পৰাগধৰ চলিহা (Paragdhar Chaliha) আছিল অসমীয়া সাহিত্য, সংস্কৃতি, সংগীত, নাট্য আৰু ৰাজনীতিৰ ক্ষেত্ৰত এক অনন্য নাম। তেওঁ এগৰাকী কবি, গীতিকাৰ, সংগীতজ্ঞ, নাট্যকাৰ, অভিনেতা, পৰিচালক, সমাজ সংগঠক, সাংবাদিক, ক্ৰীড়াবিদ, প্ৰশাসক তথা ৰাজনীতিবিদ আছিল। অসমৰ সাংস্কৃতিক ভুবনত তেওঁ “সেউজ কোঁৱৰ” নামেৰে অধিক জনাজাত। তেওঁৰ জীৱনযাত্ৰা শিক্ষাৰ পৰা স্বাধীনতা সংগ্ৰাম, শিল্পসংস্কৃতিৰ বিকাশ, সামাজিক নেতৃত্ব আৰু ৰাজ্য-ৰাষ্ট্ৰৰ ৰাজনীতিত সক্ৰিয় অংশগ্ৰহণলৈ বিস্তৃত আছিল।

- জন্ম : ১৩ ছেপ্টেম্বৰ, ১৯২৩, অসমত
- মৃত্যু : ২১ জুন, ১৯৯৯, বয়স ৭৫ বছৰ
- মাতৃভাষা : অসমীয়া
- ৰাষ্ট্ৰীয়তা : ভাৰতীয়
- নাগৰিকত্ব : ভাৰতীয়
- পিতৃ-মাতৃ : পদ্মধৰ চলিহা
পৰাগধৰ চলিহা (Paragdhar Chaliha) ৰ প্ৰাৰম্ভিক জীৱন আৰু জন্ম
পৰাগধৰ চলিহাৰ জন্ম ১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত হৈছিল। পিতৃ আছিল পদ্মধৰ চলিহা আৰু মাতৃ সুপ্ৰভা চলিহা। চলিহা পৰিয়ালৰ বংশমূল শিৱসাগৰৰ চলিহা পৰিয়ালৰ পৰা, যিয়ে অসমত শিক্ষাৰ পোহৰ বিলোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াইছিল
পৰাগধৰ চলিহা (Paragdhar Chaliha) ৰ বংশ পৰিচয়
পৰাগধৰ চলিহাৰ পিতৃবংশৰ মূলতঃ ককাক ফণীধৰ চলিহা বৰুৱাই কায়স্থ বংশৰ গৌৰৱ বহন কৰিছিল। ফণীধৰ চলিহাৰ দুগৰাকী পত্নী আছিল—প্ৰথম পত্নী আছিল বংশীধৰ নামতিয়াল বৰুৱাৰ বৰ জীয়ৰী সাবিত্ৰী চলিহা বৰুৱানী, যাৰ গৰ্ভত জন্ম হৈছিল দুই পুত্ৰ—প্ৰেমধৰ চলিহা আৰু কুলধৰ চলিহা। দ্বিতীয় পত্নী আছিল দামোদৰ নামতিয়াল বৰুৱাৰ মাজু জীয়ৰী গুণদা চলিহা বৰুৱানী। গুণদাৰ সন্তান আছিল পদ্মধৰ চলিহা, পুণ্যধৰ চলিহা, পুষ্পধৰ চলিহা, বুদ্ধধৰ চলিহা আৰু বিদ্যাধৰ চলিহা। উল্লেখযোগ্য যে গুণদা চলিহা শ্বহীদ মণিৰাম দেৱানৰ জীয়েকৰ ফালৰ নাতিনীয়েক আছিল।
শিৱসাগৰৰ চলিহা পৰিয়ালৰ সদস্য ফণীধৰ চলিহাই ঊনবিংশ শতিকাত শিক্ষা আৰু জ্ঞানৰ পোহৰ প্ৰসাৰত অগ্ৰণী ভুমিকা পালন কৰিছিল। পদ্মধৰ চলিহা আছিল ফণীধৰ চলিহাৰ পুত্ৰ, আৰু পদ্মধৰ চলিহাৰ একমাত্ৰ সন্তান আছিল পৰাগধৰ চলিহা, যাৰ প্ৰকৃত নাম পৰাগ চলিহা।
পৰাগধৰ চলিহা (Paragdhar Chaliha) ৰ শিক্ষাজীৱন
