ্ভিদে নিজৰ জীৱনক্ৰিয়া চলাই নিবৰ বাবে লগা মৌলিক প্রয়োজনসমূহ— বায়ু, পানী, মাটি আৰু সূৰ্যৰ পোহৰেৰে সম্বলিত এক অৱস্থাক বুজায়। পৰিৱেশত তাপ, বতাহ, শক্তি আদিও অন্তর্নিহিত হৈ থাকে। গতিকে ই জৈৱিক আৰু অজৈৱিক দুয়োবিধ উপাদানেৰে গঠিত। পৰিৱেশে জীৱৰ স্থিতি আৰু বিকাশৰ বাবে অনুকূল অৱস্থা তৈয়াৰ কৰে।

পৰিৱেশৰ সংজ্ঞা বিভিন্নধৰণে দিব পাৰি―

(i) এটা জীৱ বা জীৱসমষ্টিৰ চাৰিওকাষ আৱৰি থকা অৱস্থা বা পৰিস্থিতিসমূহক পৰিৱেশ বুলি ক’ব পৰা যায় ৷

(ii) পৰিৱেশ হ’ল সকলো সামাজিক, অর্থনৈতিক, জৈৱিক, ভৌতিক অথবা ৰসায়নিক উপাদানৰ সমষ্টি, যিয়ে মানুহৰ চাৰিওকাষৰ পৰিস্থিতি সৃষ্টি কৰে, যি নিজৰ পৰিৱেশৰ সৃষ্টিকর্তা তথা গঢ়োঁতাও।

প্রশ্ন ২ঃ পৰিৱেশৰ বিভিন্ন উপাদানসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ উপাদানসমূহঃ

পৰিৱেশ তলৰ তিনিটা উপাদানেৰে গঠিত—

(ক) অজৈৱিক উপাদান।

(খ) জৈৱিক উপাদান।

(গ) শক্তি উপাদান।

অজৈৱিক পৰিৱেশক তিনিটা ভাগত উপ-বিভাজন কৰা হৈছে—

(i) স্থলমণ্ডল (কঠিন/গোটা)

(ii) জলমণ্ডল (জুলীয়া)

(iii) বায়ুমণ্ডল (গেছ)

জৈৱিক উপাদানসমূহ মানুহকে ধৰি সমগ্ৰ প্ৰাণী প্রজাতি আৰু সমগ্ৰ উদ্ভিদ প্ৰজাতিৰে গঠিত।

শক্তি উপাদানে সৌৰশক্তি, ভূ-তাপীয় শক্তি, জলবিদ্যুৎ শক্তি, পাৰমাণৱিক শক্তি আদিক অন্তৰ্ভুক্ত কৰে।

প্রশ্ন ৩ঃ পৰিৱেশৰ বিভিন্ন অংশসমূহ কি কি?

উত্তৰঃ পৰিৱেশৰ চাৰিটা অংশ আছে। সেইকেইটা হ’ল—

(ক) বায়ুমণ্ডল (খ) জলমণ্ডল (গ) স্থলমণ্ডল (ঘ) জৈৱমণ্ডল

প্রশ্ন ৪ঃ বায়ুমণ্ডলৰ প্ৰধান উপাদানসমূহৰ নাম লিখা।

উত্তৰঃ বায়ুমণ্ডলৰ প্ৰধান উপাদানসমূহ হ’ল—

নাইট্ৰ’জেন N₂ (৭৮.০৯%), অক্সিজেন O₂ (২০.৯৪%)

প্রশ্ন ৫ঃ ষ্ট্ৰেট’ফিয়েৰত থকা অ’জনে কি ভূমিকা পালন কৰে?

উত্তৰঃ ষ্ট্ৰেট’ফিয়েৰত থকা অ’জনে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই পৃথিৱীত থকা জীৱৰ বাবে সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা হ’ব পৰা ক্ষতিকাৰক প্ৰভাৱবোৰৰ পৰা ৰক্ষা পৰিব পৰাকৈ সুৰক্ষা ঢাল হিচাপে কাম কৰে ৷

প্রশ্ন ৬ঃ পৰিৱেশ শিক্ষা বুলিলে তুমি কি বুজা?

উত্তৰঃ চমুকৈ ক’বলৈ হ’লে পৰিৱেশ শিক্ষা হ’ল পৰিৱেশৰ জৰিয়তে, পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ বাবে আহৰণ কৰা শিক্ষা। পৰিৱেশ শিক্ষা হ’ল শিক্ষা আহৰণৰ এক পক্রিয়া, যিয়ে মানুহৰ নিজৰ চাৰিওকাষৰ স্বাভাৱিক তথা মানৱসৃষ্ট পৰিস্থিতিৰ সৈতে থকা সম্পৰ্কৰ লগতে জনসংখ্যা, প্ৰদূষণ, সম্পদৰ আবণ্টন আৰু অৱক্ষয়, সংৰক্ষণ, পৰিবহণ প্রযুক্তি আৰু গ্ৰাম্য তথা মহানগৰ পৰিকল্পনাৰ সৈতে মানুহৰ সামগ্রিক পৰিৱেশৰ সম্পৰ্কক সামৰি লয়। ই হ’ল মানুহৰ নিজৰ সংস্কৃতি আৰু চাৰিওকাষৰ জৈৱ-ভৌতিক অৱস্থাৰ সৈতে আন্তঃসম্পৰ্কক বুজাৰ বাবে প্ৰয়োজন হোৱা কৌশল তথা আগ্রহক বিকশিত কৰাৰ উদ্দেশ্যে মূল্যবোধ গঢ়াৰ আৰু সজাগতা অনাৰ এক প্ৰক্ৰিয়া।

প্রশ্ন ৭ঃ পৰিৱেশ শিক্ষাৰ বহল নীতি-নিৰ্দেশনাসমূহ কি কি?

উত্তৰঃ টিবিলিচি (USSR, ১৯৭৭)ত অনুষ্ঠিত প্রথম আন্তঃচৰকাৰী পৰিৱেশ বিষয়ক সন্মিলনৰ প্ৰতিবেদনখনেই হ’ল পৰিৱেশগত শিক্ষাৰ বহল নীতি-নির্দেশনা সংক্রান্তীয় একমাত্ৰ গুৰুত্বপূৰ্ণ নথি। এই ঘোষণাত আদশে জাৰি কৰা হৈছিল যে পৰিৱেশগত শিক্ষা এনেধৰণৰ হ’ব লাগে―

(i) আন্তঃবিষয় অভিমুখী হ’ব লাগে।

(ii) সামগ্রিক পৰিৱেশক বিবেচনা কৰিব লাগে।

(iii) চলন্ত হ’ব লাগে, প্রাক প্রাথমিক পর্যায়তে আৰম্ভ হৈ শিক্ষাৰ সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক স্তৰৰ মাজেৰে যাব লাগে।

(iv) প্রধান পৰিৱেশগত বিষয়সমূহ স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে সমালোচনামূলকভাৱে পৰীক্ষা কৰিব লাগে।

(v) সাম্প্ৰতিক আৰু ভৱিষ্যতৰ পৰিৱেশগত ধাৰা তথা প্রেক্ষাপটবোৰৰ বিষয়ে ভবা উচিত।

(vi) পৰিৱেশ সংক্রান্তীয় সমস্যাৰ লক্ষণসমূহ তথা প্ৰকৃত কাৰণসমূহ আৱিষ্কাৰ কৰি সেইমতে পৰিকল্পনা লোৱাত শিকাৰুসকলক সহায় কৰিব লাগে।

(vii) সর্বশেষত, পৰিৱেশ সংক্রান্তীয় সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত স্থানীয়, ৰাষ্ট্ৰীয় আৰু ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু মূল্যবোধক উন্নীত কৰাৰ বাবে প্ৰয়াস কৰিব লাগে।

প্ৰশ্ন ৮ঃ পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ লিখা।

উত্তৰঃ পৰিৱেশ শিক্ষাৰ উদ্দেশ্য আৰু নীতি-নিৰ্দেশনাসমূহ হ’ল―

(ক) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি সজাগতা আৰু সংবেদনশীলতা গঢ়া।

(খ) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে বুজা আৰু জ্ঞান আহৰণ কৰা।

(গ) পৰিৱেশৰ প্ৰতি সচেতনতা আৰু পৰিৱেশৰ গুণ-মান বজাই ৰখা তথা উন্নীত কৰাৰ প্ৰেৰণা আহৰণ।

(ঘ) পৰিৱেশৰ প্ৰত্যাহ্বানবোৰ চিনাক্ত কৰা আৰু সেইবোৰৰ সমাধানৰ বাবে সহায় কৰিবলৈ কৌশল আয়ত্ত কৰা।

(ঙ) পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ সমাধানৰ সংকল্পৰ সৈতে জড়িত কাৰ্যসূচীত অংশগ্রহণ।

প্রশ্ন ৯ঃ পৰিৱেশগত শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ ব্যাখ্যা কৰা৷

