ASOS Class 12 Economics Chapter 38 জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ

ASOS Class 12 Economics Chapter 38 জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ, Question answer to each chapter is provided in the list so that you can easily browse throughout different chapters (Assam State Open School) ASOS Class 12 Economics Chapter 38 জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ and select needs one.

ASOS Class 12 Economics Chapter 38 জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ

Join Telegram channel

Also, you can read the Assam State Open School book online in these sections Solutions Krishna Kanta Handique State Open School Expert by Teachers as per ASOS (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given ASOS Class 12 Economics Chapter 38 জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ Solutions for All Subject, You can practice these here.

জনসংখ্যা আৰু অৰ্থনৈতিক বিকাশ

Chapter : 38

37.1 পাঠ্য-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ দিয়াবোৰ সঁচানে মিছা লিখা।

(i) জনসংখ্যা বৃদ্ধিৰ হাৰ জন্ম হাৰৰ ওপৰত নিৰ্ভৰশীল।

উত্তৰঃ মিছা।

(ii) ক্রমোন্নতিশীল দেশত জনসংখ্যা দ্রুত হাৰত বৃদ্ধি পায়।

উত্তৰঃ মিছা।

(iii) এখন উন্নয়নশীল দেশত জনসংখ্যা বৃদ্ধিৰ হাৰ উচ্চ হয়।

উত্তৰঃ সঁচা।

(iv) এখন দেশৰ জন্ম হাৰ আৰু মৃত্যু হাৰ উভয়েই শূন্য হ’ব পাৰে।

উত্তৰঃ মিছা।

(v) উন্নত দেশৰ জন্ম হাৰ কম, মৃত্যু হাৰ কম আৰু জনসংখ্যা বৃদ্ধিৰ হাৰো কম।

উত্তৰঃ সঁচা।

38.2 পাঠ-অন্তর্গত প্রশ্নাৱলীৰ উত্তৰঃ

1. তলৰ মন্তব্যবোৰ সঁচানে মিছা লিখা।

(i) উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিয়ে ক্রমোন্নতিশীল দেশত মূলধন গঠিন বৃদ্ধি কৰে।

উত্তৰঃ মিছা।

(ii) ক্রমোন্নতিশীল দেশত বৃহৎ আকাৰৰ জনসংখ্যাই হৈছে গধূৰ উৎপাদনশীলতা।

উত্তৰঃ মিছা।

(iii) ক্রমোন্নতিশীল দেশবোৰে নিজৰ প্ৰাকৃতিক সম্পদৰ পূৰ্ণ ব্যৱহাৰৰ বাবে উচ্চ হাৰৰ জনসংখ্যা বৃদ্ধিৰ আৱশ্যক।

উত্তৰঃ মিছা।

(iv) দ্রুত জনসংখ্যা বৃদ্ধিয়ে ভোক্তাৰ সামগ্ৰীৰ চাহিদা বৃদ্ধি কৰে আৰু তেনেদৰে দ্ৰুত অর্থনীতিক উন্নয়নত সহায় কৰে।

উত্তৰঃ মিছা।

(v) বৃহৎ আকাৰৰ জনসংখ্যাই বন-বননিৰ উত্তম ব্যৱহাৰত সহায় কৰে।

উত্তৰঃ সঁচা।

পাঠ্য সমাপ্তি অনুশীলনীৰ উত্তৰঃ

1. জনসংখ্যাৰ বৃদ্ধিৰ হাৰ বুলিলে কি বুজা?

উত্তৰঃ কোনো এ নির্দিষ্ট সময়ত জনসংখ্যা বৃদ্ধিৰ হাৰ সেই সময়ছোৱাৰ আৰম্ভণিত থকা মুঠ জনসংখ্যাৰ ওপৰত বৃদ্ধি হোৱা জনসংখ্যাৰ অনুপাতৰ দ্বাৰা জোখা হয়। জনসংখ্যাৰ বৃদ্ধিৰ হাৰ প্ৰধানতঃ জন্মৰ হাৰৰ (জন্মৰ সংখ্যা + মুঠ জনসংখ্যা × 100) ওপৰত নিৰ্ভৰশীল। এটা বছৰত জন্ম হাৰ আৰু মৃত্যু হাৰৰ মাজৰ পাৰ্থক্যৰে সেই বছৰৰ জনসংখ্যা বৃদ্ধিৰ হাৰ প্ৰতি হাজাৰত প্ৰকাশ কৰা হয়। জনসংখ্যা বৃদ্ধিৰ হাৰ শতাংশ হিচাপতো প্ৰকাশ কৰিব পাৰি।

