SEBA Class 7 Social Science MCQ Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ Question Answer in Assamese Medium, Class 7 Social Science Multiple Choice Question Answer in Assamese to each chapter is provided in the list so that you can easily browse throughout different chapters SEBA Class 7 Social Science MCQ Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ Notes and select need one.
SEBA Class 7 Social Science MCQ Chapter 2 পৃথিৱীৰ অভ্যন্তৰ ভাগ
Also, you can read the SCERT book online in these sections Class 7 Social Science Objective Type Solutions by Expert Teachers as per SCERT (CBSE) Book guidelines. These solutions are part of SCERT All Subject Solutions. Here we have given Assam SEBA Class 7 Social Science MCQ Solutions for All Subject, You can practice these here.
পৃথিৱীৰ অভ্যন্তৰ ভাগ
Chapter – 2
ভূগোল খণ্ড
MCQ |
১। পৃথিৱীখনৰ সৃষ্টি কিমান বছৰ আগতে হৈছিল বুলি ভূ-বিজ্ঞানীসকলে অনুমান কৰে?
(i) ৩০০ কোটি বছৰ।
(ii) ৪৫০ কোটি বছৰ।
(iii) ৫০০ কোটি বছৰ।
(iv) ৬০০ কোটি বছৰ।
উত্তৰঃ (ii) ৪৫০ কোটি বছৰ।
২। পৃথিৱীৰ পৃষ্ঠৰ পৰা কেন্দ্ৰলৈকে পৃথিৱীক কেইটা তৰপত ভাগ কৰা হৈছে?
(i) দুটা।
(ii) তিনিটা।
(iii) চাৰিটা।
(iv) পাঁচটা।
উত্তৰঃ (ii) তিনিটা।
৩। পৃথিৱীৰ উপৰিভাগৰ স্তৰটো কি নামেৰে জনা যায়?
(i) ভুত্বক।
(ii) ওকমণ্ডল।
(iii) কেন্দ্ৰমণ্ডল।
(iv) প্ৰাথমিক স্তৰ।
উত্তৰঃ (i) ভুত্বক।
৪। ভূত্বকক কি নামেৰে জনা যায়?
(i) গ্ৰেণাইট স্তৰ।
(ii) বেছল্ট স্তৰ।
(iii) এলুমিনিয়াম স্তৰ।
(iv) ছিআল স্তৰ।
উত্তৰঃ (iv) ছিআল স্তৰ।
৫। ভূত্বকৰ সমুদ্ৰৰ তলিৰ অংশটো কিহৰ দ্বাৰা গঠিত?
(i) গ্ৰেণাইট।
(ii) মাৰ্বল।
(iii) বেছল্ট শিল।
(iv) ওপৰৰ এটাও নহয়।
উত্তৰঃ (iii) বেছল্ট শিল।
৬। ভূত্বকৰ ঠিক তলৰ দ্বিতীয় স্তৰটোৰ নাম কি?
(i) গুৰুমণ্ডল।
(ii) কেন্দ্রমণ্ডল।
(iii) ভূত্বক।
(iv) মহাসাগৰ।
উত্তৰঃ (i) গুৰুমণ্ডল।
৭। গুৰুমণ্ডলৰ গড়ে ডাঠ কিমান?
(i) ৫০০ কিল’মিটাৰ।
(ii) ২,৯০০ কিল’মিটাৰ।
(iii) ৩,৫০০ কিল’মিটাৰ।
(iv) ১,০০০ কিল’মিটাৰ।
উত্তৰঃ (ii) ২,৯০০ কিল’মিটাৰ।
৮। গুৰুমণ্ডলক কেইটা স্তৰত বিভাজিত কৰা হৈছে?
(i) দুটা।
(ii) তিনিটা।
(iii) চাৰিটা।
(iv) পাঁচটা।
উত্তৰঃ (i) দুটা।
৯। কেন্দ্রমণ্ডলৰ গড়ে ডাঠ কিমান?
(i) ২,০০০ কিল’মিটাৰ।
(ii) ৩,৪৮৬ কিল’মিটাৰ।
(iii) ৫,০০০ কিল’মিটাৰ।
(iv) ৪,০০০ কিল’মিটাৰ।
উত্তৰঃ (ii) ৩,৪৮৬ কিল’মিটাৰ।
১০। কেন্দ্রমণ্ডলত কোনটো পদাৰ্থ অধিক পৰিমাণত পোৱা যায়?
(i) সিলিকন আৰু মেগনেছিয়াম।
(ii) এলুমিনিয়াম আৰু মেগনেছিয়াম।
(iii) তাম আৰু সোণ।
(iv) লোহা, নিকেল, আৰু কোবাল্ট।
উত্তৰঃ (iv) লোহা, নিকেল, আৰু কোবাল্ট।
১১। বহিঃ কেন্দ্রমণ্ডলৰ তলত পৃথিৱীৰ কেন্দ্রক আগুৰি থকা স্তৰটোক কি বোলে?
(i) ভূত্বক।
(ii) গুৰুমণ্ডল।
(iii) আন্তঃ কেন্দ্রমণ্ডল।
(iv) বহিঃ কেন্দ্রমণ্ডল।
উত্তৰঃ (iii) আন্তঃ কেন্দ্রমণ্ডল।
১২। শিলেৰে গঠিত স্তৰটোক কি বুলি কোৱা হয়?
(i) জলমণ্ডল।
(ii) শিলামণ্ডল।
(iii) বায়ুমণ্ডল।
(iv) কেন্দ্ৰমণ্ডল।
উত্তৰঃ (ii) শিলামণ্ডল।
১৩। শিলক কেইটা ভাগত ভাগ কৰা হৈছে?
(i) দুটা।
(ii) তিনিটা।
(iii) চাৰিটা।
(iv) পাঁচটা।
উত্তৰঃ (ii) তিনিটা।
১৪। পৃথিৱীৰ অন্তৰ্ভাগত থকা গলিত, উত্তপ্ত পদার্থসমূহক কি বোলা হয়?
(i) মেগ্ন।
(ii) লাভা।
(iii) শিল।
(iv) ধাতু।
উত্তৰঃ (i) মেগ্ন।
১৫। মেগ্নাই ভূ-পৃষ্ঠলৈ ওলাই আহি তাপ বিকিৰণ কৰি শীতল হোৱাৰ ফলত কি শিল গঠিত হয়?
(i) প্ৰাথমিক শিল।
(ii) বহিৰ্ভেদী আগ্নেয়শিল।
(iii) অন্তর্ভেদী আগ্নেয়শিল।
(iv) গেদীয় শিল।
উত্তৰঃ (iii) অন্তর্ভেদী আগ্নেয়শিল।