উত্তৰঃ পৰিৱেশ শিক্ষা হ’ল বহুমুখী বিষয়ৰ চৰিত্ৰসম্বলিত শিক্ষা। পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল দিশ জানিবৰ বাবে বিভিন্ন বিষয়ৰ জ্ঞান আহৰণ কৰাটো প্রয়োজনীয়। উদ্ভিদ বিজ্ঞান, প্রাণীবিজ্ঞান, জৈৱ-প্ৰযুক্তি, বায়’ইঞ্জিনীয়াৰিং, সূক্ষ্ম জীৱবিজ্ঞান, প্ৰজনন বিদ্যা, জৈৱ ৰাসায়ন বিজ্ঞান আদি বিষয়ৰ জ্ঞানে পৰিৱেশৰ জৈৱিক উপাদানসমূহ আৰু সেইবোৰৰ মাজৰ সম্পৰ্কক বুজাত সহায় কৰে। পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদি বিষয়ৰ প্ৰাথমিক জ্ঞানে পৰিৱেশৰ বিভিন্ন ঘটনা-পৰিঘটনাক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান আৰু তথ্য-প্রযুক্তি পৰিৱেশ শিক্ষাৰ অবিচ্ছেদ্য অংশ। ঠিক সেইদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ ইঞ্জিনীয়াৰিং অপৰিহাৰ্য। ইঞ্জিনীয়াৰিঙৰ অন্যান্য শাখাসমূহ, যেনে— ৰাসায়নিক, অসামৰিক, মেকানিকেল ইঞ্জিনীয়াৰিঙৰ নতুন উদ্ভাৱনী প্ৰযুক্তিসমূহ পৰিৱেশ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা হয় ৷ সেউজ ৰাসায়নে অৱক্ষয়ী পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত বিশেষ আৰু বহুল গুৰুত্ব বহন কৰিছে। সমাজ বিজ্ঞান, অর্থনীতি, শিক্ষা, দর্শনশাস্ত্ৰ আদি বিষয়ৰ জ্ঞানো পৰিৱেশ শিক্ষাৰ সৈতে বিভিন্ন ধৰণে জড়িত হৈ আছে। পৰিৱেশৰ সুৰক্ষাৰ স্বাৰ্থত সদায় পৰিৱেশ আইনসমূহ প্রণয়ন কৰি অহা হৈছে। গতিকে, পৰিৱেশ শিক্ষাই এটা বহুমুখী বিষয়ৰ চৰিত্ৰ বহন কৰে, য’ত বিভিন্ন দিশক সামগ্রিকভাৱে বিবেচনা কৰা হয়।

প্রশ্ন ১০ঃ পৰিৱেশ সজাগতাই কেনেদৰে পৰিৱেশ সুৰক্ষাত সহায় কৰিব পাৰে?

উত্তৰঃ আজিৰ পৃথিৱী পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে গুৰুতৰ সমস্যাৰ সম্মুখীন হৈছে। বিভিন্ন ধৰণৰ প্ৰদূষণ, বনসম্পদৰ দ্ৰুত অৱক্ষয়, দ্রুত জনসংখ্যা বিস্ফোৰণ, প্ৰসাৰিত ঔদ্যোগিকৰণ, অপৰিকল্পিত চহৰীকৰণ, খনন, ভূমিক্ষয় আদিয়ে যোৱা বছৰবোৰত পৰিৱেশগত ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে। অর্থনৈতিক বিকাশৰ বাবে মানুহৰ অনুসন্ধানেই হৈছে প্রাকৃতিক সম্পদবোৰৰ ওপৰত হোৱা নিমৰ্ম অত্যাচাৰৰ প্ৰধান কাৰণ। তদুপৰি মানুহৰ অতিমাত্রা বস্তুবাদিতা লোভ আৰু বিলাসী জীৱন ধাৰণৰ মানসিকতাই প্রাকৃতিক সম্পদসমূহলৈ ধ্বংস মাতি আনিছে। মানুহৰ জধে-মধে বন ধ্বংস কৰা কাৰ্যই বহুতো প্ৰাণীৰ জীৱনলৈ ভাবুকি মাতি আনিছে। গতিকে ভৱিষ্যতে প্রাকৃতিক অৱক্ষয় ৰোধ কৰিবলৈ গণ সজাগতা সৃষ্টি কৰাটো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে। মানুহ পৰিৱেশগতভাৱে সজাগ হ’লেহে পৰিৱেশগত সকলো সমস্যাৰ সমাধানৰ পথ প্রশস্ত হ’ব। যদি মানুহে সহযোগিতা নকৰে, চৰকাৰে কেৱল কিছুমান পৰিৱেশ সুৰক্ষা নীতি কাৰ্যকৰীকৰণৰ দ্বাৰা পৰিৱেশৰ এই সমস্যাসমূহ সমাধা কৰিব নোৱাৰে। গতিকে জনসাধাৰণ পৰিৱেশগত শিক্ষাৰে শিক্ষিত হোৱাটো প্ৰয়োজনীয়। মানুহে উপলব্ধি কৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিৱেশৰ ক্ষতিসাধন কৰোঁ, আমি কাইলৈ ইয়াৰ পৰিণাম ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্রজন্ম এক ভয়াৱহ বিপদৰ সন্মুখীন হ’ব। আমি পৰিৱেশৰ এক অংশ আৰু ইয়াক ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।

অতিৰিক্ত সম্ভাব্য প্রশ্নোত্তৰঃ

অতি চমু প্রশ্নোত্তৰঃ 

প্রশ্ন ১ তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া:

(ক) পানীৰ মূল উৎস কি?

উত্তৰঃ সাগৰ আৰু মহাসাগৰ।

(খ) বায়ুমণ্ডলৰ কোনটো স্তৰত উষ্ণতা আটাইতকৈ বেছি?

উত্তৰঃ থার্ম’স্ফিয়াৰ বা তাপমণ্ডলত।

(গ) মানৱ প্ৰজাতি ক’ৰ পৰা সৃষ্টি হোৱা বুলি অনুমান কৰা হয়?

উত্তৰঃ বান্দৰ জাতীয় বন মানুহৰ পৰা।

(ঘ) বায়ুৰ কোনবিধ উপাদানে প্ৰাণীৰ কলা গঠনত অংশ লয়?

উত্তৰঃ নাইট্ৰ’জেনে।

(ঙ) উদ্ভিদৰ খাদ্য প্রস্তুতকৰণ প্ৰণালীটোক কি বোলে?

উত্তৰঃ সালোক সংশ্লেষণ।

(চ) সালোক সংশ্লেষণৰ সময়ত সংঘটিত হোৱা ৰাসায়নিক বিক্রিয়াটো উল্লেখ কৰা।

উত্তৰঃ

(ছ) পুৰণি সভ্যতাবোৰ ক’ত গঢ়ি উঠিছিল?

উত্তৰঃ নৈৰ পাৰত।

(জ) বায়ু, পানী আৰু মাটিক লৈ গঢ়ি উঠা বাতাবৰণটোক কি বোলে?

উত্তৰঃ পৰিৱেশ।

(ঝ) পৰিৱেশৰ প্ৰধান উপাদানটো কি?

উত্তৰঃ বায়ু।

(ট) অ’জন স্তৰত কুপ্ৰভাৱ পেলোৱা এবিধ প্ৰদূষকৰ নাম লিখা।

উত্তৰঃ ক্ল’ৰফ্ল’ৰ’ কার্বন (CFC)।

চমু প্রশ্নোত্তৰঃ 

প্রশ্ন ১ঃ পৰিৱেশৰ বিভিন্ন উপাদানবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ বিভিন্ন উপাদানসমূহ হ’ল—

(i) অজৈৱিক উপাদান। 

(ii) জৈৱিক উপাদান। 

(iii) শক্তি উপাদান।

অজৈৱিক অথবা ভৌতিক পৰিৱেশক তিনিটা বৰ্গত ভাগ কৰিব পাৰি—

(i) ভূমণ্ডল (কঠিন)।

(ii) জলমণ্ডল (তৰল)।

(iii) বায়ুমণ্ডল (গেছ)।

জৈৱিক উপাদানসমূহ মানৱ জাতিকে ধৰি উদ্ভিদ আৰু প্ৰাণীকূলক লৈ গঠিত। শক্তি উপাদানসমূহ হৈছে, সৌৰশক্তি, ভূতাপ শক্তি, জল বৈদ্যুতিক শক্তি, পাৰমাণৱিক শক্তি ইত্যাদি।

প্রশ্ন ২ঃ পৰিবেশ কি?

উত্তৰঃ আমি থকা পৃথিৱীখনত মুঠতে জৈৱ আৰু অজৈৱ পদার্থ থাকে। উদ্ভিদ আৰু প্ৰাণীক একেলগে জৈৱজগত বোলে। আনহাতে পানী, বায়ু আৰু মাটিৰ দ্বাৰা অজৈৱ জগত সৃষ্টি হয়। পানী, বায়ু আৰু মাটিৰ মাজৰ লগতে প্ৰাণীজক বিশেষকৈ মানুহৰ লগত থকা আন্তঃসম্বন্ধই হ’ল পৰিৱেশ। ভৌতিক আৰু জৈৱিক (surrounding) কেই পৰিৱেশৰ ভিতৰত ধৰা হয়।

প্রশ্ন ৩ঃ পৰিৱেশৰ ভৌতিক উপাদান বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশৰ ভৌতিক উপাদানসমূহ হ’ল বায়ু, পানী আৰু মাটি। এই ভৌতিক উপাদান কেইবিধৰ ওপৰত নিৰ্ভৰ কৰি পৃথিৱীত জীৱকূল জীয়াই আছে। এই উপাদানবিলাকে প্রাণী আৰু উদ্ভিদৰ উৎপত্তি, জীৱন ধাৰণ প্ৰক্ৰিয়া, বংশবৃদ্ধি আৰু শ্ৰীবৃদ্ধিত সহায় কৰে। বায়ু মাটি, পানী অবিহনে পৃথিৱীত পৰিৱেশ সৃষ্টি সম্ভৱ নহ’লহেঁতেন। পৃথিৱীৰ পৰিৱেশ জীৱৰ বাসোপযোগী কৰি ৰখাত এই উপাদানকেইটাৰ অৱদান অপৰিহাৰ্য। পৃথিৱীৰ পৰিৱেশ বজাই ৰখাত আন কেইবিধমান উপাদানৰ অৱদান উলংঘা কৰিব নোৱাৰি। সেইবোৰ হ’ল-সূর্য আৰু সূৰ্যৰ পোহৰ, উষ্ণতা, মাধ্যাকর্ষণ শক্তি, জুই আৰু বায়ুৰ চাপ ইত্যাদি।

প্রশ্ন ৪ঃ পৰিৱেশৰ বিভিন্ন অংশবোৰ কি কি?

