গল্প: বেটুকোঁৱৰ কথা | Betu-kunworor Kotha

বেটুকোঁৱৰৰ কথা গল্প | Betu-kunworor Kotha, বেটুকোঁৱৰ আৰু অসমীয়া গল্প, ককাদেউতা আৰু নাতি ল’ৰা সাধু কথা পুথিৰ পৰা সংগ্ৰহ, বেটুকোঁৱৰৰ কাহিনী, সাধুকথা, অসমীয়া কাহিনী

Join Telegram channel
Follow us:
facebook sharing button
whatsappp sharing button
instagram sharing button

এজন ৰজা আছিল। তেওঁৰ সাতজনী কুঁৱৰী। কাৰো লৰা ছোৱালী নোহোৱা দেখি ৰজাৰ মনত বৰ বেজাৰ। ৰজাই এনেক পূজা পাটলৈ, অনেক দান দক্ষিণা কৰিলে, তথাপি তেওঁৰ লৰা ছোৱালী একোকে নহʼল। 

এদিন ৰজাই সমাজিক দেখিলে যে তেওঁক এজন বুঢ়া মানুহে কৈছে, “তুমি কাইলৈ পুৱাই নৈত স্নান কৰি তিতা তীয়নিৰে সাত বাৰ তম: তম: বুলি মাতিলে তোমাৰ হাতত ৰঙা টেমা এটা পৰিবহি। সেই টেমাটোৰ ভিতৰত এটা গোলাপ জামু থাকিব। সেই জামুটো আনি তুমি তোমাৰ সাঁতোজনী তিৰোতাক খাবলৈ দিবা; তেওঁলোকে খালেই তেওঁলোকৰ লৰা হব। “ৰজাই সাৰ পাই উঠি পিছদিনা ৰাতিপুৱাই সেইদৰে নৈত গা ধুই সাতবাৰ তম: তম: কৰিলত ৰঙা টেমা এটা তেওঁৰ হাতত পৰিলহি আৰু সেই টেমাটো মেলি তাত জামু এটা পাই আনি সাঁতোজনী ঘৈণীয়েকক তেওঁ খাবলৈ দিলে। কুঁৱৰীহঁতে জামুটো খাবলৈ গা ধুবলৈ গল আৰু গা ধুই আহি ভগাই খালেহি; কিন্তু সৰুজনী অহাত পলম হোৱা বাবে তাইলৈ নথলে। সৰু কুঁৱৰীজনীক আন কেইজনী কুঁৱৰীয়ে আগৰেপৰা দেখিব নোৱাৰিছিল আৰু ৰজাৰো তাই এলাগী আছিল; সেইদেখি আন কেইজনীয়ে তাই অহাত অলপ পলম হলতে তাৰে চেলু লৈ তাইলৈ জামুৰ ভাগ নথলে। সৰুজনীয়ে গা ধুই আহি আনকেইজনীক জামুৰ ভাগ খুজিলত, সিহঁতে তাইক জোকোৰা মাৰি কলে, “তোলৈ আমি জামু লৈ বহি থাকিম নেকি? আগেয়ে নাহিলি কেলৈ?”এই কথা শুনি সৰুজনীয়ে চকুৰ পানী উলিয়াই, ওচৰতে পৰি থকা জামুৰ বেটুটোকে খালে। 

সময়ত এটাইকেউজনী কুঁৱৰীৰ একোএকোটা কৈ লʼৰা হল। লৰাকেইটা লাহে লাহে ডাঙৰ হৈ আহিল। এদিন এটা ফকিৰ কৰবাৰ পৰা আহি ৰজাক কলে, “স্বৰ্গদেউ, আপোনাৰ ঘৰ দেখি বৰ সন্তোষ পালোঁ, কিন্তু এটা বস্তু আপোনাৰ ঘৰত নাই দেখি দুখ পালোঁ। আপোনাৰ মতে – 

সোণ গছ, ৰূপৰ পাত।

সাত টিলিকত মৰাৰ নাচ।।

নাই এনেকুৱা গছ এজুপি নথকাৰ বাবে আপোনাৰ ঘৰ সম্পূৰ্ণ হোৱা নাই।”