পৰাগধৰ চলিহাই প্ৰথমে শিক্ষা লাভ আৰম্ভ কৰে শিৱসাগৰ বিদ্যাপীঠত। স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ ফলত চৰকাৰী বিদ্যালয় ত্যাগ কৰা শিক্ষাৰ্থীৰ বাবে এই বিদ্যালয়টো স্থাপন কৰা হৈছিল। ইয়াত কেইবছৰ অধ্যয়নৰ পিছত, দেউতাক পদ্মধৰ চলিহাৰ গুৱাহাটীলৈ যাত্ৰা — যি সময়ত তেওঁ ‘অসমীয়া কাকত’ৰ সম্পাদকীয় দায়িত্ব গ্ৰহণ কৰিছিল — পৰাগধৰ চলিহাকো গুৱাহাটীত অধ্যয়ন অব্যাহত ৰাখিব লগীয়া কৰে। ফলত তেওঁ উজান বজাৰত অৱস্থিত ‘মাণিক চন্দ্ৰ মধ্য ইংৰাজী বিদ্যালয়’ত ভৰ্তি হয়।
পৰৱৰ্তী সময়ত পুনৰ শিৱসাগৰলৈ উভতি আহি, ১৯৪০ চনত শিৱসাগৰ চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪২ চনত যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা আই এ পৰীক্ষাতো প্রথম বিভাগতে উতীৰ্ণ হয়।
একেই বছৰত ‘ভাৰত ত্যাগ আন্দোলন’ত সক্ৰিয় অংশগ্ৰহণৰ বাবে তেওঁ তেজপুৰ জেলত তিনিমাহ কাৰাবাস ভোগ কৰে। মুক্তি লাভৰ পিছত, দুবছৰীয়া পাঠ্যক্ৰমৰ মাত্ৰ একবছৰ অধ্যয়ন কৰি ১৯৪৪ চনত কটন কলেজৰ পৰা বি এ ডিগ্ৰী লাভ কৰে। তাৰপাছত ১৯৪৬ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত দ্বিতীয় শ্ৰেণীৰ প্ৰথম স্থান অৰ্জন কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
আইনশাস্ত্ৰ অধ্যয়নৰ ক্ষেত্ৰতো তেওঁ প্ৰিলিমিনাৰী আৰু ইণ্টাৰমিডিয়েট পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪৬-৪৭ চনত গুৱাহাটী আৰ্ল ল কলেজত আইন শিক্ষা গ্ৰহণ কৰে।
পৰাগধৰ চলিহা (Paragdhar Chaliha) ৰ কৰ্মজীৱনৰ আৰম্ভণি
পৰাগধৰ চলিহাই শিৱসাগৰত নৈতিক আৰু আধ্যাত্মিক বিদ্যালয় প্ৰতিষ্ঠা কৰি শিক্ষা ক্ষেত্ৰত তেওঁৰ অবদান আৰম্ভ কৰে। তেওঁ শিৱসাগৰত প্ৰথম ষ্টেডিয়াম নিৰ্মাণৰ আগ্ৰগণ্য উদ্যমী আছিল।
সংগঠন আৰু ৰাজনীতিৰ অংশগ্ৰহণ
- সৰ্বভাৰতীয় সংগীত নাটক একাডেমীৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে কাৰ্য্য কৰিছে।
- ভাৰতীয় জীৱন বীমা নিগম, মুম্বাইৰ সঞ্চালক পদত অধিষ্ঠিত হোৱা প্ৰথম অসমীয়া ব্যক্তি।
- চীনা প্ৰতিৰোধ সমিতিৰ সম্পাদক আৰু ১৯৪২ চনৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰি তেজপুৰ জেলত কাৰাবাস।
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ Executive Counsellor হিচাপে কাৰ্য্য।
বিদেশী বহিষ্কৰণ আন্দোলন
- ১৯৭৯ ৰ পৰা ১৯৮৫ চনলৈ চলা ছয় বছৰীয়া বিদেশী বহিষ্কৰণ আন্দোলনত সক্ৰিয় ভূমিকা লৈ বহুবার কাৰাবাস কৰে।
- ১৯৮২ চনত ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত যোৰহাট জেলত ৮ দিন বন্দী।
- ১৯৮৩ চনত একেই আইনত ২৮ দিন আৰু পুনৰ ১০৭ ধাৰাত ৩২ দিন জেল জীৱন।