2. অর্থনৈতিক উন্নয়নে কিদৰে জনসংখ্যা বৃদ্ধিৰ হাৰক প্ৰভাৱিত কৰিছে, ব্যাখ্যা কৰা।

উত্তৰঃ বিশ্বৰ বৃহৎসংখ্যক অৰ্থনীতিৰ অধ্যয়নে দেখুৱাইছে যে ক্রমোন্নতিশীল দেশবোৰত জন্ম হাৰ আৰু মৃত্যু হাৰ উভয়েই বেছি। গতিকে জন্ম হাৰ আৰু মৃত্যু হাৰৰ মাজত পাৰ্থক্য কম। গতিকে, তেনে দেশবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ লেহেমীয়া। তেনে দেশবোৰত আয়ৰ স্তৰ অতি নিম্ন, যাৰ ফলস্বৰূপে পুষ্টিহীনতা আৰু অপুষ্টি হয়। চিকিৎসা আৰু অনাময়ৰ সা-সুবিধা প্ৰায় নথকাৰ নিচিনা। আনকি, বিশুদ্ধ খোৱা পানীৰ পৰাও বৃহৎসংখ্যক লোক বঞ্চিত। গতিকে এনে দেশবোৰত মৃত্যুৰ হাৰ অধিক উচ্চ হবই। এনে দেসবোৰত পৰিয়াল আৰু সম্ভাৰ প্রতি প্রাচীন মানসিকতা, সাক্ষৰতাৰ অভাৱ আৰু উচ্চ শিশু মৃত্যুৰ হাৰৰ বাবে জন্মৰ হাৰো বেছি। গতিকে, এনেদৰে ক’বপৰা যায় যে ক্রমোন্নতিশীল দেশবোৰৰ বৈশিষ্ট্য হৈছে উচ্চ জন্ম আৰু মৃত্যুৰ হাৰ আৰু জনসংখ্যাৰ লেহেমীয়া বৃদ্ধি।

আর্থিক উন্নয়ন হোৱাৰ লগে লগে আয়ৰ স্তৰ বাঢ়িবলৈ ধৰে আৰু জীৱনৰ মান উন্নত হয়। চিকিৎসা আৰু অনাময়ৰ সা-সুবিধা উন্নত হয়। কিছুমান বেমাৰ নোহোৱা হয় ৷ এইবোৰে মৃত্যুৰ হাৰত প্ৰত্যক্ষভাৱে প্রভাৱ পেলায়। ই তীব্রভাৱে হ্ৰাস হ’বলৈ ধৰে। এই স্তৰত জন্মৰ হাৰ লেহেমীয়া হাৰত কমিবলৈ ধৰে। জন্মৰ হাৰ লেহেমীয়া হাৰত কম হ’বলৈ ধৰাৰ কাৰণ হৈছে জন্ম, মৃত্যু, ধৰ্মীয় বিশ্বাস সম্পৰ্কে মানুহৰ অনমনীয় দৃষ্টিভংগী। এই দৃষ্টিভংগী আৰু বিশ্বাস পৰিৱৰ্তন অন্ততঃ আৰম্ভণিতে লাহে লাহেহে সম্ভৱ হয়। ফলস্বৰূপে, জন্ম হাৰ আৰু মৃত্যু হাৰৰ মাজৰ পাৰ্থক্য বৃদ্ধি পায়। গতিকে, এইটো স্তৰত যেতিয়া অৰ্থনীতিৰ উন্নতি হ’বলৈ ধৰে, জনসংখ্যা বৃদ্ধিৰ হাৰ বাঢ়ে আৰু ঊর্ধ্বমুখী হ’বলৈ আৰম্ভ কৰে।

3. ভাৰতৰ মূলধন গঠন দ্রুতহাৰৰ বৰ্ধিত জনসংখ্যাই কিদৰে প্ৰভাৱিত কৰিছে ব্যাখ্যা কৰা।

উত্তৰঃ অৰ্থনৈতিক উন্নয়নত মূলধনে অতি গুৰুত্বপূৰ্ণ ভূমিকা লয়। দেশ এখনত মজুত হৈ থকা মূলধনে দেশখনৰ আৰ্থিক উন্নয়নৰ গতি নিৰ্ধাৰণ কৰে। ক্রমোন্নতিশীল দেশত দ্রুতহাৰত বৰ্ধিত জনসংখ্যাৰ বাবে উপভোক্তাৰ সামগ্ৰীৰ প্রতি চাহিদা বৃদ্ধি পায়। ভোগৰ স্তৰ নিম্ন হৈ থকা অৱস্থাতো আনকি খাদ্য, প্রাণী, কাপোৰ, ঘৰ, পৰিবহণ, শিক্ষা, বিদ্যুৎ, স্বাস্থ্যৰ সুবিধা আৰু প্ৰায় সকলোবোৰ সামগ্ৰীৰ প্ৰতি দ্রুতহাৰত চাহিদা বৃদ্ধি পায়। গতিকে ক্রমোন্নতিশীল দেশবোৰে বিনিয়োগৰ বাবে আহৰণ কৰিবলৈ সক্ষম হোৱা সম্পদ বৃহৎ অংশ এটি বর্থিত জনসংখ্যাৰ ভোগত ব্যৱহৃত হয়। অন্য কথাত উন্নয়নশীল দেশতে জনসাধাৰণৰ জনমূৰি আয় বৃদ্ধি আৰু জীৱনৰ মান উন্নীতকৰণৰ বাবে প্ৰয়োজনীয় এই সামগ্ৰীবোৰৰ যোগান দ্রুতহাৰৰ বৰ্ধিত জনসংখ্যাই হ্ৰাস কৰি পেলাইছে। এইবোৰে এনে দেশবোৰৰ আৰ্থিক বিকাশত বিৰূপ প্ৰভাৱ পেলাইছে।

উন্নয়নশীল দেশৰ মূলধন গটনত উচ্চ হাৰত বৰ্ধিত জনসংখ্যাই প্রতিকূল প্ৰভাৱ পেলায়। দ্রুতহাৰত বৃদ্ধি পোৱা ভোগৰ চাহিদা পূৰণৰ বাবেই অধিক সম্পদ ব্যৱহাৰ কৰিবলগীয়া হয়। ইয়াৰ ফলত অৰ্থনীতিৰ উৎপাদনশীল দক্ষতা বৃদ্ধি কৰাৰ বাবে কম সম্পদ থাকেগৈ। ইয়ে এই অর্থনীতিসমূহৰ ভৱিষ্যৎ উন্নয়ন ব্যাহতকৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top