এই কথা শুনি ৰজাই তেতিয়াই কোঁৱৰহঁতক মাতি আনি তেনেকুৱা গছ এজোপা বিচাৰি আনিবলৈ পঠিয়াই দিলে। ৰজাৰ লৰাহঁতে নাওদুনী লৈ খোৱা লোৱাৰ সঁজুলি ভৰাই দি যাবলৈ ওলাইছে, এনেতে এলাগী কুঁৱৰীৰ পুতেক বেটুকোঁৱৰ আহি ককায়েকহঁতক কলে, “ককাইহঁত, মোক লগতে নে।”পেটুকোঁৱৰে লগত যাবলৈ বৰকৈ কাকূতি মিনতি কৰিবলৈ ধৰিলত ককায়েকহঁতে তাকো নাৱৰ চৰঠতে পৰি থাকিবি বুলি তুলি লৈ গল।

নৈয়েদি গৈ গৈ সিহঁতে ডাঙৰ আমগছ এজোপা পালেগৈ। গছজোপাত আমবোৰ  সেন্দুৰীয়া হৈ পকী আছে। সেই আমগছৰ তলতে সিহঁতে নাও বান্ধি আম খাই ইফাল সিফালকৈ থাকোঁতে, বেটুকোঁৱৰ আমগছৰ গুৰিত এটা ডাঙৰ গাত দেখিলে। সি গাঁতটো দেখি তাত কি আছে চাবৰ মন কৰি ককায়েকহঁতক কলে, “মই এই গাঁতটোত সোমাই নামি যাওঁ ইয়াত কি আছে চাওঁগৈ। তহঁতে মই নাহো মানে নাও নেমেলিবিহক দেই।”এইবুলি কৈ সি লেজু এডাল গাঁতটোত এৰি দি লাহে লাহে তাতে ধৰি গাঁতৰ তললৈ নামি গল। গৈ গৈ অন্তত সি এখন বৰ নগৰ পালেগৈ। নগৰখনত সি মানুহ দুনুহ একো নেদেখিলে; মাত্ৰ কিছুমান হাড় মূৰ চাৰিওফালে পৰি থকা দেখিলে। সি ভয়ে ভয়ে গৈ দেখিবলৈ ভাল ডাঙৰ ঘৰ এটাত সোমালগৈ আৰু ঘৰটোৰ ভিতৰত এখন চালপীৰাৰ ওপৰত এজনী সুন্দৰী কন্যা অকলে শুই থকা দেখিলে। ছোৱালীজনীৰ ভৰিৰ ফালে এটা বগা চোঁৱৰ আৰু মূৰ শিতানত ফালে এটা কলা চোঁৱৰ আছিল। কলা চোঁৱৰটোৰে ছোৱালীজনীক বিচিলত তাইৰ নাক কাণৰপৰা তেজ ওলাল। তাকে দেখি সি ভয় খাই ভৰিপথানৰ ফালৰ চোঁৱৰটোৰে বিচি দিলে। সেইটোৰে বিচিলত ছোৱালীজনীয়ে উস উসকৈ পাটিৰ পৰা উঠি বহিল। 

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Join Now

কন্যাজনীয়ে বেটুকোঁৱৰক দেখি আচৰিত হৈ সুধিলে, “তুমি কোন?” কোঁৱৰে তাৰ বিষয়ে সকলো কথা তাইক ভাঙি কলত তাই কলে, “তুমি এতিয়াই যোৱা, নহলে তোমাক ৰাক্ষসে খাব। এইখন ৰাক্ষসৰ দেশ। আজি তিনি দিন হৈছে ৰাক্ষসে এই নগৰৰ মানুহ এটাইবোৰ খালে। কেৱল মোকহে সিহঁতে নোখোৱাকৈ এৰিছে। সিহঁত এতিয়া চৰিবলৈ গৈছে। মোক সিহঁতে যাবৰ সময়ত এটা চোঁৱৰেৰে বিচি জীয়ায়। কোঁৱৰে কলে, “এতিয়া তেন্তে কি হব? সিহঁত আহি ওলাইহি যদি। কন্যাই কলে, “হওঁতে সিহঁত আহিবৰ হৈছে; তুমি সেই সৰিয়হৰ ডুলিটোৰ ভিতৰতে সোমাই থাকা।” এই কথা শুনি কোঁৱৰ গৈ সৰিয়হৰ ডুলিৰ ভিতৰতে সোমাই থাকিল। যোৱা আগেয়ে কোঁৱৰে কলা চোঁৱৰেৰে বিচি ছোৱালীজনী মাৰি থৈ গল। এনেতে ৰাক্ষসবোৰ ওলালহি। সিহঁতে ছোৱালীজনীক বগা চোঁৱৰেৰে বিচি জীয়াই লৈ সুধিলে, “মানুহৰ গোন্ধ পাইছোঁ দেখোন একা?” তাই কলে “ময়েইহে মানুহ ইয়াত আছোঁ, মোৰেই গোন্ধ পাইছাহক। লাগে যদি মোকে মাৰি খা। 

