SEBA Class 3 Environment Chapter 11 শৰীৰৰ যতন

SEBA Class 3 Environment Chapter 11 শৰীৰৰ যতন Question Answer Assamese Medium As Per New Syllabus to each chapter is provided in the list so that you can easily browse through different chapters SEBA Class 3 Environment Solutions and select need one. SEBA Class 3 Environmental Studies Question Answers Download PDF. SCERT Class 3 Environment Solutions.

SEBA Class 3 Environment Chapter 11 শৰীৰৰ যতন

Also, you can read the NCERT book online in these sections Solutions by Expert Teachers as per Central Board of Secondary Education (CBSE) Book guidelines. SCERT Class 3 Environment Textbook Solutions are part of All Subject Solutions. Here we have given SEBA Class 3 Environment Question Answer for All Chapters, You can practice these here.

Chapter: 11

অনুশীলনী

১। উত্তৰ লিখা-

(ক) স্বাস্থ্য ভালে ৰাখিবলৈ তুমি অনুশীলন কৰা দুটা কামৰ নাম।

উত্তৰঃ স্বাস্থ্য ভালে ৰাখিবলৈ আমি অনুশীলন কৰা দুটা কামৰ নাম হল―

(i) ব্যায়াম কৰা।

(ii) সুষম আহাৰ খোৱা।

(খ) নিজৰ সুৰক্ষাৰ বাবে ল’ব লগা দুটা সাৱধানতা।

উত্তৰঃ নিজৰ সুৰক্ষাৰ বাবে ল’ব লগা দুটা সাৱধানতা হল―

(i) অচিনাকী ব্যক্তিৰপৰা কেতিয়াও চক্লেট বা আন বস্তু ল’ব নালাগে।

(ii) সুৰক্ষিত অনুভৱ নকৰিলে জোৰেবে চিঞৰি ডাঙৰক জনাব লাগে।

২। শুদ্ধ উক্তিটোত (✔) চিন দিয়া-

(ক) আহাৰ খালে আমি কাম কৰিবলৈ শক্তি পাওঁ।

উত্তৰঃ ✔

(খ) য’তে ত’তে থু-খেকাৰ পেলাব লাগে।

উত্তৰঃ ✘

(গ) অচিনাকী ব্যক্তিয়ে ক’ৰবালৈ যাবলৈ ল’গ ধৰিলে যাব লাগে।

উত্তৰঃ ✘

(ঘ) মহৰ উৎপাত কমাবলৈ ধূপ-ধূনা দিব লাগে।

উত্তৰঃ ✔

৩। খালী ঠাই পূৰ কৰা-

(ক) সু-অভ্যাস আৰু _____________ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে।

উত্তৰঃ সু-অভ্যাস আৰু পৰিচ্ছন্নতা আমাৰ শৰীৰটো সুস্থ কৰি ৰাখে।

(খ) সুৰক্ষিত অনুভৱ ______________ চিঞৰি ডাঙৰক জনাব লাগে।

উত্তৰঃ সুৰক্ষিত অনুভৱ নকৰিলে চিঞৰি ডাঙৰক জনাব লাগে।

(গ) লেতেৰা পৰিৱেশত চকুৰে নেদেখা অলেখ _____________ থাকে।

উত্তৰঃ লেতেৰা পৰিৱেশত চকুৰে নেদেখা অলেখ জীৱাণু থাকে।

(ঘ) শৌচ কৰাৰ পাছত _____________ লাগে।

উত্তৰঃ শৌচ কৰাৰ পাছত হাত চাবোনেৰে ধুব লাগে।

(ঙ) শুলে শৰীৰে ____________ পায়।

উত্তৰঃ শুলে শৰীৰে বিশ্ৰাম পায়।

৪। তুমি খেলি ভাল পোৱা কেইটামান খেলৰ নাম লিখা।

উত্তৰঃ ফুটবল, ক্ৰিকেট, দৌৰ, লুকা-চুৰি।

৫। শৰীৰ সুস্থ আৰু সৱল কৰি ৰাখিবলৈ কি কি খাব লাগে লিখা।

উত্তৰঃ শৰীৰ সুস্থ আৰু সৱল ৰাখিবলৈ ফল-মূল, শাক-পাচলি, গাখীৰ, কণী, দাইল, মাছ-মাংস আৰু সুষম আহাৰ খাব লাগে।

NEW VIDEO CLASS

Subject Ka Complete Video Solution Dekhein

Step-by-step easy concept explanation aur full questions Answer ke liye watch karein ya app download karein:

Leave a Reply

This site uses Akismet to reduce spam. Learn how your comment data is processed.

Scroll to Top