উত্তৰঃ পৰিৱেশৰ বিভিন্ন অংশসমূহ হ’ল—

(i) এটম’স্ফিয়্যাৰ বা বায়ুমণ্ডল।

(ii) হাইড্ৰ’স্ফিয়্যাৰ বা জলমণ্ডল।

(iii) লিথ’স্ফিয়্যাৰ বা ভূমণ্ডল।

(iv) বায়’স্ফিয়্যাৰ বা জীৱমণ্ডল।

প্রশ্ন ৫ঃ ‘বায়ুঅবিহনে প্রাণী আৰু উদ্ভিদজীয়াই থাকিব নোৱাৰে।’—বহলাই লিখা।

উত্তৰঃ পৃথিৱীত আৱৰি থকা গেছীয় আৱৰণটোৱেই হ’ল বায়ু। এই বায়ু আমাৰ অতি প্রয়োজনীয়। বায়ু অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। প্ৰাণীয়ে বায়ুত থকা অক্সিজেন গ্রহণ কৰি জীয়াই থাকে। মাটিৰ ওপৰত থকা আৰু পানীত থকা প্ৰাণীয়েও বায়ুমণ্ডলৰপৰাই অক্সিজেন আহৰণ কৰে। অক্সিজেন হৈছে প্ৰাণীৰ জীৱন-দায়িনী উপাদান। সেইদৰে নাইট্ৰ’জেনে প্ৰাণীৰ কলা গঠনত অৰিহণা যোগায়। প্ৰ’টিনযুক্ত খাদ্য প্ৰস্তুত কৰাৰ বাবে নাইট্ৰ’জেনৰ প্ৰয়োজন অপৰিহাৰ্য। আকৌ বায়ুৰ এঙাৰ গেছ উদ্ভিদে খাদ্য প্ৰস্তুতকৰণ প্ৰক্ৰিয়া সালোক সংশ্লেষণত ব্যৱহাৰ কৰে। গতিকে দেখা গ’ল যে বায়ু অবিহনে উদ্ভিদ আৰু প্রাণী জীয়াই থাকিব নোৱাৰে।

প্রশ্ন ৬ঃ পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ উল্লেখ কৰা।

উত্তৰঃ পৰিৱেশ শিক্ষাৰ মৌলিক নীতিসমূহ হ’ল—

(i) শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন বিষয়ৰ আন্তঃসম্পৰ্কত গুৰুত্ব।

(ii) সামগ্রিকভাৱে পৰিৱেশক বিবেচনা কৰা।

(iii) নিৰন্তৰ শিক্ষা, প্রাক স্কুল পৰ্যায়ৰ পৰা আৰম্ভণি আৰু সকলো আনুষ্ঠানিক আৰু অনানুষ্ঠানিক পৰ্য্যায় জুৰি অব্যাহত ৰখা।

(iv) স্থানীয়, আঞ্চলিক, ৰাষ্ট্ৰীয় আৰু আন্তর্জাতিক দৃষ্টিভঙ্গীৰ পৰা ঘাই ঘাই পৰিৱেশ সংক্রান্ত বিষয়বোৰ সমালোচনামূলক দৃষ্টিৰে পৰীক্ষা কৰা।

(v) বৰ্তমান আৰু ভৱিষ্যৎ পৰিৱেশৰ প্ৰৱণতা আৰু অৱস্থাৰ বিষয়ে অধ্যয়ন চলোৱা।

(vi) পৰিৱেশৰ সমস্যা সৃষ্টিৰ প্ৰকৃত কাৰণবোৰ আৰু উপসৰ্গবোৰ আৱিষ্কাৰ কৰাত ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰা আৰু সেই মতে পৰিকল্পনা কৰা।

(vii) চূড়ান্ত পৰ্য্যায়ত পৰিৱেশ সমস্যাবোৰৰ সমাধানৰ কাৰণে স্থানীয়, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ প্ৰয়োজনীয়তা আৰু মূল্যবোধক জগাই তোলাৰ বাবে গুৰুত্ব প্ৰদান কৰা।

প্রশ্ন ৭ঃ পানীৰ বিশুদ্ধতা সম্পর্কে এটা টোকা লিখা।

উত্তৰঃ ভূ-পৃষ্ঠৰ তিনি ভাগৰ দুই অংশই পানীৰে আবৰা যদিও বিশুদ্ধ পানীৰ পৰিমাণ খুব কম। বৰ্দ্ধিত জনসংখ্যাৰ বাবে বিশুদ্ধ পানী আৰু বাসস্থান দুয়োটাৰে চাহিদা বৃদ্ধি হৈছে। জনবিস্ফোৰণৰ বাবে প্রাকৃতিক পৰিৱেশ ধ্বংস কৰি বাসস্থান সাজিব লগীয়া হোৱা বাবে বনাঞ্চল কমি আহিছে। ফলত বতৰৰ তাৰতম্য হৈ অনাবৃষ্টিৰ সৃষ্টি হৈছে। ইফালে ঔদ্যোগিক কামৰ বাবে পানীৰ ব্যৱহাৰ বৃদ্ধি হৈছে। দ্রুত ঔদ্যোগিকৰণে পানীৰ উৎসসমূহত প্ৰচণ্ড প্ৰভাৱ পেলাইছে। নগৰ-চহৰ তথা ঔদ্যোগিক পেলনীয়া বস্তুবোৰে পানীত মিহলি হৈ পানীৰ বিশুদ্ধ নষ্ট কৰিছে। 

সমূদ্রগৰ্ভৰপৰা খাৰুৱা তেল উদ্ঘাটন কৰাৰ ফলত খাৰুৱা তেলৰ পৰিত্যক্ত অংশ সাগৰৰ পানীৰ সৈতে মিহলি হৈ পানী দূষিত কৰিছে। বিশুদ্ধ পানীৰ অভাৱত সমগ্ৰ জীৱজগত সংকটময় অৱস্থা আহিব। সেয়েহে পানীৰ বিশুদ্ধতা ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।

প্রশ্ন ৮ঃ কেনেদৰে মাটিৰ গুণাগুণ নষ্ট হয়?

উত্তৰঃ প্রাকৃতিক দুর্যোগ, যেনে— ভূমিকম্প, আগ্নেয়গিৰি, ঘূর্ণিবতাহ, ভূমিস্খলন, গৰাখহনীয়া, বানপানী আদিয়ে মাটিৰ স্বাভাৱিক গুণ নষ্ট কৰে। জনসংখ্যা বিস্ফোৰণৰ ফলত হাবি-বননি, গছ-গছনি কাটি বাসস্থানৰ বাবে ঠাই মুকলি কৰা বাবে পৃথিৱীত বতৰৰ পৰিৱৰ্তন হ’ব ধৰিছে। কেতিয়াবা আবতৰীয়া অতিবৃদ্ধি হৈছে। কেতিয়াবা খৰাং বতৰ হৈছে। ফলত মাটিৰ ওপৰত প্ৰদূষণৰ মাত্রা দিনক দিনে বৃদ্ধি হৈছে।

পর্বত-পাহাৰ কাটি বৃহৎ উদ্যোগ গঢ়ি উঠিছে। ফলত মাটিৰ লগত মিহলি হৈ থকা জৈৱিক পদাৰ্থ আৰু জীৱাণু ধ্বংস হৈছে। মাটিৰ গুণাগুণ এনেদৰে কমি গৈছে।

প্রশ্ন ৯ঃ পৰিৱেশ শিক্ষা সম্পর্কে তুমি কি বুজিছা?

উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে পৰিৱেশৰ জৰিয়তে, পৰিৱেশৰ বিষয়ে আৰু পৰিৱেশৰ বাবে গ্ৰহণ কৰা শিক্ষা। পৰিৱেশ শিক্ষা হৈছে এনে এক শিক্ষাগত। প্ৰক্ৰিয়া যাৰ জৰিয়তে মানুহৰ সৈতে তেওঁলোকৰ প্ৰাকৃতিক আৰু মানুহে সৃষ্টি কৰা পৰিৱেশ সম্পর্কে অধ্যয়ন কৰা হয়। ইয়াত সামৰি লোৱা হৈছে জনসংখ্যাৰ।

সম্পর্ক, প্ৰদূষণ, সম্পদ আৱণ্টন আৰু নিঃশেষ (ক্ষয়), সংৰক্ষণ পৰিবহন প্রযুক্তি আৰু সমগ্ৰ মানৱ পৰিৱেশৰ বাবে নগৰাঞ্চল আৰু গ্ৰামীণ পৰিকল্পনাক। পৰিৱেশ শিক্ষা হৈছে এনে এক প্রক্রিয়া, যি প্রক্রিয়াই মানুহৰ মাজৰ আন্তঃসম্পর্ক, তেওঁলোকৰ সংস্কৃতি, তেওঁলোকৰ জৈৱ ভৌতিক পাৰিপাৰ্শ্বিকতাক উপলব্ধি কৰা আৰু মর্মবস্তুক বুজাৰ বাবে দক্ষতা অর্জন, মনোভাৱ গঠনৰ লক্ষ্যৰে মূল্যবোধক স্বীকৃতি প্রদান আৰু ধাৰণাসমূহক ব্যাখ্যা কৰাত সহায় কৰে।

প্রশ্ন ১০ঃ বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ উল্লেখ কৰা।

উত্তৰঃ বায়ুমণ্ডলৰ ঘাই ঘাই উপাদানসমূহ হ’ল—

প্রধান উপাদানঃ নাইট্ৰ’জেন, N₂ (78.08%) 

অক্সিজেন, O₂ (20.94%) 

লঘু উপাদানঃ আর্গন, Ar (9.34 × 10⁻¹⁰%)

কার্বন-ডাই-অক্সাইড O₂ (3.25 × 10²%)

অতি নগণ্য পৰিমাণৰ গেছঃ নিয়ন, হিলিয়াম, মিথেন, জলীয় বাষ্প, ক্রিপটন, নাইট্রাছ অক্সাইড, জেনন, হাইড্ৰ’জেন, ছালফা ডাই অক্সাইড, অজ’ন, এম’নিয়া, কার্বন মন’ক্সাইড, নাইট্ৰ’জেন ডাই অক্সাইড আদি।

প্রশ্ন ১১ঃ ষ্টেট’স্ফিয়েৰত থকা অজ’ন গেছৰ স্তৰৰ ভূমিকা কি?

উত্তৰঃ অজ’ন গেছ বিয়পি আছে বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়ৰ অঞ্চলত। এই অজ’ন গেছে আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বিকিৰণৰ ক্ষতিকৰ প্ৰভাৱৰ পৰা পৃথিৱীত জীৱনৰ বাবে এক ৰক্ষা কবচ হিচাপে এই অজ’ন গেছে কাম কৰে।

প্রশ্ন ১২ঃ পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ কি কি?

উত্তৰঃ পৰিৱেশগত শিক্ষাৰ বহল নীতি-নিৰ্দেশিকাসমূহ হ’ল—

(i) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতি অনুভূতিশীলতা আৰু সজাগতা।

(ii) পৰিৱেশ আৰু পৰিৱেশৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ে উপলব্ধি আৰু জ্ঞান অৰ্জন কৰা।

(iii) পৰিৱেশৰ বাবে উদ্বেগৰ মনোভাৱ আৰু পৰিৱেশগত গুণমান ৰক্ষা আৰু উন্নত কৰাৰ মানসিকতা।

(iv) পৰিৱেশগত প্ৰত্যাহ্বানসমূহ সমাধান কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা কাম-কাজত অংশ গ্রহণ।

ৰচনাধৰ্মী প্রশ্নোত্তৰঃ 

প্রশ্ন ১ঃ পৰিৱেশ অধ্যয়নৰ আৱশ্যকতা সম্পর্কে যুক্তি দাঙি ধৰা।

উত্তৰঃ পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

(i) সকলো শ্ৰেণীৰ লোকৰ মাজত পৰিৱেশ মানেনো কি তাৰ বিষয়ে সাধাৰণভাৱেস্ম্যক জ্ঞানৰ বিস্তাৰ কৰা।

(ii) ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত পৰিৱেশীয় সমস্যা সম্পৰ্কে সজাগ কৰি তোলাৰ লগতে পৰিৱেশ অৱনতি ৰোধ কৰাৰ বাবে আৰু পৰিৱেশ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপয়ানৰত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি কৰাত পৰিৱেশ অধ্যয়নে সহায় কৰে।

(iii) পৰিৱেশ অধ্যয়নে চৰকাৰী তথা বেচৰকাৰী সংস্থাৰ দ্বাৰা কাৰ্যকৰী কৰা আঁচনিসমূহৰ সপল ৰূপয়ানৰ বাবে ব্যাপক হাৰত পৰিৱেশ সম্পৰ্কীয় ধ্যন ধাৰণা প্ৰচাৰত সহায় কৰে।

(iv) পৰিৱেশ অৱনতি ৰোধ আৰু পৰিৱেশ উন্নয়নৰ বাবে পৰিৱেশ অধ্যয়নে কলা, বিজ্ঞান আৰু বাণিজ্যৰ মাজত সমন্বয় ৰক্ষা কৰাত উদ্দেশ্য পূৰণত সহায় কৰে।

(v) পৰিৱেশ অধ্যয়নে ব্যক্তি আৰু সামাজিক গোটসমূহক পৰিৱেশীয় সমস্যা সমাধানৰ ববে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীত সক্রিয় অংশ গ্ৰহণৰ বাবে অনুপ্রাণিত কৰে।

(vi) পৰিৱেশ অধ্যয়নৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তি আৰু সামাজিক গোটসমূহে পৰিৱেশীয় সমস্যা সম্পর্কে জ্ঞান আহৰণৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে প্রয়োজনীয় জ্ঞান আহৰণত সহায় কৰে।

(vii) পৰিৱেশ অধ্যয়নে পৰিৱেশীয় সমস্যাসমূহ সমাধান কৰিবৰ বাবে ব্যক্তি আৰু সামাজিক সংস্থাসমূহৰ মাজত পৰিৱেশ নিয়ন্ত্রণ আৰু উন্নয়নৰ বাবে প্ৰয়োজনীয় কৌশলৰ বিকাশ সাধন, কৌশল প্রয়োগ আৰু পৰিচালনাৰ নীতি নিৰ্দ্ধাৰণত সহায় কৰে।

(viii) পৰিৱেশ অধ্যয়নে পৰিৱেশ সম্বন্ধীয় বিভিন্ন সমস্যাৰ লগতে জীৱনৰ বিভিন্ন স্তৰৰ সম্বন্ধৰ বিষয়ে বুজাৰ লগতে পৰিৱেশৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ কু-প্ৰভাৱ সম্পৰ্কে বুজি উঠাত সহায় কৰে।

(ix) পৰিৱেশ প্ৰদূষণৰ বিভিন্ন উৎসসমূহ ৰোধ কৰিবৰ বাবে লোৱা আঁচনিত অংশ গ্ৰহণ কৰাৰ বাবে জনজাগৰণৰ সৃষ্টি কৰাত সহায় কৰে।

(x) পৰিৱেশীয় অন্যান্য সমস্যা, জৈৱ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি বিভিন্ন দুৰ্যোগ আদিৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰাৰ লগতে সেই সমূহৰ প্ৰতি ব্যক্তিগত ব্যৱস্থা গ্ৰহণৰ বাবে অনুপ্রাণিত কৰি তোলে।

প্রশ্ন ২ঃ পৰিৱেশ অধ্যয়নৰ উদ্দেশ্যসমূহ লিখা।

উত্তৰঃ পৰিৱেশ অধ্যয়নৰ উদ্দেশ্যসমূহ হ’লঃ

(i) পৰিৱেশ আৰু ইয়াৰ সমস্যা সম্পৰ্কত ব্যক্তি আৰু সমাজৰ বিভিন্ন গোট সমূহৰ মাজত সজাগতা আৰু সচেতনতাৰ ভাৱ জাগৃত কৰি তোলা।

(ii) পৰিৱেশ আৰু মানুহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰাত ব্যক্তিসকলক সহায় কৰা।

(iii) পৰিৱেশ সম্পৰ্কে প্রাথমিক ও মৌলিক জ্ঞান লাভ কৰাত সহায় কৰা।

(iv) পৰিৱেশৰ প্ৰতি মানুহৰ মনত যোগাত্মক ধাৰণাৰে উদ্বুদ্ধ কৰা।

(v) পৰিৱেশীয় সমস্যা সমূহ সমাধান কৰিবৰ বাবে ব্যক্তিৰ মাজত সমাধান কৌশলৰ উন্নতি সাধন কৰাৰ লগতে দক্ষতা বৃদ্ধি কৰা।

(vi) পৰিৱেশ সম্পৰ্কীয় সমস্যা সমূহ সমাধানত সক্রিয় অংশগ্ৰহণ কৰিবৰ বাবে সমাজৰ বিভিন্ন গোট সমূহক উৎসাহিত কৰি তোলা।

(vii) পৰিৱেশৰ বৈশিষ্ট্য সমূহৰ লগত সম্বন্ধিত সামাজিক মূল্যবোধ সমূহৰ বিষয়ে শিক্ষার্থীসকলক বুজি উঠাত সহায় কৰা।

(viii) পৰিৱেশৰ প্ৰতি ব্যক্তিসকলৰ মনত দায়িত্বশীল অনুভূতি জাগৃত কৰি তোলা।

(ix) পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিতি প্ৰদানৰ গুৰুত্ব বুজি উঠাত সহায় কৰা।