সাংস্কৃতিক আৰু সামাজিক কাৰ্যকলাপ
অসমক চি গ্ৰুপত অন্তৰ্ভুক্ত কৰাৰ বিৰুদ্ধে গ্ৰুপিং বিৰোধী আন্দোলন, নেতাজী দিৱস, ভাৰতীয় জাতীয় বাহিনী দিৱস আৰু নৌ বিদ্ৰোহ দিৱসত অংশগ্ৰহণ।
কলিকতাৰ ছাত্ৰ জীৱনত কলকতাৰ ৰেডিঅ’ত প্ৰথমবাৰ বিহুগীত পৰিৱেশন কৰা অসমীয়া গায়ক। আকাশবাণীত নিয়মীয়াকৈ গীত পৰিৱেশন, ১৯৭০ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক বিনিময় আঁচনিৰ অধীনত পূব জাৰ্মানী ভ্ৰমণ।
সংগীত আৰু শিল্পক্ষেত্ৰত অৱদান
- গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ প্ৰতিষ্ঠাৰ আগৰ পৰ্যন্ত স্বৰচিত গীতত সুৰ দিয়ে পৰিৱেশন।
- কলিকতাত থাকোতে পংকজ মল্লিক আৰু হেমন্ত মুখাৰ্জীৰ সৈতে গীত পৰিৱেশন।
- ‘সেউজীয়া সমাজ সংগীত বিদ্যালয়’ প্ৰতিষ্ঠা কৰি দীপালি বৰঠাকুৰ, তুলতুল ভঁৰালী আদি বিখ্যাত শিল্পীৰ সৃষ্টিত সহায়।
শিক্ষাজীৱন আৰু অধ্যাপকতা
- পিতৃ পদ্মধৰ চলিহাই স্থাপন কৰা শিৱসাগৰ কলেজত প্ৰবক্তাৰূপে যোগদান, উপাধ্যক্ষ আৰু ১৯৮৫ চনত অধ্যক্ষ ৰূপে অৱসৰ।
- পৰৱৰ্তীকালত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান আৰু প্ৰথম ‘সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অধ্যাপক’ পদত অধিষ্ঠিত।
অভিনয় জীৱন
পিয়লি ফুকন, সোণ-ৰূপ নেওচি, শোণিত কুঁৱৰী আদি নাটত অভিনয় আৰু অপৰাজেয়, এণ্টনি মোৰ নাম, ছিৰাজ আদি ছবিত অংশগ্ৰহণ।
ৰাজনৈতিক নেতৃত্ব
তীব্ৰ জাতীয়তাবোধে তেওঁক ৰাজনীতিত প্ৰৱেশ কৰিবলৈ উৎসাহিত কৰে।
- ১৯৮৫ চনত যোৰহাট লোকসভাৰ পৰা সাংসদ নিৰ্বাচিত।
- অসম গণ পৰিষদৰ সভাপতি (১৯৯১-১৯৯৬)।
- ৰাজ্যসভাৰ সাংসদ (১৯৯৫-১৯৯৯)।
পৰাগধৰ চলিহা (Paragdhar Chaliha) ৰ সাহিত্যকর্ম
তেওঁৰ সাহিত্যিক জীৱন বহুমুখী আৰু সমৃদ্ধ। বিভিন্ন সময়ত তেওঁ আলেখ্য, নাটক, গীতসংগ্ৰহ, সম্পাদিত গ্রন্থ আদি প্ৰকাশ কৰিছিল। উল্লেখযোগ্য কৃতিসমূহ হ’ল—
- অ মোৰ চিকুণী দেশ (আলেখ্য, ১৯৭২)
- Aspects of Assamese Culture
- নিয়তি, পৃথিবী আৰু মানুহ (১৯৫২)
- বৰ লুইতৰ বান
- ৰূপহীৰ বিহুতলী
- যুগে যুগে বিহু
- ব’হাগীৰ বিয়া
- ৰাজ কাৰেঙৰ সন্ধিয়া এটি
- ৰূপৰ কোঁৱৰ আহিল সৌৱা (১৯৫০)
- ভাৰত স্বাধীন হ’ল
- মহামানৱৰ মহাপ্ৰয়াণ
- ৰংপুৰৰ ৰূপলেখা
- সীমান্তৰ সম্ভেদ (সম্পাদিত)
- The Out-look on NEFA (Edited by Chaliha)
- Patriotic Songs in Assamese
- নিৱন্ধ একবিংশতি
