গল্প: ৰাক্ষস পণ্ডিত | Rakhyokh Pondit

ৰাক্ষস পণ্ডিত আৰু বুঢ়া বুঢ়ীৰ গল্প | Rakhyokh Pondit Aru Burha Burhi, ককাদেউতা আৰু নাতি ল’ৰা সাধু কবিতা পুথিৰ পৰা সংগ্ৰহ, ৰাক্ষস পণ্ডিতৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এহাল বুঢ়া বুঢ়ী আছিল। সিহঁতৰ বহুত ধন সম্পত্তি আছিল, কিন্তু লৰা ছোৱালী নাছিল। সেইদেখি সিহঁতৰ মনত বৰ দুখ। এক দিনা প্ৰতি এটা ৰাক্ষসে পণ্ডিতৰ ভেশ ধৰি সেই বুঢ়া বুঢ়ীৰ ঘৰত ওলালহি। বুঢ়াই পণ্ডিতক বহিবলৈ ডুখৰি পীৰা এখন দি বহুৱালে। বুঢ়াৰ লৰা ছোৱালী নোহোৱাৰ কথা শুনি পণ্ডিতে গণিবলৈ ধৰিলে। ভালেখিনি পৰ সি গণি পঢ়ি কলে যে, তেওঁক বুঢ়াই এটা দমৰা গৰু দান কৰিলেই বুঢ়াৰ যজা লৰা হব আৰু তাৰে বৰ লৰাটো সিহঁতে তেওঁক দিব লাগিব। পণ্ডিতৰ কথা শুনি হৰ্ষ বিষাদ দুইকো লভি পণ্ডিতক দমৰা গৰু এটা দিলে আৰু উপজিলে বৰ লৰাটো দিবলৈ সইত খাই সৈ কাঢ়িলে। পণ্ডিত ৰাক্ষসে দমৰা গৰুটো লৈ গুচি গৈ তাৰ ঘৰ পাই পেট ভৰাই খালে।

ইয়াৰ এবছৰৰ মূৰত বুঢ়ীৰ যজা লৰা উপজিল। লৰা দুটা ডাঙৰ হলত চহকী বুঢ়াই অনেক ধন ভাঙি দুয়োকো লেখা পঢ়া শিকোৱালে। লেখা পঢ়াৰ লগে লগে সিহঁতে কাড়, ধনু, ষাঠি, জোং আদি ধৰিবলৈকো শিকিলে আৰু অলপ কালৰ ভিতৰতে সেই বিদ্যাতো সিহঁত পৈণত হৈ উঠিল। সৰু লৰাটোৱে সেইবোৰ বিদ্যাৰ উপৰি ৰাক্ষসী বিদ্যাও শিকিলে। 

দুইটা লৰা ডাঙৰ দীঘল হল। এদিন সেই পণ্ডিত বুঢ়া বুঢ়ীৰ ঘৰলৈ আহি বৰলৰাটো খোজাত বুঢ়া বুঢ়ীয়ে আগৰ কথা সুঁৱৰি অগত্যা তেওঁক লৰাটো দিলে। পণ্ডিতৰ লগত লৰাটো যাবৰ সময়ত সি ভায়েকক কৈ গল যে, “মই এজোপা তুলসী গছ ৰুই থৈছোঁ। তই যেতিয়া দেখিবি সেই তুলসী জোপাৰ পাতবোৰ জয় পৰি মৰি গৈছে তেতিয়া বুজিবি যে মই মাৰিলো।” ইয়াকে ভায়েকক কৈ সি পণ্ডিতৰ লগত গুচি গল।