– “তোক নামাৰি ৰাখিছোঁ, কিয় খাম?” – বুলি ৰাক্ষসে কলে।

কোঁৱৰে ৰাতিটো কষ্টে মষ্টে সৰিয়হৰ ডুলিতে কটাই পিছদিনা ৰাতিপুৱাই ৰাক্ষসবোৰ চৰিবলৈ গলত তাৰপৰা ওলাই আহি ছোৱালীজনীক জীয়াই লৈ কলে, “মই তোমাক ৰাক্ষসৰ হাতৰপৰা সৰুৱাই নিম বুলি ভাবিছোঁ। ইহঁতক কেনেকৈ মাৰিব পাৰি তুমি কব পাৰা নে? কন্যাই “নোৱাৰোঁ” – বুলি কলে। কোঁৱৰে কলে “আজিও মই সৰিয়হৰ ডুলিতে সোমাই থাকোঁ, সিহঁত আহিলে তুমি এটা বুদ্ধি উলিয়াই পাৰা যদি সেইটো সুধি জানি লোৱা।”কন্যা এই কথাত মান্তি হল। সেইদিনা গধূলি ৰাক্ষসবোৰ আহি, সিহঁতে তাইক জীয়ালতে তাই কান্দিবলৈ ধৰিলে। সিহঁতে “কিয় কান্দিছ?” – বুলি সুধিলত তাই কলে, “মোৰ মনত বৰ দুখ লাগিছে। মোৰ আই বোপাই, মিতিৰ কুটুম কোনোৱেই নাই। এতিয়া তোমালোকেই মোৰ আপোন হৈছা। এতেকে তোমালোকৰ বাবে মোৰ মনত চিন্তা হয়, যদি তোমালোকক কোনোবাই কৰবাত মাৰে, তেন্তে মোৰ গতি কি হব? ৰাক্ষসহঁতে তাইক আশ্বাস দি কলে, “তই একো চিন্তা নকৰিবি, আমাক কোনেও মাৰিব নোৱাৰে। আমাৰ জীৱটো সৌ পুখুৰীটোৰ মাজৰ পানীৰ তলত এটা টেমাৰ ভিতৰত ভোমোৰা হৈ আছে। কোনোবাই যদি গৈ পুখুৰীত নামি সাতবাৰ তম: তম: বুলি মতে তেনেহলেহে সি টেমাটোৰ ভিতৰৰ পৰা ওলাই আহিব আৰু তেতিয়া যদি ভোমোৰাটো কোনোবাই একেকোৱেই কাটি তাৰ তেজ চৰু এটাত ধৰিব পাৰে তেহে আমি মৰিমহক।”

পিছদিনা পুৱাই ৰাক্ষসবোৰ চৰিবলৈ গলত বেটুকোঁৱৰ ডুলিৰ পৰা ওলাই কন্যাজনীক জীয়ালত, ৰাক্ষসবোৰক কেনেকৈ মাৰিব পাৰি সেই কথা কন্যাই কোঁৱৰক কলে। তেতিয়াই কোঁৱৰে হাতত তৰোৱাল এখন আৰু চৰু এটা লৈ পুখুৰীত  নামিলগৈ আৰু সাতবাৰ তম: তম: বুলি মাতিলত ভোমোৰাটো ওলাই আহিল। ভোমোৰাটো কোঁৱৰে তৰোৱালেৰে একে কোৱেই কাটি তাৰ তেজ চৰুত ধৰিলতে, ইপিনে গিৰিং গিৰিং শব্দ হবলৈ ধৰিলে। ৰাক্ষসবোৰ যেয়ে যতে আছিল ততে পৰি পৰি মৰিব। কোঁৱৰে পুখুৰীৰ পৰা উঠি কন্যাৰ ওচৰ পালেহি। কন্যাৰ মহা আনন্দ।