(x) পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ শিক্ষা প্ৰক্ৰিয়াৰ সহায় লৈ প্ৰয়োজনীয় উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত কৌশল খটাবৰ বাবে সামর্থ্য আৰু দক্ষতাৰ বিকাশ সাধন কৰা।

(xi) পৰিৱেশ সম্পৰ্কত ব্যক্তি, গোট বা দল আৰু সমাজত সামগ্রিক ভাৱে নতুন আচৰণৰ বিকাশ সাধন কৰা।

(xii) পৰিৱেশ সুৰক্ষা আৰু ইয়াৰ উন্নতি সাধন কৰিবৰ বাবে প্ৰতিজন ব্যক্তিকে এই দিশত উপযুক্ত জ্ঞান, মূল্যবোধ, মনোভাৱ, অংগীকাৰ আৰু দক্ষতা লাভৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা।

(xiii) ব্যক্তিসকলক গাঁও আৰু নগৰৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু জৈৱ বৈচিত্ৰীয় উপাদান সমূহৰ মাজত বিৰাজমান হৈ থকা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ আৰু পাৰস্পৰিক সম্বন্ধৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা।

(xiv) পৰিৱেশ সম্পৰ্কীয় জ্ঞান লাভ কৰাত সহায় কৰা।

(xv) দূৰৱৰ্তী বিভিন্ন পৰিৱেশ সম্পর্কে জ্ঞান আহৰণত সহায় কৰা।

(xvi) জৈৱিক-অজৈৱিক পৰিৱেশ সম্বন্ধে বুজাত সহায় কৰা।

(xvii) পৰিৱেশ সম্বন্ধীয় বিভিন্ন সমস্যা বিলাকৰ লগত জীৱনৰ বিভিন্ন স্তৰৰ সহ-সম্বন্ধৰ বিষয়ে বুজি উঠাত সহায় কৰা।

(xviii) প্রাকৃতিক সম্পদ সমূহৰ অনিয়ন্ত্রিত ব্যৱহাৰ আৰু জনসংখ্যা বিস্ফোৰণৰ কু-প্ৰভাৱ সম্পর্কে বুজি উঠাত সহায় কৰা।

(xix) পৰিৱেশ আৰু জনসংখ্যা বৃদ্ধিৰ প্ৰৱণতা সম্পৰ্কে পৰীক্ষা কৰা আৰু দেশৰ আৰ্থ-সামাজিক উন্নতিত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বাখ্যা কৰা।

(xx) প্ৰাকৃতিক আৰু জৈৱিক সম্পদ বিনষ্ট সম্পৰ্কে মূল্যায়ন কৰা আৰু সেইসমূহৰ সংৰক্ষণ কৰাৰ উপায় সম্পর্কে উপদেশ দিয়া।

প্রশ্ন ৩ঃ পৰিৱেশৰ প্ৰসাৰ বুলিলে কি বুজা?

উত্তৰঃ পৰিৱেশৰ প্ৰসাৰঃ শিক্ষাৰ ক্ষেত্ৰত পৰিৱেশৰ অৰ্থ যথেষ্ট বহল দৃষ্টিত গ্ৰহণ কৰা হয়। চমুকৈ ক’বলৈ হ’লে ব্যক্তিৰ বিকাশৰ পথত থকা সমুদায় বাহ্যিক শক্তিয়েই পৰিৱেশৰ অন্তৰ্গত হয়। সি যিয়েই নহওক, পৰিৱেশ সন্দৰ্ভত আমাৰ সুস্পষ্ট ধাৰণা হ’লে আমি ইয়াত সীমিত অৰ্থত কেইটামান প্ৰকাৰত ভাগ কৰিব পাৰোঁ। এইক্ষেত্ৰত পৰিৱেশৰ নিম্নোক্ত প্ৰকাৰসমূহেই প্রধান।

(i) প্রাকৃতিক পৰিৱেশঃ ব্যক্তিৰ চাৰিওফালে থকা বাস্তৱ জগতখনকেই প্রাকৃতিক পৰিৱেশ বুলিব পাৰি৷ পাৰ্থিৱ কেতবোৰ বস্তুৰ উপৰিও ভৌগোলিক পৰিৱেশ, বিভিদ বস্তুৰ পৰিৱেশ আদি ইয়াৰ অন্তৰ্ভুক্ত। ব্যক্তিয়ে যি বস্তু খায়।

যেনে- জলবায়ুৰ মাজত বাস কৰে আৰু নিজৰ চাৰিওফালে ইন্দ্ৰিয়ৰ যোগেদি যিবোৰ বস্তু অনুভৱ কৰে, সেই সকলো প্রাকৃতিক পৰিৱেশৰ মাজত থাকিব লাগে তাকো ইয়াৰ অন্তৰ্ভুক্ত কৰিব পাৰি।

(ii) মানসিক পৰিৱেশঃ আমাৰ মানসিক, আবেহিক আৰু বৌদ্ধিক বিকাশৰ বাবে প্ৰয়োজনীয় অৱস্থা আৰু বিষয়সমূহেই মানসিক পৰিৱেশ। স্কুলৰ শ্ৰেণীকক্ষত শিক্ষকৰ যোগে বিভিন্ন বিষয় অধ্যয়ন কৰাৰ পৰিৱেশ, খেলপথাৰৰ খেল-ধেমালীৰ পৰিৱেশ, পুথিভঁৰালৰ পৰিৱেশ আদি নানাবিধ মানসিক উৎকর্ষ সাধনৰ প্ৰভাৱকাৰী বিষয় আৰু কাৰ্যক্ষেত্ৰত ইয়াৰ অন্তৰ্ভুক্ত। শিশুৱে এই মানসিক প্ৰভাৱৰ জৰিয়তে তাৰ সকলো প্রয়োজনীয় শিক্ষা অভিজ্ঞতা লাভ কৰে।

(iii) সামাজিক পৰিৱেশঃ জন্মৰ পাছৰে পৰা এজন ব্যক্তিৰ ওপৰত ক্ৰমে সমাজৰ লোকৰ সংস্পৰ্শৰ প্ৰভাৱ পৰে। সমাজৰ ভাষা, সংস্কৃতি, কৃষি, ধর্ম, আচাৰ-ব্যৱহাৰ আদিৰ যোগেদি তেওঁৰ সামাজিক জীৱন গঢ় লৈ উঠে। তদুপৰি নানাবিধ সামাজিক অনুষ্ঠান, ৰাজনৈতিক অনুষ্ঠান, ক্রীড়ানুষ্ঠান, ধর্মানুষ্ঠান আদিয়ে ব্যক্তিৰ সামাজিক জীৱনৰ সমল প্ৰদান কৰে। এই সামাজিক যোগ্যতা লাভৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো বিষয়, ব্যক্তি আৰু পৰিৱেশকেই সামাজিক পৰিৱেশ বুলি কোৱা হয়। ব্যক্তিয়ে এনে সামাজিক পৰিৱেশ বহু পৰিমাণে জন্মগত উত্তৰাধিকাৰীস্বৰূপে লাভ কৰে। ইয়াক সামাজিক বংশগতি বুলি জনা যায়।

প্রশ্ন ৪ঃ পৰিৱেশ শিক্ষাৰ বহুমুখী বিষয়ৰ চৰিত্ৰ সম্পৰ্কে আলোচনা কৰা।

উত্তৰঃ পৰিৱেশ শিক্ষা হৈছে বহুমুখী বিষয়। পৰিৱেশ আৰু ইয়াৰ বিভিন্ন জটিল পৰিঘটনা বিষয়ক দিশবোৰৰ সম্পৰ্কে জানিবলৈ হ’লে বিভিন্ন বিষয়ত জ্ঞান অৰ্জন কৰা প্ৰয়োজন। উদ্ভিদ বিজ্ঞান, প্রাণী বিজ্ঞান, জৈৱ প্রযুক্তি, জৈৱ অভিযান্ত্ৰিক (বায়’ইঞ্জিনিয়াৰিং), অনুজীৱতত্ত্ব, জিন তত্ত্ব, জৈৱ ৰাসায়ন বিদ্যা আদিয়ে জৈৱিক (বায়’টিক) উপাদানসমূহ আৰু ইহঁতৰ আন্তঃক্রিয়া সম্পর্কে বুজাত সহায় কৰে। 

পদার্থবিজ্ঞান, ৰাসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা বিজ্ঞান আদিয়ে পৰিৱেশৰ বিভিন্ন পৰিঘটনাবোৰক বুজাত সহায় কৰে। কম্পিউটাৰ বিজ্ঞান, তথ্য প্রযুক্তি আদি হৈছে পৰিৱেশ শিক্ষাৰ অপৰিহাৰ্য অংগ। একেদৰে প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৰিৱেশ অভিযান্ত্ৰিকবিদ্যা (ইঞ্জিনিয়াৰিং) অত্যাৱশ্যক। অভিযান্ত্ৰিক বিদ্যাৰ অন্যান্য শাখাসমূহ, যেনেঃ ৰাসায়ন, অসামৰিক, কাৰিকৰী আৰু নতুন উদ্ভাৱনমূলক প্রযুক্তিবোৰো পৰিৱেশ সুৰক্ষা কাৰ্য্যত যুক্ত। ধ্বংস হৈ গৈ থকা পৰিৱেশক সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সেউজ ৰাসায়ন বিজ্ঞানে এটা সুনির্দিষ্ট আৰু অত্যন্ত স্পষ্ট ভূমিকা পালন কৰে।