পণ্ডিতে লৰাটো লগত লৈ গৈ গৈ এখন মহা অৰণ্য পালেগৈ। সেই অৰণ্যৰ ভিতৰতে সেই পণ্ডিত ৰাক্ষসৰ ঘৰ। তাৰ ঘৰলৈ অলপমান বাট থাকোঁতেই, পণ্ডিতে লৰাটোক এজোপা বৰগছৰ তলত বহুৱাই থৈ কলে “বোপা তুমি এইখিনিতে অলপ বহি জিৰোৱা, ওচৰতে মোৰ এটা কাম আছে, মই সাউৎকৰে সেইটো কৰি আহোঁ।” – এইবিলি ৰাক্ষস গলত লৰাটোৱে কি কথা কি বতৰা বুলি উৱাদিহ লবলৈ, পণ্ডিতে নেদেখাকৈ তাৰ পাছে পাছে গল। কিছুমান দূৰ গৈয়েই লৰাটোৱে কিছুমান মানুহ, গৰু আৰু ঘোঁৰাৰ হাড় মূৰ দেখিবলৈ পালে। সেইবোৰ দেখি তাৰ মনত সন্দেহ হল যে, কথা কিবাহে; পণ্ডিত মানুহ নহয়, ৰাক্ষসহে। তেতিয়া সি ভয়ত ঠকঠক কৰে কপিবলৈ ধৰিলে। এনেতে মৰা মুৰবিলাকে লৰাটোক মাত লগালে – ‘কৰ মানুহ কলৈ আহিছ?” লৰাটোৱে আচৰিত কৈ মুৰবোৰৰ ফালে চাই থাকিলত, মুৰবোৰে আকৌ মাত লগালে, “কৰ মানুহ কলৈ আহিছ, বেগেতে ক, নহলে মৰিবি এতিয়া।” লৰাটোৱে এই কথা শুনি সিহঁতক আগৰপৰা গুৰিলৈকে তাৰ সকলোবিলাক কথা কলত মুৰবিলাকে তাক কলে – “এইখন ৰাক্ষসৰ দেশ। 

তই যাক পণ্ডিত বুলি লগত আহিছ সি মানুহ নহয়, ৰাক্ষস হে। সি আমাকো তোৰ দৰে ছলি আনি খালে। সি নৈত গা ধুবলৈ গৈছে, এতিয়াই উভতি আহি তোক খাই পেলাব। যদি তই তৎক্ষণাৎ পলাই যাব পাৰ, তেন্তে সাৰিব পাৰিবি; নহলে তোৰ আমাৰ দশাই লগ লব। যদি লৰালৰিকৈ পলাব নোৱাৰ, তেন্তে আৰু এটা বুদ্ধি আছে। তই জানো সাহ কৰি সেই পণ্ডিত ৰূপী ৰাক্ষস মাৰিব পাৰিবি? তোৰ গাত বল আছে নে? যদি আছে, তেন্তে কওঁ শুন – সেই ঘৰটোৰ ভিতৰতে বেৰত আৰি থোৱা খাণ্ডা এখন আছে। তাৰেই সি আমাৰ মূৰ কাটিছিল, তোৰও কাটিব। তই যদি সেই খাণ্ডাখন লৈ সেই ঘৰৰ দুৱাৰচুকত লুকাই থাকি, সি ঘৰ সোমাওঁতেই তৰ্কিব নোৱাৰাকৈ কোব মাৰি তাৰ মূৰটো কাটিব পাৰ, তেন্তে ৰক্ষা পৰিবি, নতুবা তোৰফালে সাং।” মুৰবোৰৰ কথা শুনি লৰাটোৱে পাৰিব বুলি কলত, সিহঁতে আকৌ কলে, “তেন্তে তই ৰাক্ষসটোক কাটিয়েই তাৰ মূৰৰ তেজ অলপমান আনি যদি আমাৰ মূৰতো ছটিয়াই দিয়, তেন্তে আমিও জী আগৰ নিচিনা হম।” লৰাটোৱে সেইটোও কৰিবলৈ গাত লৈ ঘৰ সোমাই খাণ্ডাখন লৈ দুৱাৰচুকত লুকাই থাকিল। এনেতে ৰাক্ষসে গা পা ধুই আহি ঘৰ সোমাবলৈ গল। যেই সি দুৱাৰদলিত ভৰি দিলে, লৰাটোৱে বিজুলীসঞ্চাৰে আহি খাণ্ডাখনেৰে কোব মাৰি তাৰ মূৰটো কাটি মাটিত পেলালে আৰু তেতিয়াই তাৰ তেজ লৈ সেই মুৰবোৰৰ ওপৰত ছটিয়াই দিলত, সিহঁত একোটা দিব্য পুৰুষ হৈ উঠি বহিল। তেতিয়া সিহঁত আটাইবোৰে লৰাটোক আঁকোৱালি ধৰি সন্তোষ জনাই তাৰ শলাগ লৈ নিজৰ নিজৰ ঘৰলৈ গুচি গল। 