- অসমীয়া জাতি, ভাষা, সংস্কৃতি গঠনত বিভিন্ন লোকসমষ্টিৰ অৱদান
- চাৰিহেজাৰ বছৰৰ অসম (আলেখ্য, ১৯৫২)
- মহা মানৱৰ মহা প্ৰয়াণ (আলেখ্য)
- চিত্ৰ বিচিত্ৰ (১৯৮৭)
- অসমীয়া সংস্কৃতি আৰু সাহিত্য (১৯৭৩)
- অসমীয়া সংস্কৃতিৰ সুভাণ্ড
- সোণৰূপ নেওচি (নাটক, ১৯৫২)
- বনপোনাৰ মনগীত (গীতৰ পুথি)
তেওঁৰ মৃত্যুৰ পাছত ত্ৰৈলোক্য শৰ্মাৰ সম্পাদনাত অজানৰ অমিয়া বাট আৰু সেউজ কোঁৱৰৰ সৌৰভ নামৰ দুখন গ্ৰন্থ প্ৰকাশিত হয়। লগতে, ২০১৯ চনত ত্ৰৈলোক্য শৰ্মাৰেই সম্পাদিত প্ৰায় ১২০০ পৃষ্ঠাব্যাপী সেউজ কোঁৱৰৰ ৰচনাৱলী প্ৰকাশ পায়।
শেষ জীৱন আৰু মৃত্যু
১৯৯৯ চনৰ ২১ জুন ৰাতি ১২.০৫ বজাত পৰাগধৰ চলিহাৰ মৃত্যু হয়। মৃত্যুৰ পূৰ্বদিনলৈও তেওঁ অসমীয়াৰ সেউজ ভৱিষ্যৎ গঢ়ি তোলাৰ স্বপ্ন লৈ জীৱন অতিবাহিত কৰিছিল।
উপসংহাৰ
পৰাগধৰ চলিহা কেৱল এজন ৰাজনীতিবিদ বা শিল্পী নহয়—তেওঁ আছিল অসমীয়া সমাজ-সংস্কৃতিৰ এক অবিচ্ছেদ্য অংশ। সাহিত্য, সংগীত, নাট্য, শিক্ষা, সমাজ-সংগঠন আৰু ৰাজনীতিত তেওঁৰ অৱদান আজিও অনুপ্ৰেৰণা দিয়ে। “সেউজ কোঁৱৰ” নামটোৱে তেওঁৰ জীৱনদৰ্শন আৰু দেশপ্ৰেমৰ সঁচা প্ৰতিচ্ছবি বহন কৰে।
FAQs
1. পৰাগধৰ চলিহাৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰ: ১৯২৩ চনৰ ১৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ৰ আমোলাপট্টিত।
2. পৰাগধৰ চলিহা কি নামেৰে জনাজাত আছিল?
উত্তৰ: “সেউজ কোঁৱৰ” নামেৰে জনাজাত।
3. পৰাগধৰ চলিহাৰ শিক্ষাগত যোগ্যতা কি আছিল?
উত্তৰ: কটন কলেজৰ পৰা বি.এ., কলকাতা বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত এম.এ., আৰু আইন শিক্ষা।
4. ৰাজনীতিত তেওঁৰ ভূমিকা কেনেকুৱা আছিল?
উত্তৰ: ৪২ চনৰ আন্দোলনৰ পৰা আৰম্ভ কৰি ৮০ৰ দশকৰ বিদেশী বহিষ্কৰণ আন্দোলনলৈ সক্ৰিয় অংশগ্ৰহণ, সাংসদ আৰু AGP সভাপতি।
5. সাহিত্যক্ষেত্ৰত তেওঁৰ অৱদান কি?
উত্তৰ: গীত, নাটক, আলেখ্য, প্ৰবন্ধ আদি বিভিন্নধৰণৰ সাহিত্য সৃষ্টি।
6. তেওঁৰ মৃত্যু কেতিয়া হৈছিল?
উত্তৰ: ১৯৯৯ চনৰ ২১ জুন।
Read also: Bhabananda Dutta Biography | ভৱানন্দ দত্তৰ জীৱনী

My self Mahezubin Saikia. Working in Dev Library as a Content Writer. A website that provides all SCERT, NCERT 3 to 12, and BA, B.com, B.Sc, and Computer Science with Post Graduate Notes & Suggestions, Novel, eBooks, Health, Finance, Biography, Quotes, Study Materials, and more.