সমাজতত্ত্ব, অর্থনীতি বিজ্ঞান, শিক্ষা, দর্শন আদি বিষয়ো বিভিন্নভাৱে যুক্ত। পৰিৱেশ সুৰক্ষাৰ বাবে সদায় পৰিৱেশ আইন বলবৎ কৰা হয় ৷ গতিকে পৰিৱেশ শিক্ষাই বহুবিধ বিষয়ৰ চৰিত্ৰ বহন কৰে য’ত এক বিশ্বমুখী দৃষ্টিভঙ্গী লৈ বিভিন্ন দিশবিলাকৰ মোকাবিলা কৰা হয়।

প্রশ্ন ৫ঃ পৰিৱেশৰ পৰিসৰ বুলিলে কি বুজা? বুজাই লিখা।

উত্তৰঃ পৰিৱেশ শিক্ষাৰ পৰিসৰৰ বিষয়ে স্পষ্টকৈ কোৱাটো খুব এটা সহজসাধ্য কাম নহয়। কিয়নো পৰিৱেশ নিজেই এটা খুব বহল পৰিসৰৰ বিষয়। পৰিৱেশ বুলিলে অকল প্রাকৃতিক আভৰণষ ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ সংসৰ্গত মানুহৰ কাৰণ উপকৰণকে অকল নুবুজায়, ই মানুহৰ জীৱনৰ প্ৰকৃতি, স্বাস্থ্য আৰু আয়ুস নিৰ্ণয় কৰা সকলো সামাজিক আৰু ব্যক্তিগত আচাৰ আচৰণকো বুজায়। সেইবাবেই পৰিৱেশ অধ্যয়নে প্রাকৃতিক পৰিৱেশ বিনষ্ট হোৱা সকলো স্বাভাৱিক আৰু মানৱসৃষ্ট কাৰকক বুজায়। আকৌ মানৱ জাতিৰ কল্যাণৰ হকে প্রাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ সকলো সামাজিক অনুষ্ঠান, বিধিগত ব্যৱস্থা আৰু বেচৰকাৰী সংগঠনৰ কাৰ্যকলাপ ইত্যাদি সামৰি লয়।

এনেধৰণৰ দৃষ্টিকোণৰ পৰা বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা নিৰ্দ্ধাৰিত পৰিৱেশ অধ্যয়নৰ পাঠ্যসূচীত অন্তৰ্ভুক্ত বিষয়বোৰ হ’লঃ

(i) প্রাকৃতিক সম্পদৰ সংৰক্ষণ আৰু বিতৰণ ব্যৱস্থাপনা।

(ii) পৰিস্থিতি বিজ্ঞান আৰু জৈৱ বৈচিত্ৰতাৰ অধ্যয়ন।

(iii) পৰিৱেশ প্ৰদূষণ আৰু নিয়ন্ত্ৰণ।

(iv) পৰিৱেশ উন্নয়নৰ বাবে সামাজিক দায়বদ্ধতা।

(v) পৰিৱেশৰ ওপৰত মানুহৰ কাৰ্যকলাপৰ প্ৰভাৱ।

(vi) পৰিৱেশ সংৰক্ষণৰ ন্যায়িক আৰু সাংবিধানিক ব্যৱস্থা। 

পৰিৱেশ অধ্যয়নত ওপৰোক্ত দিশকেইটাই বিশেষ প্রাধান্যতা লাভ কৰিছে। তদুপৰি বিভিন্ন কাৰিকৰী দিশবোৰ অধ্যয়নৰ বাবে পৰিৱেশ বিজ্ঞান, পৰিৱেশ অভিযান্ত্ৰিক বিজ্ঞান, পৰিৱেশ ব্যৱস্থাপনা, পৰিৱেশ জৈৱ প্ৰযুক্তিবিজ্ঞান ইত্যাদি বিষয়বোৰ সন্নিৱিষ্ট কৰা হৈছে। পৰিৱেশ প্ৰদূষণ এটা গোলকীয় সমস্যা। 

কোনো নিৰ্দিষ্ট ঠাইত প্ৰদূষিত পৰিৱেশ ইয়াৰ পাৰিপাৰ্শ্বিকত বিশেষ প্ৰভাৱ পেলায়। উদাহৰণস্বৰূপে উদ্যোগ এটাৰ উপজাত দ্রব্যবোৰ নদীত পেলাই দিয়াৰ ফলত নদীখনে সেইবোৰ কঢ়িয়াই নি নদীৰ গতিৰ নামনি অংশত প্ৰদূষণৰ সৃষ্টি কৰিব পাৰে। যাৰ ফলত মাছ বা অন্য জলচৰ প্ৰাণীৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাই জৈৱ বৈচিত্ৰতাত ক্ষতি কৰিব পাৰে।

গোলকীয় উত্তাপ, অ’জন স্তৰৰ বিভংগন, বনাঞ্চল উচ্ছেদ ইত্যাদি সমস্যাই পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। উন্নয়নশীল দেশবোৰৰ কেতবোৰ সমস্যা যেনে- বিশুদ্ধ খোৱা পানীৰ সমস্যা, অস্বাস্থ্যকৰ পৰিৱেশ, অপুষ্টি ইত্যাদিবিলাক পৰিৱেশৰ গণ্ডিৰ ভিতৰত আলোচনা কৰা হয়।

প্রশ্ন ৬ঃ পৰিৱেশৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি কি ব্যৱস্থা লোৱা উচিত?

উত্তৰঃ পৰিৱেশৰ উন্নয়ন আৰু বিকাশৰ বাবে আমি তলত উল্লেখ কৰা ব্যৱস্থাসমুহ গ্ৰহণ কৰা উচিত—

(১) পৰিৱেশৰ উন্নয়ন আৰু বিকাশৰ বাবে প্রথমতেই আমি বনাঞ্চল ধ্বংসৰ পৰিণতি আৰু সংৰক্ষণৰ গুণাগুন সম্পর্কে সচেতন হ’ব লাগিব আৰু বৃক্ষৰোপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

(২) সমাজৰ প্ৰতিগৰাকী ব্যক্তিয়েই বনজ আৰু খনিজ সম্পদবোৰৰ যাতে অপব্যৱহাৰ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব।

(৩) নলা-নর্দমাত যাতে জাৱৰ-জোথৰ গোট খাই দুগন্ধৰ সৃষ্টি নহয় তাৰ ব্যৱস্থা হাতত ল’ব লাগে আৰু নলা-নর্দমাবোৰ চাফা কৰি ৰাখিব লাগে।

(৪) য’তে ত’তে জাৱৰ-জোথৰ নেপেলাই সেইসমূহ হয় পুতি থ’ব লাগে, নহয় জ্বলাই দিব লাগে। পানী বন্ধ কৰি ৰাখিব নালাগে আৰু ওচৰৰ লেতেৰা পানী জমা হোৱা পুখুৰী আদি ৰাকিব নালাগে।

(৫) পৰাপক্ষত কৃষিত ৰাসায়নিক দ্রব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হ’ব লাগে। ধুলি, ধোঁৱা আদি নিয়ন্ত্ৰণৰ বাবে বেয়া অৱস্থাৰ মটৰ গাড়ীবোৰৰ চলাচল বন্ধ কৰিব লাগে।

(৬) কল-কাৰখানাবিলাক মানুহৰ বসতিস্থানৰ পৰা যথেষ্ট আঁতৰত হ’ব লাগে যাতে কল-কাৰখানাৰ শব্দ আৰু পেলনীয়া জাৱৰ জোথৰবোৰে পৰিৱেশ বিনষ্ট কৰিব নোৱাৰে।

(৭) গাড়ীৰ শব্দ, ধূলি, ধোঁৱা আদিয়ে কোমলমতীয়া শিশুসকলৰ স্বাস্থ্যত কোনোধৰণৰ অৱনতি যাতে নঘটায় তাৰ বাবে শিক্ষানুষ্ঠানৰ ওচৰত ৰেষ্টেচন, বাচ আস্থান, কোনোধৰণৰ উদ্যোগ প্রতিষ্ঠান যাতে নাথাকে তাৰ প্ৰতি সচেতন হ’ব লাগে।

(৮) জান-জুৰি, নিজৰা আদিবোৰত যাতে গেলা-পছা আৱৰ্জনাৰে পানী দূষিত নকৰে তাৰ প্ৰতি দৃষ্টি ৰখা দৰকাৰ।

(৯) বিদ্যালয়, হাস্পাতাল, নাচিংহোম, স্কুল কলেজ আদিতো বিশুদ্ধ পানীৰ সুব্যৱস্থা কৰিব লাগে। খোৱা পানীৰ যোগান দিয়া পাইপবোৰ যাতে কোনো প্ৰকাৰে দূষিত নহয় তাৰ প্ৰতি চকু ৰাখিব লাগে।

(১০) পৰিৱেশৰ অধিক উন্নতিৰ বাবে গ্ৰামসেৱক, যুৱকসংঘ, নাৰীসংঘ, সমাজকর্মী আদিয়ে বিশেষ ভূমিকা পালন কৰিব লাগিব।

(১১) ল’ৰা-ছোৱালীবোৰক সৰুৰে পৰাই পৰিৱেশ আৰু মানৱ জীৱনত পৰিৱেশৰ প্ৰভাৱ সম্পর্কে জ্ঞান প্ৰদান কৰিব লাগিব।

