SEBA Class 3 Environment Chapter 8 আমাৰ চৌপাশৰ বায়ু Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.
SEBA Class 3 Environment Chapter 8 আমাৰ চৌপাশৰ বায়ু
Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.
আমাৰ চৌপাশৰ বায়ু
Chapter: 8
ক্রিয়া-কলাপ – ১
বায়ু কেনেদৰে দষিত হয় তলৰ ছবিবোৰ চাই খালী বাকচত লিখা-
উত্তৰঃ
| কল-কাৰখানাৰপৰা ওলোৱা ধোঁৱা | ট্ৰাকৰ পৰা ওলোৱা ধোঁৱা | চিগাৰেটৰ পৰা ওলোৱা ধোঁৱা | জাৱৰ জোথৰ জ্বলোৱা ধোঁৱা |
| টায়াৰৰ পৰা ওলোৱা ধোঁৱা | ফটকাৰ পৰা ওলোৱা ধোঁৱা |
| অনুশীলনী |
১। উত্তৰ লিখা-
(ক) দূষিত বায়ুৰপৰা হ’ব পৰা তিনিবিধ বেমাৰৰ নাম।
উত্তৰঃ দূষিত বায়ুৰপৰা হ’ব পৰা তিনিবিধ বেমাৰৰ নাম হ’ল―
(i) মূৰৰ বিষ।
(ii) চকুৰ অসুখ।
(iii) চর্দি।
(খ) পানীত থকা জীৱবোৰে ক’ৰ পৰা উশাহ লয়?
উত্তৰঃ পানীত থকা জীৱবোৰ পানীত দ্ৰবিভূত হৈ থকা বায়ুৰ পৰা উশাহ লয়।
(গ) বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কাৰ্য।
উত্তৰঃ বায়ুৰ উপস্থিতি অনুভৱ কৰিব পৰা দুটা কাৰ্য হ’ল―
(i) গছৰ পাত লৰিলে বায়ুৰ উপস্থিতি অনুভৱ কৰিব পাৰি।
(ii) নকৰা সম্মুখত হাতখন থৈ দিলে বায়ুৰ উপস্থিতি অনুভৱ কৰিব পাৰি।
২। শুদ্ধ উত্তৰটো বাছি উলিয়াই”✔ চিন দিয়া-
(ক) ফট্কা ফুটালে বায়ু দূষিত নহয়/হয়।
উত্তৰঃ হয়।
(খ) মাটিৰ ভিতৰত বায়ু থাকে/নাথাকে।
উত্তৰঃ থাকে।
(গ) বায়ু আমি দেখোঁ/অনুভৱ কৰোঁ।
উত্তৰঃ অনুভৱ কৰোঁ।
(ঘ) জীয়াই থাকিবলৈ উদ্ভিদক বায়ু লাগে/নালাগে।
উত্তৰঃ লাগে।
৩। ইটাৰ টুকুৰা এটা পানীত পেলাই দিলে বুৰ্বুৰণি কিয় উঠে?
উত্তৰঃ ইটাৰ টুকুৰাটো পানীত পেলাই দিয়াত ইটাৰ টুকুৰাৰ ভিতৰত থকা বায়ুখিনি বাহিৰত ওলাই আহে আৰু সেই ঠাই পানীৰে পূৰ হয়। ইটাৰ টুকুৰাৰ ভিতৰৰ বায়ুখিনি পানীৰ ওপৰত বুৰবুৰণি হিচাপে উঠি আহে।
৪। আকাশত উৰি থকা এখন চিলাৰ ছবি আঁকা।
উত্তৰঃ

৫। বায়ু দূষিত ন’হবৰ বাবে কি কি ব্যৱস্থা হাতত ল’বা লিখা।
উত্তৰঃ বায়ু দূষিত ন’হবৰ বাবে তলত উল্লেখ কৰা ব্যৱস্থাসমূহ হাতত ল’ব পাৰি-
(ক) গছ–গছনি ৰোপণ কৰিব লাগে।
(খ) আবর্জনা, জাবৰ, টায়াৰ আদি চুবুৰীত নাজ্বলাই বিনষ্ট কৰিব লাগে।
(গ) যানবাহনৰ ধোঁৱা নিয়ন্ত্ৰণ কৰিব লাগে।
(ঘ) কল–কাৰখানাৰ ধোঁৱা নিয়ন্ত্ৰণ কৰিব লাগে।
(ঙ) পৰিবেশ চাফ–চিকুণকৈ ৰাখিবলৈ সকলোকে সচেতন হব লাগে।

Hi, I’m Dev Kirtonia, Founder & CEO of Dev Library. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Biography, Quotes, Study Materials, and more.
Subject Ka Complete Video Solution Dekhein
Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