ইয়াৰ পিছত কোঁৱৰে কন্যাক “সোণৰ গছ, ৰূপৰ পাত, সাত টিলিকত মৰাৰ নাচ”এনেকুৱা গছ কত আছে বুলি সুধিলত কন্যাই কোঁৱৰক সেই গছ দেখুৱাই দিলে; আৰু দুটা পুখুৰী দেখুৱাই দিলে, এটাৰ পানী কোৰোবাক খুৱাই দিলে খাওঁতাজন এটা হালধীয়া চৰাই হৈ উৰি ঘৰৰ চটিৰ ওপৰত উঠি বহি থাকগৈ; অইনটোৰ পানী খুৱালে আকৌ মানুহ হয়। এইবোৰ বস্তুৰে সৈতে কন্যাজনীক কোঁৱৰে পেৰা এটাৰ ভিতৰত সোমাই ললে। তাৰ পিছত সি লেজুডাল ধৰি ধৰি গাঁতত উঠি আহি আমতল ওলালহি। এনেতে সি দেখিলে যে তাৰ পেৰাটো সি পাহৰি এৰি আহিল। সেইদেখি সি ককায়েকহঁতক নাও নেমেলিবলৈ কৈ আকৌ গাঁতেদি নামি পেৰাটো আনিবলৈ গল। ইফালে ককায়েকহঁতে নাও মেলি দিলে। 

বেটুকোঁৱৰ পেৰাটো লৈ আহি দেখিলে যে নাও নাই। সি মহা বিপাঙত পৰি পেৰাটো লৈ আকৌ গাঁতেদি নামি গল। গৈ দেখে, এঠাইত এটা গৰুণ্ডই মৰা ৰাক্ষস এটা খাই আছে। কোঁৱৰে গৰুণ্ডৰ ওচৰ চাপি নিজৰ বিপদৰ কথা গৰুণ্ডক কৈ খাটিলে যে পেৰাটোৰে সৈতে যেন গৰুণ্ডই তাক কান্ধত তুলি বাপেকৰ ৰাজ্যত থৈ আহে। সি অনেক কাকুতি মিনতি কৰাত গৰুণ্ডই মান্তি হৈ কলে, “ৰ এথোন, মোৰ ভোক গুচা নাই, এনেকুৱা আৰু একুৰি ৰাক্ষস খাই লওঁ।”

একুৰি ৰাক্ষস খাই গৰুণ্ডই বেটুকোঁৱৰক পেৰাটোৰে সৈতে কান্ধত লৈ ৰজাৰ নগৰত থৈ গল ৰজাৰ নগৰত মহা হুলস্থুল। ডা ডাঙৰীয়া, লা লগুৱাকে আদি কৰি সকলো ৰজাৰ বৰচৰাত চাপিলহি, ৰজাৰ কোঁৱৰহঁতে কি আনিছে চাবলৈ। বেটুকোঁৱৰ পেৰাটোৰে সৈতে চৰাৰ এচুকত বহি আছে। ৰজাই পুতেকহঁতক মাতি আনি সিহঁতে কি আনিছে সুধিলত, সিহঁতে একো দেখুৱাব নোৱাৰিলে। তাৰ পিছত ৰজাই বেটুকোঁৱৰক সুধিলত বেটুকোঁৱৰে পাৰে মেলি সেই সোণৰ গছ, কন্যাজনী আৰু আন বস্তু দেখুৱালে। ৰজাই বৰ সন্তোষ পাই বেটুকোঁৱৰক উঠি ৰজা পাতি নিজে বহি ৰজা হল আৰু ইকেইটা কোঁৱৰক খেদাই দিলে।

Leave a Comment

This site uses Akismet to reduce spam. Learn how your comment data is processed.

This will close in 0 seconds

Scroll to Top