(১২) পৰিৱেশ উন্নয়নৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰো সজাগতা বৃদ্ধি কৰিব লাগিব। গাঁও অঞ্চলত বিশেষকৈ পিছপৰা অন্যান্য জাতি জনজাতিৰ মাজত পৰিৱেশ সচেতনতা বৃদ্ধিৰ বাবে সমাজসেৱা দলবোৰৰ সহায়ত বিশেষ জ্ঞান দিয়া প্রয়োজন।

প্রশ্ন ৭ঃ পৰিৱেশ বুলিলে কি বুজা? বহলাই লিখা।

উত্তৰঃ ফৰাচী শব্দ ‘Environ’ৰ পৰাই ইংৰাজীত Environment শব্দটোৰ উৎপত্তি হৈছে, যাৰ ইংৰাজী ভাবাৰ্থ হ’ল around বা surround অর্থাৎ চৌপাশ বা চাৰিওকাষ। প্ৰজাতি এটাই প্ৰকৃতিৰ সৈতে শান্তিপূর্ণভাৱে সহৱস্থান কৰি স্বাভাৱিক জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় পৰিস্থিতিকে পৰিৱেশ বোলা হয়। পৰিৱেশে আমাৰ চাৰিওফালৰ বিভিন্ন জৈৱিক তথা অজৈৱিক উপাদান আৰু পাৰ্থিৱ-অপাৰ্থিৱ সকলো বস্তুকে সামৰি লয়। অৱশ্যে এটা কথা যে প্রজাতিভেদে পৰিৱেশৰ ধাৰণা বিভিন্ন ধৰণৰ হ’ব পাৰে। উদাহৰণস্বৰূপে মাছ এটাৰ জীৱন চক্ৰটো পানীতেই সীমাৱদ্ধ হ’ব পাৰে। কিয়নো মাছ পানীতেই থাকে বা জলচৰ প্ৰাণী, কিন্তু মানৱ প্ৰজাতিৰ সমগ্ৰ জীৱন চক্ৰটো বায়ু, পানী, মাটি সকলোতেই বিস্তৃত হৈ থাকে। সেয়ে মানুহৰ পৰিৱেশৰ পৰিসৰ অতি বহল তথা ব্যাপক ধৰণৰ হয় ৷ বৰ্তমান পৰিৱেশৰ ধাৰণাই অকল জীয়াই থকাৰ বাবে প্রয়োজনীয় বায়ু, পানী আৰু মাটিতেই সীমাৱদ্ধ হৈ থকা নাই, ই মানৱ সমাজৰ আৰ্থ-সামাজিক স্থিতিকো সামৰি লৈছে। গতিকে পৰিৱেশে মানুহকে ধৰি সকলো উদ্ভিদ আৰু প্ৰাণী প্ৰজাতিক স্বাভাৱিক অৱস্থান আৰু বিকাশৰ লগত জড়িত থকা মাটি, বায়ু, পানী আৰু অন্যান্য বাহ্যিক অৱস্থাক একেলগে বুজায়। ইয়াত মানুহৰ দ্বাৰা সৃষ্ট কাৰ্য পৰিণামো সন্নিৱিষ্ট হৈ থাকে। 

পৰিৱেশ হ’ব সকলো জীৱ আৰু সকলো বিষয়ৰে উৎস। বিশেষকৈ বৰ্তমান সময়ছোৱাত উন্নয়নশীল দেশসমূহৰ জনগণে পৰিৱেশীয় প্ৰভাৱৰ কথা বাৰুকৈয়ে উপলব্ধি কৰা দেখা যায়। কিয়নো উন্নয়নশীল দেশৰ জনগণৰ দৈনন্দিন জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় বিষয়বোৰ সৰহখিনিয়েই নিৰ্ভৰ কৰিব লাগে স্থানীয় পৰিৱেশৰ ওপৰত। কোনো এটা অঞ্চলত ব্যৱসায়িক চিন্তা-চৰ্চাৰে ব্যাপক হাৰত গছ কটা কাৰ্য, মাছ ধৰা কাৰ্য ইত্যাদি একো একোটা অঞ্চলত স্থানীয়ভাৱে বাস কৰা পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল লোকসকলৰ জীৱন ধাৰণৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়।

বৰ্তমান পৰিৱেশত ধাৰণাটো কেৱল পৰিয়াল এটাৰ চৌপাশ বা কোনো এটা অঞ্চলৰ স্থানীয় প্রাকৃতিক, আর্থ-সামাজিক পৰিসৰৰ মাজত অকল সীমাবদ্ধ হৈ থকা নাই। ই বৰ্তমান জল, স্থল আৰু সমগ্ৰবায়ুমণ্ডল বা নভোমণ্ডলকে সাঙুৰি লৈছে। সেয়ে ইয়াৰ অধ্যয়ন পৰিসৰ অতি বিস্তৃত। ঘৰত ব্যৱহৃত পাচলিৰ বাকলিৰ পৰা আৰম্ভ কৰি গোলকীয় তাপমাত্রা বৃদ্ধিলৈকে ইয়াৰ পৰিসৰ বিস্তৃত বুলি ক’ব পাৰি। সেয়ে ‘our common future’ শীর্ষক Brundtland ৰিৱেশৰ সংজ্ঞা প্ৰকাশ কৰা হৈছে। এনেদৰেঃ “The environment does not exist as a separate from human actions, ambitions and needs an attempt to defend it in isolation of naivety in some political circles.” 

আদিম অৱস্থাৰে পৰাই মানৱ প্ৰজাতিয়ে বৈষয়িক অৱস্থাৰ উন্নতিৰ বাবে উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে। সভ্যতাৰ বিভিন্ন স্তৰত উন্নয়নৰ প্ৰভাৱবিলাকে পৰিৱেশৰ ওপৰত ধনাত্মক আৰু ঋণাত্মক প্ৰভাৱ পেলাইছে। গতিকে পৰিৱেশ অধ্যয়ন আৰু উন্নয়ন ওতঃপ্ৰোতভাৱে জড়িত।

প্রশ্ন ৮ঃ আমাৰ পৰিৱেশ সুৰক্ষিত ৰখাত পৰিৱেশগত সজাগতাই কেনেকৈ সহায় কৰে?

উত্তৰঃ বিশ্বই আজি পৰিৱেশ অৱক্ষয় আৰু প্ৰদূষণৰ দৰে বৃহৎ সমস্যাৰ মোকাবিলা কৰিবলগীয়া হৈছে ৷ বিভিন্ন ধৰণৰ প্ৰদূষণ, বনজ সম্পদৰ দ্ৰুত ক্ষয়, দ্রুত হাৰত জনসংখ্যা বিস্ফোৰণ, ঔদ্যোগীকৰণৰ প্ৰসাৰ, অপৰিকল্পিতভাৱে নগৰীকৰণ, খনিৰ কাম, ভূমিক্ষয় আদিয়ে সাম্প্রতিক বছৰবোৰত পৰিৱেশতন্ত্ৰৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰিছে।

অর্থনৈতিক উন্নয়নৰ বাবে মানুহৰ অনুসন্ধানেই ঘাইকৈ প্রাকৃতিক সম্পদক নির্দয়ভাৱে ব্যৱহাৰৰ বাবে দায়ী। তদুপৰি মানৱ জাতিয়ে অত্যন্ত কঠোৰ বস্তুবাদী, লোভী আৰু বিলাসী জীৱন-ধাৰাৰ মনোভাৱেৰে প্রাকৃতিক সম্পদক বাচ-বিচাৰহীনভাবে শোষণ কৰিছে বা নির্দয়ভাৱে ধ্বংস কৰিছে। এই সকলো কাৰ্য্যকলাপেই বহু সংখ্যক জীৱিত প্ৰাণীকূলৰ অস্তিত্বৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। 

গতিকে পুনৰ অৱনতি ৰোধ কৰি পৰিৱেশ ৰক্ষাৰ বাবে গণ সজাগতা সৃষ্টি কৰাটো জৰুৰী। পৰিৱেশৰ সমস্যাক আটাইতকৈ ভাল উপায়েৰে সমাধান কৰিব পাৰি যদিহে জনসাধাৰণ পৰিৱেশগতভাৱে সজাগ হয়। কোনো চৰকাৰেই কেৱল কিছুমান পৰিৱেশ সুৰক্ষা বিষয়ক বিধি ৰূপায়ণ কৰি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে, যদিহে জনসাধাৰণে এই ক্ষেত্ৰত সহযোগিতা নকৰে। জনসাধাৰণক পৰিৱেশগতভাৱে শিক্ষিত কৰিব লাগিব। তেওঁলোকে জানিব পাৰিব লাগিব যে যদি আমি আজি আমাৰ পৰিৱেশক ধ্বংস কৰো, তেনেহ’লে কাইলৈ ইয়াৰ ফল ভুগিব লাগিব আৰু আমাৰ ভৱিষ্যৎ প্রজন্ম বৃহৎ বিপদৰ সন্মুখীন হ’ব। আমি পৰিৱেশৰ এক অংশ আৰু পৰিৱেশ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য।

প্রশ্ন ৯ঃ পৰিৱেশ বিজ্ঞান অধ্যয়নৰ প্ৰয়োজনীয়তা।

উত্তৰঃ পৰিৱেশ অধ্যয়নৰ প্ৰয়োজনীয়তাঃ

(i) সকলো শ্ৰেণীৰ লোকৰ মাজত পৰিৱেশ মানেনো কি তাৰ বিষয়ে সাধাৰণভাৱেস্ম্যক জ্ঞানৰ বিস্তাৰ কৰা।