ইয়াৰ পিছত লৰাটোৱে ৰাক্ষসৰ ঘোঁৰাশালৰ পৰা তেজী ঘোঁৰা এটা লৈ তাৰ পিঠিত উঠি সেই অৰণ্যৰ মাজেদিয়েই আহিবলৈ ধৰিলে। আহি থাকোঁতে আহি থাকোঁতে সি আৰু এখন ৰাক্ষসৰ ঠাই পালেহি। সেই ঠাইৰ গৰাকীয়নী এজনী ৰাক্ষসী। তাই মানুহ দেখিলে হৰিণাপহু এটা হৈ ওচৰ চাপে আৰু পহুটো ধৰিবলৈ মন কৰি মানুহজন আগবাঢ়ি গলেই পহুটোৱে ধৰা নিদি আগে আগে লৰি পলাই যায়। এইদৰে পহুটোৱে মানুহটো লৈ গৈ পৰ্বতৰ ঘোপ এটাত সোমায়গৈ। সেই ঘোপত মানুহ সোমালেই সোমাওতাজনে উশাহ নিশাহ লব নোৱাৰি পৰি মৰি যায়; আৰু তেতিয়া ৰাক্ষসীয়ে নিজ ৰূপ ধৰি ৰং মনেৰে শটো খায়। লৰাটোকো এতিয়া তাই সেইদৰে ভূলাই লৈ গৈ সেই ঘোপত সোমাই মাৰি পেলালে। ৰাক্ষসীয়ে, “আজি ইয়াৰ ঘোঁৰাটোকে খাওঁ, কাইলৈ ইয়াক খাম” – বুলি সেই দিনা ঘোঁৰাটো খাই, লৰাটো পিছদিনাখন খাবলৈ থৈ দিলে। 

ইফালে লৰাটোৰ ঘৰত তুলসীগছজোপা জয় পৰি যোৱা দেখি ভায়েকে বুজিলে যে তাৰ ককায়েকৰ মৃত্যু হল। সি ৰাক্ষসী বিদ্যা ভালকৈ জানে বুলি আগেয়ে কৈ আহিছোঁ। তৎক্ষণাৎ সি গণি পঢ়ি জানিলে, তাৰ ককায়েক কত কেনেকৈ মৰিল। জানিব পাৰিয়েই সি ততালিকে ঘোঁৰা এটাত উঠি ধনু কাড় লৈ সেই ৰাক্ষসীৰ চোং পালেহি; ৰাক্ষসীয়ে দূৰৰপৰা আৰু বৰ ৰং পাই হৰিণা পহু এটা হৈ তাক দেখা দিলে। লৰাটোৱেও পহুটো দেখিয়েই সেইজনী ৰাক্ষসী বুলি বুজি ৰাক্ষসী বিদ্যাৰে মায়া হৈ, বাঘ এটা হল। তেতিয়া ৰাক্ষসীয়ে বুজিলে যে এইবাৰ সমানে সমানে পৰিছে। তাই তেতিয়াই এটা দুৰ্জ্জয় অজগৰ সাপ হৈ মুখ মেলি বাঘটো গিলিবলৈ খেদি আহিলত, বাঘটোৱে বৰ ডাঙৰ নেউল এটা হৈ তৎক্ষণাতে সাপটো ডোখৰ  ডোখৰ কৰি মাৰি পেলালে। 

ৰাক্ষসীক মাৰি অতাই গুহালৈ গৈ ভায়েকে মন্ত্ৰ মাতি ককায়েকক জীয়ালে, আৰু দুয়ো ৰঙেৰে আকোঁৱলা আঁকোৱালি কৰি ঘোঁৰাত উঠি নিজৰ ঘৰলৈ উভতি আহিল। পুতেকহঁতক পাই বুঢ়া বুঢ়ীৰ নথৈ ৰং লাগিল।

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top