(ii) ব্যক্তি আৰু সমাজৰ বিভিন্ন গোটসমূহৰ মাজত পৰিৱেশীয় সমস্যা সম্পৰ্কে সজাগ কৰি তোলাৰ লগতে পৰিৱেশ অৱনতি ৰোধ কৰাৰ বাবে আৰু পৰিৱেশ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ ৰূপয়ানৰত জনসাধাৰণৰ সহযোগিতা বৃদ্ধি কৰাত পৰিৱেশ অধ্যয়নে সহায় কৰে।

(iii) পৰিৱেশ অধ্যয়নে চৰকাৰী তথা বেচৰকাৰী সংস্থাৰ দ্বাৰা কাৰ্যকৰী কৰা আঁচনিসমূহৰ সপল ৰূপয়ানৰ বাবে ব্যাপক হাৰত পৰিৱেশ সম্পৰ্কীয় ধ্যন ধাৰণা প্ৰচাৰত সহায় কৰে।

(iv) পৰিৱেশ অৱনতি ৰোধ আৰু পৰিৱেশ উন্নয়নৰ বাবে পৰিৱেশ অধ্যয়নে কলা, বিজ্ঞান আৰু বাণিজ্যৰ মাজত সমন্বয় ৰক্ষা কৰাত উদ্দেশ্য পূৰণত সহায় কৰে।

(v) পৰিৱেশ অধ্যয়নে ব্যক্তি আৰু সামাজিক গোটসমূহহক পৰিৱেশীয় সমস্যা সমাধানৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাৰ্যসূচীত সক্রিয় অংশ গ্ৰহণৰ বাবে অনুপ্রাণিত কৰে।

(vi) পৰিৱেশ অধ্যয়নৰ জৰিয়তে সমাজৰ প্ৰতিজন ব্যক্তি আৰু সামাজিক গোটসমূহে পৰিৱেশীয় সমস্যা সম্পর্কে জ্ঞান আহৰণৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে প্রয়োজনীয় জ্ঞান আহৰণত সহায় কৰে।

(vii) পৰিৱেশ অধ্যয়নে পৰিৱেশীয় সমস্যাসমূহ সমাধান কৰিবৰ বাবে ব্যক্তি আৰু সামাজিক সংস্থাসমূহৰ মাজত পৰিৱেশ নিয়ন্ত্রণ আৰু উন্নয়নৰ বাবে প্রয়োজনীয় কৌশলৰ বিকাশ সাধন, কৌশল প্রয়োগ আৰু পৰিচালনাৰ নীতি নিৰ্দ্ধাৰণত সহায় কৰে।

(viii) পৰিৱেশ অধ্যয়নে পৰিৱেশ সম্বন্ধীয় বিভিন্ন সমস্যাৰ লগতে জীৱনৰ বিভিন্ন স্তৰৰ সম্বন্ধৰ বিষয়ে বুজাৰ লগতে পৰিৱেশৰ ওপৰত বৰ্দ্ধিত জনসংখ্যাৰ কু-প্ৰভাৱ সম্পর্কে বুজি উঠাত সহায় কৰে।

(ix) পৰিৱেশ প্ৰদূষণৰ বিভিন্ন উৎসসমূহ ৰোধ কৰিবৰ বাবে লোৱা আঁচনিত অংশ গ্ৰহণ কৰাৰ বাবে জনজাগৰণৰ সৃষ্টি কৰাত সহায় কৰে।

(x) পৰিৱেশীয় অন্যান্য সমস্যা, জৈৱ প্ৰাকৃতিক পৰিৱেশৰ অৱনতি বিভিন্ন দুৰ্যোগ আদিৰ প্ৰতি জনসাধাৰণক আকৰ্ষিত কৰাৰ লগতে সেই সমূহৰ প্ৰতি ব্যক্তিগত ব্যৱস্থা গ্ৰহণৰ বাবে অনুপ্রাণিত কৰি তোলে।

প্রশ্ন ১০ঃ পৰিৱেশ সম্পৰ্কে ব্যক্তিৰ সচেতনতা বৃদ্ধিৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

উত্তৰঃ পৰিৱেশ সম্পর্কে ব্যক্তিৰ সচেতনতা বৃদ্ধিৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহল হ’লঃ

(i) পৰিৱেশ আৰু ইয়াৰ সমস্যা সম্পৰ্কত ব্যক্তি আৰু সমাজৰ বিভিন্ন গোট সমূহৰ মাজত সজাগতা আৰু সচেতনতাৰ ভাৱ জাগৃত কৰি তোলা।

(ii) পৰিৱেশ আৰু মানুহৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰাত ব্যক্তিসকলক সহায় কৰা।

(iii) পৰিৱেশ সম্পৰ্কে প্রাথমিক ও মৌলিক জ্ঞান লাভ কৰাত সহায় কৰা।

(iv) পৰিৱেশৰ প্ৰতি ব্যক্তিৰ মনত যোগাত্মক ধাৰণাৰে উদ্বুদ্ধ কৰা।

(v) পৰিৱেশীয় সমস্যা সমূহ সমাধান কৰিবৰ বাবে শিক্ষাৰ্থীৰ মাজত সমাধান কৌশলৰ উন্নতি সাধন কৰাৰ লগতে দক্ষতা বৃদ্ধি কৰা।

(vi) পৰিৱেশ সম্পৰ্কীয় সমস্যা সমূহ সমাধানত সক্রিয় অংশগ্ৰহণ কৰিবৰ বাবে সমাজৰ বিভিন্ন গোট সমূহক উৎসাহিত কৰি তোলা।

(vii) পৰিৱেশীয় শিক্ষাৰ আন এটা উদ্দেশ্য হৈছে পৰিৱেশৰ বৈশিষ্ট্য সমূহৰ লগত সম্বন্ধিত সামাজিক মূল্যবোধ সমূহৰ বিষয়ে ব্যক্তিক বুজি উঠাত সহায় কৰা।

(viii) পৰিৱেশৰ প্ৰতি ব্যক্তিৰ মনত দায়িত্বশীল অনুভূতি জাগৃত কৰি তোলা।

(ix) পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে উপযুক্ত পদক্ষেপ গ্ৰহণৰ জৰুৰী প্ৰয়োজনীয়তাৰ নিশ্চিতি প্ৰদানৰ গুৰুত্ব বুজি উঠাত সহায় কৰা।

(x) পৰিৱেশীয় সমস্যা সমূহ উপলব্ধি আৰু সমাধানৰ বাবে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক দিশৰ শিক্ষা প্ৰক্ৰিয়াৰ সহায় লৈ প্ৰয়োজনীয় উদ্দেশ্য সাধনৰ কাৰণে উপযুক্ত কৌশল খটাবৰ বাবে সামর্থ্য আৰু দক্ষতাৰ বিকাশ সাধন কৰা।

(xi) পৰিৱেশ সম্পৰ্কত ব্যক্তি, গোট বা দল আৰু সমাজত সামগ্রিক ভাৱে নতুন আচৰণৰ বিকাশ সাধন কৰাত সহায় কৰে।

(xii) পৰিৱেশ সুৰক্ষা আৰু ইয়াৰ উন্নতি সাধন কৰিবৰ বাবে প্ৰতিজন ব্যক্তিকে এই দিশত উপযুক্ত জ্ঞান, মূল্যবোধ, মনোভাৱ, অংগীকাৰ আৰু দক্ষতা লাভৰ বাবে উপযুক্ত সা-সুবিধা প্ৰদানৰ ব্যৱস্থা কৰা।

(xiii) বায়ু, পানী আৰু শব্দ প্ৰদূষণ ৰোধ কৰিবৰ বাবে লোৱা আঁচনি সমূহত সক্রিয় অংশগ্ৰহণৰ বাবে শিক্ষার্থী তথা ব্যক্তিসকলক আগ্ৰহী কৰি তোলা।

(xiv) ওচৰ-চুবুৰীয়াৰ ঠাইসমূহ পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখা কাৰ্যসূচীত অংশগ্ৰহণ কৰা।

(xv) নগৰীয়া আৰু গ্ৰাম্য আঁচনি সমূহত অংশগ্ৰহণ কৰা।

(xvi) খাদ্য প্রদূষণ সম্পৰ্কীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰা।

(xvii) পৰিৱেশৰ ওপৰত বিশেষভাৱে প্ৰভাৱ পেলোৱা সকলোবোৰ কথা সামগ্রিক ভাৱে উপলব্ধি কৰি বিভিন্ন নীতি নিৰ্ধাৰণ কৰা কাৰ্যত ৰাজনীতিবিদ, চৰকাৰী কৰ্মচাৰী আৰু অন্যান্য নেতৃস্থানীয় লোক সকলক সহায় কৰে।

(xviii) ব্যক্তিসকলক গাঁও আৰু নগৰৰ সামাজিক, অর্থনৈতিক, ৰাজনৈতিক আৰু জৈৱ বৈচিত্ৰীয় উপাদান সমূহৰ মাজত বিৰাজমান হৈ থকা পাৰস্পৰিক নিৰ্ভৰশীলতাৰ আৰু পাৰস্পৰিক সম্বন্ধৰ বিষয়ে সচেতনতা বৃদ্ধি কৰা।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top